Home Blog Page 1139

আদিত্য-এল১: পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থানত উপনীত হোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযান…

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে ঘোষণা কৰিছে যে আদিত্য-এল১ অহা ৬ জানুৱাৰীত লেগ্ৰেঞ্জিয়ান পইণ্ট এল১ত উপস্থিত হ’ব। এই পইণ্টটো পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত।

২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ পৰা আৰম্ভ হোৱা ভাৰতৰ প্ৰথমটো সৌৰ অভিযানে এল ১ লক্ষ্যস্থান পোৱাৰ লগে লগে এক গুৰুত্বপূৰ্ণ কৌশল সম্পন্ন কৰিব। এই কৌশলে ইয়াৰ সুস্থিৰ কক্ষপথ নিশ্চিত কৰিব, যাৰ ফলত সূৰ্য্যৰ ওপৰত অবিৰত আৰু গভীৰ অধ্যয়ন কৰিব পৰা যাব।

ইছৰোৰ অধ্যক্ষৰ মতে, “এবাৰ ইয়াক সফলতাৰে এল ১ পইণ্টত স্থাপন কৰাৰ পিছত ই অহা পাঁচ বছৰলৈ তাতেই থাকিব, সকলো তথ্য সংগ্ৰহ কৰিব যিবোৰ কেৱল ভাৰতৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে অতি গুৰুত্বপূৰ্ণ। তথ্যসমূহ অতি উপযোগী হ’ব যাতে ইয়াৰ গতিশীলতা বুজিব পাৰি ছান আৰু ই আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায়।’

ভাৰতত ২৪ ঘন্টাত নতুনকৈ ৭৫২ জন ক’ৰোনাত আক্ৰান্ত, ৪ জনৰ মৃত্যু: স্বাস্থ্য মন্ত্ৰালয়

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এদিনতে ৭৫২ জনলৈ ক’ৰোনা সংক্রমণ বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ ২১ মে’ৰ পাছত সৰ্বাধিক, আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৪২০লৈ বৃদ্ধি পাইছে৷


পুৱা ৮ বজাত আপডেট কৰা তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত চাৰিজনৰ নতুনকৈ মৃত্যুৰ লগে লগে মৃত্যুৰ সংখ্যা ৫,৩৩,৩৩২ জন বুলি ৰেকৰ্ড কৰা হৈছে।

দেশত Covid আক্ৰান্তৰ সংখ্যা ৪.৫০ কোটি (৪,৫০,০৭,৯৬৪)।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪,৪৪,৭১,২১২ লৈ বৃদ্ধি পাইছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ। মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

মন্ত্ৰালয়ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে দেশত এই পৰ্যন্ত ২২০.৬৭ কোটি ড’জ কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

পাকঘৰত কেতিয়াও এইসমূহ বস্তু শেষ হ’বলৈ নিদিব…

বাস্তু টিপচ্: জীৱনত সুখ, সমৃদ্ধি আৰু সফলতা লাভ কৰাত বাস্তু শাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। যদি ঘৰত বাস্তু শাস্ত্ৰৰ নিয়ম পালন কৰা হয় তেন্তে লাভ হয়। পাকঘৰ ঘৰৰ এটা গুৰুত্বপূৰ্ণ ঠাই। বাস্তুৰ মতে কেতিয়াও পাকঘৰত কিছুমান বিশেষ কাম শেষ হ’বলৈ নিদিব। এনে ভুলে ঘৰলৈ দৰিদ্ৰতা আনে। পাকঘৰত কেতিয়াও আটা শেষ হ’বলৈ নিদিব। খালী আটাৰ বাকচ এটাই ঘৰত দৰিদ্ৰতা আনে। সুনাম হেৰুৱাই পেলায়। ঘৰত বাস্তু দোষৰো সৃষ্টি কৰে। গতিকে ঘৰত কেতিয়াও আটা সম্পূৰ্ণ শেষ হবলৈ নিদিব, শেষ হোৱাৰ আগতেই আনিব লাগে।

ভাৰতীয় খাদ্যত ব্যৱহৃত হালধি এবিধ প্ৰধান মছলা। ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণৰ বাবে ইয়াৰ ঔষধত বহুলভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু ধৰ্মীয় আৰু শুভ কামতো হালধি ব্যৱহাৰ কৰা হয়। সাধাৰণতে প্ৰতিটো পূজাত হালধি ব্যৱহাৰ কৰা হয়। পাকঘৰত হালধিৰ অভাৱে ঘৰৰ পৰা সুখ, সমৃদ্ধি আৰু সৌভাগ্য দূৰ কৰে।

সনাতন ধৰ্মত চাউলক অক্ষত বুলি কোৱা হৈছে। ইয়াৰ সম্পৰ্ক মাতৃ লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ সৈতে। ধন-সম্পত্তি, সমৃদ্ধি আৰু বিলাসীতাৰ কাৰক হৈছে শুক্ৰ। ঘৰত চাউল ক্ষয় হ’লে ঘৰৰ সুখ আৰু সমৃদ্ধি বিনষ্ট হয়। গতিকে কেতিয়াও পাকঘৰত ভাত শেষ হ’বলৈ নিদিব।

খাদ্যৰ সোৱাদ নিমখ অবিহনে কল্পনা কৰিব নোৱাৰি। ইয়াৰ উপৰিও জ্যোতিষতো নিমখক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ঘৰত নিমখৰ অভাৱত ৰাহু দোষৰ সৃষ্টি হয়। পাকঘৰত কেতিয়াও নিমখ শেষ হ’বলৈ নিদিব ইয়াৰ উপৰিও নিমখ ধাৰলৈ নিদিব। এয়াও অশুভ।

সৰিয়হৰ তেল শনি দেৱৰ লগত সম্পৰ্কিত। ঘৰত থকা সৰিয়হৰ তেল বা ৰন্ধা-বঢ়াত যি তেল ব্যৱহাৰ কৰে, সেই তেল সম্পূৰ্ণৰূপে শেষ হ’বলৈ নিদিব। এই ঘটনাটোৱে শনিক অসন্তুষ্ট কৰে। শনিৰ ক্ৰোধে ঘৰত সংকট, দৰিদ্ৰতা আৰু সমস্যা কঢ়িয়াই আনে।


ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ইউটিউবাৰ বিবেক বিন্দ্ৰাৰ বিবাদ…

শেহতীয়াকৈ ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ভাৰতৰ আন এজন জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ বিবেক বিন্দ্ৰা বিবাদত লিপ্ত হয় । সন্দীপে ইউটিউব চেনেলত ‘ডাঙৰ কেলেংকাৰী উন্মোচন’(BIG SCAM EXPOSED; By Sandeep Maheshwari) শীৰ্ষক এটা ভিডিঅ’ আপলোড কৰে। ব্যৱসায়ৰ নামত দেশৰ বহু যুৱকক প্ৰতাৰণা কৰা এজন ডাঙৰ ইউটিউবাৰৰ কথা ইংগিত দিয়ে। সন্দীপে কাৰো নাম উল্লেখ কৰা নাছিল, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ এটা অংশৰ মতে, সেই ইউটিউবাৰজন আন কোনো নহয় বিবেক।

ভিডিঅ’টো আপলোড কৰাৰ পিছদিনা ছ’চিয়েল মিডিয়াত সন্দীপে এটা পোষ্ট কৰে। সেই পোষ্টটোত তেওঁ লিখিছে যে ইউটিউবৰ পৰা ‘বিগ কেলেংকাৰী উন্মোচিত’ ভিডিঅ’টো আঁতৰাবলৈ তেওঁৰ কৰ্মচাৰীসকলৰ ওপৰত হেঁচা সৃষ্টি হৈছে। এই কেলেংকাৰীত জড়িত ছাত্ৰ দুগৰাকীকো বক্তব্য সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। এদিন পিছত সন্দীপে ছ’চিয়েল মিডিয়াত আন এটা কমিউনিটি পোষ্ট কৰে। সেই পোষ্টটোত তেওঁ বিবেকৰ নাম পোনপটীয়াকৈ ৰাখিছিল। তেওঁ লিখিছে, “প্ৰিয় বিবেক, এফালে আপুনি আমাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি দিছে, আনফালে আপুনি বাৰে বাৰে আপোনাৰ সহযোগীসকলক মোৰ ঘৰলৈ পঠিয়াইছে। আপোনাৰ ভাবুকিবোৰত মই বেছি ভয় খাইছো বুলি ভাবিছানে?”

সন্দীপৰ পিছত বিবেকেও নিজৰ ইউটিউব চেনেলত এটা কমিউনিটি পোষ্ট কৰে। বিবেকে পোষ্টটোত লিখিছে, ‘আপুনি মোক আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল। য’ত মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলোঁ। গতিকে মই আপোনাৰ অনুষ্ঠানত ঘূৰি আহি সকলো কথা মুকলিকৈ আলোচনা কৰিবলৈ সাজু। মই আপোনাক প্ৰত্যাহ্বান জনাইছো। কিন্তু সত্যৰ সন্মুখীন হ’বলৈ আপোনাৰ শক্তি আছেনে?”

বিবেক আৰু সন্দীপৰ বাকযুদ্ধই কাৰ্যতঃ ছ’চিয়েল মিডিয়াক দুটা ভাগত বিভক্ত কৰিলে। ইফালে বিবেক আকৌ বিপদত পৰিল। ইটোৰ পিছত সিটো তথ্য ফাদিল কৰিছে সন্দীপ মহেশ্বৰীয়ে।

আনহাতে বিবেক বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিবেকৰ দেউতাই ইতিমধ্যে নয়দাৰ এখন থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি বিবেকৰ ভায়েক বৈভৱ কোৱাত্ৰাই ইউটিউবাৰজন থকা নয়ডাৰ বিলাসী ফ্লেটত পত্নী য়ানিকাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বৈভৱে দাবী কৰে যে কিছুদিন পূৰ্বে বিবেক আৰু তেওঁৰ মাকৰ মাজত তীব্ৰ কাজিয়া হৈছিল। য়ানিকাই হস্তক্ষেপ কৰিবলৈ যাওঁতে বিবেকে তাইক মাৰপিট কৰে। ভাতৃয়েও অভিযোগ কৰে যে এই প্ৰহাৰৰ ফলত য়ানিকাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মন কৰিবলগীয়া যে ডিচেম্বৰৰ আৰম্ভণিতে বিবেক আৰু য়ানিকাৰ বিয়া হৈছিল।

বিবেক ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’। তেওঁৰ এটা ব্যৱসায়িক কোম্পানীও আছে। ব্যৱসায়িক ভিডিঅ’ আৰু প্ৰেৰণাদায়ক ভাষণ ভিডিঅ’ৰ বাবে ইউটিউব আৰু ছ’চিয়েল মিডিয়াত বিখ্যাত বিবেক। বহুতে বিবেকৰ ব্যৱসায়িক উপদেশ মানি চলে। ইউটিউবত বিবেকৰ ২ কোটিৰো অধিক চাবস্ক্ৰাইবাৰ আছে। ইউটিউবৰ পৰা বছৰি কোটি কোটি টকা উপাৰ্জন কৰে।

শুকান ফল ভাজি খালে চৰ্দিৰ লগতে বহু বেমাৰৰ পৰা সকাহ পাব…

সঘনাই চৰ্দি আৰু কাহত ভুগি থকা লোকসকলক দৈনিক শুকান ফল খোৱাৰ পৰামৰ্শ দিয়া হয়। খেজুৰ ভাজি খালে শৰীৰত উষ্ণতা পোৱা যায়। শীতকালত প্ৰায়ে শুকান ফল খোৱাৰ পৰামৰ্শ দিয়া হয়। যাতে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা নহয়। যাৰ বাবে বহু সমস্যাই সকাহ পায়। লগতে শৌচাগাৰ সম্পৰ্কীয় সমস্যা থকা লোকসকলেও শীতকালত খেজুৰ ভাজি খাব লাগে-

পকা খেজুৰ খালে শৰীৰে ভিটামিন বি-৬ লাভ কৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি, ভিটামিন বি ১, বি ২, ৰাইবোফ্লেভিন, নিকোটিনিক এচিড আৰু ভিটামিন এও থাকে। এই সকলোবোৰ ভিটামিন স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই ভিটামিনে শৰীৰত তেজৰ অভাৱ পূৰণ কৰে।

সিজোৱা খেজুৰ খালে শৰীৰত ইন্টাৰলিউকিন পোৱা যায়। যাৰ বাবে প্ৰদাহজনিত চাইট’কাইন হ্ৰাস পায়। যিটো মগজুৰ বাবে অতি বিপদজনক। ই স্নায়ুতন্ত্ৰক বহুত দ্ৰুত কৰি তোলে।

চৰ্দি আৰু কাহৰ সময়ত সিজোৱা খেজুৰ খালে শৰীৰত যথেষ্ট উপকাৰ পোৱা যায়। শৰীৰক গৰম কৰি ৰখাৰ লগতে শৰীৰৰ পৰা কফ আঁতৰোৱাতো কাম কৰে। হাওঁফাওঁত আবদ্ধ হৈ থকা কফক বাহিৰ কৰি দিয়াৰ কামো কৰে। খেজুৰত এন্টি-ইনফ্লেমেটৰী থাকে যিয়ে ফ্লু আৰু মূৰৰ বিষ প্ৰতিৰোধ কৰে।

সিজোৱা খেজুৰ খালে ঠাণ্ডা আৰু কাহ আঁতৰি থাকে। ই শৰীৰক অতি উষ্ণ কৰি ৰাখে। শৰীৰৰ পৰা কফ বাহিৰ কৰাৰ কামো কৰে।



আই পি এল ২০২৪ত কোনে কোনে প্ৰথমবাৰৰ বাবে খেলিব আই পি এল…

আই পি এল ২০২৪ নিলামঃ ২০২৪ চনত প্ৰথমবাৰৰ বাবে আই পি এল খেলিব পৰা বহু খেলুৱৈকে ধৰি আই পি এল ২০২৪ৰ নিলামত মুঠ ৭২ গৰাকী খেলুৱৈ বিক্ৰী হৈছে। আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত হোৱা নিলামত মুঠ ৭২ গৰাকী খেলুৱৈ বিক্ৰী হৈছে, যাৰ বাবে মুঠ ২৩০ কোটি টকা ব্যয় কৰা হৈছে। এই ৭২ জন খেলুৱৈৰ ভিতৰত এনে বহু খেলুৱৈ আছে যাৰ নাম প্ৰথমবাৰৰ বাবে বিড কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে বিক্ৰী হৈছে। আই পি এল ২০২৪ত শীৰ্ষ ৫ ক্ৰিকেটাৰৰ বিষয়ে জানি লওক।

এই তালিকাত প্ৰথম নাম ভাৰতৰ সমীৰ ৰিজৱী, সমীৰ মীৰুটৰ বাসিন্দা আৰু এজন অনকেপেড খেলুৱৈ। এইগৰাকী খেলুৱৈৰ নামত চেন্নাই ছুপাৰ কিংছে ৮.৪০ কোটি টকা ব্যয় কৰিছে। সমীৰ এজন মিডল অৰ্ডাৰ বেটছমেন। এনে পৰিস্থিতিত সমীৰ ৰিজৱীয়ে ২০২৪ চনত আই পি এল খেতিব বুলি আশা কৰা হৈছে।

এই তালিকাত আন এজন অনকেপড ভাৰতীয় খেলুৱৈৰ নাম আছে, যিজনক দিল্লী কেপিটেলছে ৭.২০ কোটি টকা দি নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। ট্ৰাইলত এইগৰাকী খেলুৱৈৰ উইকেট ৰখাৰ দক্ষতা দেখি সৌৰভ গাংগুলীয়ে কৈছিল যে তেওঁৰ মাজত ধোনীৰ অলপ অংশ দেখা গৈছে। গাংগুলীয়ে এই ঝাৰখণ্ড খেলুৱৈগৰাকীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ নিশ্চিতভাৱে দিল্লী কেপিটেলছৰ হৈ খেলিব, যদিও নিলামত তেওঁৰ বাবে ১০ কোটি টকা পৰ্যন্ত বিড দিব লাগিব।

এদিনীয়া বিশ্বকাপৰ সময়ত নিজৰ দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰা দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ জেৰাল্ড ক’ট্জীৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই খেলুৱৈগৰাকীক মুম্বাই ইণ্ডিয়ানছে ৫ কোটি টকাত ক্ৰয় কৰিছে। কোট্জী এজন সোঁহাতৰ দ্ৰুত আৰু ছুইং বলাৰ।

এই তালিকাত পৰৱৰ্তী নাম হৈছে শ্ৰীলংকাৰ বাওঁহাতৰ বেগী বলাৰ দিলশ্বন মদুশংকাৰ। এই বেগী বলাৰগৰাকীকো মুম্বাই ইণ্ডিয়ানছে ৪.৬০ কোটি টকাত ক্ৰয় কৰিছে। শেহতীয়া এদিনীয়া বিশ্বকাপৰ সময়ত শ্ৰীলংকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল দিলশানে।

নিউজিলেণ্ডৰ এইগৰাকী অল-ৰাউণ্ডাৰ ৰচিন ৰবিন্দ্ৰই বিশ্বকাপৰ সময়ত নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল, লগতে কিছু উইকেটও লৈছিল। এইগৰাকী খেলুৱৈক চেন্নাই ছুপাৰ কিংছে ১.৮০ কোটি টকাত ক্ৰয় কৰিছিল আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত নিলামত।


পৰিয়ালত কিবা সমস্যা! হঠাতে দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ উভতি আহিল বিৰাট কোহলী…

দক্ষিণ আফ্ৰিকাৰ পৰা ততাতৈয়াকৈ ঘৰলৈ উভতি আহিল কোহলী। তেওঁ পাৰিবাৰিক কাৰণত পৰিষদৰ অনুমতি লৈ দেশলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে। ফলত কোহলীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথম টেষ্টত খেলিব পাৰিব নে নাই সেয়া অনিশ্চিত হৈ পৰিছে। জানিব পৰা মতে বিৰাট কোহলীয়ে বোৰ্ডৰ অনুমতিলৈ তিনিদিনীয়া অনুশীলন মেচো খেলা নাছিল। বিৰাটে জৰুৰী ভিত্তিত দেশলৈ উভতি আহিছে বুলি জনা গৈছে যদিও তেওঁ প্ৰকৃততে কি কাৰণত এনেদৰে খৰখেদাকৈ দেশলৈ উভতি আহিছে সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। ব’ৰ্ডৰ মতে, প্ৰথম টেষ্টৰ পূৰ্বে বিৰাটে দক্ষিণ আফ্ৰিকালৈ যাব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ২৬ ডিচেম্বৰত আৰম্ভ হ’ব।

উল্লেখ্য বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে মাক হ’বলৈ ওলাইছে বুলি খবৰ ওলাই আছে। পত্নীৰ কিবা অসুবিধা হোৱাৰ বাবেই বিৰাটে হঠাতে দেশলৈ উভতি আহিছে বুলি বহুতে ধাৰণা কৰিছে। ১৯ ডিচেম্বৰত অনুষ্কাই তেওঁৰ ছ’চিয়েল মিডিয়া পৃষ্ঠাত এটা ভিডিঅ’ পোষ্ট কৰিছিল। ভিডিঅ’টো চাই অনুৰাগীসকলে ধাৰণা কৰিছে যে নায়িকাগৰাকীয়ে হয়তো দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। অৱশ্যে সেই কাৰণতে বিৰাট দেশলৈ উভতি আহিছিল নে নাই জনা নাযায়।


এই বছৰৰ বিশ্বকাপত বিৰাট মহান ফৰ্মত আছিল। তেওঁ এদিনীয়া বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হৈছিল। যদিও ভাৰতে বিশ্বকাপ জিকিব নোৱাৰিলে তথাপি বিৰাটে দলৰ প্ৰতি যোগোৱা অৱদানক সকলোৱে স্বীকাৰ কৰিছে।

ঝাৰখণ্ডত মাওবাদীয়ে বোমাৰে উৰুৱালে ৰে’ল লাইন, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’লৰ…

ঝাৰখণ্ডত পুনৰ অঘটন ঘটালে মাওবাদীয়ে। শুক্ৰবাৰে মাওবাদীয়ে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছিল। এনে আহ্বানৰ মাজতে মাওবাদীয়ে ঝাৰখণ্ডৰ চক্ৰধৰপুৰত ৰে’লপথ উৰুৱাই দিছে। ফলত হাওৰা-মুম্বাই শাখাত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে মাওবাদীয়ে বৃহস্পতিবাৰে নিশাই চক্ৰধৰপুৰ শাখাৰ গোইলকেৰা আৰু পচাইটা ষ্টেচনৰ মাজৰ ৰে’লপথৰ এটা অংশ বোমাৰে উৰুৱাই দিয়ে। অঞ্চলটোত মাওবাদীয়ে ব্যাপক হাৰত পোষ্টাৰো লগোৱা দেখা গৈছে। ১৮০৩০ চনৰ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছখন অলপ সময়ৰ পিছতে সেই লাইনেৰে পাৰ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে বিষয়টো চালক আৰু কাষৰ লাইনেৰে পাৰ হৈ যোৱা মালবাহী ৰে’ল এখনৰ গাৰ্ডে লক্ষ্য কৰে। লগে লগে তেওঁলোকে গোইলকেৰা আৰু পচাইটা ষ্টেচন মাষ্টাৰসকলক জনোৱা হয়।


খবৰ পোৱাৰ লগে লগে শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ গোইলকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ইয়াৰ পিছতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। নিশাই ৰে’ল লাইনৰ মেৰামতি আৰম্ভ কৰা হয় যদিও শুক্ৰবাৰে দিনৰ ভাগলৈ লাইনৰ মেৰামতি সম্পূৰ্ণ হৈ উঠা নাই। এতিয়াও চক্ৰধৰপুৰ শাখাত ৰে’ল চলাচল ব্যাহত হৈ আছে। শালিমাৰ-মুম্বাই শাখাৰ কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। কেইদিনমান আগতে, মাওবাদীয়ে ছত্তীশগড়ৰ চুকমা জিলাৰ জাগৰগুণ্ডা অঞ্চলত ধ্বংসযজ্ঞ চলাইছিল। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ এজন উপ-পৰিদৰ্শক নিহত হৈছিল।

ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আমন্ত্ৰণ…

২০২৪ৰ গণৰাজ্য দিৱস সমাগত। নতুন বছৰৰ প্ৰথমটো মাহতে গণৰাজ্য দিৱস। জি-২০ সন্মিলনৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাইডেনে বিশেষ কাৰণত ভাৰতত সেই সময়ত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই দিছে। ফলত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে ভাৰত চৰকাৰে এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আমন্ত্ৰণ জনাইছে। বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।খবৰ অনুসৰি মেক্ৰন ২৬ জানুৱাৰীত দিল্লীত উপস্থিত থাকিব। উল্লেখ্য জো বাইডেনক অনুষ্ঠানটোত মুখ্য অতিথি হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কেইদিনমান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁ গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।৮ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত মোদী আৰু বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠক হৈছিল। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে তেওঁক গণৰাজ্য দিৱসত ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জনাই দিছে যে তেওঁ এতিয়া অনুষ্ঠানলৈ আহিব নোৱাৰিব।

বাইডেনে উপস্থিত থাকিব নোৱাৰিব বুলি জনোৱাৰ পিছতে মেক্ৰনক আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা হয়। মেক্ৰন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি জনা যায়। এই বছৰৰ জুলাই মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে মোদীক বাষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। মোদীয়ে ফ্ৰান্সৰ পৰম্পৰাগত অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিতো আছিল। তাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। ইপিনে কোৱাড সন্মিলন ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা । ভাৰতৰ উপৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়ায়ো এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা।

উৎসৱৰ বতৰত সামান্য সকাহঃ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস…

উৎসৱৰ বতৰত সামান্য সকাহ। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। শুক্ৰবাৰে ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস কৰা হৈছে । গেছ চিলিণ্ডাৰৰ মূল্য সাধাৰণতে মাহৰ আৰম্ভণিতে সলনি হয়। এই মাহৰ আৰম্ভণিতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল। অৱশ্যে খ্ৰীষ্টমাছ-নৱবৰ্ষৰ কথা মনত ৰাখি বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে। অৱশ্যেঘৰুৱা গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

ৰাজ্যিক মালিকানাধীন পেট্ৰ’লিয়াম কোম্পানীবোৰে কৈছে যে শুক্ৰবাৰৰ পৰা বাণিজ্যিক গেছৰ মূল্য হ্ৰাস কৰা হৈছে। ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৪০ টকা হ্ৰাস কৰাৰ কথাই ব্যৱসায়ীসকলক ভালে খিনি সকাহ দিব বুলি ধাৰণা কৰা হৈছে। দিল্লী, মুম্বাই আৰু চেন্নাইত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত ২,০০০ টকাৰ তলত হৈছে। গেছৰ মূল্য হ্ৰাস হোৱাৰ ফলত দোকানত বিক্ৰী হোৱা খাদ্যৰ মূল্যও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য (১৯ কিলোগ্ৰাম) বৃদ্ধি পাইছিল। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাব পাৰে বুলি পূৰ্বেই আশংকা কৰা হৈছিল। বিশ্ব বজাৰত তেলৰ মূল্যৰ সৈতে সংগতি ৰাখি সাধাৰণতে মাহৰ আৰম্ভণিতে গেছৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰা হয়।