Breaking

নাগালেণ্ড গ্ৰীন মাৰ্ভেলৰ বাবে গ্ৰীন ফ্ৰেমছ চুটি ছবিৰ বঁটা জিনিলে গুৱাহাটীৰ ২ সাংবাদিকে…

0 19

গুৱাহাটীৰ সাংবাদিক বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নাগালেণ্ডৰ অনন্য কৃষি পদ্ধতি উপস্থাপন কৰা তথ্যচিত্ৰ ‘মাউণ্টেন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ বাবে ‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে।

মোংগাবে-ইণ্ডিয়াৰ হৈ কৰা অনবদ্য কামৰ বাবে বৰষা দাস আৰু সুৰজিৎ শৰ্মাই ‘পেছাদাৰী চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ষ্টুডিঅ’ শাখাত বঁটা জিনিবলৈ সক্ষম হয়। মুম্বাইস্থিত আমেৰিকাৰ কনছুলেট জেনেৰেলৰ সহযোগত চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে (চিএমএছ) এই বঁটা প্ৰদান কৰে। ৫ মাৰ্চত ভূপালত অনুষ্ঠিত হোৱা মহোৎসৱত লাভ কৰে এই বঁটা।

‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত “পৰিৱেশ সংৰক্ষণ আৰু জলবায়ুৰ সৈতে মোকাবিলা”ৰ শ্ৰেষ্ঠ কামক স্বীকৃতি প্ৰদান কৰিছে। ইয়াত পৰিৱেশ/জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু জলবায়ুৰ সৈতে অভিযোজন/প্ৰশমনৰ গুৰুত্বক বিশেষভাৱে আলোকপাত কৰা হয় আৰু পৰিৱেশৰ ওপৰত আধুনিক জীৱনশৈলীৰ প্ৰভাৱৰ বিষয়ে নিৰ্মোহভাৱে উপস্থাপন কৰা হয়। প্ৰতিযোগিতাখনে ব্যক্তি, প্ৰতিষ্ঠান আৰু বিভিন্ন সম্প্ৰদায়ে পৰিৱেশ আৰু জলবায়ুৰ প্ৰত্যাহ্বানসমূহ কেনেকৈ মোকাবিলা কৰিছে আৰু সময়ৰ সৈতে খোজ মিলাই কাম কৰিছে সেই বিষয়ত গ্ৰহণ কৰা উত্তম পদ্ধতি আৰু ইতিবাচক কাহিনীসমূহ প্ৰচাৰ কৰিছে।

মোংগাবে ইণ্ডিয়াৰ হৈ বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নিৰ্মাণ কৰা ছবিখনত নাগালেণ্ডৰ ফেক জিলাৰ কিক্ৰুমা গাঁৱৰ পৰম্পৰাগত জল সংৰক্ষণ পদ্ধতি ‘ৰুজা’ৰ বিষয়ে উপস্থাপন কৰা হৈছে। ৰুজা পদ্ধতিত পুখুৰীবোৰত পানী জমা কৰি গ্ৰেভিটী বেছড ইৰিগেচন( গভীৰতা ভিত্তিক জলসিঞ্চন)ৰ ব্যৱস্থা কৰা হয়। ওখ ভূমি বা উচ্চতাতো জল সংগ্ৰহ কৰা পুখুৰী বা জলভাণ্ডাৰবোৰ ঠেক নলাৰ জৰিয়তে নিম্ন উচ্চতাৰ পথাৰৰ সৈতে সংযুক্ত কৰি ৰখা হয়। প্ৰায় ১০০ বছৰ ধৰি পানীৰ অভাৱ বা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু সফলভাৱে শস্য চপোৱা নিশ্চিত কৰিবলৈ বিকশিত এই থলুৱা পদ্ধতিয়ে বন, উদ্যান শস্য, কৃষি, মীন, পশুপালনকে ধৰি সংহত কৃষিৰ সুবিধা প্ৰদান কৰিছে। এই জয়লাভত উৎসাহ প্ৰকাশ কৰি বৰষা দাসে কয় যে: “গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি আমি সঁচাকৈয়ে সন্মানিত। আমাৰ ছবি ‘মাউণ্টেইন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ জৰিয়তে নাগালেণ্ডৰ ব্যতিক্ৰমী আৰু স্বকীয় কৃষি পদ্ধতি, বিশেষকৈ নাগালেণ্ডৰ কিক্ৰুমা গাঁৱত ‘ৰুজা’ জল সংৰক্ষণ প্ৰণালীৰ ওপৰত আলোকপাত কৰাই আমাৰ মূল লক্ষ্য আছিল। এই বঁটাই পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ বাবে বহনক্ষম

সমাধান প্ৰভাৱ আৰু গুৰুত্বক স্বীকৃতি দিলে, লগতে পাৰিপাৰ্শ্বিক সংৰক্ষণ আৰু জলবায়ু ৰক্ষাকাৰী অভিযানত অৰিহণা যোগাবলৈ আমাক উৎসাহিত কৰিব।”

“এই চুটি ছবিখন নিৰ্মাণৰ যাত্ৰাকালত অবিশ্বাস্যভাৱে আমাক বহু কথাই শিকালে। ছবিখনে নাগালেণ্ডৰ পৰম্পৰাগত জল সংগ্ৰহ পৰম্পৰাৰ স্বকীয়তাক ধৰি ৰখাই নহয়, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ইতিবাচক কাহিনীৰ ভাগ-বতৰা কৰাৰ বাবে মোংগাবে-ইণ্ডিয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ কামেও আন বহুজনক অধিক বহনক্ষম ভৱিষ্যতৰ বাবে পৰিৱেশ-অনুকূল সমাধান অন্বেষণ আৰু গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছোঁ।”– লগতে এইদৰে কয় সুৰজিৎ শৰ্মাই।

সুৰজিৎ আৰু বৰষাই কিক্ৰুমাৰ চাখেছাং কৃষকসকললৈ এই বঁটাটি উছৰ্গা কৰে।

Leave A Reply