Home Blog Page 1068

‘পৰীক্ষা পে চৰ্চা’: ‘তোমাৰ ওপৰত মনোযোগ দিয়া, তুমি কি, তুমি কি কৰা, তুমি কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ ভবিষ্যৎ নিৰ্ণয় কৰিব”, শিক্ষাৰ্থীলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ অত্যন্ত জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ (পিপিচি ২০২৪) ৰ সপ্তম সংস্কৰণত বিভিন্ন ব’ৰ্ড পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তালাপৰ সময়ত শিক্ষাৰ্থীসকলক আত্মবিশ্বাসী হৈ কঠোৰ অনুশীলন কৰিবলৈ কয়। তেওঁ কয় “তোমালোকে যিমানে অনুশীলন কৰিবা, সিমানেই আত্মবিশ্বাসী হ’বা। পানী যিমানেই গভীৰ নহওঁক কিয়, যিজনে সাঁতুৰিব জানে তেওঁ পাৰ হৈ যাব। একেদৰে, প্ৰশ্নকাকত যিমানেই কঠিন নহওঁক, যদি আপুনি ভাল অনুশীলন থাকে, তেন্তে ভাল প্ৰদৰ্শন কৰিব পৰা যাব । তোমাৰ চাৰিওফালে কোনে কি কৰি আছে তাৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰিব লাগিব। তুমি ‘তোমাৰ ওপৰত মনোযোগ দিয়া’। তুমি কি, তুমি কি কৰা, আৰু তুমি কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব,” । প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ‘পৰীক্ষা পে চৰ্চা’ ২০২৪ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে কয় ।


প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দিয়ে যে ম’বাইল ফোন আৰু অন্যান্য গেজেট ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু সেয়া মূল্যৱান সময়ৰ মূল্যত নহয়। এয়া এতিয়া বেছিভাগ পৰিয়ালত এটা সমস্যা হৈ পৰিছে বুলিও তেওঁ কয় । শিশুসকলক প্ৰায়ে ফোনত ইমান মগ্ন দেখা যায় যে তেওঁলোকে সময়বোৰ এনেয়ে অপচয় কৰে। । ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ আছে, আৰু দুয়োটাৰ মাজত পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ বুলিও মোদীয়ে কয়। । ইণ্টাৰনেটৰ ইতিবাচক ফলবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া বুজিব লাগিব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে বিগত ৬ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” শীৰ্ষক অনুষ্ঠানৰ ৷ ২০১৮ বৰ্ষত আৰম্ভ কৰা এই অনুষ্ঠানৰ এইবেলি সপ্তম বৰ্ষ ৷ মোদীয়ে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে শিক্ষাৰ্থীৰে মত বিনিময় কৰি আহিছে। ৷ বিশেষকৈ পৰীক্ষাত কিদৰে সফল হব পাৰি তাৰ ওপৰত শিক্ষাৰ্থী সকলক প্ৰেৰণা যোগাই আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

শ্বাহিদ-মিৰাৰ সম্পৰ্কত ফাঁট! তৃতীয় ব্যক্তি বুলি অনুৰাগীৰ সন্দেহ কৃতি ছাননক…

শ্বাহিদ কাপুৰ আৰু কৃতি ছানন অভিনীত আগন্তুক ছবি ‘ The most waited title track of… অৱশেষত মুক্তি পালে ‘তেৰি বাটন মেই আইছা উলঝা জিয়া’। এই গীতটিত কৃতি ছানন আৰু শ্বাহিদ কাপুৰৰ মাজত থকা ৰসায়ন বিজ্ঞানৰ পৰিচয় দিয়া হৈছে। এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এই ৰোমান্টিক নাট্য ছবিখনৰ ট্ৰেইলাৰ আৰু অন্যান্য গীতসমূহেও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে।

শ্বাহিদ কাপুৰ আৰু কৃতি ছানন দুয়োজনে নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত ‘তেৰী বাটন মেই আইছা উলঝা জিয়া’ৰ টাইটেল ট্ৰেক শ্বেয়াৰ কৰিছে। এই গীতটো শ্বেয়াৰ কৰি থাকোঁতে দুয়োজনে ইনষ্টাগ্ৰামত কেপচনত লিখিছে, “আইছা এণ্টেংগল্ড ইন ইউৰ টকছ জিয়া।” তাতে লাগিল কেনা! কৃতিয়ে ছাহিদৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি ৰোমাণ্টিক কেপচন দিছিল। অনুৰাগীয়ে কমেণ্টেৰে ভৰাই দিলে , অনুৰাগীৰ কমেণ্টৰ বাবে উপায়বিহীন হৈ কৃতিয়ে সলনি কৰিলে ফটোৰ কেপচন।

দৈনিক এলোভেৰাৰ ৰস খালে বহু ৰোগ নিৰাময় হ’ব…

এলোভেৰাৰ ৰস খালে শৰীৰৰ বহু ৰোগ নিৰাময় হয়। এগিলাচ এলোভেৰাৰ ৰস খালে আপোনাৰ মুখৰ উজ্বলতা বৃদ্ধি পাব। লগতে বহুতো ডাঙৰ ডাঙৰ ৰোগৰ পৰাও ৰক্ষা পাব পাৰে। আহক আমি ইয়াৰ ৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো-

পৰিৱৰ্তিত সময়ত ছাল প্ৰায়ে শুকান হৈ পৰে, যদি আপুনি দৈনিক ৰস খায় তেন্তে আপুনি সুন্দৰ ছাল পাব।


শৰীৰত তেজৰ অভাৱ হ’লেও দৈনিক খাব লাগে এলোভেৰা ৰস। শৰীৰত ৰক্তকণিকা উৎপাদনত ই অতি সহায়ক বুলি প্ৰমাণিত হয়।


ইমিউনিটি লেভেল বৃদ্ধিৰ বাবে ই অতি উপকাৰী। দুৰ্বল শৰীৰৰ লোকে দৈনিক খাব লাগে। ই আপোনাৰ শৰীৰক শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব।

কোষ্ঠকাঠিন্য আৰু বদহজম ৰোগত আক্ৰান্ত লোকেও এলোভেৰা ৰস খাব লাগে। শৰীৰক ফিট কৰি ৰখাৰ বাবে ই অতি উপকাৰী।

এলোভেৰা ৰসে শৰীৰক বিষমুক্ত কৰাত বহুত সহায় কৰে। এলোভেৰাত এন্টি-ডিটক্সিফাইং এজেণ্ট থাকে যিবোৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।

অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিবেশনৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ বিস্তৃত কাৰ্যসূচী সোমবাৰে প্ৰকাশ কৰে আদৰণী সমিতিয়ে। প্ৰকাশিত কাৰ্যসূচী অনুসৰি – ১৬ মাঘ, ৩১ জানুৱাৰী, বুধবাৰে পুৱা ৮.৩০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জনাই অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা , উপ – সভাপতি ডাঃ গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদক ড॰  উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে কাৰ্যনিৰ্বাহকে।


পুৱা ১০ বজাত পাঁচোৰজা সমন্বয় ক্ষেত্ৰৰ মূল তোৰণ আৰু সমন্বয় ক্ষেত্ৰৰ শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃনালিনী দেৱীয়ে। ইয়াৰ লগতে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰিব পাঁচোৰজাৰ পৰিয়ালে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।

অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওটে। নাট্যমঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অতুল দাসে। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী (২ নং তোৰণ) দ্বাৰ উন্মোচন কৰিব মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মহানন্দ বৰাই। ৩ নং তোৰণ উদ্বোধন কৰিব বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে।

মূল মণ্ডপ উদ্বোধন কৰিব মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিকুঞ্জ কুমাৰ দাসে। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিব মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । বিশিষ্ট সাহিত্যিক গনেশ সেনাপতি সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিয়ে।ভাষা শ্বহীদ সূৰ্য বৰা সোঁৱৰণী গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰনৱ জ্যোতি মছৰঙে । মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব ডাঃ পুনিৰাম পাতৰ আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে । বানিজ্য মেলা উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী মাতুৰাম শৰ্মাই।

ক্ষেত্ৰৰ অস্থায়ী কাৰ্যালয়ৰ তোৰণ উন্মোচন কৰিব মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিষ্ণুপ্ৰসাদ উপাধ্যায়ে। মূল মঞ্চ উদ্বোধন কৰিব ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে । গ্ৰন্থমেলা ক্ষেত্ৰৰ মঞ্চ উদ্বোধন কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰  কমল চন্দ্ৰ নাথে। দিনৰ ১২.৩০ বজাত মে-ডাম-মে-ফি উদযাপন। বিয়লি ৪ বজাত অসম সাহিত্য সভাৰ চতুৰ্থ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।


সভাত আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে। সন্ধিয়া ৫ বজাত প্ৰতিনিধি শিবিৰ মুকলি আৰু নাম পঞ্জীয়নৰ উদ্বোধন কৰিব বিশিষ্ট জীৱনীকাৰ হৰেণ গগৈয়ে। ১৭ মাঘ , ১ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড॰  সূৰ্যকান্ত হাজৰিকাই। মূল পতাকা উত্তোলনৰ লগে লগে ১ম চক্ৰত ১১ খন আৰু দ্বিতীয় চক্ৰত ১০৭ খন পতাকা বিভিন্ন জনে উত্তোলন কৰিব। পুৱা ৯ বজাত স্মৃতিতৰ্পণ কৰিব মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্তই।পুৱা ৯.৩০ শ্বহীদ তৰ্পণ কৰিব আছুৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে।

পুৱা ১০.৩০ বজাত বিশিষ্ট সাহিত্যিক বলাইৰাম সেনাপতি সোঁৱৰণী সাহিত্য সন্মিলন, স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা।অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই ,সভাত আদৰণী ভাষণ পাঠ কৰিব আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ড॰ বিৰিঞ্চি কুমাৰ শৰ্মাই, সভাত বাৰপূজীয়া অধিবেশনৰ স্মৃতিগ্ৰন্থ “বাৰপূজীয়া” উন্মোচন কৰিব বিশিষ্ট গবেষক পণ্ডিত ড॰ নৰেণ কলিতাই , সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ, অসম চৰকাৰৰ উচ্চ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰবীন্দ্ৰনাথ ঠাকুৰ অধ্যাপক তথা কলাগুৰু ড॰  উমেশ ডেকা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰  দীপ্তি ফুকন পাটগিৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ উপেন ৰাভা হাকাচাম , ড॰  জয়শ্ৰী গোস্বামী মহন্ত, উপেন্দ্ৰ বৰকটকী, গুণীন হাজৰিকা, ধীৰেণ শৰ্মাই সন্মানীয় অতিথি হিচাপে গোবিন্দ টাইড, কমলাকান্ত মুছাহাৰী , ৰমেশ থাওচেনকে ধৰি বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা সমূহ দেউৰী সাহিত্য সভা,ডিমাচা সাহিত্য সভা,নেপালী সাহিত্য সভা,নিখিল ৰাভা সাহিত্য সভা,কাৰ্বি লাম্মেত আমে, মিছিং সাহিত্য সভা,পূৰ্ৱাঞ্চল টাই সাহিত্য সভা, বড়ো সাহিত্য সভা, তিৱা সাহিত্য সভা, মৰাণ সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, সোনোৱাল কছাৰী সাহিত্য সভা, চৰ- চাপৰি সাহিত্য সভা, কোঁচ- ৰাজবংশী সাহিত্য সভা, নিখীল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, আন্তঃৰাষ্ট্ৰীয় চাওতালি পৰিষদ, শৰণীয়া কছাৰী সাহিত্য সভা,গাৰো সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি সম্পাদকে অংশগ্ৰহণ কৰিব। বিয়লি ৩ বজাত শঙ্কৰদেৱ বঁটাপ্ৰাপক ‘ইলাৰাম দাস সোঁৱৰণী জাতীয় বৌদ্ধিক সন্মিলন’ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মৃদুল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া সন্মিলনত সন্মানীয় অতিথি হিচাপে প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড॰  দীপক কুমাৰ শৰ্মা, প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড॰  মালিনী গোস্বামী, উপাচাৰ্য ড॰  দীনেশ বৈশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা , আছুৰ উপদেষ্টা ড॰  সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আনন্দৰাম বৰুৱা ভাষা-কলা – সংস্কৃতি সংস্থাৰ সঞ্চালক ড॰  দিলীপ কলিতা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অংশগ্ৰহণ কৰিব। বিয়লি ৫ বজাত সাহিত্যিক কিনাৰাম নাথ সোঁৱৰণী প্ৰতিনিধি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ- সভাপতি ভূপেন শইকীয়াই। আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে।

সন্ধিয়া ৬ বজাত মুক্তিযোদ্ধা নন্দীৰাম ডেকা ,মোহনসিং ডেকা ,লালসিং ডেকা সোঁৱৰণী মঞ্চত ‘ লোকসংস্কৃতিবিদ ,গৱেষক- সাহিত্যিক ড॰ নবিনচন্দ্ৰ শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান ‘ উদ্বোধন কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী ড॰  ৰানু বৈশ্যই। আলোচক বিশিষ্ট সংগীত শিল্পী কমল কটকী , অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী সকলে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব ।


১৮ মাঘ, ২ ফেব্ৰুৱাৰী, শুকুৰবাৰে পুৱা ৯ বজাত শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন উদ্বোধন কৰিব গৱেষক, সাহিত্যিক ড॰ শৰৎ ফুকনে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰  মৃণাল কুমাৰ বৰাই সঞ্চালনা কৰিব লগীয়া আলোচনা চক্ৰত বিশিষ্ট বুৰঞ্জীবিদ মনেশ্বৰ দেউৰী , বিশিষ্ট বুৰঞ্জীবিদ ড॰  হাতেম আলি , ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰  বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰে অংশগ্ৰহণ কৰিব। দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ সভাপতিক লৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰথম মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই, ড॰  সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মা, পৰম সন্মানীয় অতিথি হিচাপে উৰিষ্যাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড॰  সম্পদানন্দ মিশ্ৰ, সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সকল ক্ৰমে ড॰  নগেন শইকীয়া, ৰংবং তেৰাং , ইমৰান শ্বাহ, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছাই অংশগ্ৰহণ কৰিব।

বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি আৰু প্ৰাক্তন উপ-সভাপতি সকল ডাঃ গিৰিশ সন্দিকৈ, ইদ্ৰিছ আলী , সতীশ চন্দ্ৰ চৌধুৰী,কনক চন্দ্ৰ শৰ্মা, ভূপেন শইকীয়া, ড॰  পৰাগ কুমাৰ ঠাকুৰ, ড॰ হেমন্ত কুমাৰ বৰুৱা, মৃনালিনী দেৱী , পাচুগোপাল চক্ৰৱৰ্তী, প্ৰাক্তন উপাচাৰ্য তথা ‘দৈনিক অসম’ৰ সম্পাদক ড॰  হিতেশ ডেকা , নাহেন্দ্ৰ পাদুন, ড॰  বসন্ত কুমাৰ গোস্বামী, ড॰ জগদীশ পাটগিৰি, প্ৰতাপ চন্দ্ৰ বৰুৱা, পদুম ৰাজখোৱা , যাদৱ চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰিব।

আমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰী, কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰে অংশগ্ৰহণ কৰিব।

বিয়লি ৪.৩০ বজাত বিশিষ্ট সাংবাদিক কনক চন্দ্ৰ ডেকা সোঁৱৰণী সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ‘দৈনিক অসম’ৰ প্ৰাক্তন সম্পাদক অধ্যাপক ড॰ অমৰজ্যোতি চৌধুৰীয়ে সঞ্চালনা কৰিব লগীয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ‘নিয়মীয়া বাৰ্তা ‘ কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতা , ‘দৈনিক অসম ‘ কাকতৰ সহযোগী সম্পাদক বেদব্ৰত মিশ্ৰ , ‘অসমীয়া প্ৰতিদিন ‘ কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৬ .৩০ বজাত বিশিষ্ট সাহিত্যিক, শিল্পী ড॰  বীৰেন্দ্ৰনাথ দত্ত সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ,নাটকৰ অভিনেতা উপকুল বৰদলৈ , বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিয়ে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক অনুষ্ঠানত অসমৰ প্ৰতিষ্ঠিত প্ৰবীণ শিল্পী সকলে গীত পৰিৱেশন কৰিব।


১৯ মাঘ, ৩ ফেব্ৰুৱাৰী, শনিবাৰে পুৱা ১০ বজাত ” স্বাধীনতা সংগ্ৰামী প্ৰাক্তন মন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী সোঁৱৰণী অসমৰ জনগোষ্ঠীয় ছাত্ৰ – যুৱ সন্মিলন উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। ডাঃ গিৰিশ সন্দিকৈয়ে সঞ্চালনা কৰিব লগীয়া সন্মিলনত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাস, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, মিচিং ছাত্ৰ সন্থাৰ সভাপতি তিলক দলেকে ধৰি টাই- আহোম ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা,ডিমাছা ছাত্ৰ সন্থা ,হাজং ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা,সদৌ অসম দেউৰী ছাত্ৰ সন্থা, ট্ৰাইবেল লীগ অসমৰ সভাপতি আৰু সম্পাদক সকলে অংশগ্ৰহণ কৰিব।

বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক ড॰  লক্ষীনন্দন বৰা সোঁৱৰণী দ্বিতীয় মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ কুলধৰ শইকীয়াই। আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে আদৰণি পাঠ কৰিবলগীয়া মুকলি সভাখনত সভাপতিত্ব কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকাই। মুকলি সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সভাত বিশিষ্ট অতিথি হিচাপে বৰ্তমানৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ, প্ৰাক্তন সভাপতি ড॰  পৰমানন্দ ৰাজবংশী, প্ৰাক্তন উপ-সভাপতি মৃনালিনী দেৱী, পৰম সন্মানীয় অতিথি হিচাপে মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড॰  আইৰম গম্ভীৰ সিং , সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা , প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই , নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ , কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ,অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, বি টি আৰৰ চি ই এম প্ৰমোদ বড়ো, চামগুৰি, নগাঁও, বটদ্ৰৱা, ৰহা ,লাহৰিঘাট, ধিং , বঢ়মপৰ,যমুনামুখ , হোজাই, লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সকলৰ লগতে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , বুবুল দাস , উমেশ দাসে অংশগ্ৰহণ কৰিব।

বিয়লি ৪ বজাত জ্ঞানপীঠ বঁটাপ্ৰাপক জাতীয় কবি নীলমণি ফুকন সোঁৱৰণী কবি সন্মিলন উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট কবি ড॰ এম কামালুদ্দিন আহমেদে। বিশিষ্ট কবি ড॰ পূৰ্ণ ভট্ৰাচাৰ্যই সঞ্চালনা কৰিব লগীয়া কবি সন্মিলন খনত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি সকল ক্ৰমে অনুভৱ তুলসী, জীৱন নৰহ, হৰেন্দ্ৰ বৰাই অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৬.৩০ বজাত স্বাধীনতা সংগ্ৰামী বিশিষ্ট সমাজকৰ্মী শশীকান্ত হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী আইমী বৰুৱাই। বিশিষ্ট লোকসংগীতৰ গৱেষক- সাহিত্যিক ড॰  অনিল শইকীয়াৰ সঞ্চালনাত ‘অসমীয়া লোকসংগীত পৰম্পৰা’ শীৰ্ষক অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে লোক- সংগীত শিল্পী ধনদা পাঠক, বিশিষ্ট অতিথি হিচাপে গোৱালপৰীয়া লোক সংগীতৰ বিশিষ্ট শিল্পী মিনি ভট্টাচাৰ্য্য, প্ৰবীন শিল্পী অশোক ডেকা, বাণী দাস, সপোনটি বৰদলৈয়ে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ গীতৰ অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব।

-বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰৰ পৰা বুলন চন্দ্ৰ নাথ, ৰহা

ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

সোমবাৰে দিনৰ ১২ বজাৰ পৰা ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে টেট উত্তীৰ্ণ শিক্ষকসকলৰ বিনাচৰ্তে বেতন সুৰক্ষা আৰু চাকৰী নিয়মীয়াকৰণৰ দাবীত সোমবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে উক্ত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰে৷

-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি

দৰং আছুৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ দীঘলীয়া সংঘাত ! আন্তঃ মঙলদৈৰ সমূহীয়া পদত্যাগ, গুৰুতৰ অভিযোগ…

দৰং আছুৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ দীঘলীয়া সংঘাত

আন্তঃ মঙলদৈৰ সমূহীয়া পদত্যাগ, গুৰুতৰ অভিযোগ

দৰং আছুৰ লাউজান অধিবেশনৰে পৰা মুলত বিষয়বাব কেন্দ্ৰীক দীঘলীয়া সংঘাতৰ পৰিনতিত আন্তঃ মঙলদৈ ছাত্ৰ সন্থাই সমূহীয়াভাবে পদত্যাগ কৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ২৩ জনীয়া সমিতি সহ সকলোয়ে পদত্যাগ কৰে৷ পদত্যাগ কৰা সকলৰ ভিতৰত আঞ্চলিক সমিতিখনৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক চাহিল চৌধূৰী, উপদেষ্টা ইজাজুল হক, সত্যৰঞ্জন ডেকা, গৌতম কলিতা আৰু গৌৰাংগ কলিতা, উপ-সভাপতি পৰাগ ভট্টাচাৰ্য, ত্ৰিনয়ন ডেকা আৰু মৃদুপৱন দাস, শিক্ষা সম্পাদক কুমাৰ হ্নষিকেশ নাৰায়ণ দেৱ, সাংস্কৃতিক সচিব আৰচিক আলম আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ৰাহুল আজিজ, খুৰচিদ আলম, নয়নমণি হাজৰিকা, সাংগঠনিক সম্পাদক আৰচিফ হুছেইন, ছাকিল আহমেদ, ৰিপন বৰুৱা,মহিবুল হক,বিত্তীয় সম্পাদক বখটিয়াৰ খান প্ৰমুখ্যে ২৩ গৰাকী বিষয়ববীয়া আৰু সদস্য অন্তভূক্ত হৈছে ৷

এই সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় সমিতিলৈ পদত্যাগৰ কাৰন হিচাবে আনহাতে আন্ত: মঙলদৈ ছাত্ৰ সন্থাই পদত্যাগৰ কাৰণ হিচাপে জিলা নেতৃত্বই মতালিৰে উদ্দেশ্য প্ৰণোদিতভাৱে অনাহকতে সদৰ আঞ্চলিক সমিতিখনক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে। তাৎপৰ্য পূৰ্ণ যে দৰং আছুৰ মুখ্য কাৰ্য্যলয় শ্বহীদ ভৱনত বিগত দুমাহ ধৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সঘনাই বাদ বিবাদ, তৰ্ক বিতৰ্কৰ সুত্ৰপাত হৈ আহিছিল৷ ইয়াৰ মাজতে জিলা গোটৰ বিষয় ববীয়াই বিষয়টো থাপিথুপি সমাধানৰ চেষ্টা কৰিছিল যদিও ফলাবাহ যোৰা নলগাৰ দৰে সমূহীয়া পদত্যাগৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ক্ষোভ উজাৰিলে৷

ইতিমধ্যে জিলা সমিতিৰ সভাপতি ৰাজু শৰ্মা আৰু সম্পাদক হৃদয় বৰুৱাই আছুৰ আন্তঃ মঙলদৈ আঞ্চলিকখন কম সময়ৰ ভিতৰত গঠন কৰিব বুলি সদৰি কৰিছে৷ কিন্তু আছুৰ আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ পদত্যাগ কৰা বিষয়ববীয়া সকলে পৰবৰ্তী সময়ত সমিতিখন গঠনত সহযোগ কৰিবনে সেয়াই গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ এই সন্দৰ্ভত এক সুত্ৰই সদৰী কৰা মতে আন্তঃ মঙলদৈৰ কেইবাজনো বিষয় ববীয়াই জিলা গোটৰ দায়িত্ব লবৰ বাবে আশা পালি আছিল৷ কিন্তু লাউজান অধিবেশনত সেয়া আশা পূৰন নোহোৱাত বিবাদৰ সুত্ৰপাতস্থলি হৈ পৰে শ্বহীদ ভৱন৷ আনহাতে এই সমগ্ৰ ঘটনাক দৰঙৰ দুটা বিশেষ ৰাজনৈতিক দলৰ পৰোক্ষ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ সংঘাট হিচাবে অভিহিত কৰিছে এক সুত্ৰই৷ সুত্ৰটোয়ে কম সময়ত বিষয়টো স্পষ্ট হ’ব বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰিছে৷

কলংপৰীয়া শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি : মুখপত্ৰ ‘স্বৰ্ণাভ’সহ তিনিখন গ্ৰন্থ উন্মোচন ! কেইবা গৰাকী গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা…

নিজম পৰিল নগাঁৱৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ সমন্বয় ক্ষেত্ৰ*

কলংপৰীয়া শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি : মুখপত্ৰ ‘স্বৰ্ণাভ’সহ তিনিখন গ্ৰন্থ উন্মোচন : কেইবা গৰাকী গণ্য-মান্য ব্যক্তিক সম্বৰ্ধনা

নগাঁৱৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ সমন্বয় ক্ষেত্ৰত ২৬, ২৭ আৰু ২৮ জানুৱাৰীত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা কলংপৰীয়া শাখা সাহিত্য সভাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ দেওবাৰে নিশা সামৰণি পৰে । ২৬ জানুৱাৰীৰ পুৱা এক মনোমোহা পৰিৱেশত ৫১ খন পতাকা উত্তোলনেৰে সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ হয়। পতাকা উত্তোলন কৰে শাখা সভাপতি থুলেশ্বৰ বৰাসহ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে । ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্য্যসূচী মুকলি কৰে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি কাতিৰাম বৰাই । বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে শাখাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্র গোস্বামীয়ে । শোভাযাত্ৰাৰ পিছতে ‘সাঁকো গ্রন্থাগাৰলৈ’ গ্ৰন্থ উপহাৰ অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ প্রধান সম্পাদক বল্লদেৱ শর্মাই । তাৰ পিছতে বিশিষ্ট সাহিত্যিক প্রয়াত ড° যোগেন্দ্রনাৰায়ণ ভূঞা আৰু প্রয়াত তোষেশ্বৰ শর্মা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু প্ৰাক্তন উপ-সভাপতি জীৱন চন্দ্ৰ শইকীয়াই । বিয়লি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকা , নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকা আদিৰ উপস্থিতিত আজীৱন সভ্যসকলৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । সন্ধিয়া এদল শিশুৰ দ্বাৰা গীত-নৃত্য পৰিবেশন, কবিতা আবৃত্তি আদিৰে কুঁহি সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। ২৭ জানুৱাৰীৰ পুৱা ভাগত কবিতাৰ মহামেলেৰে অনুষ্ঠান আৰম্ভ হয় । নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সঞ্চালনাত কবিমেল উদ্বোধন কৰে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন দাসে । সমীক্ষা আগবঢ়ায় ড° কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতাত্ত্বিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অজিত ভৰালীয়ে ।

অনুষ্ঠানত ডেৰ কুৰিৰো অধিক কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটি সজীৱ কৰি তোলে। বিয়লি অনুষ্ঠিত হয় মহিলাসকলৰ আকাশ অনুষ্ঠান। বিষয় শিক্ষয়িত্ৰী দীপ্তি বৰাই উদ্বোধন কৰা এই অনুষ্ঠানত শিল্পী সকলে আইনাম, বিয়ানামকে ধৰি বিভিন্ন গীত-নৃত্য পৰিবেশনেৰে মুখৰিত কৰি তোলে। নিশা নৃত্যশিল্পী ৰুবুল মহন্ত আৰু বিশিষ্ট অভিনেতা ৰাজেন ফুকনৰ পৰিচালনাত এদল শিশুশিল্পীয়ে অঙ্কীয়া নাট “ৰাম বিজয়” প্ৰদৰ্শন কৰে।সোণালী জয়ন্তী উৎসৱৰ অন্তিম দিনা পুৱাবেলা বিশিষ্ট সাহিত্যিক ৰতিমোহন নাথৰ সভাপতিত্বত শিল্পী-সাহিত্যিকসকলৰ সম্বর্ধনা আৰু গ্রন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। আমন্ত্ৰিত‌ অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে শ্রীশ্রীলেটুগ্রাম সত্রৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, সমাজকৰ্মী সুৰেশ বৰাই ভাষণ প্ৰদান কৰে । অনুষ্ঠানত কেইবাগৰাকী সাহিত্য আৰু সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনোৱা হয় । লগতে বিশিষ্ট লেখক গোলাপ বৰাক কলংপৰীয়া সাহিত্য বঁটা, কুমুদ চন্দ্ৰ বৰাক কলংপৰীয়া সাহিত্য সংগঠক বঁটা, বসন্ত কৌশিক ভাগৱতীক কলংপৰীয়া কাব্যপ্ৰাণ বঁটা, ত্ৰিদিপ বৰাক শিক্ষাব্ৰতী বঁটা আৰু অঞ্চলৰ গৌৰৱ ডঃ দিগন্ত কুমাৰ বৰা, আগষ্টি কাশ্যপ, দীপশিখা তামুলী আদিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। পৰীস্মিতা শইকীয়াৰ দ্বাৰা এটি সত্ৰীয়া নৃত্য পৰিবেশনেৰে শুভাৰম্ভ হোৱা তথা শিল্পী গোলাপ বৰাইও এটি গীত পৰিবেশন কৰা এই অনুষ্ঠানত কবি-লেখিকা দিপালী দেৱীৰ কাব্য সংকলন “অনুভৱৰ ৰ’দালিত জীৱনৰ প্রতিবিম্ব” আৰু লেখক খগেন্দ্ৰ নাথৰ “অনুভূতিৰ দস্তাবেজ” নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

বিয়লিলৈ শাখাৰ সভাপতি থুলেশ্বৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । উদ্বোধনী ভাষণত বৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ বৰ্ণময় ইতিহাস দাঙি ধৰি বৰ্তমানে পূৰ্বৰ গৰিমা কিছু পৰিমাণে ম্লান হৈছে বুলি উল্লেখ কৰি কয় যে ২০১১ চনৰ ভাষা পিয়লত অসমীয়া ভাষীৰ সংখ্যা ওলাইছিল মাত্ৰ ৪৮ শতাংশ । এয়া সুখদায়ক কথা নহয় । বৰ্তমান কেইবা শ অসমীয়া বিদ্যালয় বন্ধ হৈ যোৱা বিষয়টো অতিশয় উদ্বেগজনক বুলিও তেওঁ মন্তব্য কৰে । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আৰু প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰা সভাত স্মৃতিগ্ৰন্থ ‘স্বৰ্ণাভ’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই । উন্মোচনী ভাষণত ৰাজখোৱাই অসমৰ একাংশ থলুৱা মানুহৰ, বিশেষকৈ উঠি অহা গৰিষ্ঠসংখ্যক ডেকা-গাভৰুৰে সাহিত্য-সংস্কৃতিৰ প্ৰতি অনুৰাগ নোহোৱা হৈছে বুলি আক্ষেপ ব্যক্ত কৰি কয় যে এসময়ত গাঁৱে-গাঁৱে বছৰেকত দুই তিনিখন ভাওনা হৈছিল । কিন্তু এতিয়া ভাওনা লাহে লাহে নোহোৱা হৈছে। বহু গাঁৱত গায়ন-বায়নৰো অভাৱ হৈছে । আন গাঁৱৰ নামতি-দেউৰী নহ’লে ৰাজহুৱা নাম বা ঘৰুৱা ধৰ্মীয় অনুষ্ঠান পাতিবলৈ সমস্যা হৈছে । গতিকে অসমীয়া সমাজ-সংস্কৃতিক জীয়াই ৰাখিবলৈ হ’লে প্ৰতিজন অসমীয়াই সচেতন ভূমিকা গ্ৰহণ কৰিব লাগিব । এতিয়া বহু ঠাইত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাটৰ পৰিৱেশন ৰাস ভাওনাক আধুনিক নৃত্যনাটিকা পৰ্যায়লৈ অৱনমিত কৰা হৈছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

বৰ্তমানৰ সময় এক বিপন্ন সময় বুলি উল্লেখ কৰি ৰাজখোৱাই সকলোকে সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰখা অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ প্ৰতিজন অসমবাসীকে আহ্বান জনায় । ধিং শাখা সাহিত্য সভাৰ সভাপতি মৃগাঙ্ক বৰা, কলংপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমলাকান্ত বৰা, কাতিৰাম বৰা, কীৰ্তিকান্ত গোস্বামী, শৈলেন্দ্ৰ গোস্বামী, বিশিষ্ট ব‌্যক্তি পুনিৰাম বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জন ভৰালী, কবি নীলোৎপল চাংমাই, শাখাৰ উপ-সভাপতি পদুম বৰুৱা, জেউতি হাজৰিকা, সম্পাদক দীপাংকৰ ভূঞা, লোক শিল্পী গোলাপ বৰা , সাহিত্য কৰ্মী বিৰিঞ্চি বৰা‌, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল শৰ্মা, সম্পাদক গুণকান্ত বৰা প্ৰমুখ্যে ডেৰ শতাধিক লোক উপস্থিত থকা সভাত সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই । বিধায়ক শৰ্মাই কয় যে অভিভাৱকে সন্তানক যি মাধ্যমতে নপঢ়াওক কিয় , স্ব-মাতৃভাষাৰ জ্ঞান সন্তানক দিব লাগে । মোৰ ল’ৰাই অসমীয়া পঢ়িব নাজানে বোলা কথা গৌৰৱৰ বিষয় হ’ব নোৱাৰে । উঠি অহা প্ৰজন্ম অসমৰ ভৱিষ্যৎ। গতিকে তেওঁলোকক অন্যান্য শিক্ষাৰ লগতে মাতৃভাষাৰ জ্ঞানেৰেও সমৃদ্ধ কৰিব লাগিব সকলোৱে । আগন্তুক ভাষা পিয়লত যাতে অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস নাপায়, তাৰ কাৰণে চেষ্টা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । কলংপৰীয়া শাখা সাহিত্য সভাৰ উপ-সভাপতি কুমুদ চন্দ্ৰ বৰাই আঁত ধৰা সভাত শিল্পী সুবাসনা কাশ্যপে সত্ৰীয়া নৃত্য তথা সুদৰ্শনা কাশ্যপ , নৱমল্লিকা কাশ্যপ, বেদশ্ৰী কাশ্যপ আৰু সংগীতবিশাৰদ শিল্পীশিখা বৰাই গীত পৰিৱেশন কৰি সকলোকে অভিভূত কৰে । নিশা ৰামধেনুৰ ব্যৱস্থাপনাত আয়োজিত সাংস্কৃতিক সমাৰোহেৰে সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ।

দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা…

দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা

অসম চৰকাৰৰ কৃষি বিভাগে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজিৰেপৰা অহা ৩০ জানুৱাৰীলৈকে দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন কৰ্মশালা আয়োজিত কৰিছে। এই কৰ্মশালাত ‘শ্ৰী শ্ৰী ইনছটিটিউট অৱ এগ্ৰিকালচাৰেল চাইঞ্চ এণ্ড টেকন’লজি ট্ৰাষ্ট (এছএছআইএএছটি) ৰ প্ৰতিনিধি তথা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে।

তদুপৰি আজিৰ এই কাৰ্যসূচীত কৃষি বিভাগ আৰু এছএছআইএএছটিৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় । আজিৰ এই কৰ্মশালাৰ প্ৰথম দিনটোত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, উদ্যান শস্য তথা পশুখাদ্য পৰামৰ্শদাতা শ্ৰী খগেন শৰ্মা,

এছএছআইএএছটিৰ অধ্যক্ষ ড° বন্দি প্ৰভাকৰ ৰাও, এছএছআইএএছটিৰ সম্প্ৰসাৰণ সঞ্চালক শ্ৰীমতী সবিতা ভূটানী, এৰিয়াছ ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিত্তল, এছএছআইএএছটিৰ ট্ৰাষ্টী শ্ৰী মেলকম চেশাদ্ৰী ৰংঙৰাজ আৰু শ্ৰীমতী অৰ্চনা ঝা প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

দেশৰ ১৫খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

লোকসভা নিৰ্বাচনৰ দিন ক্ৰমে আগুৱাইছে। চলিতবৰ্ষৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসমৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সোমবাৰে এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে।

নিৰ্বাচন আয়োগৰ মতে এই ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ খন ৰাজ্যৰ ৫০ খন আসনৰ ম্যাদ ২ এপ্ৰিলত শেষ হ’ব।

দুখন ৰাজ্যৰ ছয়খন আসনৰ সদস্যসকলৰ কাৰ্যকাল ৩ এপ্ৰিলত শেষ হ’ব। পশ্চিম বংগৰ উপৰিয ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়,ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

১৫ মাহৰ ব্যৱধানৰ পিছত ভাৰতত নতুন ৰাষ্ট্ৰদূত নিযুক্তি দিয়াৰ সম্ভাৱনা চীনৰ

১৫ মাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চীনে ভাৰতত নিজৰ নতুন ৰাষ্ট্ৰদূত নিযুক্তি দিয়াৰ সম্ভাৱনা। এক প্ৰতিবেদন অনুসৰি জু ফেইহঙক ভাৰতলৈ চীনৰ পৰৱৰ্তী দূত হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চয়তা অহা নাই, তথাপিও খবৰ অনুসৰি ভাৰতীয় পক্ষক জু ফেইহঙৰ মনোনয়নৰ বিষয়ে অৱগত কৰা হৈছে। অহা মাহত জু আহিব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে যদিও তেতিয়ালৈকে তেওঁৰ আগমন কিমান নিশ্চিত হ’ব সেয়া স্পষ্ট নহয়।

জু ফেইহঙে বৰ্তমান বৈদেশিক মন্ত্ৰালয়ৰ বিত্তীয় আৰু প্ৰশাসনিক পৰিক্ৰমা সহকাৰী মন্ত্ৰী হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বে জুই ২০১০ চনৰ পৰা ২০১৩ চনলৈকে আফগানিস্তানত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতত চীনৰ পূৰ্বৰ ৰাষ্ট্ৰদূত আছিল ছান ৱেইডং, যিয়ে লুও ঝাওহুইৰ পিছত ২০২২ চনৰ ২৬ অক্টোবৰত কাৰ্যকাল সম্পূৰ্ণ কৰে।