Home Blog Page 1232

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ…

মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ 

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ।

ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনত থকা মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ হিতাধিকাৰীৰ ধন আবন্টৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰী সকলে। সিহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰিছে যদিও মাজত হেঙাৰ হৈ পৰিছে পঞ্চায়ত খনৰ একাংশ লোভীয়া কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধি সকল। হিতাধিকাৰী সকলে অনা অভিযোগ অনুসৰি মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ ১ নং ভৈৰৱপুৰ, ২ নং ভৈৰৱপুৰ, খেৰবাৰী বাঙালী, দক্ষিণ ভৈৰৱপুৰ, কদমতলা, মানিকপুৰ, বালিকুৰ, বোকাবিল, আৰ্নেচাপৰি, মুক্তিয়াৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিতাধিকাৰী সকলৰ পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন মুঠ ২১৭০০ টকা একাউণ্টত ভৰাবলৈ পঞ্চায়ত কৰ্মীক দিব লাগে ২০০ শ ৰ পৰা ৫০০ শ টকা লৈকে উৎকোচ।

উৎকোচ নিদিলে দৰিদ্ৰ হিতাধিকাৰীৰ বেংক একাউণ্টত নোমায় পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন। পিএমএৱাই গৃহ প্ৰদানতো পঞ্চায়ত খনৰ একাংশ ৱাৰ্ড সদস্য ই হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আছে বহুত। উল্লেখ্য যে এই সমূগ্ৰ ধনৰ অংশ পঞ্চায়তখনৰ সভাপতি-সচিবৰ পকেটত যায়। যাৰ বাবে ৰাইজে পঞ্চায়ত খনৰ সচিব গৰাকীক অভিযোগ দিলেও কেৱল ৰসাল মন্তব্য দি নিজৰ দায়িত্ব সামৰে। ইফালে দুখন পঞ্চায়তৰ সচিবৰ দায়িত্বত থকা সচিব গৰাকীক পঞ্চায়ত খনত ৰূপায়িত উন্নয়ন মুলক কামৰ তথ্য বিচাৰি আৰ টি আই  তথ্য যোগানত বিৰত থাকে তেওঁ তাৰ পৰিবৰ্তে আৰ টি আই কৰ্মীক ধন দি মেনেজ কৰাৰ চেষ্টা চলাই ।

দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ থকা ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত চিলাপথাৰৰ মুক্তিয়াৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ ধন আবন্টনত বিয়াগোম দুৰ্নীতি ৰ আশ্ৰয় লোৱা ঘোচখোৰ জনপ্ৰতিনিধিৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে হিতাধিকাৰীৰ লগতে স্হানীয় দল সংগঠনৰ কৰ্মীয়ে ।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

মহাদেৱৰ চমৎকাৰ ! উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকৰ আঁৰৰ কাহিনী…

অৱশেষত ১৭ দিনৰ অন্তত উত্তৰাখণ্ডত সুৰংগত আবদ্ধ শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হয়। শ্ৰমিকসকলক উদ্ধাৰৰ লগে লগে শ্ৰমিকসকলৰ পৰিয়ালত দেখিবলৈ পোৱা গ’ল আনন্দ-উছাহ।

মিঠাই খুৱাই, ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে লোকসকলে। ১৭ দিনৰ অন্তত সুৰংগৰ পৰা উদ্ধাৰ কৰা আটাইকেইজন শ্ৰমিকৰ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখ্য যে উত্তৰাখণ্ডৰ চিল্কয়াৰা সুৰংগত ১৭ দিন ধৰি আবদ্ধ হৈ আছিল এই শ্ৰমিকসকল।

সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ ভিতৰত অসমৰ ২ জন শ্ৰমিক আছিল। এই শ্ৰমিক দুজন কোকৰাঝাৰৰ সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী। মঙলবাৰে শ্ৰমিকসকলক উদ্ধাৰৰ পাছতেই সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।

যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ডকাইতিত জড়িত ৩ জনক আটক…

যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ডকাইতিত জড়িত ৩ জনক আটক। পুৱতি নিশা শিৱসাগৰৰ পৰা তিনিওকে আটক যোৰহাট আৰক্ষীৰ।

আটক উপেন সৰকাৰ, বিজিত সৰকাৰ, অভিজিত সৰকাৰ। আটকাধীন আটাইকেইজনৰ ঘৰ শিৱসাগৰৰ পলাশনিত। বৰ্তমানেও পলাতক হৈ আছে অভিযুক্ত বিপ্লৱ কাকতি, পংকু দাস।

আটকাধীন তিনিওৰে পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪ লাখ ৫০ হাজাৰ টকা, দুখন KTM বাইক।

নগাঁৱৰ ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনা…

নগাঁৱৰ বেবেজীয়াৰ গণপতি হিৰ ডীলাৰৰ সমীপত ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা।

তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হয়।গুৱাহাটী দিশৰ পৰা নগাঁও দিশে তীব্ৰ বেগত আহি থকা ASO4 AC 9527 নম্বৰৰ ট্ৰেভেলাৰ খনে নগাঁও দিশৰ পৰা ৰহা দিশে গৈ থকা AS 02 AD 6773 নম্বৰৰ মটৰ চাইকেল আৰু AS 02C 9086 খুন্দা মৰাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দূৰ্ঘটনাতটোত মটৰ চাইকেলে খনৰ চালকৰ লগতে টেম্প খনৰ থকা কেইবাজনো যাত্ৰী আহত হয়। বৰ্তমান লৈকে ৮ জন ব্যক্তি গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা স্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ আহত সকলক নগাঁও চিকিৎসা লয়লৈ প্ৰেৰণ কৰিছে।আহত সকলৰ কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।

বলিউডৰ ছুুপাৰষ্টাৰ ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি কোনে দিলে…

ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি।

ছ’চিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক।

নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰিছে মুম্বাই আৰক্ষীয়ে।

ইতিমধ্যে ছলমান খানক মুম্বাই আৰক্ষীয়ে প্ৰদান কৰিছে Y-প্লাছ নিৰাপত্তা।

অনুষ্কা শইকীয়াৰ মৃত্যুৰ আঁৰত প্ৰকৃততে কোন ! গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত মৃত্যুৰ ঘটনাৰ নতুন ৰহস্য়…

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই নতুন প্ৰতিদিনে মোৰ লৈছে। আজি দিছপুৰ থানাত অনুষ্কা শইকীয়াৰ প্ৰেমিক ৰাহুল শইকীয়া হাজিৰ হ’ব লাগিব।

অনুষ্কাৰ মৃত্যুত ৰাহুলৰ নাম সাঙুৰ খাইছিল। শনিবাৰে নিশা ৰাহুল-অনুষ্কাৰ মাজত কোনো কথাক লৈ মতানৈক্য হৈছিল।

কোনো অন্য যুৱক সন্দৰ্ভত দুয়োৰে মাজত অনুষ্কা আৰু কাজিয়া হোৱাৰ কথা বনকৰা মহিলা জুনুৱে সদৰি কৰিছে। সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

আজি‌ আত্মসমৰ্পন কৰিব আলফা (স্বাঃ)ৰ ৪জন কেডাৰে ! অতি গোপনে ৰখা হৈছে কেডাৰৰ নাম…

আজি‌ আত্মসমৰ্পন কৰিব (স্বাঃ)ৰ ৪জন কেডাৰে

আত্মসমৰ্পন কৰিবলগীয়া কেডাৰৰ নাম ৰখা হৈছে অতি গোপনে

১২.২০ বজাত আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আত্মসমৰ্পন অনুষ্ঠান

DGP জিপি সিঙৰ আগত আত্মসমৰ্পন কৰিব কেডাৰকেইজনে

আত্মসমৰ্পন অনুষ্ঠানত উপস্থিত থাকিব আন কে‌ইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়া

কোকৰাঝাৰৰ বিধানপল্লীত চাঞ্চল্যকৰ ঘটনা !অকলশৰীয়া দম্পতীক দুৰ্বৃত্তৰ আক্ৰমণ…

কোকৰাঝাৰৰ বিধানপল্লীত চাঞ্চল্যকৰ ঘটনা।এটা অকলশৰীয়া দম্পতীক দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰে আক্ৰমণ।

দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী মধুমিতা বেনাৰ্জীৰ অৱস্থা সংকটজনক।

আজি পুৱাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত এখন দা।

ছিপাঝাৰত মটৰচাইকেল আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ ! থিতাতে নিহত মটৰচাইকেল আৰোহী…

ছিপাৰত পথ দুৰ্ঘটনা। নিহত এজন

ছিপাঝাৰত ভয়ানক পথ দুৰ্ঘটনা। মটৰচাইকেল আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত মটৰচাইকেল আৰোহী। ছিপাঝাৰৰ গণেশকুঁৱৰীত এই দুৰ্ঘটনা।


দুমুনিচকীৰ পৰা কুৰুৱাৰ দিশত আহি আছিল AS25 AC 5449 নম্বৰৰ বাছখন। বিপৰীত দিশেৰে AS 01 AN 8372 নম্বৰৰ এখন মটৰ চাইকেলে খুন্দা মাৰে বাছখনত। মটৰ চাইকেলত আছিল দুজন লোক।


নিহত লোকজন ধানবাৰী চাপৰিৰ জহৰুদ্দিন আলী। আনহাতে গুৰুতৰ ভাৱে আহত আনজন আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুৱা ৫–৩০ বজাত সংঘটিত হয় উক্ত দুৰ্ঘটনা।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামানে চৰকাৰী নীতি নিৰ্দেশনা…

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামানে চৰকাৰী নীতি নিৰ্দেশনা। শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ। ডিমৌ দিহাজান স্থিত স্বৰ্ণ বিদ্যাপিট বিদ্যালয়ৰ

এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক স্কুলখনৰে বিপ্লৱজ্যোতি কোঁৱৰ নামৰ এজন শিক্ষকে প্ৰহাৰ কৰি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কৰে। তেজেৰে ৰাঙলী হৈ থকা ছাত্ৰজনক পিছত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয় ৷

পুৰ্বতেও কেইবাজনো ছাত্ৰ-ছাত্ৰীক এনেদৰে প্ৰহাৰ কৰাৰ অভিযোগ আছে বিদ্যালয় খনৰ বিৰুদ্ধে।
ইতিমধ্যে পৰিয়ালৰ লোকে ডিমৌ থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।