সাংস্কৃতিক মহাসভা, অসমে বৃহস্পতিবাৰে মৰিগাঁৱৰ জিলা আয়ুক্ত তথা ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা মানৱদৰদী, জনহিতৈষী দেৱাশীষ শৰ্মাক “জনসেৱক ৰত্ন” উপাধি প্ৰদান কৰে। এই উপলক্ষে সাংস্কৃতিক মহাসভা, অসমৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা, মৰিগাঁও জিলা সমিতিৰ সহযোগত আজি মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্ৰীশৰ্মাক গামোচা, চেলেং, জাপি, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
সভা উদ্বোধন কৰি দিয়া ভাষণত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ৰ প্ৰঃ উপাচাৰ্য বলেন্দ্ৰ কুমাৰ দাসে জিলা আয়ুক্তগৰাকীয়ে ক’ভিডকালত নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়োৱা সেৱাৰ বাবে উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে…” গীতটো দেৱাশীষ শৰ্মাৰ চৈতন্যত সোমাই গৈছে। তেওঁ কয় যে ক’ভিডৰ সময়ত মুম্বাইৰ অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত হিচাপে নিযুক্ত হৈ থকা দেৱাশীষ শৰ্মাই অসমৰ ৮০ গৰাকী কৰ্কট ৰোগীকে ধৰি ১৬৮ গৰাকী যাত্ৰীক ছখন বাছেৰে ২৮০০ কিলোমিটাৰৰ বিপদসংকুল যাত্ৰা অতিক্ৰম কৰি অসমলৈ লৈ অনাই নহয় প্ৰতিগৰাকী কৰ্কট ৰোগীৰ বাবে দেৱতাৰ দৰে সহায়ৰ হাত আগবঢ়াইছিল। চৰম মানৱীয় প্ৰমূল্যবোধেৰে উদ্বুদ্ধ জিলা আয়ুক্তগৰাকী গুণ আৰু গৰিমাৰে প্ৰতিভামণ্ডিত আৰু এটি উজ্জ্বল নক্ষত্ৰ বুলি তেওঁ উল্লেখ কৰে। তেওঁ এইগৰাকী বিষয়াক লগত লৈ জাতিৰ উন্নয়নৰ পথ কাটিব পৰাৰো সামৰ্থ্য আছে বুলি মত প্ৰকাশ কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব, লেখক থানেশ্বৰ মালাকাৰে দেৱাশীষ শৰ্মাৰ কৰ্মৰাজীৰ ভূঁয়সী প্ৰশংসা কৰি কয় যে মুম্বাইত থকাৰ সময়ত তেওঁ কৰ্কট ৰোগীসকলৰ বাবে দিবা-নৈশ কাম কৰিছিল। এজন চিকিৎসকৰ দৰে মুম্বাইৰ অসম ভৱনৰ প্ৰতিটো কোঠাত সোমাই ৰোগীৰ খবৰ লোৱাৰ পৰা ৰোগীসকলক সেৱা আগবঢ়োৱালৈকে নিজৰ অভিজ্ঞতাৰে তেওঁ শৰ্মাৰ বিষয়ে বৰ্ণনা কৰে। নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস দেৱাশীষ শৰ্মা আচলতে পদ্মশ্ৰী সন্মান পোৱাৰ যোগ্য বুলি তেওঁ মন্তব্য কৰে। সভাত আদৰণি ভাষণ দি অসম সাংস্কৃতিক মহাসভাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰতাপ হাজৰিকাই কয় যে কৰ্মদক্ষ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৰূপান্তৰৰ যাত্ৰাত প্ৰশাসনক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জিলা আয়ুক্তগৰাকীৰ প্ৰচেষ্টা আৰু নেতৃত্বতে প্ৰত্যাহ্বানৰ মাজতো এক বিকল্প অৰ্থনীতি গঢ় দি মৰিগাঁও আজি উন্নয়নৰ সোণালী বাটেৰে অগ্ৰসৰ হৈছে বুলি তেওঁ কয়।
সভাত জিলা আয়ুক্তগৰাকীয়ে এই সন্মান গ্ৰহণ কৰি সাংস্কৃতিক মহাসভা, মৰিগাঁও জিলাৰ ৰাইজ, দ্বীপশিখা ফাউণ্ডেশ্যনৰ কৰ্মীসকল, অসম ভৱন, মুম্বাইৰ কৰ্মচাৰীসকল আৰু ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী লোকক কৃতজ্ঞতা জ্ঞাপন কৰে। এই সন্মান নিজৰ পিতৃৰ নামত উৎসৰ্গা কৰি তেওঁ কয় যে নিজকে কেতিয়াও খুব ডাঙৰ বা কিবা এটা কৰিছোঁ বুলি ভবা উচিত নহয়। কবি চন্দ্ৰধৰ বৰুৱাৰ “ধুলিকণা মই” কবিতাটো আবৃত্তি কৰি তেওঁ ৰাইজে দিয়া মৰমৰ মূল্য যাতে সদায় অক্ষুন্ন ৰাখিব পাৰে তাৰ বাবে সকলোৰে আশীষ বিচাৰে।
সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয় যে দেৱাশীষ শৰ্মাৰ দৰে এগৰাকী জিলা আয়ুক্ত পোৱাটো মৰিগাঁও জিলা আৰু আৰক্ষী প্ৰশাসনৰ বাবে এটা সৌভাগ্যৰ কথা। সভাপতিৰ আসনৰ পৰা অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই কয় যে মহাসভাই যোৱা ৮ অক্টোবৰত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানতে দেৱাশীষ শৰ্মাক এই উপাধি প্ৰদানৰ বাবে আমন্ত্ৰণ কৰিছিল যদিও বিশেষ অসুবিধাৰ বাবে তেখেত যাব পৰা নাছিল। তেওঁ কয় যে বঁটা বাহনে মানুহক আৰু অধিক উদ্যমেৰে কাম কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়। সেয়ে সাংস্কৃতিক মহাসভাই ৰাজ্যৰ বচা বচা ব্যক্তিসকলক এনে সন্মান প্ৰদান কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। বন্তি প্ৰজ্বলন আৰু লেখিকা সমাৰোহ সমিতি, মৰিগাঁৱৰ সদস্যসকলৰ বৰগীতেৰে সভাৰ শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, বিশিষ্ট শিল্পী অশোক ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সাংস্কৃতিক মহাসভা, অসমৰ সাংস্কৃতিক সমন্বয়ক কাজিমুদ্দিন আহমেদ, সাংস্কৃতিক মহাসভা, অসমৰ প্ৰধান সম্পাদক প্ৰদীপ বৰাকে ধৰি প্ৰতিগৰাকী বক্তাই জিলা আয়ুক্তগৰাকীয়ে এদিন পদ্মশ্ৰী সন্মান লাভ কৰিব বুলি দৃঢ়তাৰে আশা প্ৰকাশ কৰে। সভাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।






















