Home Blog Page 1154

তদন্তৰ প্ৰয়োজন, বিতৰ্কৰ নহয়: সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সাক্ষাৎকাৰত যোৱা সপ্তাহত সংসদৰ বৃহৎ নিৰাপত্তা উলংঘনৰ বিতং তদন্তৰ আহ্বান জনায়।

ঘটনাসন্দৰ্ভত বিতৰ্কৰ বাবে বিৰোধী দলসমূহক উত্তৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত তেওঁৰ প্ৰথম মন্তব্য প্ৰকাশ কৰি কয়, “যি ঘটিছিল সেয়া অতি গুৰুতৰ। এই সন্দৰ্ভত বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই, এক বিতং তদন্ত হোৱা উচিত।”

মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যই যোগদান কৰিলে বিজেপিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ প্ৰতি আকৰ্ষিত হৈ দেওবাৰে চৰকাৰী মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্যই ভাৰতীয় জনতা পাৰ্টিত অনানুষ্ঠানিকভাৱে যোগদান কৰে।

ব্যক্তিসকল হৈছেঃ-

অসম জাতীয় পৰিষদৰ পৰাঃ অজিত ডেকা (সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি), দীপামণি ডেকা ( মহিলা শক্তিৰ সাধাৰণ সম্পাদক)।

কংগ্ৰেছৰ পৰাঃ ৰাইজিং বৰদলৈ, প্ৰমিছ দৰফাং, পংকজ কোঁৱৰ,ৰমেন বৰদলৈ আৰু লিমন পাটৰ।

লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক লাহোৱাল আৰক্ষীৰ…

নিশা লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক লাহোৱাল আৰক্ষীৰ

লাহোৱাল আৰক্ষীৰ গোপন সূত্ৰৰ পমক্ষেদি মোহনবাৰী হিন্দু গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক হাতেলোটৈ ৩,৯০ গ্ৰাম ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে

লাহোৱালৰ ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈ,অসীম হাজৰিকা মোহনবাৰী হাৰাবাৰী গাঁৱৰ, মনোৰঞ্জন গগৈ মিৰিপথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে।

উল্লেখ যে ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈয়ে তিনিবাৰকৈ ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জেল হাজোতলৈ গৈছিল

বৰ্তমান তিনিজনক লাহোৱাল আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে

মহিলাৰ স্তন কৰ্কট ৰােগ কি হয় জানক…

কিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক। স্তনৰ কৰ্কট হ’লে এই তিনিওবিধ অংগ ক্ষতিগ্ৰস্ত হয়। স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়। জৰায়ুৰ পাছতেই বেছিভাগ মহিলাৰ ক্ষেত্ৰতে স্তনত কৰ্কট ৰোগ হোৱা দেখা যায়। স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ উদ্ভৱ হয়। সচৰাচৰ স্তনত স্কিৰাছজাতীয় কঠিন আৰু দুষ্ট অৰ্বুদ জন্মে। যৌৱনৰ শেষত বা মাজবয়সত, বেছিভাগ ক্ষেত্ৰ্তে ৪০-৫০ বছৰীয়া মহিলাসকলক সাধাৰণতে এইবিধ অৰ্বুদে অধিক আক্ৰমণ কৰা দেখা যায়। স্তনৰ ভিতৰভাগত নাইবা ছালৰ ঠিক তলৰপৰাই কঠিন অৰ্বুদৰ উদ্ভৱ হয় আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ ছালত সংলগ্ন হৈ পৰে। স্তনৰ ভিতৰত অৰ্বুদ স্থিৰ হৈ পৰে।

অৰ্বুদ স্তনৰ ছালৰ ঠিক তলতে থাকে, ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়। ছাল আৰু কলাসমূহত এই অৰ্বুদ খামুচ খাই ধৰাৰ পাছত বেজীয়ে বিন্ধাৰ নিচিনা বিষ হয়। কেচুঁৱাই গাখীৰ খাই থকা মহিলাৰ এই অৰ্বুদ হ’লে অৰ্বুদ কোমল আৰু বিষযুক্ত হয়। দুগ্ধবাহী নলীত এনে অৰ্বুদ হ’লে স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়। স্তনবৃন্ত বা স্তনৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাব ধৰে আৰু এটা সময়ত নাভিৰ দৰে গাঁত হৈ পৰে। ৰোগৰ প্ৰকোপ বা বৃদ্ধি যদি প্ৰতিহত কৰিব পৰা নাযায়, তেন্তে কাষৰ গ্ৰন্থিসমূহো ক্ৰমান্বয়ে স্ফীত, কঠিন আৰু বিষময় হৈ পৰে। আৰু এনেকৈয়ে কাষলতি, পিঠি আৰু বুকুৰ মাজত থকা হাড়ডাল পাৰ হৈ আনটো স্তনলৈকে এই ৰোগ বিয়পি পৰে। স্তন-কৰ্কটৰ অৰ্বুদটো কোনো খোলা বা আৱৰণৰ দ্বাৰা আবৃত নোহোৱা হেতুকে ই ওচৰৰ যিকোনো কলা-কোষলৈকে বিস্তাৰিত হ’ব পাৰে। স্নায়ু-নলী, ৰক্তবাহিকা আৰু লসিকা-প্ৰণালীৰ দ্বাৰা শৰীৰৰ যিকোনো ঠাইলৈকে এই অৰ্বুদ বিয়পিব পাৰে। কাষলতি অঞ্চলৰ লসিকা গ্ৰন্থিসমূহ সহজেই আক্ৰান্ত হয়। ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰে, বিষো ক্ৰমান্বয়ে অসহনীয় হৈ আহে। অস্ত্ৰৰ দ্বাৰা আঘাত কৰাৰ নিচিনা তীব্ৰ যন্ত্ৰণাত ভূগিবলগীয়া হয়। পাছলৈ বিষ আৰু যন্ত্ৰণাৰ বাবে ৰোগিনীয়ে এক মুহূৰ্তও স্বস্তি নাপায় আৰু ভালদৰে টোপনিও নহয়। অৰ্বুদ হঠাতে ফাটি যাব পাৰে আৰু পাছলৈ ছালত ফুটা হৈ গভীৰ ক্ষতৰ সৃষ্টি হয়। সেই ক্ষতৰপৰা অতি তীব্ৰ দূৰ্গন্ধময় ক্লেদ আৰু ৰস নিৰ্গত হ’বলৈ ধৰে। লগতে প্ৰচুৰ পৰিমানে ৰক্তস্ৰাৱো হয়।

এই ক্ষতৰ দাঁতি অসমান, উঠা আৰু বাহিৰলৈ ওলাই অহা ধৰণৰ। তলভাগ কঠিন, টেমুনাৰ দৰে। দেখিলে এনে ভাৱ হয় যেন এই মাত্ৰ ফাটি তেজ ওলাই আহিব! ক্ষতৰ চাৰিওফালে ঘামচিৰ দৰে সৰু সৰু টেমুনা কিছুমানৰ উদ্ভৱ হয়। দেখাত ৰংচুৱা। ক্ষত বাঢ়ি অহাৰ লগে লগে স্তনৰ মাংস ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰে। চিকিৎসাঃ ৰোগৰ আৰম্ভণীৰেপৰা হোমিঅ’পেথিক বিধান অনুযায়ী সুনিৰ্বাচিত ঔষধাদিৰ দ্বাৰা চিকিৎসা কৰিলে শান্ত অৰ্বুদ দুষ্ট অৰ্বুদলৈ পৰ্যবসিত হ’ব নোৱাৰে। আৰু দুষ্ট অৰ্বুদৰো বৃদ্ধি প্ৰতিহত হৈ আৰোগ্যৰ দিশলৈ উভতি আহে, ক্ষতৰ ৰস-ৰক্ত ক্ৰমশ কমি আহি শুকাবলৈ ধৰে। হোমিঅ’পেথিত স্তন কৰ্কট নিৰাময় কৰিবপৰাকৈ এপিচ মেল, আৰ্চেনিক, বেলেডোনা, কেলকেৰিয়া কাৰ্ব, কাৰ্ব’এনিমেলিচ, কোনায়াম, গ্ৰেফাইটিছ, লেলেছিছ ফছফৰাছ, চিপিয়া আদি শতাধিক ভেষজ আছে। মাথোন ৰোগীৰ মানসিক আৰু সাৰ্বিক লক্ষণ অনুযায়ী প্ৰয়োগ কৰিবপৰাটোহে আচল কথা।

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’ ! তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ…

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’। তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ।

লগতে তেওঁ কয় যে মুকলিৰ বাবে ৰাম মন্দিৰ প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বৰ বাবে আৰু ২ বছৰৰ প্ৰয়োজন হ’ব।

উল্লেখ্য, ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান।

ৰহাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত এজন স্কুটী আৰোহী…

ৰহাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত এজন স্কুটী আৰোহী, গুৰুতৰভাবে আহত হয় আন এজন। নিহতজনক ৰহাৰ মহম্মদ ইজাজ আনচাৰি বুলি চিনাক্ত কৰা হৈছে। ৰহা নতুন চাৰিআলিত সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

AS 02 AH 6687 নম্বৰৰ এখন স্কুটী আৰু নগাঁও অভিমুখী AS 02 AK 5290 নম্বৰৰ এখন বলেন’ বাহনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে স্কুটীত অহা লোকদুজনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই নগাঁও অভিমুখী তীব্ৰবেগী বলেন’ বাহনখনে প্ৰচণ্ড খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় স্কুটীখনত থকা আজিজ আনচাৰী। নিহত লোকজন ৰহাত টায়াৰ দোকানিী আছিল। গুৰুতৰভাৱে আহত হয় স্কুটীখনৰ আনজন আৰোহী। পিচত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক নগাঁও লৈ প্ৰেৰণ কৰে। আহত যুৱকজন দোকানৰ কৰ্মচাৰী আৰিফ বুলি জানিব পৰা গৈছে।

মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড ! জুইত ভস্মীভূত কেইবা কোটি টকাৰ সম্পত্তি…

মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড। ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত।

লেলিহান শিখাই নিমিষতে আগুৰি ধৰিলে দুটা গুদাম । ভস্মীভূত কোটি কোটি টকাৰ সম্পত্তি।

ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবা কোটি টকাৰ সম্পত্তি।

কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি…

কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি।

জব্দ এখন বলেৰ’ পিক আপ বাহন। বাহনৰ পৰা চালকৰ পলায়ন। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ…

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব

বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ।

৩ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সৰ্ববৃহৎ কেন্দ্ৰটো। য’ত উপলব্ধ হ’ব ইণ্টাৰনেশ্যনেল বেংকিং ব্যৱস্থা।

কেৰালাত ধৰ্ষণৰ অভিযোগত অসমৰ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ…

ধৰ্ষণৰ অভিযোগত কেৰালাত অসমৰ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

শনিবাৰে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ফিৰদৌছক।

এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ।