Home Blog Page 1063

“ঐতিহ্যমণ্ডিত কলিয়াবৰত হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে”–মন্ত্ৰী কেশৱ মহন্ত

“ঐতিহ্যমণ্ডিত কলিয়াবৰত অতীজৰে পৰা পৰম্পৰা হিচাপে পালন কৰি অহা হাজাৰী ভাওনা মহোৎসৱে ঐতিহ্যৰ চানেকী বহন কৰি আহিছে” -ঐতিহ্যমণ্ডিত হাটবৰ হাজাৰৰ উদ্যোগত আৰু কলিয়াবৰৰ হাজাৰ সমূহৰ সহযোগত আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত হাটবৰত অনুষ্ঠিত হ’ব লগীয়া হাজাৰী ভাওনা উৎসৱৰ শুকুৰবাৰে এক মাঙ্গলিক পৰিৱেশত ‘হাজাৰী ভাওনা-২০২৪’ৰ লাইখুটা স্থাপন কৰি এই মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগনত তাল-খোল, ডবা-কা‍ঁহ-শংখৰ মঙ্গলধ্বনি আৰু আয়তীসকলৰ উৰুলিৰ মাজতে লাইখুটা স্থাপন কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাইজক উদ্দেশ্যি লগতে কয় যে, হাজাৰী ভাওনা সংস্কৃতিয়ে সমাজখন অধিক সুন্দৰ আৰু শক্তিশালী কৰিব। কলিয়াবৰত হাজাৰী ভাওনাৰ ঐতিহ্য আৰু পৰম্পৰা আছে। এই ঐতিহ্য ৰক্ষা কৰি লুপ্ত হ’বলৈ ধৰা হাজাৰী ভাওনাক আমিয়েই জীয়াই ৰাখিব লাগিব। প্ৰতি দুবছৰৰ মূৰত হাজাৰী ভাওনা অনুষ্ঠিত কৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনালে মন্ত্ৰী গৰাকীয়ে।

বিপুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোতৰ আৰম্ভণিতে উদ্যাপন সমিতিৰ সভাপতি কেশৱ মহন্তক গায়ন-বায়ন সহিতে ভাওনা থলীলৈ আদৰি অনা হয়। লাইখুঁটা স্থাপনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী কেশৱ মহন্তই। হাজাৰী ভাওনা উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয় নৰেন বৰা, প্ৰদীপ গায়ন, সম্পাদক বিপুল বৰাৰ উপৰি আন পাঁচখন হাজাৰৰ সভাপতি-সম্পাদক ক্ৰমে চতিয়াল হাজাৰৰ হৰকান্ত বৰা, ৰমণী শইকীয়া, বৰভগীয়া হাজাৰৰ বিপুল কাকতি, কৰুণা বৰা, পশ্চিম কলিয়াবৰ হাজাৰৰ ৰূপেশ্বৰ নাথ, সোনাৰীগাঁও হাজাৰ সমিতিৰ যোগেন হাজৰিকা, দিলীপ হাজৰিকা আৰু উত্তৰ কলিয়াবৰ হাজৰৰ বকুল বৰা আৰু প্ৰৱীণ ভূঞাৰ উদ্‌যাপন সমিতিৰ ১২ খন উপ সমিতিৰ বিষয়ববীয়াই লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তদুপৰি ৰোগীয়া দেহাৰে থৰকবৰক খোজেৰে ভাওনা থলীত ৯৪ বছৰত উপস্থিত হয় বড়িগাৱঁৰ হৰেন শৰ্মা প্ৰমুখ্যে কেইবাজনো বয়োজ্যেষ্ঠ লোক। দিলীপ হাজৰিকাৰ তত্বাৱধানত লাইখুটাৰ বাবে চোঁৱা গছ কটাই আনি বগা ৰং বোলোৱা লাইখুটাত জিতুমণি বৰাই ‘হাজাৰী ভাওনা – ২০২৪ অংকন’ কৰি আকৰ্ষণীয় কৰি তোলে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কলিয়াবৰৰ ভিন্ন স্তৰৰ ব্যক্তি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে যোগদান কৰে। উল্লেখযোগ্য যে, শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি আগন্তুক ২৩, ২৪ আৰু ২৫ মাৰ্চত তিনি দিনীয়াকৈ আয়োজন কৰা হাজাৰী ভাওনাত প্ৰথম দুটা দিনত চাৰিখন খলাত ৮ খন ভাওনা পৰিৱেশিত হ’ব। এই উপলক্ষে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে।


উল্লেখযোগ্য যে, তুংখুঙীয়া বুৰঞ্জী অনুসৰি স্বৰ্গদেউ লক্ষ্মী সিংহৰ শাসনকালত কলিয়াবৰত আঠটা হেজাৰ সংগঠন গঠন কৰা হৈছিল। কলিয়াবৰ শাকমুঠি হাজাৰ (এতিয়া হাটবৰ হাজাৰ)ত উনৈশ শতিকাৰ পঞ্চম দশকত পোনপ্ৰথমবাৰৰ বাবে হাজাৰী ভাওনাৰ প্ৰথমে হাটবৰত চাৰিখনীয়া ৰভাৰে হেজাৰী ভাওনা অনুষ্ঠিত হৈছিল বুলি জনা যায়।

তাৰ পাছৰে পৰা কলিয়াবৰত বিভিন্ন সময়ত হাজাৰী ভাওনা অনুষ্ঠিত কৰা হৈছিল। শেষৰ বাৰৰ বাবে ২০০০ চনত হাটবৰত অনুষ্ঠিত হাজাৰী ভাওনাৰ ২৩ বছৰৰ বিৰতিৰ পাছত পুনৰ হাটবৰত হাজাৰী ভাওনা অনুষ্ঠিত হ’ব।

ঘা নিৰাময়ৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা এবিধ বিশেষ জেল…

কেইজনমান ভাৰতীয় বিজ্ঞানীয়ে দুবিধ পলিমাৰৰ সংমিশ্ৰণ ঘটাই শৰীৰত পোৱা আঘাতৰ ফলত হোৱা ঘা সোনকালে শুকুৱাই পেলাব পৰা এবিধ হাইড্ৰ’জেল উদ্ভাৱন কৰিছে। এইবিধ নতুন হাইড্ৰ’জেল ব্যৱহাৰৰ প্ৰধান সুবিধাটো হ’ল- দুবিধ পলিমাৰৰ মিশ্ৰণ শৰীৰৰ ঘাত প্ৰয়োগ কৰিলে শৰীৰৰ ৩৭° চেলচিয়াছ উত্তাপত দ্ৰুতগতিত ঘাডোখৰ পূৰ কৰে আৰু অধিক তাপ উৎপাদনো হ’বলৈ নিদিয়ে। জেল প্ৰয়োগৰ সময়ত ঘাডোখৰত অধিক উত্তাপ সৃষ্টি হ’লে কিছুমান কোষৰ মৃত্যু হ’ব পাৰে আৰু তাৰ ফলত ঘাডোখৰ ভাল হোৱাত পলম হ’ব পাৰে।

গুজৰাটৰ ভৱনগৰৰ চেন্ট্ৰেল চল্ট মেৰাইন কেমিকেলচ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এজন গৱেষক বিজ্ঞানী সুৰেশ কুমান জিওৰাজকাই প্ৰকাশ কৰিছে যে- এই নতুন হাইড্ৰ’জেলবিধে কোনো ধৰণৰ উপদ্ৰব্যৰ সৃষ্টি নকৰে। সেয়ে এইবিধ ঔষধ জৈৱ সহযোগী। লগতে ই এবিধ জৈৱ ভংগুৰ দ্ৰব্য, সেয়ে এই দ্ৰব্যই ঘা শুকুওৱা আৰু কোষকলা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

এইবিধ পলিথাইলিন গ্লাইকলৰ ৰূপান্তৰিত সংষ্কৰণ আৰু এবিধ প্ৰতিক্ৰিয়া কৰিব পৰা ব্লক পলিমাৰৰ সংমিশ্ৰণ ঘটাই বিজ্ঞানীসকলে এইবিধ জেল প্ৰস্তুত কৰিছে। এই দুবিধ উপাদানৰ প্ৰতিক্ৰিয়াৰ ফলত চাৰি মিনিটতকৈ কম সময়ত এবিধ হাইড্ৰ’জেলৰ সৃষ্টি হয়।

মানুহৰ শৰীৰৰ উত্তাপত এই দুবিধ উপাদানৰ মিশ্ৰণ আংশিক গোটা জেললৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ পানী শুহি লোৱাৰ বিশেষ ক্ষমতা থাকে। শৰীৰৰ ঘাৰে ওপৰত প্ৰয়োগ কৰাৰ আগতে বা বেজিৰে প্ৰৱেশ কৰোৱাৰ আগতে এইবিধ দ্ৰব্য তৰল অৱস্থাত ৰাখিব পাৰি। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এইবিধ দ্ৰব্য জেল ৰূপত ঘাৰ ওপৰত লাগি ধৰে আৰু ঘাডোখৰৰ পৰা ৰক্তক্ষৰণ বন্ধ কৰে। ইয়াৰ ফলত ঘাডোখৰ চাপ খাই আহে। এইবিধ দ্ৰব্যৰ মাজত এন্টিবায়েটিক ঔষধো মিহলাই দিব পাৰি আৰু আঘাতপ্ৰাপ্ত অংশত প্ৰয়োজন অনুসৰি এইবিধ ঔষধ মুকলি কৰি দিয়ে। অৱশ্যে এইবিধ ঔষধ এতিয়াও ‘ক্লিনিকেল’ প্ৰয়োগৰ বাবে সাজু হৈ উঠা নাই। এই দ্ৰব্যবিধৰ ফলাফলৰ কথা ‘মেটাৰিয়েল কেমিষ্ট্ৰি’ নামৰ জাৰ্ণেলত প্ৰকাশ পাইছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

গোগামুখ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপঃ হাই জাম্প খেলুৱৈ অনামিকা পেগুলৈ আৰ্থিক সহযোগিতা

ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ মহাবিদ্যালয়খন নতুন ৰূপত উদ্ভাহিত হ’বলৈ আৰম্ভ হৈছে৷ মহাবিদ্যালয়খনত বিগত বৰ্ষত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে অধ্যক্ষ ড°  দিলীপ কুমাৰ ঝাই মহাবিদ্যালয়খনত বহু উন্নয়নমুখী আঁচনি হাতত লোৱাৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলৰ সম্পৰ্ক সুদৃঢ় কৰিছে আৰু বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰিছে৷

ইয়াৰে অন্যতম হৈছে মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ তথা হাই জাম্পাৰ অনামিকা পেগুক আৰ্থিক সহযোগিতা আগবঢ়োৱাটো৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাৰ প্ৰত্যক্ষ তত্বাবধানত প্ৰতিভাৱান হাই জাম্পাৰ অনামিকা পেগুক মহাবিদ্যালয়খনৰ পৰিয়ালে সম্পূৰ্ণৰূপে পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে খেলুৱৈ গৰাকীয়ে যাতে আৰ্থিক দিনতাত পৰি খেলত পিছপৰি নাযায় তাৰ বাবে প্ৰতিমাহে আৰ্থিক সাহায্য আগবঢ়াব৷

অনামিকাক প্ৰতি মাহে এই টকা যোগান ধৰিব অধ্যক্ষ দিলীপ কুমাৰ ঝাৰ দৰমহাৰ টকাৰে৷ শুকুৰবাৰে হাই জাম্পাৰ অনামিকাক প্ৰথমটো আৰ্থিক সাহায্য আগবঢ়াই অধ্যক্ষ দিলীপ কুমাৰ ঝা আৰু মহাবিদ্যালয়খনৰ তৃতীয় বৰ্গৰ সহায়ক নৱ কুমাৰ পেগুৱে৷ উল্লেখনীয় যে, অনামিকাই ইতিমধ্যে হাই জাম্পত অসম দলক প্ৰতিনিধিত্ব কৰি ইষ্ট জ’ন এথ্‌লেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷

গুৱাহাটী সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় এথ্‌লেটিক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰায়েলৰ হাই জাম্পত প্ৰথম স্থান অধিকাৰ কৰি চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় জুনিয়ৰ এথ্‌লেটিক সমাৰোহত অসম দলক প্ৰতিনিধিত্ব কৰিব অনামিকাই৷ তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ অধীনত ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় এথ্‌লেটিক সমাৰোহত অনামিকাই হাই জাম্পত প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ত্ৰিপ’ল জাম্পত দ্বিতীয় স্থান অধিকাৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সদৌ অসম এথ্‌লেটিক সমাৰোহত অনামিকাই দ্বিতীয় স্থান লাভ কৰিছে৷ উল্লেখনীয় যে, অনামিকাৰ ঘৰ ধেমাজি জিলাৰ মিংমাঙৰ কঠালগুৰিত যদিও আইতাকৰ ঘৰত অনামিকা থাকে৷ অনামিকাৰ সকলো আপডাল অনামিকাক আপডাল কৰে আইতাক আৰু আইতাকৰ পৰিয়ালে৷

গোগামুখ মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ এনে মহানুভৱতাই অনামিকাক অধ্যয়নৰ সমান্তৰালভাৱে খেলাৰ বাবেও অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ঝাই মহাবিদ্যালয়খনৰ প্ৰতিভাৱান খেলুৱৈ শংকৰ বসুমতাৰী, পাহি দলে, পাৰিজাত দলে, ছোনীয়া বসুমতাৰী, বেবী দেউৰী,  বৰ্ষামণি পায়েং, জোনাকী দলে আদিকো পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰ-পত্ৰ পুৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই আটাইইগৰাকী খেলুৱৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আন্তঃমহাবিদ্যালয় এথ্‌লেটিক মীটত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ভাৰত ভ্ৰমণ…

২৬ ৰাজ্য ভ্ৰমণ কৰি অসমত উপস্থিত চত্তীশগড়ৰ চাইক্লিষ্ট অমৰ পাটলে । ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস ছত্তীশগড়ৰ যুৱক অমৰ পাটলে (২৬) ৰ । সমগ্র ভাৰতত বৃদ্ধি পোৱা মাৰাত্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চাইকেল চলাই ভাৰত ভ্ৰমণ কৰা এগৰাকী যুৱক ৰঙিয়াত উপস্থিত হৈছে ।

ড্রাগছ আৰু বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে ২০২৩ বৰ্ষৰ ৯ মে’ৰ পৰা ছত্তীশগড়ৰ ৰাইগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যুৱকজনে । ইতিমধ্যে ১৫,০০০ কিলোমিটাৰ চাইকেলেৰে যাত্রা কৰিছে অমৰ পাটলেই । যুৱকজনে বিদ্যালয়, মহাবিদ্যালয়, পথচাৰীসকলক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে শপত বাক্য পাঠ কৰোৱায় ।

চাইকেল যাত্ৰাৰে ৰাজ্যত এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে অমৰ পাটলেই । মাদক দ্ৰৱ্য সেৱন বৰ্জন কৰা, নিচামুক্ত কৰাৰ বাৰ্তা কঢ়িয়াইছে যুৱকজনে । নিচাযুক্ত দ্ৰব্যৰে দেশত সংঘটিত বিভিন্ন ঘটনা-দুৰ্ঘটনাসমূহৰ ৰোধ কৰাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা চলাইছে । লগতে বিদ্যালয়ৰ পাঠ্যক্ৰমত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞান দিব পৰাকৈ পাঠদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

শিলবৰীত স্বৰ্গীয় ছোলেমান আলী প্ৰাইজমানি ক্ৰিকেট টুৰ্ণমেন্টৰ শুভ উদ্বোধন

দৰং জিলাৰ শিলবৰীত ছিৰাজুল হক হাইস্কুল খেল পথাৰত শুক্ৰবাৰে আবেলি দুই বজাত শুভ উদ্বোধন হ’ল স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্টৰ। শিলবৰী গাঁও পঞ্চায়তৰ সচিব আশ্বাদুদ জামান আশ্বাদে নিজৰ পিতৃ সোঁৱৰণীত আগবঢ়ায় এই পুৰস্কাৰ। আৰম্ভনীতে আশ্বাদুদ জামান আশ্বাদ আৰু শিক্ষক মুছাব্বিৰুল হকে ৰঙা ফিটা কাটি খেল পথাৰৰ মাজত প্ৰৱেশ কৰে। খেল পথাৰত প্ৰথমে উপস্থিত থকা স্থানীয় বিশিষ্ট ব্যক্তিসকলক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

কণ কণ ল’ৰা ছোৱালীৰ বিহুনৃত্য আৰু শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত এটা নৃত্যই উপস্থিত থকা সকলোকে এক মনোৰঞ্জন দিয়ে। সকলোৱে থিয় হৈ পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সঙ্গীত।

স্থানীয় বিশিষ্ট প্ৰাক্তন খেলুৱৈ দ্বাৰা আৰম্ভ হ’ল প্ৰথম দিনাৰ উদ্বোধনী খেল। উদ্বোধনী খেলত অংশগ্ৰহণ কৰে শিলবৰী ৰাইনো ক্ৰিকেট দল আৰু বেছিমাৰী ক্ৰিকেট দল। স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্ট অনুষ্ঠিত কৰা শিলবৰী যুৱ সমাজৰ হৈ ৰাহুল ইছলামে কয় যে এতিয়ালৈ দৰং,ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰায় চৈধ্য খন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে।

খেলখনত বিজয়ী দলে পাৱ ৩০,০০০ টকা আৰু ট্ৰফি আৰু দ্বিতীয় বিজয়ী দলে পাৱ ১৬,০০০ টকা আৰু ট্ৰফি। লগতে আছে বিভিন্ন পুৰস্কাৰ। খেলখনত অংশগ্ৰহণ বাবে ক্ৰিকেট দলে পৰিচালনা সমিতিক যোগদান মাচুল হিচাপে দিব লাগিব ২৯৯৯ টকা। ১৬-০২-২৪ তাৰিখে শুভ উদ্বোধন হোৱা খেলখন প্ৰায় একমাহ চলিব বুলি জনায়।

বৃহত্তৰ শিলবৰী অঞ্চলৰ ৰাইজ ক্ৰীড়া প্ৰেমী সেই বাবে ৰাইজে অনুষ্ঠিত যি কোনো খেলতে সহায় সহযোগিতা আগবঢ়ায় আৰু প্ৰতিদিনেই খেল পথাৰৰ চাৰিও পিনে সহস্ৰাধিক দৰ্শক ভৰি পৰে। শুক্ৰবাৰে অনুষ্ঠিত উদ্বোধনী খেল খনত উপস্থিত থাকে শিক্ষক তথা যুৱ লেখক মুছাব্বিৰুল হক, আনন্দ ৰাম বৰুৱা একাডেমীৰ প্ৰধান শিক্ষক মাজাহাৰুল ইছলাম, ৰামানুজন একাডেমীৰ প্ৰধান শিক্ষক ছাক্লিন মোস্তাক,শিলবৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সদস্য মাইনুল হক, ৰাজীৱ আহমেদ, হুমায়ুন ৰছিদ, শিক্ষক আবুল বাদশাৰ, স্থানীয় যুৱ সমাজ কৰ্মী জিয়াউদ্দিন ইউছোফ, বিশিষ্ট ক্ৰীড়া প্ৰেমী আব্দুল ছাত্তাৰ, আব্দুৰ ৰছিদ,আজাহাৰুল ইছলাম,স্বপন কুমাৰ দাস,বিজয় চন্দ্ৰ ঘোষ, প্ৰবীন কুমাৰ ঠাকুৰ,জাবেৰ আহমেদ আদি কৰি বহু মান্য গন্য ব্যক্তি, লগতে উপস্থিত থাকে শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী, দুই সহস্ৰাধিক ৰাইজ।

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক আগবঢ়াই নিয়াৰ সময় সমাগত

গ্ৰামাঞ্চলত খেলুৱৈৰ সৃষ্টিৰ বাবে ফুটবল, ভলীবলৰ লগতে ক্ৰিকেট, বেডমিন্টন, কাবাডী, খো খো, এথলেটিকছ ইত্যাদিৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। ফুটবল ভলীবল গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় খেল। খেলুৱৈ নহলেও এদিনৰ বাবে ফুটবলটো লথিয়াই দিয়া বা ভলীবল নেখেলা ব্যক্তি নাই বুলি কলেও ভুল কোৱা ন’হব। উক্ত খেল কেইবিধ খেলুৱৈয়ে খেলি আছে যদিও সেয়া খেল, ধেমালিৰ বস্তু হৈয়ে আছে। আনন্দ বিনোদনৰ বাবেই যেন খেলি থকা হৈছে এনে ভাৱ হয়। অৱশ্যে দুই এজনে কষ্ট কৰি প্ৰশিক্ষণ লৈ নিজকে খেলুৱৈ হিচাপে সমাজত চিনাকী দিব পাৰিছে। ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু তেনে খেলুৱৈৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। নিজেই তৈয়াৰ কৰি লোৱা কাঠৰ বেটেৰে অখৰা মখৰা খেল পথাৰত দ্ৰুতগতিত অহা টেনিচ বলটো বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ মাৰি পঠিয়াওৱাটো গ্ৰামাঞ্চলৰ খেলুৱৈৰ বাবে সহজ কথা।

দেখি দেখিয়েই প্ৰতিটো ক্ৰিকেটৰ শ্বটেই তেওঁলোকে আয়ত্ব কৰিব পাৰিছে। এনে এখন গাঁও বিচাৰি পোৱা নাযায় য’ত ক্ৰিকেট খেলা নহয়। ক্ৰিকেট খেলা তেওঁলোকৰ নিচা। কিন্তু এওঁলোকে পদ্ধতিগত ভাবে প্ৰশিক্ষণৰ সুবিধা পোৱা নাই বা ইয়াৰ বাবে ক্ৰীড়া সংগঠকৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

এওঁলোকক যদি অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ দিয়া হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি দৃঢ়তাৰে ক’ব পাৰি। এথলেটিকছতো দৌৰা, জপিওৱা, ওজন দলিওৱা ইত্যাদি গ্ৰামাঞ্চলৰ খেলুৱৈয়ে একো নভবাকৈয়ে সদায় অনুশীলন কৰি থাকে। কিন্তু খেলুৱৈ হ’ম বুলি কোনেও অনুশীলন কৰি থকা দেখা নাযায়।

প্ৰায় ভাগ ল’ৰা ছোৱালীয়ে পুৱা বিয়লি দৌৰা, লংজাম্প আদিৰ অনুশীলন কৰে যদিও তেওঁলোকে ডিফেঞ্চত চাকৰি পোৱাৰ তাগিদাতহে অনুশীলন কৰি থাকে। এতিয়া ৰাজ্যৰ সৰ্বত্ৰতে এই দৃশ্য সুলভ হৈ পৰিছে। তেওঁলোকে আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো দূৰৈৰ কথা জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ লীগতো অংশগ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কাবাডী, খো খো কম ঠাইত, কম খৰচতে খেলিব পাৰি এই খেলত প্ৰতিভাৱান খেলুৱৈৰ অভাৱ নাই। আটায়ে এই খেল খেলি খেলবিধক উপভোগ কৰে। আনকি গ্ৰামাঞ্চলত কাবাডী, খো খোৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়।

খেল দুয়োটাই বিচৰা ধৰণেই খেলুৱৈৰ শাৰীৰিক অবয়ব চকুত লগা। কিন্তু নাই পদ্ধতিগত প্ৰশিক্ষণ। বেডমিন্টন, আৰ্চাৰী আদি বহুত খৰচী খেল বাবেই গ্ৰামাঞ্চলত খেলুৱৈয়ে খেলিবলৈ সুযোগ আৰু সুবিধা নাপায়। এই খেলৰ লগত খেলুৱৈ সকলক জড়িত কৰিব পাৰিলেও সুফল পোৱা যাব বুলি কব পাৰি। ইয়াৰ উপৰিও অলিম্পিক স্বীকৃতিপ্ৰাপ্ত বহু খেলেই গ্ৰামাঞ্চলৰ খেলুৱৈৰ মাজত পৰিচিত নহয়। যিবোৰ খেল খেলি খেলুৱৈয়ে উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’লহেঁতেন।

অৱশ্যে “খেল মহাৰণ” অনুষ্ঠিত হোৱাত বহুতো খেলুৱৈ নতুন জীৱন পোৱা যেন অনুভৱ হৈছে। অইন নহলেও গ্ৰামাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি হৈছে। যদিহে আঁচনি খন দীৰ্ঘকালীন হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি কব পাৰি। বৰ্তমান সময়ত গ্ৰামাঞ্চলটো খেলুৱৈ সকলে খেলৰ বাবে আগ্ৰহ প্ৰকাশ নকৰা হৈছে বা অভিভাৱক সকলেও নিজৰ ল’ৰা ছোৱালীক খেলিব দিবলৈ অনীহা প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল খেল খেলি জীৱন জীবিকাৰ পথ পাবলৈ সক্ষম নহ’লে কোনো খেলুৱৈয়ে খেলিবলৈ ইচ্ছা প্ৰকাশ নকৰে। ইয়াৰ উপৰিও পৰিয়ালত এটি বা দুটি সন্তান গতিকে অভিভাৱক সকলে ল’ৰা ছোৱালীক খেলিব দি ৰিস্ক লব নোখোজে।

কিন্তু এতিয়া আৰু সেই দিন নাই। সময় বাগৰাৰ লগে লগে এই ধাৰা সলনি হ’ল। খেল এতিয়া আৰু ধেমালিৰ বস্তু হৈ থকা নাই। ক্ৰীড়াৰ জড়িয়তে এতিয়া খেলুৱৈয়ে নিজৰ কেৰিয়াৰ গঢ়ি ল’ব পৰা হৈছে। গতিকে খেলুৱৈ আগবাঢ়ি আহি নিজক প্ৰতিষ্ঠা কৰাৰ সময় সমাগত। পঢ়াৰ লগতে খেলক সমান্তৰাল ভাৱে আগবঢ়াই লৈ যাব পাৰিলে ছাত্ৰ-ছাত্ৰী সকলে আহি থকা দিনত যথেষ্ট লাভৱান হব বুলি আশা কৰিব পাৰি। খেল খেলি খেলুৱৈ হ’ব নোৱাৰিলেও এটা সুস্থ শৰীৰ, সুস্থ মনৰ লগতে ঐক্য, সংহতি, সম্প্ৰতি, ভাতৃত্ববোধ ইত্যাদি সজ গুণৰ অধিকাৰী হ’ব পাৰি। এই কথাকে সৰোগত কৰি খেলুৱৈয়ে খেলিবলৈ ওলাই আহিলে সুফল পোৱা যাব বুলি সচেতন ক্ৰীড়া প্ৰেমীয়ে আশা প্ৰকাশ কৰিছে।

-দীপক কুমাৰ দাস, নলবাৰী

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান…

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি তথ্য কেন্দ্ৰ মুকলি অনুষ্ঠান…

“আজিৰ কৃষকে প্ৰতিকূল পৰিবেশক চেলেঞ্জ কৰিব পৰা হৈছে। আৰু ই সম্ভৱ হৈ উঠিছে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন, আৰু এই উদ্ভাৱন সমূহৰ কৃষি ক্ষেত্ৰত প্ৰয়োগৰ বাবে । যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈয়ো কৃষক সকল আগবাঢ়ি গৈছে।” এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ । কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত নগাঁও জিলাৰ চকলাঘাট সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনত অনুষ্ঠিত “কৃষি তথ্য কেন্দ্ৰ” মুকলি অনুষ্ঠানটিত আৰম্ভণি ভাষণ প্ৰদান কৰি তেওঁ লগতে কয় যে, “বহু উচ্চ শিক্ষিত লোক কৃষি ক্ষেত্ৰত নামি পৰিছে । কৃষিক ব্যৱসায় হিচাপে লৈছে । কাৰণ বৰ্তমান কৃষিত সম্ভাৱনা প্ৰৱল ভাৱে বৃদ্ধি পাইছে।” গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী প্ৰতিতী ভৰালী আৰু বিজয় দুৱৰাই আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰ্যবেক্ষক ড০ ৰঞ্জন কন্দলিয়ে “কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যাৰ ক্ষেত্ৰত অঞ্চলৰ ৰাইজে আজি মুকলি কৰা তথ্য কেন্দ্ৰত সুবিধা লোৱাৰ উপৰিও কৃষি পৰামৰ্শ লব পাৰিব । লগতে ছাত্ৰ ছাত্ৰী সকলেেও কৃষক সকলৰ লগত সমানে কৃষি কৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব।” বুলি বক্তব্য প্ৰদান কৰে । আন এগৰাকী অতিথি নগাঁও জিলা কৃষি বিষয়া ড০ ৰঞ্জন প্ৰসাদ ডেকাই “জ্ঞানৰ লগত বিজ্ঞান সংযোগ হৈ কৃষি ক্ষেত্ৰ বহু আগবাঢ়ি গৈছে।

কৃষক সকল আপোনালোকে সময় আৰু অৰ্থৰ সদব্যৱহাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তি বিদ্যা কাৰিকৰী কৌশলৰ ব্যৱহাৰ শিকি লব । বহু সহায় হব” বুলি মন্তব্য কৰে। সভাত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড০ কৌশিক দাস, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি সভাপতি দেৱ কুমাৰ বৰা, সম্পাদক জ্যোতি প্ৰসাদ বৰা, প্ৰগতিশীল কৃষক মনোজ চৌধুৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ পৰ্যবেক্ষক অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাৰ লগতে নগাঁও জিলাৰ চকলাঘাট, হাতীচোং, চমুৱাগাওঁ, চাউলখোৱা গাঁও, কুৰুৱাবাহী, ব্ৰাহ্মণ গাঁও আদি অঞ্চলৰ পাঁচ শতাধিক কৃষক উপস্থিতি থাকে। সভাতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি ভৱনলৈ এটি ডাষ্টবিন প্ৰদান কৰা হয়। ইফালে অনুষ্ঠানটিৰ মাজতে মাংগলিক কাৰ্যসূচীৰে দেৱ কুমাৰ বৰাই ফিটা কাটি তথ্য কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয় । অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত ‘কৃষিৰ ৰেঙণি’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰ হয়। গীত মাত কথাৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ পৰিচালিকা তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে।

ৰাজকোট টেষ্ট ৰবিচন্দ্ৰন অশ্বিনৰ বাবে কেৰিয়াৰৰ বৃহৎ মাইলৰ খুঁটি

ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোটত চলি থকা টেষ্ট মেচৰ সময়ত অশ্বিনে বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে। ভিজাগত দ্বিতীয়খন টেষ্টৰ শেষত ৪৯৯টা স্কেলপত থকা অফ স্পিনাৰগৰাকীয়ে তৃতীয় টেষ্টৰ দ্বিতীয় দিনটোত জেক ক্ৰ’লিৰ উইকেটেৰে ৫০০ সংখ্যক উইকেট সম্পূৰ্ণ কৰে।

টেষ্ট ইতিহাসত ৫০০ উইকেটৰ বাধা ভংগ কৰা অশ্বিন নৱমজন বলাৰ, আৰু অনিল কুম্বলেৰ পিছত ভাৰতৰ একমাত্ৰ বলাৰ। টেষ্ট ইতিহাসৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁৰ সন্মুখত আছে মুটিয়া মুৰালিথাৰন, শ্বেন ৱাৰ্ণ, অনিল কুম্বলে আৰু নাথান লায়ন।

২০১১ চনৰ নৱেম্বৰ মাহত টেষ্টত অভিষেক ঘটোৱা অশ্বিনে টেষ্টত বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ ষ্ট্ৰাইক বলাৰ হিচাপে কাম কৰি আহিছে, য’ত তেওঁৰ ৫০০ উইকেটৰ ভিতৰত ৩৪৭টা উইকেট আহিছে।

অশ্বিনে ৯৮খন টেষ্ট মেচত এই কৃতিত্ব অৰ্জন কৰি টেষ্ট ইতিহাসত মুট্টিয়া মুৰলীথাৰণৰ পিছতে এই মাইলৰ খুঁটিৰ দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়। আন সাতজন বলাৰৰ প্ৰত্যেকেই মাইলৰ খুঁটিত উপনীত হ’বলৈ ১০০খনতকৈও অধিক টেষ্ট মেচ খেলিছিল।

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত প্ৰতিবাদৰ সময়ত এজন আন্দোলনকাৰী কৃষকৰ মৃত্যু। খেতিয়কজন হৃদৰোগত আক্ৰান্ত বুলি জানিব কৰা গৈছে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত কৃষকজনৰ নাম জ্ঞান সিং (৬৩)। সংগীসকলে জনোৱা মতে, শুকুৰবাৰে পুৱা জ্ঞান সিঙে বুকুৰ বিষ অনুভৱ কৰে। ইয়াৰ পিছত তেওঁ অচেতন হৈ পৰিল। লগে লগে কৃষকজনক পঞ্জাৱৰ ৰাজপুৰা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক পুনৰ পাটিয়ালাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হ’ল। কিন্তু চিকিৎসকে কৃষকজনক মৃত বুলি ঘোষণা কৰে।

জ্ঞান পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা। দুদিন পূৰ্বে শম্ভুৱে কৃষক আন্দোলনত যোগদান কৰিবলৈ সীমান্তত উপস্থিত হৈছিল। ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে কৃষক আন্দোলন। পঞ্জাৱৰ পৰা ট্ৰেক্টৰ ৰেলীৰে দিল্লী অভিমুখে ৰাওনা হৈছে লাখ লাখ কৃষক। কিন্তু আৰক্ষীয়ে তেওঁলোকক শম্ভু সীমান্তত ৰখাই দিয়ে। আন্দোলনকাৰী কৃষকৰ সৈতে বিগত তিনিদিন ধৰি সংঘৰ্ষত লিপ্ত হৈছে। কৃষকসকলে বেৰিকেড ভাঙি হাৰিয়ানাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। কিন্তু কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰি কৃষকৰ ভিৰক ছত্ৰভংগ দিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে!