Home Blog Page 1018

অসম গণ পৰিষদৰ কেন্দ্ৰীয় জ্যেষ্ঠ নেতা অৰবিন্দ মেধীৰ পদত্যাগ! দলৰ কাৰ্যকৰ্তাৰ পৰা অসন্তুষ্টি প্ৰকাশ…

অসম গণ পৰিষদৰ কেন্দ্ৰীয় জ্যেষ্ঠ নেতা অৰবিন্দ মেধীয়ে আজি দলৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে। ২০০৫ চনৰ পৰা অসম গণ পৰিষদৰ দলত ওতঃপ্ৰোতঃ ভাৱে জড়িত হোৱাৰ লগতে বিগত বৰ্ষত মেধীক দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব প্ৰদান কৰিছিল যদিও এইবাৰ আকস্মিক ভাৱে কোনোধৰণৰ খবৰ নকৰাকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পৰা অপসাৰণ কৰে।

ইয়াৰ পিছতেই তেখেতক তামুলপুৰ সমষ্টিৰ উপ-সভাপতি পদত অধিষ্ঠিত কৰে যদিও ক্ষোভিত হৈ পৰে অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে। এইক্ষেত্ৰত আন ৰাজনৈতিক কোনো দলে আমন্ত্ৰণ জনালে যোগদান কৰাৰ কথাও উল্লেখ কৰে জ্যেষ্ঠ নেতা গৰাকীয়ে।

গীতিকাৰ জাভেদ আখটাৰৰ ‘জয় চিয়া ৰাম’ শ্ল’গানক উপহাস আছাদুদ্দিন ৱাইছিৰ…

মুছলমানসকলে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা উচিত নহয়ঃ মুফতি শ্বাহবুদ্দিন ৰিজৱী
মুছলমানসকলে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা উচিত নহয়। এই মন্তব্য মুফতি শ্বাহবুদ্দিন ৰিজৱীৰ। ইয়াৰ মাতে এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখটাৰৰো সমালোচনাত মুখৰ হৈ পৰিছে। জাভেদ আখটাৰক সমালোচনা কৰি কয় ৱাইছিয়ে প্ৰশ্ন কৰে আখতাৰ কেতিয়াৰ পৰা ধৰ্মভীৰু হৈ পৰিল? ৱাইছিয়ে কয় যে জাভেদ আখটাৰে ইমান দিনে নিজকে নাস্তিক বুলিয়েই পৰিচয় দি আহিছিল, কিন্তু এতিয়া তেওঁৰ মুখতে ‘জয় চিয়া ৰাম’ শ্ল’গান শুনিবলৈ পোৱা গৈছে । উল্লেখ্য জাভেদ আখটাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়ত কৈছিল যে এয়া সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ উৎসৱ। তেওঁ মানুহক ‘জয় চিয়া ৰাম’ উচ্চাৰণ কৰিবলৈও আহ্বান জনাইছিল। এই সন্দৰ্ভত জাভেদ আখটাৰক সমালোচনা কৰি ৱাইচিয়ে এনেদৰে মন্তব্য কৰে।

এক টিভিৰ অনুষ্ঠানত ৱাইছিক জাভেদ আখটাৰৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল। ইয়াৰ উত্তৰত আছাদুদ্দিন ৱাইচিয়ে কয়, “তেওঁ কেতিয়াৰ পৰা ধৰ্মত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। তেওঁতো এজন নাস্তিক।’’ জাভেদ আখটাৰে এইবুলিও কৈছিল যে হিন্দুসকলৰ কাৰণেহে গণতন্ত্ৰ বৰ্তি আছে। এই সন্দৰ্ভত ৱাইচিয়ে কয় , “তেওঁ মিছা কৈছে। যদি গণতন্ত্ৰ বাচি আছে তেন্তে যিকোনো অৱস্থাতে জীয়াই থাকিব, যিদৰে বাবা চাহেব ভীমৰাও আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ বাবে সংবিধান বাচি থাকিব।সংবিধান হৈছে দেশখনৰ পথ প্ৰদৰ্শনকাৰী । সংবিধান আমাৰ ধৰ্মীয় নিৰপেক্ষতাৰ প্ৰতীক আৰু যেতিয়ালৈকে সংবিধান আছে, গণতন্ত্ৰও আছে।।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা নকৰিবলৈ মুছলমানসকলক শ্বাহবুদ্দিন ৰিজৱীয়ে কৰা আবেদন সন্দৰ্ভত আছাদুদ্দিন ৱাইচিয়ে কয়, “এতিয়া মৌলানাই মোদীজীৰ পৰা টিকট লৈ এমপি নিৰ্বাচনত জয়ী হোৱা উচিত।’’

উল্লেখ্য ২৬ ফেব্ৰুৱাৰীত ছত্তীশগড়ৰ অম্বিকাপুৰত এখন সন্মিলনত ভাষণ দি মুফতি শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছিল যে নিজকে ধৰ্মনিৰপেক্ষ বুলি কোৱা কিছুমান দলে কেৱল মুছলমানসকলৰ কান্ধত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰাৰ দায়িত্ব আৰোপ কৰিছে। ইয়াৰ ফলত মুছলমানসকল সদায় অৱহেলিত হৈ আছে আৰু সকলো লাভালাভ এই লোকসকললৈ গৈছে । তেওঁ মুছলমানসকলক আহ্বান জনাইছিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা বন্ধ কৰিব লাগিব। মৌলানাই আহ্বান কৈছিল যে মুছলমানসকলে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা উচিত নহয়।

মনালিছা ছ’চাইটিৰ ‘আন্তৰ্জাতিক নাৰী দিৱস’ৰ আয়োজন…

প্ৰতি বছৰৰ দৰে এই বছৰতো মনালিছা ছ’চাইটিয়ে ‘আন্তৰ্জাতিক নাৰী দিৱস’ ৰ আয়োজন কৰিছে। এই উপলক্ষ্যে অহা ৬ মাৰ্চ বুধবাৰে মহানগৰীৰ বেলতলাত থকা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানতে সমাজৰ হকে বিভিন্ন মাধ্যমেৰে সেৱা আগবঢ়োৱা দহ গৰাকী বিশিষ্ট মহিলালৈ “অসম জননী বঁটা – ২০২৪” আগবঢ়োৱা হ’ব। এই সভাতে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমাজ সেৱীকা প্ৰীতি শইকীয়াক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰিব।


নাৰী দিৱসৰ লগত সংগতি ৰাখি মনালিছা ছ’চাইটিয়ে এই বৰ্ষত ক্ৰমে কৰ্কট ৰোগত আক্ৰান্ত সকলৰ সৈতে দিনে নিশাই সেৱা আগবঢ়োৱা দ্বীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচৰ সম্পাদিকা মৃন্ময়ী বৰুৱা, প্ৰিয়বন্ধু খ্যাত অৰ্চনা বৰঠাকুৰ, আৰক্ষী অধীক্ষক (এছ বি) পূৰবী মজুমদাৰ, বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, সমাজ সেৱিকা ও বিশিষ্ট লেখিকা ৰামিছা বেগম, সমাজ সেৱিকা বন্দনা জালান, গায়িকা ও সমাজ সেৱিকা ৰিচা ভৰদ্বাজ, সমাজ সেৱিকা ড: মচফিকা হুছেইন, সমাজ সেৱিকা হিমাদ্ৰী ভৰদ্বাজ আৰু সাংবাদিক পাপৰী বৰাক “অসম জননী বঁটা – ২০২৪” আগবঢ়োৱা হ’ব।


১০ দিনত ১২ খন ৰাজ্য ভ্ৰমণ মোদীৰ, অসমলৈ আহিব মোদী, কেতিয়া, ক’ত, কি কাৰ্যসূচী মোদীৰ?

বয়সেও হাৰ মনাব নোৱাৰা ব্যক্তি প্ৰধানমন্ত্ৰী মোদী। লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰৰ পৰা ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। এই ৰ্যজসমূহ ভ্ৰমণকালত মোদীয়ে ২৯ টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে পৰৱৰ্তী ১০ দিনৰ বাবে সমগ্ৰ দেশ ভ্ৰমণ কৰিব। তেওঁ ১২ খন ৰাজ্য ভ্ৰমণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ বিভিন্ন ৰাজ্য ভ্ৰমণ সোমবাৰৰ পৰা আৰম্ভ হৈছে। এই সময়ছোৱাত তেওঁ তেলেংগানা, তামিলনাডু, ওড়িশা, পশ্চিমবংগ, বিহাৰ, জম্মু-কাশ্মীৰ, অসম, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আৰু দিল্লী ভ্ৰমণ কৰিব। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এই ৰাজ্যসমূহত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰিছে।

প্ৰধানমন্ত্ৰীৰ কেতিয়া, ক’ত কি কাৰ্যসূচী?

৪ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেলেংগানা ভ্ৰমণ কৰিব। আদিলাবাদত তেওঁৰ এখন ৰাজহুৱা সভা আছে। ইয়াৰ পূৰ্বে তেওঁ তাত কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। তেলেংগানাত এক ৰেলী সম্বোধন কৰাৰ পিছত মোদীয়ে সোমবাৰেই তামিলনাডুত উপস্থিত হ’ব। তেওঁ কালপক্কমৰ নাভি বিদ্যুৎ নিগম লিমিটেডৰ (ভৱিনী) কাৰ্যালয় পৰিদৰ্শন কৰিব। তাৰ পিছত তেওঁ চেন্নাইত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। তেওঁ সোমবাৰেই চেন্নাইৰ পৰা হায়দৰাবাদলৈ ৰাওনা হ’ব।

৫ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে পুনৰ তেলেংগানালৈ আহি কেইবাটাও কাৰ্যসূচী সম্বোধন কৰিব। তেওঁ চাংগাৰেড্ডীত কেইবাটাও চৰকাৰী প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত তেওঁ তাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। তেওঁ মঙলবাৰেই ওড়িশালৈ ৰাওনা হ’ব। মোদীয়ে ওড়িশাৰ চান্দিখোলত কেইবাটাও চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য খনত এখন ৰাজনৈতিক বৈঠকতো ভাগ ল’ব। তাৰ পিছত তেওঁ পশ্চিমবংগলৈ ৰাওনা হ’ব।

৬ মাৰ্চঃ বুধবাৰে প্ৰধানমন্ত্ৰী কলকাতাত উপস্থিত হ’ব। বংগত তেওঁ ১৫,৪০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰাৰ কথা আছে। সেইদিনা প্ৰধানমন্ত্ৰীয়ে হাওৰা ময়দানৰ পৰা এস্প্লেনেডলৈ গঙ্গাৰ তলিৰে চলা মেট্ৰ’ ৰে’ল উদ্বোধন কৰিব। ইয়াৰ পিছতে মোদীয়ে বাৰাসাত এখন ৰাজহুৱা সভাত ভাষণ দিব। তেওঁ ৬ মাৰ্চতেই বিহাৰলৈ যাব। বিহাৰত তেওঁ ১২,৮০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব।

৭ মাৰ্চঃ ভ্ৰমণৰ চতুৰ্থ দিনা মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব। তেওঁ শ্ৰীনগৰৰ বক্সী ষ্টেডিয়ামত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ কথা আছে। ২০১৯ চনৰ আগষ্ট মাহত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ কাশ্মীৰ উপত্যকালৈ প্ৰথম ভ্ৰমণ হ’ব। ইয়াৰ পূৰ্বে তেওঁ চৰকাৰী প্ৰকল্প উদ্বোধন কৰিবলৈ জম্মু ভ্ৰমণ কৰিছিল। কাশ্মীৰৰ পৰা মোদীয়ে দিল্লীলৈ উভতি আহিব।

৮ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে ৮ মাৰ্চত দিল্লীত প্ৰথম নেছনেল ক্ৰিয়েটৰছ বঁটা প্ৰদান অনুষ্ঠাত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ, তেওঁ নিজেই ‘মন কি বাত’ কাৰ্যসূচীত এইকথা প্ৰকাশ কৰিছিল। তেওঁ শুকুৰবাৰে দিল্লীৰ পৰা অসমলৈ ৰাওনা হ’ব। অসমত তাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।

৯ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ পশ্চিম কামেঙৰ চেলা সুৰংগ উদ্বোধন কৰিব। তাৰ পিছত তেওঁ কিছুমান চৰকাৰী প্ৰকল্প উদ্বোধন কৰিবলৈ ইটানগৰ ভ্ৰমণ কৰিব। তাৰ পৰা তেওঁ অসমলৈ উভতি আহিব। মোদীয়ে যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পিছতে তেওঁ পশ্চিমবংগলৈ ঘূৰি যাব। প্ৰধানমন্ত্ৰীয়ে একেদিনাই শিলিগুৰিত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ কথা আছে।

১০ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে ১০ মাৰ্চত পশ্চিম বংগৰ পৰা গৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ আজমগড়ত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো সেই অনুষ্ঠানত উপস্থিত থাকিব।

১১ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে ১১ মাৰ্চত পুনৰ দিল্লী ভ্ৰমণ কৰিব। তেওঁ ‘নমো ড্ৰোন দিদি’ আৰু ‘লাখপতি দিদি’ৰ দৰে প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা শাখাও উদ্বোধন কৰিব। মোদীয়ে ডিআৰডিঅ’ৰ এক অনুষ্ঠানতো উপস্থিত থাকিব।

১২ মাৰ্চঃ ভ্ৰমণৰ নৱম দিনা মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাট ভ্ৰমণ কৰিব। সাবৰমতীত তেওঁৰ এক কাৰ্যসূচী আছে। তাৰ পৰা তেওঁ ৰাজস্থানলৈ যাব। তেওঁ পোখৰণ আৰু জয়ছলমেৰ ভ্ৰমণ কৰাৰ কথা আছে।

১৩ মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীয়ে ১৩ মাৰ্চত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাট আৰু অসমত তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

মোদীয়ে সৃষ্টি কৰিলে নতুন শ্ল’গান -‘মে ভি হুঁ মোদী কা পৰিবাৰ’…

১২ খন ৰাজ্যৰ ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী মোদীৰ। এনে ভ্ৰমণৰ আৰম্ভনিতে তেলেংগানাত বিৰোধীৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে তেলেগানাত স্বজনপোষণ আৰু দুৰ্নীতিৰ প্ৰসংকলৈ বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। মোদীয়ে বিৰোধীৰ বিৰুদ্ধে তেওঁৰ পৰিয়ালৰ ওপৰত ব্যক্তিগত আক্ৰমণৰো অভিযোগ উত্থাপন কৰে। উল্লেখ্য লালু প্ৰসাদ যাদৱে মোদীৰ পৰিয়ালত কোনো নাই আৰু মোদী হিন্দু নহয় বুলি কৰা মন্তব্যৰ পিছতে মোদীয়ে তেলেংগানাত বিৰোধীক উভতি ধৰে। মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰে যে ”১৪০ কোটি ভাৰতীয়” তেওঁৰ সম্প্ৰসাৰিত পৰিয়ালৰে অংশ। প্ৰধানমন্ত্ৰী মোদীয়ে আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এইদৰে কয়৷ পাটনাৰ গান্ধী ময়দানত ‘জন বিশ্বাস মহা ৰেলী’ক সম্বোধন কৰি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কৈছিল , ” আপোনাৰ কোনো পৰিয়াল নাই… আপুনি আনকি হিন্দুও নহয়। প্ৰত্যেক হিন্দুয়ে তেওঁলোকৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ তেওঁলোকৰ মুণ্ডন কৰে। কিন্তু আপুনি আপোনাৰ চুলি আৰু দাড়ি কিয় কটোৱা নাছিল , উত্তৰ দিয়ক…”।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডি এলায়েন্সৰ নেতাসকলক সমালোচনা কৰি দুৰ্নীতি, পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু তোষণৰ ৰাজনীতিত জড়িত থকাৰ কথা উল্লেখ কৰে। লালু প্ৰসাদৰ পৰিয়াল সম্পৰ্কীয় অভিযোগৰ সঁহাৰি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় , “মোৰ জীৱন এখন মুকলি কিতাপৰ দৰে। দেশৰ মানুহে মোক ভালদৰে জানে আৰু বুজি পায়।” প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নাগৰিকসকলৰ সপোন পূৰণ কৰি নিজৰ জীৱন অতিবাহিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু দেশৰ কোটি কোটি লোকে তেওঁক নিজৰ পৰিয়ালৰ এজন হিচাপে গণ্য কৰিছে বুলি মোদীয়ে উল্লেখ কৰে। তেওঁ তেলেংগানাবাসী, বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ অৱদানৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ শক্তি, ৰে’ল আৰু পথ খণ্ডৰ সৈতে জড়িত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আদিলাবাদৰ ভূমি কেৱল তেলেংগানাৰ সৈতে নহয় সমগ্ৰ দেশৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পৰ সাক্ষী হৈ পৰিছে কাৰণ ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ ৩০টাতকৈও অধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত ৰাজ্যৰ শক্তি, পৰিৱেশ বহনক্ষমতা আৰু পথ সংযোগৰ সৈতে জড়িত বহু প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু তেলেংগানা দুয়োখন ৰাজ্যই প্ৰায় ১০ বছৰ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাজ্যখনক নাগৰিকৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলো ধৰণৰ সহায় আগবঢ়াইছে। আজিও প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, আজি ৮০০মেগাৱাট ক্ষমতাসম্পন্ন এনটিপিচি ইউনিট ২ উদ্বোধন কৰা হৈছে যিয়ে তেলেংগানাৰ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। তেওঁ আমবাৰী-আদিলাবাদ-পিম্পলখুটি ৰে’ল লাইনৰ বিদ্যুতীকৰণ সম্পূৰ্ণ হোৱাৰ লগতে আদিলাবাদ, বেলা আৰু মুলুগুৰ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজিৰ এই আধুনিক ৰে’ল আৰু পথ প্ৰকল্পসমূহে তেলেংগানাৰ লগতে সমগ্ৰ অঞ্চলটোৰ উন্নয়নক গতি প্ৰদান কৰাৰ লগতে ভ্ৰমণৰ সময়ো হ্ৰাস কৰিব৷ এইবোৰে পৰ্যটনক উৎসাহিত কৰিব আৰু অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ মন্ত্ৰ পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে উন্নত অৰ্থনীতিৰ সৈতে দেশৰ প্ৰতি আস্থা বৃদ্ধি পায় আৰু ৰাজ্যসমূহেও বিনিয়োগ লাভ কৰাৰ লগে লগে তাৰ পৰা লাভৱান হয়। ভাৰতীয় অৰ্থনীতিৰ উচ্চ বৃদ্ধিৰ হাৰক কেন্দ্ৰ কৰি বিশ্বজুৰি ব্যাপক চৰ্চা হোৱাৰ কথা উল্লেখ কৰে কাৰণ ভাৰতবৰ্ষই বিগত তিনিমাহত ৮.৪ শতাংশ বৃদ্ধি পোৱা একমাত্ৰ প্ৰধান অৰ্থনীতি। “এই গতিৰে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ইয়াৰ অৰ্থ হ’ল তেলেংগানাৰ অৰ্থনীতিৰ বাবেও উচ্চ বিকাশ সম্ভৱ হ’ব৷ তেলেংগানাৰ দৰে অঞ্চলক পূৰ্বতে কৰা অৱহেলাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰৰ নতুন শাসন পদ্ধতিৰ ওপৰত আলোকপাত কৰে। যোৱা ১০ বছৰৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে অধিক আবণ্টন দিয়াৰ দিশটোলৈ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ বাবে উন্নয়নৰ অৰ্থ হ’ল দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াৰ উন্নয়ন, দলিত, জনজাতীয়, পিছপৰা আৰু বঞ্চিতসকলৰ উন্নয়ন।” প্ৰধানমন্ত্ৰীয়ে ২৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ কথা উল্লেখ কৰি চৰকাৰী কল্যাণমূলক আঁচনিৰ কৃতিত্ব দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আগন্তুক ৫ বছৰত এনে অভিযান আৰু অধিক বৃদ্ধি কৰা হ’ব৷এই উপলক্ষে অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিছাই সৌন্দৰৰাজন, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান, ৯ মাৰ্চত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জুবিন গাৰ্গক প্ৰদান কৰা হ’ব বিশেষ উপাধি…

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদ (নাক)ৰ A++ গ্ৰেড লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ প্ৰথম দহখন ৰাজ্যৰ অন্যতম কলেজ হিচাপে স্বীকৃত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৯ আৰু ১০ মাৰ্চত বৰ্ণাঢ্য তথা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰাক্তন বিদ্যাৰ্থী সংস্থাই বক্তৃতানুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান,বি বৰুৱাৰ মৃত্যু দিৱস, ৰক্তদান শিবিৰ, আন্ত:মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আন্ত:গাঁথনি মূলক কাম আদি বছৰজোৰা কাৰ্যসূচীৰে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰি অহা হৈছে।
বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা অহা ৯মাৰ্চৰ পুৱা ৯:৩০বজাত বিশিষ্ট প্ৰাক্তন বিবিয়ান সকলৰ দ্বাৰা বি বৰুৱা মহাবিদ্যালয় আৰু প্ৰাক্তন বিদ্যাৰ্থী সংস্হা (প্ৰা:বি:স:)ৰ ৮০ খন পতাকা উত্তোলন কৰা হ’ব।ইয়াৰ
পাছতে স্মৃতি তৰ্পণ কৰিব প্ৰা:বি:স:ৰ কাৰ্যকৰী সভাপতি ড০ ধ্ৰুৱ জ্যোতি চৌধুৰীয়ে। ১০:৩০ বজাত বি বৰুৱা কলেজৰ ড০ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য প্ৰাক্তন আৰু বৰ্তমানৰ বিবিয়ানৰ মত বিনিময়ৰ ‘বিবিয়ান সতীৰ্থৰ আলাপ’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।দুপৰীয়া দুই বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।বি বৰুৱা কলেজত কৰ্মৰত আৰু অৱসৰী শিক্ষক তথা কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা প্ৰদান কৰিব লগা অনুষ্ঠানটি উদ্বোধন কৰিব বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ সত্যেন্দ্ৰ নাথ বৰ্মনে।প্ৰা:বি:স:ৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে ক্ৰমে মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু বিবৰুৱা কলেজ পৰিচালনা সমিতিৰ সভাপতি ড০পাৰ্থ প্ৰতিম বৰুৱাৰ লগতে বিধায়ক তথা প্ৰাক্তন বিবিয়ান ৰেকিবুদ্দিন আহমেদ আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালিত পমি বৰুৱা উপস্থিত থাকিব।


একেদিনাই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। মইনুল হ’ক,জুবিন গাৰ্গ, ৰিয়াজ তালুকদাৰ, হীৰেণ শৰ্মা,হীৰক শৰ্মাকে ধৰি ভালেসংখ্যক প্ৰাক্তন বিবিয়ানে অনুষ্ঠান পৰিৱেশন কৰিব লগা এই অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গক বি বৰুৱা কলেজ প্ৰা:বি: স:ৰ তৰফৰপৰা এক উপাধি প্ৰদান কৰা হ’ব।এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰা: লি:ৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। অনুষ্ঠানৰ দ্বিতীয়দিনা অৰ্থাৎ ১০ মাৰ্চৰ পুৱা ১০বজাত ‘বহ্ণিমান বিবিয়ান’ শীৰ্ষক অসমৰ জাতি জনগোষ্ঠী সমূহক প্ৰতিনিধিত্ব কৰিব লগা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব প্ৰা:বি:স:ৰ উপ সভাপতি হিমাংশু দাসৰ তত্ত্বাবধানত অনুষ্ঠিতব্য এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। ‘সোঁৱৰণীৰ কুঁৱলী ফালি..’ শীৰ্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব দিনৰ ১১:৩০বজাত।এই অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী ইত্যাদি বিভাগৰ মন্ত্রী তথা প্ৰাক্তন বিবিয়ান জয়ন্ত মল্ল বৰুৱাই।
আবেলি চাৰি বজাত ‘বিবিয়ানৰ সুৰীয়া সন্ধিয়া’ শীর্ষক দ্বিতীয় বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।প্ৰাক্তনআৰু বৰ্তমানৰ বিবিয়ান সকলে অংশগ্রহণ কৰিব লগা এই অনুষ্ঠান উদ্বোধন কৰিব প্ৰাগ নিউজৰ স্বত্বাধিকাৰ তথা প্ৰাক্তন বিবিয়ান ড০ সঞ্জীৱ নাৰায়ণে।


আজি বি বৰুৱা কলেজত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰি বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী আৰু সাধাৰণ সম্পাদক ড০ বিজয় শংকৰ গোস্বামীয়ে সংস্থাৰ তৰফৰ পৰা কলেজৰ বৰ্তমানৰ আৰু প্ৰাক্তন সকলো ছাত্ৰ -ছাত্ৰীকে উপৰি উক্ত সামৰণি অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।সংবাদমেলখনত প্ৰা:বি:স:বিষয়ববীয়া নুৰুল হক , হেমচন্দ্ৰ পাঠক আৰু ড০ সত্যব্ৰত বৰুৱাও উপস্থিত থাকে৷

উৎকোচ দি লাভ কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা…

নিৰ্বাচনী বণ্ড নিষিদ্ধ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে আন এক গুৰুত্বপূৰ্ণ ৰায়। উচ্চতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায়ত কয় উৎকোচ দি ভোট লাভ কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা৷ উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা৷ ‘সীতা ছোৰেন বনাম ভাৰত চৰকাৰ’ শীৰ্ষক গোচৰত উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান৷ ধনৰ বিনিময়ত প্ৰশ্ন কৰা বা ৰাজ্যসভাত ভোট দিয়াটোক সংবিধানবিৰোধী বুলি আখ্যায়িত কৰে উচ্চতম ন্যায়ালয়ে৷ দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷

উচ্চতম ন্যায়ালয়ৰ এখন সাতজনীয়া বিচাৰপীঠে কয় যে সাংসদ আৰু বিধায়কসহ আইন প্ৰণেতাসকলে যদি তেওঁলোকৰ ভোট আৰু সংসদ বা বিধানসভাত ভাষণৰ বাবে আৰ্থিক লাভালাভ লাভ কৰে, তেন্তে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত মোকৰ্দমা চলাব লাগিব৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া সংবিধান বিচাৰপীঠে জেএমএম উৎকোচ গোচৰত পাঁচজনীয়া বিচাৰপীঠে দিয়া ১৯৯৮ চনৰ ৰায়ক সৰ্বসন্মতিক্ৰমে অগ্ৰাহ্য কৰে যাৰ দ্বাৰা সাংসদ আৰু বিধায়কসকলক আইনসভাত ভাষণ দিবলৈ বা ভোট দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্তি দিয়া হৈছিল। ৰায়টো ঘোষণা কৰি চিজেআই চন্দ্ৰচূড়ে কয় যে উৎকোচ সংসদীয় বিশেষাধিকাৰৰ দ্বাৰা সুৰক্ষিত নহয় আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত। সাতজনীয়া বিচাৰপীঠে ৰায় দি কয়, এজন সাংসদ/বিধায়কে বিধানসভাত ভোট বা ভাষণৰ সন্দৰ্ভত উৎকোচৰ অভিযোগত গোচৰৰ পৰা মুক্তি দাবী কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে আইনসভাৰ এজন সদস্যৰ দ্বাৰা দুৰ্নীতি বা উৎকোচৰ ফলত ৰাজহুৱা জীৱনত সততা হ্ৰাস হয় আৰু উৎকোচ গ্ৰহণ কৰাটো নিজেই অপৰাধ। সংসদ বা আইনসভাৰ কাম-কাজৰ সৈতে সম্পৰ্কিত নোহোৱা যিকোনো বিশেষাধিকাৰ প্ৰদান কৰিলে এনে এটা শ্ৰেণী সৃষ্টি হ’ব যি দেশৰ আইন পৰিচালনাৰ পৰা নিয়ন্ত্ৰণহীন ৰেহাই লাভ কৰে বুলিও এই ৰায়টোত কোৱা হৈছে। সংসদীয় বিশেষাধিকাৰসমূহ মূলতঃ সদনৰ সৈতে সামূহিকভাৱে সম্পৰ্কিত আৰু ইয়াৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় বুলি সাতজনীয়া বিচাৰপীঠে কয়। ৰাজ্যসভা বা ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচনো সংসদীয় বিশেষাধিকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সাংবিধানিক ব্যৱস্থাৰ পৰিধিৰ অধীনত আহিব বুলি উচ্চতম ন্যায়ালয়ে কয়। উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰদান কৰিলে এক ঐতিহাসিক ৰায়দান৷ উৎকোচ লৈ ভোট দিলে সাংসদ-বিধায়কৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা৷ উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা৷ ‘সীতা ছোৰেন বনাম ভাৰত চৰকাৰ’ শীৰ্ষক গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই ৰায়দান৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান৷ ধনৰ বিনিময়ত প্ৰশ্ন কৰা বা ৰাজ্যসভাত ভোট দিয়াটোক সংবিধানবিৰোধী বুলি আখ্যায়িত কৰে উচ্চতম ন্যায়ালয়ে৷ দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ এখন সাতজনীয়া বিচাৰপীঠে কয় যে সাংসদ আৰু বিধায়কসহ আইন প্ৰণেতাসকলে যদি তেওঁলোকৰ ভোট আৰু সংসদ বা বিধানসভাত ভাষণৰ বাবে আৰ্থিক লাভালাভ লাভ কৰে, তেন্তে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত মোকৰ্দমা চলাব লাগিব৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া সংবিধান বিচাৰপীঠে জেএমএম উৎকোচ গোচৰত পাঁচজনীয়া বিচাৰপীঠে দিয়া ১৯৯৮ চনৰ ৰায়ক সৰ্বসন্মতিক্ৰমে অগ্ৰাহ্য কৰে যাৰ দ্বাৰা সাংসদ আৰু বিধায়কসকলক আইনসভাত ভাষণ দিবলৈ বা ভোট দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্তি দিয়া হৈছিল।

ৰায়টো ঘোষণা কৰি চিজেআই চন্দ্ৰচূড়ে কয় যে উৎকোচ সংসদীয় বিশেষাধিকাৰৰ দ্বাৰা সুৰক্ষিত নহয় আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত। সাতজনীয়া বিচাৰপীঠে ৰায় দি কয়, এজন সাংসদ/বিধায়কে বিধানসভাত ভোট বা ভাষণৰ সন্দৰ্ভত উৎকোচৰ অভিযোগত গোচৰৰ পৰা মুক্তি দাবী কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে আইনসভাৰ এজন সদস্যৰ দ্বাৰা দুৰ্নীতি বা উৎকোচৰ ফলত ৰাজহুৱা জীৱনত সততা হ্ৰাস হয় আৰু উৎকোচ গ্ৰহণ কৰাটো নিজেই অপৰাধ। সংসদ বা আইনসভাৰ কাম-কাজৰ সৈতে সম্পৰ্কিত নোহোৱা যিকোনো বিশেষাধিকাৰ প্ৰদান কৰিলে এনে এটা শ্ৰেণী সৃষ্টি হ’ব যি দেশৰ আইন পৰিচালনাৰ পৰা নিয়ন্ত্ৰণহীন ৰেহাই লাভ কৰে বুলিও এই ৰায়টোত কোৱা হৈছে। সংসদীয় বিশেষাধিকাৰসমূহ মূলতঃ সদনৰ সৈতে সামূহিকভাৱে সম্পৰ্কিত আৰু ইয়াৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় বুলি সাতজনীয়া বিচাৰপীঠে কয়। ৰাজ্যসভা বা ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচনো সংসদীয় বিশেষাধিকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সাংবিধানিক ব্যৱস্থাৰ পৰিধিৰ অধীনত আহিব বুলি উচ্চতম ন্যায়ালয়ে কয়।

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ! গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা…

SBPLৰ উদ্যোগত প্ৰথম খবৰৰ আন্তৰ্জাতিক নাৰী দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

গীত-মাতেৰে মুখৰিত হ’ল গুঞ্জৰিত ফাগুনৰ বিশেষ সন্ধ্যা

অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম খবৰে ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰাক আন্তৰ্জাতিক নাৰী দিৱস আড়ম্বৰপূৰ্ণভাৱে মহানগৰীৰ হোটেল ডায়েস্কোত যোৱা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰে। সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেনে শুভ উন্মোচন কৰে ডি ৱাই 365ৰ পৰিচালন সঞ্চালক দীপান্বিতা জয়ছোৱালে। মেনেজিং এডিটৰ কমল কুমাৰে আদৰণি ভাষণেৰে উপস্থিত ৰাইজক সন্মোহিত কৰাৰ লগতে ভাষণ প্ৰসংগত কয় যে, ‘নাৰী শক্তিয়েহে সমাজৰ অগ্ৰণী ভূমিকা পালন কৰে লগতে নাৰীক এপাহি সুগন্ধি গোলাপৰ সৈতে তুলনা কৰি ৰামায়ণৰ সীতা দেৱী, দেৱী দুৰ্গা, সতী সাবিত্ৰী, বেউলা লক্ষীন্দৰ, জয়মতীৰ উদাহৰণেৰে নাৰীক মহীয়সি, সৃষ্টিশীলা বুলি কয়।

উক্ত অনুষ্ঠানত সমাজ, সংস্কৃতি আৰু সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৱধাৰিতভাৱে সেৱা আগবঢ়োৱা বহু কেইগৰাকী নাৰীক ক্ৰমে- অধ্যাপিকা, মডেল ড° মৰমী মাইবাংচা, লেখিকা, শিক্ষয়িত্ৰী নম্ৰতা দেৱী, মাৰোৱাৰী হাস্পতালৰ নাৰ্চিং অধীক্ষক জুবিদা ৰিনঝা, লেখিকা, ৰুক্মিণী কলিত‍া, মাইণ্ডড’মেইন প্ৰাঃ লিঃৰ পৰিচালন সঞ্চালক লিপিকা নাথ, লেখিকা সাংবাদিক দৰ্শনা বৰুৱা, লেখিকা, শিক্ষয়িত্ৰী তন্দ্ৰালী মূৰ্চনা, মডেল, মেকআপ আৰ্টিষ্ট, কুকিং এক্সপাৰ্ট প্ৰীতি দাসগুপ্তা, সাঁতোৰ প্ৰশিক্ষক চোনিয়া শ্বাহনাজ মজুমদাৰ, অধিবক্তা, সাঁতোৰবিদ জিনতউৰ ৰহিম মজুমদাৰ, লেখিকা গাৰ্গী ভূঞা, লেখিকা অংকুৰিতা ফুকনক বঁটা প্ৰদান কৰা হয়। আনহাতে উক্ত অনুষ্ঠানতে বি.এম.ডি. পেকেজিংৰ স্বত্বাধিকাৰী মাধৱ দাস, লেখক বিপিন চন্দ্ৰ কলিতা, অভিনেতা বিপ্লৱ বৰদলৈ আৰু মাৰোৱাৰী হাস্পতালৰ পি.আৰ.অ’ অনুপম লস্কৰক বঁটা প্ৰদান কৰাৰ লগতে গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতাললৈ শ্ৰেষ্ঠ হাস্পতালৰ বিশেষ বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেত্ৰী চেতনা দাস, SBPLৰ সঞ্চালক হৰভেছ কুমাৰ, বিশিষ্ট সমাজসেৱক ৰাজু সাহানী, অভিনেতা যতীন বৰা, নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক, ড° কুমুদ দাস, অসমীয়া বোলছবিৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানত যুৱ সাংবাদিক, লেখিকা ডিম্পী ভৰালীৰ শীঘ্ৰেই প্ৰকাশ পাবলগীয়া গ্ৰন্থ ‘সঠিক পথৰ সন্ধান’ৰ বেটুপাত উন্মোচন কৰা হয়।

গীত-মাত, নৃত্যৰে উজ্জ্বীৱিত এই অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত পৰম্পৰাগত সাজেৰে মডেলিং শ্ব’ অনুষ্ঠিত কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক জ্বলীমণি শইকীয়াৰ নেতৃত্বত সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, নৃত্যশিল্পী ডলী ডেকাৰ নেতৃত্বত বিহুনৃত্য, কন্ঠশিল্পী ৰিতুপম লস্কৰৰ গীতৰ শৰাই, হৃষী কাশ্যপৰ সংগীতানুষ্ঠানে সকলোকে সমৃদ্ধ কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, ৰুবুল দাস, লেখিকা ড° গীতালি শইকীয়া, ড° স্বৰ্ণলতা নাথ, অধ্যাপক ড° চন্দন হালৈ, লেখিকা বৰষা কাশ্যপ, জোনমণি হাজৰিকা, জুয়েল হক চৌধুৰী উপস্থিত থাকে। ময়ুৰী দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থকাৰ লগতে বহুকেইগৰাকী বৰণ্য ব্যক্তিক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

অৱশেষত ৰামপুৰৰ আদালতত আত্মসমৰ্পণ কৰিলে ‘পলাতক’ জয়া প্ৰদাই…

অৱশেষত যেন গা লৰিল বিজেপিৰ প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ। পলাতক ঘোষণা কৰাৰ পিছতে ৰামপুৰৰ আদালতত অৱশেষত আত্মসমৰ্পণ কৰিলে জয়া প্ৰদাই। নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় দুটা গোচৰত তেওঁক ‘পলাতক’ ঘোষণা কৰাৰ কেইদিনমান পিছতে জয়া প্ৰদাই আত্মসমৰ্পন কৰে। আদালতৰ শুনানিত কেইবাবাৰো হাজিৰ হোৱাত বিফল হোৱাৰ পিছতে আদালতে জয়া প্ৰদাক পলাতক ঘোষণা কৰিছিল। তেওঁৰ বিৰুদ্ধে ৰামপুৰৰ এমপি/এমএলএ আদালতে কেইবাবাৰো জামিন অযোগ্য ৱাৰেণ্ট (এনবিডব্লিউ) জাৰি কৰাৰ পিছতো ২৭ ফেব্ৰুৱাৰীত তেওঁ আদালতত হাজিৰ নোহোৱাৰ পিছতে পলাতক ঘোষণা কৰা হৈছিল।উল্লেখ্য উত্তৰ প্ৰদেশৰ আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে তেওঁ পলাতক হৈ থকাৰ মুদা মৰিছিল। নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত জয়া প্ৰদাৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ সন্দৰ্ভত ৰামপুৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছিল । আদালতে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল।

জয়া প্ৰদাৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল। এই দুটা গোচৰত বিশেষ সাংসদ-বিধায়ক আদালতে তেওঁক বাৰে বাৰে মাতি পঠিয়াইছিল, কিন্তু তেওঁ এবাৰো আদালতত হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সাতবাৰ জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছিল, কিন্তু তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে আদালতক জনাইছিল যে জয়াই গ্ৰেপ্তাৰ হ’ব বুলি ভাবিয়েই আদালতৰ পৰা আঁতৰি আছে। তেওঁৰ সকলো ম’বাইল নম্বৰ ‘চুইচ অফ’ পোৱা বুলিও আৰক্ষীয়ে জনাইছিল।

ইয়াৰ পিছতে ন্যায়াধীশ শোভিত বানচালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জয়াক ‘পলাতক’ বুলি ঘোষণা কৰিছিল। তেওঁ ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰো নিৰ্দেশ দিয়ে। জয়াক গ্ৰেপ্তাৰ কৰা আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাটো দলটোৰ দায়িত্ব হ’লহেঁতেন।জয়াই ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল। তেওঁ ইয়াৰ পূৰ্বে ২০০৪ আৰু ২০০৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত জয়ী হৈছিল। পিছত তেওঁক অখিলেশ যাদৱৰ দলে বহিষ্কাৰ কৰিছিল।

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানত অংশগ্ৰহণ কৰিলে অসমৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে…

নিৰ্বাচনৰ সময়ত যুৱ প্ৰজন্মৰ সাৰ্বজনীন প্ৰবুদ্ধ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত “মেৰা পেহলা ভোট দেশ কে লিয়ে” শীৰ্ষক অভিযানৰ আয়োজন কৰিছে।এই অভিযানৰ অংশ হিচাপে অসমৰ বিভিন্ন মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ ‘আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়’ৰ শিক্ষাৰ্থীসকলে সক্ৰিয় ভাৱে এই প্ৰচাৰ অভযানত অংশগ্ৰহণ কৰে আৰু ভোটদানৰ বাবে সংকল্প গ্ৰহণ কৰে।

একে ধৰণে ‘ইলেক্ট্ৰৰেল লিটাৰেচী ক্লাব’, লক্ষীপুৰ মহাবিদ্যালয়, গোৱালপাৰাই ইয়াৰ ‘এনএছএছ ইউনিট’ৰ সহযোগত এখন কৰ্মশালাৰ আয়োজন কৰিছিল, য’ত শিক্ষাৰ্থীসকলক ‘ভোটাৰ পঞ্জীয়ন’ৰ অনলাইন প্ৰক্ৰিয়া আৰু https://electoralsearch.eci.gov.in/ ‘ভোটাৰ তালিকা’ত তেওঁলোকৰ নাম পৰীক্ষা কৰাৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা দাঙি ধৰা হয়। একেদৰে, নগাঁৱৰ কটহগুৰি মহাবিদ্যালয়ে ভোটাৰ সজাগতা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ বাবে এখন কৰ্মশালাৰ আয়োজন কৰে।‘মেৰা পেহলা ভোট– দেশ কে লিয়ে প্ৰচাৰ অভযান’ৰ লক্ষ্য হৈছে নিৰ্বাচনত নতুন আৰু যুৱ ভোটাৰসকলক অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত সজাগ কৰি তোলা। যুৱ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে ‘মেৰা পেহলা ভোট– দেশ কে লিয়ে অভিযান’ৰ লক্ষ্য হৈছে এক প্ৰতিযোগিতামূলক, অথচ সহযোগিতামূলক পৰিৱেশ গঢ়ি তোলা য’ত যুৱক-যুৱতীসকলে বিভিন্ন সৃষ্টিশীল প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ দেশৰ ভৱিষ্যতৰ কল্পনা কৰিব পাৰে।