Home Blog Page 1017

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা…

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে মানকাচৰ সমষ্টিৰ ফুলেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগানপাৰা গাওঁত মঙ্গলবাৰে নিশা ভাৰতীয় জনতা পাৰ্টীৰ এক বিশাল যোগদান সভাৰ আয়োজন কৰে ।উক্ত যোগদান কাৰ্য্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শ শ ভোটাৰে আনুষ্ঠানিক ভাবে বি.জে.পি.ত যোগদান কৰে।

উল্লেখ্য যে উক্ত সভাত উপস্থিত থকা হাটশিঙিমাৰী সদৰ মণ্ডলৰ সভাপতি আব্দুল আলিম মোল্লাই ভোটাৰৰ মোন আকৃষ্ট কৰা লক্ষ্যৰে ভাষণ প্ৰদান কৰি সমাগত লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিত বিজেপিৰ ভেটি মজবুত কৰি ধুবুৰী লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মৃত্ৰজোঁটৰ এ.জি.পিৰ মনোনীত প্ৰাৰ্থীক ভোট দি সাংসদ

হিচাপে নিৰ্বাচিত কৰিবলৈ আহ্বান কৰে । উক্ত যোগদান কাৰ্য্যসূচী হাটশিঙিমাৰী সদৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় যত উপস্হিত আছিল দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰ্য্যায়ৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে বহুত ভোটাৰ ।

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ…

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে।

মৰিয়নিৰ ছখন গাঁও পঞ্চায়ত আৰু তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ বাবে ২০১৩ বৰ্ষতে গ্ৰেটাৰ চেলেং নামেৰে এটা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল চেলেং হাতৰ লাওজানত।

কিন্ত এই আঁচনি নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে বৰ্তমানৰ চৰকাৰ। যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ। প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মান কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে।

যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আটছাৰ সহযোগত আজি স্থানীয় মহিলা সকলে কলহ/ বটুৱা বাল্টিং লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগান নিদিলে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে। এই সন্দৰ্ভত আটছাৰ হৈ দীনেশ চাহুৱে কিছু মন্তব্য আগবঢ়ায়।

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ল’লে হেলেমৰ এজন লোক…

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ললে হেলেমৰ এজন লোক।নশ্বৰ দেহ নিজ গৃহত আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে হেলেম চাহ বাগিছাত। কৰ্মৰ সন্ধানত বহিঃৰাজ্য মহাৰাষ্ট্ৰ লৈ মধ্যপ্ৰদেশত মৃত্যুক আঁকোৱালি ললে হেলেম চাহ বাগিছাৰ ৪ নং লাইনৰ এজন লোকে।হেলেম চাহ বাগিছাৰ মাৰ্চেল

গুড়িয়া নামৰ লোকজনে নিজৰ পৰিয়াল সহ তিনি পুত্ৰ সন্তানক পোহপাল দিয়াৰ বাবে যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ লৈ কৰ্মসুত্ৰে ৰেলেৰে গৈ থকা অৱস্থাত এক বিশেষ অসুখত ভোগে আৰু মধ্যপ্ৰদেশৰ কোনো এখন

ষ্টেচনৰ পৰা নাইকিয়া হয় আৰু পৰৱৰ্তী বাথ ৰোমত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে মঙ্গলবাৰে সন্ধিয়া নিজ গৃহলৈ নশ্বৰ দেহ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ…

আজি ১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ।
শীঘ্ৰে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিলে আকৌ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ৰূপায়ণ কৰি থকা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি পোন্ধৰ দিনৰ অন্তত সময়িকভাৱে প্ৰত্যাহাৰ কৰিছে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত শিলসাঁকোৰ পাৰৰ

উচ্ছেদ প্রতিৰোধী ৰাইজৰ প্ৰতিনিধি গায়ত্ৰী বৰি, অৰ্চনা টাইদ, মমিনা বেগম, ছায়া মোছাহাৰী আৰু বিতুমণি দাস বেগমে কয় যে, যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা আমি শিলসাঁকোৰ উচ্ছেদিত থলুৱা পৰিয়ালসমূহে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ধাৰাবাহিক ভাৱে ৰূপায়ন কৰি থকা প্রতিবাদী কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখিছো।

কাৰণ আমাৰ এই আন্দোলনৰ মাজতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি বৰ্গৰ এখনি আলোচনাত অনুষ্ঠিত কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি ইতিমধ্যে আমাৰ প্ৰতিনিধিৰ তালিকা প্ৰেৰণ কৰিছো। আশা কৰিম এক সপ্তাহৰ ভিতৰত আমাৰ লগত মুখ্যমন্ত্ৰীৰে বৈঠক অনুষ্ঠিত হ’ব। আমাৰ কথা স্পষ্ট যদিহে আমাৰ দাবী চৰকাৰে মানি নলয় তেন্তে আমাৰ আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়া উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিনিধি বৰ্গই। আজিৰ প্রতিবাদী কাৰ্যসূচীৰ শেষত পুনৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

তিনি গগৈৰ ফৰ্মূলা প্ৰসংগত কি ক’লে মন্ত্ৰী পীযুষ হাজৰীকাই

‘ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো যেতিয়া প্ৰচাৰ কৰিব, কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

“প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ অনুগামীৰ সংখ্য বহুত বেছি৷ ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া”- আজি যোৰহাটত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই৷ প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কাজিৰঙাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু হাতী ছাফাৰী কৰিব, নিশ্চিতভাৱে তেওঁ কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো প্ৰচাৰ কৰিব আৰু কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’ব৷ গতিকে নিশ্চিতভাৱে কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িব৷ আৰু অসমখন আগুৱাই যাব৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বাবে বহুত কাম কৰিছে আৰু কাম কৰিবলৈ আহিছে, আমি তেওঁক সকলোৱে আদৰণি জনাম৷

উল্লেখ্য যে যোৰহাটত চৰকাৰে নিৰ্মাণ কৰা ১৫০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে লাচিত বৰফুকনৰ শৌৰ্য, বীৰ্যৰ কথা সকলোৱে জানে ৷ লাচিত নহ’লে আমি ক’ত থাকিলো হয়, মোগলে আমাক কি কৰিলে হয়- এই কথা আমি সকলোৱে জানো৷ সেইজনা বীৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে ১৫০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে৷ এই প্ৰতিমূৰ্তিটোও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব, এয়া আমাৰ কাৰণে ভাল খবৰ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোতে জিকিম৷ কংগ্ৰেছৰ একো লাভ নাই, তেওঁলোকৰ প্ৰাৰ্থীয়েই নাই বুলি কৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ নাম শুনিছে নেকি বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে৷ কংগ্ৰেছৰ এনেকুৱা পৰিৱেশ হৈছে যে তিনিটা সমষ্টি বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থী নাই বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জক বিদ দি কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাই৷ তেওঁলোকে জবৰদস্তি ‘আপুনি খেলক, আপুনি খেলক, তুমি খেলা, তুমি খেলা’ বুলি কৈ থাকিব লগা হৈছে৷ কংগ্ৰেছৰ অৱস্থা খুব বেয়া বুলি মন্ত্ৰী হাজৰীকাই কয়৷ আনহাতে, যোৰহাট সমষ্টিত তিনি গগৈ- অখিল, লুৰীণ আৰু গৌৰৱ গগৈ যদি লগ হয়, বিজেপি শলঠেকত পৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইবিলাক কৈ একো লাভ নাই বুলি কয়৷ তেওঁ কয় যে এইবিলাক হৈছে সাম্প্ৰদায়িক কথা-বতৰা৷ এইবিলাক কথা ক’লে শ্ৰদ্ধাৰ আহোম মানুহখিনিয়েও বেয়া পাব বুলি তেওঁ কয়৷ তেওঁ আৰু কয় যে আমি সকলোৱে মিলি পেলাই কাম কৰি আছো, ক’ত তেনেকুৱা তিনি গগৈৰ ফৰ্মূলা থাকে বুলি সাংবাদিকক প্ৰশ্ন কৰে৷

আনহাতে, মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈয়ে যদি যোৰহাটত খেলে, তেওঁ আঢ়ৈ লাখ ভোটত হাৰিব বুলি মন্তব্য কৰে৷

নাগালেণ্ড গ্ৰীন মাৰ্ভেলৰ বাবে গ্ৰীন ফ্ৰেমছ চুটি ছবিৰ বঁটা জিনিলে গুৱাহাটীৰ ২ সাংবাদিকে…

গুৱাহাটীৰ সাংবাদিক বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নাগালেণ্ডৰ অনন্য কৃষি পদ্ধতি উপস্থাপন কৰা তথ্যচিত্ৰ ‘মাউণ্টেন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ বাবে ‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে।

মোংগাবে-ইণ্ডিয়াৰ হৈ কৰা অনবদ্য কামৰ বাবে বৰষা দাস আৰু সুৰজিৎ শৰ্মাই ‘পেছাদাৰী চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ষ্টুডিঅ’ শাখাত বঁটা জিনিবলৈ সক্ষম হয়। মুম্বাইস্থিত আমেৰিকাৰ কনছুলেট জেনেৰেলৰ সহযোগত চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে (চিএমএছ) এই বঁটা প্ৰদান কৰে। ৫ মাৰ্চত ভূপালত অনুষ্ঠিত হোৱা মহোৎসৱত লাভ কৰে এই বঁটা।

‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত “পৰিৱেশ সংৰক্ষণ আৰু জলবায়ুৰ সৈতে মোকাবিলা”ৰ শ্ৰেষ্ঠ কামক স্বীকৃতি প্ৰদান কৰিছে। ইয়াত পৰিৱেশ/জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু জলবায়ুৰ সৈতে অভিযোজন/প্ৰশমনৰ গুৰুত্বক বিশেষভাৱে আলোকপাত কৰা হয় আৰু পৰিৱেশৰ ওপৰত আধুনিক জীৱনশৈলীৰ প্ৰভাৱৰ বিষয়ে নিৰ্মোহভাৱে উপস্থাপন কৰা হয়। প্ৰতিযোগিতাখনে ব্যক্তি, প্ৰতিষ্ঠান আৰু বিভিন্ন সম্প্ৰদায়ে পৰিৱেশ আৰু জলবায়ুৰ প্ৰত্যাহ্বানসমূহ কেনেকৈ মোকাবিলা কৰিছে আৰু সময়ৰ সৈতে খোজ মিলাই কাম কৰিছে সেই বিষয়ত গ্ৰহণ কৰা উত্তম পদ্ধতি আৰু ইতিবাচক কাহিনীসমূহ প্ৰচাৰ কৰিছে।

মোংগাবে ইণ্ডিয়াৰ হৈ বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নিৰ্মাণ কৰা ছবিখনত নাগালেণ্ডৰ ফেক জিলাৰ কিক্ৰুমা গাঁৱৰ পৰম্পৰাগত জল সংৰক্ষণ পদ্ধতি ‘ৰুজা’ৰ বিষয়ে উপস্থাপন কৰা হৈছে। ৰুজা পদ্ধতিত পুখুৰীবোৰত পানী জমা কৰি গ্ৰেভিটী বেছড ইৰিগেচন( গভীৰতা ভিত্তিক জলসিঞ্চন)ৰ ব্যৱস্থা কৰা হয়। ওখ ভূমি বা উচ্চতাতো জল সংগ্ৰহ কৰা পুখুৰী বা জলভাণ্ডাৰবোৰ ঠেক নলাৰ জৰিয়তে নিম্ন উচ্চতাৰ পথাৰৰ সৈতে সংযুক্ত কৰি ৰখা হয়। প্ৰায় ১০০ বছৰ ধৰি পানীৰ অভাৱ বা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু সফলভাৱে শস্য চপোৱা নিশ্চিত কৰিবলৈ বিকশিত এই থলুৱা পদ্ধতিয়ে বন, উদ্যান শস্য, কৃষি, মীন, পশুপালনকে ধৰি সংহত কৃষিৰ সুবিধা প্ৰদান কৰিছে। এই জয়লাভত উৎসাহ প্ৰকাশ কৰি বৰষা দাসে কয় যে: “গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি আমি সঁচাকৈয়ে সন্মানিত। আমাৰ ছবি ‘মাউণ্টেইন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ জৰিয়তে নাগালেণ্ডৰ ব্যতিক্ৰমী আৰু স্বকীয় কৃষি পদ্ধতি, বিশেষকৈ নাগালেণ্ডৰ কিক্ৰুমা গাঁৱত ‘ৰুজা’ জল সংৰক্ষণ প্ৰণালীৰ ওপৰত আলোকপাত কৰাই আমাৰ মূল লক্ষ্য আছিল। এই বঁটাই পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ বাবে বহনক্ষম

সমাধান প্ৰভাৱ আৰু গুৰুত্বক স্বীকৃতি দিলে, লগতে পাৰিপাৰ্শ্বিক সংৰক্ষণ আৰু জলবায়ু ৰক্ষাকাৰী অভিযানত অৰিহণা যোগাবলৈ আমাক উৎসাহিত কৰিব।”

“এই চুটি ছবিখন নিৰ্মাণৰ যাত্ৰাকালত অবিশ্বাস্যভাৱে আমাক বহু কথাই শিকালে। ছবিখনে নাগালেণ্ডৰ পৰম্পৰাগত জল সংগ্ৰহ পৰম্পৰাৰ স্বকীয়তাক ধৰি ৰখাই নহয়, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ইতিবাচক কাহিনীৰ ভাগ-বতৰা কৰাৰ বাবে মোংগাবে-ইণ্ডিয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ কামেও আন বহুজনক অধিক বহনক্ষম ভৱিষ্যতৰ বাবে পৰিৱেশ-অনুকূল সমাধান অন্বেষণ আৰু গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছোঁ।”– লগতে এইদৰে কয় সুৰজিৎ শৰ্মাই।

সুৰজিৎ আৰু বৰষাই কিক্ৰুমাৰ চাখেছাং কৃষকসকললৈ এই বঁটাটি উছৰ্গা কৰে।

Mixed results for Assam boxers in Eastern Open Talent Hunt in Guwahati…

Mixed results for Assam boxers in Eastern Open Talent Hunt in Guwahati

Assam boxers brought out a mixed result during the Eastern Open Talent Hunt programme being held at the DTRP Indoor Stadium in Guwahati. It is being organized by the Boxing Federation of India (BFI), in collaboration with REC Limited, a Maharatna company under the Ministry of Power.

The event witnessed spirited competitions among junior and sub-junior boxers from various states, showcasing their prowess in the ring.

In the junior girls’ category, Rangdhali Papgiri of Assam emerged victorious in the (44-46kg) weight class by defeating her state compatriot Tamanna Das Gupta. Meanwhile, in the (46-48kg) category, Nyasum Bam of Arunachal Pradesh secured a win against Prenika Muchahary of Assam. In the junior boys’ division, Himanshu Bora of Assam triumphed over Shivam Singh of Haryana in the (44-46kg) category, while Prince Doley of Assam emerged victorious in the (50-52kg) weight class by defeating Hamamtalo of Arunachal Pradesh.

Subsequently, Nahang Sumnian of Arunachal Pradesh clinched victory in the (54-57kg) category against Aryan Kashyap of Assam, while Subhiraj outshone Arman Khan in the (57-60kg) category, both representing Assam. In the sub-junior boys’ section, Ayan Saikia of Assam defeated Prabhu of Tamil Nadu in the (40-43kg) category, and Saimon Chetri overcame Arbin Singh, also from Assam, in the same weight class. Moreover, Rajani Doley emerged victorious in the (46-49kg) category against Jayan Boro, both representing Assam.

The event provided a platform for budding boxers to showcase their skills and talent, with winners earning the opportunity to participate in pruning trials for potential inclusion in the BFI’s national camps. These winners will undergo training under the guidance of experienced coaches and mentors, with the prospect of representing the nation at various levels of competition.

With the completion of the junior and sub-junior events, anticipation mounts for the elite and youth categories scheduled to take place from March 12 to 18. These tournaments not only offer a platform for budding boxers to exhibit their skills but also pave the way for their potential inclusion in national camps and representation at international levels, thereby contributing to the growth and development of Indian boxing.

ভোলানাথ মহাবিদ্যালয়ত নেচাৰ্ছ বেকনৰ জৈৱ বৈচিত্ৰ্য সজাগতা সভা…


ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ সহযোগত নেচাৰ্ছ বেকনৰ উদ্যোগত ৫ মাৰ্চ তাৰিখে মহাবিদ্যালয় প্ৰেক্ষাগৃহত ভাৰতৰ অমৃতকাল জৈৱ বৈচিত্ৰ্য সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰাৰ অনুষ্ঠান দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মাই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে ভোলানাথ মহাবিদ্যালয়ৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তথ্য চিত্ৰখনক ভূঁয়সী প্ৰশংসা কৰি নেচাৰ্ছ বেকনৰ তৰফৰপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থকা নেচাৰ্ছ বেকনৰ সঞ্চালক অসম চৰকাৰৰ অসম গৌৰৱ সন্মান প্ৰাপক বিশিষ্ট প্ৰকৃতিবিদ তথা সাহিত্যিক সৌম্যদ্বীপ দত্তক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষ সম্বধৰ্না জনোৱা হয়। অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে।

ভাষণ প্ৰসংগত ড.চক্ৰৱৰ্তীয়ে জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে আৰু নেচাৰ্ছ বেকনৰ লগত থকা সম্পৰ্কৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে ড.উপেন্দ্ৰজিৎ শৰ্মাই কয় যে ৱসুধৈৱ কুটুম্বকম্ কথাষাৰৰ মাজত আমাৰ জৈৱ বৈচিত্ৰ্যৰ সকলো কথা নিহিত হৈ আছে। আমি এই জগতখনৰ প্ৰত্যেকেই প্ৰত্যেকক সংৰক্ষণ কৰিব লাগিব।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেচাৰ্ছ বেকনৰ সঞ্চালক অসম গৌৰৱ সৌম্যদ্বীপ দত্তই।ভাষণ প্ৰসংগত জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ প্ৰাসংগিকতা আৰু নতুন প্ৰজন্মৰ দায়িত্ব সম্পৰ্কে ব্যাখ্যা কৰে।আমাক অৰ্থ আহৰণ, অৰ্থ লোভে ৰক্ষা কৰিব নোৱাৰে। আমি আমাৰ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণৰ সম্পৰ্কে সজাগ হ’ব লাগিব। সেয়েহে নতুন প্ৰজন্মক জাগৰণৰ উদ্দেশ্যে ভাৰতৰ অমৃতকালত আমি ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা আৰম্ভ কৰিলোঁ। এই যাত্ৰাৰ সামৰণি পৰিব ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালনেৰে শদিয়াৰ প্ৰকৃতিৰ পৰিবেশত।

নেচাৰ্ছ বেকনৰ সঞ্চালক গৰাকীয়ে উপস্থিত ৰাইজক প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ অৰ্থে শপত বাক্য পাঠ কৰোৱায়।এই অনুষ্ঠানত নেচাৰ্ছ বেকনৰ দ্বাৰা প্ৰকাশ কৰা প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰকাশ কৰা পুস্তিকা এখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে।সমল ব্যক্তি ড.জয়দ্বীপ শীলে প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত এক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰে। নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাপক সদস্য তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি বিজয় শৰ্মাই বিশেষ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ভাৰত ভূষণ মহান্তি, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ড.কল্যাণ দাস, ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰা সমন্বিতে মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ,আন আন মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ , ছাত্ৰ -ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই প্ৰদান কৰে ড.উপেন্দ্ৰজিৎ শৰ্মাই ।জাতীয় সংগীত পৰিবেশনেৰে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা জৈৱ বৈচিত্ৰ্যৰ জাতীয় জাগৰণৰ উদ্বোধনী অনুষ্ঠানটোৰ সামৰণি পৰে।

আশৰাফুল আলম, ধুবুৰী

খেল মহাৰণত লখিমপুৰ-ধেমাজি জিলা দলৰ অগ্ৰগতি…

কাৰ্বি আংলং জিলাৰ  ডিফুস্থিত কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ খেলপথাৰ অনুষ্ঠিত হৈ থকা খেল মহাৰণ ১৯ বছৰ অনুৰ্ধ্ব ছোৱালী ফুটবল প্ৰতিযোগিতাত লখিমপুৰ আৰু ধেমাজি জিলা দলে অগ্ৰগতি লাভ কৰিছে ৷ আজি পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এখন খেলত লখিমপুৰ জিলা ছোৱালী ফুটবল দলে মৰিগাঁও জিলা ছোৱালী  ফুটবল দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি  অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ লখিমপুৰ জিলা দলৰ হৈ অইচেং পেগু আৰু সন্ধ্যা উপাধ্যায়ে গ’ল দুটা দিবলৈ সক্ষম হয় ৷

লখিমপুৰ জিলা দলটো ১৫-১৭ বছৰীয়া খেলুৱৈৰে গঠিত আৰু প্ৰায়কেইগৰাকী খেলুৱৈ লখিমপুৰ ছাইৰ খেলুৱৈ ৷ দলটো যথেষ্ট অভিজ্ঞতাৰ পৰিপুষ্ট ৷ আজি অনুষ্ঠিত হোৱা আন এখন খেলত ধেমাজি জিলা দলে তুলনামূলকভাৱে দুৰ্বল মানকাচাৰৰ দক্ষিণ শালমৰা দলক ৫-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি অগ্ৰগতি লাভ কৰিছে ৷ ধেমাজি জিলা দলৰ হৈ লখিমপুৰ ছাইৰ নিৰ্ভৰযোগ্য লেফ্ট উইংগাৰ অষ্টমী বড়োৱে ২ গ’ল, ষ্ট্ৰাইকাৰ জয়ন্তী চৰেণে ২ গ’ল আৰু গোগামুখ স্পৰ্ট একাডেমীৰ অভিজ্ঞ ৰাইট বেক্‌ মৰমী বড়োৱে ১ গ’ল দিবলৈ সক্ষম হয় ৷ উত্তেজনাহীন খেলখনত দক্ষিন শালমৰা দলে কোনো সময়তে গ’লৰ ধেমাজিৰ বিপক্ষে সুযোগ সৃষ্টি কৰিব নোৱাৰিলে ৷

মুকালমুৱাৰ নাৰুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত বৃহৎ সমদল…

মুকালমুৱাৰ নাৰুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত নাৰী শক্তি বন্দনা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। নাৰী শক্তি বন্দনা যাত্ৰা কাৰ্যসূচীত উলিওৱা হয় বৃহৎ সমদল। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত উলিওৱা সমদলত শ শ মহিলাই অংশগ্ৰহণ কৰে।

নাৰুৱাস্থিত কেকান কাপলাবড়ী পঞ্চায়তৰ কাৰ্যালয় চৌহদৰ পৰা সমদল উলিৱাই বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মহিলা সকলৰ বাবে ৰূপায়ন কৰা আচনি সমূহৰ সজাগ কৰে। পুনৰ মোডীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ নাৰী শক্তিয়ে পূৰ্ণ সমৰ্থন দিবলৈ ওলাই আহিছে মহিলা সকল।