২০২৪ বৰ্ষৰ তিৱা বীৰ ৰজা জোঙাল বলহু বঁটা প্ৰদান চলচ্চিত্ৰ নিৰ্মাতা তথা বিশিষ্ট শিক্ষাবিদ পার্থজিৎ বৰুৱাক।”নেলীৰ কথা” ছবিৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক নগাঁও জিলা তিৱা বীৰ ৰজা জোঙাল বলহু দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে বিশিষ্ট পৰিচালক পাৰ্থজিৎ বৰুৱাৰ শেহতীয়াকৈ মুক্তি লাভ কৰা “নেলীৰ কথা” শীৰ্ষক পূৰ্ণদৈৰ্ঘৰ ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰা লগতে কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি বিভিন্ন মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।
পাছত বিহগুৰি আৰক্ষীয়ে গৰু সহ বাহনখন জব্দ কৰাৰ বিপৰীতে আহতদ্বয়ক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কৰা হয়৷প্ৰনিধানযোগ্য যে ৰাষ্ট্ৰীয় পথৰ পৰা বহু ভিতৰত অৱস্হিত বিহগুৰী আৰক্ষী চকীত বিষয়াসহ প্ৰায় ১৬জন আৰক্ষীৰ লোক আছে আৰু বান্দৰমাৰীলৈকে এটা বৃহৎ অঞ্চল তেওঁলোকৰ দাযিত্বত আছে৷এনে অৱস্থাত ৰাষ্ট্ৰীয় পথত যিকোনো ঘটনা সংঘটিত হ’লে আৰক্ষী শীঘ্ৰেই উপস্থিত হোৱাত সমস্যা হয়৷জব্দকৃত গৰু জাক বৰ্তমানেও আৰক্ষীৰ জিন্মাতে আছে৷
ফলৰ ৰস, এনাৰ্জি ড্ৰিংকছ আৰু মিঠাযুক্ত কফি পানীয় আদি পানীয়ত প্ৰায়ে অধিক পৰিমাণে চেনি থাকে। যদি আপুনি এই চেনিযুক্ত পানীয়বোৰ খাবলৈ আৰম্ভ কৰে তেন্তে আপুনি নিশ্চিতভাৱে গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব। কিন্তু ইয়াৰ ফলত কেলৰি গ্ৰহণ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। পানী, বনৌষধি চাহ বা চেনিবিহীন পানীয়ৰে দিনটোৰ আৰম্ভণি কৰক। যদি আপুনি কফি প্ৰেমী তেন্তে কম গাখীৰ বা মৌ বা দালচেনিৰ দৰে প্ৰাকৃতিক মিঠাই খাই খাব লাগে।
পুষ্টিকৰ ব্ৰেকফাষ্ট খালে আপুনি সঠিক, সুস্থ শক্তি লাভ কৰিব।
ৰাতিপুৱা ১১ বজাত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ মুকলি সভাত অংশগ্ৰহণ কৰে৷ মন্ত্ৰী গৰাকীয়ে ভট্টদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ৷
তেওঁ কয় যে ভট্টদেৱে কথা ভাগৱত, কথা গীতা, আৰু ভক্তি ৰত্নাৱলী বৰনগৰৰ ভেৰাগ্ৰামত ৰচনা কৰিছিল ৷ সেই বাবে ভট্টদেৱক গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হয় ৷ তেওঁ লগতে কয় যে গদ্য সাহিত্যৰ জনক ভট্টদেৱে অসমৰ জাতীয় জীৱনলৈ বহুত অৱদান আগবঢ়াই গৈছে ৷ এই সভাতে অসমৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক কাব্যনীল(প্ৰাণজিৎ দাস)ৰ ভট্টদেৱ আৰু প্ৰাচীন বৰনগৰ শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে,বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে ৷
সভাত নিৰ্দ্দিষ্ট বক্তা হিচাবে মানিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাস দেৱ উপস্থিত থাকে ৷ আনফালে মন্ত্ৰী গৰাকীয়ে নামঘৰত নামত থকা মাটি সমূহৰ চৌহদত পকী ওৱাল আৰু মুখ্য তোৰণ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ হৈ ১০ লাখ টকা ঘোষণা কৰে ৷
ইয়াৰ লগতে ১০ টা গৃহহীন পৰিয়াল নামঘৰৰ চৌহদত ঘৰ সজাই দিব বুলি কয় যাতে সকলো পৰিয়ালে নামঘৰটো সুন্দৰকৈ পৰিচালনা কৰিবলৈ পাৰে ৷ ইয়াৰ লগতে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভেৰাগ্ৰামলৈ এদিন আনিব বুলি ৰাইজক কয় ৷ সভাত প্ৰায় এক সহস্ৰাধিক লোক উপস্থিত থাকে ৷