Home Blog Page 1022

৫৪ বছৰীয়া অভিনেতা অজয় ​​দেৱগনৰ এখন ফটোৱে আলোড়নৰ সৃষ্টি কৰিছে…

শেহতীয়াকৈ অজয় ​​দেৱগনে ইনষ্টাগ্ৰামত এক নতুন ফটো শ্বেয়াৰ কৰিছে। নতুন ফটোখনত অজয় ​​দেৱগানৰ ফিটনেছ দেখি আচৰিত হোৱা নেটিজেনসকলে অভিনেতাগৰাকীক প্ৰশংসাৰে ওপচাই পেলাইছে। ২০২৪ চনত অজয় ​​দেৱগনে বহু ছবি বেক টু বেক লৈ আহিছে। বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ পূৰ্বে অজয় ​​দেৱনাগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। ৫৪ বছৰীয়া অভিনেতা অজয় ​​দেৱগনে নিজৰ এখন ফটো এক্সত শ্বেয়াৰ কৰিছে। অজয় দেৱগনৰ ফিট পেশীবহুল শৰীৰ দেখি বাকৰুদ্ধ হৈ পৰে অনুৰাগী। ফটোখনত অভিনেতাগৰাকীয়ে কেমেৰাৰ সন্মুখত যি আত্মবিশ্বাসেৰে পোজ দিয়া দেখা গৈছে-

ফটোখনত অজয় দেৱগনৰ বুকুত ভগৱান শিৱৰ টেটু দেখা পোৱাৰ বিপৰীতে অভিনেতাজনৰ সোঁহাততো টেটু দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে অজয়ৰ ফিটনেছক প্ৰশংসা কৰাৰ বিপৰীতে আন এজনে এই বয়সত অভিনেতাগৰাকীৰ শৰীৰৰ ৰূপ দেখি আচৰিত হৈছিল। অভিনেতাগৰাকীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অজয় ​​দেৱগানৰ আৰ মাধৱনৰ সৈতে ছবি ‘শৈতন’ অতি সোনকালে ছবিগৃহত মুক্তি পাবলৈ গৈ আছে।

বিজেপি নেতাৰ ১২০ কিলোগ্ৰাম ওজনৰ ছাগলী চুৰি

চত্তীশগড়ত বিজেপি নেতা সুৰেশ গুপ্তাৰ ছাগলী চুৰি।

ছাগলী চুৰি কৰি নি ২৭ হাজাৰ টকাৰ বিনিময়ত মাটনৰ দোকানত বধ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ছাগলীটোৰ ওজন প্ৰায় ১২০ কিলোগ্ৰাম আছিল! যোৱা ৮ ফেব্ৰুৱাৰীত গুপ্তাৰ ঘৰৰ পৰা ১৮ লাখ টকাৰ গাড়ীৰে চুৰি কৰি লৈ যোৱা ‘শ্বেৰু’ নামৰ ছাগলীটো গুপ্তাই এজাহাৰ দাখিল কৰাৰ পিছতে ‘শ্বেৰু’ৰ সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰে।

‘শপত খাইছিল ছবিৰ লগত কোনো সম্পৰ্ক নাৰাখে বুলি’, অভিনেতা হ’ব বিচৰা নাছিল আমিৰ খানে…

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু হিট আৰু ছুপাৰহিট দিছে। কিন্তু আপুনি জানেনে আমিৰ খানে কেতিয়াও অভিনেতা হ’ব বিচৰা নাছিল। আমি নহয় আমিৰ খানে নিজেই এই কথা কৈছিল সাক্ষাৎকাৰৰ সময়ত। আমিৰ খানে কয় যে সৰুতে তেওঁ শপত খাইছিল যে তেওঁৰ প্ৰযোজক বা ছবিৰ লগত কেতিয়াও কোনো সম্পৰ্ক নাথাকিব। আমিৰ খানে ১৯৮৮ চনত মুভি মেগাজিনক এটা সাক্ষাৎকাৰ দিছিল, যিটো পুনৰবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সাক্ষাৎকাৰত আমিৰ খানক যেতিয়া সোধা হৈছিল যে তেওঁ অভিনেতা হ’ব বিচাৰে নেকি, তেতিয়া অভিনেতাজনে উত্তৰ দিছিল – ‘সৰুতে মই লাজ লগা, বুজিব নোৱাৰা আৰু অদ্ভুত আছিলোঁ। অভিনয় মোৰ চিন্তাৰ পৰা বহু দূৰত আছিল, মোৰ ছবিৰ সংযোগে মোক আৰু বেছি হতাশ কৰিছিল। মোৰ দেউতাই (তাহিৰ হুছেইন, প্ৰযোজক হোৱাৰ বাবে) পৰিচালক আৰু শিল্পীক ধন দিছিল, তথাপিও মই তেওঁক অনুসৰণ কৰিবলগীয়া হৈছিল।আমীৰ খানে কৈছিল- ‘এই সকলোবোৰ দেখাৰ পিছত মই শপত খাইছিলোঁ যে মই কেতিয়াও প্ৰযোজক নহও আৰু ছবিৰ লগত কোনো সম্পৰ্ক নাথাকিব।

আমিৰ খানে এই সাক্ষাৎকাৰটোত কৈছিল- ‘অভিনয় তেওঁৰ বাবে এক দুৰ্ঘটনাৰ দৰে আছিল। অমিতাভ ভট্টাচাৰ্যই এখন চুটি ছবিৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল, যিখন ছবি তেওঁ মহোৎসৱলৈ পঠিয়াব বিচাৰিছিল। আমিৰে কৈছিল যে তেওঁ বৰ আনন্দত হয় বুলি কৈছিল। তেতিয়া তেওঁৰ অভিজ্ঞতা উৎকৃষ্ট আছিল আৰু তেওঁ অভিনয় কৰিব পাৰিব বুলি আত্মবিশ্বাসো লাভ কৰিছিল। ইয়াৰ পিছত তেওঁৰ মন সলনি হ’ল আৰু তেওঁ অভিনয়ক পেছা হিচাপে বাছি লৈছিল।


৭৭ বছৰ বয়সত জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজৰ দেহাৱসান…

বিশিষ্ট জৈন মুনি আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ দেওবাৰে পুৱা ছত্তীশগড়ৰ ডংগৰগড়ৰ চন্দ্ৰগিৰি তীৰ্থত দেহাৱসান হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।


ডাৰ্মাট’মাই’চাইটিছ কি? ‘ডংগল গাৰ্ল’ সুহানী ভাটনাগ আক্ৰান্ত হৈছিল ডাৰ্মাট’মাই’চাইটিছৰ…

আপুনি হয়তো ডাৰ্মাট’মাই’চাইটিছৰ কথা শুনিছে, কিন্তু ইয়াৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ কাৰণ ই যিকোনো ব্যক্তি এই ৰোগৰ বলি হ’ব পাৰে। ‘ডংগল’ চিনেমাত ববিতা ফ’গাটৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনগৰৰ মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু হৈছে। তেওঁৰ পিতৃ পুনীত ভাটনাগৰে সংবাদ মাধ্যমৰ আগত কয় যে সুহানী ডাৰ্মেট’মাইঅ’চাইটিছ নামৰ এক বিৰল ৰোগত আক্ৰান্ত। এই ৰোগ কি জানো আহক-

ডাৰ্মেট’মাইঅ’চাইটিছ হৈছে পেশীৰ দুৰ্বলতা আৰু ছালৰ ফোহা ওলোৱা এক অস্বাভাৱিক প্ৰদাহজনিত ৰোগ। এই চিকিৎসাজনিত অৱস্থাই প্ৰাপ্তবয়স্ক আৰু শিশু আক্ৰান্ত কৰিব পাৰে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত সাধাৰণতে ৪০ৰ দশকৰ শেষৰ পৰা ৬০ৰ দশকৰ আৰম্ভণিতে ডাৰ্মাট’মাই’চাইটিছ হয়। শিশুৰ ক্ষেত্ৰত ৫ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰত প্ৰায়ে দেখা দিয়ে। ডাৰ্মাট’মাইঅ’চাইটিছ পুৰুষতকৈ মহিলাক বেছিকৈ আক্ৰান্ত কৰে। ডাৰ্মাট’মাইঅ’চাইটিছৰ কোনো নিৰাময় নাই যদিও লক্ষণসমূহ ভাল হ’ব পাৰে। চিকিৎসাৰ জৰিয়তে ছালৰ ফোহা কমাব পাৰি আৰু পেশীৰ শক্তি আৰু কাৰ্য্যক্ষমতা পুনৰ লাভ কৰিব পাৰি। ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণ আৰু লক্ষণসমূহ হঠাতে দেখা দিব পাৰে বা সময়ৰ লগে লগে লাহে লাহে বিকশিত হ’ব পাৰে। ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ লক্ষণ আৰু লক্ষণসমূহ হ’ল:-

এই ৰোগত বেঙুনীয়া বা গাঢ় ৰঙা ৰঙৰ ছালৰ ফোহা ওলায়, যিটো আপোনাৰ মুখ আৰু চকুৰ পতাত আৰু আপোনাৰ কঁকাল, আঁঠু, বুকু আৰু পিঠিত বেছিকৈ হ’ব পাৰে। এই ফোহাবোৰে খজুৱতিৰ সৃষ্টি কৰে আৰু বিষ হ’ব পাৰে। এইবোৰেই প্ৰায়ে ডাৰ্মাট’মাইঅ’চাইটিছৰ প্ৰথম লক্ষণ।

প্ৰগতিশীল পেশী দুৰ্বলতা ঘটে, আপোনাৰ কান্ধ, ওপৰৰ বাহু আৰু ডিঙিৰ পেশীসমূহ অন্তৰ্ভুক্ত। দুৰ্বলতাই আপোনাৰ শৰীৰৰ বাওঁ আৰু সোঁ দুয়োফালে প্ৰভাৱ পেলায় আৰু লাহে লাহে বেয়া হৈ পৰে।

আনহাতে এই ৰোগৰ এই সমূহ জটিলতাৰ আশংকা থাকিব পাৰে-

১) খাদ্য গিলিবলৈ অসুবিধা হোৱা

যদি আপোনাৰ খাদ্যনলীৰ পেশীবোৰ প্ৰভাৱিত হয় তেন্তে আপুনি গিলিবলৈ অসুবিধা পাব পাৰে, যাৰ ফলত ওজন কমি যাব পাৰে আৰু পুষ্টিহীনতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

২/ এস্পিৰেচন নিউমোনিয়া

গিলিবলৈ অসুবিধা হ’লে আপোনাৰ হাওঁফাওঁত খাদ্য, লালাকে ধৰি তৰল পদাৰ্থ উশাহ ল’ব পাৰে।


৩/ উশাহ-নিশাহ লোৱাত অসুবিধা

যদি এই অৱস্থাই আপোনাৰ বুকুৰ পেশীত প্ৰভাৱ পেলায় তেন্তে আপোনাৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।

৪.কেলচিয়াম জমা হোৱা

সময়ৰ লগে লগে ৰোগটো আগবাঢ়ি যোৱাৰ লগে লগে ই আপোনাৰ পেশী, ছাল আৰু সংযোজক কলাবোৰত প্ৰভাৱ পেলাব পাৰে। ডাৰ্মাট’মাইঅ’চাইটিছ ৰোগী শিশুৰ ক্ষেত্ৰত এই জমা হোৱাটো বেছিকৈ দেখা যায়।

সাৱধান! কটন কেণ্ডি খালে কেন্সাৰ আৰু যকৃতৰ ৰোগ হ’ব পাৰে, বিক্ৰী নিষিদ্ধ…

কটন কেণ্ডি খালে কেন্সাৰ হব পাৰে! তামিলনাডু আৰু পুডুচেৰীত বিক্ৰী নিষিদ্ধ। কোমল আৰু গোলাপী ৰঙৰ ফেয়াৰী ফ্লছ, কোনোৱে কয় কপাহী মিঠাই, কোনোবাই কয় বুঢ়ী মাকৰ চুলি। ইয়াক চেনিৰ চিৰাপেৰে তৈয়াৰ কৰা হয়। মেলাত বা বজাৰত এই সস্তীয়া খাদ্য প্ৰায়ে মানুহে খায়। বিশেষকৈ শিশুসকলে এই খাদ্য ভাল পায় যদিও এই কপাহী মিঠাইৰ বিষয়ে গৱেষকসকলে যি কৈছে সেয়া যথেষ্ট ভয়ংকৰ। ই শৰীৰৰ বহু ক্ষতি কৰে। সেয়ে খাদ্য সুৰক্ষাৰ আয়ুক্তই এই বিষয়টো পুনৰীক্ষণ কৰি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ বাবে কপাহী মিঠাই বিক্ৰী নিষিদ্ধ তামিলনাডুত, চেন্নাইত। ইয়াৰ পূৰ্বে তেওঁলোকৰ প্ৰতিবেশী পুডুচেৰীয়েও এই সিদ্ধান্ত লৈছিল।



কটন কেণ্ডি বহুতৰে বাবে কেৱল মিঠাই নহয় কিয়নো নষ্টালজিক শৈশৱৰ স্মৃতিবোৰ প্ৰায়ে কোমল টেক্সচাৰ, টেঙা সোৱাদৰ বাবে বিখ্যাত সৰল চেনিযুক্ত ট্ৰিটৰ সৈতে সংলগ্ন হৈ থাকে, বন্ধুৰ সৈতে কটন কেণ্ডি খাই সকলোৱে পোৱা মজাটো কেতিয়াও নাপাহৰে।

৫৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী হ’ল কেজৰিৱালৰ চৰকাৰ…

৫৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী হ’ল কেজৰিৱালৰ চৰকাৰ। শনিবাৰে বাজেট অধিৱেশনৰ সময়ত দিল্লী বিধানসভাত উত্থাপন কৰা আস্থা ভোটত আপৰ চৰকাৰে জয়লাভ কৰিছে। ভোটদানৰ সময়ত আপৰ ৬২ গৰাকী বিধায়কৰ ভিতৰৰে ৫৪গৰাকী উপস্থিত আছিল। আস্থাভোচৰ অন্তত অৰবিন্দ কেজৰিৱালে কয় যে কোনো আপ বিধায়কে দল ত্যাগ নকৰে। তেওঁ কয় “আমাৰ দুজন বিধায়ক কাৰাগাৰত আছে, কেইগৰাকীমান অসুস্থ আৰু কেইগৰাকীমান দিল্লীৰ বাহিৰত আছে।” অৰবিন্দ কেজৰিৱালে লগতে কয় যে আপ চৰকাৰৰ সদনত সংখ্যাগৰিষ্ঠতা আছে , কিন্তু আস্থাৰ প্ৰস্তাৱ অনাৰ প্ৰয়োজন আছিল। কাৰণ বিজেপিয়ে “দলৰ বিধায়কসকলক ক্ৰয় কৰিবলৈ আৰু চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা চলাই আছে”।

অৰবিন্দ কেজৰিৱালে দাবী কৰে যে বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আপক শেষ কৰিব পাৰিব বুলি ভাবিছে। কেজৰিৱালে কয় “আপোনালোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু কেজৰিৱালৰ চিন্তাধাৰা কেনেকৈ শেষ কৰিব?” উল্লেখ্য বিধায়কৰ সংখ্যাৰ ক্ষেত্ৰত দিল্লী বিধানসভাত ক্ষমতাসীন আম আদমী পাৰ্টিৰ (আপ) ‘সংখ্যাগৰিষ্ঠতা’ আছে। ইমানৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন কৰিলে তাকে লৈ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছিল। উল্লেখ্য যোৱা মাহত কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো বিধায়কক বিজেপিয়ে “ক্ৰয়” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ “ৰেকৰ্ড” কৰা হৈছে। কেজৰিৱালে কৈছিল “বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে।

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ‘যাদুকৰী সংখ্যা’ হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে।তেওঁলোকৰ মাৰে ৫৪ গৰাকী আজি উপস্থিত আছিল। আনহাতে বিজেপিৰ মাত্ৰ আঠজন বিধায়ক আছে।

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান, ৰাইজৰ বাবে বিনামূলীয়া হ’ব উদ্বোধনী অনুষ্ঠান…

প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব৷ উল্লেখ্য যে পৰম্পৰা আৰু গ্লেমাৰৰ প্ৰয়োভৰ ঘটিব লগা সংগীত প্ৰধান বৰ্ণময় উদ্বোধনী অনুষ্ঠানত গীত পৰিবেশন কৰিব অসমৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই৷ স্বাভাৱিকতে পাপনৰ মায়াময় সংগীত অনুষ্ঠানে এক ৰোমাঞ্চকৰ পৰিৱেশ সৃষ্টি কৰিব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানক৷ ক্ৰীড়াপ্ৰেমীৰ বাবে উদ্বোধনী অনুষ্ঠান বিনামূলীয়া কৰা হৈছে৷ কৃষ্টি, ঐতিহ্য, প্ৰযুক্তিবিদ্যাৰ সামাহাৰ ঘটিব লগা অনন্য উদ্বোধনী অনুষ্ঠানত দেশৰ ঐক্য, বৈচিত্ৰ আৰু ক্ৰীড়া মনোভাৱৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলা বিষয়ভিত্তিক প্ৰদৰ্শনীও ষ্টেডিয়ামৰ মধ্যভাগত স্থাপন কৰা মঞ্চত প্ৰদৰ্শন কৰা হ’ব৷ ইয়াৰ উপৰিও অসমৰ কৃষ্টি-সংস্কৃতিৰ নিভাজ ৰূপ, ৰাজ্যৰ জনজীৱনৰ ঐতিহ্যক চিহ্নিত কৰা কলাৰ মনোমোহা প্ৰদৰ্শনে উদ্বোধনী অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিব৷

আনহাতে, উদ্বোধনী অনুষ্ঠান ১৯ ফেব্ৰুৱাৰীত হ’ব যদিও শনিবাৰে সৰুসজাই ষ্টেডিয়ামত পুৰুষ-মহিলাৰ কাবাডী প্ৰতিযোগিতাৰে অসমত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আনুষ্ঠানিক আৰম্ভনি হৈছে৷ উল্লেখ্য যে উভয় শাখাতে আঠখনকৈ বিশ্ববিদ্যালয়ে অংশ লৈছে আৰু আজি গ্ৰুপ মেচসমুহ অনুষ্ঠিত হয়৷ কাইলৈৰ পৰা অসমত বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হোৱাৰ বিপৰীতে আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল আৰম্ভ হ’ব৷ উল্লেখ্য যে এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ২০ বিধ খেলত মুঠ ২৬২ টা সোণ, ২৬৩ টা ৰূপ আৰু ২৯৭ টা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰায় চাৰি হাজাৰ ক্ৰীড়াবিদে প্ৰতিদ্বন্দ্বিতা কৰিব৷ গুৱাহাটীসহ¸ উত্তৰ-পূবৰ আন সাতখন চহৰৰ ১৮টা স্থানত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ গেমছত যি ২০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে তাৰে ১৬ বিধ খেল আয়োজন কৰিব অসমে৷ আনহাতে, মেঘালয়ত আৰ্চাৰী, ত্ৰিপুৰাত যোগাসন, নাগালেণ্ডত মল্লযুঁজ, অৰুনাচল প্ৰদেশত ভাৰোত্তোলন, ছিকিমত পুৰুষ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ’ব৷ ইফালে, অসমত হ’বলগা ইভেণ্টসমুহ হ’ল ঃ এথলেটিকছ, ৰাগবি, ভলীবল, বাস্কেটবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাদী, টেনিছ, জুডো, টেবুল টেনিছ, মাল্লখম্ব, শ্বুটিং আৰু মহিলাৰ ফুটবল তথা বক্সিং৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে ভেটাপাৰাৰ হকী ষ্টেডিয়াম, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, আমিনগাঁও ইনড’ৰ ষ্টেডিয়াম, চচল টেনিছ প্ৰকল্প, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম খেল অনুষ্ঠিত হ’ব৷

অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ছয়জনীয়া সদস্যৰে ৰাজ্যৰ সৰ্বাধিক দলটো হোৱাৰ বিপৰীতে ১৯ গৰাকী খেলুৱৈৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ দলটো উত্তৰ-পূব অঞ্চলৰ পৰা সৰ্বাধিক প্ৰতিনিধিত্বৰ দল৷ ইফালে, অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ২৩৮ জন সদস্যৰে গঠিত শ্ৰেষ্ঠ দল প্ৰেৰণ কৰাৰ বিপৰীতে চণ্ডীগড় বিশ্ববিদ্যালয়ে ১৬৫ জনীয়া আৰু¸পাঞ্জাব বিশ্ববিদ্যালয়ে ১৫১ জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে৷ পঞ্জাৱৰ মুঠ ১০খন বিশ্ববিদ্যালয়ে যোগদান কৰাত ৰাজ্য হিচাপে পঞ্জাৱৰে সৰ্বাধিক খেলুৱৈৰ দল হিচাপে পৰিগনিত হৈছে৷ উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া বিভাগে ছয়খন খেলো ইণ্ডিয়া ইউথ গেমছ, তিনিখন খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু চাৰিখন খেলো ইণ্ডিয়া শীতকালীন গেমছ আৰু বিভিন্ন ক্ৰীড়াত একাধিক খেলো ইণ্ডিয়া মহিলা লীগৰ আয়োজন কৰি আহিছে৷ যোৱা ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া পেৰা গেমছ৷ ২০১৬-২০২৩ বৰ্ষত খেলো ইণ্ডিয়া আঁচনিৰ বাবে মুঠ ২৪১৮ কোটি টকা আবণ্টন দিয়া হৈছে আৰু অনাগত পাঁচ বছৰৰ বাবে ৩১৬৫ কোটি টকা এই আঁচনিৰ বাবে ব্যৱস্থা কৰা হৈছে৷

দৰ্পণৰ উদ্যোগত কলাক্ষেত্ৰত মঞ্চস্থ হ’ল নাটক ‘শূর্পণখা’…

এখন সুন্দৰ আৰু নতুন চিন্তাৰ নাটকৰ পৰিৱেশনে উপস্থিত দৰ্শকৰ মন মুহিলে আজি৷গুৱাহাটীৰ আগশাৰীৰ এক সাংস্কৃতিক প্ৰতিষ্ঠান। ‘দৰ্পণ’ৰ উদ্যোগত ১৭আৰু ১৮ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি ৪ আৰু সন্ধিয়া ৬:৩০ বজাত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ‘শূর্পণখা’ শীৰ্ষক এখনি নাটক পৰিৱেশনৰ৷ নাটখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অসমৰ এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ড° অঞ্জনা ময়ী শইকীয়াই৷বিশিষ্ট পৰিচালক- নাট্যকাৰ মানিক ৰয়ৰ পৰিকল্পনা,পৰিচালনা আৰু চিত্ৰনাট্যৰে নাটখন সজোৱা হৈছে৷আজি প্ৰথম দিনাৰ দৰ্শনীত নাট উপভোগ কৰা দৰ্শকৰ সহাঁৰিৰে সাফল্যমণ্ডিত হ’ল দৰ্পণৰ এই অভিজাত নাট্যআয়োজন৷


শূর্পণখা নাটখনৰ পোহৰ পৰিচালনা কৌশিক বৰবৰাৰ৷ নাটখনৰ বিভিন্ন চৰিত্ৰত মুকুট নাথ,মানস প্ৰতীম নেওগ,মানস শৰ্মা,বিপ্লৱ শইকীয়া,ইন্দ্ৰজিৎ বৰা,দিপান্বিতা দাস,পংখী মহন্ত,অনিন্দিতা দাস ,পাহী
বিশ্বাস,সাগৰিকা পুষ্পানন্দা,হেমন্ত হিৰু,ডিম্পল সঞ্জীৱন কাশ্যপ আদিয়ে অভিনয় কৰিছ৷নিজ মাতৃয়ে সৰুতে ৰখা নামৰ ‘শূর্পণখা’ই কিদৰে সময়ৰ সোঁতত জনমানসত ‘শূর্পণখা’ হিচাপে পৰিচিত হ’ল সেয়াও নাটখনত উপস্থাপন কৰা হৈছে৷ ব্যতিক্ৰমী চিন্তা আৰু আগেয়ে সাধাৰণতে নকৰা চিন্তাৰ সমাবেশ ঘটা ‘শূর্পণখা’ নাটখন দেওবাৰেও দুবাৰকৈ মঞ্চস্থ কৰা হ’ব৷

আজি কৃষক আন্দোলনৰ ষষ্ঠ দিন, পুনৰ কৃষকৰ সৈতে বৈঠক হ’ব কেন্দ্ৰীয় চৰকাৰৰ…

আজি কৃষক আন্দোলনৰ ষষ্ঠ দিন, পুনৰ কৃষকৰ সৈতে বৈঠক হ’ব কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ এদিন পূৰ্বে কৃষক নেতাসকলে কেন্দ্রই এম এছ পি সকলক আইনী আশ্বাস প্ৰদান কৰি এক অধ্যাদেশ জাৰি কৰিবলৈ অনুৰোধ জনায়। শম্ভু সীমান্তত কৃষকৰ প্ৰতিবাদ ষষ্ঠ দিনত প্ৰৱেশ কৰাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, পীযুষ গোৱাল, আৰু নিত্যানন্দ ৰায়, কৃষক সংঘৰ নেতাসকলৰ সৈতে দেওবাৰে চতুৰ্থ ৰাউণ্ডৰ আলোচনাৰ বাবে বৈঠকত মিলিত হ’ব।

ইয়াৰ পূৰ্বে ৮, ১২, ১৫ ফেব্ৰুৱাৰীত দুয়োপক্ষই বৈঠকত মিলিত হৈছিল যদিও আলোচনা অকাৰ্যকৰী হৈ পৰিছিল। ১৩ ফেব্ৰুৱাৰীত পঞ্জাৱৰ কৃষকসকলে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল যদিও পঞ্জাৱৰ হাৰিয়ানা সীমান্তৰ শম্ভু আৰু খানৌৰী পইণ্টত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। তাৰ পিছৰে পৰা সীমান্ত ক্ৰছিং দুটাতে বিক্ষোভকাৰীসকল। এম এছ পিৰ বাবে আইনী নিশ্চয়তাৰ বাহিৰেও কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ, কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চন, কৃষি ঋণ ৰেহাই, আৰক্ষীৰ অভিযোগ খাৰিজ আদি কাৰ্যকৰী কৰিবলৈ বিচাৰিছে।