Home Blog Page 1031

আজি কৃষক আন্দোলনৰ তৃতীয় দিন, দিল্লীৰ পৰা চণ্ডীগড়লৈ কৰিব যাত্ৰা…

আজি কৃষক আন্দোলনৰ তৃতীয় দিন আৰু আজি কৃষকসকলে পুনৰ দিল্লীলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছে। এই কৃষকৰ দলটো এতিয়াও পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত আছে। প্ৰথম দিনাই কৃষক আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত বিৰাট হুলস্থুলৰ সৃষ্টি হয় আৰু আন্দোলনৰ লগত জড়িত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে। একে সময়তে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। অৱশ্যে আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ পাছতো কৃষকসকল দৃঢ়তাৰে থাকিল। কৃষকসকলে আৰক্ষীক একনায়কত্ববাদী বুলি অভিযোগ উত্থাপন কৰে। একে সময়তে কৃষকক বাধা দিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰা হৈছিল, যাৰ বাবে বহু অঞ্চলত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছিল। কৃষক আন্দোলনৰ প্ৰথম দিনাই দিল্লীৰ জনসাধাৰণে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰচণ্ড যান-জঁটৰ বাবে অহা-যোৱা কৰা লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ৰাইজৰ এই সমস্যা আজিও অব্যাহত আছে, কাৰণ কৃষকসকলে দিল্লীলৈ সমদল কৰাৰ সিদ্ধান্তত অটল। আন্দোলনৰ প্ৰথম দিনাই পঞ্জাৱৰ কৃষকসকলে শ শ ট্ৰেক্টৰেৰে দিল্লী অভিমুখে আগবাঢ়িছিল যদিও পঞ্জাৱ-হাৰিয়ানা সীমান্তত তেওঁলোকক ৰখাই দিয়া হৈছিল। আজি আন্দোলনৰ দ্বিতীয় দিনটোত কৃষকসকলে পুনৰ দিল্লীলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছে। এই কৃষকৰ দলটো এতিয়াও পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত আছে।

পুনৰ আৰম্ভ হোৱা কৃষক আন্দোলনক লৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক লক্ষ্য কৰি আকালি দলৰ নেতা হৰসিমৰাট কৌৰ বাদলে পোষ্ট কৰি কয়, ‘পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব। হাৰিয়ানা চৰকাৰৰ লগত কিয় লীগ মেচ খেলিছে বুলি প্ৰশ্ন কৰিছে? আনহাতে আজি কেন্দ্ৰীয় চৰকাৰৰে তৃতীয়সংখ্যক বৈঠক প্ৰতিবাদী কৃষকৰ। বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ’ব বৈঠক। দিল্লীলৈ কৃষকৰ প্ৰতিবাদী যাত্ৰাৰ মাজতে অনুষ্ঠিত হ’ব এই বৈঠক। পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত সমৱেত হাজাৰ হাজাৰ কৃষক। চৰকাৰৰ হৈ বৈঠকত থাকিব কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল। লগতে থাকিব গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়।

তেজপুৰত ফাগুন ফাগুন লগাবোৰ শীৰ্ষক গীতৰ মুক্তি…

ফাগুনৰ বতৰত এটা শ্ৰুতিমধুৰ ফাগুনৰ গীত আগবঢ়াই দিয়া হৈছে ৰুচিশীল শ্ৰোতা দৰ্শকৰ বাবে৷ সুন্দৰ শব্দচয়ন আৰু শ্ৰুতিমধুৰ সুৰৰে উন্মনা ফাগুনক ব্যতিক্ৰমী ৰূপত ধৰি ৰখাৰ প্ৰয়াসৰে একাংশ তৰুণ সাংস্কৃতিক কৰ্মীয়ে দীঘলীয়া সময়ৰ প্ৰয়াসৰ অন্তত তেজপুৰত মুক্তি দিয়া হয় এটা অসমীয়া আধুনিক গীত৷উল্লেখযোগ্য যে, বীণাপাণি সৰস্বতী পূজাৰ দিনটোত পূৰ্ব নিৰ্দ্ধাৰিত অনুসৰি তেজপুৰত ফাগুন ফাগুন লগাবোৰ শীৰ্ষক আধুনিক ৰোমান্তিক গীতটো আজি বিয়লি তেজপুৰ মাজগাঁও স্হিত ৰুদ্ৰ ৰেকৰ্ডছত মুক্তি দিয়া হয়৷ নিমন্ত্ৰিত অতিথি জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই বন্তি প্ৰজ্বলনৰে গীতটোৰ আনুষ্ঠানিক মুক্তি দিয়ে৷উল্লেখযোগ্য যে,যুৱ কণ্ঠ শিল্পী নগাঁৱৰ অভিজিত গগৈৰ কণ্ঠত তথা মৃগাংক মৌচমৰ কথা আৰু সুৰৰে সুমধুৰ গীতটোৰ সংগীত ব্যৱস্থাপনা তেজপুৰৰ শিৱানন্দ বৰুৱাৰ৷গীতটোত পুলক জ্যোতি শইকীয়া আৰু খঞ্জন শইকীয়াৰ গ্ৰাফিকছ আৰু এনিমেছনে এক ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰিছে৷ইউটিউবত মুক্তি দিয়া গীতটোৱে শ্ৰোতা দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷

প্ৰনিধানযোগ্য যে, গীতটোত ব্যৱহৃত যন্ত্ৰ সংগীতৰ স’তে জড়িত আছে ৰাজ্যখনৰ একাধিক অভিজ্ঞ বাদ্যযন্ত্ৰী৷বিশেষকৈ ৰাজা বৰুৱাই তবলা সংগত কৰাৰ লগতে অঞ্জন মেধিয়ে বাঁহি বজাইছে৷গীতাৰ বজাইছে শিৱানন্দই৷ গীতিকাৰ,সুৰকাৰ তথা কণ্ঠ শিল্পী সহ সংগীত ব্যৱস্থাপক সকলো তৰুণ প্ৰজন্মৰ সাংস্কৃতিক কৰ্মী সকলৰ উমৈহতীয়া প্ৰয়াস ফাগুন ফাগুন লগাবোৰ শীৰ্ষক গীতটো দৰ্শকৰ বাবে আগবঢ়াই দিয়াৰ পূৰ্বে প্ৰায় দুবছৰ সময় লোৱাৰ বিষয়ে দোহাৰি গীতটোৰে জড়িত সকলে কয় যে, জ্যেষ্ঠজনৰ পৰা নৱ প্ৰজন্মৰ সকলোৱে গ্ৰহণ কৰিব পৰাকৈ গীতটোৰ সুৰ আৰু কথাৰ ক্ষেত্ৰত গুৰুত্ব দিয় হৈছে আৰু এনিমেছনৰ ব্যৱহাৰৰে ইয়াক অৰ্থবহ কৰাৰ প্ৰয়াস কৰা হৈছে৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বীণাপাণিৰ পূজাৰ দিনটোতে সেয়ে সংগীতৰ সাধনা অব্যাহত ৰখা এইসকল সাংস্কৃতিক কৰ্মীয়ে গীতটো ইউটিউবৰ জৰিয়তে শ্ৰোতা দৰ্শকলৈ আগবঢ়াই দি ৰাইজে গীতটোক আদৰি ল’ব বুলি আশাব্যক্ত কৰিছে৷

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাপানালাৰ চম্পাৱতী জলপ্ৰপাত, আজি মহাকুণ্ডমেলালৈ আগমন ঘটিব হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ…

নগাঁও চহৰৰ পৰা প্ৰায় ৩০ কি: মি: নিলগৰ দক্ষিণ-পূব কোণত অৱস্থিত সেউজ সুন্দৰ চাপানালা অঞ্চল। ইয়াৰ চতুৰ্দিশে অপৰূপ সৌন্দৰ্যৰ আকাৰ চিৰসেউজ চাহ বাগিচাসমূহেও চাপানালাক অধিক জেউতি চৰাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰাশিৰে ভৰপূৰ এনেহেন চাহ বাগিচাৰ মাজে মাজে চাপানালা গড়কাপ্তানি পথ (লোকনিৰ্মাণ বিভাগ) ৰ পৰা দক্ষিণ-পশ্চিম দিশে কিছুদূৰ গ’লেই পোৱা যায় চাপানালা আৰু গোবৰ পাহাৰ। এই পাহাৰতে অৱস্থিত ইতিহাসপ্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাত। এই মনোৰম জলপ্ৰপাতৰ নৈসৰ্গিক শোভা পান কৰাৰ লগতে জনশ্ৰুতি অনুসৰি সৰস্বতী পূজাৰ পিছদিনা অনুষ্ঠিত হয় মহাকুণ্ডমেলা।

প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানকৈ ১৫ ফেব্ৰুৱাৰীৰ দিনা উদ্যোক্তা সকলে ধর্মীয় ৰীতি-নীতি ৰক্ষা কৰি কিছু কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিব পৰা গৈছে। যি নহওক, সমতলৰ পৰা থিয় পাহাৰীয়া লুংলুঙীয়া পথেৰে প্ৰায় ডেৰ কিলোমিটাৰ অতিক্ৰম কৰিলেই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি চম্পাৱতী জলপ্ৰপাত পোৱা যায়। নগাঁও চহৰৰ পৰা পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ পুৰণিগুদামৰ গড়মূৰৰ পৰা চলচলি হৈ চাপানালা পথেৰে (গড়মূৰৰ পৰা প্ৰায় চৈধ্য কিঃমিঃ) অতিক্ৰম কৰিলেই পোৱা যায় প্ৰকৃতিৰ ৰম্যভূমি এই চম্পাৱতী জলপ্ৰপাত। এই জলপ্ৰপাত প্ৰথম কুণ্ড, মধ্যম কুণ্ড, তল কুণ্ড নামেৰে তিনিটা স্তৰত বিভক্ত। পাহাৰৰ মাজে- মাজে শিলৰ ফাঁকে- ফাঁকে কুলু- কুলু শব্দৰে অপূৰ্ব জলতৰংগ নামি আহি সৃষ্টি হৈছে প্ৰথম বা ওপৰ কুণ্ডৰ। প্ৰথম কুণ্ডৰ পৰা প্ৰায় ত্ৰিশ মিটাৰ দূৰত প্ৰায় সত্তৰ মিটাৰ তলেৰে পানী বাগৰি সৃষ্টি হৈছে দ্বিতীয় বা মধ্যম কুণ্ড। মধ্যম কুণ্ডৰ পৰা প্ৰায় ৪৫ মিটাৰ আগলৈ গ’লেই দেখিবলৈ পোৱা যায় শেষ বা তল কুণ্ড অৰ্থাৎ প্ৰধান জলপ্ৰপাত। অপূৰ্ব শব্দৰে, মনোৰম দৃশ্যৰে পানী বাগৰি সৃষ্টি হৈছে এই তল কুণ্ড বা মূল জলপ্ৰপাত। তল কুণ্ডৰ পানী কিমান তললৈ পৰিছে তাক ঠাৱৰ কৰাটো কঠিন। উল্লেখযোগ্য যে, প্ৰথম কুণ্ডৰ পৰা কোনোধৰণৰ পদপথ নথকাত লতা বগাইহে অশেষ কষ্ট কৰি মধ্যম আৰু তল কুণ্ডলৈ যাব লাগে।কথিত আছে যে, মাঘ মাহৰ শুক্লা সপ্তমী তিথিত এই জলপ্ৰপাতত স্নান কৰিলে পুণ্য হয়। সেইবাবেই প্ৰতি বছৰে মাঘ মাহত সৰস্বতী পূজাৰ পিছদিনা উক্ত জলপ্ৰপাতত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাবেশ ঘটে। ঘৰৰ পৰা আহিব নোৱাৰা লোকৰ বাবে বটল বা তেনেধৰণৰ পাত্ৰত জলপ্ৰপাতৰ পানী নি দিয়াটোও পুণ্য অৰ্জনৰ কাম বুলি জনবিশ্বাস চলি আহিছে। কিম্বদন্তী অনুসৰি, মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাৰ কণ্যা চম্পাৱতীয়ে প্ৰতি বছৰে মাঘ মাহৰ শুক্লা সপ্তমী তিথিত শিৱ আৰাধনা হেতু উক্ত জলপ্ৰপাতত স্নান কৰি শিৱৰ বৰ লাভ কৰি পুণ্য অৰ্জন কৰিছিল। সেইবাবেই এই জলপ্ৰপাতৰ নাম চম্পাৱতী হয় বুলি জনা যায় । মেঘালয়ৰ বিডন বিচপ জলপ্ৰপাততকৈও বৃহৎ এই চম্পাৱতী জলপ্ৰপাতলৈ পৰ্যটকৰ আকৰ্ষণৰ হেতু পলমকৈ হ’লেও বৰ্তমানৰ চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সি ফলৱতী হৈ উঠা নাই। উদাহৰণস্বৰূপে, জলপ্ৰপাতটিলৈ জনসাধাৰণৰ অহা-যোৱাৰ সুবিধা হোৱাকৈ গড়মূৰ চলচলি-চাপানালা পথটি পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও কিছু অংশৰ কাম এতিয়াও নোহোৱাত পথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যথেষ্ট আহুকালৰ সৃষ্টি হৈ আহিছে। আনহাতে, জলপ্ৰপাতটিলৈ সমতলৰ পৰা ওপৰলৈ উঠি যোৱা পাহাৰীয়া লুংলুঙীয়া পথটিত জনসাধাৰণৰ সুবিধাৰ্থে খটখটি নিৰ্মাণ অথবা পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইয়াৰ উপৰি জলপ্ৰপাতটিৰ প্ৰথম কুণ্ডৰ পৰা মধ্যম আৰু তল কুণ্ডলৈ যাবলৈ লতা বগাই যাব লগা শংকাকুল পৰিবেশ দূৰ কৰি খটখটি নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা নাই। যি কি নহওক বৰ্তমানৰ চৰকাৰখনে অসমৰ এনে এক অমূল্য সম্পদৰ সুৰক্ষাৰ ব্যৱস্থা কৰি সমতলৰ পৰা জলপ্ৰপাতটিলৈ উঠি যোৱা পাহাৰীয়া পথটিত পকী খটখটিৰ ব্যৱস্থা কৰাৰ লগতে জলপ্ৰপাতটিৰ প্ৰথম কুণ্ডৰ পৰা মধ্যম তথা তল কুণ্ডলৈ সুকলমে যাব পৰাকৈ পকী খটখটি অথবা আধুনিক কাৰু-কাৰ্য্যৰ ব্যৱস্থা কৰি, পৰ্যটক নিবাস, যাত্ৰীৰ জিৰণি ঘৰ আদিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগতে বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনসাধাৰণে আশাৰে অপেক্ষা কৰিছে। সেয়া যিয়েই নহওঁক, পূৰ্বৰ দৰে এইবাৰো যে মহাকুণ্ডমেলালৈ অসম তথা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ আগমন হ’ব সেয়া ধ্ৰুৰূপ।

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম কেওট জাতীয় পৰিষদৰ, সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ…

অসমত বসবাস কৰা খিলঞ্জীয়া কেওট জনগোষ্ঠীৰ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিষদৰ পৰা যোৱা এক প্ৰতিনিধি দলে মঙ্গলবাৰে অসমৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে। সংগঠনটোৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু প্ৰধান সম্পাদক দিলীপ ডেকাই আজি কাকতলৈ দিয়া এক বিবৃতিত কয় যে – বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমত বসবাস কৰা কেওট সকল খিলঞ্জীয়া প্ৰাচীন জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম এক বৃহৎ সম্প্ৰদায়। অসমৰ জাতীয় জীবনলৈ বিভিন্ন দিশত বিশেষ বৰঙণী আগবঢ়াই অহা সত্বেও কেওট সকল আজি বঞ্চিত শোষিত আৰু অবহেলিত হৈ আহিছে। কেওট বা কৈৱৰ্তৰ আদিম পৰিচয় হল নদীয়াল।তেওঁলোকে নদী জান জুৰি জলাশয় আদিৰ পাৰত বাস কৰিছিল। কেওট সকলৰ কৰ্ম আছিল পানীত জাল ,পলো,জাকৈ আদিৰে মাছ ধৰা হাবিত খৰি কটা ,বনত চিকাৰ কৰা , নৈত মানুহ ইপাৰ সিপাৰ কৰোৱা আদি।কালক্ৰমত তেওঁলোকে নদীৰ কুল এৰি মুকলি ঠাইলৈ প্ৰব্ৰজন কৰি বসতি স্হাপন কৰি এচামে নতুন বৃত্তি হালবোৱাত ধৰিলে আৰু হালোৱা কেওট বুলি আত্ম পৰিচয় দাঙি ধৰিলে।

বিভিন্ন কৰ্মৰ পৰাই শ্ৰেণী বিভাজন হৈ হালোৱা কেওট,জালোৱা কেওট,পটীয়া কেওট,ধোবা কেওট ,সোণাৰি কেওট,কমাৰ কেওট,কুমাৰ কেওট,দুলীয়া কেওট ,মালী কেওট,মুদৈ কেওট,হীৰা কেওট,তাতী কেওট ,কৈৱৰ্ত কেওট বুলি পৰিচিত হল ।বিবৃতিটোত কোৱা হয় যে উল্লেখিত বৃত্তিয়াল কেওট সকলৰ কেবাটাও সম্প্ৰদায়ক অনুসুচীত জাতিৰ মৰ্যদা দি বাকী হালোৱা কেওটৰ লগতে অইন দুই এটা সম্প্ৰদায়ক অনুসুচীত জাতিৰ মৰ্যদাৰ পৰা বঞ্চিত কৰিলে। এয়া বঞ্চিত সকলো কেওটৰ বাবে নিৰ্মম কুঠাৰাঘাট । যাৰ বাবে সম্প্ৰদায়টোৰ উত্তৰণৰ ক্ষেত্ৰত হেঙাৰ হৈ থাকিল। ভাৰতবৰ্ষৰ পশ্চিমবংগ,ত্ৰিপুৰা আদি ৰাজ্যৰ কেওট সকলক বহু বছৰ পুৰ্বেই এচ চি ষ্টেটাচ দিয়া হল ,কেবল বঞ্চিত হল অসমৰ কেওট সকল।পৰিষদৰ পৰা স্মাৰক পত্ৰত দাবী কৰা হয় যে অতি শীঘ্ৰে অসমৰ সকলো কেওটক অনুসুচীত জাতিৰ মৰ্যদা দিয়ক । বিবৃতিটোত কোৱা হয় যে অবশ্যে মুখ্যমন্ত্ৰীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি ব্যৱস্হা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ লগতে স্মাৰক পত্ৰত আন কেবাটাও দাবী সন্নিবিষ্ট কৰা হয় ।আনফালে অসম চৰকাৰে কেওট জীয়ৰী কনকলতা বৰুৱাৰ নামত গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্হাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম কেওট জাতীয় পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনাত সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি দিলীপ কুমাৰ বৰা ,প্ৰধান সম্পাদক দিলীপ ডেকা , মুকুট ৰঞ্জন দাস , আৰু দিলীপ কুমাৰ হালৈ উপস্হিত আছিল।

নিজৰ ঠাইখনৰ বাবে কিবা এটা কৰাৰ হেঁপাহ এজন ব্যতিক্ৰমী চিকিৎসকৰ…

বহু শিক্ষিত যুৱক যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি বিভিন্ন চৰকাৰী উচ্চ পদস্থ বিষয়া হৈ জীৱন নিৰ্বাহ কৰাৰ পাছত পাহৰি যায় নিজৰ আপোন মানুহখিনিৰ লগতে আপোন অঞ্চলটোৰ কথা । তেনে বহু উদাহৰণ আমাৰ সমাজত আজিও বিদ্যমান । কিন্তু এজন ব্যতিক্ৰমী চিকিৎসক । নাম তেওঁৰ ডা: বিমানজ্যোতি বৰা । নিজৰ গাঁওখনৰ , নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহ বিমান জ্যোতিৰ । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা ই, এন, টি বিভাগৰ পৰা বিশেষজ্ঞ চিকিৎসক হিচাপে ডিগ্ৰী লাভ কৰা বিমান জ্যোতিৰ আছে নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেপাহ । তাৰেই লক্ষ্য হিচাপে ডা: বিমান জ্যোতি বৰায়ে নিজৰ জন্মস্থান ধিঙতো আৰম্ভ কৰিছে হেলথ মাল্টি ষ্পেচেয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠান ।

য’ত অঞ্চলটোৰ বহু দৰিদ্ৰ ৰোগীয়ে লাভ কৰিব কেইবাটাও ৰোগৰ বিনামূলীয়া পৰীক্ষা । তাৰোপৰি বিমান জ্যোতিৰ লগতে কেইবাজনো বিশেষজ্ঞ চিকিৎসকে প্ৰদান কৰিব ৰাইজক চিকিৎসাসেৱা । সেই অনুসৰি আজিৰে পৰা ধিং চহৰৰ মাজ মজিয়াত শুভাৰম্ভ কৰা হয় হেলথ মাল্টি ষ্পেচিয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠানৰ । যাৰ দ্বাৰা উপকৃত হব বৃহত্তৰ ধিং অঞ্চলৰ ৰাইজ । ডা: বিমান জ্যোতি বৰাৰ এনে সৎ প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰিছে ধিং বাসী ৰাইজে । উল্লেখ্য যে, যি সমুহ পৰীক্ষা আৰু চিকিৎসাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ২৬ কিলোমিটাৰ অতিক্ৰমী যাব লগীয়া হৈছিল নগাঁও চহৰলৈ।

শিশুৰ বাবে শিশুৰ কৰ্কট ৰোগ অতি ভয়ানক, কেনেকৈ ধৰা পেলাব এই ৰোগৰ…

এজন অভিভাৱক হিচাপে সকলোৱে নিজৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল’ব বিচাৰে, এনে পৰিস্থিতিত শিশুৰ কৰ্কট ৰোগ অতি বিপদজনক। যদি আমি বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য চাওঁ তেন্তে আমি দেখিম যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বহু শিশু এই ৰোগত আক্ৰান্তৰ তথ্য পোৱা যায়। যদিও এই শিশুৰ ৮০ শতাংশ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা যায়, তথাপিও আগতীয়াকৈ ৰোগ নিৰ্ণয় নকৰা, বহু পলমকৈ ধৰা পৰাৰ বাবে এনে ৰোগত সমস্যাৰ সৃষ্টি হয়।

ইয়াৰ উপৰিও চিকিৎসাৰ মাজভাগত এৰি দিলে আৰু বিষক্ৰিয়া আৰু পুনৰ ৰোগ হোৱাৰ বাবে মৃত্যুও হ’ব পাৰে। শিশু আৰু কিশোৰ-কিশোৰীৰ আটাইতকৈ সাধাৰণ কৰ্কট ৰোগ হ’ল লিউকেমিয়া (২৪.৭%), টিউমাৰ আৰু স্নায়ুতন্ত্ৰ (১৭.২%), নন-হকিং লিম্ফোমা (৭.৫%), হকিং লিম্ফোমা (৬.৫%), কোমল কলাৰ চাৰকোমা (৫.৯%)। শিশুৰ কৰ্কট ৰোগ ধৰা পেলাবলৈ বহু ধৰণৰ নমুনাৰ প্ৰয়োজন হয় যাৰ ভিতৰত তেজ, ছিৰাম, শৰীৰৰ তৰল পদাৰ্থ আৰু কলা আদি অন্তৰ্ভুক্ত। এই ধৰণৰ অনুসন্ধানৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ প্ৰকৃত প্ৰকাৰটো জানিব পৰা আৰু ৰোগটো কিমান গভীৰ সেই বিষয়ে তথ্য লাভ কৰিলে চিকিৎসা কৰাটো সহজ হৈ পৰে।


আঞ্চলিক বন বিষয়া শশী মহন সিংহক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰীৰ পৰা দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আছাম ৰাইজিং’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’ আৰু ‘মোবাইলে মোবাইলে ডি বি নিউজ’ কাৰ্যসূচী আৰম্ভ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰা আঞ্চলিক বন বিষয়া শশী মহন সিংহক এই যাত্ৰাৰ অংশীদাৰ কৰি বনাঞ্চল ৰক্ষাৰ্থে তথা জীৱ কুলৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে তথা কৰ্মদক্ষতাৰ বাবে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনোৱা হয়।


পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰাত উৎপন্ন হোৱা বহুমূলীয়া বনচোম নামৰ গছজোপা এতিয়া সমগ্ৰ পৃথিৱীতে জনাজাত। পৰৱৰ্তী সময়ত এই গছজোপা গোৱালপাৰাতো বিলুপ্ত হৈ গৈছিল।

আঞ্চলিক বন বিষয়া শশী মহন সিংহৰ প্ৰচেষ্টাত পুনৰ ১ লাখ পুলি গোৱালপাৰাত ৰোপণ কৰা হৈছে। বিষয়া গৰাকীৰ এই প্ৰচেষ্টাক শলাগ জনাই ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰা হয়।

-নেকিবুৰ জামান, গোৱালপাৰা।

প্ৰেম দিৱসৰ দিনা কৰীনাই স্বামীক জনালে শুভেচ্ছা, কি উত্তৰ দিলে ছেইফে?

বলীউডৰ জনপ্ৰিয় দম্পতীৰ ভিতৰত অন্য়তম ছৈফ আলী খান আৰু কৰীনা কাপুৰ খান। দম্পতীহালৰ সম্পৰ্ক সমীকৰণটো আন বহুতকৈ পৃথক হোৱাৰ একাধিক প্ৰমাণ পোৱা গৈছে। ছৈফে নিজে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰে। কিন্তু তেওঁৰ দৈনন্দিন জীৱনৰ ছবি কৰীনাৰ ছ’চিয়েল মিডিয়া পেজত পোৱা যায়।

বুধবাৰে এই বিখ্যাত দম্পতীয়ে কেনেদৰে প্ৰেম দিৱস উদযাপন কৰিছে সেই বিষয়ে অনুৰাগীসকলে কৌতুহলী হৈ পৰিছিল। কিন্তু কৰীনাই নিজেই ইংগিত দিলে যে তেওঁলোকে এই বিশেষ দিনটো বেলেগ ধৰণেৰে পাৰ কৰিছে। বুধবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীজত অনুৰাগীৰ সৈতে এক চমু কথা-বতৰা শ্বেয়াৰ কৰে কৰীনাই।

স্বামীক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাই কয় যে “ভেলেন্টাইন ডে’ৰ শুভেচ্ছা ছাইফু”। ইয়াৰ পিছতেই উত্তৰত ছেইফে বাৰু কি ক’লে? পত্নীৰ শুভেচ্ছাৰ উত্তৰত ছেইফে মাত্ৰ ‘ঠিক আছে’ বুলি ক’লে; আৰু এটাও অতিৰিক্ত শব্দ খৰচ কৰা নাছিল। এই ধেমেলীয়া ঘটনাটোৰ বিষয়ে কৰীনাই হাঁহিমুখীয়া ইমোজিৰে নিজৰ অনুৰাগীসকলক জনায়।

ইণ্ডাষ্ট্ৰীৰ ভিৰৰ মাজত অলপ মনে মনে থাকি ভাল পায় ছাইফে। তেওঁ বৰ ৰোমান্টিক নহয়, বহুবাৰ স্বীকাৰ কৰিছে। কিন্তু প্ৰেম দিৱসত দুয়োৰে সম্পৰ্কৰ সমীকৰণ মুকলিকৈ অনুৰাগীৰ সন্মুখত ৰখাৰ বাবে গৰিষ্ঠসংখ্যক অনুৰাগীয়ে প্ৰশংসা কৰে কৰীনাক।

মাজবাটত পুনৰ ১০৭ কেজি ভাং জব্দ ! এজনক আটক…

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে। জানিব পৰামতে মাজবাট আৰক্ষীয়ে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে,

এছ আই কুশল চন্দ্র নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা লগত যোৱা এটা আৰক্ষীৰ দলে মাজবাট থানা এলেকাৰ লামাবাৰী হাটখোলা বজাৰৰ কাষৰ তামোল বাৰিত লুকুৱাই থোৱা অৱস্থাত ১০৭ কেজি ভাং জব্দ কৰে।‌

লগতে লামাবাৰী হাটখোলাৰ অমিত দৈমাৰী (৩২) নামৰ এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে। আজি মাজবাট আৰক্ষীয় ৭/২৪ নম্বৰ এটা কেছ ৰুজু কৰি ওদালগুৰিৰ আদালতত হাজিৰ কৰোৱাত আদালতে লোকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। জব্দ কৰা ভাং খিনিৰ বজাৰ মুল্য প্ৰায় ১১ লাখ টকা হব বুলি মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে।

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত…

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত।

তামুলপুৰ জিলাৰ অন্তৰ্গত গান্ধীবাৰীত আজি সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে অঘটন। জানিব পৰা মতে গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালৰ বনাঞ্চলত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ১০ বিঘা চিত্ৰনলা খেতিৰ বাগান ভষ্মীভুত হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি।

গাঁৱৰ ৰাইজে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈ জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷