Home Blog Page 1202

টিংখাঙত মন্ত্ৰী বিমল বড়া, অশোক সিংঘালসহ তিনি বিধায়কে কৃষকৰ সৈতে জুতি ল’লে ৰবাব টেঙাৰ

টিংখাঙৰ অত্যন্ত ভিতৰুৱা গ্ৰামাঞ্চল দিহিং পাৰৰ কৃষি ভূমি পৰিদৰ্শন কৰিলে দুই মন্ত্ৰী ক্ৰমে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াই। এই দুই মন্ত্ৰীক সংগ দিলে তিনি বিধায়ক ক্ৰমে তৰংগ গগৈ, তেৰচ গোৱালা আৰু চক্ৰ গগৈয়ে।

প্ৰথমে খোৱাং অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প আৰু টিংখাঙৰ কলৌলোৱা অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছতেই টিংখাং সমষ্টিৰ “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড”ৰ উদ্যোগত কলৌলোৱা সোণোৱাল গাঁও কৃষক সকলৰ কৃষি ভুমি পৰিদৰ্শন কৰি কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ,নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।

মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা হোৱাকৈ পানী যোগান ধৰা হ’ব বুলি কোৱাৰ লগতে কৃষকসকলেও এই ক্ষেত্ৰত আগ্ৰহী হ’ব লাগিব বুলি কৈ বৰ্তমান পূৰ্বতকৈ কৃষকসকল আগ্ৰহী হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে। মন্ত্ৰী গৰাকীয়ে কৃষি কাৰ্যৰ স্থলীতে ৰাইজৰ সৈতে ৰৰাব টেঙাৰ জুতি লোৱা দেখা গ’ল ৷


উল্লেখ্য যে টিংখাং সমষ্টিৰ কেইবাটাও স্থানত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত পৰীক্ষামূলকভাৱে বহু পৰিমাণে আলু খেতি কৰা হৈছে। আৰু এই সমূহ আলু Pepsico Holdings Pvt. Ldt. নামৰ কোম্পানীলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ’ব । এই আলুৰ পৰা চিপচ নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰী বিমল বড়াই। এই কাৰ্য সফল হলে পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিবেদক-মনোজ সিং , টিংখাং

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় দৰৱ আৱিষ্কাৰ সমাৰোহলৈ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক দল আমন্ত্ৰিত

উত্তৰ পূৱ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক দল এটি ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ ডুবাইৰ দৰৱ আৱিষ্কাৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে । ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ তথা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা দলটিত ড° অপূৰ্ব তালুকদাৰ আৰু ড° কৌশিক নন্দন দত্তয়ো প্ৰতিনিধিত্ব কৰিব।

মূলতঃ বাহগাঁজৰ কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত কৰা গৱেষণা লানিৰ বাবে এই দলটো আমন্ত্ৰিত হৈছে । স্বাভাৱিকতে মিৰ্জা অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰতৰ বাবে ই অতি গৌৰৱৰ বাৰ্তা ।

ইতিমধ্যে অনুষ্ঠানখনিৰ সঞ্চালক ডা° হিতেশ বৰুৱা আৰু উপ সঞ্চালক ডা° মিহিৰ কুমাৰ বৰুৱাই আনন্দ প্ৰকাশ কৰি কয় যে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষণাই ইতিমধ্যে পৃথিবীৰ বিভিন্ন গৱেষকৰ দৃষ্টি কাঢ়িছে ।

অনাগত দিনত নতুন কেঞ্চাৰ প্ৰতিৰোধী দৰৱ আৱিষ্কাৰত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান সক্ষম হব বুলি তেওঁলোক আশাবাদী ।


স্মতৰ্ব্য এই যে ড° চহৰীয়াৰ নেতৃত্বত ইতিমধ্যে বহুকেইটা দৰৱৰ পেটেন্ট প্ৰতিষ্ঠানখনে লাভ কৰিছে । কেঞ্চাৰ গৱেষণাত ই সুদুৰ প্ৰসাৰী প্ৰভাৱ লাভ কৰিব বুলি সকলো আশাবাদী ।

২ ডিচেম্বৰ ২০২৩ ৰ পৰা ৭ ডিচেম্বৰলৈ সমাৰোহখনি ডুবাইত অনুষ্ঠিত হ’ব য’ত বহুকেইখন দেশে নিজৰ গৱেষণা পাঠ কৰিবলৈ আহিব ।

দৰঙৰ এখন গাঁওত ভয়ানক ঘটনা; আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গাঁওখন পৰিদৰ্শন কৰি দিলে কঠোৰ নিৰ্দেশনা

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত পশ্চিম পদোঘাট গাঁওত ভয়ানক ঘটনা। গাঁওখনৰ শ্ৰীমণি চৌহানৰ চাৰি বিঘা কটা ধানত নিশা অগ্নি সংযোগ দূবৃৰ্ত্তৰ। গাঁওখনত প্ৰায় ২০০ হিন্দু পৰিয়াল আছিল যদিও একাংশ লোকৰ অত্যাচাৰত গাঁও এৰি গুছি গৈছে পৰিয়াল সমুহ । বিগত প্ৰায় ১৫-২০ বছৰে গাওঁখনত হিন্দু পৰিয়াল সমূহৰ ধানত জুই, গৰু চুৰি, ঘৰত ডকাইতি আদিত সংঘটিত হৈ আহিছে যদিও আৰক্ষী বা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত ভয়াৰ্ত পৰিয়াল সমূহে গাঁও এৰি অন্য স্থানলৈ গুছি গৈছে।

উক্ত মণি চৌহান হৈছে গাঁওখনৰ অন্তিমটো হিন্দু পৰিয়াল। কিন্তু যোৱা ২২ নৱেম্বৰৰ নিশা মণি চৌহানে ধান কাটি আনি ঘৰৰ ওচৰত জমা কৰি ৰখাৰ পিছত নিশা দূবৃত্তই অগ্নিসংযোগ কৰে। লগে লগে পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকক অৱগত কৰে। পিছত ধূলা থানাত অৱগত কৰে যদিও পথৰ দূৰৱস্থা দোহাই গাঁওখনত উপস্থিত নহল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক। অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে আজি ৯ দিন ধৰি অব্যাহত আছে জুই।

বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং। লক্ষণীয় ভাৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নিজে প্ৰত্যক্ষ কৰে এই জুইৰ জ্বলি থকা ধোঁৱা । দিনৰ ১.০০ বজাত ডিআইজি পাৰ্থসাৰথি মহন্ত, দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সৈতে উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি দুই দিনৰ ভিতৰতে দোষীক কৰায়ক্ত কৰা হব বুলি ঘোষণা কৰে।

তেওঁ স্থানীয় শতাধিক গাঁওবাসীৰ সৈতে মত বিনিময় কৰি গাঁওবাসীক কয় যে উক্ত ধান জ্বলোৱা দুস্কাৰ্য্য যিয়ে সংঘটিত কৰিছে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব। এইক্ষেত্ৰত আৰক্ষীক সহায় কৰিবলৈ গাঁওবাসীক তেওঁ আহবান জনায়। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে গাঁওবাসীক কয়, য’ত এঘৰ সংখ্যালঘু মানুহ থাকে তাত তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্বও ৰাইজৰে।

গাঁওবাসীক ভাতৃত্ববোধৰে থাকিবলৈ তেওঁ আহবান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো অধিক গুৰুত্ব দিয়া বুলি কৈ সকলোৱে শান্তি সম্পীতিৰে আগবাঢ়িবলৈ আহবান জনায়। পিছত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এনে ঘটনা সহ্য কৰা নহব আৰু দোষীক কৰায়ক্ত কৰিবলৈ দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালক নিৰ্দেশ দিয়া বুলি কয়।


ইফালে উক্ত ঘটনাৰ পিছতে গাওঁখনৰ হিন্দু পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰৰ বহু ঘটনা পোহৰলৈ আহিছে। বহু পৰিয়ালে কম দামতে ঘৰ, মাটি, সম্পত্তি বিক্ৰী কৰি পলায়ন কৰিবলগীয়া হোৱা ঘটনা প্ৰকাশ পাইছে । স্থানীয় ৰাইজ আৰু দৰঙৰ বিভিন্ন দল সংগঠনে পৰিয়াল সমূহক নিৰাপত্তা দিয়াৰ দাবী উথাপন কৰিছে। একাংশ লোকে বলপূৰ্বক মাটি দখল আৰু ভুৱাকৈ মাটি নামজাৰি কৰাৰ বিষয়ে আজি আৰক্ষী সঞ্চালক প্ৰধান আৰু দৰঙৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহবান জনাইছে ভুক্তভোগী পৰিয়াল সমূহে ।

ৰঙিয়াত জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী…

ৰঙিয়াত জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী । ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনৰ সমিপৰ ১ নং ৱাৰ্ডৰ পৰা দুজন জালনোট ব্যৱসায়ীক আটক কৰে । ধৃত দুয়োজনৰে পৰা আৰক্ষীয়ে ৪৭ খন পাচ’শ টকীয়া জালনোট জব্দ কৰে ।

বিশেষ সুত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলোৱা অভিযানত আটক হয় দুই জালনোট ব্যৱসায়ী ।

আটকাধীন যুৱ দুজন হৈছে বৰপেটা আৰক্ষী থানাৰ অধীনৰ ভকত পাৰাৰ জ্যোতিশ দাস আৰু গুৱাহাটী সোনাপুৰ আৰক্ষী থানাৰ অধীনৰ তেতেলীয়াৰ জিতু মেধী । ধৃত দুয়োজন যুৱককে অধিক তথ্যৰ বাবে সোধপোচ অব্যহত ৰাখিছে ।

জগত গুৰু শংকৰ দেৱৰ আদৰ্শৰে উদ্ভাষিত কোঁচ বিহাৰৰ ৰাস…

যি সময়ত একাংশই বিভিন্ন ভেদভাৱ সৃষ্টি কৰি সমন্বয় আৰু সম্প্ৰীতিৰ মাজত ভাঙোন আনিব খুজিছে সেই সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত ৰাস উৎসৱৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী টনকিয়াল কৰিব ধৰিছে।এই বিষয়ে কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে কোচবিহাৰৰ ৰাস মহাপুৰুষ শংকৰদেৱৰ বৃহত্তৰ ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ এক নব্য ৰূপ।কোচবিহাৰৰ ৰাস চক্ৰৰ নিৰ্মাণ কার্যত মুছলিম পৰিয়ালো জড়িত হৈ পৰিছে।কোচবিহাৰৰ ৰাস চক্ৰৰ মাজত বিদ্যমান হিন্দু, বৌদ্ধ আৰু ইছলামীয় প্রভাব। অতীত কালত কোচবিহাৰ, পার্শ্ববর্তী বৃহত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল।

এই প্রসংগত ‘দামোদৰ চৰিত’ত পোৱা যায়- ‘লক্ষ্মীনাৰায়ণ পুত্র-পত্নীলৈকে শৰণ দামোদৰ চৰণত।’ মহাৰাজ নৰনাৰায়ণ বৈষ্ণব ধর্মত দীক্ষিত হ’লেও তেওঁ শিৱৰ প্রতি সমানে অনুৰক্ত আছিল। লক্ষ্মীনাৰায়ণৰ পুত্র মহাৰজা বীৰ নৰনাৰায়ণৰ শাসন। কালত (১৬২১-১৬২৫ খ্রীঃ) বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হয়। সেই সময়তেই শংকৰদেৱৰ প্রিয় শিষ্য মাধবদের কোচবিহাৰলৈ আহে। অষ্টাদশ শতিকাৰ শেষ ভাগত মহাৰজা হৰেন্দ্ৰ নাৰায়ণৰ সময়ত শংকৰদেৱ প্রবর্তিত ‘একশৰণ’ বৈষ্ণৱ মত আৰু গৌড়ীয় বৈষ্ণৱ মত তথা আদৰ্শৰ অপূর্ব সমন্বয় ঘটে। অন্য দিশে অষ্টাদশ শতিকাৰ শেষ ভাগত গৌড়ীয় বৈষ্ণব আদৰ্শৰ প্রভাব বৃদ্ধি হোৱাত শংকৰদেৱৰ আদৰ্শৰ প্রভার স্তিমিত হ’বলৈ ধৰে। কিন্তু মদন মোহন শংকৰী ধাবাক সাৰথি কৰি একশবণ, আদর্শ, মত, বিশ্বাস আৰু ইতিহাস চেতনাক কেইবাদশক ধৰি আদর্শ হিচাপে গ্রহণ কৰি কোচবিহাৰৰ বৃহত্তৰ ৰাস উৎসবে আজিও মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ বিজয় নিচান উৰুবাই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পুৰণি বৰ অসমৰ অভিন্ন অংগ কোচবিহাৰৰ ৰাসৰ মূল আধাৰ বিন্দু শ্রীকৃষ্ণ নহয়, ‘মদন মোহন’।

বিষ্ণুৰূপী অদ্বৈত ৰূপ এই মদন মোহনৰ। মদন মোহন কোচবিহাবৰ ৰাজবংশৰ ইষ্ট দেৱতা। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱৰ নাম। মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্রই হ’ল ‘এক শৰণ’। ৰাধাবিহীন মদন মোহন (কৃষ্ণ)ৰ পূজা-অর্চনা তথা মাহাত্ম্য প্রচাৰে শংকৰদেৱৰদ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ মূল কথা। অনেক ঘাত-প্রতিঘাতৰ মাজত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ আশ্রয়ত থাকিবলৈ লয়। এই বিষয়ত মুখ্য ভূমিকা পালন কৰিছিল মহাৰাজৰ ভাতৃ সেনাপতি বীৰ চিলাৰায়ে। যিজনা বীৰ শুক্লধ্বজ হিচাপেও পৰিচিত। ৰজা নৰনাৰায়ণে শংকৰদেৱক অকল ধর্মগুক হিচাপে মানি লোৱা নাছিল, ৰজাই শংকৰদেৱক কোচবিহাৰৰ উপকণ্ঠ অঞ্চলত সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কাৰণে সুবিধা কৰি দিছিল। ৰজা নৰনাৰায়ণে শংকৰদেৱৰ শিস্য হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল যদিও মহাপুৰুষজনাই ৰজাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ৰজা নৰনাৰায়ণক এটা বিষ্ণু মূর্তি স্থাপন কৰি অনন্ত কন্দলিক পূজা- অৰ্চনা কৰিবলৈ শংকৰদেৱে দায়িত্ব দিয়ে। এই বিগ্রহকেই পৰৱৰ্তী কালত মদন মোহন-লক্ষ্মীনাৰায়ণ নামে জনা যায়।

লেফটেনেণ্ট জেনেৰেল ৰাজিন্দৰ দেৱানৰ দ্বাৰা নিৰ্মাণ কৰা অত্যাধুনিক ভৱন শংকৰ বিহাৰ দিল্লীত উদ্বোধন…

লেফটেনেণ্ট জেনেৰেল ৰাজিন্দৰ দেৱানৰ দ্বাৰা নিৰ্মাণ কৰা অত্যাধুনিক ভৱন শংকৰ বিহাৰ দিল্লীত উদ্বোধন কৰা হয় ।

শেহতীয়া লাইট গুৱেজ ষ্টীল ফ্ৰেম এলজিএছএফ প্ৰযুক্তিৰে নিৰ্মাণ কৰা

এই ভৱনটো এবছৰৰ অভিলেখ সৃষ্টি লগতে সকলো বতৰৰ জীৱন-যাপনৰ বাবে আধুনিক সুবিধাৰে সজ্জিত

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে আজি গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ সৈতে নলবাৰীৰ জাগাৰাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বাৰ্তালাপৰ জৰিয়তে দেশবাসীৰ সৈতে সংযুক্ত হোৱাৰ সময়ত যোগদান কৰি আপ্লুত সৰ্বানন্দ সোণোৱাল ।


প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহে কেনেদৰে গাঁওসমূহকে ধৰি সকলো অঞ্চলৰ আৰু সৰ্বস্তৰৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই সন্দৰ্ভত ৰাইজৰ অনুভৱ হৃদয়ংগম কৰে আৰু চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ সুফল সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানতেই ৰাইজৰ সৈতে একেলগে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰা হয়।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশবাসীয়ে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন যুগত পদাৰ্পণ কৰিছে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ই দেশৰ অমৃতকালত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ যাত্ৰাক এক নতুন গতি দিব বুলি দৃঢ় বিশ্বাসী কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

মহানগৰীৰ অভিজাত ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ! এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো…

মহানগৰীৰ অভিজাত ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ।

হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টত এই ঘটনা।

এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো। ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে ‘লিভ ইন’ত আছিল যুৱতীগৰাকী। পশ্চিমবংগৰ বাসিন্দা ৰূপেশ ৰয়। নিশা ৰূপেশ ৰয়-ঋত্বিকা সোণাৰৰ মাজত হৈছিল কাজিয়া।

থাইৰয়ড ৰোগীয়ে ভাত খাব লাগে নে? জানি লওক…

আজি আপোনালোকক জনাম থাইৰয়ড ৰোগী এজনে ভাত খাব লাগে নে নালাগে? প্ৰায়ে কোৱা হয় যে ভাত খোৱাৰ ফলত কেলৰি বঢ়াৰ লগতে চুগাৰৰ মাত্ৰাও বাঢ়ি যায়। ডায়েবেটিছ বা থাইৰয়ড ৰোগীক প্ৰায়ে ভাত খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। থাইৰয়ড ৰোগীয়ে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কোৱা হয় যে ভাত খোৱাৰ ফলত ওজন বৃদ্ধি পায় আৰু শৰীৰৰো অসুস্থ হয়। থাইৰয়ডৰ ক্ষেত্ৰত ভাত খাব লাগেনে জানো আহক-

স্বাস্থ্য বিশেষজ্ঞৰ মতে থাইৰয়ড ৰোগীয়ে একেবাৰে ভাত খাব নালাগে। যদি আপুনি চাউল খাই ভালপাই তেন্তে থাইৰয়ড ৰোগীয়ে বগা চাউলৰ সলনি ব্ৰাউন ৰাইচ খাব লাগে। আচলতে থাইৰয়ডত চাউল খোৱা নিষিদ্ধ কাৰণ চাউলত গ্লুটেন প্ৰটিন থাকে। গতিকে ভাত খোৱাটো থাইৰয়ডৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গ্লুটেন হৈছে এনে এবিধ প্ৰ’টিন যিয়ে শৰীৰত উপস্থিত থকা এন্টিব’ডি হ্ৰাস কৰে, যাৰ ফলত থাইৰ’ক্সিন হৰম’নৰ সমস্যা হ’ব পাৰে।

আচলতে চাউলত ষ্টাৰচ থাকে যাৰ বাবে ই হজম হয় আৰু লগে লগে ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ৰোটিতকৈ চাউলত বহু বেছি চৰ্বি থাকে। গতিকে থাইৰয়ড ৰোগীয়ে চাউল পৰিহাৰ কৰিব লাগে। চাউলত কাৰ্বহাইড্ৰেট আৰু কেলৰিৰ পৰিমাণ অতি বেছি।

ধানৰ তুলনাত ৰোটিত কেলচিয়াম, ফছফৰাছ, আইৰণ আৰু পটাছিয়াম বেছি থাকে। আনহাতে এই সকলোবোৰ খনিজ পদাৰ্থ ধানত কম পৰিমাণে পোৱা যায়। চাউলতকৈ ৰোটিত বহু বেছি অণুপুষ্টি আৰু আঁহ থাকে। সেয়ে ভাত খোৱা নিষেধ।

সাংসদ বদৰুদ্দিন আজমলৰ কংগ্ৰেছৰ হৈ ভোট ভিক্ষা…

কংগ্ৰেছৰ হৈ ভোট ভিক্ষা সাংসদ বদৰুদ্দিন আজমলৰ। হোজাইত সংবাদমেল পাতি বিস্ফোৰণ AIUDF প্ৰধানগৰাকীৰ।

সংখ্যালঘু ভোটাৰক লোকসভাত কংগ্ৰেছক ভোট দিয়াৰ আহ্বান।

নগাঁও, ধুবুৰী, কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিবোৰত থাকিব কংগ্ৰেছলৈ সমৰ্থন। বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিয়াৰ আহ্বান।