Home Blog Page 1157

২ মাহত বিহাৰত ১৫০ জনতকৈ অধিক শিক্ষকৰ পদত্যাগ ! ইয়াৰ বাবে দোষাৰোপ ‘কঠোৰ’ নিয়মক…

‘বিহাৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী বিদ্যালয়ৰ সময় পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ। হোলী, দীপাৱলী আদি উৎসৱৰ বাবে বিদ্যালয়ৰ ছুটীৰ সংখ্যা হ্ৰাস পাব। ইউ পিৰ ঔৰৈয়াৰ, ঠাইৰ পৰা দৰভংগালৈ যাবলৈ ২৪ ঘণ্টাৰো অধিক সময় লাগে। এনে পৰিস্থিতিত হোলী, দীপাৱলী, ৰক্ষা বন্ধন আদি উৎসৱতো পৰিয়ালক লগ কৰিব নোৱাৰিম। তদুপৰি গ্ৰীষ্মকালীন ছুটী বাতিল হোৱাৰ বাবে (শিক্ষকৰ বাবে) মই সেই সময়তো ঘৰলৈ যাব নোৱাৰিম। মোৰ গোটেই দিনটো স্কুলত শেষ হৈ যায় আৰু মোৰ বাবে সময় কম। পৰিয়ালৰ সৈতে যথাযথ আলোচনাৰ অন্তত চাকৰিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো”।

এই কথা বিহাৰৰ দৰভঙা জিলাৰ বিৰৌল গাঁৱৰ উৎক্ৰমিত মধ্যম বিদ্যালয়ৰ শিক্ষক অমন গুপ্তাৰ পদত্যাগ পত্ৰৰ পৰা।

উত্তৰ প্ৰদেশৰ বাসিন্দা গুপ্তাই আগষ্ট মাহত বিহাৰ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ জৰিয়তে প্ৰাথমিক শ্ৰেণীৰ শিক্ষক (১-৫ শ্ৰেণী) হিচাপে নিৰ্বাচিত হৈছিল। গুপ্তাই এমাহ আগতে স্কুলত যোগদান কৰিছিল।

পদত্যাগৰ ক্ষেত্ৰত গুপ্তা অকলশৰীয়া নহয় — যোৱা ডেৰ মাহত বিহাৰত ১৫০ জনতকৈ অধিক নতুনকৈ নিযুক্তি পোৱা শিক্ষকে পদত্যাগ কৰিছে। যদিও তেওঁলোকৰ কিছুমানে অন্য ঠাইত চাকৰি ল’বলৈ পদত্যাগ কৰিছে, তথাপিও বিহাৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কে কে পাঠকে যোৱা ছমাহত আৰম্ভ কৰা সংস্কাৰৰ বাবেই বেছিভাগেই চাকৰি এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গ্ৰাম্য আৰু দূৰত্বৰ পোষ্টিং শিক্ষকৰ পদত্যাগৰ আন এক কাৰণ।

শেহতীয়াকৈ বি পি এছ চিয়ে ১.২২ লাখ শিক্ষকক নিযুক্তি দিছে। বৰ্তমান সময়ত ৰাজ্যিক বিদ্যালয়ত আৰু ১.২০ লাখ শিক্ষক নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰি আছে।

শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা কিছুমান নতুন ব্যৱস্থাৰ ভিতৰত শিক্ষকৰ বাবে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ (আগতে বিয়লি ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ) বিদ্যালয়ৰ সময় বৃদ্ধি কৰা, এসপ্তাহত কমেও তিনিবাৰকৈ পৰিদৰ্শন কৰা, শিক্ষকৰ বাবে গ্ৰীষ্মকালীন ছুটী আঁতৰোৱা, সময়ছোৱাত বিদ্যালয় বন্ধ নকৰা আদি ৰক্ষাবন্ধন, তীজ আৰু জিতিয়া আৰু দুৰ্গা পূজা আৰু ছঠ বন্ধৰ দিন হ্ৰাস কৰা।

বিলাসীপাৰাত শাক-পাঁচলিৰ দোকানত ড্ৰাগছ উদ্ধাৰ ! দোকানী পলাতক…

বিলাসীপাৰাত শাক-পাঁচলিৰ দোকানত ড্ৰাগছ উদ্ধাৰ। দোকানী পলাতক।

বিলাসীপাৰাৰ চুকে-কোণে অতি সংগোপনে ড্ৰাগছ বিক্ৰী চলি থকাৰ মাজতে আজি পুৱা ১০ বজাত ৭ নং ওৰ্ৱাডত অৱস্থিত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিআলি চকত এজন শাক-পাচঁলিৰ দোকানৰ পৰা  বহু কেইটা কন্টেনা ভৰ্তি ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

স্থানীয় বাসিন্দাসকলৰ মতে,বহুত দিনৰ পৰা তীক্ষ্ণ নজৰ দিয়াৰ পাছত  আজি হাতে-লোটে  দোকানী হামিদুল হক নামৰ যুৱকজনক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ধৰা পেলোৱা হয়।তাত উপস্থিত থকা ৰাইজে যুৱক জনক লপা-থপা দিয়াত দৌৰি পলাই যাবলৈ সক্ষম হয়।পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাঁচলিৰ দোকান খনত তালাচী চলোৱাত কণ্টেনাৰ অৰ্থাৎ সৰু সৰু প্লাষ্টিক বটলত ভৰাই ৰখা ড্ৰাগছ খিনি উদ্ধাৰ কৰাৰ লগতে হকৰ ঘৰত তালাচী চলায় ।

ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিসীমাৰ বাহিৰৰ দেৱালৰ কাষত পাঁচলিৰ দোকান বহুৱাই এই ধুৰন্ধৰ যুৱক জনে এই ক্ষতিকাৰক তথা ভয়ংকৰ ড্ৰাগছৰ ব্যৱসায় চলাই অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছে ।গতিকে বিদ্যালয়খনৰ আশেপাশে থকা এই অস্থায়ী দোকান বিলাক উচ্ছেদ কৰিবলৈ বিলাসীপাৰা আৰক্ষীৰ ওচৰত  ৰাইজে দাবী জনাইছে। 

——————————–

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদক

২৩ জানুৱাৰীত তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ…

২৩ জানুৱাৰীত তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ।

মন্দিৰ উদ্বোধনৰ প্ৰথম এশটা দিনত অযোধ্যালৈ চলিব এহাজাৰ ৰে’ল।

১৯ জানুৱাৰীৰ পৰা অযোধ্যালৈ আৰম্ভ হ’ব ৰে’লৰ চলাচল।

চাকৰিৰ মুকলি বজাৰ পাতি লখিমপুৰত আটক বিজেপি নেতা ছামছুল হুছেইন ওৰফে ৰাজা…

চাকৰিৰ মুকলি বজাৰ পাতি লখিমপুৰত আটক বিজেপি নেতা।

আৰক্ষীৰ জালত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক নেতা ছামছুল হুছেইন ওৰফে ৰাজা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত পাতিছিল বজাৰ।

তৃতীয় বৰ্গৰ পদৰ চাকৰিৰ বাবে দাবী কৰিছিল ৫ লাখ টকা আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বাবে দাবী কৰিছিল ৩ লাখ টকা ।

কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাক জ্বলিল দাওদাওকৈ…

কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাকত জুই ৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দাওদাওকৈ জ্বলিল ট্ৰাকখন ৷

নগাঁৱৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন৷ কাৰিকৰী বিজুতিৰ ফলতেই জ্বলি উঠে ট্ৰাকখন৷

কথমপি প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ৷

ঢেকীয়াজুলিত শিশুৰ ওপৰত নিৰ্যাতন চলোৱা ব্যৱসায়ী দাদুল শৰ্মাক গ্ৰেপ্তাৰ…

ঢেকীয়াজুলিত শিশুৰ ওপৰত নিৰ্যাতন চলোৱা ব্যৱসায়ী দাদুল শৰ্মাক গ্ৰেপ্তাৰ৷ মোবাইল চুৰিৰ সন্দেহত দুটি শিশুক প্ৰহাৰ কৰিছিল অভিযুক্ত দাদুলে৷ ঢেকীয়াজুলিৰ বিকানীৰ হোটেলৰ সন্মুখত সংঘটিত হৈছিল এই ঘটনা৷ অৱশেষত DGPৰ তাৎক্ষণিক নিৰ্দেশৰ পাছতে অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ৷

যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শিশু সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছেঃবিভিন্ন বেচৰকাৰী সংস্থা সংগঠনে শিশু সুৰক্ষাৰ বাবে কাম কৰি আহিছে তেনে সময়তে ঢেকীয়াজুলিত দুটিকৈ শিশুক আজি নিৰ্মম প্ৰসাৰ এজন ব্যৱসায়ীয়ে

উল্লেখ্য যে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা হোটেল বিকেনাৰৰ সন্মুখত মোবাইল ফোন চুৰি কৰাৰ অভিযোগ তোলি ব্যৱসায়ী জনে শিশু দুটিক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰে

তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক…

তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক ৷

গৰু আনিবলৈ যাওঁতেই হাতীয়ে আক্ৰমণ কৰে লোক দুজনক ৷

হাতীৰ আক্ৰমণত নিহত অজয় মিন্স আৰু ৰাজেশ তিৰ্কী৷ নিহত লোক দুজনৰ ঘৰ দেওচুঙা ওৰাং বস্তিত৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ভজন লাল শৰ্মাৰ

শুকুৰবাৰে মৰুৰ ৰাজ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে ভজন লাল শৰ্মাই। শপতগ্ৰহণৰ পূৰ্বে শৰ্মাই তেওঁৰ পিতৃ-মাতৃৰ চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে। উল্লেখ্য শুকুৰবাৰে ভজন লাল শৰ্মাৰ জন্মদিনো আছিল। জন্মদিনটো তেওঁৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনৰ সৈতে সংযুক্ত হোৱা নথৈ সুখী হৈছে শৰ্মা। ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে নিৰ্বাচন কৰা ভজন লাল শৰ্মাই তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ আগতে তেওঁৰ পিতৃ-মাতৃৰ ভৰি ধুৱাই দিয়ে।

এটা ভিডিঅ’ত দেখা গৈছে যে ৫৬ বছৰীয়া শৰ্মাই তেওঁৰ পত্নীৰ সৈতে মজিয়াত বহি আছে আৰু তেওঁৰ মাক-দেউতাক চোফাত বহি থকা আছে। শৰ্মাই পিতৃ-মাতৃৰ ভৰি ধুৱাই দিয়াৰ পিছত টাৱেলেৰে মচি দিয়া দেখা গৈছে।শৰ্মা আৰু তেওঁৰ পত্নীয়েপিতৃ-মাতৃৰ চৰণ ধুৱাই দিয়াৰ লগতে তেওঁলোকক মালা পিন্ধাইছিল। শৰ্মাৰ পিতৃয়ে পুত্ৰ কপালত ৰঙা তিলক আঁকি দিয়াৰ লগতে তেওঁক এটা মিঠাই দিয়ে।

মিঠাইটো শৰ্মাই তেওঁৰ পত্নীৰ সৈতে ভাগ কৰি গ্ৰহণ কৰা দেখা যায়।ইয়াৰ পিছতে শৰ্মাই শপতগ্ৰহণৰ বাবে অগ্ৰসৰ হয়। শেহতীয়াকৈ অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাইও শপত গ্ৰহণ কৰে।


তিনিওজনক ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত বাক্য পাঠ কৰোৱায়৷ প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নড্ডা, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এলবাৰ্ট হলৰ সন্মুখত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।


জয়পুৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেয়ো শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।

উন্নয়ন হৈছে ঢকুৱাখনাত, কিন্তু কেঁকুৰি পঞ্চায়তত এইয়া কি?

সভাই সমিতিয়ে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে কিন্তু উন্নয়ন বিকাশ হোৱাৰ ফটা ঢোল কোবাই আজি পৰ্যন্ত সমষ্টিটোৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ কোনো অভাৱ সমস্যা নায়েই বুলি চিঞৰি ফুলজাৰি মৰা চৰকাৰখনৰ কিন্ত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে এটা অঞ্চলে ৷

উন্নয়নৰ মাজতে আজিকোপতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ঢকুৱাখনা মহকুমাৰ ভাটি কেকুঁৰি চেলাজান কছাৰী ৰংপুৰবাসীয়ে ৷ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেকুঁৰি গাওঁ পঞ্চায়ত অন্তগত ভাটি কেকুঁৰি – চেলাজান কছাৰী সংযোগী চেলা চাৰিকড়ীয়া নদীৰ ওপৰে আজিও টুলুঙা নাওৱেৰে বিপদসংকুল যাতায়ত কৰিবলগীয়া হৈ আহিছে শিক্ষাৰ্থীৰ লগতে বহুকেইখন গাৱঁৰ ৰাইজ ৷

ঢকুৱাখনা মহকুমাৰ ঐতিহাসিক দৌল দেৱালয় সমুহৰ অন্যতম শ্ৰী শ্ৰী গৰখীয়া দৌল ও থানলৈ যোৱাৰ বাবেও একমাত্ৰ এই পথটোৱেই সুচল যদিও চেলাচাৰিকড়িয়া নদীৰ ওপৰত টুলুঙা নাওৱেৰেই যাতায়ত কৰিব লগা হোৱাত দৌল দৰ্শনাৰ্থী সকলেও দুৰ্ভোগ ভুগিব লগা হৈছে ৷

দেশে স্বাধীনতা লাভ কৰা ৭৫টা বছৰৰ পিছতো ৰাজ্যত ইখনৰ পিছত সিখনকৈ চৰকাৰে শাসন ভাৰ পৰিচালনা কৰাৰ পিছতো এক মাত্ৰ অনুন্নত যাতায়ত ব্যৱস্থা বাবেই অঞ্চলৰ কৃষক ৰাইজে নিজৰ কষ্টোপাৰ্জিত কৃষি শস্যৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৷ তদুপৰি ঢকুৱাখনা মহকুমাৰ ভিতৰতে একমাত্ৰ কেকুঁৰি অঞ্চলতে কৃষক ৰাইজে প্ৰচুৰ পৰিমাণে আলু ৰঙালাও উৎপাদন কৰি অভিলেখ সৃষ্টি কৰি আহিছে যদিও এনে অৰ্থকৰী সশ্যৰ বীজ সংৰক্ষণ কৰাৰ বাবে মহকুমাটোত এটা শীতল ঘৰ নথকাত এই পথেৰেই বান্দৰ দেৱা তেজপুৰ লগতে জিনজিয়া আদিলৈ প্ৰচুৰ শ্ৰম আৰু অতিৰিক্ত অৰ্থ ব্যয় কৰি অনা নিয়া কৰিব লগা হোৱাত কৃষক ৰাইজৰ দুখ কোলাই পাছিৰে নধৰা হৈছে ৷

যুগ যুগ ধৰি এই নাওখনকে যাতায়তৰ একমাত্ৰ পথ হিচাপে লৈ আজিকোপতি বোকা পানী খচি বহি অঞ্চলৰ লগত যোগাযোগ কৰিব লগা হোৱা অঞ্চলৰ ৰাইজে সেই স্থানত এখন স্বায়ী দলং নিৰ্মাণৰ দাবী জনাইছে ৷ ইপিনে ঢকুৱাখনা এজন জনপ্ৰতিনিধি আছে যদি কিন্তু তেওঁ কেৱল আশ্বাস প্ৰদান কৰিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শিশুসকলক লৈ সমাজৰ জ্যেষ্ঠ সকলে সপোন দেখেঃ চতুৰ্থ শিশু গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ড৹ অসীম চুতীয়া

“শিশুসকলক লৈ সমাজৰ জ্যেষ্ঠসকলে সপোন দেখে। সেয়েহে জেষ্ঠ সকলে শিশুসকলৰ শক্তিশালী বিকাশৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সদায় প্ৰয়াস কৰে । গ্ৰন্থ উৎসৱৰ আয়োজনো তেনে এক দায়বদ্ধতাৰ পৰিচায়ক। ” শিৱসাগৰ জিলাৰ বকতা খামুনত অধ্যয়ন চক্ৰ, বকতা , বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত, বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়ৰ আতিথ্যত আয়োজিত চতুৰ্থ শিশু গ্ৰন্থ উৎসৱ উদ্বোধন কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক-সমালোচক ড৹ অসীম চুতীয়াই।

উদিত বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানত তেখেতে আৰু কয় যে মানুহৰ জীৱনটো ইমান দীঘলীয়া নহয় যে সকলো কিতাপ পঢ়ি শেষ কৰিব পাৰিম। সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক বা অভিভাৱকৰ তত্ত্বাৱধানত কিতাপ নিৰ্বাচন কৰি পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।

অনুষ্ঠানটি ইয়াৰ পূৰ্বে পুৱা গ্ৰন্থ উৎসৱৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী অৰুণ দিহিঙ্গীয়াই। উদযাপন সমিতি , অধ্যয়ন চক্ৰ, বকতা আৰু বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পতাকা উত্তোলন কৰে ক্ৰমে গিৰিন্দ্ৰ নাথ শইকীয়া, উদিত বৰুৱা আৰু ভূৱন দিহিঙ্গীয়াই।

স্মৃতি তৰ্পন কৰে বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক পূৰ্ণানন্দ ঘৰফলীয়া আৰু অধ্যয়ন চক্ৰ, বকতাৰ মুখ্য সম্পাদক উমেশ মহনে। উল্লেখ্য যে গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানতেই লেখিকা পৰিমিতা গগৈ দিহিঙ্গীয়াৰ শিশু উপন্যাস ‘এদিম ছেদিম বাই’ উন্মোচন কৰে ড৹ অসীম চুতীয়াই।অনুষ্ঠানটি আঁত ধৰে নবনীত হাজৰিকাই।

আনহাতে গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে জনপ্ৰিয় কুইজ পৰিচালক ব্ৰজেন বড়াই। প্ৰতিযোগিতাৰ প্ৰথম আৰু তৃতীয় স্থানত সোণাৰী জাতীয় বিদ্যালয় আৰু দ্বিতীয় স্থান লাভ কৰে বিদ্যাভৱন, ডিমুৱালে।

ইফালে বিয়লি অনুষ্ঠিত ‘অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ ‘ শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াই লেখক-সাহিত্যিক ভৰত সন্দিকৈয়ে । আনহাতে ‘ৰং ৰং নানা ৰং’ শীৰ্ষক এটি বিচিত্ৰানুষ্ঠানত গীত,নৃত্য পৰিৱেশন কৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।