Home Blog Page 1228

মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী মিচিং জাতীয় সংগঠনৰ; দহখন জিলা বন্ধ ঘোষণাক আদৰণি

মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ দিয়াৰ দাবী জনাইছে মিচিং জাতীয় সংগঠনসমূহে ৷ দেওবাৰে ধেমাজি জিলাৰ গোগামুখ আবতানি লতাত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় সমিতিসমূহৰ নেতৃত্ববৃন্দই এই দাবী উত্থাপন কৰে ৷

মিচিং জাতীয় সংগঠন টি এম পি কেৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক ছান দঃঞি পাংগিং, এম এম কেৰ সভাপতি সুনীল কুমাৰ পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগুৱে সংবাদমেলত উপস্থিত থাকি কয়- আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷

সামাজিক মাধ্যমত বিষয়টোৱে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ যিসকলে আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে তেওঁলোকক আমি আদৰণি জনাইছোঁ ৷ কিন্তু বিষয়টো লৈ কিছুমান ৰাজনৈতিক দলৰ কৰ্মী-সদস্যই ৰাজনৈতিক ৰহন সনাৰ অপচেষ্টা চলাই আহিছে আৰু উত্তেজনামূলক বক্তব্য ৰাখি মিচিং সমাজৰ মাজত ভাতৃঘাতী সংঘাটৰ সূচনা কৰিব বিচাৰিছে ৷

যিটো আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ ৷ যিসকলে আলি আঃয়ে লৃগাঙক ৰাজ্যিক ভিত্তিত বন্ধ ঘোষণাৰ দাবী জনাইছে তেওঁলোকে মিচিংসকলৰ ষষ্ঠ অনুসূচী লাভ কৰাৰ ক্ষেত্ৰতো মাত মাতিবলৈ আহ্বান জনায় ৷ আলি আঃয়ে লৃগাং ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধৰ দাবী মিচিং জাতীয় সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবী ৷

এই দাবীৰ বাবে মিচিং অধ্যূষিত অঞ্চলৰ দহখন জিলাত চৰকাৰে বন্ধ ঘোষণা কৰিছে ৷  আন জিলাসমমূহত চৰকাৰে যি  স্থানীয় সীমিত বন্ধ ঘোষণা কৰিছে  তাক লৈ আমি মিচিং জনসাধাৰণে আদৰণি জনাইছোঁ আৰু  ৰাজ্যিক বন্ধৰ দাবীও চলি থাকিব ৷  ষষ্ঠ অনুসূচী আমাৰ সপোন ৷

এই সপোন অচিৰেই বাস্তৱ ৰূপ পাব বুলি তেওঁলোকে সংবাদমেলত সদৰি কৰে ৷ সংবাদমেলত তেওঁলোকে লগতে কয়- সুস্থ বিতৰ্কৰ বাবে আমি মিচিং জাতীয় সংগঠনসমূহ সদায় সাজু আছো ৷ কিন্তু বিতৰ্কৰ নাম, সমালোচনাৰ নামত অভব্য মাত দিয়া, সামাজিক মাধ্যমত নিকৃষ্ট মন্তব্য দিয়া আৰু উচতনিমূলক মন্তব্য দিয়াটো আমি কোনো কাৰণতে গ্ৰহণ নকৰোঁ বুলিও মন্তব্য দিয়ে ৷ তেওঁলোকে সকলোপক্ষকে উচতনিমূলক মন্তব্য নিদিবলৈ সকীয়াই দিয়ে৷ সংবাদমেলত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ কেন্দ্ৰীয় সদস্যবৃন্দও উপস্থিত থাকে ৷

শীতৰ বতৰত ধনিয়াৰ উপকাৰিতাৰ কথা জানক…

কি কি উপকাৰিতাৰ কথা জনা যায় ?

  • টুথপেষ্ট আবিষ্কাৰ হোৱাৰ আগতে মানুহে মুখৰ দূৰ্গন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
  • একেদৰে আগৰ দিনত মানুহে শৰীৰৰ ঘামৰ বা দেহৰ আন বেয়া গোন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
  • চাবুন আৰু আন প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত ধনিয়া ব্যৱহাৰ কৰা হয় ৷
  • তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণত সহায়ক – দেহৰ ইনচুলিনৰ সক্ৰিয়তা ধনিয়াই বঢ়াবলৈ সক্ষম ৷
  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ধনিয়াৰ ভূমিকা – ধনিয়াত ১৪শতাংশ প’টেচিয়ামৰ বিপৰীতে চ’ডিয়াম থাকে সামান্য (মাত্ৰ ১শতাংশ)৷ সেয়ে তেলৰ নলী বহলাই ৰখাত (Vasodilator action) ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি ধনিয়াৰ প্ৰসাব বঢ়োৱা (Diuretic action ) গুণো ৰক্তচাপ কমোৱাত সহায়ক হয় ৷
  • অপকাৰী ক’লেষ্টেৰল (LDL) কমায় আৰু উপকাৰী ক’লেষ্টেৰলৰ (HDL)বৃদ্ধি ঘটায় ৷

  • পাক প্ৰণালীৰ উপকাৰিতা- পেট ফুলা,বমি ভাৱ কমায় ৷ গ্ৰহণী আৰোগ্য কৰে ; ভোক লগায় আৰু হজম হোৱাত সহায়ক হয় ৷ আমেৰিকাৰ Digestive Diseases and Sciencesত প্ৰকাশিত তথ্য অনুসৰি Irritable Bowel Syndromeত ভোগা ৰোগীয়ে ধনিয়াৰে চিকিৎসা কৰাত উপকৃত হোৱা দেখা গৈছে ৷
  • ফুড পইজনিং ৰোধ কৰিবৰ সক্ষমতা ৰাখে – Journel of Agricultural & Food Chemistyত প্ৰকাশিত তথ্যমতে চালমোনেলা বেক্টেৰিয়াৰ বিৰুদ্ধে ধনিয়াৰ এন্টিবেক্টেৰিয়েল গুণ দেখা গৈছে ৷
  • হেভি মেটেল পইজনিঙৰ চিকিৎসা- লিড,মাৰকাৰি আদি বিষাক্ত ধাতুৰ অপকাৰিতা হ্ৰাস কৰে ৷
  • থাইৰয়েড হৰমোনৰ (হাইপো আৰু হাইপাৰ থাইৰয়েডিজম) উপশম ঘটোৱাত ধনিয়াৰ গুটি সিজোৱা পানী খাবলৈ পৰামৰ্শ দিয়া হয় ৷ হেভি মেটেলৰ প্ৰভাৱত উৎপন্ন হোৱা থাইৰয়েডৰ এন্টিবডি ধনিয়াই বিনষ্ট কৰে আৰু তেজ বিশুদ্ধকৰণ কৰে ৷
  • মানসিক ৰোগ প্ৰতিৰোধক – Journel of Molucular Microbiologyত প্ৰকাশিত তথ্যমতে Alzheimers disease, Parkinsonisom, Multiple sclerosis ত ভোগা ৰোগী ধনিয়াৰ দ্বাৰা উপকৃত হোৱা দেখা গৈছে ৷ মেগনেচিয়াম, মেংগানিজ আৰু এন্টিঅক্সিডেন্টে মস্তিষ্কৰ স্নায়ু প্ৰণালীৰ ক্ৰিয়া সুচল ৰখাত সহায় কৰে ৷
  • শৰীৰৰ আৰু মনৰ উত্তেজনা,দু:চিন্তা আতৰ কৰাত সহায়ক ৷ সুনিদ্ৰাত সহায় কৰে ৷
  • প্ৰসাবৰ সংক্ৰমণৰ উপশম ঘটায় -ইয়াৰ বাবে ২কাপ পানীত দেড় চামুচ ধনিয়া গুটি ৰাতিটো তিয়াইথৈ পুৱা খাবলৈ কোৱা হয় ৷
  • কিডনিৰ পাথৰৰ চিকিৎসাত সহায়ক – ধনিয়াৰ Diuretic action আৰু তেজ শুদ্ধিকৰণ গুণৰ দ্বাৰা ৷
  • মাহেকীয়াৰ বিষ আৰু অনিয়মীয়া ঋতুস্ৰাবৰ চিকিৎসাত ব্যৱহৃত ধনিয়া হ’ল আয়ুৰ্বেদিক ঔষধি ৷
  • এনিমিয়া আতৰ কৰাত সহায়ক –আইৰণ আৰু ভিটামিন-চিৰ বাবে সেয়া সম্ভৱ ৷
  • মুখৰ ঘাঁ আৰু দাঁতৰ আলু ফুলা আদি ৰোগ আৰোগ্য কৰে ৷

  • বাত বিষ কমায় – ধনিয়াত থকা ভলেটাইল অইলৰ বাবে সেয়া সম্ভৱ ৷
  • চৰ্মৰোগ যেনে খৰ (একজিমা), খজুৱতি – আতৰ কৰাত ধনিয়াত থকা ভলেটাইল অইলে সহায় কৰে ৷
  • শালমন আৰোগ্য কৰাত সহায়ক ৷
  • মুখমণ্ডলৰ পৰা দাগ আৰু বয়সৰ ছাপ আতৰ কৰাত সহায়ক ৷
  • চুলিসৰা ৰোধ কৰিবলৈ কেঁচা ধনিয়াৰ পাতেৰে মূৰত ভালদৰে মালিশ কৰিব লাগে ৷
  • সূৰ্য্যৰ প্ৰখৰ উত্তাপৰ পৰা সুৰক্ষা – খনিজ আৰু ভিটামিনৰ বাবে শৰীৰৰ ছালখনক আলট্ৰাভায়লেট ৰশ্মি   আৰু চানবাৰ্ণৰ পৰা বচাই ৰাখে ৷
  • দৃষ্টিশক্তিৰ উন্নতি ঘটায় আৰু নানান চকুৰ ৰোগ উপশম ঘটায় ৷
  • যৌন শক্তি বঢ়োৱাত সহায়ক ৷
  • কৰ্কট ৰোগ প্ৰতিৰোধক – ইয়াত থকা এন্টি অক্সিডেন্ট অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷
  • মেদবহুলতা কমোৱাত সহায়ক – ইয়াৰ বাবে ৫০গ্ৰাম কেঁচা ধনিয়াৰ পাত ৪গিলাচ পানীত ভালদৰে উতলাই সিজাই পানীখিনি চেকি লব ৷ সেয়া ঠাণ্ডা হলে তাত মৌজোল আৰু নেমুৰ ৰস এচামুচকৈ মিহলাব৷ ৰাতিপুৱা খালি পেটত ৭৷১০দিন সেৱন কৰিব ৷
  • মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায়ক ৷

লবলগীয়া সতৰ্কতা :

  • কাচিৎ ধনিয়াই কোনো লোকৰ ছালত এলাৰ্জি কৰিব পাৰে
  • সতৰ্ক হব ৷
  • গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাতহে গ্ৰহণ কৰিব ৷

ডা০ ভূপেন শইকীয়া

যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী…

যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী।

এখন ১৪ চকীয়া ট্ৰাকত সৰবৰাহ কৰা হৈছিল ৩০টাকৈ গো-ধন।

আটক ছাদ্দাম হুছেইন, আশিস আহমেদ নামৰ ২ সৰবৰাহকাৰী। যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে গোভৰ্তি বাহনখন।

৩০০০ কোটি টকাৰ সম্পত্তিৰ এজন অভিনেতা প্ৰেমিকাৰ বাবে হৈ পৰিল ফটোগ্ৰাফা…

হৃতিক ৰোশনৰ প্ৰেমিকা চাবা আজাদৰ ফটো: বলীউডৰ অভিনেতা হৃতিক ৰোশনে প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনামত থাকে। যেতিয়াই হৃতিক প্ৰেমিকা ছাবা আজাদৰ সৈতে দেখা যায়, তেতিয়াই ইণ্টাৰনেটত দম্পতীহালৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰে। এতিয়া হৃতিক ৰোশন পুনৰ লাইমলাইটত আছে। শেহতীয়াকৈ হৃতিক ৰোশনৰ প্ৰেমিকা ছাবা আজাদে ইনষ্টাগ্ৰামত শাৰী পিন্ধি এখন ফটো শ্বেয়াৰ কৰিছে। লগতে অভিনেত্ৰী তথা গায়িকা ছাবা আজাদে কয় যে তেওঁৰ এই ছবিখন ক্লিক কৰিছে ঋত্বিক ৰোশনে। ফটোখনত চাবা আজাদে ৰঙা ৰঙৰ ব্লাউজ আৰু বেঙুনীয়া ৰঙৰ শাৰী পিন্ধি দেশী গাৰ্ল লুকত পোজ দিয়া দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছাবাৰ নতুন ফটো।

খবৰ অনুসৰি বলীউডৰ তাৰকা হৃতিক ৰোশনৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩০০০ কোটি টকা। বহু বিলাসী সম্পত্তি আৰু বিলাসী বাহনৰ মালিক অভিনেতাগৰাকী। যদি আমি ৰিতিকৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁ তেন্তে অতি সোনকালে অভিনেতাজনক দেখা যাব ফাইটাৰ ছবিত। ছবিখনত দেখা যাব ঋত্বিক ৰোশন আৰু দীপিকা পাডুকনক। য২০২৪ চনৰ জানুৱাৰী মাহত মুক্তি পাব ছবি ফাইটাৰে।

বিগ বছ ১৭ৰ ঘৰতে গৰ্ভধাৰণৰ খবৰ অংকিতা লোখাণ্ডেৰৰ…

বিগ বছ ১৭ঃ বিগ বছ ১৭ৰ ঘৰৰ ভিতৰতে অংকিতা লোখাণ্ডেৰ গৰ্ভাৱস্থাৰ পৰীক্ষা কৰাইছিল। কিছুদিন পূৰ্বে শ্ব’ৰ সময়ত অংকিতাই বিকিৰ লগত তাইৰ মেজাজৰ পৰিৱৰ্তন আৰু স্বাস্থ্যৰ বিষয়ে কথা পাতিছিল। নিজৰ গৰ্ভধাৰণৰ সন্দেহ হৈছিল। এনে পৰিস্থিতিত এতিয়া টেষ্ট ৰিপৰ্ট ওলাইছে। বিগ বছ ১৭ৰ ঘৰৰ ভিতৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে অংকিতা লোখাণ্ডে আৰু বিকি জৈনে। মুনাৱাৰ ফাৰুকী, অভিষেক কুমাৰ আৰু ঈশা মালভিয়াৰ সৈতে ঘৰৰ দুগৰাকী শক্তিশালী খেলুৱৈ হিচাপে পৰিগণিত হৈছে অংকিতা-বিকি। ঘৰৰ ভিতৰতে বহুবাৰ কাজিয়া কৰিছে দম্পতীহালে যদিও প্ৰতিটো কাজিয়াৰ পিছত দুয়োৰে মাজত মতানৈক্যও সমাধান কৰা দেখা যায়।

কিছুদিন আগতে অংকিতা লোখাণ্ডে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰোৱা চাঞ্চল্যকৰ খবৰ আছিল। তেওঁ কৈছিল যে তেওঁৰ মেজাজত বহু পৰিৱৰ্তন ঘটিছে। এতিয়া অংকিতাৰ গৰ্ভ পৰীক্ষাৰ প্ৰতিবেদন ফাদিল হৈছে। লোখাণ্ডেৰ গৰ্ভাৱস্থাৰ প্ৰতিবেদন নিগেটিভ আহিছে। সেয়েহে তেওঁ আৰু ভিকি জৈনে প্ৰথম সন্তানৰ আশা কৰা নাই।

১১ বছৰ সম্পূৰ্ণ আপৰ, ‘আমি আটাইতকৈ সৎ, ইডি-চিবিআইয়ে একো নাপালে’- অৰবিন্দ কেজৰিৱাল

আপ প্ৰতিষ্ঠা দিৱসঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে ‘আপ’ দলৰ প্ৰতিষ্ঠা দিৱসত সকলো কৰ্মী আৰু সমৰ্থকক শুভেচ্ছা জনাইছে। তেওঁ কয়, ‘জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে, আমি আমাৰ দৃঢ় উদ্দেশ্যৰে আগবাঢ়ি যাম।’ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দলৰ প্ৰতিষ্ঠা দিৱসত কয় যে আম আদমী পাৰ্টি আটাইতকৈ সৎ দেশৰ দল। যাৰ উদ্দেশ্য বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱা। কৰ্মী আৰু দলৰ নেতাসকলক বাৰ্তা প্ৰদান কৰাৰ সময়তে ইডি আৰু চিবিআইয়ে একো বিচাৰি নাপালে বুলি কয়। বিজেপিয়ে তেওঁলোকক কোনো কাৰণ নোহোৱাকৈ অশান্তি দিছে, কাৰণ তেওঁলোকে কাম কৰিবলৈ নিবিচাৰে।


দলটোক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই তেওঁ কয় যে জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে, আমি সকলোৱে আমাৰ দৃঢ় উদ্দেশ্যৰে আগবাঢ়ি যাম। লগতে টুইট কৰি দিল্লীবাসীৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰে।

তেতেলী খোৱাৰ ৪টা উপকাৰৰ বিষয়ে জানক…

তেতেলী বহুতেই ভাল পায়, কিন্তু আপুনি জানেনে তেতেলী আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। তেতেলী নাম শুনিলে লোভতে বহুতৰে মুখত পানী ওলাই। ভাৰতৰ বহু সোৱাদযুক্ত ৰেচিপি আৰু ষ্ট্ৰীট ফুডত ইয়াক যোগ কৰিলে সোৱাদ সম্পূৰ্ণ হৈ পৰে। পুষ্টি বিশেষজ্ঞৰ মতে তেতেলী অত্যধিক খালে ক্ষতিকাৰক হ’ব পাৰে, কিন্তু যদি ইয়াক সীমিত পৰিমাণত খোৱা হয় তেন্তে স্বাস্থ্যৰ উপকাৰ হয়। তেতেলী খোৱাৰ উপকাৰিতা-


আপুনি যদি তেতেলী এটা সীমাৰ ভিতৰত খায় তেন্তে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। তেতেলী পটাছিয়ামৰ লগতে মেগনেছিয়ামৰো ভাল উৎস যিয়ে ৰক্তচাপৰ সংখ্যা সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত ফ্লেভন’ইডৰ দৰে পলিফেনল থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

বিশেষজ্ঞৰ মতে তেতেলীয়ে টনিক, কাৰ্মিনেটিভ, এন্টিচেপ্টিক, চাফাই এজেণ্ট আৰু জ্বৰ নিবাৰণকাৰী হিচাপে কাম কৰে। ই অন্ত্ৰৰ কাম-কাজ আৰু হজম শক্তি নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা গেছ, বদহজম, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

তেতেলীত বহুতো গুণ আছে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে। ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড, কেৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভাল বুলি বিবেচিত হয়। ইয়াৰ ফলত চৰ্দি, কাহ, জ্বৰৰ সম্ভাৱনা কম হয়।

সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিক, বাহিৰত বৰফ পৰাৰ আশংকা…

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে এই অভিযানৰ আজি ১৫ দিন। এফালে ড্ৰিলিং মেচিনত সমস্যা আৰু আনফালে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰে প্ৰবল বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী প্ৰদান কৰিছে বিভাগটোৱে, যাৰ বাবে উদ্ধাৰ অভিযানত আৰু অধিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

আনহাতে অগাৰ মেচিনৰ ব্লেড ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ বাবে কামত ব্যাঘাত জন্মোৱাৰ পিছত অন্যান্য বিকল্পৰ কথা চিন্তা কৰা হৈছে।

শনিবাৰৰ পৰা বিষয়াসকলে দুটা বিকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ মতে ইতিমধ্যে যি পাইপত হাতেৰে ড্ৰিলিং কৰিব লাগে তাত সঁজুলি সুমুৱাই দিয়া হৈছে, যিটো আঁতৰোৱা হৈছে।

এই শ্ৰমিকসকল ওলাই আহিলেই তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব য’ত ৪১খন বিচনা সংৰক্ষণ কৰা হৈছে। উদ্ধাৰ স্থানত ইতিমধ্যে সাজু হৈছে ৪১খন এম্বুলেন্স।


কাছাৰৰ জিৰিঘাটত গ্ৰেপ্তাৰ মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ, উদ্ধাৰ পিস্তল সহ কেইবা জাই সজিব গুলী…

কাছাৰৰ জিৰিঘাটত গ্ৰেপ্তাৰ হল মণিপুৰৰ উগ্ৰপন্থী সংগঠন United Tribal Liberation Army (S.K Thadou)ৰ এক সক্ৰিয় কেডাৰ। অসম ৰাইফলছ আৰু কাছাৰৰ জিৰিঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে উগ্ৰপন্থী কেডাৰ জন। ধৃত উগ্ৰপন্থী কেডাৰ জনৰ নাম Henlenmang Lhouvum ৷ ঘৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত। গোপন সূত্ৰৰ ভিত্তিত আসাম ৰাইফলছ আৰু জিৰিঘাট আৰক্ষীৰ এটা দলে অসম মণিপুৰ সীমান্তৰ জিৰিঘাট লক্ষীনগৰ খাছিয়া পুঞ্জীত অভিযান চলাই উগ্ৰপন্থী জনক গ্ৰেপ্তাৰ কৰে ।

লগতে অভিযানকাৰী দলটোৱে ধৃত উগ্ৰপন্থী জনক তলাচি চলাই এটা .32 পিস্তল সহ ৫ জাই সজিৱ গুলী উদ্ধাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত যুবক জন মণিপুৰৰ উগ্ৰপন্থী সংগঠন United Tribal Liberation Army (S.K Thadou) ৰ এক সক্ৰিয় কেডাৰ ৷ সীমান্তৰ জিৰিঘাট লক্ষীনগৰ খাছিয়া পুঞ্জীত তেওঁ পিস্তল বিক্ৰী কৰিবলৈ আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

ভগৱানৰ ৰূপত ক্ৰিকেটাৰ মহম্মদ ছামী…

ক্ৰিকেটাৰ মহম্মদ ছামীৰ মহানুৱতা। বিপদত পৰা এজন লোকৰ বাবে ভগবান হৈ পৰিল ছামী। ৰাজপথত ৰক্ষা কৰিলে দুর্ঘটনাগ্রস্তৰ প্রাণ। মহম্মদ ছামীৰ সন্মুখত পাহাৰৰ পৰা বাগৰি পৰিল গাড়ী। বেগী বলাৰক দেখা গ’ল এনেদৰে সহায় কৰা। ছামীৰ চকুৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনা, পাহাৰৰ পৰা বাগৰি পৰিল এখন গাড়ী।
দুৰ্ঘটনাত আহতসকলক চিকিৎসা প্ৰদান কৰে, অৱশ্যে চালকজনে বিশেষ আঘাত পোৱা নাছিল। এটা ভিডিঅ’ জৰিয়তে জনাই এই কথা ছামীয়ে।


এই ভিডিঅ’টো শ্বেয়াৰ কৰি ছামীয়ে লিখিছে, ‘তেওঁ ভাগ্যৱান । ঈশ্বৰে তেওঁক দ্বিতীয় জীৱন দিলে। গাড়ীখন মোৰ চকুৰ সন্মুখতে নৈনীতালৰ পাহাৰীয়া পথটোৰে খহি পৰে। আমি পৰম সাৱধানে সিহঁতক গাড়ীৰ পৰা উলিয়াই আনিলোঁ। এই ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে শমীয়ে লগতে লিখিছে যে তেওঁ কাৰোবাৰ জীৱন ৰক্ষা কৰি অতি সুখী।

২০২৩ চনৰ বিশ্বকাপত দৃঢ় প্ৰদৰ্শনৰ পিছত তেওঁ নৈনিতালৰ মাজেৰে পাৰ হৈ গৈছিল এটা ইভেণ্টৰ বাবে। এই সময়ছোৱাত যাত্ৰা কৰি থাকোঁতে তেওঁৰ সন্মুখতে সংঘটিত হয় এই গাড়ী দুৰ্ঘটনা। শেহতীয়াকৈ তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও কিছু ছবি শ্বেয়াৰ কৰিছে। কওঁ যে ২০২৩ চনৰ বিশ্বকাপত তেওঁ আছিল সৰ্বাধিক উইকেট দখলকাৰী। বিশ্বকাপৰ ৭খন মেচত ২৪টা উইকেট দখল কৰে।