Breaking

বোকাখাতত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ-২০২৪ৰ সামৰণি

0 14


২৩ মে’ৰ পৰা জ্ঞান বিজ্ঞান সমিতি, অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ৰ আজি সামৰণি পৰে।বোকাখাত জাতীয় বিদ্যালয় বাকৰিত তিনি দিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিৰ আজিৰ তৃতীয় দিনৰ কাৰ্য্যসূচী পুৱা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী অনুষ্ঠান শিকন কোনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি সকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই।

ছাত্র ছাত্রী সকলে পাঁচটি ভাষাত পৰিবেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ হয়। লগতে সকলো ছাত্র ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই স্মৰনিকা “মুক্তমন” উন্মোচন কৰে। ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তই সম্পাদনা কৰা স্মৰনিকাখনিত চল্লিশ গৰাকী ব্যক্তিৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট কৰা হৈছে। উন্মোচক ড° বৰুৱাই স্মৰনিকাখনিৰ মানদণ্ড উন্নত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰি প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়াই তেখেতৰ বক্তব্যত সমাৰোহখনিৰ পৰিবেশক শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে। জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে তিনিদিনৰ অভিজ্ঞতাৰে বক্তব্য আগবঢ়ায়।

অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহখনিত দূৰ-দূৰণিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে সন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে। দুপৰীয়ালৈ শিশু সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয় আৰু বিয়লি পতাকা অৱনমনেৰে তিনি দিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয়।

Leave A Reply