Breaking

মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…

0 12

গুৱাহাটী-দেশৰ সৌন্দৰ্য্য আৰু বুদ্ধিমত্তাৰ এটি বহুল চৰ্চিত আৰু প্ৰখ্যাত নাম হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া৷ সমগ্ৰ ভাৰতৰ পৰা প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই প্ৰতিখন ৰাজ্যত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে৷ এই প্ৰতিযোগিতা আয়োজনৰ বাবে ৰাজ্যসমূহত একোজনকৈ ৰাজ্যিক সঞ্চালক নিযুক্তি দিছে৷ প্ৰতিযোগিতাত বিজয়ীসকলে পোনে পোনে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফাইনেলত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ সুযোগ লাভ কৰিব৷ আগন্তুক জুন মাহৰ শেষৰ ফালে অসমত আয়োজন কৰা হ’ব মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অডিচন৷ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ ল’গো মুকলি কৰাৰ লগতে সমগ্ৰ দেশত আয়োজন কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বিভিন্ন দিশ পৰ্যবেক্ষণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ এটি প্ৰতিনিধি দল৷ এই দলটোত আছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ সঞ্চালক (অপাৰেচন এণ্ড মাৰ্কেটিং) আমজাদ খান, ২০২৩ চনৰ মিছ গ্ৰেণ্ড ইন্টাৰনেচনেল ইণ্ডিয়া অৰ্চিনা ছুমবুল আৰু ২০২৪ৰ মিছ এছিয়া পেচিফিক ইণ্ডিয়া ছ’ফিয়া সিং৷ আজি (১৩ জুন, ২০২৪) গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে দলটোক আদৰণি জনাই মিছ ইউনিভাৰ্ছ অসমৰ সঞ্চালক ডমিনিক ছেভিঅ’ ডেংদই৷

মিছ ইউনিভাৰ্ছ অসমৰ ল’গো মুকলি কৰাৰ পূৰ্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰসংগত সঞ্চালক আমজাদ খানে কয়— অসম তথা উত্তৰ পূৰ্বাঞ্চল সচাকৈয়ে ভগবানৰ দান৷ এতিয়া এই অঞ্চলটোৰ যুৱতীসকলৰ দুৱাৰদলিত অপেক্ষা কৰিছে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এখন বৃহৎ মঞ্চই৷ তেওঁলোকে উত্তৰ- পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ এখন শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ গ্ৰহণ কৰিব পাৰিব৷ সংবাদমেলত মিছ এছিয়া পেচিফিক ইণ্ডিয়া ২০২৪, ছফিয়া সিঙে উত্তৰ- পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটীত উপস্থিত হৈ নিজৰ সুন্দৰ অনুভূতি ব্যক্ত কৰি কয়— ব্ৰহ্মপুত্ৰৰ আশিস ধন্য এই স্থানত উপস্থিত হৈ মই আলোড়িত হৈছো৷ উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধিদীপ্ততাৰ এক উদাহৰণৰূপে অসমক গ্ৰহণ কৰিছো৷ উল্লেখযোগ্য যে সংবাদমেলতেই মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি কৰা হয়৷

Leave A Reply