Home Blog Page 1097

অভয়াপুৰীত ভোগৰ উৎসৱ ভোগালী মেলা আৰম্ভ

অসমৰ বাপতি-সাহোন ভোগৰ উৎসৱ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ঐতিয্য মণ্ডিত দেৱদাৰু নগৰি অভয়াপুৰীত চৰকাৰৰ দুটা বিভাগৰ উদ্যোগত দুই স্থানত তিনি দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত হয়। বুধবাৰৰ এই দুয়োটা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মানস কুমাৰ শইকীয়াই।

ইয়াৰে প্ৰথমটো ভোগালী মেলাৰ কাৰ্যসূচী অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু অভয়াপুৰী পৌৰসভাৰ সহযোগত অভয়াপুৰী ৰাজবাৰী পুখুৰী উদ্যানত অনুষ্ঠিত হয় এই ভোগালী মেলাৰ। এই মেলাত নগৰ খনৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰমে – ৰূপালী, মিলি জুলি(টেংনামাৰী), মা শক্তি, পূজা, নন্দিনী,বাবা ভোলানাথ, অনুৰাধা, মনালিছা, মিলি জুলি (লাচিত নগৰ), বাবা লোকনাথ, প্ৰাকৃতি, নয়নি আৰু আয়ুস আদি কৰি ১৩টা নগৰীয়া জীৱিকা আত্ম সহায়ক গোটে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এই মেলাত অংশ গ্ৰহণ কৰিছে।

বিশিষ্ট সমাজ কৰ্মী তথা অভয়াপুৰী পৌৰসভাৰ পাৰিষদ নুৰ ইছলামৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত সভাত মহকুমাধিপতি মানস কুমাৰ শইকীয়াৰ উপৰিও শিল্পী পেঞ্চনাৰ ধৰণি বনিক্য, বিশিষ্ট সমাজ কৰ্মী ৰুদ্ৰ কুমাৰ পাঠক,অভয়াপুৰী পৌৰসভাৰ সভাপতি শুশান্ত পোদ্দাৰ,উপ সভাপতি প্ৰবিন দাস, অভয়াপুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱাংগনা আইদেউ, সমাজ কৰ্মী ধৃতিমান বণিক্য আদিয়ে উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়।

আনহাতে অভয়াপুৰীৰ ধৰ্ম পুৰ ৰাস পথাৰতো অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযান মিচন, বঙাইগাঁও জিলাৰ উদ্যোগতো বুধবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ -২০২৪, আৰম্ভ হয়।

এই মেলা শুভাৰম্ভ অনুষ্ঠানত মহকুমাধিপতিৰ উপৰিও টাপাট্টাৰী আৰু সৃজন গ্ৰাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বঙাইগাঁও জিলা পশু চিকিৎসা বিষয়া সহ আন আন বিষয়া কৰ্মচাৰী উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়। এই মেলাতো জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩২ টা মহিলা আত্ম সহায়ক গোটে অংশ গ্ৰহণ কৰি নিজৰ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে নিজ নিজ বিপনীত অংশ গ্ৰহণ কৰে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে এই দুয়োটা ভোগালী মেলাৰ পৰা ক্ৰেতা সকলে বিভিন্ন ধৰণৰ খাদ্য আৰু আন আন প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিব পাৰিব। পোন প্ৰথম বাৰৰ বাবে অভয়াপুৰী চহৰত দুটাকৈ ভোগালী মেলা অনুষ্ঠিত হোৱা বাবে চহৰ বাসীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে।

ছিৰাজুল হক হাইস্কুলত ৭২ লাখ টকা ব্যায়েৰে চাৰি কোঠাযুক্ত বিদ্যালয়গৃহৰ আধাৰশিলা স্থাপন বিধায়ক মজিবুৰ ৰহমানৰ

দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে মঙ্গল বাৰে দিনজোৰা কাৰ্যসূচীৰে শিলবৰী ছিৰাজুল হক হাইস্কুলত অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে।


আধাৰশিলা স্থাপন কৰা অতিৰিক্ত গৃহসমূহ চাৰি কোঠাযুক্ত হোৱাৰ লগতে থাকিব অত্যাৱশ্যকীয় সুবিধা। সমগ্ৰ শিক্ষাৰ অধীনত মুঠ ৭২,০০,০০০’০০( বাসত্তৰ লাখ) টকা ব্যয় সাপেক্ষ হব এই বিদ্যালয়ৰ অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ। শৈক্ষিক দিশত অধিক উন্নয়ন হব বুলি আশা কৰিয়েই শিক্ষানুষ্ঠান চৌহদত এই শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। দৰং জিলাৰ শিলবৰীত ১৯৮১ চনত স্থাপিত বিদ্যালয়ত উচ্চ শিক্ষাৰ মূল কেন্দ্ৰ স্বৰূপ ছিৰাজুল হক হাইস্কুল।

সংখ্যালঘু জনবহুল বৃহত্তৰ অঞ্চল খিনিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এটা হোৱাত ১৪০০ পৰা ১৫০০ ছাত্ৰ-ছাত্ৰী আছে বিদ্যালয় খনত। ছাত্ৰ-ছাত্ৰী অতিমাত্ৰা হোৱাত আছে বিভিন্ন সমস্যা,ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক,নাই শ্ৰেণীৰ কোঠা। বিদ্যালয় খনত পাঠদান ক্ষেত্ৰত হয় বহু অসুবিধা।

বিদ্যালয় খনত বৰ্তমান আছে মাত্ৰ সোতৰ গৰাকী শিক্ষক। বিধায়ক মজিবুৰ ৰহমানে নতুনকৈ চাৰি কোঠালী যুক্ত শ্ৰেণীকোঠাৰ উদ্বোধনক লৈ উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল। বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু বিভিন্ন সমস্যা, ছাত্ৰ-ছাত্ৰী সৰ্বাঙ্গীন উন্নতিৰ বাবে বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে দলগাওঁৰ বিধায়ক মজিবুৰ ৰহমানক এখনি স্মাৰক পত্ৰ দিয়ে। লগতে বৰ্তমান শাসনাধীন চৰকাৰক ছাত্ৰ অনুপাতে নতুনকৈ শিক্ষক নিযুক্তি দিয়াৰ বাবেও অনুৰোধ জনায়।


আধাৰশিলা স্থাপন কৰা সময়ত আৰু সভাখনত দলগাঁও সমষ্টিৰ বিধায়ক ৰহমানৰ লগতে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সগেন দে, বৰ্তমানৰ প্ৰধান শিক্ষক হজৰত আলী, শিক্ষক ছায়েদুৰ ৰহমান,গোলাম হুছেইন,প্ৰতাপ হাজং,অনুপম ডেকা, সঞ্জয় দত্ত,ইব্ৰাহিম আলী,ওমৰ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাইদৰ আলী, আব্দুল খালেক, প্ৰাক্তন শামপুৰ জিলা পৰিষদৰ সদস্য আব্দুল লতিফ,সমাজ সেৱক হেবজুৰ ৰহমান,ছামচুল হক,আব্দুল মালেক,নজিৰ আহমেদ, বাহাৰুল ইছলাম,গোলাপ মস্তোফা আৰু বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক, স্থানীয় গন্য-মান্য ব্যক্তি, সমাজকৰ্মী, ৰাজনীতিবিদ উপস্থিত থাকে।

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযানত নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ…

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযান, নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ।

বিহালী আৰক্ষীয়ে বিভিন্ন সময়ত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় সুৰা জব্দ কৰি আহিছে। সমান্তৰাল ভাৱে বুধবাৰৰ নিশা বিহালীৰ আৰক্ষীৰ অভিযানত বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেদেতীৰ চেণ্টাৰত প্ৰায় ৭ শ কাৰ্টন

অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য মতে অৰুনাচলৰ নিৰজুলীৰ পৰা মনিপুৰলৈ বুলি অনা সুৰা ভৰ্তি ট্ৰাকৰ বিশেষ সুত্ৰ সন্ধানত আৰক্ষী বিষয়া বুছিং বেৰ নেতৃত্বত

এই সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিহালী আৰক্ষী উল্লেখ্য যে এই সুৰাৰ আনুমানিক মূল্য প্ৰায় ৩৫ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰ ! নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক…

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰ
শপতনামা অনুসৰি কেলেংকাৰি সন্দৰ্ভত এতিয়ালৈ গ্ৰেপ্তাৰ


নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক
৪২ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিছে চৰকাৰে


বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা
২০১৩-২০১৪ বৰ্ষৰ অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ
বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া।

বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্টী ছ’চাইটিৰ

সহযোগত এই পঞ্চম জলচৰ পক্ষী গণনা সম্পন্ন হ’ব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত অংশগ্ৰহণ…

ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ তাৰিখ চূড়ান্ত কৰাৰ লগতে অন্যান্য দিশ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে লোকসেৱা ভৱনত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ উপৰি খেল অনুষ্ঠিত হ’বলগীয়া জিলাকেইখনত খেলুৱৈসকলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৰাক্ষসমাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভা অনুষ্ঠিত…

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ৰাক্ষসমাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভা অনুষ্ঠিত হয়৷উল্লেখ্য যে ৰাক্ষসমাৰী ৰাজহুৱা ৰংগমঞ্চত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাক্ষসমাৰী উপ শাখা সমিতিৰ বিষয়ববীয়া সভাখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ শোণিতপুৰ জিলাৰ সম্পাদক বসন্ত চাচনীয়ে৷উক্ত সভাখনিত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতীয়ে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনিত বিশিষ্ট সমাজকৰ্মী মণি দাস,সদৌ

অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পশ্বিম ঢেকীয়াজুলি আঞ্চলিকৰ সভাপতি আষোতোষ দাস,বেংগলী মহিলা সমিতিৰ নেত্ৰী শ্বেফালি মজুমদাৰ,আদিবাসী ছাত্ৰ সন্থাৰ নেতা অজিত মহাপাত্ৰ উপস্থিত থাকে৷ইপিনে বিষয়ববীয়া সভাখনিতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাক্ষসমাৰী উপ শাখা সমিতি গঠন কৰে৷

প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

সদৌ অসম ডিজিটেল মিডিয়া এচোছিয়েশ্যনৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতি গঠন…

সদৌ অসম ডিজিটেল মিডিয়া এচোছিয়েশ্যনৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতি গঠন।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত কৰ্মৰত ডিজিটেল মিডিয়াত কৰ্মৰত সাংবাদিকক লৈ খাৰুৱাবান্ধা মেহেৰুন নেছা’ছ উইচডম স্কুলত এখন ২০ জনীয়া শক্তিশালী জিলা সমিতি গঠন কৰা হয়।

বৈদ্যুতিক আৰু ছপা মাধ্যমৰ সাংবাদিকৰ দৰে ডিজিটেল মিডিয়াত কাম কৰা সাংবাদিক সমান অধিকাৰ প্ৰদান কৰাৰ দৰে সম অধিকাৰ দিয়াৰ বাবে এই সন্থাই চৰকাৰ আৰু প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিব।

মনকৰিবলগীয়া কথা যে ডিজিটেল মিডিয়াত কৰ্মৰত সাংবাদিক সকল সঘনাই চৰকাৰ আৰু প্ৰশাসনৰ পৰা বঞ্চিত হৈ আহিছে।

তুশান আলমক সভাপতি আৰু ছফিয়ৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে নিয়োগ কৰি এই জিলা সমিতি গঠন কৰা হয়।

পৰ্যটন ডুবু ডুবু… ভাৰতীয় পৰ্যটকে নাকচ কৰাৰ পিছত অধিক পৰ্যটকৰ প্ৰেৰণ কৰিবলৈ চীনক আহ্বান মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ মুইজজুৰ

বিপদত পৰিছে মালদ্বীপৰ চৰকাৰ। চিন্তিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজু। ভাৰতীয় পৰ্যটকে পিঠি দিয়াৰ পিছত এতিয়া ৰ্ষ্ট্ৰপতিগৰাকীয়ে চীনৰ সহায় বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ একাংশ মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যক লৈ কূটনৈতিক বিৰোধিতা আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে।এনে পৰিস্থিতিৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে মঙলবাৰে চীনক তেওঁৰ দেশলৈ অধিক পৰ্যটক প্ৰেৰণৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

পাঁচদিনীয়া চীন ভ্ৰমণ যোৱা মুইজজুৱে চীনক দ্বীপৰাষ্ট্ৰ খনৰ “নিকটতম” সহযোগী বুলি অভিহিত কৰে আৰু ইয়াৰ বেল্ট এণ্ড ৰোড ইনিছিয়েটিভ (বিআৰআই) প্ৰকল্পৰ প্ৰশংসা কৰে। মুইজজুৱে কয় যে চীনে মালদ্বীপৰ ইতিহাসত প্ৰত্যক্ষ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ প্ৰশাসন চীনৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ দ্ৰুত ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ এই চুক্তিক দুয়োখন দেশৰ মাজত ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কৰ প্ৰতীক হিচাপে অভিহিত কৰে।

মঙলবাৰে ফুজিয়ান প্ৰদেশত মালদ্বীপ ব্যৱসায় মঞ্চত ভাষণ প্ৰদান কৰি মুইজজুৱে এনেদৰে মন্তব্য কৰে। তেওঁ চীনক মালদ্বীপলৈ দেশ খনৰ পৰ্যটকৰ সোঁত শক্তিশালী কৰিবলৈ আহ্বান জনায়। কাৰণ মালদ্বীপৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল।উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মালদ্বীপৰ কেইজনমান মন্ত্ৰীয়ে মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণকলৈ কটু মন্তব্য কৰিছিল। মোদীয়ে সাগৰৰ পাৰৰ এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছত মালদ্বীপৰ মন্ত্ৰীয়ে অপমানজনক মন্তব্যৰ কৰিছিল।

ফলত ভাৰত-মালদ্বীপৰ সম্পৰ্ক তিক্ত হৈ পৰে। মালদ্বীপ পৰ্যটন মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত ২০২৩ চনত দেশখনৰ বাবে সৰ্ববৃহৎ পৰ্যটন বজাৰ হৈ আছিল।তাৰ পিছতে আছিল ৰাছিয়া আৰু চীন। অৱশ্যে, শেহতীয়া বিতৰ্কৰ ফলত ভাৰতীয় পৰ্যটকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু ভাৰতীয়ই মালদ্বীপলৈ তেওঁলোকৰ বুকিং বাতিল কৰিছে। ।ইপিনে বিদেশ ভ্ৰমণ কৰা চীনা পৰ্যটকসকলে এতিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে নিজৰ ভ্ৰমণ সীমাবদ্ধ কৰি ৰাখিছে।সেয়ে বিপদত পৰিছে মালদ্বীপৰ চৰকাৰ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে সলনি হৈ পৰিল লাক্ষাদ্বীপৰ ভাগ্য, সোঁত পৰ্যটকৰ…

হঠাতে ভাগ্য সলনি হৈছে লাক্ষাদ্বীপৰ। প্ৰধানমন্ত্ৰী মোদীৰ লাক্ষদ্বীপ ভ্ৰমণৰ পিছত দ্বীপটোৰ ভাগ্য সলনি হৈ পৰিছে। এতিয়া বহু পৰ্যটকে লাক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। লাক্ষদ্বীপৰ প্ৰশাসক প্ৰফুল পেটেলে কয় যে লাক্ষদ্বীপ ভ্ৰমণৰ বাবে হাজাৰ হাজাৰ লোকে অনুসন্ধানৰ আৰম্ভ কৰিছে। পেটেলে আশ্বাস দিছে যে লাক্ষদ্বীপৰ প্ৰশাসনে পৰ্যটকৰ অত্যধিক হেঁচাকলৈ চিন্তিত নহয়, কিয়নো লাক্ষদ্বীপত পৰ্যটকৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আছে।

পেটেলে কয়, “আমি লক্ষদ্বীপত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ আশা কৰি আছো। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আমি লাভাৱান্বিত হ’ম, মালদ্বীপৰ কটাক্ষৰ বাবে নহয়”।

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পিছতে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰদূত ড° আলী নাছিৰ মহম্মদক সাক্ষাৎ কৰে । আলোচনাকালত মালদ্বীপৰ শীৰ্ষ চৰকাৰী বিষয়াগৰাকীয়ে কয় যে দেশ খনৰ একাংশ মন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে কৰা মন্তব্যই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে। তেওঁ মালদ্বীপৰ চুবুৰীয়া দেশ ভাৰতৰ প্ৰতি অব্যাহত সমৰ্থনৰ কথা পুনৰ দোহাৰে।


মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে চৰকাৰে মোদীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত “অপমানজনক মন্তব্য” সম্পৰ্কে অৱগত আৰু তেনে ব্যক্তিগত দৃষ্টিভংগীয়ে মালদ্বীপ চৰকাৰৰ স্থিতিক প্ৰতিনিধিত্ব নকৰে।

ভাৰতে সোমবাৰে মালদ্বীপৰ দূত ইব্ৰাহিম শ্বাহিবক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মতাই অনাৰ পিছত আৰু মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা মন্তব্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ পিছতে দুই দেশৰ শীৰ্ষ প্ৰতিনিধিৰ এই বৈঠকখন অনুষ্ঠিত হয়।

লাক্ষদ্বীপত পৰ্যটনৰ প্ৰচাৰ কৰাৰ অৰ্থে মোদীয়ে পোষ্ট কৰা এটা ভিডিঅ’ৰ প্ৰতিক্ৰিয়া স্বৰূপে মালদ্বীপৰ মন্ত্ৰী মলশা শ্বৰীফ, মৰিয়াম শিউনা আৰু আব্দুল্লা মাহজুম মজিদে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।