Home Blog Page 1062

অপাৰেছন লোটাছঃ দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিলে কেজৰিৱালে, আজি আলোচনা

দিল্লীত বিজেপিয়ে অপাৰেছন লোটাছ চলাব বিচাৰিছে। এই অভিযোগ ৰাজ্য খনৰ শাসনত থকা দল আপৰ। এনে অভিযোগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন কৰিলে তাকে লৈ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছে। আস্থা ভোটৰ প্ৰস্তাৱকলৈ কাইলৈ দিল্লী বিধানসভাত আলোচনা অনুষ্ঠিত হ’ব। উল্লেখ্য যোৱা মাহত কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো বিধায়কক বিজেপিয়ে “ক্ৰয়” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ “ৰেকৰ্ড” কৰা হৈছে। কেজৰিৱালে কৈছিল “বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে।

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশে কেজৰিৱালক ব্যক্তিগতভাৱে আদালতলৈ আহিবলৈ আৰু তেওঁ কিয় ইডিৰ চমন এৰাই চলিছে সেয়া বাখ্যা কৰিবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ‘যাদুকৰী সংখ্যা’ হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে। বিজেপিৰ মাত্ৰ আঠজন বিধায়ক আছে।

First requirement for good governance is ‘rule of law’: Chief Minister Yogi Adityanath

Chief Minister Yogi Adityanath emphasized on Friday that the rule of law is fundamental to good governance. Speaking at the inauguration ceremony of Dr. Rajendra Prasad National Law University, held at the Medical Association’s auditorium, the CM underscored the crucial role of the Bar and Bench in achieving this objective. “Bar and Bench always supported in establishing the good governance model of Uttar Pradesh.” Adityanath emphasized the significance of maintaining public trust in the judicial system, stating that a loss of faith in democracy could lead to unrest. “We all should always strive to further strengthen all the pillars of India’s democracy.”

Furthermore, Chief Minister Yogi Adityanath stressed the importance of dialogue in a democracy, highlighting that individuals with grievances have various avenues to directly communicate their concerns to the government. He assured that the government is committed to addressing the issues brought forth by the public. CM Yogi highlighted that the Constitution of India, enacted on January 26, 1950, played a pivotal role in unifying the nation from all corners, fostering unity from North to South and from East to West. Moreover, he emphasized its global impact, inspiring democratic progress worldwide. “When the Constitution of the country was being prepared, there was a long discussion regarding the Preamble. At that time, Baba Saheb Bhim Rao Ambedkar emphasized that our challenge lay not in merely expanding or concluding the Constitution.” CM Yogi said’ “We are apprehensive about the outcome of the function. A successful ceremony and favorable results hinge upon a strong and auspicious beginning.” He urged the Dr. Rajendra Prasad National Law University to initiate a specialized training program for young advocates statewide, covering the new legislation and judicial processes. CM Yogi said that our government has done a lot of work in the interest of the advocates of Uttar Pradesh and will do so in future too.

Chief Justice of India DY Chandrachud, Supreme Court Justice Manoj Mishra, Justice Rajesh Jindal, Allahabad High Court Chief Justice Arun Bhansali, Uttar Pradesh Government Advocate General Ajay Kumar Mishra and Bar Council of India Chairman Manan Kumar Mishra, Industrial Development Minister Nand Gopal Gupta ‘Nandi’ and other dignitaries were present.

পুষ্টিকৰ উপাদান পোৱা যায় আনাৰসত, ডায়েবেটিছত আক্ৰান্ত লোকে খাব লাগেনে আনাৰস…

আনাৰসৰ নাম শুনিলেই আপোনাৰ মুখত পানী ওলাব পাৰে, কিন্তু নিয়মিতভাৱে খালে শৰীৰত কি উপকাৰ হ’ব পাৰে জানেনে। আনাৰস বেলেগ বেলেগ সোৱাদৰ বাবে বিখ্যাত, সেইবাবেই মানুহে এই ফলটো অতি উৎসাহেৰে খায় আৰু ইয়াৰ ৰসও খাবলৈ ভাল পায় মানুহে। ভিটামিন চি, ভিটামিন বি ৬, ফলেট, মেংগানিজ, তাম আৰু খাদ্য আঁহ এই ফলত প্ৰচুৰ পৰিমাণে পোৱা যায়। আনাৰস খালে লাভ কৰিব এই ৪ টা উপকাৰ-

আনাৰসত থকা এনজাইমে হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। ই বদহজম কমাবলৈ আৰু হজম শক্তি উন্নত কৰাত সহায়ক, যিয়ে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিব পাৰে।

আনাৰসত ভাল পৰিমাণৰ ভিটামিন চি থাকে, এই পুষ্টিকৰ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ ফলত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি পোৱা যায় আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

আনাৰসত থকা আঁহ আৰু ভিটামিন চিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা কলেষ্টেৰলৰ পৰিমাণ কমাব পৰা যায় আৰু উচ্চ ৰক্তচাপৰ সমস্যাও দূৰ কৰিব পৰা যায়।

আনাৰসত পোৱা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। ই ছালত থকা দাগবোৰ কমাই ছালত গ্লো আনিব পাৰে।

ডায়েবেটিছ বা উচ্চ ব্লাড চুগাৰত আক্ৰান্ত লোকসকলে আনাৰস খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই উচ্চ চেনিৰ ফল আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ।

মিছন বসুন্ধৰা ২.০ সফল ৰূপায়ণত শোণিতপুৰ জিলাৰ কৃতিত্ব

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া আসোঁৱাহ তথা ৰাজহ বিভাগৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়নৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত” মিছন বসুন্ধৰা ১.০” সফল পৰিসমাপ্তিৰ পিছত “মিছন বসুন্ধৰা ২.০ ৰো ৰাজ্যখনত সফলতাৰে ৰূপায়ণ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই আঁচনিৰ প্ৰয়োগত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ ৫ খন জিলাৰ ভিতৰত স্থান লাভ কৰা শোণিতপুৰ জিলা প্ৰশাসনক শুকুৰবাৰে অসম চৰকাৰে পুৰস্কৃত কৰে।

উল্লেখ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰেক্ষাগৃহত “মিছন বসুন্ধৰা – ৩.০” অৰ্থাৎ তৃতীয় পৰ্যায় আৰম্ভ কৰি ২.০ সমাপ্ত কৰা অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হাতত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই মানপত্ৰ আৰু ট্ৰফীৰে ৰাজ্যখনৰ প্ৰথম পাঁচখন জিলাৰ তালিকাত স্থান লাভ কৰাত পুৰস্কৃত কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে – ঠেলামৰা, ঢেকীয়াজুলি, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকো বসুন্ধৰা আঁচনিৰ কামকাজৰ কৃতিত্বৰ বাবে চৰকাৰে পুৰস্কৃত কৰে। পুৰস্কাৰ গ্ৰহণৰ সময়ত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাসো উপস্থিত থাকে।

মৰিগাঁও নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হ’ব তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪

অহা মাৰ্চ মাহৰ শেষৰ ফালে মৰিগাঁও নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হ’ব পোনপ্ৰথম বাৰৰ বাবে তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪। উক্ত অনুষ্ঠানৰ বাবে শুকুৰবাৰে শতাধিক লোকৰ উপস্থিতিত মৰিগাঁও পবিতৰা হাটত অনুষ্ঠিত হয় এখন সাধাৰণ সভা।

তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ন কুমাৰ ৰাদুকাকতিৰ পৌৰহীত্যত অনুষ্ঠিত সভাখনত উপস্থিত থাকে মৰিগাঁও বিধানসভাৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ, বিশিষ্ট সাহিত্যিক ড॰ পুনীৰাম পাতৰ, মিলেশ্বৰ পাতৰ, তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমছি, সমাজকৰ্মী চিমল দেউৰীকে প্ৰমুখ্য কৰি তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু মৰিগাঁও নগৰৰ স্থানীয় ৰাইজ।

সভাৰ সিদ্ধান্ত মৰ্মে অহা মাৰ্চ মাহৰ শেষৰ ফালে তিৱা সকলৰ চহকী সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ তথা যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি এই মহোৎসৱটি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত মহোৎসৱৰ জৰিয়তে মধ্য অসমৰ তিৱা সকলৰ লগতে সমগ্ৰ অসমৰ তিৱা সকলৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটিব।

সভাই মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীক সভাপতি, তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক কাৰ্যকৰী সভাপতি আৰু পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰণৱ জ্যোতি মচৰঙক সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া এখন উদযাপন সমিতি গঠন কৰি মহোৎসৱৰ কাম কাজ আগবঢ়াই নিবলৈ দায়িত্ব অৰ্পন কৰে। ইয়াৰ লগতে ১৩ জনীয়া এখন কৰ্ণধাৰ সমিতিও গঠন কৰা হয়।

বড়ো ভাষাৰ প্ৰথমখন থিয়েটাৰ ‘চৌৰাঙ মঞ্জুৰ’ৰ সোণালী জয়ন্তী

১৯৭৪ বৰ্ষতে পূৰ্বৰ বৰপেটা তথা বৰ্তমানৰ নৱ গঠিত বজালী জিলাৰ পাঠশালাৰ সমীপৰ অতি ভিতৰুৱা লেছৰা গাঁৱত জন্ম লাভ কৰিছিল বড়ো ভাষাৰ প্ৰথম খন থিয়েটাৰ “চৌৰাঙ মঞ্জুৰ”। আদর্শ কৃষক পৰিয়ালৰ সন্তান চন্দ কান্ত মুছাহাৰীয়ে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে গাঁঠীৰ ধন খৰচ কৰি চৌৰাঙ মঞ্জুৰ” কেইগৰাকীমান কলা-কুশলীক লৈ পাতনি মেলিছিল।

পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে থিয়েটাৰখনে নাট্য প্ৰেমী ৰাইজৰ বিপুল সমাদৰ লাভ কৰি অসমৰ ভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ডৰ ডিমাপুৰ, পশ্চিমবঙ্গৰ বড়ো বসতি প্ৰধান অঞ্চলত প্ৰতিবছৰে নাটক প্ৰদৰ্শন কৰি আহি আহি গৌৰৱোজ্বল ৫০বছৰত ভৰি দিলে।

থিয়েটাৰখনৰ মুখ্য কাৰ্যালয় পাঠশালাৰ সমীপৰ চৌৰাঙ পথাৰ লেছৰাত এক বিশাল মণ্ডপত ১৪, ১৫আৰু ১৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে অনুষ্ঠিত হৈ সফল সমৰণি পৰে সোণালী জয়ন্তীৰ।

কায্যসূচী অনুসৰি থিয়েটাৰৰখনৰ পতাকা উত্তোলন কৰে স্বত্বাধিকাৰী চন্দ্ৰ কান্ত মুছাহাৰীয়ে তাৰ পিছতেই ছাফাই অভিযান, শ্বহীদ তৰ্পণ মঞ্চ উদ্বোধন, সাংস্কৃতিক শোভাযাত্ৰা থিয়েটাৰ খনৰ কলা কুশলী সন্মিলন, স্মৃতি গ্ৰন্থ উন্মোচন, বিশেষ সম্বৰ্ধনা অনুষ্ঠান, মত বিনিময় অনুষ্ঠান, বিভিন্ন নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।

থিয়েটাৰখনৰ উদযাপন সমিতিৰ সভাপতি বিদ্যাধৰ দৈমাৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বড়ো ৱমেন জাষ্টিছ ফৰামৰ উপদেষ্টা অঞ্জলি দৈমাৰীয়ে উপস্থিত থাকি কয় যে চিৰাং মঞ্জু থিয়েটাৰ খনে ৫০ বর্ষ অতিক্ৰম কৰাক লৈ আমি গৌৰাৱান্বিত। বড়ো জাতি সংস্কৃতি, জীয়াই ৰখাটো কিমান প্ৰয়োজন থিয়েটাৰখনে আজি ৫০বছৰ আগৰ পৰাই সেইটো চিন্তা কৰি আহিছে সেয়ে আমি সদায় চিৰঋণী হৈ থাকিব লাগিব। লগতে দৈমাৰীয়ে কয় যে ‘অনাগত সময়ত চিৰাং মঞ্জু থিয়েটাৰৰ স্বত্বাধিকাৰী চন্দ্ৰ কান্ত মুছাহাৰীয়ে সু-স্বাস্থ্যৰে থাকি তেখেতৰ যি সপোন আগুৱাই লৈ যাওক, বড়ো জাতিৰ যি সংস্কৃতি সেই সংস্কৃতি আৰু বেছি সবল কৰাৰ কামনা কৰিলো’।

উক্ত মুকলি সভাত বিটিচিৰ প্ৰাক্তন ই, এম অনছুমৈ খুগুৰ বড়ো, মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ মাখন স্বৰ্গীয়াৰী আদিকে কৰি আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি থিয়েটাৰ “চৌৰাঙ মঞ্জু” থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কৰ্মৰাজী আদিৰ সম্পৰ্কে তত্বগধুৰ ভাষণ প্ৰদান কৰে। আনহাতে সন্ধিয়াৰ ভাগলৈ জন-প্রিয় কণ্ঠ শিল্পী ফুকন বড়োৰ স’তে অহা এটি সাস্কৃতিক শিল্পীৰ দলে সংগীতানুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শক ৰাইজক মুগ্ধ কৰি তুলে।

দিশপুৰত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন উন্মোচন

শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন “প্ৰতিধ্বনি” শুভ উন্মোচন কৰা হয়। এই উপলক্ষে আয়োজিত সভাখনি উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰে।

গ্ৰন্থখনি উন্মোচন কৰি আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব। নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ স্থান পাব লেখিকা টায়ে মিলিয়ে। গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছবি দাঙি ধৰিলে উৎকৃষ্ট গল্প হয়।”

আসাম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিংয়ে আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অগ্ৰণী লেখক দীপক শৰ্মাই কয়, “আমি প্ৰতিটো জাতি, জনাজাতি, জনগোষ্ঠী, উপজাতি সকলোৱে ইজনে-আনজনক হাতে হাত ধৰি আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব লাগে । ভাষা অন্তৰায় নহয়। মাথোঁ, সাহস,অধ্যয়ন, অধ্যাৱসায় থাকিলে ভাল লেখক হ’ব পাৰে ।”

সন্মানীয় অতিথি হিচাপে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰেন্দ্ৰ নাথ দলেই অংশ লয়। অনাতাঁৰ শিল্পী অৱনী মিলি আৰু ধৰণী তাৱয়ে হৃদয়স্পৰ্শীকৈ গীত গোৱা সভাত আয়াৰলেণ্ডৰ বিজ্ঞানী ওয়েন দালে, দিশপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতাৰাম দলে, পদ্মলাল পাতিৰি আৰুপদ্মেশ্বৰ পেগুয়ে বক্তব্য দাঙি ধৰে লেখিকাৰ শলাগ লয়।

-দীপক শৰ্মা, গুৱাহাটী

লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ মেট্ৰিক পৰীক্ষা

আৰম্ভ হ’ল অন্তিমটি হাইস্কুল শিক্ষান্ত পৰীক্ষা। মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰতো শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ ইংৰাজী বিষয়ৰ পৰীক্ষা।

উল্লেখ্য যে মৰিগাঁও জিলাৰ অন্তৰ্গত অন্যান্য পৰীক্ষা কেন্দ্ৰ সমূহৰ তুলনাত এই বছৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত ৭ টা ফীডাৰ স্কুল ক্ৰমে কাঠনি, শিয়ালমাৰি, তিনিচুকীয়া, তিনিচুকীয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৰজাগাধোৱা, দেৱাগুৰি, দাতিয়ালবড়ী আৰু লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিলাই মুঠ ১০১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে ফ্ৰম ফিলাপ কৰিছিল যদিও শুকুৰবাৰে তাৰ ভিতৰত ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।

১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ নহ’ল, অনুপস্থিত থকা পৰীক্ষাৰ্থীসকলৰ মাজত ৪ গৰাকী ছাত্ৰ আৰু ১২ গৰাকী ছাত্ৰী। প্ৰায় ৩৫ গৰাকী নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰত দায়িত্ব পালন কৰে বুলি কেন্দ্ৰ ব্যবস্থাপক তথা অধ্যক্ষ নুৰুল হুছেইনে জানিবলৈ দিয়ে। পুৱাৰ ভাগত আৰক্ষীয়ে বেৰীগেট নিদিয়াৰ বাবে মানুহৰ অগনণ ভীৰ পৰিলক্ষিত হৈছিল ।

‘মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ’

“মোৰ এখন ফটো ভাইৰেল হ’ল। দলৰ সভাপতি, কলিয়াবৰৰ সাংসদক জনাই মুখ্য মন্ত্ৰীক লগ কৰাৰ ফটো ভাইৰেল হ’ল। তেনে বহু নেতাই মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটো মোৰ হাতত আছে”- এই বক্তব্য সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ। সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ শুকুৰবাৰে বোকাখাতত বিস্ফোৰণ। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত আলি আয়ে লৃগাং উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন মিচিং জনগোষ্ঠীয় গামোচা পিন্ধোৱাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা তৎকালে অপসাৰণ কৰা হৈছিল দাদু টায়েক।

৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱৰ জাননী দিয়া গৈছিল দাদু টায়েলৈ। ইয়াৰ পিছতে সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিজনে বোকাখাতত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ প্ৰতি সুচ্চাৰ হৈ পৰে। শুকুৰবাৰে দাদু টায়েই বোকাখাতত এক সংবাদমেল সম্বোধন কৰি নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গৌৰৱ গগৈয়ে নগাঁৱত ৰকিবুল হুছেইনৰ লুঙীৰ তলত সোমাবলৈ গৈছে। কংগ্ৰেছ কাৰো বাপেকৰ সম্পতি নহয়। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনশনত বহিম। ন্যায় নোপোৱালৈকে যুঁজি যাম। বহুত বাঘা বাঘা নেতাৰ মুখা খুলি আছো।

মুখ্যমন্ত্ৰীক ঘৰুৱা কাৰণতহে লগ ধৰা হৈছিল বুলি বক্তব্য ৰখাৰ লগতে গৌৰৱ গগৈৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি টায়েই কয় যে ভূপেন বৰাই টায়েক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ এই বিপদত গৌৰৱ গগৈৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে তেওঁ। তেওঁ লগতে কয় যে মোক আঁতৰাই দি যদি ভূপেন বৰা, গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ভাল হ’ব বুলি ভাবিছে, তেনেকুৱা ভুল কৰিবৰ বাবে মই হাজাৰবাৰ প্ৰস্তুত আছোঁ।

গ্ৰাছ, বোকাখাতৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজনঃ গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণি ‘গ্ৰাছ ৱমেন এৱাৰ্ড ২০২৪’

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, বোকাখাতৰ (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চচাইটি) উদ্যোগত আৰু বোকাখাতৰ প্ৰায় ২০ টা মহিলা সংগঠনৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।

বিভিন্ন কাৰ্যসূচীৰ লগতে ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজন কৰা হৈছে প্ৰৱন্ধ প্ৰতিযোগিতা। “মহিলা সৱলীকৰণত সমাজ আৰু চৰকাৰৰ কৰণীয়” শীৰ্ষক বিষয়ত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা কেৱল মহকুমা ভিত্তিত সীমাবদ্ধ থাকিব। বিশেষকৈ সহযোগী মহিলা অনুষ্ঠানৰ সদস্যাসকলেহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগী সকলে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰবন্ধ ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব। ম’বাইল বা কম্পিউটাৰৰ ডিটিপি লেখাহে গ্ৰহণযোগ্য হ’ব। ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত লেখা সমূহ জমা দিব লাগিব। লেখা পঠিওৱা ম’বাইল ৱাটচ এপ নম্বৰ 9707275042, কোনো লেখা গ্ৰুপত নপঠিয়াবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

নাৰীসকলৰ মাজত থলীতে চিঠি লিখা প্ৰতিযোগিতা, আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা নাৰী দিৱসৰ বক্তৃতা আৰু গ্ৰাছৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰৰ প্ৰৱন্ধ সংকলন উন্মোচন কৰা হ’ব। আনহাতে বিগত বৰ্ষসমূহত গ্ৰাছে প্ৰদান কৰি অহা বঁটা সমূহৰ মাজৰ নুমলী হাজৰিকা সোঁৱৰণী ‘”গ্ৰাছ ৱমেন এৱাৰ্ড’২০২৪” এই দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব। এইবাৰৰ নুমলী হাজৰিকা সোঁৱৰণি ‘গ্ৰাছ ৱমেন এৱাৰ্ড’২০২৪ ৰ বাবে গোলাঘাট জিলাৰ বনগাঁৱৰ গিৰিমল্লিকা শইকীয়াক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিছে। শইকীয়া এগৰাকী নাৰী সৱলীকৰণৰ অগ্ৰণী মহিলা, শিক্ষয়িত্ৰী, লেখিকা, পৰিৱেশ কৰ্মী, কাকতৰ নিয়মীয়া স্তম্ভলেখক, প্ৰৱন্ধকাৰ হোৱাৰ লগতে প্ৰকৃতি বিষয়ক গ্ৰন্থৰ প্ৰণেতা। শুকুৰবাৰে বোকাখাতত এক প্ৰেছ বিবৃতি যোগে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই এই কথা ঘোষণা কৰে।

আনহাতে বিশ্ব পৰিৱেশ দিৱস তথা গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধনিল বৰঠাকুৰ সোঁৱৰণি ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড”, কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ আৰু স্বচ্ছ আৰু পৰিৱেশৰ বাবে থানেশ্বৰ ভূঞাৰ সোঁৱৰণি ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা” বঁটা সমূহ অহা ৫ জুনত প্ৰদান কৰা হ’ব বুলিও লগতে প্ৰকাশ কৰে। উদ্যোক্তাসকলে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগীয়া নাৰী দিৱসলৈ সকলো ৰাইজক আমন্ত্ৰণ জনাইছে।