Home Blog Page 1104

মাজবাট আৰক্ষীৰ বৃহৎ সফলতা, ৪৫৮ কেজি ভাং জব্দ…

ওদালগুৰি জিলাৰ উত্তৰ পূৱ কোনত অৱস্থিত মাজবাট এতিয়া ভাং সৰবৰাহকাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰিদৰ হৈ উঠিছে। অৰুণাচল পাহাৰৰ পৰা দৈনিক সৰবৰাহ হৈছে লাখ লাখ টকাৰ নিষিদ্ধ ভাং, গাঞ্জা আৰু অৰুণাচলী সুৰা। আৰক্ষী প্ৰশাসনে দৈনিক এই অবৈধ ব্যৱসায়ী তথা ভাং , গাঞ্জা আৰু অৰুণাচলী সুৰা জব্দ কৰি আহিছে যদিও বৰ্তমানো সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই। ৫ জানুৱাৰী নিশা ২৭২ কেজি ভাংসহ এজন ভাং সৰবৰাহকাৰীক আটক কৰাৰ পিছত যোৱা নিশা পুণৰ মাজবাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে আজি পুৱতি নিশা মাজবাট আৰক্ষী থানাৰ এচ আই কুশল চন্দ্ৰ নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম – অৰুণাচল সীমান্তৰ নিজৰা চেন্টাৰ এলেকাৰ বনগাঁও হাদাংগুৰীৰ নিকটৱৰ্তী ঘন হাবিৰ মাজেৰে পাহাৰৰ পৰা ভাং সৰবৰাহ কৰি থকা অৱস্থাত বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

সৰবৰাহকাৰীৰ দলটোৱে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশ কৰাৰ উমান পায় ভাং সমূহ এৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ ঘন অৰণ্যৰ মাজলৈ পলাই যায়। পিছত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ভাংখিনি মাজবাট আৰক্ষী থানালৈ লৈ আহে। ইতিমধ্যে মাজবাট আৰক্ষীয়ে ৩/২৪ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দ কৰা ভাংখিনিৰ আনুমানিক মূল্য প্ৰায় ৫৭ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লাহৰিঘাটৰ সৰুচলাত এ আই ইউ ডি এফৰ ৰাজহুৱা সভা সম্পন্ন…

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰিঘাটৰ সৰুচলাত শনিবাৰে নিশা এ‌ আই ইউ ডি এফৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে, লাহৰিঘাট সমষ্টি কমিটীৰ সহযোগত জিলা সভাপতি ছিদ্দিক আহমেদৰ সভাপতিত্বত সৰুচলা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা খনত সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত তলা চাবিৰ ছবিত ভোট দি এই আই ইউ ডি এফৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।

ৰাজহুৱা সভাখনত এই আই ইউ ডি এফৰ সাধাৰণ সম্পাদক চম্পক কলিতাই সংখ্যা লঘু ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত ভাষণ দিয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। আজিৰ এই ৰাজহুৱা সভা খনত দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ফকৰ উদ্দিনে কংগ্ৰেছক সমালোচনা কৰি তেওঁৰ দীঘলীয়া ভাষনত কয়- ১৩৮ বছৰীয়া বৃদ্ধ কংগ্ৰেছক সাৰ-পানী দি লাভ নাই। ১৮ বছৰীয়া এ আই ইউ ডি এফক সাৰ-পানী দিয়ক, নিশ্চয় ইয়াৰ ভাল ফল পাব।

৪৪ বছৰীয়া হ’ল বলিউদৰ সুন্দৰী বিপাশা বসু, মালাইকা অৰোৰাৰ সৈতে ব্যৱসায়ত নামিছে বিপাশা…

বলীউডৰ অভিনেত্ৰী বিপাশা বসুৱে আজি ৪৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। এগৰাকী সফল মডেল হোৱাৰ পিছত ২০০১ চনত ‘অজনাবী’ ছবিৰ জৰিয়তে বলীউডত ভৰি দিয়ে বিপাশাই। ইয়াৰ পিছত তেওঁ বহু ডাঙৰ ডাঙৰ ছবিৰ জৰিয়তে নিজৰ নাম উজলাইছিল। এসময়ত বিপাশাৰ নাম উদ্যোগত বিখ্যাত হৈছিল। ডাঙৰ ডাঙৰ অভিনেতাসকলে তেওঁৰ সৈতে ছবি নিৰ্মাণ কৰিব বিচাৰিছিল।

কিন্তু ২০১৬ চনত কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ছবিৰ পৰা আঁতৰি আহিছিল। অভিনয়ৰ পৰা বিৰতি লৈও বিপাশাই এতিয়াও বিলাসী জীৱন কটায়। বিপাশা বসু যে এগৰাকী সফল ব্যৱসায়ী সেই কথা অতি কম সংখ্যকেহে জানে। হয়, বিপাশা বসুৱে আৰবাজ খান আৰু হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নী মালাইকা অৰোৰা আৰু চুছানে খানৰ সৈতে কাপোৰৰ ব্ৰেণ্ড চলায়। এই কোম্পানীটোৰ নাম ‘দ্য লেবেল লাইফ’, যিটো এটা শ্বপিং পৰ্টেল। বিপাশাৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে ৰাজ অভিনেত্ৰী ১২৪ কোটি টকাৰ সম্পত্তিৰ মালিক। ইয়াৰ উপৰিও বিপাশাৰ মুম্বাইৰ বান্দ্ৰাত এটা বিলাসী বাংলোও আছে, যাৰ মূল্য প্ৰায় ১৬ কোটি টকা।

আপোনালোকক কওঁ যে আজিকালি বিপাশাই নিজৰ মৰমৰ কন্যা দেৱীৰ সৈতে পিতৃ-মাতৃত্ব উপভোগ কৰি আছে।

আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচনৰ সময়তে বহুকেইটা ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা…

আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন৷
পুৱাৰ পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।


পুৱাই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।
নিৰ্বাচনৰ সময়তে ১৪টা ভোটকেন্দ্ৰ-বিদ্যালয়ত সংঘটিত হয় হিংসাত্মক ঘটনা।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে”: সৰ্বানন্দ সোণোৱাল…

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ ধেমাজি জিলা সমিতিৰ ৯মদ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলশ্ৰুতিত আৰু গতিশীল নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত দ্ৰুত প্ৰগতি আৰু সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে ধেমাজিত অনুষ্ঠিত সদৌ অসম সোণোৱালক ছাৰীছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।অনুষ্ঠানত সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীডাঙৰীয়াৰ গতিশীল নেতৃত্বত দেশখনদ্ৰুত গতিত আগবাঢ়িছে। এই বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে ই দেশৰ প্ৰতিটো প্ৰান্তকে সামৰি লৈছে। মোদীৰ অনুপ্ৰেৰণাদায়ক নেতৃত্বত দেশত সুশাসন ব্যৱস্থা কাৰ্যকৰী হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিত এক নতুন দিগন্তৰ সূচনা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত এই বৃহৎ অঞ্চলটো যথেষ্ট পিছপৰি আছিল। প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণৰ সৈতে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে ৰাইজৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ‘মোদী কি গেৰাণ্টি’ৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সবৰীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জনধন যোজনা, স্কিল ইণ্ডিয়া, মেকইনইণ্ডিয়া, ষ্টাৰ্ট-আপ্ইণ্ডিয়া, ডিজিটেলইণ্ডিয়া, উজ্জ্বলাযোজনা, আয়ুষ্মানভাৰত, স্বচ্ছভাৰতঅভিযান, জলজীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে। “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত হোৱা ক্ষিপ্ৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত সৰ্বাংগীণ বিকাশৰ যথেষ্ট সম্ভাৱনা থকা স্বত্বেও কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰ যুগত দশকদশক জুৰি অৱহেলিত হৈ আছিল সমগ্ৰ অঞ্চলটো। কিন্তু মোদীডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰলৈ সামগ্ৰিক প্ৰগতি আৰু উন্নয়ন অনাৰ নিৰন্তৰ প্ৰয়াস কৰাৰ বাবে সমগ্ৰ অঞ্চলটোৱে এতিয়া বিকাশৰ এক নৱজাগৰণৰ সাক্ষী হৈছে। কংগ্ৰেছৰ দিনত দশকদশক জুৰি দুৰ্নীতি, শোষণ আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদীচৰকাৰে ইতিমধ্যে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে।”সোণোৱালে লগতে কয়, “অসমৰ এটি শক্তিশালী জনগোষ্ঠী সোণোৱাল কছাৰীৰ লোকসকলে ৰাজ্যখনৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। জনগোষ্ঠীটোৰ সৰ্বাংগীণ উত্তৰণৰ ক্ষেত্ৰত ১৯৬৮ চনৰ জন্মলগ্নৰ পৰাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত আজি অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত হৈছোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে বিকশিত কৰাৰ দিশত আগৰণুৱা হৈ কাম কৰি যাবলৈ ছাত্ৰ সংগঠনটোৰ লগতে জনগোষ্ঠীটোৰ সকলোকে আন্তৰিক আহ্বান জনালোঁ। “অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল তথা বিশিষ্ট ব্যক্তিসকল।

জামুগুৰিহাটত চুৰি-ডকাইতি, অবৈধ সুৰা, উদণ্ড বাইকাৰ্চ আদি অ-সামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাজহুৱা সভা

জামুগুৰিহাটৰ লগতে নদুৱাৰৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা গৰু-ছাগলী চুৰি, অবৈধ সুৰা-জুৱা আদি অসামাজিক কাম কাজ আৰু উদণ্ড বাইক চালকৰ বিৰুদ্ধে শনিবাৰে নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷

জামুগুৰিহাটৰ বাপুজি ভৱনত অনুষ্ঠিত নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়ক বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি অসামাজিক এই কাম কাজ সমুহৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় দি এই কু কাৰ্যসমুহ নিৰ্মুল কৰিবৰ বাবে বক্তব্য প্ৰদান কৰে৷

বিধায়ক হাজৰিকাই কয় যে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ লগতে কাষৰীয়া অঞ্চলসমুহত সংঘটিত এই অ সামাজিক কাম কাজবোৰ আমি এক হৈ আতৰ কৰি উঠি অহা প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব৷

এইক্ষেত্ৰত প্ৰশাসনো অধিক কঠোৰ হোৱাৰ মতপোষন কৰে বিধায়কগৰাকীয়ে৷সভাৰ অন্তত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা এই গৰু ছাগলী চুৰি, দিন ডকাইতি, অবৈধ সুৰা, জুৱা, উদণ্ড যুৱকৰ বাইক ষ্টান্ট আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কেবাটাও দাৱী সম্বলিত এখন স্মাৰক পত্ৰও শোণিতপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নদুৱাৰ নাগৰিক মঞ্চই৷

ISROয়ে ৰচিলে আন এক ইতিহাস, চন্দ্ৰৰ পিছত সূৰ্য্যক স্পৰ্শ কৰাৰ সপোন হ’ল সফল

২ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ক শনিবাৰে বিয়লি ৪ বজাত চূড়ান্ত গন্তব্য কক্ষপথ লেগ্ৰেঞ্জ-১ পইণ্টত সফলতাৰে স্থাপন কৰিবলৈ সক্ষম হয়। পৃথিৱী আৰু সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ ভাৰসাম্যতা থকা বিন্দুটোৱেই হৈছে লেগ্ৰেঞ্জ-১ বিন্দু। এই বিন্দুটো পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত, যিটো সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ এক শতাংশহে।

ইছৰোৱে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণ কৰিছিল। এই অভিযানৰ লক্ষ্য হৈছে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু (L1)ৰ চাৰিওফালে থকা কক্ষপথৰ পৰা সূৰ্য্যক পৰ্যবেক্ষণ কৰা।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘আমাৰ বিজ্ঞানীসকলৰ অক্লান্ত কৃতিত্বৰ আন এক প্ৰমাণ। ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আজি সফলতাৰে গন্তব্যস্থানত উপস্থিত হয়।

এই সুখৰ মুহূৰ্তটো আজি মোৰ দেশবাসীৰ সৈতে ভাগ কৰি লৈছো। বিজ্ঞানৰ এই অগ্ৰগতি আমি ভৱিষ্যতে মানৱতাৰ স্বাৰ্থত আৰু অধিক আগুৱাই লৈ যাম”।

নগাঁৱত সাংবাদিক নির্যাতনৰ ঘটনাৰ তীব্র গৰিহণাৰ জুৱাৰ ! দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী…

গুৱাহাটীৰ এক সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিক দীপাংকৰ মেধিক আজি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহে দুব্যৱহাৰ কৰা কাৰ্যক তীব্র গৰিহণা দিছে জার্নেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা)-ৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে। জুৱাৰ এক বিবৃতিত প্ৰকাশ যে আযুক্ত শ্বাহৰ অভব্য আচৰণৰ সন্মুখীন হোৱা সাংবাদিক দীপাংকৰ মেধিৰ স’তে হোৱা টেলিফোনিক বার্তালাপত তেওঁ জনোৱা মতে আয়ুক্তগৰাকীয়ে নিজে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অতি অভব্য আচৰণ কৰে।

তদুপৰি তেওঁৰ নিৰাপত্তাৰক্ষীয়ে সাংবাদিকজনক লৰচৰ কৰিব নোৱাৰাকৈ ঘেৰি ধৰাৰ উপবি তেওঁলোকৰ কেমেৰাও কাঢ়ি লয়। আয়ুক্তৰ এনে আচৰণ ইয়াতে ক্ষান্ত থকা নাছিল। পৰৱর্তী পর্যায়ত ক্ষমতাৰ বল প্রদর্শন কৰি আয়ুক্তৰ নির্দেশত আৰক্ষীয়ে দীপাংকৰ মেধিক গাত ঠেলি-হেচি নগাঁৱৰ সদৰ থানালৈ লৈ যায়। লক্ষ্যণীয়ভাবে থানাত উপস্থিত হয় জিলাখনৰ আৰক্ষী অধীক্ষকজনো আৰু সাংবাদিকজনক সোধপোছ কৰে। সদৰ থানাত দীর্ঘ সময় ধৰি সাংবাদিকজনক বহুৱাই থোৱা হয়।

আৰক্ষী প্রশাসনৰ সাংবাদিকৰ বিৰুদ্ধে এনে নির্যাতনৰ ঘটনাক জুৱাই তীব্র গৰিহণা দিয়াব লগতে গভীৰ উদ্বেগ প্রকাশ কৰে আৰু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্রশাসনক সকীয়াই দিয়ে। তদুপৰি নির্যাতনৰ ঘটনাৰ স’তে জড়িত থকাসকলক কঠোৰ শাস্তি বিহিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনায়। ইপিনে, এক বিবৃতিত সাংবাদিক নির্যাতনৰ এই ঘটনাৰ তীব্ৰ গৰিহনা দি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ইণ্ডিয়ান জাণেলিষ্ট ইউনিয়নে।

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা…

শুকুৰবাৰে নগাওঁ জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অপদস্থৰ সন্মুখীন হয় NB newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক কেৱল প্ৰশ্ন কৰাৰ বাবেই অপদস্থ সাংবাদিক গৰাকীক ।

লগতে সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰাৰ অভিযোগ । কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে ।

আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰক এই সমূহ ফলৰ বাকলি…

সকলোৰে বিচাৰে নিজৰ ছালখন ধুনীয়া কৰি ৰাখিবলৈ দৈনিক ফল খোৱাৰ লগতে ফলৰ বাকলি সমূহ আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে। কিছুমান ফল আছে যিবোৰ ফল স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী। জানো আহক কোনবোৰ ফলে আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰে-

কমলা অতি উপকাৰী। কমলা টেঙাত ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কমলাই শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও কমলাৰ বাকলি ছালৰ বাবে উপকাৰী। বাকলিত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে যিয়ে ছালৰ বাবে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই বলিৰেখা কমাই ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে।

কলৰ উপকাৰিতা সকলোৱে জানে কিন্তু কলৰ বাকলি উপকাৰিতাৰ বিষয়ে জানেন। কল পকিলে তাৰ বাকলি ভালদৰে পিহি লওক। তাৰ পিছত এই পেষ্টটো মুখ আৰু হাতত লগাব। কিছু সময়ৰ পাছত এই পেষ্ট শুকাই গ’লে গৰম পানীৰে পৰিষ্কাৰ কৰি হাতেৰে লাহে লাহে মালিচ কৰি লওক। এইদৰে মালিচ কৰিলে আপোনাৰ ছালখন কোমল আৰু জিলিকিবলৈ আৰম্ভ কৰিব। কলৰ বাকলিত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু জিংকৰ দৰে উপাদান পোৱা যায় যিয়ে ছালখনক সুস্থ কৰি ৰাখে। গতিকে কলৰ বাকলিৰে মুখ আৰু ছাল উভয়ৰে সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি।

অমিতা খোৱা যিমানেই সুস্বাদু আৰু উপকাৰী নহওক কিয়, ছালত অমিতাৰ বাকলি লগালে আৰু বহু উপকাৰ পোৱা যায়। অমিতাৰ বাকলিত পেপেইন নামৰ এটা প্ৰাকৃতিক এনজাইম পোৱা যায়। এই এনজাইমে ছালৰ পৰা মৃত আৰু ক্ষতিগ্ৰস্ত কোষবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই নতুন আৰু সুস্থ কোষ গঠনত সহায় কৰে। অমিতা বাকলি পিহি মুখত লগালে ক্ৰমান্বয়ে দাগবোৰ নাইকিয়া হৈ ছালখন কোমল আৰু চিকচিকিয়া হৈ পৰে। নিয়মিতভাৱে অমিতা বাকলি ব্যৱহাৰ কৰিলে ছালৰ লগত জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেয়েহে অমিতা খোৱাৰ লগতে ইয়াৰ বাকলিৰও আছে বহু সুবিধা।

আপেল এটা সুস্বাদু আৰু স্বাস্থ্যকৰ ফল যিটো আমি প্ৰায় প্ৰতিদিনে খাওঁ। আপেলৰ বাকলিত এনে বহু গুণ পোৱা যায় যিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে। আপেলৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু এন্টি এজিং গুণ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰে ছালৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সুস্থ কৰি ৰাখে। অমিতা বাকলি পিহি ফেচ পেক হিচাপে মুখত লগালে বলিৰেখা আৰু ৰেখা কমিবলৈ আৰম্ভ কৰে। ই ছালখন টান, সতেজ আৰু মিহি কৰি ৰখাত সহায় কৰে।