জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী।

দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা।
জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী।

দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা।
হিন্দু ধৰ্মত চাকি জ্বলোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু শুভ বুলি গণ্য কৰা হয়। চাকি জ্বলোৱা অবিহনে পূজাক অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বহুতে ঘিৰ চাকি জ্বলোৱাৰ বিপৰীতে আন কিছুমানে তেলৰ চাকি জ্বলাই।জ্যোতিষশাস্ত্ৰত ঈশ্বৰৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে বহুতো নিয়মৰ কথা উল্লেখ কৰা হৈছে। চাকি জ্বলোৱাৰ সময়ত কি কি নিয়ম মানি চলিব লাগে জানো আহক-
মনত ৰাখিব যে যদি আপুনি পূজা-পাতলত ঘিউৰ চাকি জ্বলাই তেন্তে সেয়া সদায় ঈশ্বৰৰ সোঁহাতে ৰাখিব লাগে। ঘিউৰ চাকি কেৱল সোঁহাতে ৰাখিব লাগে।
যদি আপুনি উপাসনাত তেলৰ চাকি জ্বলাই, তেন্তে এই চাকি সদায় ঈশ্বৰৰ বাওঁহাতত ৰাখিব লাগে। বাওঁহাতত তেলৰ চাকি ৰখাটো শুভ বুলি গণ্য কৰা হয়।
বিয়াৰ দিনা চেটত, প্ৰসৱৰ ৩ দিন পিছতে কাম কৰিছিল স্মৃতি ইৰাণীয়ে। বিয়াৰ দিনাও ধাৰাবাহিকখনৰ বাবে শ্বুটিং কৰা বুলি প্ৰকাশ কৰে স্মৃতি ইৰাণীয়ে। প্ৰসৱৰ তিনিদিন পিছতো চেটলৈ গৈ শ্বুটিং কৰিবলগীয়া হৈছিল। ধাৰাবাহিকখনৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে প্ৰতি ঘৰে ঘৰে তুলসী নামেৰে পৰিচিত হোৱাৰ বিপৰীতে সমগ্ৰ বিশ্বতে মহিলা আৰু শিশু আয়োগৰ মন্ত্ৰী হিচাপে পৰিচিত স্মৃতি ইৰাণী। শেহতীয়াকৈ স্মৃতিৰ মনত পৰিল ষ্টাৰ প্লাছৰ জনপ্ৰিয় অনুষ্ঠান ‘কিউংকি সাছ ভি কভি বহু থি’ৰ শ্বুটিং কৰি থকা সেই দিনবোৰ। এক সাক্ষাৎকাৰত স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰে যে তেওঁ বিয়াৰ দিনাও ধাৰাবাহিকখনৰ বাবে শ্বুটিং কৰিছিল। ইমানেই যে প্ৰসৱৰ মাত্ৰ তিনিদিন পিছতে তাই চেটলৈ গৈ শ্বুটিং কৰিবলগীয়া হ’ল। ইয়াৰ কাৰণ সোধাত তেওঁ ক’লে- ‘কাৰণ মই দুখীয়া হৈ আহিলো।’
আপোনালোকক কওঁ যে, ইয়াৰ পূৰ্বে নীলেশ মিশ্ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্মৃতি ইৰাণীয়ে ‘কিউংকি সাছ ভি কভি বহু থি’ৰ প্ৰথম বছৰৰ কথা কৈছিল আৰু গৰ্ভপাতৰ মাত্ৰ তিনি দিনৰ পিছতে শ্ব’টোৰ চেটলৈ ঘূৰি আহিবলগীয়া হোৱাৰ কথা কৈছিল।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১২ নং চিচি সমষ্টিত গাওঁ সভাঃ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আঁচনি গ্ৰহন।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আঁচনি গ্ৰহণৰ বাবে ১২ নং চিচি সমষ্টিৰ আমগুৰি ডাম্বুক এল পি স্কুলত এখন গাওঁ সভা অনুষ্ঠিত হৈ যায়। সন্মিলিত গণশক্তি অসম দলৰ মধ্য চিচিটঙানী আঞ্চলিক সমিতিৰ সভাপতি নেহেৰু কুম্বাংৰ সভাপতিত্বত হোৱাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য জহান দলে।

বিগত বিত্তীয় বৰ্ষ সমূ্হত মিচিং স্বায়ত্বশাসিত পৰিষদে ৰূপায়ন কৰা আঁচনি সমূহৰ বিষয়ে আলোকপাত কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে শিক্ষা,যতায়ত, গৰাখহনীয়া, জীৱন-জীৱিকা, মেধাৱী ছাত্র-ছাত্ৰী, উচ্চ শিক্ষা, লোকসেৱা আয়োগত প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এককালীন সাৰ্হায্য প্ৰদান কৰা, দুৰাৰোগ্য ৰোগত আক্ৰান্ত,
প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত পৰিয়ালক এককালীন অৰ্থ সাহায্য প্ৰদান কৰা আদি ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত আলোচনাৰ লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত শিক্ষা, ক্ৰীড়া আৰু জীৱন-জীৱিকা আঁচনি গ্ৰহণত গাওঁ সভাই অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১২ নং চিচি পৰিষদীয় সমষ্টিত ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ বাবে উন্নয়নৰ আঁচনি গ্ৰহণ কৰাৰ লগতে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হয়।
সভাত সন্মিলিত গণশক্তি দলৰ চিচিবৰগাওঁ ব্লকৰ সভাপতি দেৱকান্ত পেগু, কাৰ্যকৰী সভাপতি ৰমা বৰুৱা, সম্পাদক নিলমনী দলে, মধ্য চিচিটঙানী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা ফুলেমা পাইত কেধৰি গণশক্তি দলৰ বিভিন্ন কৰ্মকৰ্তাৰ লগতে তিনি শতাধিক ৰাইজ উপস্থিত থাকে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি
বিলাসীপাৰাৰ মাছপাৰাত কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ।
‐—-‐——-‐————–
আজি পুৱতি নিশা বিলাসীপাৰাৰ মাছপাৰা নামৰ ঠাইত আৰক্ষীৰ গুলীচালনাত কুখ্যাত অপৰাধী আলী আকবৰ ওৰফে আলু ‘ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষী অহাৰ উমান পাই আলীয়ে আন্ধাৰৰ সুযোগ লৈ পলাবলৈ লওঁতে আৰক্ষীয়ে শূন্যলৈ ৭ গুলীচালনা কৰিব লগীয়া হয়।এই অভিযান চলিছিল অতি সংগোপনে।

কুখ্যাত আলীয়ে যুৱ ব্যৱসায়ী বাছেৰ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰত জানিব পৰা গৈছে। সম্প্ৰতি বিলাসীপাৰা থানাত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।এই কুখ্যাত হত্যাকাৰীজনৰ ঘৰ চাটাপাৰা গাঁওত।
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন
গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনা।

কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু।
খুমটাইৰ নগাঁৱত এই দুৰ্ঘটনাত নিহত ফটিক গগৈ নামৰ লোকজন। নিৰ্মাণ কোম্পানী অনুপম কনষ্ট্ৰাকচনৰ গাফিলতিৰ বাবে দুৰ্ঘটনাৰ অভিযোগ।
অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান।
আৰক্ষীৰ জালত তীৰ সম্ৰাট বাবুল আলীৰ ঘণিষ্ঠ দীনেশ বাচফৰ।

কেইমাহমান পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল আলীক।

নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দীনেশ বাচফৰক।
সৰভোগৰ ৰামপুৰত ফটকা কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট । কথমপি প্ৰাণ ৰক্ষা পৰে তপন নাথৰ
দেৱালীৰ সময়চোৱাত আনুমানিক ৰাতি ১১:০০ বজাত নিপুল নাথৰ পুতেকে ভুক্তভোগী পৰিয়াল তপন নাথৰ গাত ফটকা দলিয়াই দিয়াত এক বিতৰ্ক সূত্ৰপাতৰ সৃষ্টি হয়।

ভুক্তভোগী তপন নাথে নিপুল নাথক ফটকা ভালকৈ ফুটোৱাৰ বুজনি দিয়াত তপন নাথক অশ্লীল গালি-গালাজ পাৰে নিপুল নাথে।
ইপিনে নিপুল নাথৰ পৰিয়াল তুলুমনি নাথ ,জুনমনি নাথ আৰু দেউতাকে হাতত দা লৈ তপন নাথক গুৰুতভাবে আক্ৰমণ কৰে। আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে তপন নাথৰ

ইতিমধ্যে তপন নাথৰ পৰিয়ালে সৰভোগ আৰোক্ষী থানাত এজাহাৰ দাখিল কৰে ।
ভুক্তভোগী পৰিয়াল তপন নাথৰ পত্নী আৰু কন্যাই সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সৰভোগ থানাৰ আৰোক্ষীয়ে উচিত তদন্ত কৰি আইনৰ আওতালৈ আনি দৃস্তান্তমূলক শাস্তি দিয়ে তাৰে অনুৰোধ জনায় ।
সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ ৰিপোৰ্ট
পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই।

সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সমাজবিজ্ঞানৰ পৰীক্ষা।

২৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। ২৭ ফেব্ৰুৱাৰীৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ সময় পুৱা ৯ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১.৩০ বজাৰ ৪.৩০ বজালৈ সলনি।
পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ব্যাঘ্ৰ প্ৰকল্পৰ বুঢ়াপাহাৰ বনাঞ্চল।

সঞ্চালিকা সোণালী ঘোষে পৰ্যটকৰ বাবে মুকলি কৰে জীপ ছাফাৰী। উপস্থিত থাকে উদ্যানখনৰ DFO, কলিয়াবৰ SDPO । বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত মুকলি কৰা হয় এখন থলুৱা বিপণিও।