Home Blog Page 1193

লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল সমাপ্ত; লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ চেম্পিয়ন

কাৰ্বি আংলং জিলাৰ লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত বড়ো শ্বহীদ ন্যাসৰ সৌজন্যত আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে সামৰণি পৰা ২৬সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত লাংহিন তিনিআলি ক্ৰীড়া সন্থা (এল টি এছ এ)-“এ” দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে৷

এই প্ৰতিযোগিতাৰ ফাইনেলত এল টি এছ এ-“এ”দলে এল টি এছ এ-“বি”দলক ৩-১গ’লত পৰাজিত কৰে৷ খেলখনৰ ২৯মিনিটতে এল টি এছ এ-“এ”দলে এটা আত্মঘাটি গল হজম কৰিবলগীয়া হৈছিল যদিও পিছত এল টি এছ এ-“এ” দলৰহৈ ৫৪ আৰু ৭৭মিনিটত জিৰঝাৰ টেৰণে দুটা আৰু ৮০মিনিটত মুনীন গয়াৰীয়ে এটাকৈ গল স্ক’ৰৰে নিজ দলৰ ৩-১গলত বিজয় নিশ্চিত কৰে৷

খেলখন পৰিচালনা কৰাত ৰেফাৰী নিজম তামুলাৰীক সহায় কৰে ধনেশ শ্বাহ, ব্ৰজেন টিমুং আৰু দিপ্লু বসুমতাৰী(চতুৰ্থ)য়ে৷

প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য একাডেমী বঁটাপ্ৰাপক ড° প্ৰেমানন্দ মুছাহাৰী, এল টি এছ এৰ উপদেষ্টা তৰুণ চন্দ্ৰ বসুমতাৰী, লাংহিন পৌৰসভাৰ সভাপতি কমল ব্ৰহ্ম, বিশিষ্ট সমাজ সংগঠক শান্তনু বসুমতাৰী, ৰত্নাকৰ স্বৰ্গীয়াৰী, নাৰায়ণ বসুমতাৰী, কিৰণ বসুমতাৰী আৰু টংকেশ্বৰ খাখলাৰী আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷

উল্লেখ্য যে, এল টি এছ এ-“এ”দলৰ বিৰজন গয়াৰীয়ে শ্ৰেষ্ঠ গ’লৰক্ষক, মুনীন গয়াৰীয়ে সৰ্ব্বোচ্চ গলদাতা আৰু বিশ্বজিত স্বৰ্গীয়াৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে৷

ডিমৌৰ বকতাত পকা ধাননিত অ’এনজিচিৰ খাদৰ পৰা এৰিলে বিষাক্ত পানী, স্থানীয় কৃষক ৰাইজৰ প্ৰতিবাদ

ডিমৌ সমীপৰ বকতাত অ’ এন জি চিৰ এক দায়িত্বহীন আৰু অবিবেচক কাৰু-কাৰ্যৰ ফল ভূগিবলগীয়া হৈছে বকতা গোহাঁই গাঁৱৰ একাংশ কৃষক ৰাইজে! উল্লেখ্য যে অ’এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতা গোহাঁই গাঁৱত খনন কাৰ্য চলি থকা কে জি ডি এইচ ৰিগ আৰ্মকো-১ নম্বৰৰ খাদটোৰ পৰা শনিবাৰে পুৱাই জমা হৈ থকা এ টি পিৰ পেলনীয়া বিষাক্ত পদাৰ্থমিশ্ৰিত পানী বাহিৰলৈ এৰি দিয়াত ফলত সমীপৰ পকা ধাননিত বিয়পি পৰি কৃষক ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি সাধন কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে।

দেওবাৰে পুৱাই গাঁওখনৰ একাধিক ক্ষতিগ্ৰস্ত ৰাইজে খাদৰ প্ৰৱেশ পথ অৱৰোধ কৰি অ’এনজিচিৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায়। ৰাইজে জনোৱা মতে শনিবাৰে পুৱাৰ ভাগতে খাদটোৰ অন্ত:ভাগত জমা হৈ থকা বিষাক্ত পদাৰ্থমিশ্ৰিত পানী এটিপিৰ নিয়োজিত ঠিকাদাৰে বহি:ভাগলৈ এৰি দিয়ে।

ইয়াৰ ফলত সমীপৰ পকা ধাননিত এই পানী বিয়পি পৰাৰ উপৰি স্থানীয় জলাশয় আৰু পুখুৰীত মিহলি হৈ মাছ-পুঠিৰ হানি-বিঘিনি ঘটোৱা বুলি ৰাইজে অভিযোগ কৰিছে। আনকি পথাৰৰ দাই থোৱা পকা ধানৰ মুঠিও এনে বিষাক্ত পানীয়ে বুৰাই পেলোৱাত এতিয়া ৰাইজে অশেষ কষ্টৰ ফলত উৎপাদন কৰা ফচল হেৰুৱাৰ আশংকাত ভুগিছে।

ৰাইজে অভিযোগ কৰা মতে খাদটোত নিয়োজিত এটিপিৰ ঠিকাদাৰে নিজৰ সুবিধাৰ বাবে কালি এনে দায়িত্বহীন আৰু অবিবেচক কাৰ্য সম্পাদন কৰে। অ’এনজিচিৰ তেল খাদৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থমিশ্ৰিত পানীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকসকলক শীঘ্ৰেই উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ লগতে অ’এনজিচিক ভুক্তভোগী ৰাইজে দাবী জনাইছে। ইয়াৰ অন্যথা ৰাইজে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছুইমিঙত চাৰিটাকৈ পদক লাভ কৰা জেছমিন খাতুনক বঙাইগাঁও প্ৰেছ ক্লাবত সম্বৰ্ধনা

১৯ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ ছুইমিং চেম্পিয়নশ্বিপত ৩ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বঙাইগাঁৱৰ জেছমিন খাতুনক দেওবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক সম্বৰ্ধনা সভাও অনুষ্ঠিত হয় ৷

প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যখ্যা কৰে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ে৷ খেলুৱৈগৰাকীক বঙাইগাঁও প্ৰেছ ক্লাবত ফুলাম গামোছা আৰু গ্ৰন্থ প্ৰদানৰে সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈ গৰাকীয়ে তেওঁৰ এই সফলতাৰ বাবে বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ অধীনত ছুইমিং পুলৰ বিষয়ববীয়া সকল , প্ৰশিক্ষক সকলৰ লগতে সমূহ শুভাকাংক্ষী আৰু সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে ভাৰতৰ ছুইমিং ফেডাৰেছন চমুকৈ এচ এফ আইৰ অধীনত তথা কৰ্ণাটক ছুইমিং এছোচিয়েছনৰ উদ্যোগত য়েম্মেকেৰে ছুইমিং পুলত ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ ছুইমিং চেম্পিয়নশ্বিপত বঙাইগাঁৱৰ জেছমিন খাতুনে অংশগ্ৰহণ কৰিছিল ৷

মহিলাৰ গ্ৰুপ ‘ডি’ শাখাত অংশগ্ৰহণ কৰি তেওঁ ক্ৰমে ৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰেষ্টট্ৰোক প্ৰতিযোগিতাত এটাকৈ ৰূপৰ পদক, ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

বঙাইগাঁওস্থিত বঙাইগাঁও হাইস্কুল (ইংলিছ মিডিয়াম)ৰ শিক্ষয়িত্ৰী জেছমিন খাতুনে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা কঢ়িয়াই অনাত ইতিমধ্যে বঙাইগাঁওবাসী ৰাইজ তথা ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰেমীসকল উৎফুল্লিত হৈ পৰিছে।


ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বাসিন্দা জেছমিন প্ৰয়াত জব্বৰ আলী আৰু আমিনা খাতুনৰ জীয়ৰী তথা কামৰূল হকৰ সহধৰ্মিনী ৷

লাহোৱালত ব্যতিক্ৰমী চিন্তাৰে কৃষি বিপ্লৱৰ সূচনা কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ফুলামপুৰৰ প্ৰবোধ গগৈয়ে…

লাহোৱালত ব্যতিক্ৰমী চিন্তাৰে কৃষি বিপ্লৱৰ সূচনা কৰি
স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ফুলামপুৰৰ প্ৰবোধ গগৈয়ে
ৰেড লেডী অমিতা আৰু আপেল বগৰী খেতিৰে বছৰি উপাৰ্জন কৰে ১০লক্ষাধিক টকা

যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিছে নতুবা এটা চাকৰিৰ আশাত ক্ষণ গণি গণি যুৱকৰ পৰা পৌড়ত্ব জীৱনলৈ সময় অতিবাহিত কৰিছে তেনে সময়তে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ফুলামপুৰ গাঁৱৰ প্ৰবোধ গগৈয়ে কৃষি বিভাগৰ পৰা কোনোধৰণৰ সহায় নোলোৱাকৈয়ে প্ৰায় ৪০বিঘা মাটিত ৰেড লেডী 786 অমিতা আৰু আপেল বগৰীৰ ওপৰিও ৰঙালাউ ,বেঙেনা,মূলা ,লাই আৰু থাই অলটাইম আম খেতিৰে স্বাৱলম্বী হৈ পৰিছে ৷ভিন্ন খেতিসমূহৰ ভিতৰত ব্যতিক্ৰমী চিন্তাৰে কৃষক প্ৰবোধ গগৈয়ে কৰা দুটা অন্যতম খেতি হ’ল অমিতা আৰু বগৰী ৷

প্ৰবোধ গগৈয়ে ৰেড লেডী 786নামৰ উন্নত প্ৰজাতিৰ অমিতা বিক্ৰী কৰি বছৰি ৩ লাখ ৭০হাজাৰ টকা আৰু আপেল বগৰী বিক্ৰী কৰি বাৰ্ষিক ৬ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কৃষক জনে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ইয়াৰোপৰি বিবিধ শাক পাচলি বিক্ৰী কৰিও বাৰ্ষিক ৫০হাজাৰকৈ টকা উপাৰ্জন কৰিছে ৷ সম্প্ৰতি অমিতা আৰু বগৰী খেতিৰে প্ৰবোধ গগৈয়ে নিজেই স্বাৱলম্বী হৈ পৰাৰ ওপৰিও আন ৮জনকৈ শ্ৰমিককো কৃষি কৰ্মত সহায়ক হিচাপে নিয়োজিত কৰি কৰ্মসংস্থাপনৰ বাট মুকলাই দিয়া পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে প্ৰবোধ গগৈয়ে অমিতা আৰু বগৰীৰ পিছতে থাই অলটাইম নামৰ উন্নত প্ৰজাতিৰ আম খেতিৰেও এক সুকীয়া কৃষকৰ নিৰ্দশন ধৰিছে কিয়নো থাই অলটাইম নামৰ উন্নত প্ৰজাতিৰ আম খেতি বিশেষকৈ কলকাতা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যৰ খেতিয়কেহে কৰা দেখা যায় কাৰণ ব্যয়বহুল এটা আম খেতি অসমৰ অতি নগণ্য সংখ্যক কৃষকেহে কৰা পৰিলক্ষিত হয় ৷ কৃষি বিভাগৰ পৰা কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে প্ৰবোধ গগৈয়ে ব্যয়বহুল আম খেতি কৰি যি এক কৃষি বিপ্লব সূচনা কৰিছে এইক্ষেত্ৰত জিলা কৃষি বিভাগৰ বিষয়া সকলে প্ৰবোধ গগৈৰ দৰে আৰ্দশ খেতিয়কৰ ওচৰলৈ গৈ কৃষি বিভাগৰ পৰা সহায় সহযোগিতা কৰাটো দূৰৈৰ কথা নিয়মীয়া দিহা পৰামৰ্শখিনি আগবঢ়োৱাৰ ক্ষেত্ৰতো হেমাহি কৰি অহা বুলি অভিযোগ উঠিছে ৷

তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি…

কংগ্ৰেছ তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে । বৰ্তমানেও কংগ্ৰেছ অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত ।

৪০ খন আসনত বি আৰ এছ আগবাঢ়ি আছে । ৩৩ খন আসনত বি আৰ এছ আগবাঢ়ি আছে ।

বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপালক প্ৰদান কৰিব পদত্যাগ পত্ৰ!

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপাল কলৰাজ মিশ্ৰৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিব বুলি খবৰ প্ৰকাশ পাইছে।

বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত বিজেপি পুনৰ ক্ষমতালৈ আহিব বুলি প্ৰমাণিত হৈছে।

খবৰ অনুসৰি, গেহলটে সন্ধিয়া ৫.৩০ বজাত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা আছে।

বৰপেটাত আন্তর্জাতিক দিব্যাংগ দিৱস পালন…

আজি সমগ্র শিক্ষা, বৰপেটাৰ সমন্বিত শিক্ষা গোটৰ তৰফৰ পৰা সমগ্র বিশ্বৰ লগতে বৰপেটা জিলাৰ আটাইকেইটা শিক্ষাখণ্ডতে আন্তর্জাতিক দিব্যাংগ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা শিক্ষাখণ্ডত সমগ্ৰ শিক্ষা বৰপেটাৰ সমন্বিত শিক্ষা গোটৰ জিলা আচঁনি বিষয়া কিশোৰ ৰাজবংশীৰ নেতৃত্বত পৰিচালিত হোৱা চাফাই অভিযানৰে দিব্যাংগ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। প্রায় এহেজাৰ দিব্যাংগ শিশুৰ উপস্থিতিত বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পালন কৰা আজিৰ এই অনুষ্ঠানত সমগ্ৰ শিক্ষা বৰপেটাৰ সৌজন্যত ২০২৩ বৰ্ষৰ জিলা পৰ্যায়ৰ প্রেৰণা বটা প্রদান কৰা হয়। পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিবেকা ৰঞ্জন ৰায় চৌধুৰী, ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰনেন্দ্ৰ কুমাৰ দাস, সমগ্র শিক্ষাৰ সমন্বিত শিক্ষা গোটৰ জিলা আচঁনি বিষয়া কিশোৰ ৰাজবংশী, বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবী মণি নাথ উপস্থিত থকা সভাত প্রেৰণা বঁটা লাভ কৰা ব্যক্তিসকল হ’ল ক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০℅ নম্বৰ প্রাপক দিব্যাংগ শিশু মোজামিল হক, ছবি অকা আৰু কাৰাটেত পাৰদৰ্শিতা দেখুৱা কল্লোল নাথ, প্রধান শিক্ষক দিপজ্যোতি দাস আৰু মমতাজ নাহাৰ খানম।


উল্লেখযোগ্য যে বৰপেটা জিলাৰ ৭ টা শিক্ষাখণ্ডৰ আটাইকেইটা শিক্ষাখণ্ডতে আজি চাফাই অভিযান, পতাকা উত্তোলন, শোভাযাত্রা, বৃক্ষৰোপন, স্বাস্থ্য পৰীক্ষা, খেল ধেমালিৰ লগতে বিভিন্ন প্ৰতিযোগিতা, সজাগতা সভা, বঁটা বিতৰণী সভা অতি ধুমধামেৰে অনুষ্ঠিত কৰা হয়।

সৃষ্টি প্ৰকাশৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা। ৰূপালী বৰা শইকীয়াৰ ‘মোৰ অনুভৱৰ বৰ্ণিল যাত্ৰা’ উন্মোচন…

কবিতা চৰ্চা কৰিবলৈ হ’লে কবিসকলৰ ইমাজিনেচন বৰ দৰকাৰ। অনুভৱ, অভিজ্ঞতাই কবিতা লিখাৰ ক্ষেত্ৰত সৰ্বোচ্চ নহয়। অতি কল্পনাপখৰ ভাবনাত সৃষ্ট হয় কবিতাৰ। এই গুৰুত্বপূৰ্ণ বক্তব্য বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ। কালি দিনৰ ১১.২০ বজাত অসমৰ সম্ভ্ৰান্ত গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান সৃষ্টি প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত এখনি গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এইদৰে বক্তব্য আগবঢ়ায়। বিশিষ্ট গীতিকাৰ তথা কবি-সাহিত্যিক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞিৰ পৌৰোহিত্যত গহপুুুৰস্থিত শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ নিমিষা কিটচেনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখন আঁত ধৰে কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই। গহপুুুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা ৰীণা বৰাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শিশু শিল্পী আকাশ নীলিম শইকীয়াৰ বৰগীত পৰিৱেশনেৰে অনুষ্ঠান আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনিত বিপুল কুমাৰ দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ পাছতে সভাত উপবিষ্ট সুধিজনক ৰূপালী বৰা শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা লেখিকা অঞ্জু বৰা দত্তই আদৰণি জনায়। বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি নগেন কোঞৰে সভাখনি উদ্বোধন কৰি আৰক্ষী বিভাগত কৰ্মৰত লেখিকাগৰাকীৰ কাব্য প্ৰতিভাক শলাগ জনায়। কাৰ্যসূচী অনুসৰি অসম আৰক্ষী বিভাগত কৰ্মৰত তথা তৰুণ প্ৰজন্মৰ এগৰাকী শক্তিশালী কবি ৰূপালী বৰা শইকীয়াৰ প্ৰথমখনি কাব্য সংকলন ‘মোৰ অনুভৱৰ বৰ্ণিল যাত্ৰা’ সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰাই উন্মোচন কৰে।

তেওঁ ভাষণ প্ৰসংগত সামাজিক মাধ্যমত পৰিচিত ৰূপালী বৰা শইকীয়াই কৰ্ম ব্যস্ততাৰ মাজতো কাব্য চৰ্চা অহা কথাটো আমাৰ বাবে সুখৰ বতৰা বুলি উল্লেখ কৰি তিনিকুৰি কবিতা থূপাই সৃষ্টি প্ৰকাশে প্ৰকাশ কৰা এই গ্ৰন্থখনি অসমৰ কাব্যপ্ৰেমী সকলে আঁকোৱালি ল’ব বুলি আশা ব্যক্ত কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাই সাৰগৰ্ভ বক্তব্য ৰাখে। তেওঁ ভাষণ প্ৰসংগত কবিতাত ৰসায়ন থকাৰ কথা উল্লেখ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কবি দিলীপ পৰাজুলী, যদুনাথ বশিষ্ঠ, নিকুঞ্জ কোঞৰ মহন্ত, অনিল শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। সভাত সভাপতি দিগন্ত গোহাঞিয়ে বক্তব্য ৰাখি ৰূপালী বৰা শইকীয়াৰ এই কাব্যগ্ৰন্থখনি অসমীয়া কাব্য সাহিত্যত নতুন সংযোগ বুলি উল্লেখ কৰে। সভাত বিশিষ্ট কবি তথা বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি সবিতা কোঞৰ, হেৰম্বৰ প্ৰসাদ বৰুৱা, তপন গোস্বামী, বিশিষ্ট নাট্যকাৰ দিলীপ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰা, অপূৰ্ব বেজ, বিৰজা হাজৰিকা, বিশিষ্ট লেখিকা বৰ্ণালী কটকী ওজা, গহপুুুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বিজয়া দত্ত হাজৰিকা, বৈজয়ন্তী বৰা, ৰুণু বেজ, বিশিষ্ট কবি তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক জগদীশ শৰ্মা, বিশিষ্ট লেখক ভুৱন চন্দ্ৰ বৰা, বিশ্বনাথ জিলা কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, মৌচুমী দত্ত বৰা, মহেন্দ্ৰ বৰা, নবীন শইকীয়া, নিৰুমণি বৰা, মানিকী বৰা, তপন দত্ত, উৎপল শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত কবি ৰূপালী বৰা শইকীয়াই বক্তব্য ৰাখি এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি উৎসাহিত কৰা সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। বিশেষকৈ উন্মোচক বংশী বৰা, উদ্বোধক নগেন কোঞৰ, সভাপতি দিগন্ত গোহাঞি, বিশিষ্ট অতিথি জ্ঞান পূজাৰী, ড০ অঞ্জন কুমাৰ ওজা, যদুনাথ বশিষ্ঠ, দিলীপ পৰাজুলীৰ লগতে গ্ৰন্থখনিৰ বেটুপাত আৰু প্ৰকাশৰ সামগ্ৰিক ব্যৱস্থা কৰি দিয়া বিপুল কুমাৰ দিহিঙীয়া, অঞ্জু বৰা দত্তৰ শলাগ লয়। উল্লেখ্য যে সভাত প্ৰকাশক বিপুল কুমাৰ দিহিঙীয়াই তৰুণ কবিগৰাকীৰ সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য ৰাখে।নিতুল বৰা গহপুৰ।

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত জয়লাভ কৰাৰ পিছত সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয়ৰ পথত বিজেপি। এই পৰিবেশত দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সাক্ষাৎ কৰিব।

সূত্ৰ অনুসৰি, দেওবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব।

অৱশ্যে পুৱাৰে পৰা উৎসৱমুখৰ পৰিবেশ। সন্ধিয়া প্ৰধানমন্ত্ৰী আহি পালে সেই উল্লাস বৃদ্ধি হোৱাটো নিশ্চিত। মোদীয়ে বিজয়ৰ পিছত কৰ্মকৰ্তা- সমৰ্থকসকলকো বাৰ্তা দিয়াৰ কথা আছে।

এচিডিটিয়ে পেটৰ সমস্যা বৃদ্ধি কৰে, এচিডিটিৰ পৰা সকাহ পাবলৈ এই সমূহ বস্তু খোৱাৰ আৰম্ভ কৰক…

এচিডিটি ঘৰুৱা উপায়ঃ কেতিয়াবা টেঙা খাদ্য বা কিছুমান বমি হোৱা বস্তু খালে পেটত এচিডিটি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। পেটত অত্যধিক এচিড নিঃসৰণ হ’লে এনে হয়। ইয়াৰ ফলত বিষ, মুখৰ দুৰ্গন্ধ, পেটৰ বিষ আৰু বহুতো সমস্যা হ’ব পাৰে। খাদ্যনলীতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। কি কি বস্তুৰ দ্বাৰা এচিডিটিৰ পৰা সকাহ পাব জানক-


দৈ খোৱাটো পাচনতন্ত্ৰৰ বাবে ভাল বুলি বিবেচিত, সেয়েহে দৈ প্ৰায়ে খাদ্য খোৱাৰ পিছত খাবলৈ পৰামৰ্শ দিয়া হয়। দৈত প্ৰ’বায়’টিক থাকে যিয়ে পাচনত সহায় কৰে।


যেতিয়া পেটত এচিড বৃদ্ধি পায়, তেতিয়া জ্বলন অনুভূতি ডিঙিত পৰে, এচিড ৰিফ্লাক্সৰ সমস্যাও বাঢ়ি যায়। যিমানেই বেছি পানী খাব সিমানেই পেটৰ বাবে উপকাৰী হ’ব কাৰণ ই এচিডৰ প্ৰভাৱ কমাই আপোনাক সকাহ দিয়ে।

তিয়াই থোৱা কিচমিচৰ সহায়ত এচিডিটিৰ পৰাও সকাহ পাব পাৰে। ইয়াৰ বাবে কিচমিচ ৰাতি এটা বাটিত পানীত তিয়াই ৰাতিপুৱা খাব লাগে। ইয়াৰ ফলত আপোনাৰ পাচনতন্ত্ৰত অতি ইতিবাচক প্ৰভাৱ পৰিব।

সুস্বাস্থ্য লাভৰ বাবে যুগ যুগ ধৰি গুলকাণ্ড ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বাবে এচামুচ গুলকান্দ লৈ এগিলাচ পানীত তিয়াই দিব। ই পেটৰ তাপ কমোৱাত সহায় কৰে আৰু এচিডিটিৰ পৰা সকাহ দিয়ে।