Breaking

লোকসভা নিৰ্বাচনত , আহোম জনগোষ্ঠীৰ ৰাইজক উন্নয়নৰ স্বাৰ্থত থাকিবলৈ আহবান আহোম সভাৰ

0 31

লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষণত সদৌ অসম আহোম সভাৰ সংবাদমেল ৷ উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰা পৰ্যন্ত স্বায়ত্তশাসন প্ৰদান কৰা,তিনিচুকীয়াত চুকাফা বিশ্ববিদ্যালয়,আহোমৰ পৌৰাণিক কৃতিচিহ্ন সংৰক্ষণ আৰু শোভাবৰ্ধনৰ লগতে উন্নয়নৰ বাবে ১৬ এপ্ৰিলৰ ভিতৰত আহোম জনগোষ্ঠীৰ আস্বস্ত হব পৰাকৈ সকলো ৰাজনৈতিক দলক স্থিতি ষ্পষ্ট কৰিবলৈ দাবী জনাইছে আহোম সভাই ৷

আহোম জনগোষ্ঠীৰ ৰাইজৰ উন্নয়ন কিছু হোৱাৰ বিপৰীতে আধৰুৱা কাম বহুত আছে সেইসমূহ উন্নয়ন কৰা দলৰ প্ৰাৰ্থীকে আহোম জনগোষ্ঠীয়ে গুৰুত্ব দিব৷

লগতে প্ৰাৰ্থীজন আহোম হলেই নহব আহোমৰ কাৰণে প্ৰকৃতাৰ্থত কাম কৰা প্ৰাৰ্থীকহে গুৰুত্ব দিব আহোম জনগোষ্ঠীয়ে ৷ লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ ৰাইজক উন্নয়নৰ স্বাৰ্থত থাকিবলৈ আহবান আহোম সভাৰ ৷

Leave A Reply