Home Blog Page 1224

গুৱাহাটীত ভাৰত অষ্ট্ৰেলিয়াৰ খেল; আকৌ সাপ ! বৰ্ষাপাৰাত পুনৰ সৰ্প

আকৌ সাপ। বৰ্ষাপাৰাৰ খেল পথাৰত আকৌ বিষধৰ সৰ্পৰ উপস্থিতি। কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত অষ্ট্ৰেলিয়াৰ মাজত টি-২০ৰ তৃতীয়খন খেল। সেইমৰ্মে আজি ষ্টেডিয়ামত কৰা হৈছিল স্প্ৰে।

পিছে হঠাৎ আবিৰ্ভাৱ হয় দুডাল বিষধৰ সৰ্পৰ। কৰ্মচাৰী সকলৰ সম্মুখত হঠাৎ মৃত্যদূত দেখি হুৱাদুৱা লাগে তেওঁলোকৰ মাজত। অবশ্যে কোনো বিপদ বিঘিনি নোহোৱাকৈ এন জি অ’ৰ কৰ্মচাৰীয়ে সাপষদুডাল ধৰি ভৰলুত এৰি দিবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০২২ বৰ্ষৰ অক্টোবৰ মাহতো ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ক্ৰিকেট খেলৰ সময়তো দৰ্শন দিছিল এডাল বিষধৰ সাপে। সেই সময়ত ভাৰতে বেটিং কৰি আছিল।

সপ্তম অভাৰত বিষধৰ সাপ প্ৰত্যক্ষ কৰাৰ লগে লগে সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিস্থিতিৰ। কিছু সময়ৰ বাবে খেল স্থগিত ৰখা হৈছিল। গ্ৰাউণ্ড ষ্টাফৰ লগতে সৰ্প বিশেষজ্ঞই খেল পথাৰত নামি সাপডাল ধৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

চতিয়াৰ বাৰভুঞাৰ অৰুণ ৰংগ মঞ্চত ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান ! গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সদ্য অৱসৰী ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• অশোক বৰাক গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন…

চতিয়াৰ বাৰভুঞাৰ অৰুণ ৰংগ মঞ্চত ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান ৷গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সদ্য অৱসৰী ভুগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• অশোক বৰাক গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্যোগত গাওবাসীৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ জীৱনৰ ৩৩ টা বছৰ গুৱাহাটী বিশ্ব বিদ্যালয়ত ভুগোল বিজ্ঞান বিষয়ত অধ্যাপনা কৰি বিভাগটোৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভুগোল বিজ্ঞানী চতিয়াৰ বাৰভুঞা গাঁৱৰ সু সন্তান ড° অশোক বৰাক এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে তেখেতৰ গৱেষক ছাত্ৰ ছাত্ৰী, গাওঁবাসী আৰু গুণমুগ্ধ সকলে ৷আজিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসমৰ প্ৰায় সকলো আগশাৰীৰ, মহাবিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ অধ্যাপক, অধ্যাপিকা সকলৰ লগতে গৱেষক ছাত্ৰ ছাত্ৰী সকল অৱসৰী অধ্যাপক জনৰ সম্বৰ্ধনা জনাবলৈ অনুষ্ঠানটোত উপস্থিত হয় ৷

অৰুণ পুথিভৰালৰ সভাপতি লোহিত ভুঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী কলেজৰ ভুগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° ধ্ৰুৱজ্যোতি ৰাজবংশীয়ে ৷ইয়াৰ পিছতে গবেষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰিচয় দাঙি ধৰে অশোক বৰাই ৷অৱসৰৰ সময়ত অশোক বৰাই গাওঁবাসীলৈ উচৰ্গা কৰা “শংকৰ গুৰুৰ অমৃত বাণী, জীৱনৰ সঞ্জীৱনী “নামৰ গ্ৰন্হখন উন্মোচন কৰে দেবেন হাজৰিকা, হৰ্ষ বৰা আৰু শুভেশ্বৰ ভুঞাই ৷গ্ৰন্থ উন্মোচনৰ পিছতে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত গৱেষক ছাত্ৰ ছাত্ৰীৰ হৈ গামোচা, শৰাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° ধ্ৰুৱজ্যোতি চহৰীয়া মুৰব্বী অধ্যাপক, ড° নিত্যানন্দ ডেকা, ড° মৃনাল বৰুৱা,নগাওঁ কলেজৰ ড°ধ্ৰুৱ বৰুৱা, দৰং কলেজৰ ড° লক্ষ্মী ৰয়,

নগাও কন্যা মহাবিদ্যালয়ৰ ড° নীলোৎপল কলিতা কে প্ৰমুখ্য কৰি ঢেকীয়াজুলি lokd কলেজ, পায়নীয়াৰ ডিগ্ৰী কলেজ, ডিমৰীয়া কলেজ, নাজিৰা কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্যবিদ্যাপীঠ, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, ৰহা কলেজ, উত্তৰ লক্ষীমপুৰ কলেজৰ ভুগোল বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক সকলে ৷ইয়াৰ লগতে গাওঁ সংগঠন আৰু অৰুণ পুথিভৰালৰ লগতে বহু সংখ্যক গুনমুগ্ধই ব্যক্তি গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ইয়াৰ পিছতে বৰা দেৱৰ সন্মানাৰ্থে “গাঁৱলৈ মনত পৰে ” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই ৷মুখ্য অতিথিৰ ভাষণত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই গাৱৰ বোকা পানীৰ গোন্ধৰে সংপৃক্ত অশোক বৰাৰ জীৱনৰ সোনোৱালী যাত্ৰা উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ বুলি মন্তব্য কৰে ৷উপস্থিত ৰাইজৰ ভাষণত অৱসৰী অধ্যাপকজনে নিজৰ দায়িত্ব পালন কৰিও গাঁৱৰ ভাওনা সবাহত অংশ গ্ৰহনৰে কেনেকৈ নিজকে মূলৰ পৰা ছিন্ন নোহোৱাকৈ ৰাখিছিল সেই কথা প্ৰতিফলিত হৈছিল ৷এজন ব্যক্তি কেনেদৰে এটা অনুষ্ঠানলৈ পৰ্যবসিত হয় তাৰ উদাহৰণ আজিৰ সম্বৰ্ধনা সভাখনেই প্ৰমাণিত কৰিলে বুলি সভাত উপস্থিত সকলে মন্তব্য কৰিছে

‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ৰ বাবে নলবাৰীৰ জংকি শৰ্মালৈ স্পন্দন বঁটা…

‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ৰ বাবে নলবাৰীৰ জংকি শৰ্মালৈ স্পন্দন বঁটা

২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ ঘোষণা কৰা হৈছে । জানিব পৰা মতে সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান “স্পন্দন… শব্দৰ পৰা হৃদয়লৈ”ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ৰ ফলাফল ঘোষণা কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মাই ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে নিৰ্বাচিত হৈছে ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ৰ বাবে । অহা ৩ ডিচেম্বৰত কটন বিশ্ববিদ্যালয় এলমনাই হলত অনুষ্ঠিতব্য সভাত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব।

বঁটাটোত আছে নগদ ১০ হাজাৰ টকা,স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা। জংকি শৰ্মাৰ সফলতাত তেওঁক অভিনন্দন জনাইছে নলবাৰীৰ সাহিত্যৰসিকে । উল্লেখ্য যে ‘চহৰতো এখন আকাশ আছে’ শীৰ্ষক কাব্য সংকলন এখন ইতিমধ্যে প্ৰকাশিত জংকি শৰ্মাই ২০১৮ চনত নলবাৰী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটাও লাভ কৰিছিল ।

চিমেন চাপৰিত শোকৰ ছা, বিভিন্ন সংগঠনৰ শোক প্ৰকাশ,সুদক্ষ ফুটবল খেলুৱৈ, বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ কমাণ্ডাৰ, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লাইচুমা স্বৰ্গীয়াৰীৰ বিয়োগ…

একালৰ সুদক্ষ খেলুৱৈ,বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ অবিভক্ত লখিমপুৰ জিলাৰ কমাণ্ডাৰ ,ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লাইচুমা স্বৰ্গীয়াৰীৰ আজি নিজা বাসভৱনত পৰলোকগামী হয়। যোৱা পাঁচবছৰৰ পৰা বহুমূত্ৰ, বৃক্ক,কিডনিৰ ৰোগত আক্ৰান্ত হোৱা লাইচুমা স্বৰ্গীয়াৰীয়ে গুৱাহাটী,ডিব্ৰুগড়, ধেমাজি আদি ঠাইত চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ হোৱা নাছিল।শেহতীয়াকৈ ঘৰৰ পৰাই আহযাহ কৰি ধেমাজিত চিকিৎসা গ্ৰহণ কৰি আছিল যদিও আজি দিনৰ ১১ বজাত চিমেন চাপৰি আগমা চাপৰিৰ নিজাবাসভৱন শেষ নিশ্বাস ত্যাগ কৰে।১৯৭১ চনৰ ১৮ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ নাওকাটাৰ মাগুৰমাৰী গাঁৱত জন্ম হৈছিল লাইচুমা স্বৰ্গীয়াৰীৰ। পৰৱৰ্তী কালত পিতৃৰ সৈতে অবিভক্ত লখিমপুৰ জিলাৰ ডেকাপাম মাজগাঁৱলৈ আহি স্থায়ীভাৱে বসবাস কৰে। একালৰ দুদৰ্ষ ফুটবল খেলুৱৈ গৰাকীয়ে হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত এল পি পাছ কৰাৰ পাছত মিছামৰা বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এম ই আৰু চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

তামোলপুৰ কলেজৰ পৰা প্ৰাক্ বিশ্ববিদ্যালয় আৰু স্নাতক ডিগ্ৰী লাভ কৰিছিল। সকলোৱে লগত জনপ্ৰিয় হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি গৈছিল লাইচুমা স্বৰ্গীয়াৰীয়ে। ভৰপুৰ বড়োলেণ্ড আন্দোলনৰ সময়ত অবিভক্ত লখিমপুৰ জিলাৰ বড়ো ভল্যুনটিয়াৰ ফৌৰ্জৰ কমাণ্ডাৰ হিচাপে নেতৃত্ব বহন কৰা লাইচুমা স্বৰ্গীয়াৰীয়ে সেনা-পুলিচৰ অত্যাচাৰৰ সন্মুখীন হবলগা হৈছিল। চিমেন চাপৰিৰ লগতে ধেমাজি জিলাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী লাইচুমা স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধ সকলে নিজাবাসভৱনত উপস্থিত হৈ ৰাজহুৱাকৈ শেষ শ্ৰদ্ধা নিবেদন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী বিবাহিত জী,এগৰাকী কন্যা, দুগৰাকী জ্যেষ্ঠ ভাতৃ,তিনিগৰাকী কণিষ্ঠ ভাতৃ,বহু সংখ্যক আত্মীয় স্বজনক ইহঃসংসাৰত এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী,অধ্যক্ষ অনিল বসুমতাৰী,সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,শুক্ৰেশ্বৰ গয়াৰী,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,

মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী,সাধাৰণ সম্পাদক মানিক বড়ো, চিমেন প্ৰাথমিক সমিতিৰ সভাপতি মাওফুংসা ৰামচিয়াৰী, সাধাৰণ সম্পাদক অমেশ ব্ৰহ্ম,এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো,সাধাৰণ সম্পাদক উদাং বি বডোছা, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰফুল্ল বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী,সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈ, সাধাৰণ সম্পাদক তোলন সোনোৱাল,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰী,ডেকাপাম গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰী,চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।


শম্ভু দাস
ধেমাজি

গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত মলয়া গোস্বামী, নিশিতা গোস্বামী আৰু প্ৰীতি কংকনালৈ এইবৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা…

মলয়া গোস্বামীলৈ এইবৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা

সৌজন্যত কানুগাঁও নাট্যমঞ্চত দুদিনীয়াকৈ উদযাপন কৰা হয় ‘শ্ৰী শ্ৰী কৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলা’। ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা এই বৰ্ষৰ ৰাসত দুয়োদিনাই কেবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰে। জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা, অভিনেতা পংকজ মহন্ত আৰু অংকুৰ শইকীয়াৰ লগতে ন পুৰণি বহু শিল্পী, কলা কুশলী আৰু স্থানীয় অভিনেতা অভিনেত্ৰীয়ে দুয়োটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইতিমধ্যে ৩৯ বছৰ অতিক্ৰম কৰা এই ৰাস উৎসৱৰ লগত সংগতি ৰাখি প্ৰয়াত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ অভিনেত্ৰী মলয়া গোস্বামীক।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে যুৱ নেতা তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী, সমাজ সচেতক ৰবীন দত্ত, যুৱ নেতা, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ সভাপতি তথা ক্ৰীৰা সংগঠক পৰীক্ষিত দত্তৰ লগতে বহু গণ্য মান্য ব্যক্তি। কানুগাঁও নাত্যমঞ্চত এক পৱিত্ৰ অনুষ্ঠানত দেওবাৰে এই বঁটা গ্ৰহণ কৰি যথেষ্ঠ আৱেগিক অনুভৱ কৰা বুলি ৰাইজক উদ্দেশ্যি আগবঢ়োৱা সাৰুৱা বক্তব্যত কয় বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে। ইফালে তেখেতে লগতে নৱ প্ৰজন্মৰ বাবে অনাগত দিনত বিভিন্ন কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

২০১৮ বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটা ইতিমধ্যে মৃদুলা বৰুৱা, পীতাম্বৰ দেৱ গোস্বামী, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকা, অতুল পাচনি ইত্যাদি কেইবাগৰাকী বিশেষ ব্যক্তিক প্ৰদান কৰা হৈছে।
ইফালে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা সন্দৰ্ভত পৰীক্ষিত দত্তই কয় যে, চিন্ময় ৰঞ্জন দত্ত কেৱল আমাৰ ভাতৃয়ে নহয় বিভিন্ন ক্ষেত্ৰত তেওঁৰ পাৰদৰ্শিতা আছিল। এগৰাকী ভাল খেলুৱৈ আছিল আৰু পূৰ্ব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাস খনত বিশেষভাৱে জৰিত আছিল। ইফালে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাসে। একেদৰে এইবাৰ ৰাস চাবলৈ কোৰিয়াৰ এজন পৰ্যটক অহা দেখিবলৈ পোৱা যায়। ইফালে ৰাসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰি ভিন্ন শিতানত পুৰস্কাৰ প্ৰদান কৰা হয়।

কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ ! ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব কিছুমান সামগ্ৰী…

কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ ৷

মানীবেগ আৰু মোবাইলৰ বাহিৰে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব আন কোনো সামগ্ৰী ৷

সন্ধিয়া ৭ বজাত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচখন৷

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা – মন্ত্ৰী অশোক সিংঘাল…

গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰিলৈ স্থানান্তৰৰ পৰিকল্পনা।

মন্ত্ৰী অশোক সিংঘালে জনালে এই কথা। গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবৰ বাবে নগৰ উন্নয়ন বিভাগৰ এই পদক্ষেপ।

চাংসাৰিলৈ হোলছেল মাৰ্কেট স্থানান্তৰৰ বাবে সাজু কৰা হৈছে মাষ্টাৰপ্লেন।

আই পি এলত কিমান দৰমহা পাই ৰিংকু সিঙে জানেনে…

ৰিংকু সিং আই পি এলঃ আই পি এলত আলোড়নৰ সৃষ্টি কৰাৰ পিছত এতিয়া টিম ইণ্ডিয়াৰ হৈ ধাৰাবাহিকভাৱে ছয় মাৰিছে ৰিংকু সিঙে। কিন্তু ৰিংকু সিঙৰ আই পি এলৰ দৰমহা কিমান জানেনে? যোৱা ছিজনত যশ দয়ালৰ একেৰাহে ৫টা বলত ৫টা ছয় কৰি কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ দিশত আগুৱাই লৈ গৈছিল ৰিংকু সিঙে। ইয়াৰ পিছত ৰিংকু সিঙে শিৰোনাম দখল কৰিলে। আপুনি জানি আচৰিত হ’ব যে ৰিংকু সিঙৰ দৰমহা ৫৫ লাখ টকা। ৰিংকু সিং প্ৰথমবাৰৰ বাবে আই পি এল ২০১৭ৰ অংশ হৈছিল, যেতিয়া পঞ্জাব কিংছে ১০ লাখ টকাৰ বিনিময়ত এইগৰাকী খেলুৱৈক লৈছিল।

ইয়াৰ পিছত ২০১৮ চনৰ আই পি এল নিলামত কলকাতা নাইট ৰাইডাৰ্ছে ৮০ লাখ টকাত ৰিংকু সিঙক ক্ৰয় কৰিছিল। ২০২৩ চনৰ আই পি এলত উৎকৃষ্ট বেটিং প্ৰদৰ্শন কৰিছিল ৰিংকু সিঙে।

আই পি এলত উজ্জ্বল প্ৰদৰ্শনৰ অন্তত টিম ইণ্ডিয়াত প্ৰৱেশ কৰে ৰিংকু সিঙে। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলে এছিয়ান ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰে। টিম ইণ্ডিয়াৰ জয়ত ৰিংকু সিঙে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। বৰ্তমান ৰিংকু সিং অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ছিৰিজত টিম ইণ্ডিয়াৰ অংশ। এই শৃংখলাৰ প্ৰথমখন মেচত ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে ৰিংকু সিঙে। একে সময়তে দ্বিতীয়খন মেচত এই যুৱ বেটছমেনে ৯টা বলত ৩১ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ ইনিংছত ৪টা চাৰি আৰু ২টা ছয় কৰে।

বিদেশত নহয়, দেশতে কৰিব পাৰিব ‘ডেষ্টিনেচন ওয়েডিং’। আনহাতে দেশতে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ…

যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ শীৰ্ষ চেলিব্ৰিটিসকলে বিদেশৰ মাটিত বিবাহপাশত আবদ্ধ হৈছে। আহাতে সাধাৰণ লোকৰ মনতো ডেষ্টিনেচন ওয়েডিঙৰ ধাৰা বাঢ়ি গৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত ধনী পৰিয়ালক ভাৰতত বিয়া পাতিবলৈ অনুৰোধ জনাইছে। তেওঁ কয়, ‘আজিকালি বিবাহৰ বাবে বহিঃৰাজ্যলৈ যোৱা কিছুমান পৰিয়ালে এক নতুন পৰিবেশৰ সৃষ্টি কৰিছে। প্ৰয়োজনীয় নেকি? যদি আমি ভাৰতৰ মাটিত, ভাৰতৰ মানুহৰ মাজত বিয়া উদযাপন কৰো, তেন্তে দেশৰ ধন দেশতে থাকিব। দেশৰ জনসাধাৰণে আপোনাৰ বিবাহত কিছু সেৱা আগবঢ়োৱাৰ সুযোগ পাব। গতিকে ভাৰতত ক’ত ডেষ্টিনেচন ওয়েডিং বিয়া কৰিব পাৰি জানো আহক-

ৰাজস্থানৰ উদয়পুৰ সদায় ভাৰতৰ শীৰ্ষ বিবাহ ডেষ্টিনেচন ওয়েডিং স্থান, পিচোলা হ্ৰদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বহুতো হোটেল আছে। চেলিব্ৰিটি বিয়া হৈ গৈছে। শেহতীয়াকৈ এই স্থানত অসমৰ অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফা টাৰ্কিক বিবাহপাশত আৱদ্ধ হৈছিল।

গোৱা ভাৰতৰ বিখ্যাত পৰ্যটন স্থানেই নহয়, ইয়াক বিবাহৰ শীৰ্ষ স্থানৰ তালিকাতো অন্তৰ্ভুক্ত কৰিব পাৰি। যোৱা কেইবছৰমানৰ পৰা বিচ ৰিজৰ্টত বিয়া হোৱাৰ ধাৰা বাঢ়িছে। বিবাহ অনুষ্ঠানৰ উপৰিও অতিথিসকলে ইয়াত পৰ্যটনৰো আনন্দ ল’ব পাৰিব।


কেৰালা বিয়াৰ বাবেও উপযুক্ত স্থান। ইয়াত সাগৰৰ পাৰ আৰু পিছফালৰ পানীৰ মাজত নিৰ্মিত ঘৰৰ নাওখনত আপুনি আপোনাৰ বিয়াখন স্মৰণীয় কৰি তুলিব পাৰে।


আন্দামান-নিকোবৰ দ্বীপ নীলা পানীৰ বিলৰ বাবে বিখ্যাত, ইয়াৰ শান্ত আৰু সুন্দৰ পৰিৱেশৰ মাজত বিয়া হ’লে অতিথিসকলো আচৰিত হ’ব। বিয়াৰ বাবে ইয়াত সাগৰৰ পাৰৰ ৰিজৰ্ট বুকিং কৰিব পাৰিব।


মাজনিশা হঠাতে পিয়াহৰ অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ কি জানেনে…

ৰাতি পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদিহে অত্যধিক পিয়াহৰ বাবে প্ৰতি নিশাই টোপনি কমিবলৈ ধৰে তেন্তে ই এক চিন্তনীয় পৰিস্থিতি হ’ব পাৰে। সকলোৱে ৰাতিৰ টোপনি ভাল পায়, সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে, কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি তীব্ৰ পিয়াহৰ অনুভৱ কৰো, যিয়ে টোপনিত ব্যাঘাত জন্মায়। এই সমস্যাৰ আঁৰৰ আচল কাৰণ কি জানো আহক-


বিশেষজ্ঞৰ মতে এজন সুস্থ ব্যক্তিক দৈনিক ৮ৰ পৰা ১০ গিলাচ পানীৰ প্ৰয়োজন। যদি আপুনি গোটেই দিনটো পানী কমকৈ খাই, তেন্তে ৰাতি শৰীৰে আমাক সংকেত দিব যে শৰীৰত পানীৰ নাটনি হৈছে। গতিকে নিয়মীয়াকৈ ডিঙি তিয়াই থাকিব।


ভাৰতত চাহ-কফি খোৱাৰ প্ৰতি আকৰ্ষিত লোকৰ অভাৱ নাই, কিন্তু ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে। যিহেতু এই পানীয়বোৰত কেফেইনৰ পৰিমাণ বেছি থাকে যাৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে আৰু সেইবাবে ৰাতি পিয়াহ লাগে।

সুস্থ হৈ থাকিবলৈ এদিনত মাত্ৰ ৫ গ্ৰাম নিমখ খাব লাগে। যদি আপুনি ইয়াতকৈ বেছি খাই তেন্তে ই নিশ্চিতভাৱে শৰীৰত বেয়া প্ৰভাৱ পেলাব। নিমখত ছডিয়াম থাকে যাৰ ফলত পানীলগা হয়, সেয়েহে প্ৰায়ে ৰাতি তীব্ৰ পিয়াহ অনুভৱ হয়।

দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাই থাকিব।
চাহ-কফি খোৱাৰ সীমিত কৰিব।
চোডা পানীয়ত কেফেইন থাকে, এইটোও পৰিহাৰ কৰিব।
নেমু পানী, মাখন, ফলৰ ৰস আদি খাদ্য গ্ৰহণ কৰক।
নিমখীয়া বস্তু, যেনে ফ্ৰেঞ্চ ফ্ৰাই আৰু চিপচ নাখাব।
মছলাযুক্ত খাদ্যইও পিয়াহ বৃদ্ধি কৰে, পৰাপক্ষত আঁতৰি থাকিব।