Home Blog Page 1221

জীৱনৰ অস্থিৰতাই সন্মিলিত অসমীয়া জাতি সত্তালৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ অনিশ্চয়তাঃ ড°বোধেন শইকীয়া

অসমীয়া জাতীয় জীৱনৰ এই জটিল আৰু ভয়ংকৰ সন্ধিক্ষণত শ্ৰীমন্তশঙ্কৰদেৱ নিঃসন্দেহে এক আলোকস্তম্ভ, যিয়ে বিনাশ কৰিব অসমীয়াত্বৰ অন্ধকাৰ ৷ ৰাজনীতিৰ সৰ্বগ্ৰাহী মনোভাৱ আৰু সামাজিক জীৱনৰ অস্থিৰতাই সন্মিলিত অসমীয়া জাতি সত্তালৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ অনিশ্চয়তা । এই অনিশ্চয়তাক প্ৰতিহত কৰি সাংস্কৃতিক আৰু আৰ্থিকভাৱে সবল সমাজ এখন প্ৰতিষ্ঠাৰ বাবে আজিৰ তাৰিখত প্ৰতিজন অসমীয়াই সচেষ্ট হোবা উচিত ।
এই মন্তব্য কৰে বিশিষ্ট নিবন্ধকাৰ তথা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° বোধেন শইকীয়াই । নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ বেবেজীয়া ৰাস মহোৎসৱত তৃতীয় দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণত এই মন্তব্য কৰে ৷ ড° শইকীয়া আৰু কয় যে গুৰুজনাই সম্প্ৰতি আৰু সমন্বয়ৰ উপাদানেৰে যিখন বৃহত্তৰ অসমীয়া সমাজ স্থাপন কৰি জাতীয়তাবাদৰ ধৰ্বজা বহন কৰিছিল,আধ্যাত্মিক দৃষ্টিৰ আলোকেৰে সংস্কৃতিৰ বৰ্নাঢ্য আৰু আপুৰুগীয়া উপাদান সমূহৰ অসমীয়া জাতি তথা সমাজৰ বৰভেটি বান্ধিছিল,সেই সমাজখনত আজি কিন্তু ঘূনে ধৰাৰ উপক্ৰম হৈছে ।

তেওঁ লগতে কয় যে অসমীয়াৰ শৌৰ্য্যবীৰ্য্য আৰু ভৱিষ্যৎ দৰ্শনক কিন্ত কেতবোৰ আপদীয়া উপাদানে ক্ৰমাত দূৰ্বল কৰি তুলিব ধৰিছে । সচেতনতা আৰু সুস্থিৰ চিন্তাৰ দৈন্যই কৰ্ম সংস্কৃতি আৰু মূল্যবোধক সাংঘাতিক ধৰনে ক্ষতি কৰিছে ৷ গৰীমামণ্ডিত অতিতৰ শুভাই নিশকতীয়া ভৱিষ্যতলৈ আগবাঢ়ি যাব ধৰাটো ক্ষিয়ংকৰী কথা ৷


শংকৰী কলাকৃষ্টিৰ সাধক,বেবেজীয়া সোনালী জয়ন্তী ৰাসৰ প্ৰতিষ্ঠাক অনন্ত হাজৰিকাৰ সভাপতিত্ব আজি বিয়লি ২:৩০ বজাত অনুষ্ঠিত হোবা মুকলি সভাত আন এগৰাকী বিশিষ্ট অতিথি তথা লেখক,প্ৰবন্ধক ড° প্ৰদুম্ন্য গোস্বামীয়ে কয় যে- ৰাসৰ মহত্ত্ব আৰু গুৰুত্ব ঐক্য সমন্বয়ৰে একগোট কৰি ৰখা । অসমত ৰাসৰ সৃষ্টিৰ আৰত জগত গুৰুজনাৰ ভুমিকা অপৰিসীম ।
ৰাস হওঁক সম্প্ৰতিৰ উৎসৱ ৷


ড° গোস্বামীয়ে লগতে কয় যে- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ১৪ শতিকাৰ চিন্তাধাৰা সমূহ আজি ২১ শতিকাটো আধুনিক হৈ আছে ৷ কিন্ত একাংশ লোকে মহাপুৰুষ গুৰুজনাক ভকতীয়া পৰম্পৰাত বান্ধি ৰাখিছে । তেওঁ লগতে কয় ৰাস উৎসৱক সমাজ গঢ়াৰ সম্বল হিছাপে গঢ়ি তুলিবলৈ ৰাইজলৈ আহ্বান জনাই । সাংস্কৃতিক সংগঠক তথা আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল মহন্তই আতঁধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনি উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰাই কয় যে – ৰাস হ’ল জীৱাত্মা আৰু পৰমাত্মাৰ মিলন ৷ পৰমানন্দৰ প্ৰেমত আত্মহাৰা হৈ গোপি সকলে যথা সৰ্বস্ব ত্যাগ কৰি প্ৰভু ভগৱন্তৰ ওচৰত কৰা লীলাই ৰাস লীলা । সভাত ৰাস উৎসৱৰ সোনালী জয়ন্তী উপলক্ষে ৰাজ্যিক বটাঁ প্ৰাপক শিক্ষক লক্ষ্মীনাৰায়ণ শৰ্মাৰ দ্বাৰা প্ৰকাশিত চন্দ্ৰাৱলী নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্তই ৷

সোনলী জয়ন্ত ৰাস মহোৎসৱৰ মুখ্য সম্পাদক বিনোদ বৰুৱাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানটিত বেবেজীয়া গাঁৱৰ বিগত পঞ্চাশ বছৰে ৰাস উৎসৱৰ লগত জৰিত প্ৰায় ষাঠি গৰাকী লোকক সম্বদ্ধৰ্না জনোবা হয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ অভিনেতা প্ৰদুম্ন্য গোস্বামীৰ পৰিচলানত কইনা সজাব কোনে নাট মঞ্চস্থ হয় । আনহাতে কাইলৈ পৰিবেশ নিকাকৰণ,দুপৰীয়া নাম প্ৰসংগ,নিশালৈ হৰিচন্দ্ৰ পাল্লা ভাওনা অনুষ্ঠিত হব ৷

গুৱাহাটীত অসম দৃষ্টিহীন ক্ৰিকেট দল আৰু অনাথ শিশুসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেল ৰোৱান আইনছোৱৰ্থ

ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত মঙলবাৰে অসম দৃষ্টিহীন ক্ৰিকেটৰ ল’ৰা আৰু ছোৱালীৰ দল দুটাই গুৱাহাটীৰ হোটেল ৰাজমহলত কলকাতাত থকা অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেল ৰোৱান আইনছোৱৰ্থৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

“উই টক” শীৰ্ষক এই অনুষ্ঠানত দৃষ্টিহীন খেলুৱৈসকলৰ লগতে কেয়াৰ ইউ ৩৬৫ ৰ বোন্দাত থকা অনাথ শিশুৰ আশ্ৰম “জীৱনালয়”ৰ কন কন শিশুসকলেও অংশ লয়। ভাৰত-অষ্ট্ৰেলিয়া পাঁচখনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ তৃতীয়খন খেলৰ বাবে অসমলৈ অহা অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেলগৰাকীয়ে দৃষ্টিহীন খেলুৱৈসকলে নিজক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূ্হৰ বুজ লয়।

বিশেষভাৱে ছোৱালী খেলুৱৈসকলে দৃষ্টিহীন হোৱাৰ বাবেই প্ৰতি মূহূৰ্ততে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেখেতৰ আগত বৰ্ণনা কৰে। এই মত বিনিময় অনুষ্ঠানত আৱেগিক হৈ পৰা দৃষ্টিহীন খেলুৱৈসকলে উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ অভাৱ স্বত্বেও কেনেকৈ অকণো বিচলিত নহৈ প্ৰবল মনোবলেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ভাল ফল প্ৰদৰ্শন কৰিছে তাৰো অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে অষ্ট্ৰেলিয়ান কনচুল জেনেৰেলগৰাকীৰ মাধ্যমেৰে তেওঁলোকক ক্ৰিকেটৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। খেলুৱৈসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি শ্ৰীমতী আইনছোৱৰ্থে কয় যে জীৱনত আগবাঢ়ি যাবলৈ প্ৰথমে নিজক চিনি পাব লাগিব। নিজৰ প্ৰতিভা চিনাক্ত কৰি সেই দিশত প্ৰবল আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ দ্বাৰাহে সফলতা অৰ্জন কৰিব পাৰি বুলি তেওঁ কয়।

তেওঁ লগতে খেলুৱৈসকলক যিকোনো প্ৰত্যাহ্বানতো মনোবল নেহেৰুৱাই সাহস আৰু উদ্যমৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। খেলুৱৈসকলৰ লগতে অনাথ শিশুৰ আশ্ৰম “জীৱনালয়”ৰ কন কন শিশুসকলক পাই বিষয়াগৰাকী আপ্লুত হৈ পৰে। শিশুসকলৰ গীতে-মাতে অনুষ্ঠানটো মুখৰ হৈ পৰে। ইয়াৰ পিছতেই অষ্ট্ৰেলিয়ান কনচুল জেনেৰেলগৰাকীয়ে নেহৰু ষ্টেডিয়ামত দৃষ্টিহীন খেলুৱৈসকলৰ খেল উপভোগ কৰে আৰু তাৰ পৰাই বৰ্ষাপাৰালৈ যায়। কেয়াৰ ইউ ৩৬৫ আৰু অসম ক্ৰিকেট সন্থাৰ দ্বাৰা দৃষ্টিহীন ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ এটা ব্যতিক্ৰমী প্ৰয়াসৰূপে আজি এইসকল খেলুৱৈ আৰু “জীৱনালয়”ৰ অনাথ শিশুক ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ খেল দেখুওৱা হয়। আজিৰ অনুষ্ঠানত কেয়াৰ ইউ ৩৬৫ৰ বিষয়া-কৰ্মীসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কাম কৰি থকা কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰম্ভ হৈছিল দৃষ্টিহীন ক্ৰিকেটৰ এই যাত্ৰা। সংস্থাৰ উদ্যোগত পলমকৈ হ’লেও অসমে দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। সংস্থাৰ প্ৰচেষ্টাত ২০২১ চনৰ অক্টোবৰ মাহত অসম দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দল আৰু ২০২২ চনত বহু চেষ্টাৰ মূৰত ছোৱালীৰ ক্ৰিকেট দলটো গঠন কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা সন্থাৰ সদস্যসকলৰ অদম্য প্ৰয়াস আৰু কঠোৰ পৰিশ্ৰমৰেই ফচল যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। নানা প্ৰত্যাহ্বান, আৰ্থিক সমস্যা আৰু প্ৰতিবন্ধকতা স্বত্বেও অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰে গঠিত ল’ৰা আৰু ছোৱালীৰ ক্ৰিকেট দল দুটাই বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰি নগাঁৱৰ খেলুৱৈ চিমু দাসে ইতিমধ্যে বাৰ্মিংহামত অনুষ্ঠিত বিশ্ব দৃষ্টিহীন ক্ৰীড়াত জয়লাভ কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে।

তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ; বিভিন্ন দলৰ পৰা অহা প্ৰায় ২৫০০ লোকৰ যোগদান ইউপিপিএল দলত

মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাৰ পিছতেই বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে । কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ নেতৃত্বত যোৱা সোঁতৰটা বছৰে বিটিআৰৰ ৰাইজ ভয় শংকাত থাকিব লগা হৈছিল- এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।


তামুলপুৰ জিলা ইউপিপিএল দলৰ উদ্যোগত আৰু গয়বাৰী ব্লক ইউপিপিএলৰ সহযোগত মঙলবাৰে তামুলপুৰ জিলা সদৰৰ ঘগ্ৰাচকত অনুষ্ঠিত এখন বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বড়োৱে এই মন্তব্য কৰে । ভাষণত তেওঁ পুনৰ কয় – বৰ্তমানৰ মিত্ৰ জোটৰ চৰকাৰখনৰ মূল উদ্দেশ্য আছিল বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা । কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ নেতৃত্বত যোৱা সোঁতৰটা বছৰে বিটিআৰৰ ৰাইজ ভয় শংকাত থাকিব লগা হৈছিল । হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ দিনত বড়ো অনাবড়োৰ সৃষ্টি হৈছিল । কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছতেই বিটিআৰত বড়ো অনাবড়োৰ সৃষ্টি বন্ধ কৰিব পাৰিছোঁ । যাৰ বাবে আজিৰ সভাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে।বিজেপি ইউপিপিএল দলৰ মিত্ৰজোটৰ চৰকাৰখনক এতিয়া আৰু বিটিআৰৰ ৰাইজে হেৰুৱাব নোখোজে ৷ তাৰ বাবে ৰাইজে ইউপিপিএল দলত দলে বলে যোগদান কৰিছে বুলিও উল্লেখ কৰে ৷তেওঁ আকৌ কয় বিপিএফ চৰকাৰৰ সময়ত ঘোচ লৈ চাকৰি দিয়া হৈছিল । কিন্তু আমি এটকাও নোলোৱাকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব পাৰিছো । আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতেই লাখ লাখ চৰকাৰী আবাস গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ । এয়াই আমাৰ পৰিৱৰ্তন ।

তেওঁ পুনৰ কয়, বিটিআৰৰ গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাৰ বাবে ৪০ টা পৰিষদীয় সমষ্টিত ৪০ খন মহিলা বজাৰ বনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আমাৰ চৰকাৰখনে চিকিৎসক অভিযন্তা বনোৱাৰ বাবে ব্যৱস্থা কৰিছো । অতি শীঘ্ৰে টেট উত্তীৰ্ণসকলক নিযুক্তি দিয়াৰ চিন্তা চর্চা কৰিছোঁ । ভূমিৰ নথিপত্ৰ ডিজিটাইজড কৰিলোঁ । আগন্তুক দুটা বছৰত বিটিআৰৰ ৮৫ শতাংশ লোকৰে ভূমিৰ সমস্যা নোহোৱা হব । বিটিআৰ প্ৰধান গৰাকীয়ে আকৌ কয় ধন ঘটিবলৈ ইউপিপিএল চৰকাৰৰ ই এম , জি এম হোৱা নাই । ৰাইজৰ কাম কৰিবলৈ , ৰাইজক সেৱা কৰিবলৈহে ই এম , জি এম হৈছে । হাগ্ৰামা মহিলাৰীয়ে খানা খোৱাৰ বাহিৰে বিটিআৰৰ উন্নয়নৰ বাবে একো চিন্তাই নকৰিলে । মদ ভাং খোৱা লোকৰ সৈতে ৰাজনীতি কৰিলে সমাজ ধ্বংস হয় বুলি মন্তব্য কৰি ইউপিপিএল দলে সমাজৰ কোনো বেয়া কাম নকৰাৰ সংকল্প লোৱা বুলি তেওঁ এক মন্তব্য কৰে।

ইপিনে সংবাদ মাধ্যমৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়, আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোক সভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী থাকিব। এই ক্ষেত্ৰত বিজেপি ইউপিপিএল আৰু অগপ দলৰ মাজত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আলাপ আলোচনা কৰি প্ৰাৰ্থী চূড়ান্ত কৰা হব । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় হাগ্ৰামা মহিলাৰীয়ে বলিয়ালি কৰাতকৈ যোৱা সোঁতৰ বছৰে কৰা ভুলৰ অনুশোচনা কৰি ৰাইজৰ ওচৰত ক্ষমা খুজিলেই তেওঁৰ বাবে ভাল আছিল। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয় ছানি দেউলৰ চিনেমাৰ দৰে তাৰিখ পে তাৰিখ দি ৩ বছৰ হ’ল কিন্তু হাগ্ৰামা মহিলাৰীয়ে আমাৰ চৰকাৰ ভাঙিব নোৱাৰিলে। তামুলপুৰ জিলা ইউপিপিএল দলৰ সভাপতি তথা তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উপস্থিত থাকি অসম চৰকাৰৰ কেবিনট মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় ২০২৫ চনত বিটিআৰত পুনৰ ইউপিপিএল দলৰ নেতৃত্বত মিত্ৰ জোটৰ চৰকাৰ হব।

ইউপিপিএল দলক কোনেও ৰোধ কৰিব নোৱাৰে । এয়া এশ শতাংশই নিশ্চিত । হাগ্ৰামা মহিলাৰীৰ দুৱন্ত নাওঁত কোনোবাই যোগদান কৰিলে জীৱন ধ্বংস হোৱাৰ বাহিৰে একো নহয় । বিপিএফ দলে জীৱনত আৰু কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে । তেওঁ আকৌ কয় ইউপিপিএল দল যদি দহ বছৰ বিটিআৰৰ শাসনত থাকিব পাৰে তেন্তে বিটিআৰত কোনো অশান্তিয়েই হব নোৱাৰে । বড়ো অনাবড়োৰ মাজত সমন্বয় সৃষ্টি কৰি চলোৱা একমাত্ৰ চৰকাৰখনেই হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ ।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লাখ লাখ মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে । অহা জানুৱাৰী মাহৰ পৰা আত্মসহায়ক গোটৰ সদস্যলৈ প্ৰথম কিস্তিত দহ হাজাৰ আৰু দ্বিতীয় কিস্তিত পোন্ধৰ হাজাৰকৈ মুঠ পঁচিশ হাজাৰ টকাকৈ দিয়া হব । যাৰ বাবে আত্ম সহায়ক গোটবিলাকে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লাগিব । ২০২৫ চনত তামুলপুৰ মেডিকেল কলেজৰ কাম সম্পূৰ্ণ কৰি ২০২৬ চনৰ পৰাই পাঠদান আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হব । তামুলপুৰ এখন বাণিজ্যিক জিলা হবলৈ গৈ থকা বুলি মন্তব্য কৰি তেওঁ কয় বিটিআৰৰ ভিতৰতেই তামুলপুৰ জিলা এখন উন্নত জিলা হব ।

সভাত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৱেও ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । সভাত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী , কাৰ্যবাহী সদস্য দাওবৈছা বড়ো , দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী , এমচিএলএ পবিত্ৰ কুমাৰ বড়ো , মহিলা কোষৰ সভানেত্ৰী হেলিনা স্বৰ্গীয়াৰী , তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি জলেন দৈমাৰী , সম্পাদক গণেশ নাথ আদিকে ধৰি কেইবা সহস্ৰাধিক পুৰুষ মহিলা উপস্থিত থাকে । এই সভাতেই প্ৰাক্তন এনএলএফবি , প্ৰাক্তন এনডিএফবি ( আৰ ) , বিপিএফ আৰু জিএছপি দলৰ পৰা অহা প্ৰায় ২৫০০ লোকে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

MoU signed to engage ASHA workers for better implementation of JJM and NHM projects

A Memorandum of Understanding has been signed between Jal Jeevan Mission, Assam and National Health Mission, Assam to involve ASHAs to ensure better project implementation of both the Missions.

The Convergence of Jal Jeevan Mission, Assam and National Health Mission, Assam, is expected to boost the initiatives of both the Missions. While Jal Jeevan Mission aims to provide access of quality water, it automatically reduces the burden on NHM by nipping in the bud causes of various regularly occurring water borne diseases, like diarrhoea to vector borne diseases like Malaria & Japanese encephalitis etc. It is further expected that this convergence would increase the opportunity to reduce school dropout ratios among children and also help to minimize medical expenses for the family for treatment of waterborne diseases.

The ASHA workers will play a pivotal role in this convergence because of their connect and their trust with the rural community. The ASHAs can not only highlight their regular topics related to health but they can delve deep to explain on various issues of preventive, promotive, and curative health, through the use of potable drinking water provided through Functional Health Tap Connections and water handling practices.

The JJM, Assam and NHM, Assam convergence, will also make sure that these steps to improved health conditions of the rural populace is sustained for the long run through better operation and maintenance of the water supply schemes by the community themselves.

The Minister for Public Health Engineering, etc., Sri Jayanta Mallabaruah, addressing the gathering said that “both Jal Jeevan Mission, Assam and National Health Mission, Assam were corelated, and were working to ensure good health for every rural household.” He said that “as Jal Jeevan Mission approaches it target, this initiative with NHM will go the extra mile to ensure the longevity of the piped water supply scheme.”

“NHM will support this initiative in all possible ways to ensure the health and well-being of everyone.” said Sri. Kesab Mahanta, Minister of Health and Family Welfare etc.

The meeting was also graced by Additional Chief Secretary, Health and Family Welfare, Sri Avinash Purushottam Das Joshi, IAS, Sri. Kailash Karthik. N., IAS. Mission Director, Jal Jeevan Mission, Assam, and Dr. M.S. Lakshmi Priya, IAS, Mission Director, National Health Mission, Assam.

Centenary Celebration of Cottonian concludes

The Centenary Celebration of Cottonian – an annual journal published by the student community of Cotton University (erstwhile Cotton College) – concluded with a closing ceremony at the Varsity premise today. Noted social scientist and Andy Matsui Distinguished Professor of the Humanities, Asian University for Women, Bangladesh, Prof. Sanjib Baruah graced the occasion as the invited speaker. He spoke on ‘The Year of the Apollo Moon Landing in Cotton College: Memories and Reflections’.

Prof. Baruah had served as the editor of Cottonian during 1968-69, the year that humans first walked on the moon. He recalled how the historic event was also featured on the cover of his issue of the magazine. He shared how his editorial column reflected on French students’ movement, American students’ movement and a range of other issues that were pertinent during that time. “Memories are always complicated. Who decides what is of historical significance? This has always made me curious. It is this curiosity that has made me do what I have done”, he shared.

During his deliberation, he reflected back on a range of issues, drawing on his experiences of life in Assam and the United States of America. In the question and answer session that followed, Prof. Baruah interacted with faculty members and students. He stressed that the purpose of education should be to create bold spaces that allow people to discuss, deliberate as well as challenge existing histories and thought processes. He appealed to the students to develop curiosity and challenge perspectives of what is significant and what is not.

During his welcome address, Vice Chancellor of Cotton University Prof. Ramesh Chandra Deka said, “Cottonian magazine started in the year 1922. This is perhaps the only students’ magazine or one of the few magazines in the history of Assam to have completed 100 years. The magazine has served as a catalyst for intellectual discourse, a canvas for artistic expression and a mirror reflecting the ever-changing landscape of the society”.

Head of the Centre for Women Studies Prof. Rakhee Kalita Moral, while introducing the speaker said, “Prof. Baruah is one of the most preeminent voices from Northeast India, speaking not only to the country but to the entire world. It is quite impossible for researchers and scholars of literature, history, politics, anthropology and other disciples to navigate the terrain of Northeast India studies without reading Prof. Baruah’s work”.

The programme was attended by former Editors of Cottonian, alumni, officials, faculty members and students. The programme was organized by the University in association with the Cotton University Students’ Union (CUSU) and was hosted by Editor of Cottonian (2023-24) Srinjana Sarma. The event concluded with a vote of thanks by General Secretary of CUSU Javed Akhtar.

আজিৰ প্ৰজন্মই প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব ! কৰা উচিত…

আজিৰ প্ৰজন্মই প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব! কৰা উচিত!

দীপাঙ্কৰ ওজা
ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়

আজিৰ প্ৰজন্ম সামাজিক-ৰাজনৈতিক, অৰ্থনৈতিকভাৱে সচেতন। আজিৰ প্ৰজন্ম বৌদ্ধিকভাৱে সবল। সমাজখনক এক নতুন ধৰণে বিচাৰ-বিশ্লেষণ কৰি চাবলৈ সক্ষম আৰু সামৰ্থবান লগতে ভৱিষ্যত সমাজখনৰ ৰূপৰেখা সম্পৰ্কে সচেতন।

সমাজখনত ঘটি থকা প্ৰতিটো উত্থান-পতনৰ সাক্ষী হোৱাৰ লগতে এই সন্দৰ্ভত গভীৰভাৱে চিন্তা-চৰ্চা কৰাৰ এক পৰিৱেশ নিৰ্মাণ কৰিব লাগিব এই প্ৰজন্মটোৱে। সেয়ে গণতান্ত্ৰিক দেশৰ দায়বদ্ধ নাগৰিক হিচাপে প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগিব আজিৰ প্ৰজন্মই।

আজিৰ প্ৰজন্মই সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটৰ ওপৰত প্ৰশ্ন কৰিব। আজিৰ প্ৰজন্মই অৰ্থনৈতিক উত্থান-পতনৰ ওপৰত প্ৰশ্ন কৰিব।ৰাজনৈতিক মূল্যবোধৰ ওপৰত প্ৰশ্ন কৰিব। প্ৰশ্ন কৰিব সুৰক্ষিত ভৱিষ্যতৰ নিৰাপত্তাৰ ওপৰত। প্ৰশ্ন কৰিব শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নীতিসমূহৰ প্ৰাসংগিকতা আৰু গুৰুত্বৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব সেৱা সমূহৰ উপলদ্ধিতা আৰু ব্যৱস্থাপনাৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব তেওঁলোকক প্ৰতিনিধিত্ব কৰি অহা মানুহখিনিৰ কাম-কাজ আৰু ভূমিকাৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব, আৰু এনেধৰণৰ প্ৰশ্ন কৰাৰ প্ৰাসংগিকতা আছে।

দীপাঙ্কৰ ওজা
ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়
যোগাযোগ :- ৯৩৯৪৭৪৩৮৯৮

নৰ্থ লখিমপুৰ কলেজত ড॰ হীৰেন গোহাঁইৰ সৈতে আলাপৰ অনুষ্ঠান…

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত আজি অসমৰ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক ড॰ হীৰেন গোহাঁইৰ সৈতে এটি অন্তৰংগ আলাপৰ অনুষ্ঠান সম্পন্ন হৈ যায়৷ মূলতঃ সাম্প্ৰতিক শিক্ষা আৰু সমাজক কেন্দ্ৰ কৰি অনুষ্ঠিত আলাপৰ সঞ্চালনা কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই আদৰণিসূচক বক্তব্য আগবঢ়াই কয়যে, মহাবিদ্যালয় পৰিয়ালে ড॰ গোহাঁইৰ লগত মত বিনিময় কৰিবলৈ পোৱাটো যথেষ্ট আনন্দৰ কথা৷ তেওঁ আৰু কয়, বহল বৌদ্ধিক চিন্তাৰ ক্ষেত্ৰ হিচাপে উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানত এনেদৰে যুক্তিপূৰ্ণ আলাপ অনুষ্ঠিত হোৱাটো প্ৰয়োজনীয়৷ নিজৰ ভাষণত ড॰ হীৰেন গোহাঁয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত শিক্ষাৰ মান কেনেধৰণে নিম্নগামী হৈছে সেই সম্পৰ্কে আলোকপাত কৰে৷ শিক্ষা ব্যৱস্থাৰ পৰা যে সমাজ আৰু ৰাজনীতি বিচ্চিন্ন নহয় সেইটো সকলোকে অনুধাৱন কৰিবলৈ কয়৷

পৌৰাণিক কাহিনী নতুবা ইতিহাসৰ প্ৰতি সন্মান জনাই তেওঁ কয়যে, বৰ্তমানটো শক্তিশালী কৰিবলৈ হ’লে পুৰণিৰ বিকৃত ব্যাখ্যা হোৱা উচিত নহয়, লগতে সকলো প্ৰাচীন কথাৰ ব্যৱহাৰিক মূল্য নাই বুলিও সমাজে বুজিব লাগিব৷ ৰাজনৈতিক ক্ষমতাত থকা কিছুমান শক্তিয়ে কেনেকৈ অসমীয়া মানুহৰ ভাষা-সংস্কৃতি আনকি অসমৰ প্ৰকৃতিকো সৰ্বনাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই বিষয়ত ড॰ গোহাঁয়ে আলোকপাত কৰে৷ যুগোপযোগী জাতীয়তা ৰক্ষাৰ বাবে সদা জাগ্ৰত হৈ থাকিবলৈ তেওঁ নতুন প্ৰজন্মটোক আহ্বান জনায়৷ আলাপ অনুষ্ঠানত ৰাণী গোহাঁয়েও ভাগ লয়৷ উল্লেখযোগ্য যে ৰাণী গোহাঁই নৰ্থ লখিমপুৰ কলেজৰ প্ৰাক্তন ছাত্ৰী৷

তেওঁ প্ৰায় ছয় দশকৰ আগৰ লখিমপুৰৰ শিক্ষাজগতৰ বিষয়ে মত বিনিময় কৰে৷ অনুষ্ঠানৰ সঞ্চালক ড॰ অৰবিন্দ ৰাজখোৱাই জনায় যে, ৰাণী গোহায়ে নিৰুপমা বৰগোহাঁই আৰু মামণি ৰয়ছম গোস্বামীৰ বিষয়ে দুখন মূল্যৱান গ্ৰন্থ সম্পাদনা কৰি অসমীয়া গ্ৰন্থৰ জগতখনক সমৃদ্ধ কৰিছে৷ ড॰ ৰাজখোৱাই লগতে অৱগত কৰে যে, অসমীয়া বিভাগৰ পাঠ্যক্ৰমত ২০১৪ চনৰপৰা ড॰ হীৰেন গোহাঁইৰ সাহিত্যিক অৱদানক অধ্যয়ন কৰাৰ লগতে তেওঁৰ প্ৰকৃতি সচেতনাযুক্ত কিছু মূল্যৱান ৰচনা অন্তৰ্ভূক্ত কৰা হৈছে৷ নৰ্থ লখিমপুৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড॰ অতনু গগৈয়ে সম্প্ৰতি ভাৰতবৰ্ষত বুৰঞ্জী চৰ্চাৰ অবৈজ্ঞানিক ধাৰা সম্পৰ্কে ড॰ হীৰেন গোহাঁইৰ লগত মত বিনিময় কৰে৷ নৰ্থ লখিমপুৰ কলেজ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ড॰ হীৰেন গোহাঁই আৰু ৰাণী গোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত নৰ্থ লখিমপুৰ কলেজৰ যথেষ্ট সংখ্যক অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ-ছাত্ৰীৰ লগতে লখিমপুৰ বালিকা মহাবিদ্যালয়, লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয় আদিৰো ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷ লগতে অধিবক্তা নিকুঞ্জ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰমেশ চন্দ্ৰ চুতীয়া, সাংবাদিক ফাৰহানা আহমেদ, প্ৰিয়ম, ৰঞ্জিৎ কাকতী, কবি দিলীপ গগৈ আদি লখিমপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়েও এই আলাপ অনুষ্ঠানত ভাগ লয়৷

সাম্প্ৰদায়িক অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন বিশ্বনাথত ! বিশ্বনাথ ৰাস মহোৎসৱত নন্দ যশোদাৰ ৰূপত মুছলমান শিল্পী…

বিশ্বনাথ ৰাস মহোৎসৱত নন্দ যশোদাৰ ৰূপত মুছলমান শিল্পী

সাংবাদিক আমিৰ খান-জোনমনি বেগমৰ অভিনয়ত সমন্বয়ৰ বাৰ্তা

সাম্প্ৰদায়িকতাক প্ৰত্যাহবান জনাই এইবাৰ ৰাজ্যত সমন্বয়ৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে বিশ্বনাথ ৰাস মহোৎসৱে। ভগবান শ্ৰীকৃষ্ণৰ ৰাসলীলা কেৱল নিদিষ্ট ধৰ্মাৱলম্বীৰ মাজতে সীমাবদ্ধ নহয়,বৰঞ্চ কৃষ্ণ সংস্কৃতিৰ এই সাৰ্বজনীন ৰাস ইছলামধৰ্মী অথবা আন ধৰ্মৰ অভিনেতা অভিনেত্ৰীৰ বাবেও উন্মুক্ত।এয়া প্ৰতিপন্ন হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে আয়োজন কৰা বিশ্বনাথ ৰাস মহোৎসৱত।যি সময়ত দেশত তথা ৰাজ্যত একাংশই সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ অভিযোগ উঠিছে তেনে সময়ত এই বাতাবৰণৰ মাজতে কিন্তু সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমে বিশ্বনাথ ৰাস মহোৎসৱৰ নন্দোৎসৱ নাটিকাত নন্দ আৰু যশোদাৰ ভাওত অবতীৰ্ণ হৈছে।

সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমৰ এই অভিনয়ে প্ৰকৃতাৰ্থত এই কথাই নিৰ্ণয় কৰে যে অসমত একতাৰ এনাজৰীডাল দলিয়াই পেলোৱাটো সহজ নহয়। ইতিমধ্যে ৰসময় হৈ উঠা নন্দোৎসৱৰ নন্দ যশোদাৰ প্ৰাণস্পৰ্শী অভিনয় আৰু কোলাত শিশু কৃষ্ণক তুলি লৈ সাংবাদিক আমিৰ খান আৰু জোনমনি বেগমৰ নৃত্য-গীতৰ পৰিবেশে কল্পিত ব্ৰজধামত আনন্দৰ জোৱাৰ তোলে। সাতামপুৰুষীয়া সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি সাম্প্ৰদায়িক বিষয়বাষ্পৰ মাজতো আমিৰ-জোনমনিৰ দৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়েও এনে অভূতপূৰ্ব পদক্ষেপৰে সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

কেবল আমিৰ দম্পতীয়ে নহয়,হামিদা খাতুন নামৰ শিল্পীগৰাকীয়ে গুৰু বন্দনা,কৃষ্ণ বন্দনা অথবা অন্যান্য গীত বিগত ২৫ বছৰ ধৰি বিশ্বনাথ ৰাস মহোৎসৱত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।সমন্বয় কেবল চৰ্বিত -চৰ্বনৰ বিষয় নহয়,এইয়া যে সম্প্ৰীতিৰ পূৰ্ণ নিদৰ্শন,সেয়া প্ৰতিফলিত হৈছে বিশ্বনাথ ৰাস মহোৎসৱত। আনহাতে কালি নিশা সামৰণি পৰে এই ৰাস মহোৎসৱৰ। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে উদ্বোধন কৰা অন্তিম নিশা অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ, কালিয় দমন নাটিকাৰ লগতে কেলিগোপাল নাট ভাগ অনুষ্ঠিত হয়।

গুৱাহাটীত এনচিচি দিৱস উদযাপন ! এনচিচি কাৰ ৰেলীৰ সফল সামৰণি…


গুৱাহাটীত এনচিচি দিৱস উদযাপন
এনচিচি কাৰ ৰেলীৰ সফল সামৰণি

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীস্থিত ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত আজি ৭৬ সংখ্যক ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এনচিচি) দিৱস উদযাপন কৰা হয়। এনচিচিৰ উত্তৰ-পূৰ্বাঞ্চল সঞ্চালাকলয়ৰ উদ্যোগত আয়োজিত এই দিৱসৰ লগতে এনচিচি প্ৰতিষ্ঠাৰ পয়সত্তৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে যোৱা ৬ নৱেম্বৰত আৰম্ভ কৰা এনচিচি নৰ্থ-ইষ্টাৰ্ণ মাৰুতি জিমনি কাৰ ৰেলীৰ সামৰণি অনুষ্ঠনৰো আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত ঐক্য, অনুশাসন আৰু ৰাষ্ট্ৰীয় গৌৰৱ তথা দেশপ্ৰেম আৰু উৎসাহ-উদ্দীপনাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা এনচিচি কাৰ ৰেলী আজি পতাকা জোকাৰি সামৰণি মাৰে অসমৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অনুষ্ঠানত জি অ চি-ইন চি, ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, মাৰুতি চুজুকি ইণ্ডয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (মাৰ্কেটিং)ৰামসুৰেশ অকেল্লাৰ লগতে বহুতো সামৰিক আৰু অসামৰিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এনচিচি দিৱস উপলক্ষে আয়োজিত সভাত অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সকলোকে এনচিচি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি এনচিচিৰ প্ৰাক্তন কেডেট হিচাপে আজি গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰে।

ছাত্ৰ জীৱনৰ সেই দিনবোৰৰ কথা স্মৰণ কৰি তেওঁ কয় যে শিক্ষাগত অৰ্হতাতকৈও এনচিচিৰ কেডেট হিচাপে অৰ্জন কৰা শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, অনুশাসন আৰু দেশপ্ৰেমৰ ভাৱে আজিৰ কৰ্মক্ষেত্ৰত তেওঁক অধিক সহায় কৰিছে। দেশৰ অমৃতকালৰ সময়ছোৱাত ভাৰতক যাতে সঁচা অৰ্থতে বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বাবে তেওঁ সকলোকে দায়বদ্ধতাৰে নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত এনচিচি কেডেটসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এনচিচি এটা সংস্থা নহয়, ই হৈছে এক জীৱন শৈলী। তেওঁ একতা, নিয়মানুৱৰ্তিতা আদি সকলো শিক্ষাৰে পৰিপক্ক হৈ সমৰ্পিত ভাৱেৰে সকলো এনচিচি কেডেটক সেৱা আগবঢ়াবলৈ আহ্বান জনায় । সভাত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এনচিচি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি সাধনা অবিহনে একো সম্ভৱ নহয় বুলি উল্লেখ কৰে আৰু সকলোকে একাগ্ৰতাৰে আগবাঢ়িবলৈ আহ্বান জনায়। সভাত সমূহীয়াভাৱে এনচিচি সংগীত পৰিবেশন কৰা হয়। সভাত মাৰুতি চুজুকি ইণ্ডয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (মাৰ্কেটিং)ৰামসুৰেশ অকেল্লাই ভাষণ প্ৰদান কৰি তেওঁলোকক এনচিচি দিৱসৰ কাৰ ৰেলীৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত কৃতজ্ঞতা জ্ঞাপন কৰি এনচিচিৰ উত্তৰ-পূৰ্বাঞ্চল সঞ্চালাকলয়ৰ অতিৰিক্ত মহাপৰিদৰ্শক (এডিজি) গগন দীপে এনচিচিৰ সকলো কাৰ্য ইয়াৰ মূলমন্ত্ৰ ‘একতা আৰু অনুশাসন’ৰ ওপৰত আধাৰিত হ’ব লাগিব বুলি উল্লেখ কৰে।

অনুষ্ঠানত কাৰ ৰেলীত অংশগ্ৰহণ কৰা কেডেটসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাৰ অন্তত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে এনচিচি বিষয়া আৰু ৭৬ জন কেডেটৰ এটা দলে এনচিচি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ ৰেলী পৰিচালনা কৰিছিল। এই ৰেলীত প্ৰায় ৪ হাজাৰ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰা হৈছিল। ৰেলীত ৭খন মাৰুতি চুজুকি জিমনি আৰু ৫খন গ্ৰেণ্ড ভিটাৰা এছইউভি ব্যৱহাৰ কৰা হৈছিল। এই ৰেলী শ্বিলঙৰ পৰা যোৱা ৬ নৱেম্বৰত আৰম্ভ হৈছিল আৰু অসম, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰি আজি গুৱাহাটীত অন্ত পৰে। এই যাত্ৰাকালত ২০০তকৈও অধিক বিদ্যালয়, ৪৪খন জিলাত অৱস্থিত ১৪০ খন মহাবিদ্যালয়ৰ ২০ হাজাৰতকৈ অধিক শিক্ষাৰ্থীৰ সৈতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ৰেলীৰ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্লৰ বিভিন্ন স্থানৰ লোকৰ সৈতে তেওঁলোকে ভাৱ বিনিময় কৰে আৰু সাংস্কৃতিক-সামাজিক ঐতিহ্যৰ বাৰ্তা বহন কৰে। এই ৰেলীৰ যাত্ৰাপথৰ বিভিন্ন স্থানত অনুষ্ঠিত অনুষ্ঠানত জ্যেষ্ঠ বিষয়া আৰু এনচিচিৰ প্ৰতিনিধিকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আৰু এই উল্লেখযোগ্য যাত্ৰাত ভাগ লোৱা উৎসাহী কেডেটসকলক আশীৰ্বাদ প্ৰদানেৰে উৎসাহ যোগায়। তেওঁলোকৰ উপস্থিতিয়ে অংশগ্ৰহণকাৰীসকলক সমগ্ৰ সমদলটোৰ নেতৃত্ব আৰু সৌহাৰ্দমূলক মূল্যবোধ বজাই ৰাখিবলৈ অনুপ্ৰেৰণা যোগায়। এনচিচি কাৰ ৰেলীয়ে ইয়াৰ দুঃসাহসিক মনোভাৱৰ বাহিৰেও এনচিচিৰ লোকাচাৰক মূৰ্ত কৰি তোলে। ই যুৱপ্ৰজন্মৰ মাজত একতা, অনুশাসন, নেতৃত্ব আৰু সেৱাৰ মনোভাৱ বৃদ্ধি কৰে আৰু অংশগ্ৰহণকাৰীসকলক ৰাষ্ট্ৰীয় ঐক্য আৰু গৌৰৱৰ অনুভূতি কঢ়িয়াই অনা মূল্যবোধৰ শিক্ষা হৃদয়ংগম কৰিবলৈ এক অনন্য মঞ্চ প্ৰদান কৰে। এনচিচি দিৱস উযযাপনে সকলোৰে মাজত একতা আৰু অনুশাসনৰ বাৰ্তা বহন কৰিব বুলি সকলোৱে সহমত প্ৰকাশ কৰে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ…

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ; মেধাৱী শিক্ষাৰ্থীৰ বাবে শিক্ষামূলক ভ্ৰমণ চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি – ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । ইফালে অবিভক্ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ১৯৫৬ চনতে অঞ্চলটোৰ মধ্যস্থান হিচাপে পৰিচিত পুৰাণগাওঁত স্থাপন কৰিছিল অসমীয়া মাধ্যমৰ বিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ মজলীয়া বিদ্যালয় । পৰবৰ্তী সময়ত ১৯৭২ – ৭৩ চনত সুকীয়াকৈ মেঘালয় ৰাজ্য গঠন হোৱাৰ পাছতো ২০০৭ চনলৈ বিদ্যালয়খন অসমীয়া মাধ্যম হিচাপে চলি আছিল।

পৰৱৰ্তী সময়ত পৰিস্থিতিৰ বাধ্যবাধকতাত মাধ্যম সলনি হলেও বিদ্যালয়খন পৰৱৰ্তী সময়ত উচ্চ মাধ্যমিকলৈ উন্নীতকৰণ হৈ অসমীয়া বিষয়টো এম আই এল বিষয় হিচাপে চলি আছে। বিদ্যালয়খনৰ নামটো শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল হিচাপে নতুনকৈ নামকৰণ কৰা হয় আৰু বৰ্তমান প্ৰায় চাৰিশজন ছাত্ৰ- ছাত্ৰীয়ে তাত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে অধ্যয়ন কৰি আহিছে। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মনীন ৰাজাই জানিবলৈ দিয়া মতে প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ অধ্যয়নৰত শিক্ষাৰ্থী সকলক উৎসাহিত কৰা বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে। সেই অনুসৰি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থী প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰি দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি দাঁতি কাষৰীয়া ঐতিহাসিক স্থান সমুহলৈ লৈ যোৱা হৈছিল। এইবেলি বিদ্যালয়খনৰ পৰা এজন ছাত্ৰসহ পাঁচজন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী সকল হল ক্ৰমে – আলিছা চহতডাং , জুলিন ক্ৰ, ৰুমিনা ইংতি , সুজাতা মাজং আৰু চৌহান ৰাজা । বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই পাঁচজন মেধাৱী শিক্ষাৰ্থীক ১৮ নৱেম্বৰত শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ পৰা ৰেলযোগে নতুন দিল্লীলৈ লৈ যোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মনীন ৰাজাই জানিবলৈ দিয়া মতে তেঁও নিজাববীয়াকৈ গ্ৰহণ কৰা এই শিক্ষামূলক ভ্ৰমণসূচীত বিদ্যালয়খনৰ তিনিজন শিক্ষক – শিক্ষয়ত্ৰী ক্ৰমে – চাৰিনা ৰহাং , মাজু চিয়েম আৰু বেঞ্জহন চিয়েমো গৈছিল ।

নতুন দিল্লীত পাঁচদিন থকা কালত তেঁওলোকৰ মুঠ নজনীয়া দলটোৱে মেঘালয় হাউছত অাছিল আৰু এইক্ষেত্ৰত ৰিভয় জিলাৰ উপায়ুক্ত অৰ্পিত উপাধ্যায়ে সকলো ধৰণৰ ব্যৱস্থা কৰি দিছিল। দিল্লীত থকা সময়ছোৱাত তাত সহায় কৰিছিল মেঘালয় হাউছৰ সহকাৰী আয়ুক্ত গৰাকীয়ে । ২০ নবেম্বৰৰ পৰা ২৩ নবেম্বৰলৈ শিক্ষাৰ্থীৰ দলটোক ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গেট, লালকিল্লা, কুতুবমিনাৰ, সংসদ ভৱন, কৰ্তব্য পথ , ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰ , লটাচ টেম্পল , জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটকে ৰাজধানী চহৰ দিল্লীৰ সকলো ঐতিহাসিক স্থান, কাষৰীয়া উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজমহল , আগ্ৰা দুৰ্গকে ধৰি তাৰ ইতিহাসপ্ৰসিদ্ধ স্থান সমূহলৈ লৈ যোৱা হয়। ভ্ৰমণ সামৰি ২৪ নবেম্বৰত পুনৰ নতুন দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটী হৈ নংপোৰ মাৰাঙলৈ ২৬ নবেম্বৰত উভতি অহা হয়। মনীন ৰাজাই জানিবলৈ দিয়া মতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীয়ে বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থী সকলক আগন্তক দিনত পঢ়াৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কিয়নো আৰ্থিককে ধৰি বিভিন্ন কাৰণৰ বাবে সেই অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ বেছিভাগ শিক্ষাৰ্থীয়ে নিজৰ অঞ্চলটোৰ বা ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙৰ বাহিৰে বেলেগ ঠাইলৈ যাবলৈ সুযোগ সাধাৰণতে নাপায়। তাতে অন্তত অসমীয়া বিষয় থকা এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সামগ্ৰিকভাৱে বিনামূলীয়াকৈ দেশৰ ৰাজধানী চহৰ দিল্লী ভ্ৰমণ কৰাটো এক ইতিবাচক দিশ হিচাপে পৰিগণিত হব বুলি আশা কৰা হৈছে।