ইফালে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সোমবাৰে পুৱা ১০ বজাত সচিবালয়ত সৰ্বদলীয় বৈঠকৰ আহ্বান জনায়। তেওঁ বিস্ফোৰণ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰাৰ সম্ভাৱনা আছে।
“এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা। আমি ঘটনাটোৰ সন্দৰ্ভত বিৱৰণ সংগ্ৰহ কৰি আছো। এৰ্নাকুলামৰ সকলো শীৰ্ষ বিষয়া তাত আছে। আমি ইয়াক অতি গুৰুত্বসহকাৰে লৈছো। মই ডিজিপিৰ সৈতে কথা পাতিছো আৰু তদন্তৰ পিছত আমি অধিক বিৱৰণ লাভ কৰিম,” তেওঁ কয়।
প্ৰাৰ্থনা সভাত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে তেওঁলোকে একাধিক বিস্ফোৰণৰ শব্দ শুনিছিল, যাৰ পিছত জুই লাগিছিল।
ছলমান খান আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এটা ভিডিঅ’ অনুৰাগীৰ মাজত সৃষ্টি কৰিছে আলোড়নৰ৷ ছৌদি আৰৱত অনুষ্ঠিত হৈ থকা এম এম এ মেচৰ সময়ত এই দুয়োগৰাকী চেলিব্ৰিটিক দেখা পোৱা গৈছিল একেলগে। আচলতে শেহতীয়াকৈ ছৌদি আৰৱত টাইছন ফিউৰি আৰু ফ্ৰান্সিছ ঙানুৰ মাজত এম এম এ মেচ হৈছিল, য’ত বহু চেলিব্ৰিটিক দেখা গৈছিল। ইয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ছলমান খানৰ কাষত বহি থকা দেখা গৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্রেয়সী জর্জিনা ৰড্ৰিগেজ৷
এই ভিডিঅ’টোৰ পিছত ছলমান আৰু ৰোনাল্ডোক একেটা ফ্ৰেমত দেখা পাই আনন্দত আত্মহাৰা অনুৰাগী।
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ছলমান খান বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ৰ বাবে চৰ্চাত আছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, যাৰ বাবে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি দেখা গৈছে।
২০২৪ বৰ্ষৰ অক্টোবৰত চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত।
জোনাই পবা খেলপথাৰত অনুষ্ঠিত “ মিচিং অলিম্পিক২০২৩” ৰ শুক্ৰবাৰে নিশা সফল সামৰণি পৰে। এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজব্যৱস্থা গঢ় দিয়াৰ লগতে মিচিং সমাজৰ পৰা একোজন সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় মিচিং অলিম্পিক ২০২৩। মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক যুৱতীক ক্ৰীড়া ক্ষেত্ৰতখনত সহায় হোৱাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং জাতীয় ছাত্ৰ সংগঠন টিএমপিকেয়ে। বুধবাৰৰ পৰা শুভাৰম্ভ হোৱা মিচিং অলিম্পিকত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ ; হাই জাম্প, লং জাম্প, জেৱলিন, চটফুট, আৰ্চাৰি, মাৰাথন দৌৰ ,দগদিগ( পেং), ৫০ মিটাৰ সাতুৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰা কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল প:ল গ্ৰাউণ্ড পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয়৷ মিচিং অলিম্পিক এই বছৰৰ পৰা প্ৰত্যেক বছৰত অব্যাহত ৰখাৰ উদ্দেশ্যে আয়োজন কৰা মিচিং অলিম্পিকৰ টিমচঙ (দলৰ গান) টাউকাণ্ডো প্ৰৰ্দশন, বিভিন্ন মিচিং জনগোষ্ঠীয় নৃতৰে দৃষ্টিনন্দন কাৰ্যসূচী গ্ৰহণ কৰা হয়।প্ৰতিযোগিতাত অসমৰ ১৫ খন সাংগঠনিক জিলাৰ বিভিন্ন প্ৰান্তৰ ১৬ শ খেলুৱৈয়ে অংশগ্রহণ কৰে। উল্লেখ্য যে আগন্তুক ২০২৪ চনত অক্টোবৰ মাহত চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত হব বুলি জানিব দিয়ে টাকাম মিচিং পৰিণ কৌবাঙৰ সভাপতি তিলক দলে আৰু সম্পাদক সম্পাদক চান দঃঞিঃ পাংগিঙে ৷
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত মিচিং অলিম্পিকত ১৬ আৰু ১৯ বছৰৰ অনুৰ্ধ্বৰ যুৱক যুৱতীয়ে নিজৰ ক্ৰীড়া প্ৰতিভা সমূহ প্ৰদৰ্শন কৰি মিচিং অলিম্পিকৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জাতিটোৰ লগতে নিজৰ সুনাম কঢ়িয়াই আনিব পাৰে এই মূল মন্ত্ৰৰে আয়োজন কৰা প্ৰথম মিচিং অলিম্পিকত মাজুলী জিলাই ১১ সোন, ৬ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৪ টা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে মাজুলী জিলাই শীৰ্ষস্থান দখল কৰে। আনহাতে, ধেমাজি ৮ সোন, ৫ ৰূপ, ৮ টা ব্ৰঞ্জৰ পদক মঠ ২১ টা পদক অৰ্জন কৰি দ্বিতীয় স্থান, শিৱসাগৰ জিলাই ৪ টা সোন, ৬ ৰূপ, ৪ টখ, ব্ৰঞ্জ পদক আৰু লক্ষীমপুৰ জিলাই ৫ টা সোণ, ৩ টা ৰূপ, ৬ টা ব্ৰঞ্জৰ পদক মুঠ ১৪ টা পদক অৰ্জনেৰে তৃতীয় স্থান দখল কৰে৷ ইফালে জোনাই জিলাই ২ টা সোণ, ৯ টা ৰূপ, ৩ টা বঞ্জ পদক ঢকুৱাখনা জিলাই ২ টা সোন, ১ ৰূপ, ১ টা ব্ৰঞ্জৰ পদক, চিলাপথাৰ জিলাই ২ টা সোন, ৪ টা ৰূপ, ২ ব্ৰঞ্জৰ পদক শোনিতপুৰ জিলাই ১ সোন, ৩ টা ৰূপ, ৩ টা ব্ৰঞ্জৰ পদক, তিনচুকীয়া জিলাই ১ টা সোন, ১ ৰূপ, ১টা ব্ৰঞ্জৰ পদক,যোৰহাট জিলাই ৩ টা সোন, ১ ৰূপ শদিয়া জিলাই ১ টা ব্ৰঞ্জৰ পদক আৰু বিহপুৰীয়া জিলাই ১ টাব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়৷
শুক্ৰবাৰে আবেলি বিভিন্ন খেলত বিজয়ী হোৱা খেলুৱৈসকলক পুৰস্কাৰ আৰু মানপত্র বিতৰণ কৰা অনুষ্ঠানত সদৌ অসম ছাত্র সস্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই উপস্থিত থাকি মিচিং অলিম্পিকত অংশগ্ৰহণকাৰী অসমৰ বিভিন্ন সাংগঠনিক খেলুৱৈসকলে কৰা উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। মিচিং অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৱেই একোগৰাকী চেম্পিয়ন বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বিধায়ক ভূৱন পেগুৱে কয় মিচিং সমাজৰ ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত মিচিং অলিম্পিক জৰিয়তে আমাৰ মিচিং গাৱ সমূহত সোমাই থকা বহু প্ৰতিভা থকা খেলুৱৈয়ে ওলাই আহি বহুত ভাল খেল প্ৰৰ্দশন কৰিছে গতিকে আগলৈ যদিহে ভাল চুইমিংপুল লগতে গাৱসমূহত খেলাৰ পৰিবেশ এটা দিও তেন্তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয় কৰিব পৰা বহু প্ৰতিভা থকা খেলুৱৈ ওলাব আৰু নতুনকৈ হিমা দাস লাভলীনা ওলাব বুলি মন্তব্য কৰে৷ইয়াৰ উপৰিও একাংশ নতুন প্ৰজন্মই ড্ৰাগছ,ভাং আদিৰ দৰে বিভিন্ন মাদক দ্ৰব্য সেৱন কৰি নিঃশেষ হ’ব ধৰা সময়তে টি এম পি কে ই এই মিচিং অলিম্পিকে তেনে কাৰ্যৰ পৰা সেই সকল নৱ প্ৰজন্মক আতৰাই ৰখি প্ৰতিভাৱান নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিব বুলি মন্তব্য কৰে।
আমি সকলোৱে বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, কিন্তু পেটৰ সমস্যাৰ কাৰণ কি জানেনে। বদহজম এটা অতি সাধাৰণ সমস্যা যাৰ ফলত পেটত অস্বস্তি বা বিষ হয়। ইয়াৰ ফলত প্ৰায়ে পেট ফুলা, কোষ্ঠকাঠিন্য, বমি আৰু গেছৰ সৃষ্টি হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই সকলোবোৰ সমস্যাৰ কাৰণ কি? আজি আমি আপোনালোকক পেট বিষৰ ১০ টা কাৰণৰ বিষয়ে জনাম-