Home Blog Page 1029

গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা অলিম্পিকত তেজপুৰৰ দক্ষ এথলীট মিনা বৰা বায়নৰ কৃতিত্ব, যোগক্ৰীড়াত কনভেনৰ হিচাপে যোগদান; ট্ৰিপল জাম্পত ব্ৰঞ্জৰ পদক লাভ…

দেশৰ পেৰা অলিম্পিক সন্থাৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ গোৱাত অনুষ্ঠিত চুপাৰ মাষ্টাৰ গেমছত যোগক্ৰীড়াৰ কনভেনৰ হিচাপে অংশ গ্ৰহণ কৰা তেজপুৰৰ দক্ষ এথলেটিকছ মিনা বৰা বায়নে ট্ৰিপল জাম্প প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদকেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, পেৰা অলিম্পিকৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোগাসন, ভলীবল, ফুটবল, হকী, পাৱাৰ লিফ্টিং, আৰ্ম ৰেষ্টলিং, বেডমিণ্টন, সাঁতোৰ আৰু আন সকলো প্ৰকাৰৰ এথলেটিকছত দেশৰ ১৮ খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। উল্লেখ্য যে, তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী মিনা বৰা বায়নে ইয়াৰ পূৰ্বেও যোগক্ৰীড়াৰ লগতে বিভিন্ন এথলেটিকছ প্ৰতিযোগিতাত বহুবাৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

বাক্সাত সাংবাদিকলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ বিতৰণী অনুষ্ঠান, সংবাদ মাধ্যমে সমাজত প’জিটিভিটী আনিব লাগে, নিগেটিভিটী নহয়ঃ ইউ জি ব্ৰহ্ম…

নৱগঠিত তামুলপুৰ জিলাকে ধৰি বাক্সা জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ২১গৰাকী সাংবাদিকক বাক্সা জিলাৰ মুছলপুৰস্থিত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পঠিওৱা শুভেচ্ছামূলক উপহাৰসমূহ প্ৰদান কৰা হয়। এই উপহাৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম‌ই। তেখেতে নিজৰ ভাষণত সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কত বহুমূলীয়া মতামত দাঙি ধৰে। বৰ্তমান অসমৰ মূলসুঁতিৰ সাংবাদ মাধ্যমৰ বিপৰীতে প’ৰ্টেল সংবাদ মাধ্যমৰ উত্থান সম্পৰ্কে কয়, “পৰ্টেলক নিয়ন্ত্ৰণ কৰাটো ৰাজ্যিক পৰ্যায়ত সম্ভৱ নহয়; ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আলোচনা হ’ব লাগে। অৱশ্যে তেওঁলোকৰ প্ৰয়োজনীয়তাকো উলাই কৰিব নোৱাৰি।” বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে নিজৰ ভাষণৰ মাজত উল্লেখ কৰে, “সমাজ গঠনত সাংবাদিকৰ যথেষ্ট ভূমিকা আছে। সেই ভূমিকা হ’ব লাগে ইতিবাচক। সাংবাদিকে এখন সমাজ ভাঙিব‌ও পাৰে, গঢ়িব‌ও পাৰে। গতিকে আমি কোনফালে আগবাঢ়ি যাব লাগিব, নিজেই ভবা উচিত। আশা কৰো, আপোনালোকে যোগাত্মক দিশত আগবাঢ়ি সমাজ গঢ়াত সহায় কৰিব।” আদৰণী ভাষণত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম‌য়ো সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়।

বাক্সা জিলাৰ জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, এ চি এছৰ আহ্বানমৰ্মে তামুলপুৰৰ “দৈনিক অসম”ৰ জ্যেষ্ঠ সাংবাদিক উৎপল ডেকাই সাংবাদিকসকলৰ পেন্সনকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত চমু বক্তব্য ৰাখে। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আঁত ধৰাৰ উপৰি শলাগৰ শৰাই আগবঢ়ায়। তেখেতে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা শুভেচ্ছামূলক উপহাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা কৰে। জিলা আয়ুক্তগৰাকীৰ সহযোগত উপহাৰসমূহ বিতৰণ কৰে মাননীয় কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ বিধানসভাৰ মাননীয় অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম আৰু পাৰিষদ মণ্টু বড়োৱে‌। আজিৰ উপহাৰ বিতৰণী অনুষ্ঠানত এছ ডি অ’ (সদৰ) ডঃ দীপাংকৰ নাথ, আয়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে বাক্সা জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰীসকলৰ উপৰি নৱগঠিত তামুলপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাও উপস্থিত থাকে।

ৰাম মন্দিৰ আৰু ৰাম লাল্লাৰ স্মাৰক মুদ্ৰা মুকলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাম লাল্লা আৰু অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰৰ থিম আধাৰিত মুদ্ৰাকে ধৰি তিনিটা স্মাৰক মুদ্ৰা মুকলি কৰে।

চৰকাৰী মালিকানাধীন ছিকিউৰিটি প্ৰিন্টিং এণ্ড মিন্টিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়াৰ (এছপিএমচিআইএল) ১৯ সংখ্যক প্ৰতিষ্ঠা অনুষ্ঠানত সীতাৰমণে ভগৱান বুদ্ধৰ এনলাইটেনমেণ্ট (সীমিত সংস্কৰণ – বুদ্ধ আৰু স্তুপৰ ছবিবোৰ মেট ফিনিচিঙৰ সৈতে অক্সিডাইজ কৰা হয়) আৰু বাই-মেটালিক ক্লেড সোভেনিয়াৰ মুদ্ৰাও মুকলি কৰে গ্ৰেটাৰ ৱান-হৰ্ণড ৰাইনো (এণ্ডেঞ্জাৰড এনিমেলছ অৱ ইণ্ডিয়া ছিৰিজৰ অংশ)ৰ ওপৰত।

সুস্থ চুলি, উজ্জ্বল ছাল আৰু ভাল নখৰ বাবে এই ৮টা স্বাস্থ্যকৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক…

ধুনীয়া চুলি, জিলিকি থকা ছাল আৰু শক্তিশালী নখ পাবলৈ আমি প্ৰায়ে দামী সামগ্ৰী ব্যৱহাৰ কৰোঁ। এই দামী সামগ্ৰীবোৰৰ বাবে বহুত টকাও খৰচ কৰিব লাগে। আনহাতে সামগ্ৰীবোৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ কেতিয়াবা পাৰ্শ্বক্ৰিয়াও হয়। কিন্তু এই দামী সামগ্ৰীৰ সলনি স্বাস্থ্যসন্মত খাদ্যই আমাৰ চুলি, ছাল আৰু নখৰ উন্নতি কৰিব পাৰে-

সুস্থ চুলি ছাল আৰু নখৰ বাবে কি খাব লাগে জানেনে-

ছালমন, টুনা আৰু মেকেৰেলৰ দৰে চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে চুলি ডাঠ আৰু চিকচিকিয়া কৰাত সহায় কৰে। লগতে ছালখন কোমল কৰি ৰাখে।

ভিটামিন এ সমৃদ্ধ মিঠা আলু ছালৰ বাবে আশীৰ্বাদতকৈ কম নহয়। ই ছালখন কোমল কৰে, বলিৰেখা কমায় আৰু ইয়াৰ উজ্বলতা বৃদ্ধি কৰে।


আলমণ্ড, আখৰোট, চিয়া গুটি ভিটামিন ই, জিংক আৰু বায়’টিনৰ ভাল উৎস। এইবোৰে নখ মজবুত কৰি তোলে আৰু চুলি সৰিত বাধা দিয়ে।

সুস্বাদু হোৱাৰ উপৰিও এভোকেডোত স্বাস্থ্যকৰ চৰ্বি, ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ই ছালখনক জলসিঞ্চিত কৰি ৰাখে আৰু মুখলৈ গ্লো আনে।

প্ৰটিন, বায়’টিন আৰু ভিটামিন ডিৰে সমৃদ্ধ কণীয়ে চুলি আৰু নখ শক্তিশালী কৰাত সহায় কৰে। লগতে ইহঁতে ছালখনক পুষ্টি প্ৰদান কৰে আৰু ইয়াক স্বাস্থ্যকৰ কৰি তোলে।

কচু, মেথি, ব্ৰকলিৰ দৰে সেউজীয়া পাতৰ শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি আৰু কে। এইবোৰে ছালখন সুস্থ কৰি তোলে, কলাজেন উৎপাদনত সহায় কৰে আৰু বলিৰেখা কমায়।

তৰমুজ, তিয়হ আৰু বলাহীৰ দৰে পানী সমৃদ্ধ খাদ্যই শৰীৰক জলসিঞ্চিত কৰি ৰাখে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ ছালত দেখা যায়। এইবোৰে ছাল কোমল আৰু উজ্জ্বল কৰি তোলে।


ঢেকিয়াজুলিৰ জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ…

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয় চৌহদত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, ঢেকীয়াজুলিত ৭৭ গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ

ঢেকিয়াজুলি, ১৫ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে আজি সমষ্টিটোৰ তিনিখৰীয়া চাহ বাগিচাত নৱনিৰ্মিত মহাপ্ৰভু শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্ৰী সিংহলৰ বিশেষ প্ৰচেষ্টাত তথা ৰাইজৰ সহযোগত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত তিনিখৰীয়া চাহ বাগিচাৰ এক বিশাল এলেকাত এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত এই মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত বাগিচাখন আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগতে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। বিগত দুদিনত ধান দিৱস, কলহ যাত্রা, বন্তি প্রজ্বলন, হৰিনাম কীৰ্ত্তন, মহা স্নান, জলধিবাস আদি কাৰ্যসূচীৰ পিছত আজি বিগ্রহৰ প্ৰাণ প্রতিষ্ঠা আৰু মহা যজ্ঞৰ আয়োজন কৰা হয়। প্ৰায় একক প্ৰচেষ্টাৰে ঢেকীয়াজুলিত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত মহাপ্রভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণত লোৱা বিশেষ ভূমিকাৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী সিংহলৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আনহাতে মন্ত্ৰী সিংহলে আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ শিঙৰি পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰাৰ লগতে দেৱালয়ভাগিৰ ঐতিহাসিক সমলৰ সন্ধানত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পিছতে তেওঁ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৭৭ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ কৰে৷

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা…

বকোৰ ৰঙাপানীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা

উত্তেজিত ৰাইজে ভাঙিলে দুৰ্ঘটনা সংঘটিত কৰা Kwid বাহন।

এগৰাকী বৃদ্ধাক খুন্দিয়াই পলায়নৰ চেষ্টা As01Dk 9664 নম্বৰৰ KWID বাহনৰ।

গুৰুতৰ ভাৱে আহত বৃ্দ্ধা স্বৰভানু নেছাক(৭৫) সোনতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সৈতে
অহা আনখন As01Ez 6999 নম্বৰৰ বাহন খেদি খেদি প্ৰায় ১০ কিঃমিঃ দূৰত গৈ ধৰিলে ৰাইজে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰা পলায়ন চালক।দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল।

ঘটনাস্থলীত উপস্থিত আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপোৰ্টঃ

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু ড০ সমুজ্জল ভট্টাচাৰ্যৰ…

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে মানহানিৰ গোচৰ।

হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ড০ সমুজ্জল ভট্টাচাৰ্যৰ।

১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ। কামৰূপ দেৱানী আদালতত ৰুজু গোচৰ।

আহি আছে যতীন বৰা অভিনীত চলচ্চিত্ৰ ‘চেলেঞ্জ’…

অসমৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়ভাৱে কাম কৰিবলৈ দৃঢ় পৰিকল্পনাৰে মুম্বাই চিনে মেল’ডিয়ে এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখন মূলত: অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈয়ো ভাষান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু তেওঁ এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে যুটি বান্ধিব। অভিনেত্ৰীগৰাকীৰ বিষয়ে অতি সোনকালে ঘোষণা কৰা হ’ব। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে।

এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘চেলেঞ্জ’ ৰ কাহিনী – চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ। সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলিউডৰ বহু নামজ্বলা কন্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰা হৈছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে গ’গ’ই আৰু একশ্বনৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজেশ কান্নাড়ে (দক্ষিণাত্যৰ)। অসমৰ উপৰিও দিল্লী , লক্ষ্ণৌ আৰু হায়দৰাবাদস্থিত ৰাম’জী ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ হ’ব লগীয়া ছবিখনৰ সহ:প্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম। মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ভেলেণ্টাইন ডে’ৰ পিছত কিয় পালন কৰা হয় কিক ডে? কিক ডে’ত কি কৰা হয়…

ভেলেণ্টাইন ডে’ৰ পিছত এণ্টি ভেলেণ্টাইন উইক উদযাপন কৰা হয়। ইয়াত আছে কিক ডে’। মানুহে বিশ্বাস কৰে যে কিক ডে’ত তেওঁলোকে যিজনক ভাল নাপায় তেওঁক কিক মাৰে বা সেই ব্যক্তিজনক তেওঁলোকৰ জীৱনৰ পৰা আঁতৰাই পেলায়। যদিও সেয়া নহয়, কিক ডে’ৰ দৃষ্টিভংগী বেলেগ বেলেগ। ইচ্ছা কৰিলে এই দিনটোত আপোনাৰ সফলতাৰ শত্ৰু সেই সকলোবোৰ বেয়া অভ্যাস নাইকিয়া কৰিব পাৰিব। কিক ডে’ত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত দূৰত্ব সৃষ্টি কৰা সকলো বেয়া অভ্যাস ত্যাগ কৰক। যদি আপোনাৰ সংগীয়ে আপোনাৰ মদ্যপান বা ধূমপানৰ অভ্যাস ভাল নাপায় তেন্তে আজিৰ পৰাই বাদ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক।

যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ওচৰ-চুবুৰীয়া কিছুমান মানুহ আছে যাৰ বাবে আপুনি আপোনাৰ সংগী আৰু পৰিয়ালক সময় দিব পৰা নাই, তেন্তে ‘কিক ডে’ উদযাপন কৰি সেইসকল লোকক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলাওক। যদি আপুনি ভেলেণ্টাইন উইকৰ দৰে এণ্টি ভেলেণ্টাইন উইক উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি ‘কিক ডে’ উদযাপন কৰিব পাৰে। যদি আপুনিও অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে আপোনাৰ বেছিভাগ সময় ছ’চিয়েল নেটৱৰ্কিং চাইটত কটোৱা হৈছে। যদি ই আপোনাৰ চকু আৰু স্বাস্থ্যৰ ক্ষতি কৰিছে, তেন্তে আপুনি ‘কিক ডে’ত এই অভ্যাসৰ পৰা মুক্তি পাব পাৰে।

যদি আপুনি নিজৰ জীৱনত সফল হ’ব বিচাৰে তেন্তে আজিৰ পৰাই এলাহ দূৰ কৰক। এলাহ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। যদি আপুনি জীৱনত সফলতা লাভ কৰিব বিচাৰে তেন্তে আজিয়েই এলাহ দূৰ কৰাৰ আটাইতকৈ উত্তম দিন।

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ…

মণিপুৰী বিদ্ৰোহীয়ে লুকুৱাই ৰখা অস্ত্ৰভাণ্ডাৰৰ সন্ধানত অভিযান। সেনা-আৰক্ষীৰ উমৈহতীয়া অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ।

পাহাৰীয়া-উপত্যকাৰ অঞ্চলসমূহৰ পৰা উদ্ধাৰ বিস্ফোৰক সামগ্ৰী। ইম্ফলৰ কাংপকপি জিলা, ডাম্পী ৰেঞ্জৰ বিষ্ণুপুৰত চলিল অভিযান ।

উদ্ধাৰ মেগজিনসহ 9mm পিষ্টল, হেণ্ড গ্ৰেনেড, স্ম’ক গ্ৰেনেড। ছিংগল ব’ৰ বেৰেল গানো উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে।