Home Blog Page 999

Dr. Sujoy Lal Thaosen sworn in as the Chief Commissioner, ASCRTPS…

Assam Governor Gulab Chand Kataria administered the oath of office to Dr. Sujoy Lal Thaosen, IPS(Retd.) as the Chief Commissioner, Assam State Commission for Rights to Public Services at a solemn function held at Raj Bhavan today. Earlier, Chief Secretary to the Government of Assam, Paban Kumar Borthakur sought the permission of the Governor to start the proceeding of the ceremony.

The swearing-in ceremony was attended by Minister for Power Nandita Gorlosa, DGP G.P.Singh, Commissioner and Secretary to the Governor of Assam S.S.Meenakshi Sundaram, Commissioner and Secretary GAD M.S. Manivannan, Former DGP Bhaskar Jyoti Mahanta, Add.DGP Hiren Nath along with the senior officers of State government and the family members of Dr. Sujoy Lal Thaosen.

মুলমানসকলে “কা” সমৰ্থন কৰা উচিৎঃ সৰ্বভাৰতীয় মুছলিম জামাতে আদৰণি জনালে নাগৰিকত্ব সংশোধনী আইনক…

মুলমানসকলে “কা” ৰ সমৰ্থন কৰা উচিৎ। এই মন্তব্য সৰ্বভাৰতীয় মুছলিম জামাতৰ মুৰব্বীৰ। সংস্থাটোৱে নাগৰিকত্ব সংশোধনী আইনক আদৰণি জনাইছে। সংগঠনটোৰ সভাপতি মৌলানা শ্বাহবুদ্দিন ৰিজভি বাৰেলভিয়ে কয় যে তেওঁ নাগৰিকত্ব সংশোধনী আইন খনক তেওঁলোকে “স্বাগতম” জনাইছে। এনে এখন আইন আগতে হোৱা উচিত আছিল। নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণে দেশৰ মুছলমান সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত নকৰে বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিছে। গৃহ মন্ত্ৰালয়ে ১১ মাৰ্চত ইয়াৰ নিয়মসমূহৰ বিষয়ে উল্লেখ কৰি অধিসূচনা জাৰি কৰে। দেশৰ বহু মুছলমান লোকৰ সংগঠনে আইন খনৰ বিৰোধিতা কৰাৰ মাজতে সৰ্বভাৰতীয় মুছলিম জামাতে আইন খনক আদৰণি জনাইছে। সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ পূৰ্বে ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হোৱা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অ-মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ কোনো আইন নাছিল।

ই দেশৰ কোটি কোটি মুছলমানক ক্ষতিগ্ৰস্ত নকৰে। উল্লেখ্য লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছিল।নাগৰিকত্ব সংশোধনী আইনে হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১ ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল।

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী, নায়ব ছৈনী কোন…

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী৷ বিজেপি বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত৷ আজি পদ ত্যাগ কৰিছিল মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ মাজতে বিজেপি আৰু জেজেপিৰ মিত্ৰতা ভংগ হৈছে। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে আজি মন্ত্ৰীসভাৰ সৈতে পদত্যাগ কৰে। মুখ্যমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত বিধায়িনী দলৰ বৈঠকৰ অন্তত পদত্যাগ ঘোষণা কৰে। খবৰ অনুসৰি নায়ব ছৈনীক হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

কুৰুক্ষেত্ৰৰ সাংসদ নায়ব সিং ছৈনীক হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। বিজেপি বিধানসভা দলৰ বৈঠকত তেওঁৰ নাম অনুমোদন। অ’বিচি সম্প্ৰদায়ৰ অন্যতম ডাঙৰ নেতা নায়ব ছৈনীক মনোহৰ লালৰ ঘনিষ্ঠ।


দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ সন্তান দুষ্ট কৰাৰ আঁৰত কোন থাকিব? ক’লে দীপিকাৰ ভগ্নীয়ে…

দীপিকা পাডুকনৰ গৰ্ভধাৰণৰ খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ ভগ্নী অনিশা পাডুকোনেও কেঁচুৱাটোক লৈ বহু কথা কয়। কিছুদিন পূৰ্বে গৰ্ভধাৰণৰ খবৰে অনুৰাগীক আনন্দিত কৰিছিল দম্পতীহালে। এনে পৰিস্থিতিত দীপিকা আৰু ৰণবীৰৰ কেঁচুৱাটোক লৈ উত্তেজনাৰ সৃষ্টি হয়। শেহতীয়াকৈ দীপিকা পাডুকনৰ ভগ্নী অনিশা পাডুকনয়েও এটা সাক্ষাৎকাৰৰ সময়ত কেঁচুৱাটোৰ বিষয়ে ক’লে। তেওঁ কি ক’লে জানো আহক-


শেহতীয়াকৈ দীপিকাৰ ভগ্নী অনিশা পাডুকনে এক সাক্ষাৎকাৰ সময়ত কৈছিল যে দীপিকা এই খবৰটো পাই তেওঁ বৰ সুখী। আগতে কেতিয়াও অনুভৱ নকৰা এই ভাল খবৰটো শুনি অনিশাই নিজকে অতি বিশেষ অনুভৱ কৰিলে। ইয়াৰ পিছত অনিশাক সোধা হৈছিল দীপিকা আৰু ৰণবীৰৰ কেঁচুৱাটোক কোনে বেছিকৈ মৰম কৰি দুষ্ট কৰিব। উত্তৰত অনিশাই ক’লে, “উত্তৰ দিয়াটো কঠিন। মই ভাবো এই ক্ষেত্ৰত মোৰ মা-দেউতাও পিছ পৰি নাথাকিব।” দীপিকা পাডুকনৰ দৰে ভগ্নী অনিশাও অতি প্ৰতিভাশালী। পেছাত তেওঁ এজন গলফাৰ। ১২ বছৰ বয়সৰ পৰাই গলফ খেলি আহিছে। তেওঁক প্ৰায়ে অভিনেত্ৰীৰ সৈতে দেখা যায়।

‘ কা’ ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ…

‘ কা’ ৰ প্ৰতিলিপি দাহেৰে মৰিয়নিত আটছাৰ উত্তাল প্ৰতিবাদ, কাটনীবাৰিৰ সমিপত যোৰহাট মৰিয়নি পথত শতাধীক আটছাৰ কৰ্মকৰ্তাই জ্বলালে কা’ৰ প্ৰতিলিপ। মৰিয়নিত জ্বলিল ‘কা’ আইনৰ প্ৰতিলিপি ৷ মৰিয়নিত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ আটচা আৰু আটচাৰ মহিলা সংগঠন অটুৱাৰ ।

দেশত কালিৰে মাজ নিশাৰ পৰা বলৱৎ হোৱা কা আইন বাতিলৰ দাবীত মৰিয়নি যোৰহাটৰ ৰাজপথৰ কাটনিবাৰী বাগিচাৰ সমীপত উত্তাল প্ৰতিবাদ ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ মন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূর্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ঋষভ পন্ত সুস্থ! আগন্তুক IPLত খেলপথাৰত দেখা যাব ঋষভক…

সুস্থ ঋষভ পন্ত। এইবাৰ আই পি এলত খেলা দেখা যাব পন্তক। এই কথা মঙলবাৰে ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। সোমবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদকে কৈছিল যে পন্তক অতি সোনকালে সুস্থ ঘোষণা কৰা হ’ব। ।২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত আহত হৈছিল পন্ত। তেওঁৰ মূৰ, পিঠি আৰু আঁঠুত আঘাত পাইছিল। অস্ত্ৰোপচাৰো কৰা হয়। প্ৰায় এবছৰ তিনিমাহৰ পিছত সুস্থ হৈ উঠিল পন্ত। ১০ দিনৰ পাছত আৰম্ভ হোৱা আই পি এলত খেলিবলৈ ভাৰতৰ যুৱ উইকেটকীপাৰগৰাকীৰ কোনো বাধা নাথাকিব। টি-২০ বিশ্বকাপৰ পূৰ্বে পন্তৰ সুস্থতা ভাৰতৰ বাবে এক ডাঙৰ কৃতিত্ব। যদি তেওঁ আই পি এলত ভাল খেলে তেন্তে পন্তে বিশ্বকাপ দলত স্থান লাভ কৰিব পাৰে।

মঙলবাৰে ব’ৰ্ডে জনোৱা মতে, ১৪ মাহৰ পিছত পন্ত সুস্থ হৈ উঠিছে। ২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত তেওঁৰ জীৱন সন্দেহ কৰা হৈছিল। কিন্তু এতিয়া তেওঁ সুস্থ আৰু আই পি এলত উইকেটকীপাৰ-বেটছমেন হিচাপে খেলিব পাৰিব। আই পি এলত দিল্লী কেপিটেলছৰ দলত আছে পন্ত। সেই দলৰ অধিনায়কও তেওঁ।


CAAৰ জৰিয়তে কোনে কেনেকৈ কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন ! আবেদনৰ বাবে কি কি নথি-পত্ৰ লাগিব জানক…

Photo: Indian Citizenship Online Portal

CAAৰ জৰিয়তে কোনে কেনেকৈ কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন । কোনে কোনে লাভ কৰিব নাগৰিকত্ব । আবেদনৰ বাবে লাগিব নথি-পত্ৰ । অনলাইন আবেদনৰ বাবে মুকলি কৰা হ’ল পৰ্টেল ।

উপযুক্ত আবেদনকাৰীয়ে কৰিব পাৰিব আবেদন । মোবাইল নম্বৰ বা ই-মেইল যোগে কৰিব পাৰিব লগ ইন । হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্টী, খ্রীষ্টিয়ান ধর্মীয় সকলে কৰিব পাৰিব আবেদন ।

Photo: Indian Citizenship Online Portal

আফগানিস্তান, বাংলাদেশ, পাকিস্তান পৰা অহা লোকে কৰিব পাৰিব আবেদন ।

নাগৰিকত্ব সংশোধনী আইনঃ পৰ্টেলত আৰম্ভ হ’ল নাগৰিকত্বৰ আবেদন, আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন?

১১ মাৰ্চত দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (চিএএ) কাৰ্যকৰী হ’ল। এই সম্পৰ্কীয় অধিসূচনা চৰকাৰৰ ই-গেজেট ৱেবছাইটত প্ৰকাশ কৰা হৈছে। ৱেবছাইটটোত প্ৰকাশ পোৱা মতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত কোনোবাই নাগৰিকত্বৰ বাবে আবেদ কৰিব বিচাৰিলে কিদৰে কৰিব আৰু কেনেকৈ অনলাইনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি মঙলবাৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অনলাইন পৰ্টেলত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু অধিসূচনা জাৰি হোৱাৰ লগে লগে ই-গেজেট ৱেবছাইটটো একপ্ৰকাৰ বন্ধ হৈ পৰে। প্ৰথমবাৰৰ বাবে চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। বিৰোধীয়ে আৰম্ভণিৰে পৰা আশংকা প্ৰকাশ কৰিছে যে দেশৰ সংখ্যালঘু মুছলমানসকলক এই আইনে ‘লক্ষ্য’ কৰি ল’ব পাৰে। ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ এটা মুখ্য বিষয় আছিল নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ। দেশজুৰি বিৰোধিতাৰ মাজত ২০১৯ চনত হিংসাত্মক প্ৰতিবাদৰ মাজতে মোদী চৰকাৰে ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিছিল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত কমেও ১০০ জন লোক নিহত হৈছিল।

বিশেষকৈ , অসম, পশ্চিম বংগৰ দৰে বিৰোধী শাসিত ৰাজ্যসমূহে ধৰ্মীয় পৰিচয়ৰ আধাৰত চি.এ.এ. কাৰ্যকৰী কৰাৰ বিৰোধিতা কৰি আহিছে। জাননী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ’ব , কিন্তু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। গৃহ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে যোগ্য ব্যক্তিসকলে “সম্পূৰ্ণ অনলাইন পদ্ধতি”ত আবেদন দাখিল কৰিব পাৰে। শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে চিএএ ৰূপায়ণক “দেশৰ কৰ্তব্য” বুলি অভিহিত কৰিছে। কেন্দ্ৰই কৈছে যে নাগৰিকত্ব (সংশোধনী) আইনে হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আৰু পাৰ্চীসকলক ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তেওঁলোক মুছলমান অধ্যুষিত দেশসমূহত ধৰ্মীয় অত্যাচাৰৰ বাবে ভাৰতলৈ পলায়ন কৰা লোকো হ’ব পাৰে। বিৰোধীয়ে অৱশ্যে কৈছে যে আইনখনে মুছলমানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰে আৰু সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষ নীতিসমূহ উলংঘা কৰিব। বিধেয়কখন তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুমোদ জনাইছিল আৰু সেয়া আইনত পৰিণত হৈছিল। প্ৰায় চাৰে চাৰি বছৰ ধৰি চি.এ.এ. প্ৰয়োগ কৰা হোৱা নাছিল। ফলস্বৰূপে এই আইনখন কাৰ্যকৰী কৰা হোৱা নাছিল।

নাগৰিকত্বৰ বাবে আবেদন অনলাইনত কৰিব পৰা যাব। অধিসূচনা অনুসৰি ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰ্টেল সৃষ্টি কৰা হৈছে। ‘চিএএ পৰ্টেল’ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। পৰ্টেলটো হৈছে-

indiancitizenshiponline.nic.in। আবেদনকাৰীয়ে প্ৰথমে এই পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াত কেইবাখনো নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ পিছত, কেতিয়া তেওঁ ভাৰতলৈ আহিছিল, তেওঁ কি ভাৰতলৈ আহিছিল আদি কথা উল্লেখ কৰিব লাগিব। লগতে ম’বাইল ফোনৰ নম্বৰ দিবই লাগিব। মোবাইল ফোনত এটা অ’টিপি আহিব। তাৰ পিছত সেই সকলো তথ্য আপলোড কৰিব লাগিব। চিএএ পৰ্টেলত দাখিল কৰিবলগা নথিপত্ৰবোৰ কি? পাছপোৰ্ট, জন্মৰ প্ৰমাণপত্ৰ বা বিদ্যালয়ৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ আৱাসিক অনুমতিপত্ৰ নাগৰিকত্বৰ বাবে গ্ৰহণ কৰা হ’ব। ভাৰতত থাকোঁতে, বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰকো এক বৈধ দস্তাবেজ হিচাপে গণ্য কৰা হ’ব। অৱশ্যে, দাখিল কৰা নথিপত্ৰবোৰ বৈধ আৰু সঠিক হ’ব লাগিব। যদি পৰিচয় পত্ৰকে ধৰি আন নথিপত্ৰত কোনো ভুল হয়, তেনেহ’লে আবেদনত সমস্যা হ’ব পাৰে। অধিসূচনা অনুসৰি নতুন নিয়মত কোৱা হৈছে যে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনকাৰীসকলে দুটা বিশেষ নথি দাখিল কৰিব লাগিব। এজন ভাৰতীয় নাগৰিকে শপতনামাৰ জৰিয়তে আবেদনকাৰীৰ চৰিত্ৰৰ বিষয়ে সাক্ষ্য দিব লাগিব। আবেদনকাৰীৰ সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত যিকোনো এটা ভাষাৰ পৰ্যাপ্ত জ্ঞান থাকিব লাগিব। নাগৰিকত্ব প্ৰদানৰ বাবে আবেদনখন প্ৰপত্ৰ 8এ-ত দাখিল কৰা হৈছে য’ত আবেদনকাৰীৰ চৰিত্ৰৰ সাক্ষ্য দিবলৈ এজন ভাৰতীয় নাগৰিকৰ শপতনামা আৰু লগতে আবেদনত দিয়া বিবৃতিৰ সত্যতা পৰীক্ষা কৰা শপতনামা অন্তৰ্ভুক্ত থাকিব। যদি আবেদনকাৰীৰ আবেদনটো অনুমোদিত হয়, তেন্তে তেওঁ আন এখন দেশৰ নাগৰিকত্ব ত্যাগ কৰিব লাগিব।

লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু জাবেদ ইছলামক মনোনয়ন লাভ কৰাৰ বাবে অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে…

২০২৪ৰ অসমৰ দুটি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু জাবেদ ইছলাম তেখেতসকলৰ দলৰ মনোনয়ন লাভ কৰাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।


১৯৮৫ চনৰ পাছত অসমৰ সৰ্বাধিক দীৰ্ঘদিনীয়া বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ফণীদাৰ সুকীয়া অভিলেখ থকাৰ বিপৰীতে জাবেদ ইছলাম হৈছে অগপৰ প্ৰবীণ কাৰ্যকৰ্তা।

মুখ্যমন্ত্ৰী বিশ্বাসী যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব আৰু মিত্ৰদলৰ সামূহিক প্ৰচেষ্টাৰে ভাৰতীয় জনতা পাৰ্টিয়ে ৪০০+ আসন দখল কৰিব ৷

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ পদত্যাগ…

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ পদত্যাগ৷ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ৷ মনোহৰ লাল খট্টৰসহ মন্ত্ৰীসভাৰ সামূহিক পদত্যাগ ৷

উল্লেখ্য যে, ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে  ৪০খন আসন লাভ কৰাৰ বিপৰীতে জেজেপিয়ে ১০খন আসন লাভ কৰিছিল।

চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ স্বাৰ্থত বিজেপিয়ে পিছত জেজেপিৰ সৈতে মিত্ৰতা গঢ়ে।