Home Blog Page 1091

কংগ্ৰেছ দলৰ পৰা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ সাংসদ গৌৰৱ গগৈয়ে কি ক’লে?

লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দলৰ নেতা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেওবাৰে মণিপুৰৰ থৌবালৰ পৰা কংগ্ৰেছে ‘ভাৰত যোগো ন্যায় যাত্ৰা’আৰম্ভ কৰে।

মণিপুৰত মিলিন্দ দেওৰাৰ কংগ্ৰেছৰ পৰা পদত্যাগ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয়, “আমি মণিপুৰলৈ আহিছো আৰু ইয়াৰ ৰাইজে আমাক আদৰণি জনাইছে কাৰণ কেৱল কংগ্ৰেছ আৰু INDIA মিত্ৰজোঁটেহে মণিপুৰৰ সমস্যাৰ কথা কয়। এই সময়ত যদি মিলিন্দ দেওৰা জী ইয়াত নাই তেন্তে সেয়া তেওঁৰ ক্ষতি…”।

১৪ জানুৱাৰী, দেওবাৰে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে মিলিন্দ দেওৰাই। মাইক্ৰ’ব্লগিং চাইট এক্সত মিলিন্দ দেওৰাই লিখে, “আজি মোৰ ৰাজনৈতিক যাত্ৰাৰ এক উল্লেখযোগ্য অধ্যায়ৰ সামৰণি পৰে । INCIndia দলৰ সৈতে মোৰ পৰিয়ালৰ ৫৫ বছৰীয়া সম্পৰ্কৰ অন্ত পেলালোঁ। বছৰ বছৰ ধৰি আগবঢ়োৱা অদম্য সমৰ্থনৰ বাবে সকলো নেতা, সহকৰ্মী আৰু কৰ্মকৰ্তাৰ প্ৰতি মই কৃতজ্ঞ’।

উল্লেখ্য যে কংগ্ৰেছ ত্যাগ কৰি শিৱসেনাত যোগদান কৰিলে মিলিন্দ দেওৰাই।

বাৰে বাৰে বুকুৰ বিষ হয় নেকি? এই ৫ টা ৰোগ হোৱাৰ সম্ভাৱনা…

বহুতে বুকুৰ বিষত ভুগি থাকে আৰু ইয়াৰ বহু কাৰণ থাকিব পাৰে। বেছিভাগ মানুহেই ভাবে যে ই এচিডিটিৰ সমস্যা হ’ব পাৰে। বাৰে বাৰে এনে বিষ হ’লে বিপদজনক ৰোগৰ লক্ষণো হ’ব পাৰে। আজি কওঁ কোনবোৰ বেমাৰে বুকুৰ বিষ কৰিব পাৰে। যদি আপোনাৰ বাৰে বাৰে বুকুৰ বিষ হয় তেন্তে আপোনাৰ হাৰ্ট এটেক হোৱাৰ সম্ভৱনা-

পেটৰ আলচাৰ হোৱাৰ আশংকাও থাকিব পাৰে। যদি বাৰে বাৰে বুকুৰ বিষ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

পেনিক এটেক হোৱাৰ আগতে বুকুৰ বিষত ভুগিব পাৰে। আপুনি সাৱধান হ’ব লাগে।

বুকুৰ বিষ কেতিয়াও আওকাণ কৰিব নালাগে, ইয়াৰ ফলত গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্সৰ দৰে গুৰুতৰ সমস্যাও হ’ব পাৰে।


আজিৰে পৰা ‘ভাৰত জোড়ো ন্যায় যাত্রা’, ১৮ জানুৱাৰীত অসমত প্রৱেশ কৰিব এই যাত্রাই…

আজিৰে পৰা কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’।
উত্তৰ-পূবৰ পৰা এই যাত্রা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ নেতৃত্বত।
মণিপুৰৰ খংজমৰ পৰা আৰম্ভ হ’ব ৬৭ দিনীয়া যাত্রা।


কেতবোৰ নিয়ম মানিহে ন্যায় যাত্ৰাৰ বাবে কংগ্রেছক অনুমতি প্ৰদান।
সীমিতসংখ্যক লোকৰ উপস্থিতিৰে আৰম্ভ হ’ব এই যাত্রা।
১৮ জানুৱাৰীত অসমত প্রৱেশ কৰিব এই যাত্রাই।
৮ দিনত এই যাত্রাই সাঙুৰি ল’ব অসমৰ ১৭খন জিলাক।
৬৬ দিনৰ পিছত যাত্ৰাৰ সামৰণি পৰিব মুম্বাইত।


আয়ৰা-নুপপুৰৰ বিবাহ অভ্যৰ্থনাত উপস্থিত মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, শ্বাহৰুখ-ছলমানকে ধৰি অংশগ্ৰহণ আম্বানী পৰিয়ালৰ…

শনিবাৰে নিশা মুম্বাইত আয়ৰা খান আৰু নুপুৰ শিখাৰৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়, য’ত বলীউডৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ব্যক্তিলৈকে বহু লোক উপস্থিত থাকে। উদয়পুৰত গন্তব্য বিবাহ অনুষ্ঠিত কৰাৰ পিছত শনিবাৰে সন্ধিয়া মুম্বাইত দম্পতীহালৰ গ্ৰেণ্ড ৱেডিং ৰিচেপচনৰ আয়োজন কৰা হয়।

অভ্যৰ্থনা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু মুকেশ আম্বানীয়েও উপস্থিত হৈ দম্পতীহালক আশীৰ্বাদ দিয়ে। আমিৰ খানৰ বেষ্ট ফ্ৰেণ্ড শ্বাহৰুখ খান আৰু ছলমান খানও এই ৰিচেপচন পাৰ্টিত অংশ ল’লে। এই অভ্যৰ্থনা পাৰ্টিৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচলিত।

আনহাতে অভ্যৰ্থনা অনুষ্ঠানত চলচ্চিত্ৰ প্ৰবীণ খেলুৱৈ হেমা মালিনী, ৰেখা আৰু ছাইৰা বানুৱও উপস্থিতি থাকে।

হৃদৰোগত আক্ৰান্ত হৈ সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ভাস্কৰ বৰুৱাৰ আকস্মিক মৃত্যু…

সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ভাস্কৰ বৰুৱাৰ আকস্মিক মৃত্যু।

শনিবাৰে নিশা হঠাৎ অসুস্থ হোৱাত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

হৃদৰোগত আক্ৰান্ত হৈ যুৱনেতাগৰাকীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে চিকিৎসকে৷

উৰুকা নিশা একেলগে এসাজ খোৱাৰ প্ৰস্তুতি। ৰৌ, বৰালি, বাহু, আৰি কোনে কি মাছ ক্ৰয় কৰিলে…

আজি উৰুকা, উৰুকা নিশা একেলগে এসাজ খোৱাৰ প্ৰস্তুতি। ৰৌ, বৰালি, বাহু, আৰি সকলোৱে ক্ৰয় কৰিছে মনৰ পচন্দৰ মাছ। উৰুকা উপলক্ষে নগাঁৱৰ মীন বিভাগৰ উদ্যোগত জিলা মীন বিভাগৰ কাৰ্যালয়ত সুলভ মূল্যত মাছ বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে।পূৱা ৪ বজাৰ পৰাই মাছ ক্ৰয় কৰিবৰ বাবে মীন বিভাগৰ কাৰ্যালয়ত ৰাইজে ভিৰ কৰে।

আনহাতে দেৰগাঁৱত উৰুকাৰ নিশা এসাঁজ খাবলৈ মাছ ধৰিছে ৰাইজে। কুইন্টলে কুইন্টলে ওলাইছে মাছ। ইপৰিয়া গাঁৱৰ এটা পুখুৰীৰ পাৰত মাছ চাবলৈ ৰাইজে লগালে ভীৰ। গাঁৱৰ ৰাইজক উৰুকা নিশা এসাঁজ তৃপ্তিৰে খাবলৈ নিজা পুখুৰীৰ বিনামূলীয়াকৈ মাছ যোগান ধৰিছে কৃষ্ণকান্ত পেগুৱে। এই মৎস্য বিতৰণত নগালেণ্ডৰ পৰা এটা দল উপস্থিত হৈ মাছ ধৰা দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰাও দেখা গ’ল।

‘ইমন’ত সিদ্ধাৰ্থ শৰ্মা

শক্তিশালী কাহিনীৰে আহি আছে অসমীয়া চলচিত্ৰ ‘ইমন’। অসীম বৈশ্যই পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছে কেকে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই।

ইতিমধ্যেই সিদ্ধাৰ্থ শৰ্মাই নৱ প্ৰজন্মৰ হাৰ্টথৱ জুবিন গাৰ্গৰ লগত চিকাৰ নামেৰে এখন অসমীয়া চলচিত্ৰ অসমবাসীক উপহাৰ দিবলৈ সাজু হৈছে।

তেনে সময়তেই অভিনেতা সিদ্ধাৰ্থ শৰ্মাই সামাজিক ব্যক্ত কৰিছে এখন নতুন অসমীয়া চলচিত্ৰৰ কথা।

মানস প্ৰতিম দত্তৰ কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ উন্মোচন

কবি, লেখক, পৰিবেশকৰ্মী, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ নতুন কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ আনুষ্ঠানিকভাৱে উন্মোচন হৈ যায়। নিবিড় অনুৰাগ মানস নামেৰে অসমীয়া কাব্যজগতত সুপৰিচিত কবি দত্তই মাতৃ প্ৰয়াত লক্ষীমাই দত্তৰ পবিত্ৰ সোঁৱৰণত গ্ৰন্থখন পাঠকৰ বাবে আগবঢ়াই দিছে।


বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ আৰু কবিতাৰ প্ৰাসংগিক ধাৰা পাৰিপাৰ্শ্বিক কবিতাৰ আৰু জীৱনবোধৰ কবিতাৰে সংকলনখন সজোৱা হৈছে। কিছু সংখ্যক কবিতাত QR ব্যৱহাৰ কৰা হৈছে। পাঠকে এই QR সমূহ স্কেন কৰি কবিতাসমূহৰ অডিঅ’ শুনিব পাৰিব।

প্ৰযুক্তিৰ এবে সুন্দৰ ব্যৱহাৰে পাঠকক গ্ৰন্থখনৰ প্ৰতি আগ্ৰহী কৰি তুলিব। এনেধৰণৰ প্ৰযুক্তি ব্যৱহৃত এইখনেই সম্ভৱতঃ প্ৰথম গ্ৰন্থ। চুনা কুমাৰ পাঠৰীৰ দ্বাৰা নিৰ্বাচোত মানস প্ৰতিম দত্তৰ কবিতাসমূহে পৰিবেশ সংৰক্ষণক কবিতাৰ জৰিয়তে পাঠকৰ কাষ চপাই নিবলৈ যত্ন কৰিছে।


শনিবাৰে প্ৰয়াত মাতৃৰ মৃত্যুৰ পঞ্চম বাৰ্ষিকীৰ দিনা কবিৰ মাছখোৱাস্থিত বাসগৃহত গ্ৰন্থখন উন্মোচন কৰে কবি বৈদ্য ব্ৰাইট বুঢ়াগোহাঁয়ে। গ্ৰন্থখন উন্মোচন কৰি বুঢ়াগোহাঁয়ে কয় যে, অসমীয়া পাৰিপাৰ্শ্বিক আৰু জীৱনবোধৰ কবিতাৰে সমৃদ্ধ কাব্যগ্ৰন্থ অসমীয়া পাঠকসমাজৰ বাবে খুব মনোগ্ৰাহীকৈ সজাই তোলা হৈছে।’


উন্মোচনী অনুষ্ঠানত ড° ৰণদ্বীপ বড়া, দিগন্ত কুমাৰ কাকতি, জোনমণি হাজৰিকা, জাহ্নৱী শইকীয়া, যুগল সন্দিকৈ, সত্যব্ৰত গগৈ, সান্ত্বনা বৰুৱা, হেমচন্দ্ৰ কছাৰী, ধ্ৰুৱ জ্যোতি চেতিয়া, ধৰ্মেশ্বৰ নাথ, লাকী বুঢ়াগোহাঁই, জাহ্নৱী শইকীয়া, শুভৰঞ্জন দুৱৰা, পংকজ পেগু, পুলকজ্যোতি বৰা, প্ৰতাপ দত্ত, সঞ্জীৱ দত্ত, হৰিনাৰায়ণ সন্দিকৈ, হেমন্ত দত্ত, মিণ্টু শইকীয়া, লিপিকা দত্ত, যোগানন্দ্ৰ কোচ, অনুৰূপা সন্দিকৈ, জোনাকী দত্ত, প্ৰীতিৰেখা দত্ত, হৰিনাৰায়ণ দত্ত, হৰকান্ত বড়াকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠন

দিছপুৰ প্ৰেছ ক্লাৱত শনিবাৰে অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্য নিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজনৈতিক, সামাজিক, বানিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হ’ব এই কনক্লেভ।

এই সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কাম সমূহৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে।
ইফালে, কাৰ্য নিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্নাংগ সমিতি গঠন কৰা হয়।

নতুন সমিতি ক্ৰমে, সভাপতি নীতিশ শৰ্মা, উপ সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হ’ক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেবী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য সম্পাদক দৃষ্টি ৰূপা বৰদলৈ সদস্য ক্ৰমে তথাগত ভট্টাচাৰ্য, অৰ্নৱ দাস ইত্যাদি উপস্থিত থাকে।

সভাত জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমে মঞ্চৰ সদস্যসকলক পৰামৰ্শ প্ৰদান কৰে।

‘কংগ্ৰেছৰ বাবৰলৈ মৰম, শ্ৰীৰামলৈ আস্থা নাই’

কংগ্ৰেছে ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ নিমন্ত্ৰণ প্রত্যাখ্যান কৰাক লৈ সোচ্চাৰ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা।

কংগ্ৰেছে ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ নিমন্ত্ৰণ নাকচ কৰাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “… পাপ খণ্ডন কৰিবলৈ বিশ্ব হিন্দু পৰিষদে ডাঙৰ সুযোগ দিছে। তেওঁলোকে বাবৰক ভাল পায়, ভগৱান ৰামক নহয়। গতিকে তেওঁলোকক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ভুল আছিল আৰু ভগৱান ৰামত বিশ্বাস থকাসকলকহে নিমন্ত্ৰণ কৰিব লাগে। ভগৱান ৰাম আৰু বাবৰৰ মাজত গান্ধী পৰিয়ালে প্ৰথমে বাবৰক প্ৰণাম জনাব…”।

ইয়াৰ পূৰ্বে নিজৰ এক্স হেণ্ডেলত শৰ্মাই আফগানিস্তানৰ বাবৰ সমাধিস্থললৈ গান্ধী পৰিয়ালৰ ভ্ৰমণৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল, বিশেষকৈ ২০০৫ চনত ৰাহুল গান্ধীৰ ভ্ৰমণৰ ওপৰত আলোকপাত কৰিছিল।