Home Blog Page 1117

লাহৰীঘাটত ১৪,০৭৯ টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাটত এক অনুষ্ঠানত লাহৰীঘাট সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে।

ইয়াৰ অংশ হিচাপে লাহৰীঘাটত জলসম্পদ মন্ত্ৰীগৰাকীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ ১৪,০৭৯ টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয়। ইয়াৰ জড়িয়তে নতুনকৈ মুঠ ৩৫,২২৭ গৰাকী হিতাধিকাৰী উপকৃত হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে। আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ উন্নয়ন আৰু কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কেতিয়াও ভাৱিব নোৱাৰা সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৮৮,০০০ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰিছে।

এসময়ত অসমৰ এখন অন্যতম বানাক্ৰান্ত জিলা হিচাপে পৰিচিত মৰিগাঁও জিলাখন বিগত বৰ্ষত বানে আক্ৰান্ত কৰিব পৰা নাছিল বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক ইচ্ছাত জলসম্পদ বিভাগে লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণ কৰিছে ।

আনহাতে লাহৰীঘাট সমষ্টিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰোধৰ বাবেও জলসম্পদ বিভাগে দিনে নিশাই কাম কৰে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে যেনেদৰে কেৱল গুৱাহাটী অথবা দুখনমান চহৰ উন্নয়ন হ’লেই সমগ্ৰ ৰাজ্যখন উন্নয়ন হোৱাটো নুবুজায় তেনেদৰে কেৱল জাগীৰোড সমষ্টিৰ উন্নয়ন হ’লেই মৰিগাঁও জিলাৰ উন্নয়ন হোৱাটো নুবুজাব।

জিলাখনৰ উন্নয়ন হ’বৰ বাবে জাগীৰোডৰ সমানে সমানে লাহৰীঘাটৰো উন্নয়ন হ’ব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰে ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ অহৰহ কাম কৰি আছে।

উল্লেখ্য যে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত বিভিন্ন যক্ষ্মা গোটক বঁটা প্ৰদান

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড॰ এম এছ লক্ষ্মী প্ৰিয়া, আই.এ.এছ. য়ে ৰাজ্যিক যক্ষ্মা বিষয়া ড॰ অভিজিৎ বসু; ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী [এনটিইপি]ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ৰ পৰামৰ্শদাতা ড॰ পলাশ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দাঙি ধৰাৰ বাবে

বঙাইগাঁও জিলাৰ অন্তৰ্গত মানিকপুৰ যক্ষ্মা গোটক বঁটা প্ৰদান কৰে৷

আনহাতে, গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই পৰ্যালোচনা সভাতে মুছলপুৰ যক্ষ্মা গোট, বাক্সা জিলা আৰু কাজলগাঁও যক্ষ্মা গোট আৰু চিৰাং জিলাৰ যক্ষ্মা গোটকো যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনকাৰী গোট হিচাপে বঁটা প্ৰদান কৰা হয়৷

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাঃ সোমবাৰে অযোধ্যাত কোন সময়ত কি হ’ব জানেনে?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাত্ৰ কেইটামান ঘন্টা বাকী। এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে মানুহৰ মাজত আশা বাঢ়িছে।

সোমবাৰে অযোধ্যাত কেতিয়া ক’ত কি হ’ব জানি লওক-

পুৱা ১০.২৫ বজাত অযোধ্যাৰ বিমান বন্দৰত উপস্থিত হ’ব প্রধানমন্ত্রী।
পুৱা ১০.৪৫ বজাত ৰাম মন্দিৰ চৌহদৰ হেলিপেডত অৱতৰণ।


পুৱা ১০.৫৫ বজাত ৰাম মন্দিৰত প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ।
দুপৰীয়া ১২.০৫ বজাত আৰম্ভ হ’ব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান।
১২.৫৫ বজাত প্রাণ প্রতিষ্ঠা অনুষ্ঠান সমাপ্ত।


দুপৰীয়া ১ বজাত অযোধ্যাত প্ৰধানমন্ত্ৰীৰ জনসভা।
দুপৰীয়া ২ বজাত সমাপ্ত হ’ব জনসভা।
২.১০ বজাত প্রধানমন্ত্ৰীৰ কুবেৰ টিলা দর্শন।

ৰামলালা প্ৰতিষ্ঠাৰ মাহেন্দ্ৰ ক্ষণ আৰম্ভ হ’ব ১২ বাজি ২৯ মিনিট ৮ ছেকেণ্ডত আৰু সমাপ্ত হ’ব ১২ বাজি ৩০ মিনিট ৩২ ছেকেণ্ডত।

গহপুৰৰ গোপালপুৰত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ আৰম্ভ

গহপুুুৰ মহকুমাৰ গোপালপুৰত দেওবাৰৰ পৰা ৰাজ্যিক ভিত্তিত ভাওনা প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহখনি সদৌ গোপালপুৰ ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ শংকৰ-মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হয়।

এই ভাওনা প্ৰদৰ্শন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬ অনুষ্ঠানে অংশগ্ৰহণ কৰিব। দেওবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে পুৱা ৭ বজাত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশগ্ৰহণ কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি মানিক হাজৰিকা, যোগেন শইকীয়া, বগীৰাম ভূঞা, লক্ষেশ্বৰ শইকীয়া মহেন্দ্ৰ মুদৈয়ে। পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি ললিত ভূঞাই। ৯ বজাত স্মৃতিচাৰণ কাৰ্যসূচীত তৰ্পক হিচাপে অংশগ্ৰহণ কৰে ভাওনা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি বিমল ভূঞাই।

১০ বজাত জোনাকী ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা সমাজকৰ্মী প্ৰয়াত ঠগীৰাম ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে গহপুুুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বড়াই। লগে লগে মাকন ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা শংকৰী কলা-সংস্কৃতিৰ সাধক প্ৰয়াত গণেশ ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাই। দিনৰ ১০.৩০ বজাত প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰাৰ পাছতে টিঙালীবড়ি আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ আৰু বৰগীত পৰিৱেশন কৰা হয়।

দিনৰ ১.৩০ বজাত ধৰ্মালোচনী সভাখনি অনুষ্ঠিত হয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে এডিপি কলেজৰ সহযোগী অধ্যাপক ড॰ মিলন নেওগ, নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে। সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন কৰে যজ্ঞোৰাম ভূঞাই। সন্ধিয়া ৭ বজাৰপৰা প্ৰথম দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ হয়। এই কাৰ্যসূচী মুকলি কৰে স্থানীয় বিধায়ক উৎপল বৰাই। ভাওনা সমাৰোহ প্ৰথম দিনা টিঙালীবড়ি শিল্পী সমাজে গোলোক নেওগ আৰু পৰিয়ালৰ আহ্বান মৰ্মে ‘ৰামবিজয়’ নাট মঞ্চস্থ কৰাৰ লগতে মাজুলী আহতগুৰিৰ ভাঙোনমাৰী নাট্য গোষ্ঠীয়ে ডাঃ জীৱন্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘ধ্ৰুৱ চৰিত্ৰ’ মঞ্চস্থ কৰি শংকৰ-মাধৱ ক্ষেত্ৰ আধ্যাত্মিক ভক্তিৰসেৰে উজ্জীৱিত কৰি তোলে।

সোমবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৯ বজাত গোপালপুৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দিনৰ ১১ বজাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কমল ভূঞাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী উদ্বোধন কৰিব ভদ্ৰেশ্বৰী বৰাই। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকনাথ শইকীয়াই। বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামীয়ে সন্ধিয়া ৫.৩০ বজাত দ্বিতীয় দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব। সেই দিনা ঘনকান্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ শিল্পী সকলে ‘ৰুক্মিনী হৰণ’ নাটক মঞ্চস্থ কৰিব।

ঠিক সেইদৰে ডিম্বেশ্বৰ হাজৰিকা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে গোলাঘাট আৰু গহপুৰৰ সন্মিলিত শিল্পীসকলে ‘বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ’ মঞ্চস্থ কৰিব। ভাওনা সমাৰোহৰ শেষৰ দিনা পুৱা ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব। এই কাৰ্যসূচী উদ্বোধন কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাই।

১০ বজাত ৰজাবাৰী, কমলাপথাৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ হ’ব। দিনৰ ১২ বজাত মূল সভা অনুষ্ঠিত হ’ব। ললিত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰিব উৎপল বৰাই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। বিশিষ্ট অতিথি হিচাপে যোগেন্দ্ৰ নাথ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে বিধায়ক ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক পৃথ্বীৰাজ ৰাভা, বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়ক মানৱ ডেকাই।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নবীন শইকীয়াই। ৫.৩৯ বজাত অনুষ্ঠিত হ’বলগীয়া ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব গোপালপুৰ শাখা সাহিত্য সভাৰ সভাপতি লোকেন হাজৰিকাই। ৰজাবাৰী, সোলেঙী আৰু কমলাপথাৰ যুৱকবৃন্দৰ জৰিয়তে ‘গান্ধাৰীৰ কৃষ্ণ দৰ্শন’ আৰু ডিফলুসত্ৰৰ পাঞ্চজন্য শিল্পী সমাজে কুকিল ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘শ্ৰীৰামৰ লংকা গমন, মহী ৰাৱন বধ’ নাট মঞ্চস্থ কৰিব।

ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ, UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই…

ৰাজ্যৰ হাজাৰ হাজাৰ ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। কিয়নো UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে চৰকাৰে। মুছলিম, খ্রীষ্টান, জৈন, বৌদ্ধ, পাৰ্টীৰ বাবে এই সুবিধা কৰা হৈছে। ৮০% চৰকাৰী অনুদানেৰে ল’ব পাৰিব ক’চিং। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিছে এই বিশেষ সুবিধা।

UPSC প্রশিক্ষণ ল’ব বিচৰা ধর্মীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই

ধর্মীয় সংখ্যালঘু ছাত্র-ছাত্রীক UPSC পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্রশিক্ষণ গ্রহণ কৰিবলৈ কৰিব লাগিব অনলাইন আৱেদন। আৱেদন কৰিবলৈ টাইপ কৰক amdb.assam.gov.in।

উল্লেখ্য যে আৱেদনৰ বাবে অন্তিম সময়সীমা ২৪ জানুৱাৰী।

আৱেদন কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চর্তঃ

১. অভিভাৱকৰ বাৰ্ষিক আয় হ’ব লাগিব সর্বাধিক ৩ লাখ টকা।

২. UPSCৰ প্ৰশিক্ষণৰ বাবে স্নাতক উত্তীর্ণ বাধ্যতামূলক।

৩. ধর্মীয় সংখ্যালঘুৰ বাবে পাঠ্যক্রমৰ সময়সীমা ১ বছৰ।

৪. ২১ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব আৱেদনকাৰীৰ বয়স।

৫. অনলাইনত জমা দিয়া নথিপত্ৰৰ অৰিজিনেল কপী নিব লাগিব কাউন্সিলিঙত।

আৱেদনৰ সময়ত অসুবিধাত পৰিলে ফোনযোগে কৰিব পাৰিব যোগাযোগ। আৱেদনকাৰীৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। সবিশেষ তথ্য জানিবৰ বাবে টাইপ কৰক 7635998002 ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সংবাদ মেলত কি কি গুৰুত্বপূৰ্ণ ঘোষণা হ’ল জানক…

২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়।

আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান।

আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।

প্রতি ঘৰতে এগছি বন্তি জ্বলোৱাৰ প্রধানমন্ত্রীৰ আৱেদন সফল কৰক।

ৰেষ্টুৰেণ্টসমূহতো দিনৰ ২ বজালৈকে আমিষ খাদ্য খুৱাব নোৱাৰিব।

বিয়লি ৪ বজালৈকে মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান।

সাম্প্রদায়িক শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ।

সকলো ধৰ্মাৱলম্বী লোককে খন্তেক প্রাৰ্থনাৰ আহ্বান মুখ্যমন্ত্রীৰ।

স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ।

সকলো আয়ুক্তকে শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাৰ নিৰ্দেশনা।

কাইলৈ ৰাহুল গান্ধীক ২ বজাৰ পিছত বটদ্ৰৱা যাবলৈ আহ্বান।

৫০০ ঢুলিয়া নাচনীয়ে কপালে নাজিৰাৰ নগৰৰ মাজমজিয়াৰ নাট্য মন্দিৰ প্ৰাঙ্গন…

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোক সংস্কৃতিৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ চৰাইদেউ কলাকেন্দ্ৰৰ আৰু নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ উদ্যোগত নাজিৰাত দেওবাৰে উদযাপন কৰা হয প্ৰথম বাৰ্ষিক প্ৰীতি সন্মিলন। দুই জিলাৰ মুঠ দহটা উপ কেন্দ্ৰই অংশ লোৱা এই সন্মিলনত প্ৰায় ৫০০ ৰো অধিক কণ কণ ঢুলীয়া নাচনীয়ে একেলগে অংশ লয় বিহুনাচ ঢোলবাদনত। এই বিহু নৃত্য দেখি এপাক ননচাকৈ ৰৈ থাকিব নোৱাৰিলে আয়োজক আৰু অভিভাৱক সকলেও।

বিভিন্ন কাৰ্য্যসূচীৰ লগতে নাজিৰা নগৰেদি বাহিৰ হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহাছন্ন কৰে সকলোকে।

মন্দিৰে মন্দিৰে মন্ত্ৰীৰ স্বচ্ছ অভিযান কাৰ্যসূচী…

মহানগৰী বশিষ্ঠ মন্দিৰত মন্ত্ৰী অশোক সিংঘালৰ স্বচ্ছ অভিযান কাৰ্যসূচী।

অযোধ্যত ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মন্দিৰ প্ৰাংগন পৰিষ্কাৰ কৰে মন্ত্ৰীগৰাকী।

মন্ত্ৰীগৰাকীৰ সৈতে চাফাই অভিযানত সংগ দিয়ে মেয়ৰ মৃগেন শৰণীয়াই।

অসমবাসীক কাইলৈ ঘৰে ঘৰে চাকি বন্তি জ্বলাই দিৱালী সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪…

চাহ জনগোষ্ঠীৰ বৰেণ্য শিল্পী শিৱচৰণ দাস আৰু সদ্য প্ৰয়াত লোকশিল্পী কুমাৰ সুৰেশৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ উদেশ্যেৰে ডিব্ৰুগড় চহৰৰ সচেতন আৰু সামাজিকভাৱে দায়বদ্ধ কেইগৰাকীমান উদীয়মান যুৱকৰ উদ্যোগত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ শীৰ্ষক এক বনাৰ্ঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত ৪ ফেব্ৰুৱাৰী তাৰিখে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিক আৰু অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ বেণ্ড দ্যা কাল্টিভেটৰ্চে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আনহাতে ৩ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী তথা পদ্মশ্ৰী দুলাল মানকি, ‘জ্যোতিৰূপা চিনে এৱাৰ্ড’ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী সুবিল বাগ ,নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কমল নাগ আৰু পপলিন ছত্ৰীয়া , অৰ্ঘদ্বীপ বৰুৱা আৰু ৰিত্ৰিশা শৰ্মায়ে সংগীত পৰিৱেশন কৰিব।

চাহ জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিক মূলতে লৈ প্ৰথমবাৰৰ বাবে আয়োজন‌ কৰা ব্ৰহ্মপুত্ৰ ফেষ্টিভেলে সাংস্কৃতিক চৰ্চা আৰু সমাজখনৰ শিল্পীসকলক বহুখিনি উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব। ইতিমধ্যে ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ সফল কৰিবলৈ উদ্যোক্তাসকলে প্ৰতিখন চাহ বাগিছা আৰু বাগিচা অধ্যুষিত অঞ্চলত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। উক্ত অনুষ্ঠানলৈ সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি একান্তৰে কামনা কৰিছে ফেষ্টিভেল ২০২৪ ৰ উদ্যোক্তাসকলে।


উল্লেখ্য যে উক্ত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ২০২৪ ত শিল্পীৰ লগতে বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক শিল্পীয়ে অংশ গ্ৰহণ কৰিব । সমগ্র অনুষ্ঠানটো পৰিচালনা কৰিব উদয়ণ দুৱৰা আৰু অনুস্কা কাশ্যপ য়ে।

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই বিতৰণ কৰিলে নতুন ৰেচন কাৰ্ড…

আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। লাহৰিঘাট উন্নয়ন খণ্ডৰ অধীনৰ টেঙাগুৰি এম ভি স্কুল খেলপথাৰত দিনৰ ১২ বজাত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই লাহৰীঘাট সমষ্টিটোত নতুন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে। মন্ত্রী গৰাকীয়ে মুঠ ১৪০৭৯ টা নতুন ৰেচন কাৰ্ড মহিলা হিতাধিকাৰীক আনুষ্ঠানিক ভাবে বিতৰণ কৰে। মন্ত্রীগৰাকীৰ আগমণত স্কুলীয়া ছাত্র ছাত্রী সকলে পেৰেটৰ দ্বাৰা আগুৱাই আনে, লগতে শুভাকাঙ্ক্ষী সকলে মন্ত্রী গৰাকীৰ আগমন কালত পূষ্প বৃষ্টি বৰ্ষণ কৰি মঞ্চলৈ আগুৱাই লৈ যায়। মন্ত্রীগৰাকীয়ে তেখেতৰ চমু ভাষণত আকাৰ ইংগিতে বৰ্তমানৰ শাসকীয় বি জে পি দলে লাহৰীঘাট সমষ্টিত জনসাধাৰণৰ হিতাৰ্থে বহু উন্নয়ন মূলক কামৰ কথা বৰ্ণনা কৰে।

লগতে আগন্তুক দিনতো বহু উন্নয়ন মূলক কাম কৰি যাব বুলিও আশ্বাস দিয়ে। অৱশ্যে কথা প্ৰসংগত লাহৰীঘাট সমষ্টিৰ ৰাইজৰ পৰা আগন্তুক লোক সভা নিৰ্বাচনত ৰাইজৰ পৰা মৰম চেনেহো বিচাৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীৰ ন্যায় যাত্রাক অন্যায় যাত্রা বুলিও আখ্যা দিয়ে। আজি মন্ত্রী গৰাকীয়ে ভাষণৰত অৱস্থাত আজান দিয়াৰ সময়ত কিছু সময়ৰ বাবে ভাষণ স্থগিত ৰাখি আন এক মানৱতাৰ পৰিচয় দাঙি ধৰে। অনুষ্ঠানটিত কেবা সহস্রাধিক লোকৰ সমাগম হয়। অনুষ্ঠানটিত লাহৰীঘাট উপ জিলাৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা,লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া বিকাশ চেত্ৰী, জিলা বি জে পি দলৰ সভাপতি প্ৰবীণ মেধি, বিশিষ্ট সমাজ সেৱক জাবেদ আলী আহমেদৰ লগতে বহু গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।