Home Blog Page 1181

জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ দেহাৱসান।

৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। শুকুৰবাৰে পুৱতি নিশা ২ বজাত মুম্বাইৰ বাসগৃহত মৃত্যু অভিনেতাগৰাকীৰ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী।

ৰাসৰ অসুৰ চাবলৈ ৰাইজৰ ভিৰ ।

লোকে লোকাৰণ্য ম’হগড়ৰ ৰাসস্থলী ।

গৌতম ডেকাৰ উদ্যোগত অনুষ্ঠিত হ’ল ৰাস ।

ফুলগুৰিৰ – ম’হগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৬ তম্ ৰাস খনে আলোচ্য বিষয় হৈ পৰিছে । ম’হগড়ৰ কলংপৰীয়া আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাস খনত বহু হাজাৰ দৰ্শনাৰ্থীয়ে ৰাসৰ অভিনয় চোৱাৰ লগতে অসুৰ ৰূপী বেহাৰবাৰী আউটপষ্টৰ বিউটি বাইলুং ওৰফে চুমকি কছাৰীয়ে কৰা অসুৰৰ অভিনয় চাবলৈ ভিৰ কৰিছিল ৰাস স্থলীত । ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসত প্ৰথম দিনা পুৱা দিলীপ ডেকাই ধৰ্ম ধ্বজা উত্তোলনেৰে ৰাসৰ শুভাৰম্ভ কৰে। দিনেশ ডেকাই বন্তি প্ৰজ্বলন, গনেশ চন্দ্ৰ বৰদলৈয়ে স্মৃতি তৰ্পণ, প্ৰদীপ ডেকাই গুৰু আসন স্থাপন আদি কাৰ্যসূচীৰ পাছত অনুষ্ঠিত হয় বৰ ধেমালীৰ অনুষ্ঠান। দ্বিতীয় দিনা পুৱা প্ৰফুল্ল ডেকাই শৰাই স্থাপন, কলিয়া দেউৰীয়ে ভাগৱত পাঠ , নাম প্ৰসংগ আদিৰ পাছত সন্ধিয়া অনুষ্ঠিত হয় কেলি গোপাল নাট । ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰথমটো শ্ৰেষ্ঠ এল জিৰ শ্ব’ৰোম জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী গৌতম ডেকাৰ উদ্বোধন কৰে ৰাসলীলাৰ নাটক খন । ফুলগুৰিৰ জনপ্ৰিয় ব্যক্তি প্ৰদীপ ডেকাই আঁত ধৰা সভাখনত গৌতম ডেকাৰ লগতে তেওঁৰ পত্নী মনিকাঞ্চন বৰা ডেকাই সংস্কৃত শ্লোক , মাধৱদেৱৰ নামঘোষাৰ পংক্তি, ৰাসলীলাৰ নাম আদি পৰিবেশন কৰি এক ধৰ্মীয় আৰু আধ্যাত্মিক ভক্তিৰ মাৰ্গৰ বিশ্লেষণ কৰি ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ৰাসখনত অসুৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ অহা চুমকি কছাৰী ওৰফে বিউটি বাইলুঙক জি এম ইলেকট্ৰনিক্স এণ্ড ফাৰ্নিচাৰৰ স্বত্বাধিকাৰী পৰিয়ালৰ পৰা সম্বৰ্ধনা পত্ৰ, গামোচা , চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। একে অনুষ্ঠানতে ৰাসখনৰ পৃষ্ঠপোষক গৌতম ডেকা আৰু মনিকাঞ্চন বৰা ডেকাক গামোচা, চেলেং মানপত্ৰৰে ৰাস উদযাপন সমিতিয়ে উমান সম্বৰ্ধনা জনাই। এক নতুনত্ব প‌্ৰদানৰ উদেশ্য লৈ ৰাসখনলৈ অসুৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনা গৌতম ডেকাই ফুলগুৰি বজাৰৰ পৰা বেনপাৰ্টিৰ বাজনাৰ মাজেৰে পোন্ধৰ খন গাড়ীৰ এক দীঘলীয়া গাড়ীৰ সমদল কৰি ৰাস স্থলীলৈ অসুৰৰ অভিনয় কৰিবলৈ আদৰি আনিছিল বিউটি বাইলুঙক । লোকে লোকাৰণ্য হোৱা দৰ্শকে পুৱতী নিশালৈ উপভোগ কৰিলে বিউটি বাইলুঙৰ অসুৰ ৰূপী ভাওনাৰ বলিষ্ঠ অভিনয় । এক অতুনত্বৰ সোৱাদ দিয়াৰ বাবে উপস্থিত দৰ্শকে গৌতম ডেকাক দিলে আৰ্শীবাদ।

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা…

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন।

বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনৰ খুন্দা অটোত।

দুৰ্ঘটনাস্থলীত উপস্থিত যান-বাহন শাখাৰ আৰক্ষী। আঘাতপ্ৰাপ্ত চালকজনক JMCHলৈ প্ৰেৰণ।

কোকৰাঝাৰত শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা…

কোকৰাঝাৰত অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা। শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা।

পলায়নৰ চেষ্টা কৰোঁতে শম্ভু কাহাৰলৈ আৰক্ষীৰ গুলীচালনা।

কোকৰাঝাৰ তিনিআলি আমগুৰিত এই ঘটনা। ২৯ অক্টোবৰত সংঘটিত হত্যাকাণ্ডত জড়িত আছিল শম্ভু কাহাৰ।

মিচাউঙৰ ফলত তৃতীয় দিনাও চেন্নাইত বানপানী! বিদ্যুৎ বিহীন বহুতো এলেকা, সাহায্য অভিযান অব্যাহত

মিচাউং ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ চেন্নাই চহৰ ধ্বংসস্তূপ হৈ পৰিছে। তামিলনাডু আৰু পুডুচেৰীৰ বিশাল অঞ্চল ধাৰাবাহিক বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে। অৱশ্যে তামিলনাডুৰ ৰাজধানী চেন্নাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বৰষুণ বন্ধ হ’লেও চৌদিশে জমা হৈ আছে পানী। বহু অঞ্চল বিদ্যুৎ বিহীন হৈ পৰিছে।

বংগোপসাগৰত গঠন হোৱা ঘূৰ্ণীবতাহ মিছাউঙে মঙলবাৰে অন্ধ্ৰ উপকূলত আঘাত হানে। ইয়াৰ পিছত তিনি ঘণ্টা ধৰি তাণ্ডৱ চলি থাকিল। কিন্তু ঘূৰ্ণীবতাহ মিচাউঙৰ বাবে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ জীৱন স্তব্ধ হৈ পৰিছে।

ধুমুহা আৰু বৰষুণৰ ফলত বহু ঠাইত বহু গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিল। সেইবাবেই বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি গৈছে। কেইবাঠাইতো পানীৰ তলত ডুব গৈছে বিদ্যুতৰ তাঁৰ। বিপদৰ পৰা হাত সাৰিবলৈ বহু অঞ্চল কৰ্তন কৰা হৈছে বিদ্যুৎ। অৱশ্যে পৰিস্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিলে শীঘ্ৰে বিদ্যুৎ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব বুলি জনা গৈছে। ঘূৰ্ণীবতাহ আৰু ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভেলাচেৰী আৰু তাম্বাৰমৰ বিভিন্ন অঞ্চল প্লাৱিত হয়।

এই দুৰ্যোগৰ সময়ত চেন্নাইৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহত চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিবলৈ কয়। চেন্নাইৰ বেছিভাগ ঠাইতে নিম্নভূমি অঞ্চলত পানীয়ে প্লাৱিত কৰিছে। বহু ঘৰতো পানী সোমাইছে। প্লাৱনৰ ফলত বহু পৰিয়ালে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। আনকি পাৰ্কিং লটত ৰখাই থোৱা গাড়ীবোৰো উটুৱাই লৈ গ’ল। চেন্নাইৰ কোলাথুৰ অঞ্চলৰ মাছ বেপাৰী ৰাজাৰমে কয় যে, “ধাৰাবাহিক বৰষুণৰ ফলত ৩০ খনতকৈও অধিক দোকান পানীত বুৰ গৈছে। দুদিন হ’ল এতিয়াও অঞ্চলটোত বিজুলী নাই। মোৰ চীনৰ পৰা আমদানি কৰা বহু মাছ এই দুৰ্যোগত মৃত্যুমুখত পৰিছে। বহুত টকা হেৰাই গ’ল।” পাৰ্বতী নামৰ এগৰাকী মহিলা চৰকাৰী সাহায্য শিবিৰত কয়, ‘আমাৰ অঞ্চলটো বানপানীত বুৰ গৈছে। আমি চৰকাৰী সাহায্য শিবিৰত খাদ্য, খোৱাপানী আৰু অন্যান্য প্ৰাথমিক সামগ্ৰী লাভ কৰি আছো।”

সাহায্য শিবিৰৰ কৰ্মী সেনবাঘমে কয়, মোৰ ঘৰ ৰাধাকৃষ্ণ শালাইত। অবিৰত বৰষুণৰ বাবে মোৰ অঞ্চলটোও বানপানীত বুৰ গৈছে। কাৰো ক্ষতি হোৱা নাই যদিও পানীৰে ভৰা পৰিস্থিতিৰ বাবে অঞ্চলটোৰ সকলোকে সাহায্য শিবিৰলৈ অনা হয়। ইয়াত তেওঁলোকক খাদ্য, খোৱাপানী আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছে।” কিলপাউক আৰু কট্টুপাক্কাম অঞ্চলৰ বহু ঠাইত এতিয়াও বিদ্যুৎ বিহীন হৈ আছে।

দুৰ্যোগত অধিক ক্ষতিৰ পৰা হাত সাৰিবলৈ তামিলনাডুৰ ডি এম কে চৰকাৰে ইতিমধ্যে ৫ হাজাৰ সাহায্য কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ কামৰ তদাৰক কৰিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। তামিলনাডু চৰকাৰে জনাইছে যে সাহায্য অভিযান পূৰ্ণগতিত চলি আছে। মাজনিশাও বানপানীৰ অঞ্চলত থকা লোকক উদ্ধাৰৰ বাবে নাও উৎক্ষেপণ কৰা হয়। এই দুৰ্যোগৰ সময়ত তামিলনাডু আৰক্ষীয়েও হেল্পলাইন নম্বৰ ঘোষণা কৰিছে।

তামিলনাডুৰ মুখ্য সচিব শিৱদাস মীনাই কয় যে মহানগৰীৰ বহু অঞ্চলৰ পানী আঁতৰাই স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। কেইবাটাও পথ মুকলি কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। বহু পৰিয়ালক শুকান খাদ্য, ৰুটি আৰু গাখীৰৰ পেকেটো দিয়া হৈছে। কিন্তু এতিয়াও বহু কাম বাকী আছে।

মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান ! কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে…

মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান।

মহানগৰীৰ ৩টাকৈ স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে বিভাগটোৱে।

ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে। কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে।

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি…

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি।

সাংবিধানিক বিচাৰপীঠত আৰম্ভ তৃতীয় দিনৰ শুনানি। দুদিনকৈ বিষয়টোক লৈ SCত হৈছে শুনানি।

৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত চলিছে শুনানি

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযানত জব্দ নগদ ৫০ কোটি টকা…

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান। অভিযানত জব্দ নগদ ৫০ কোটি টকা। বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেডত চলাইছিল অভিযান।

কোম্পানীটোৰ চৌহদৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ টকাখিনি। ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত চলিছিল অভিযান।

ঝাৰখণ্ডৰ লোহাৰডাগাতো চলিছিল আয়কৰ বিভাগৰ অভিযান। টকাৰ পৰিমাণ ইমানেই বেছি আছিল যে বিকল হৈ পৰিছিল টকা গণনা কৰা মেচিন।

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক নিলম্বন…

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন। কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন। অসম চৰকাৰৰ বিত্তীয় বিভাগে নিলম্বন কৰিছে সঞ্জীৱ বৰাক।

পেন্সনাৰ, হিতাধিকাৰীৰ বিল অনুমোদনৰ নামত ধন দাবীৰ অভিযোগ। সঞ্জীৱ বৰাৰ বিৰুদ্ধে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ।

কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা অপৰাধত নিলম্বন সঞ্জীৱ বৰাক। সঞ্জীৱ বৰা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া হিচাপেও কৰ্মৰত আছিল

কিছু সময় পাছতে তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…

আজি তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ।

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীসহ ৬গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী। শপত গ্ৰহণৰ বাবে সজাই-পৰাই তোলা হৈছে ৰাজধানী হায়দৰাবাদ।