Home Blog Page 1243

বিশ্বৰ বিখ্যাত মৰুভূমি চহৰ ডুবাইত বানপানী

বিশ্বৰ বিখ্যাত আৰু সুন্দৰ মৰুভূমি চহৰ ডুবাই বৰ্তমান বানপানীৰ সৈতে যুঁজিছে। য’ত বেছিভাগ সময়তে গৰম আৰু খৰাং থাকে, তেনে ঋতুৰ পৰিৱৰ্তনৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰা দেখা গৈছে।

ডুবাইৰ পৰিষ্কাৰ আৰু উজ্জ্বল ৰাস্তাবোৰ এতিয়া পানীৰ খাললৈ পৰিণত হৈছে।

বোকা-বালি থকা অঞ্চললৈ নাযাবলৈ ডুবাই আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছে। কাৰণ ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ভূমি ডুব যোৱাৰ আশংকা।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী। বতৰ ধাৰাবাহিকভাৱে তীব্ৰতৰ হৈ আহিছে।

সমগ্ৰ ডুবাইৰ লোকসকলে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড বৰষুণৰ ভিজুৱেল শ্বেয়াৰ কৰা দেখা গৈছে।


ডিমৰু খাইছেনে কেতিয়াবা? গুণাগুণ জানিলে আপুনি বিচাৰি বিচাৰি খাব ডিমৰু

Früchte an einem Ast

ডিমৰু হৈছে এবিধ মিঠা সতেজ অথবা শুকান ফল। সাধাৰণতে শুকান ডিমৰু ফল গোটেই বছৰ ধৰি উপলব্ধ। ডিমৰুৰ ইংৰাজী নাম Fig; বৈজ্ঞানিক নাম হ’ল Ficus carica ।

ডিমৰু ফল বিধ মধ্য প্ৰাচ্য , এছিয়া , তুৰস্কৰ স্থানীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ , স্পেইনত বাণিজ্যিকভাৱেও ব্যাপকভাৱে ডিমৰু খেতি কৰা হয়। অসমতো ডিমৰু উদ্ভিদ পোৱা যায়। ১০০ গ্ৰাম ডিমৰুৱে ৭৪ কেলৰি শক্তি প্ৰদান কৰে আৰু দ্ৰৱণীয় আহঁ , অত্যাৱশ্যকীয় পুষ্টি আৰু বহুতো যৌগ প্ৰদান কৰে।

যি স্বাস্থ্যৰ লাভালাভ আৰু ৰোগ নিৰাময় কৰাত অৰিহণা যোগায়। ডিমৰুত নিহিত মূখ্য উপাদানবোৰে মুক্ত ৰেডিকেলবোৰ পৰিস্কাৰ কৰাত সহায় কৰে। ডায়েবেটিছৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ প্ৰতিৰোধ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। সতেজ ডিমৰু ফলত জটিল ভিটামিন বি ( Vitamin B complex ) যেনে – নিয়াচিন ( Niacin ) , পাইৰিডক্সিন ( Pyridoxine ), ফলেট ( Folate ) আৰু পেন্ত্তথেনিক এচিড (Pantothenic acid ) যি বিপাকৰ সহকাৰক হিচাপে কাম কৰে।

ডিমৰু ফলবোৰত কেলচিয়াম, লো ,মেগনেছিয়াম , তাম , পটেছিয়াম , চেলেনিয়াম আৰু জিংক আদিৰে সমৃদ্ধ। কেলছিয়ামে হাড় গঠনত , পটেছিয়ামে ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ স্পন্দনৰ ভাৰসাম্য ৰক্ষা কৰাত আৰু আইৰণে লোহিত ৰক্তকণিকা গঠন কৰাত সহায় কৰে।

ডিমৰু ফলৰ Latex ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় য’ত এনজাইম ফিচিন ( Enzyme ficin ) থাকে যি শক্তিশালী এন্হোলমন্টিক( Anthelmintic ) গুণেৰে পৰিপূৰ্ণ। ই পেলুৰ সংক্ৰমণ বিৰুদ্ধে যুঁজ দিয়ে। ডিমৰু মূখ্য গুণাগুণ আৰু উপকাৰীতা আৰু বহুত পোৱা যায়।

স্বামীৰ সুখৰ দিনত নিসংগ পত্নী…

২০১৮ চনৰ পৰা পৃথককৈ আছে ছামী আৰু হাছিন
ছামীৰ বিৰুদ্ধে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ কৰিছিল তেওঁ


আনকি মেচ ফিক্সিঙৰ দৰে মাৰাত্মক অভিযোগো আছিল
ছামী-হাছিনৰ ডিভ’ৰ্চো হোৱা নাই বুলি ক’লে হাছিনই


ভাল ক্ৰিকেটাৰ দৰে ভাল মানুহ হ’লে আমি একেলগে আৰু ভাল জীৱন কটাব পাৰিম- হাছিনা
কন্যা-স্বামীৰ সৈতে সুখৰ সংসাৰ কৰিবলৈ মন হাছিনাৰ
ছামীৰ টকা নে স্বামীৰ প্ৰেম?

জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান ! শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ ৰক্তদান কেনেকৈ কৰিব পাৰিব জানক…

আমি আটায়ে জানো যে, পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIV-কে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক| সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে| তদুপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিস্ফোৰণ, গুলীয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে| যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্ত ভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহ বোৰৰ কি অৱস্থা হ’ব? ইয়াৰ বাবে নিশ্চয়কৈ সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই| সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মিত স্বেচ্ছা ৰক্তদানৰ দ্বাৰাহে সম্ভৱ| বিশ্ব-স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছা ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে | আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে |

ভাৰতৰ দৰে ৪০ খন দেশ আজিও পৰিয়াল ৰক্তদাতা অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল| ভাৰতবৰ্ষত স্বেচ্ছীয় ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশ| অসমত মাত্ৰ ৪০ শতাংশ| এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ পৰা আজিও আমি বহু নিলগত| কিন্তু ই যাদু সংখ্যা নহয়| আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জন্সংখ্যাৰ এক শতাংশইয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছাই ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰো|

আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিট ৰক্তৰ পৰা লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদন সমুহ বিজ্ঞানসন্মত ভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি| এজন সুস্বাস্থ্যৰ ব্যক্তি যাৰ বয়স ১৬ ৰ পৰা ৬০ বছৰ, ওজন ৪৫ কি: গ্ৰামতকৈ  অধিক, ৰক্তচাপ (ডায়’ষ্টলিক ৭০-১০০ মি: মি: পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-১৬০ মি: মি: পাৰাস্তম্ভৰ ভিতৰত), উষ্ণতা ৩৭.৫ চেলচিয়াছতকৈ কম, তেজত হিমোগ্ল’বিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ ১২ গ্ৰামতকৈ অধিক আৰু কোনো ধৰণৰ ৰক্তেৰে সোঁচৰা ৰোগ নাথাকে, তেনে এজনে বছৰত তিনিবাৰকৈ শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ ৰক্তদান কৰিব পাৰে|

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰ চুটি ছবি ‘Beep’…

পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰ চুটি ছবি ‘Beep’ ৷

অহা ৫-১২ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই ২৯ সংখ্যক মহোৎসৱখনী৷ ভাৰতীয় চুটি ছবি প্ৰতিযোগিতা শাখালৈ বিভিন্ন ৰাজ্যৰ পৰা

পঠিওৱা প্ৰায় ১০০০ খন চুটি ছবিৰ ভিতৰত মাত্ৰ ১২ খন ছবিয়েহে এই প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে৷ হিন্দী ভাষাত নিৰ্মিত ‘Beep’ একমাত্ৰ অসমৰ চুটি ছবি।

কুমুদ দত্তৰ মৃত্যুঃ চিলাপথাৰত শোকৰ ছাঁ দল সংগঠন-ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰে শেষকৃত্য সম্পন্ন… 

কালি সন্ধিয়া প্ৰায় ৫ বজাত চিলাপথাৰ নগৰৰ বাসিন্দা তথা চিলাপথাৰ ৰেচিডেণ্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক কুমুদ দত্তৰ (৬৭) পশ্চিম বংগৰ শিলিগুৰিত পৰলোকপ্ৰাপ্তি হয়। যোৱা কিছুদিন ধৰি ব্যক্তিজন শাৰিৰীকভাৱে অসুস্থ হৈ আছিল। কৰ্মসূত্ৰে শিলিগুৰিত থকা কুমুদ দত্তৰ জ্যেষ্ঠ পুত্ৰই চিকিৎসাৰ বাবে মাতি পঠিয়াওৱাত পৰহি নিশা চিলাপথাৰৰ পৰা ৰে’লেৰে চিলিগুৰিলৈ বুলি যাত্ৰা কৰিছিল আৰু কালি আবেলি শিলিগুৰিত পুত্ৰৰ ওচৰত উপস্থিত হৈছিল। ভাগৰে-জোগৰে গৈ আবেলি পুত্ৰৰ আৱাসত উপস্থিত হৈয়েই বিচনাত জিৰণি লৈ থকা অৱস্থাতে কালি সন্ধিয়া ৫ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। লখিমপুৰৰ পানীগাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত কুমুদ দত্তই ১৯৮৮ চনত চিলাপথাৰ ৰেচিডেণ্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষক ৰূপে যোগদান কৰিছিল আৰু উক্ত বিদ্যালয়ৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে।

চিলাপথাৰ জোনাকী নগৰত স্থায়ীভাৱে বসবাস কৰা কুমুদ দত্তই শিক্ষকতাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন সাহিত্য, সংস্কৃতি, সামাজিক অনুষ্ঠান-প্রতিষ্ঠানত জড়িত আছিল। বিশেষকৈ চিলাপথাৰ অঞ্চলত সাহিত্যৰ দিশত প্ৰথম অনুষ্ঠান ৰেঙনি সাহিত্য চ’ৰা গঠন কৰি অঞ্চলটোত সাহিত্য চৰ্চাৰ বাট মুকলি কৰিছিল, চিলাপথাৰৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী ‘সমলয়’ প্ৰায় তিনিবছৰ কাল প্ৰকাশ প্ৰয়াত দত্তই কৰিছিল। স্বেচ্ছাসেৱী অনুষ্ঠান’ সাৰথি’ৰ উপদেষ্টা, অসম কবি সমাজৰ চিলাপথাৰ শাখাৰ সভাপতি, ধেমাজি জিলা অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি, চিচি-চিলাপথাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, চিলাপথাৰ নাগৰিক সভাৰ সম্পাদক, সাহিত্য সভা, চিলাপথাৰ নগৰ বৰ নামঘৰ, চিলাপথাৰ প্ৰেছ ক্লাৱ, ৰেঙণি পুথিভঁৰাল আদি বিভিন্ন সাহিত্য, সংস্কৃতি আৰু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ গুৰু দায়িত্বত থকা দত্তৰ আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ, সম্পাদক পাপলু গগৈ, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ সচিব মনোজ কুমাৰ দাস, চিলাপথাৰ জিলা টিএমপিকেৰ সাধাৰণ সম্পাদক মানস কুলি, ধেমাজি জিলা বাঙালী ফেডাৰেশ্যন সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাস, এজেৱাইচিপিৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মা,

চিলাপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক লবিৰাম বৰি, সোনোৱালী কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সম্পাদক চন্দন কছাৰী, অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাস, গবেষক ড০ উত্তম দাস, বঙ্গ সাহিত্য সভাৰ চিলাপথাৰ শাখাৰ সভাপতি ৰোহিত চন্দ্ৰ ৰয়, চিলাপথাৰ সাংবাদিক মহল, চিমেনচাপৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দেৱজিৎ দাশগুপ্ত, চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি তিম চুতীয়া, বিশিষ্ট ব্যৱসায়ী তিলক ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দুৱৰা,গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি সোমৰাজ পুৰী, আটাছু মুখ্য উপদেষ্টা দুলাল বৰুৱা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শান্তিৰাম দাস,  বিশিষ্ট ব্যক্তি নন্দেশ্বৰ কছাৰী কেধৰি দল-সংগঠন  ব্যক্তিয়ে গভীৰভাৱে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত দত্তই দুই পুত্ৰ, এগৰাকী বোৱাৰী আৰু এটি নাতি সহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। 

শম্ভু দাস চিলাপথাৰ

ধেমাজি

বিয়ালৈ ভয় কৰে অভিনেত্ৰী শ্ৰুতি হাছানে, অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা ক’লে শ্ৰুতিয়ে…

এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান। এক বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে ক’লে মনৰ কথা। ক’লে অসমৰ প্ৰেমিক শান্তনুৰ সৈতে থকা বন্ধনৰ কথা। শান্তনু হাজৰিকাৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ বিবাহক লৈ বহুবাৰ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু শ্ৰুতিক বিয়াৰ কথা সোধাত অভিনেত্ৰীগৰাকীয়ে কি ক’লে জানো আহক।

শ্ৰুতি হাছানে স্পষ্টকৈ কৈ’লে যে বৰ্তমান তেওঁৰ বিয়াৰ কোনো উদ্দেশ্য নাই। বিবাহ শব্দটোলৈ মোৰ বৰ ভয় লাগে বুলিও মন্তুব্য কৰিলে অভিনেত্ৰী গৰাকীয়ে।। লগতে ক’লে শান্তনু লগত থাকি কাম কৰি আৰু একেলগে ভাল সময় কটাবলৈ পাই মই সুখী। এযা বিয়াতকৈ বেছি ভাল। নিজৰ আৰু প্ৰেমিক শান্তনুৰ মাজৰ সম্পৰ্ক আৰু বন্ধনৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘আমি ইজনে সিজনৰ বাবে আছোঁ আৰু কঠিন সময়ত ইজনে সিজনক সহায় কৰিছোঁ। সংগ্ৰামৰ সময়ত কাষত কোনোবা থাকিলে ভাল লাগে।


শ্রুতি হাছানক শেহতীয়াকৈ ‘ৱালটেয়াৰ বীৰয়া’ ছবিত দেখা গৈছিল। এইখন আছিল একচন ড্ৰামা ছবি যিখন পৰিচালনা কৰিছিল কে এছ ৰবীন্দ্ৰই। শ্ৰুতিৰ উপৰিও চিৰঞ্জীৱী আৰু ৰবি তেজাকো ছবিখনত দেখা গৈছিল। বৰ্তমান শ্ৰুতি প্ৰভাসৰ সৈতে এক্সন থ্ৰিলাৰ ছবি ‘ছালাৰ’ত ব্যস্ত।


ছুপাৰ ছানডে, দেওবাৰে ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

ছুপাৰ ছানডে।

কাইলে ক্ৰিকেট বিশ্বকাপৰ ফাইনেল।

আগ্ৰহেৰে অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ।

মুখামুখি হ’ব দুই মহাশক্তি।

ভাৰত বনাম অষ্টেলিয়া।

২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩।

মাজত কেইটামান ঘণ্টা। কাইলৈ অৰ্থাত দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ। ২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অনুশীলত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। ১ লাখ ৩০ হাজাৰ আসনবিশিষ্ট নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপ ২০২৩ৰ মহা ফাইনেল চাবলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ।

আনহাতে বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে মহম্মদ ছামীলৈ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপহাৰ।

মহম্মদ ছামিৰ নামত ছামিৰ জন্মস্থান অমৰোহা জিলাৰ গাঁৱত নিৰ্মাণ কৰিব ষ্টেডিয়াম।

ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচত ৭ টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এদিনীয়াত ৭ উইকেট দখল কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল মহম্মদ ছামি।

এই ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

ইয়াৰ উপৰিও বিশ্বকাপ ক্ৰিকেটৰ ফাইনেললৈ আহিব বিখ্যাত পপষ্টাৰ গায়িক ডুয়া লিপা।

পপষ্টাৰ ডুৱা লিপাৰে পৰিৱেশন কৰিব সংগীতানুষ্ঠান।

ক্ৰিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত নাই।

অপেক্ষা মাথোঁ দেওবাৰলৈ।

আতিথ্যৰ বাবে সোণম কাপুৰক ধন্যবাদ ডেভিদ বেকহামৰ! শ্বাহৰুখ খানক ‘গ্ৰেট মেন’ বুলি অভিহিত…

ডেভিড বেকহাম পোষ্টঃ ডেভিদ বেকহামে মানচেষ্টাৰ ইউনাইটেড আৰু ৰিয়েল মাদ্রিদৰ দৰে দলৰ হৈ খেলিছিল৷ ইয়াৰ উপৰিও তেওঁ এগৰাকী ফেশ্বন আইকন আৰু মডেল। তেওঁ ইউনিচেফৰ এম্বেছাদৰ হিচাপেও কাম কৰি আহিছে। প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহাম শেহতীয়াকৈ ভাৰত আৰু নিউজিলেণ্ড বিশ্বকাপৰ ছেমি ফাইনেল চাবলৈ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল। এই সময়ছোৱাত শ্বাহৰুখ খান আৰু সোণম কাপুৰে তেওঁক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল। তাৰকাসকলে প্ৰাক্তন ফুটবলাৰগৰাকীৰ বাবে বিশেষ ভোজৰ আয়োজন কৰিছিল। এতিয়া ডেভিদ বেকহাম নিজৰ দেশলৈ উভতি আহিছে আৰু তাতেই তেওঁ শ্বাহৰুখ খান, গৌৰী খান, সোণম কাপুৰ আৰু আনন্দ আহুজাক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জনাইছে।

ডেভিদ বেকহামে মানচেষ্টাৰ ইউনাইটেড আৰু ৰিয়েল মাদ্রিদৰ দৰে দলৰ হৈ খেলিছিল৷ ইয়াৰ উপৰিও তেওঁ এগৰাকী ফেশ্বন আইকন আৰু মডেল। ইউনিচেফৰ ৰাষ্ট্ৰদূত হিচাপেও কাম কৰি আহিছে। স্পাইচ গাৰ্লৰ পৰা ফেশ্বন ডিজাইনাৰলৈ পৰিণত হোৱা ভিক্টোৰিয়া বেকহামৰ সৈতে তেওঁৰ বিবাহ।

কটা পিঁয়াজ কেতিয়াও ফ্ৰীজত নাৰাখিব…

কটা পিঁয়াজ সংৰক্ষণৰ বাবে ফ্ৰীজত ৰাখিব নালাগে।পিঁয়াজ ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংগ। মছলাৰ লগতে খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে চালাডতো ব্যৱহাৰ কৰা হয়। কটা পিঁয়াজত বেক্টেৰিয়াৰ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে।এক প্ৰতিবেদন অনুসৰি কটা পিঁয়াজ মুকলি ঠাইত ৰাখিলে তাত বেক্টেৰিয়া বাঢ়ি যায়। বেক্টেৰিয়া জমা হোৱাৰ উপৰিও কাটি লোৱা পিঁয়াজ কিয় ফ্ৰীজত ৰাখিব নালাগে। কটা পিঁয়াজ ফ্ৰীজত ৰাখিলে ইয়াৰ পৰা তীব্ৰ গোন্ধ ওলায়। পিঁয়াজৰ এক গোন্ধ ফ্ৰীজত ৰখা আন খাদ্য সামগ্ৰীলৈ সহজে বিয়পিব পাৰে। ইয়াৰ বাবে ফ্ৰীজত ৰখা খাদ্যৰ সোৱাদও সলনি হ’ব পাৰে। সোৱাদ আৰু গোন্ধ পিঁয়াজৰ দৰে হ’ব পাৰে।

কটা পিঁয়াজত আৰ্দ্ৰতা থাকে। এই অতিৰিক্ত আৰ্দ্ৰতাই সময়ৰ লগে লগে পিঁয়াজক কোমল আৰু কুটিল কৰি তুলিব পাৰে, যাৰ ফলত ইয়াৰ টেক্সচাৰ আৰু আবেদন হ্ৰাস পায়।

কটা পিঁয়াজত এনে এনজাইম থাকে যিয়ে ফ্ৰীজৰ ঠাণ্ডা উষ্ণতাৰ লগত বিক্ৰিয়া কৰিব পাৰে। এই বিক্ৰিয়াৰ ফলত চালফাৰযুক্ত যৌগ গঠন হ’ব পাৰে, কিয়নো পিঁয়াজত চালফাৰ থাকে, যিয়ে আপোনাৰ খাদ্যত অপ্ৰীতিকৰ, তিতা সোৱাদৰ সৃষ্টি কৰিব পাৰে।

কিছুমান মানুহে কটা পিঁয়াজ ফ্ৰীজত ৰাখি ভাল পায়। অৱশ্যে এই পদ্ধতিৰ নিজস্ব সমস্যা আছে। ফ্ৰীজত জমা কৰি ৰখা কাটি লোৱা পিঁয়াজ ফ্ৰীজত বেয়া হোৱাৰ সম্ভাৱনা, যাৰ ফলত সোৱাদ আৰু টেক্সচাৰ হেৰুৱাব পাৰে।