Home Blog Page 1241

দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী উদযাপন

‘এতিয়া অসমীয়া ভাষা সংস্কৃতিলৈ প্ৰত্যাহ্বান নামি আহিছে । এক সৰ্বভাৰতীয় সংস্কৃতিয়ে গ্ৰাস কৰিছে অসমীয়া ভাষা সংস্কৃতি। আমাক সৰ্বভাৰতীয় পৰম্পৰা লাগিব কিন্তু , সৰ্বভাৰতীয় পৰম্পৰাৰ নামত নিজৰ সংস্কৃতি হেৰাই পেলাব নোৱাৰো।’- এইদৰে কয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দজিৎ শৰ্মাই ।

দেওবাৰে মঙলদৈ জিলা পুথিভঁৰালত অনুস্থিত দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী উৎসলত অংশগ্ৰহণ কৰি তেও কয় যে, এটা জাতি জীয়াই থাকিব ভাষা আৰু সংস্কৃতিৰ জড়িয়তেহে। যি জাতিয়ে ভাষা আৰু সংস্কৃতি চিনি নাপায় সেই জাতিক কোনো ৰাজনৈতিক শক্তিয়ে জীৱাই ৰাখিব নোৱাৰে বুলি কয়। সোনালী জয়ন্তী উপলক্ষে লেখক সাংবাদিক মুকুট ৰাজ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত দৌৰঙ্গ সৌৰভ স্মৃতি গ্ৰন্থ উত্মোচন কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদক জনে কয় যে যিখন ঠাইত ভাষাটো ৰক্ষাৰ কাৰণে তেজাল যুৱখ শ্বহীদ হৈছিল সেই দৰং জিলাৰ সংস্কৃতিৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় আছে ।

জিলা সম্পাদক বসন্ত শইকীয়া আৰু সোনালী জয়ন্তী উৎসৱ উদযাপনৰ সম্পাদক ৰানা আলমে আত ধৰা সোনালী জয়ন্তী উৎসৱ উদযাপনৰ সম্পাদক গৌতামানন্দ গোস্বামীয়ে উদ্দেশ্য বাখ্যা কৰা জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত অনুস্থিত সভাখনত লিখিত আদৰণি ভাষন পাঠ কৰে জিলা আয়ুক্ত তথা সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুনিন্দ্ৰ নাথ ঙাটেয়ে ।

তেও ভাষণত কয় যে চিৰ চেনেহী মোৰ ভাষা জননী এই মহা মন্তৰে উদ্বুদ্ধ অসম সাহিত্য সভা হল কসম তথখ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ জাতীয় অনুস্থান । অসমীয়া জাতীয় সংহতি সুদৃঢ় কৰাৰ লগতে অসমীয়া ভাষা – সাহিত্য আৰু সংস্কৃতি উত্তৰণত অহোপুৰুষাৰ্থ কৰি অহা এই জাতীয় অনুস্থানটি সমগ্ৰ অসম বাসীৰ অতি চেনেহৰ আৰু হিয়াৰ আমঠু স্বৰূপ । অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অধ্যাপক ইদ্দিছ আলিয়ে উদ্বোধন কৰা সভাত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড অমেলেন্দু চক্ৰৱৰ্তীয়ে বক্তব্য আগবঢ়াই স্হানী‌য় ভাষা আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাৰ এক গভীৰ বিশ্লেষণ দাঙি ধৰে ।

অসম সাহিত্য সভাৰ উপ সভাপতি গিৰিশ সন্দিকৈ , কুহীৰ আহ্বায়ক অজিত কুমাৰ শৰ্মা , অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে বক্তব্য আগবঢ়াই । সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , উপ সভাপতি আৰু সম্পাদক সকলে অংশগ্ৰহণ কৰে ।


ইয়াৰ পূৰ্বে পূৱা বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ অংশগ্ৰহণৰে মঙলদৈ চহৰত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে ৫ খন টাইৱান বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে টাইৱানৰ পাঁচখন (৫) বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীত ১৯ নৱেম্বৰত এআইচিটিইৰ অধ্যক্ষ আৰু টাইৱানৰ শিক্ষা মন্ত্ৰালয়ৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা বিশ্ববিদ্যালয়সমূহ হ’ল – নেচনেল চি নান ইউনিভাৰ্ছিটি, ইউয়ান জে ইউনিভাৰ্ছিটি, এছিয়া ইউনিভাৰ্ছিটি, কুন শ্বান ইউনিভাৰ্ছিটি আৰু নেচনেল কাওহছিউং ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকনলজী।

এই অনুষ্ঠানটো সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে (এআইচিটিই) শিক্ষা মন্ত্ৰালয়, নতুন দিল্লীৰ সৈতে মিলি আয়োজন কৰে । এই কাৰ্যসূচীত টাইৱানৰ ১১খন বিশ্ববিদ্যালয় আৰু ৪০খনতকৈও অধিক বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বুজাবুজি চুক্তিসমূহে শিক্ষাৰ্থী আৰু শিক্ষকসকলক যুটীয়া/দ্বৈত ডিগ্ৰী, ইণ্টাৰ্নশ্বিপ, শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু যুটীয়া গৱেষণা আৰু চৌহদৰ বিনিময় কাৰ্যসূচীৰ পৰা লাভান্বিত হোৱাত সহায় কৰিব।

এই কাৰ্যসূচীত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জোচে পালেলি আৰু বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° বিক্ৰমজিৎ গোস্বামীয়ে অংশগ্ৰহণ কৰে।

তেওঁলোকে টাইৱান বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা আৰু অংশীদাৰীত্বৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এআইচিটিইৰ অধ্যক্ষ, অধ্যাপক টি জি সীথাৰাম আৰু শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহক গভীৰভাৱে প্ৰশংসা কৰে।

এমাহ যোৰা কাৰ্যসূচীৰে দুধনৈত ‘আপ’ৰ ‘গাঁৱলৈ যাত্ৰা’ কাৰ্যসূচীৰ শুভাৰম্ভ

‘সৱল গাঁও, উন্নত অসম’ শ্লোগানেৰে আম আদমি পাৰ্টীয়ে এমাহ যোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা ‘গাওঁ যাত্ৰা’ কাৰ্যসূচীৰ দেউবাৰে দুধনৈ সমষ্টিত শুভাৰম্ভ কৰা হয়।

ধূপধৰাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতত শতাধিক কর্মকর্তাই অঞ্চলটোৰ কেইবাখনো গাওঁৰ ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে বৰ্তমানৰ চৰকাৰখনৰ জন-বিৰোধী নীতিসমূহৰ বিষয়েও জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰে।

দলটোৱে ৰংজুলি পঞ্চায়তৰ অন্তৰ্গত বাক্ৰাপাৰা গাওঁত ৰাইজৰ সৈতে মত বিনিয়োগ কৰি অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ বুজ লয়। ইয়াৰ পিছতে অনুষ্ঠিত দুধনৈ সমষ্টিটোৰ গৰাইমাৰি গাওঁ পঞ্চায়তত এখন ৰাজহুৱা সভাত সহস্রাধিক লোকক উদ্দেশি ভাষণ প্রদান কৰে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

তেওঁ লগতে দলৰ ‘গাওঁ যাত্ৰা’ ৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে ৰাইজৰ আগত বৰ্ণনা কৰি সকলোকে ঐক্যবদ্ধ অসমৰ চেতনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়। তাৰোপৰি অনাগত দিনত ৰাজ্যৰ গাওঁ সমূহ ভ্ৰমণ কৰি অঞ্চলবোৰৰ ৰাইজৰ সৈতে কথা পাতি মানুহৰ সমস্যা আৰু মনৰ বতাৰ লোৱাৰ লগতে ‘আপ’ চৰকাৰে দিল্লী আৰু পাঞ্জ ৱিত কৰা উন্নয়ন কামসমূহ জনসাধাৰণক অৱগত কৰাটো দলটোৰ আন এক উদ্দেশ্য বুলি উল্লেখ কৰে।

অসমৰ প্ৰতিখন গাঁওৰ প্ৰতিটো চুবুৰীলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰ আৰম্ভ কৰা আজিৰ এই কাৰ্যসূচীত দলটোৰ উপ-সভাপতি জিতুল ডেকা, সম্পাদক ভিক্টৰ গগৈ, তত্ত্বাবধায়ক দীপাংকৰ কলিতা, মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰাজাকে ধৰি কেইবাজনো ৰাজ্যিক সদস্য আৰু গোৱালপাৰা জিলাৰ বহু বিষয়ববীয়া, কর্মকর্তা উপস্থিত থাকে।

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বিকাশৰ যাত্ৰাক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে দেওবাৰে বাক্সাত অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু নন্দিতা গৰ্লোছাৰ সৈতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উন্নয়নৰ বাৰ্তা গ্ৰহণ কৰিবলৈ আৰু চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহত সৰ্বস্তৰৰ নাগৰিকৰ সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ মন্ত্ৰী সোণোৱালৰ।

২২ নৱেম্বৰত ৰাজ্যজুৰি সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ ২ ঘন্টীয়া প্ৰতিবাদ…

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত তেলাম গামচুক প্ৰাথমিক বিদ্যালয়ত সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজ মুৰ্কংচেলেক খণ্ড সমিতিৰ উদ্দ্যোগত আজি এখনি সাধাৰণ সভা অনুষ্ঠিত কৰে। মূৰ্কংচেলেক খণ্ড সমিতিৰ সভাপতি ভূপেন বৰুৱাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মূৰ্কংচেলেক ব্লক সমিতিৰ সম্পাদক মনোজ কুমাৰ ৰায়ে। উল্লেখ্য যে যোৱা ইংৰাজী ১২ নৱেম্বৰ ২০২৩ তাৰিখে সৰ্বাশিক্ষাৰ ঠিকাভিত্তিক আৰু ষ্টেট্‌ পুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰনৰ ক্ষেত্ৰত যি চৰ্ত আৰোপ কৰিছে, তাৰ প্ৰতিবাদ স্বৰূপে আজি তেলেম গামচুক প্ৰাথমিক বিদ্যালয়ত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰে । আদিৰ সভাখনত ধেমাজি জিলা প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ যুটীয়া সম্পাদক লোহিত ফুকনে উপস্থিত থাকি কয় যে- “যোৱা ১৫ আগষ্টত এক অমৃত ক্ষণত সকলো ঠিকাভিত্তিক, ষ্টেট পুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰন কৰা হ’ব বুলি যি ঘোষণা কৰিছিল সেই ঘোষণা মিথ্যাচাৰত পৰিণত কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰে অসম চৰকাৰক ।

যিসময়ত এইসকল শিক্ষকে টাইম স্কেল পাব লাগিছিল সেই সময়ত দৰমহাৰ গাঁঠনি কমাই পদ অৱনমিত কৰিবলৈ লোৱা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সদৰি কৰে । লগতে শিক্ষক সকলৰ সন্মান সহকাৰে জীয়াই থকাটো বিচাৰে যদি পাই থকা দৰমহাৰ কোনো ক্ষতি নোহোৱাকৈ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক আৰু শিক্ষামন্ত্ৰীয়ে নিয়মীয়াকৰনৰ যি চৰ্ত আৰোপ কৰিছে সেই চৰ্ত উঠাই লঞ্জওক অন্যথা অনাগত দিনত শিক্ষক সকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰিব বুলি হুংকাৰ দিয়ে। এই সভাতে উপস্থিত থকা সকলো শিক্ষকে বিনাচৰ্তে বেতনসুৰক্ষা সহ নিয়মীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তুাৱ গ্ৰহণ কৰে। এই সভাত বিভিন্ন আলোচনাৰ সিদ্ধান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩৫ হাজাৰ শিক্ষকে মুখ্যমন্ত্ৰীলৈ ডাকযোগে চিঠি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতে অহা ইংৰাজী ২২ নৱেম্বৰ ২০২৩ তাৰিখে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয়।

আজিৰ ভাত উপস্থিত থাকে সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতিৰ যুটীয়া সম্পাদক লোহিত ফুকন, সাহিত্য ও সুকুমাৰ কলা সম্পাদক সিদ্ধাৰ্থ উপায়ধ্যায়, সমাজ সেৱা সম্পাদক বিলজিন দলে, জিলা কাৰ্যনিৰ্বাহক ৰঞ্জিত চেত্ৰী আৰু শসাংক গগৈৰ লগতে মুৰ্কংচেলেক খণ্ড সমিতিৰ সকলো বিষয়-ববিয়া উপস্থিত থাকে।

মানবেন্দ্ৰ শৰ্মাৰ মননশীল সৃষ্টি ‘নিবিড় তমসা’। যোৰহাটত সূৰুয ড্ৰামাৰ বলিষ্ঠ নিবেদন…

নাটকতেই জীৱন উচৰ্গা কৰা, নাটককেই জীৱিকাৰ সমল ৰূপে খামুচি ধৰা, অপেছাদাৰী হৈও ভাগি নপৰি পেছাদাৰীভাৱেই জীৱন-জীৱিকা আগুৱাই নিবলৈ সক্ষম হোৱা মানবেন্দ্ৰ শৰ্মাৰ মননশীল সৃষ্টি “নিবিড় তমসা”। নিজৰেই গঠিত ৩৮ বছৰীয়া “সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচ”ৰ বেনাৰত যোৱা ৮ অক্টোবৰৰ সন্ধিয়া যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ কৰে। কুন্তল মুখোপাধ্যায়ৰ বেংগলী নাটকখন শৰ্মাই অসমীয়ালৈ নিতুলভাৱে অভিযোজনা কৰিছে। মনোগ্ৰাহী অনুবাদ-অভিযোজনাৰ বাবেই দৰ্শকে নিশব্দে দুঘণ্টা সময় চাই থাকে।


কাহিনীমতে অধ্যাপক অভয় বুজবৰুৱা মধ্য বয়সৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু চেহেৰাৰ ব্যক্তি। ৰুগীয়া পত্নী সীমা আছে। সম্বন্ধীয় খুলশালী অপৰ্ণাই চোৱা-চিতা কৰে। সুন্দৰৰ গৰাকী বুজবৰুৱাৰ প্ৰতি অপৰ্ণা আৰু অপৰ্ণাৰ প্ৰতি বুজবৰুৱা আকৃষ্ট নোহোৱা নহয়। সীমাকো পতি অভয় আৰু ভনী অপৰ্ণাই প্ৰাণসম ভাল পায়। অন্যহাতে, ছাত্ৰী শ্ৰেয়া সুদৰ্শন অধ্যাপক বুজবৰুৱাৰ প্ৰেমত ইমানেই অন্ধ যে, গুৰু পত্নী সীমাক অত্যাধিক ঔষধ সেৱন কৰাই হত্যা কৰে। এনেদৰে কাহিনী ইমান আৱেগতাৰে সজাইছে যে, দৰ্শক বিভোৰ হৈ পৰে। অভিজ্ঞ পৰিচালক মানবেন্দ্ৰ শৰ্মাই পৰিচালনাও মনোগ্ৰাহীকৈ কৰিছে। তেওঁৰ পৰিকল্পনাত বিচিত্ৰ বৰাই দৃশ্যসজ্জালৈ নান্দনিকতা আনিলে আৰু আলোকত অৰুণ দত্ত, পৰশমনি বৰদলৈ, শ্ৰীমন্ত দত্তই দৃষ্টি নন্দন কৰি তুলিলে। কাহিনী, পৰিচালনা, দৃশ্যসজ্জা আৰু আলোকৰ সফল সমন্বয়তাই ‘নিবিড় তমসা’ অধিক দৰ্শনীয় কৰি তোলে। মানসজ্যোতি বৰা (বুবু), প্ৰাণজিৎ শৰ্মাৰ সংগীত আৰু সূৰয শীলৰ শব্দৰ সম সংযোগ আছেই। ৰূপসজ্জাত থাকে পূৰৱী শইকীয়া, মন্দিতা গোস্বামী খাউণ্ড আৰু বিচিত্ৰ বৰা।


নৱ সৃষ্টিত ভূমিকা লৈ অহা সূৰুযে এই নিবেদনত উজলাই তুলে নিহা ৰাণী দাস আৰু কনমানি ছানিয়া স্নিগ্ধা মোক্তাৰক। সাম্প্ৰতিক একাংশ যুগ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শ্ৰেয়া চৰিত্ৰত সূৰুযৰ মঞ্চত প্ৰথম ভৰি দিয়া যুৱতী নিহা ৰাণী দাসে অত্যাধুনিকতা ফুটাই তুলি বলিষ্ঠ অভিনেত্ৰীৰ পৰিচয় দিবলৈ সক্ষম হয়। প্ৰথমবাৰৰ বাবে মঞ্চত উঠা কনমানি ছানিয়া স্নিগ্ধা মোক্তাৰে মুক বধিৰ চৰিত্ৰটি বৰ সুন্দৰকৈ আগবঢ়াই নিয়ে। মুখ্য চৰিত্ৰত পৰিচালক মানবেন্দ্ৰ শৰ্মাই গতি ধৰি থাকে। ধনবন্ত ব্যৱসায়ী- ৰঞ্জিত বৰদলৈয়ে সুকীয়া আমেজ দিয়ে। চিকিৎসক- অৰ্পণ শৰ্মা পাঠকৰ বলিষ্ঠতা বিদ্যমান। ছাত্ৰ- চন্দন ঠাকুৰে যি সুবিধা পাইছে সেই সুবিধা সম্পূৰ্ণভাৱে গ্ৰহণ কৰিছে। ঘৰুৱা সহায়ক- বিজু দুৱৰাই সীমিত সুবিধা সঠিক উপস্থাপন কৰাত সাৰ্থক। ৰুগীয়া পত্নী সীমা- ময়ূৰপংক্ষী কৌশিকে হুইল ছেয়াৰত বহি অভিব্যক্তিৰে চৰিত্ৰ জিলিকালে। সহায়িকা- অপৰাজিতা কৌশিকে আৱেগিকতা অক্ষুণ্ণ ৰাখিলে। আৰক্ষী বিষয়া- দেৱজিৎ বৰা আৰু আৰক্ষী- পাৰ্থ প্ৰতিম শৰ্মাই নিজৰ নিজৰ চৰিত্ৰ মানসম্পন্নভাৱে উপস্থাপন কৰিলে।
নেপথ্যত সভাপতি বিনোদ গগৈ, প্ৰযোজনা সহযোগী চঞ্চলজ্যোতি বৰদলৈ, দেৱজিৎ শৰ্মা, পূৰ্ণিমা বৰদলৈ, গোবিন দত্ত, অপৰাজিতা দত্ত, লাটু গগৈ আৰু অনুপম বৰাৰ অৱদান আছিল।
নাটকৰ সমাপ্তিত সূৰুযৰ অন্যতম শুভাকাংক্ষী যোৰহাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া পবিত্ৰ কুমাৰ দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰিকৰী অভিযন্তা ভাস্কৰ শৰ্মাক সূৰুযে সন্মান জনায়।
নিজা আখৰা গৃহ নথকা আৰু চৰকাৰী সাহায্য নোপোৱাকৈয়ে নাট্য ক্ষেত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈ থকা সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ প্ৰচেষ্টা মানিবলগীয়া। সূৰুযক সুবিধা দিয়া গংগা ভৱনৰ কৰ্তৃপক্ষ শলাগৰ পাত্ৰ।

নগাঁও জিলা পুথিভঁৰালত পবিত্ৰ কলিতাৰ ‘প্ৰত্যাশা’ই প্ৰাণ সঞ্চাৰিত কৰিলে দৰ্শকৰ…

নগাঁৱৰ অপেছাদাৰী নাট্যশিল্পী কল্যাণ সমিতিয়ে অপেছাদাৰী নাট্যশিল্পী সকললৈ বিভিন্ন বিপদ-বিঘিনিৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে। তাৰেই অংশ স্বৰূপে যোৱা ১৭আৰু ১৮ নৱেম্বৰ তাৰিখে দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত কৰি ৰাইজৰ মাজলৈ আশাৰ বাণী কঢ়িয়াই আনিছে । ১৭ নবেম্বৰৰ প্ৰথম নিশা অভিনেতা তথা নাট্যকাৰ পবিত্ৰ কলিতাৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হয় নাটক “প্ৰত্যাশা”। দুঘণ্টা দৈৰ্ঘ্যৰ নাটখনিত ড্ৰাগছ, পথ সুৰক্ষা, বাল্যবিবাহকে ধৰি সমাজৰ কিছুমান জ্বলন্ত সমস্যাক লৈ ৰচিত নাটখনিয়ে সমাজ জীৱনত সঘনে গা কৰি উঠা বাস্তৱ ছবি এখন অতি আকৰ্ষণীয় ভাৱে ফুটাই তুলি ব্যক্তি বিশেষক সচেতন কৰি তুলিছে। প্ৰতিটো দৃশ্যই আমাৰ মনাকাশত নিত্য নতুন চিন্তাৰ একো একোটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত নাট্যকাৰ হিচাপে পবিত্র কলিতা প্ৰশংসাৰ পাত্ৰ। মুঠ ৪৩ জনকৈ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা নাটখনিৰ সফলতাৰ অন্য এক কাৰক হৈছে প্ৰতিজন শিল্পীৰ সাৱলীল অভিনয়।

শিল্পী সকলৰ পৰা সু-অভিনয় আদায় কৰি ল’ব পৰাটো পৰিচালকৰ কৃতিত্ব। অৱশ্যে নাটখনিৰ দুই-এটা দৃশ্য চুটি কৰাৰ স্থল আছে।নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল হৈছে -পুণ্যদা বৰা,জয়ন্ত কুমাৰ বৰা,জিতেন্দ্ৰ নাথ বৰা,প্ৰশান্ত শৰ্মা, গগন চৌধুৰী, তপন কুমাৰ বৰা,মনোজ কুমাৰ বৰদলৈ,দিব্যজ্যোতি শইকীয়া,সঞ্জীৱ কুমাৰ বৰা,শৰৎ কুমাৰ বৰা,ৰুণজুন বেজবৰুৱা,বিদ্যাকান্ত শৰ্মা, উৎপল শৰ্মা,ৰঞ্জিত ভট্টাচাৰ্য্য, বসন্ত গোহাঁই,ইন্দ্ৰজিত পাঠক,মৌচম বৰা(নিপু),প্ৰসন্ন কুমাৰ বেজবৰুৱা,নিৰ্মাণ জ্যোতি মুক্তিয়াৰ,দিলীপ লস্কৰ,হিৰু কাশ্যপ শৰ্মা,সুৰজ কুমাৰ বৰা,নেত্ৰ কমল বৰা,প্ৰণৱ জ্যোতি বৰদলৈ,শোণিত কুমাৰ বৰা,কনক শইকীয়া,গৌতম কুমাৰ বৰা,দিলীপ কুমাৰ লস্কৰ,নৱজ্যোতি গোস্বামী(মুৰুলী),কৃষ্ণাংগ বৰা,নৱকৃষ্ণ বৰা,লক্ষ্য জ্যোতি শইকীয়া,অংগনা বৰদলৈ, পাপৰি শইকীয়া,লক্ষীপ্ৰভা শইকীয়া,সুস্মিতা শইকীয়া,ডা: জয়শ্ৰী পাঠক,কবিতা বৰা(গোহাঁই),ময়ুৰী গোস্বামী, শ্ৰুতি শইকীয়া,ক্যাট্ৰিণা কাশ্যপ,কৃষ্টি কানন কলিতা, কৃপাশ্ৰী হাজৰিকা।

নাটখনিৰ পৰিচালনা উপদেষ্টা আছিল বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা সপোনটি বৰদলৈ আৰু সহযোগী পৰিচালক হিচাপে আছিল মনোজ কুমাৰ বৰদলৈ।আলোকত আছিল গৌতম শইকীয়া,সংগীতত গুণ কান্ত দাস,মঞ্চসজ্জাত গগন চৌধুৰী,ৰূপসজ্জাত আছিল প্ৰকাশ বৰা। সমাৰোহৰ মুখ্য ব্যৱস্থাপক জয়ন্ত কুমাৰ বৰা।ব্যৱস্থাপনা সহযোগী গগন চৌধুৰী আৰু অনন্ত বৰা। ভৱিষ্যতেও নাট্যকাৰ কলিতাৰ পৰা আৰু অধিক আশা কৰিব নিশ্চয়কৈ পাৰি ৷ আনহাতে দ্বিতীয় দিনা ১৮ নবেম্বৰত মঞ্চায়ন হোৱা ‘পতংগ’ নাটখনিয়েও দৰ্শক ৰাইজৰ মন মন্দিৰত ৰেখাপাত কৰিবলৈ সক্ষম হয় ৷ দুয়োখন নাটকতেই দৰ্শকৰ উপস্থিতি আশাব্যঞ্জক আছিল ৷

হাতে-কামে বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁৱৰ কৃষিখণ্ডত আলু খেতিৰে নৱ জাগৰণৰ সূচনা কৰাৰ প্ৰচেষ্টা কৃষি বিভাগৰ

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিদ্যাপুৰ কৃষি চক্ৰৰ অন্তৰ্গত চিটকাগাঁৱৰ নয়াপাৰা আৰু পুৰাণিপাৰা গাঁৱৰ লগতে মামুগাঁৱত শনিবাৰে আলুৰ বীজ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ২০২৩-২৪ আঁচনিৰ অধীনত বঙাইগাঁও মহকুমাত এই আলু খেতিৰ প্ৰদৰ্শনীমূলক ক্ষেত্ৰৰ শুভাৰম্ভণি কৰা হয়। ইয়াৰ অংশ হিচাপে চিটকাগাঁৱৰ নয়াপাৰাৰ আই মহিলা গোটৰ সাত বিঘা, পুৰাণিপাৰাৰ মিলিজুলি গোটৰ তিনি বিঘা আৰু আটুগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মামুগাঁৱৰ আস্থা মিলিজুলি গোটৰ দহ বিঘা কৃষিভূমিত আলুৰ বীজ ৰোপণ কৰা হয়। উক্ত বীজ ৰোপণ কাৰ্য্যসূচীত বঙাইগাঁৱৰ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী উপস্থিত থাকি শুভাৰম্ভণি কৰে। তেওঁ এই কাৰ্য্যসূচীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ মহিলা কৃষকসকলক এই খেতিৰ লগতে আন আন শস্যসমূহৰো খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় আৰু ইয়াৰ লগতে আন মহিলাসকলকো খেতি কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

অনুষ্ঠানত জিলা কৃষি বিষয়া অপল দাসে উপস্থিত থাকি কৃষক ৰাইজক আলু খেতিৰ বীজ ৰোপণ, যত্ন আৰু জৈৱিক সাৰৰ প্ৰয়োগ সন্দৰ্ভত বুজাই কয় । ইয়াৰ লগতে কৃষকসকলক এই খেতি সন্দৰ্ভত কোনো সহায়-সহযোগৰ প্ৰয়োজন হ’লে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ জিলা কৃষি বিষয়াগৰাকীয়ে আহ্বান জনায়। উল্লেখ্য যে বিধায়ক, জিলা কৃষি বিষয়া, সহকাৰী কৃষি সঞ্চালক আৰু কৃষি বিষয়াসকলে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে হাতে-কামে আলুৰ বীজ ৰোপণ কৰি দেখুৱাই দিয়ে।

পাছত কৃষকসকলে কৃষিভূমিত একে পদ্ধতিৰে আলু ৰোপণ কৰে। উক্ত অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক পৰেশ ৰায়, কৃষি উন্নয়ন বিষয়া দীপশিখা বনিয়া, সহকাৰী কৃষি পৰিদৰ্শকদ্বয় গুণধৰ ৰায় আৰু কৃতি লোধ, বিভাগীয় বিষয়া-কৰ্মচাৰীসকল, সমাজকৰ্মী শৈলেন সৰকাৰ, কিৰণ বৰ্মন, দেৱকান্ত ৰায়, পলেন চৌধুৰী আৰু প্ৰায় শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৩-২৪ আঁচনিৰ অধীনত বঙাইগাঁও জিলাত মুঠ ৩,১৫০ কুইন্টল আলুৰ বীজ কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়। লগতে জৈৱিক সাৰো বিতৰণ কৰা হয়।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন। সভানেত্ৰী সংগীতা মহন্ত আৰু সম্পাদিকা নিভা অধিকাৰী…

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এখন বিশেষ সভা আজি কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালৰ সভাকক্ষত অনুষ্ঠিত হয়। মহাবিদ্যালয় খনত থকা কে কে সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাগৃহত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখাৰ গঠন কৰা সন্দৰ্ভত সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী তথা লেখিকা নন্দিতা চলিহাই সভা খনৰ সভাপতিত্ব কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে লেখিকা নিলিমা বড়া ; দৰ্পণা নেওগ ; কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদিকা ড° সোণালী বড়া হাজৰিকাই। সভাৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে বকো মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মীৰা মহন্তই।বন্তি প্ৰজ্বোলক মহন্তই বন্তি প্ৰজ্বলনৰ অন্তত ভাষণ প্ৰসংগত উল্লেখ কৰে যে সাহিত্য এটা জাতিৰ দাপোন গতিকে সাহিত্য এৰি কোনো এটা জাতি জনজাতিৰ উন্নয়ন সাধন কৰিব নোৱাৰে। বন্তি প্ৰজ্বলনৰ পাছতেই ” চিৰ চেনেহী মোৰ ভাষা জননী ” শীৰ্ষক সমবেত সংগীতেৰে সভা শুভাৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যা সংগীতা মহন্তই।

সংগীতা মহন্তই নিজৰ ভাষণত প্ৰকাশ কৰে যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠনৰ জৰিয়তে অঞ্চলটোত শিক্ষা ; সাহিত্য আৰু সংস্কৃতি বিকাশৰ লক্ষ্যৰে বকো অঞ্চলটোৰ মহিলা, শিশু তথা যুৱতী সকলক সৱলীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হব বুলি প্ৰকাশ কৰে।উল্লেখযোগ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ইফালে ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা ছয়শতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত। মাত্ৰ দুজন সদস্যৰে আৰম্ভ হোৱা এই আন্দোলনটোৰ বৰ্তমান সমগ্ৰ অসমতে সংগঠনটোৰ ৬০০ টাৰো অধিক শাখাত ৭০ হাজাৰৰো অধিক সদস্য আছে। কলিকতা, শিলচৰ, দিল্লী আৰু ডিমাপুৰতো ইয়াৰ শাখা আছে বুলি জানিব দিয়ে নেতৃবৃন্দই। প্ৰকাশ্য যে ; বকোৰ নতুন প্ৰজন্মৰ শিক্ষিত মহিলা মৌচুমী পাঠক কলিতা ; জৱা পাঠক ডেকা ; দুলুমণি দাস কলিতা ; অৰ্পণা সৰকাৰ ; নিভা অধিকাৰী ; গীতিকা ৰাভা বড়োৰ তৎপৰতাত সভাখন সাফল্যমণ্ডিত কৰা হয়। সেয় বিশিষ্ট অতিথি সকলৰ লগতে সভাত উপস্থিত থকা সকলোৱে বকোৰ লেখিকা সকলোক শলাগ লয়। সভাত লেখিকা নিলিমা বড়াই নিজৰ ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন নিয়ম নীতি, সংবিধানৰ বিষয়ে আলোকপাত কৰাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাতা ড° শ্বীলা বৰঠাকুৰৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাৰোহৰ সোণালী জয়ন্তী দুৱাৰডলিত বুলি জানিবলৈ দিয়ে। বকোৰ দৰদী কন্ঠ শিল্পী তথা বৌদ্ধিক নাৰী গীতিকা ৰাভা বড়োই ভক্তিমূলক গীত পৰিৱেশন কৰি পযিবেশ মধুৰ কৰি তোলে।

সভাত সৰ্বসন্মতিক্ৰমে সংগীতা মহন্তক সভানেত্ৰী আৰু নিভা অধিকাৰীক সাধাৰণ সম্পাদিকা হিচাপে মনোনীত কৰি অসম লেখিকা সমাৰোহৰ বকো শাখা সমিতি খন গঠন কৰে। লেখিকা সমাৰোহৰ বকো শাখাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত নাৰীৰ সৱলীকৰণৰ লগতে শৈক্ষিক ; বৌদ্ধিক আৰু সামাজিক তথা সাংস্কৃতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ঘোষণা কৰে।

“১৭-১৮ বছৰ ৰাইজক ঠগোৱা ‘নিসিজা দাইল’ সকলৰ কথা শুনাৰ প্ৰয়োজন নাইঃ মন্ত্ৰী অশোক সিংহল

আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি এন ডি এৰ দখল লৈ আনিবলৈ বিজেপি দলে বুথে বুথে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। কোকৰাঝাৰ জিলাত কেবাগৰাকী নেতাই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠিপৰি লগাৰ পাছত আজি দলটোৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোসাঁইগাঁৱৰ কাশিয়াবাৰীত বিশাল গণসমাৱেশৰ আয়োজন কৰে বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিয়ে। উক্ত সভাত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি ৰূপত অংশগ্ৰহণ কৰে। বিশাল জনসভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে “আজিৰ সভাত বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা নিজৰ মৰম-আস্থা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা সদিচ্ছাৰ কথাই প্ৰতিপন্ন কৰিছে। গোসাঁইগাঁৱক অসমৰ প্ৰৱেশদ্বাৰ বুলি অভিহিত কৰি তেওঁ কয় যে “এসময়ৰ অতিশয় অশান্ত অঞ্চল হিচাপে জনাজাত এই এলেকাত আজি শান্তি আৰু উন্নয়নৰ ঢল বৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিল্লী-দিছপুৰত গঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই অঞ্চলত শান্তি প্ৰতিষ্ঠাক মূল লক্ষ্যৰূপে লৈ কাম কৰি আৰু বড়ো শান্তি চুক্তি, আদিবাসী শান্তি চুক্তিৰ মাধ্যমে হিংসাজৰ্জৰিত অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা ঘূৰাই আনিবলৈ সক্ষম হৈছে। এসময়ত হাতত মাৰণাস্ত্ৰ তুলি লোৱা বড়ো আৰু আদিবাসী উগ্ৰপন্থীসকলেও অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহি উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিলে। শান্তি অবিহনে উন্নয়ন অসম্ভৱ বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিআৰলৈ শান্তি ঘূৰি অহাৰ পাছত ৰাস্তা-ঘাট, দলং, হাস্পতালকে ধৰি উন্নয়নৰ এক যাত্ৰা আৰম্ভ হৈছে ফলত সকলো দিশতে বিটিআৰ অঞ্চল আগুৱাই গৈ আছে। কোকৰাঝাৰত মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত, বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত অঞ্চলটোত উন্নয়নৰ নতুন দিগন্তৰ বাট মুকলি হৈছে। ছুপাৰ-৫০ৰ দৰে কাৰ্যসূচীয়ে অঞ্চলটোৰ ১৬ গৰাকীকৈ প্ৰতিভাৱান যুৱক-যুৱতীক অসম অসামৰিক সেৱাৰ মূল পৰীক্ষাত বহাৰ যোগ্যতা অৰ্জন কৰাইছে। বিপিএফ চৰকাৰৰ দীৰ্ঘদিনীয়া কাৰ্যকালত বিটিআৰত মাথোঁ লুণ্ঠন চলিল বুলি অভিযোগ কৰি তেওঁ কয় যে বড়োভূমিৰ উন্নয়নৰ বাবে তেওঁলোকে একো নকৰিলে। অনাগত নিৰ্বাচনত গোঁসাইগাঁও সমষ্টিত বিজেপি-ইউপিপিএলৰ বিজয় পতাকা উৰিব বুলি ঘোষণা কৰি তেওঁ কয় যে বিগত উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰি ৰাইজে তাৰেই উমান দিছে। উপ নিৰ্বাচনত দিয়া সকলো প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ উন্নয়নৰ যাত্ৰা গোঁসাইগাঁৱৰ পৰা আৰম্ভ হৈ আগবাঢ়ি যাব। মিছন বসুন্ধৰাৰ আৰ্হিত বিজেপি-ইউপিপিএল চৰকাৰে অঞ্চলটোৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।

১৭-১৮ বছৰ ৰাইজক ঠগোৱা ‘নিসিজা দাইল’ সকলৰ কথা শুনাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি তেওঁ কয় যে বড়োভূমিৰ উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটৰ বিকল্প নাই। অঞ্চলটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত অনাগত দিনতো মিত্ৰজোঁটলৈ মৰম-আশীৰ্বাদ আগবঢ়াই যাবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। আজিৰ এই জনসভাত কোকৰাঝাৰ জিলাৰ দলীয় পৰ্যবেক্ষক তথা ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী, গোঁসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওয়া নাৰ্জিহাৰী, বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সজল কুমাৰ সিংহ, কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীয়ে দলৰ সাংগঠনিক দিশত ভাষণ আগবঢ়ায়। কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গোসাই বসুমতাৰীয়ে আত ধৰা উক্ত সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীব ব্ৰহ্ম, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কোকৰাঝাৰ জিলা সভাপতি জেঠমল মালু, মণ্ডল সভাপতি ৰাজকুমাৰ নাৰ্জাৰী, দলৰ মুখপাত্ৰ পংকজ বৰবৰা আদিও উপস্থিত থাকে।