Home Blog Page 1284

ঢেকীয়াজুলিত দেৱীৰ বিসৰ্জনকলৈ ব্যাপক আনন্দ…

সমগ্ৰ দেশৰ  অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰতিখন পূজা সমিতিয়ে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে। সেই উদ্দেশ্যৰে মঙলবাৰে ঢেকীয়াজুলিত অজস্ৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

সমান্তৰালভাৱে দেৱীৰ বিসৰ্জনকলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত দেখা গ’ল ব্যাপক আনন্দৰ পৰিবেশ। ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন দুৰ্গাপূজা উদ্‌যাপন সমিতিয়ে ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ সমদলেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ বেলশিৰি নদীলৈ লৈ যায়।

হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে দেৱীৰ বিসৰ্জন স্থলীত।
-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি

ব্যাপক আনন্দ উল্লাসৰ মাজেৰে দেৱী দুৰ্গাক বিসৰ্জন বৰপেটাৰোডত

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডতো মঙলবাৰে ব্যাপক আনন্দ উল্লাসৰ মাজেৰে দেৱী দুৰ্গাক বিসৰ্জন কাৰ্যসূচী সুকলমে সম্পন্ন হৈ যায়।

বৰপেটাৰোড আৰু ইয়াৰ আশেপাশে থকা পূজা মণ্ডপৰ দেৱী দুৰ্গাক সৰুবৰ বাহনেৰে কঢ়িয়াই আনি মৰা মানাহত বিসৰ্জন দিয়ে৷ শাৰদীয় দুৰ্গা পূজাৰ বিগত দিন কেইটাত বৰপেটাৰোডত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

দেৱী বিসৰ্জনৰ দিনাও বৰপেটাৰোডত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে বৰপেটাৰোড আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ বৰপেটাৰোডৰ আৰক্ষীৰ সহযোগত বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰৰ মৰা মানাহত ভক্তপ্ৰাণ ৰাইজে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে ৷

-আমিনুল হক, বৰপেটা ৰোড

পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ছাগলী চোৰৰ সন্দেহত ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ…

শিৱসাগৰৰ নামতিয়ালত মৰেল পুলিচিঙৰ ঘটনা।


৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ।


যুৱকত্ৰয়ক ছাগলী চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

এতিয়া অলিয়ে-গলিয়ে উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ; পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ।

অলিয়ে-গলিয়ে এতিয়া উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ।

বঙাইগাঁও জিলাৰ লেংটিছিঙাত আটক ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী লেংটিছিঙাৰ পাখাকাটাৰ আনিছুৰ খান‌ বুলি জানিব পৰা গৈছে।

লেংটিছিঙা বজাৰত ঘূৰি থকা অৱস্থাত স্থানীয় ৰাইজৰ যুৱকজনৰ ওপৰত সন্দেহ ওপজাত লেংটিছিঙা আৰক্ষী নিৰীক্ষণ চকীত খবৰ‌ দিয়ে আৰু পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে সহকাৰী কাৰ্যবাহী দণ্ডাধীশ, উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াও উপস্থিত হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে তিনিটা কন্টেইনাৰ সহ ছিৰিঞ্জ আৰু এটা মোবাইল জব্দ কৰে।

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষী চকী লৈ লৈ আনে।

-ইনামুল আহমেদ, অভয়াপুৰী

মোনাবাৰী নৱনিৰ্মিত টোল গেটত উদণ্ড যুৱকৰ তাণ্ডৱ

নিশাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত একাংশ যুৱকৰ উদ্ভণ্ডালি আক্ৰমণত আহত হয় কেইবাজনো শ্ৰমিক।
জানিব পৰা মতে বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মোনাবাৰীত একাংশ যুৱকে মদ্যপান কৰি টোল গেটত কৰ্মৰত কৰ্মচাৰী তথা শ্ৰমিকক আক্ৰমণ কৰা ফলত কেইবাজনো শ্ৰমিক আহত হয়।


উল্লেখযোগ্য যে মোনাবাৰীত নিৰ্মাণ কাৰ্য চলি থকা টোল গেটত থকা কেইজনমান শ্ৰমিক তথা কৰ্মচাৰীক সোমবাৰে নিশা প্ৰায় ১২ মান বজাত কোনো কাৰণ নোহোৱাকৈ টোল গেটৰ কৰ্মচাৰী কেইজনক বিভিন্ন অশ্লীল ভাষাৰে গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে শ্ৰমিক কেইজনক আক্ৰমণ কৰে মদ্যপান কৰি অহা যুৱকৰ দলটোৱে।


অৱশ্যে ঘটনাৰ খবৰ পাই ঘটনা স্থলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে।

হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈঃ শিৱাণু বৰা

বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ যোৱা ২৪ অক্টোবৰত ( ২০২৩ ) দিনৰ ২ বজাত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১২ অক্টোবৰৰ পৰা নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত ভেণ্টিলেটৰত আছিল সাংবাদিকগৰাকী । অৱশেষত ১১ দিন চিকিৎসাধীন হৈ থকাৰ পিছত ২৪ অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ ।

১৯৭৬ চনৰ পৰা সাংস্কৃতিক সাংবাদিকতাৰ সৈতে জড়িত হৈ মৃত্যুৰ পূৰ্বলৈকে সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনতেই তেওঁ জড়িত হৈ আছিল । ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিস্থাপক সভাপতি আছিল অৰুণলোচন দাস । মৃত্যুৰ পূৰ্বলৈকে সন্থাৰ উপদেষ্টা আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী । অসমৰ প্ৰায় সকলোবোৰ কাকত, আলোচনীত বিগত চাৰিটা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন বাৰ্তা, সমালোচনা লিখি আহিছিল অৰুণলোচন দাসে । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত ‘চিত্ৰ সংবাদ’ কাকতখনৰ তেওঁ সহযোগী সম্পাদক আছিল । অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনাকে ধৰি বিভিন্ন শিল্পীৰ জীৱনী সন্নিবিষ্ট ‘লাইমলাইট ডাইৰেক্টৰী’ৰ স্ৰষ্টাও আছিল অৰুণলোচন দাস । ১৯৯৬ চনৰ পৰা নিয়মীয়াকে তেওঁ প্ৰকাশ কৰি আছিল ‘লাইমলাইট ডাইৰেক্টৰী’ ।

অসমীয়া ছবিৰ বিভিন্ন বিষয়ক লৈ ভালেসংখ্যক গ্ৰন্থও তেওঁ লিখিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত’ গ্ৰন্থখন আছিল অন্যতম । দুটাকৈ খণ্ডত প্ৰকাশ পাইছিল এই গ্ৰন্থখন । ‘শ্বুটিং ৰিপ’ৰ্ট’, ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’, ‘কি নাম দি মাতিম’, ‘অসমীয়া চলচ্চিত্ৰ ( ১৯৩৫ – ১৯৯১ )’, ‘অসমীয়া চিনেমাৰ কথা’, ‘অসমৰ সুৱদীসুৰীয়া গীত’ আদি আন কেইখনমান তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ আছিল । অৰুণলোচন দাসৰ ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত’ গ্ৰন্থখনিয়ে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ‘ৰাইজক সাৱটিম কন্ঠৰ সুৰেৰে’ নামেৰে জয়ন্ত হাজৰিকাৰ গীতৰ এখন সংকলনো তেওঁ প্ৰকাশ কৰিছিল । অসমীয়া চলচ্চিত্ৰৰ বুৰঞ্জী এখন লিখাৰ পৰিকল্পনাও তেওঁ শেহতীয়াকৈ কৰিছিল যদিও সেই কাম আৰম্ভ কৰাৰ পূৰ্বেই তেওঁ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’ কিতাপখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল অৰুণলোচন দাসে । ৰাজ্য চৰকাৰৰ সাংবাদিক পেন্সনো লাভ কৰিছিল অৰুণলোচন দাসে ।


১৯৫৪ চনৰ ২৯ মে’ত গুৱাহাটীৰ উজানবজাৰত জন্মগ্ৰহণ কৰিছিল অৰুণলোচন দাসে । ১৯৭৬ চনত আৰতি দাস বৈৰাগীৰ ‘জোনবিৰি’ আলোচনীখনৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা দাসে ১৯৭৯ চনত ‘ৰূপকাৰ’ আলোচনীখনৰ যোগেদি চলচ্চিত্ৰ সাংবাদিকতাত জড়িত হৈ পৰে । ৮০ দশকত তেওঁ ‘কাদম্বিৰি’ নামৰ এখন সাংস্কৃতিক মাহেকীয়া আলোচনী সম্পাদনা কৰিছিল । জীৱনৰ ২৫ বছৰ বয়সতে, ১৯৭৯ চনত প্ৰকাশ পোৱ বহুৰঙী অফচেটত মুদ্ৰিত প্ৰথমখন চলচ্চিত্ৰ আলোচনী ‘অৱকাশ’ৰ সম্পাদনাৰ সৈতে জড়িত আছিল অৰুণলোচন দাস । ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে দুটা বছৰ তেওঁ ‘চিত্ৰ সংবাদ’ৰ সহযোগী সম্পাদক আছিল ।

১৯৭৯ চনত তেওঁ নিজে ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিছিল । এই সংস্থাটিৰ বেনাৰতেই ১০০ খনৰো অধিক ছবিৰ তেওঁ প্ৰচাৰৰ ডিজাইন কৰিছিল । অসমৰ এনে এগৰাকী শিল্পী নাই, যাৰ বিষয়ে তেওঁ কাকত- আলোচনীত নিলিখাকৈ থকা নাই । হেজাৰজনক লাইমলাইটলৈ আনিছিল অৰুণলোচন দাসে । অসমীয়া চিনেমা আৰু শিল্পীৰ মৃত্যুৰ আগলৈকে তেওঁ প্ৰচাৰ – প্ৰসাৰ কৰি গৈছিল । সাংস্কৃতিক সাংবাদিকতাত নিজৰ জীৱন উৎসৰ্গা কৰা অৰুণলোচন দাস এজন সহজ সৰল আৰু নিৰহংকাৰী ব্যক্তি আছিল । নিৰোদ চৌধুৰী, ড° ভূপেন হাজৰিকা, ড° ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, পৱিত্ৰ কুমাৰ ডেকা, শিৱ প্ৰসাদ ঠাকুৰ, পুলক গগৈ, নিপন গোস্বামী, বিজু ফুকন, ইভা আচাও, ইলা কাকতি, প্ৰশান্ত হাজৰিকা, জয়ন্ত হাজৰিকা, উপেন কাকতি, জনছ মহলীয়া, গৌৰী বৰ্মন, খগেন মহন্ত, বীৰেন্দ্ৰ নাথ দত্ত আইদেউ সন্দিকৈ আদি সাংস্কৃতিক জগতৰ খ্যাতিমান ব্যক্তিৰ সৈতে মধুৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ সাংস্কৃতিক কৰ্মৰাজিৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছিল ।

পুলক গগৈৰ পৰিচালিত ‘সাদৰী’ ছবিৰ আছিল সহকাৰী পৰিচালক। ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰায়কেইখন ছবিৰ লগত প্ৰচাৰ সচিব হিচাপে জড়িত আছিল । অসমীয়া চিনেমাৰ দৃশ্যগ্ৰহণৰ লোকেছনত গৈ শ্বুটিং চাই ৰিপ’ৰ্ট লিখিছিল বিস্ময়, ৰহস্য, মায়া, ৰংঘৰ, ৰূপকৰ, আমাৰ প্ৰতিনিধি, অসম বাণী, দৈনিক অসম, নতুন দৈনিক, আজিৰ অসম, আমাৰ অসম, আজিৰ বাতৰি, ৰংপুৰ, সাদিন আদি সকলো কাকত – আলোচনীত । নগাঁৱৰ ৰহা, হাৰিয়ামুখ নিবাসী প্ৰয়াত শিশুৰাম দাস আৰু শশীপ্ৰভা দাসৰ সাতটি সন্তানৰ চতুৰ্থ সন্তান আছিল অৰুণলোচন দাস । অসমৰ চিত্ৰ সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা ভাৰত চৰকাৰৰ পৰ্য্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কমললোচন দাস তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু ভালেকেইখন অসমীয়া চলচ্চিত্ৰৰ প্ৰডাকচন কন্ট্ৰলাৰ ৰাজীৱলোচন দাসৰ লগতে সাংবাদিক – সাহিত্যিক তথা শিশু সাহিত্যত সাহিত্য অকাডেমি বঁটাপ্ৰাপক যুগললোচন দাস তেওঁৰ দুজন ভাতৃ । দুগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক আছে তেওঁৰ ।

স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল মঙলদৈত । কলেজৰ ডিগ্ৰী লাভ কৰিছিল গুৱাহাটীত । উজানবজাৰৰ জাহাজঘাটত ভালেমান বছৰ থকাৰ পিছত অনিল নগৰৰ তেওঁ স্থায়ী বাসিন্দা হয় । সৰুৰে পৰা তেওঁ ঘৰতে সাহিত্য – সাংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ পাইছিল । স্কুলীয়া জীৱনত নাটকতো অভিনয় কৰিছিল । ১৯৯২ চনত তেওঁ নগাঁৱৰ জোনালী দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান তিতিক্ষা দাসৰ ভৰলুমুখৰ উদীপ্ত দাসৰ সৈতে যোৱা নৱেম্বৰ মাহত বিবাহ হৈছিল । অৰুণলোচন দাসৰ বিয়োগ অসমৰ সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি ।

“এতিয়া চিনেমাৰ শ্বুটিং ৰিপ’ৰ্ট আনিবলৈ কোন যাব ?” — ২৪ অক্টোবৰৰ সন্ধিয়া অৰুণলোচন দাসক শ্ৰদ্ধাঞ্জলি জনাই বহুজনে হুকহুকাই কান্দি কৈছিল এইদৰে । সঁচাকৈয়ে, শ্বুটিং ৰিপ’ৰ্ট আনিবলৈ আৰু কেতিয়াও ক’লৈকো যাত্ৰা নকৰে অৰুণলোচন দাসে, শ্বুটিং ৰিপ’ৰ্ট লিখিবলৈ আৰু কেতিয়াও কলম নচলে অৰুণলোচন দাসৰ । স্তব্ধ হৈ গ’ল চিনেমাৰ লেখনিৰ সেই কলম । জীৱন স্তব্ধ হৈ গ’ল, কিন্তু অজস্ৰ লেখা আৰু গ্ৰন্থই চিৰদিনলৈ জীয়াই ৰাখিব অৰুণলোচন দাসক ।

জাপানক অতিক্ৰম কৰি ২০৩০ চনৰ ভিতৰত এছিয়াৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ভাৰত

বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি ভাৰতে জাপানক অতিক্ৰম কৰি ২০৩০ চনৰ ভিতৰত ৭.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ জিডিপিৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে বুলি এছ এণ্ড পি গ্ল’বেল মাৰ্কেট ইনটেলিজেন্সে পিএমআইৰ শেহতীয়া সংখ্যাত প্ৰকাশ কৰিছে।


২০২১ আৰু ২০২২ চনত দুবছৰীয়া দ্রুত অর্থনৈতিক বিকাশৰ পাছতো ২০২৩ চনৰ কেলেণ্ডাৰ বর্ষৰ ভিতৰত ভাৰতীয় অর্থনীতিয়ে স্থায়ী শক্তিশালী বৃদ্ধিৰ প্রদর্শন অব্যাহত ৰাখিছে৷

২০২৪ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৬.২-৬.৩ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো এই বিত্তীয় বৰ্ষত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এছিয়াৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ৭.৮ শতাংশৰ তাৰকাময় বৃদ্ধি পাইছে।

মেদবহুলতা, ৰক্তহীনতা, হাপানী আদি বিভিন্ন ৰোগ নিৰাময়ত মৌৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে…

*কৌষ্ঠকাঠিন্য,

*নিদ্ৰাহীনতা,

*ৰক্তহীনতা,

*হাপানী

ৰঙ বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে অশেষ কষ্টেৰে এই অমৃৎস্বৰূপ ‘মৌ’ বা ‘মধু’ তৈয়াৰ কৰে। সোৱাদত মিঠা এই মৌৰ বহুতো চমৎকাৰী গুণ আছে।

প্ৰিয়জনৰ মুখৰ মিঠা মাতষাৰক ‘মৌ সনা মিঠা মাত’ বুলি ৰিজনী দি কোৱা কথাষাৰেই ইয়াৰ গুৰুত্ব সুন্দৰকৈ বুজাই দিয়ে।

‘মৌ’ শব্দটো ইমানেই মিঠা যে বিদেশত প্ৰিয়জনক মৰমেৰে ‘Honey’ বুলি মতা হয়।

অতীতৰে পৰা শিশুক মৌ চেলেকাই দিয়া পৰম্পৰা চলি আহিছে। কান্দি থকা শিশুৰ জিভাত মাত্ৰ অকনমান মৌ চেলেকাই দিলে তৎক্ষণাত কান্দোন বন্ধ হৈ যায়।

কেঁচুৱাৰ জিভা চাফা কৰোতেও মৌ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ গৰ্ভৱতী স্ত্ৰীক পঞ্চামৃত খুৱাওঁতেও মৌ ব্যৱহাৰ কৰা হয়।

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত মধু বা মৌৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি মাক্ষিকা, ভ্ৰামৰ আদি কেইবাপ্ৰকাৰৰ মধু আছে।

প্ৰত্যেকবিধ মৌৰ গুণাগুণ বেলেগ আৰু ভিন ভিন চিকিৎসাত ব্যৱহৃত হৈছিল।

মৌৱে ত্ৰিদোষ (বাত, পিত্ত, কফ) সাম্য অৱস্থাত ৰাখে। বহু আয়ুৰ্বেদিক ঔষধৰ লগত মৌক অনুপান (as an adjuvent) হিচাবে খাবলৈ দিয়া হয়।

ই ঔষধৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

ইয়াৰ উপৰিও-

*মেদবহুলতা,

*কৌষ্ঠকাঠিন্য,

*নিদ্ৰাহীনতা,

*ৰক্তহীনতা,

*হাপানী আদি বিভিন্ন ৰোগ নিৰাময়ত মৌৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়।

বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে।

ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ হাৰ্বেল টিত মৌ মিহলাই খোৱাটো এটা ফেশ্যনো হৈ পৰিছে।

তদুপৰি সৌন্দৰ্য্য চর্চাতো মৌ ব্যৱহাৰ হয়। ছালৰ বাবে ক্লিনজাৰ, টনাৰ (toner), মইচাৰাইজাৰ (moisturiser), মাস্ক হিচাবে বা চুলিৰ কণ্ডিচনাৰ হিচাবেও মৌৰ ব্যৱহাৰ হয়।

বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাওঁতেও মৌৰ ব্যৱহাৰ হয়।

*গ্লুকজ,

*ফ্ৰুক্টজ,

*প্ৰটিন,

*আইৰণ,

*কেলচিয়াম,

*এমিন’ এচিড,

*এনজাইম আৰু

*বিভিন্ন এন্টিঅক্সিডেন্ট সমৃদ্ধ মৌ অজস্ৰ গুনেৰে ভৰপূৰ।

মুছলমান যুৱক সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ

‘‘আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমান যুৱকৰ। মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। চুৰি, ডকাইতি, লুটপাতৰ ঘটনাত এক নম্বৰত আছে মুছলমান।’’- এনেদৰে কেইদিনমান পূৰ্বে মুছলমান যুৱকক লৈ বিতৰ্কিত মন্তব্য কৰিছিল সাংসদ বদৰুদ্দিন আজমলে।

দেওবাৰে গোৱালপাৰাৰ দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ মুকলি সভাত সাংসদগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল।

আজমলৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মঙলবাৰে সাংসদগৰাকীৰ বিৰুদ্ধে খাৰুৱাবান্দা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান বাপ্পীয়ে। এজাহাৰ দাখিল কৰাৰ পাছতে সাংসদগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে কংগ্ৰেছী নেতাগৰাকী।

নাজিৰাৰ বশিষ্ট গংগা খ্যাত দিখৌ নদীৰ বুকুত বিসৰ্জন দূৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতীমা…

বহু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আজি নাজিৰা মহকুমাৰ নগৰৰ মাজমজিয়াত থকা বশিষ্ট গংগা খ্যাত দিখৌনৈৰ ঘাটত বিসৰ্জন দিয়া হয় কেবাজনাও দুৰ্গতিনাশিনী দেৱী দুৰ্গা প্ৰতিমাৰ । নাজিৰা মহকুমাৰ প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলী পালন কৰি সকলো আয়োজন সমিতিয়েই বিসৰ্জন দিয়ে প্ৰতিমা সমুহ । প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনৰ ফালৰ পৰা নাজিৰা দিখৌ নৈৰ পাৰ ঘাটত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান , দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগ মোতায়ন কৰা হয়।

বৃহত্তৰ নাজিৰা মহকুমাৰ লিগিৰী পুখুৰী , নাজিৰা ষ্টেচন তিনিআলিৰ , নাজিৰা গেলেকী তিনিআলিৰ , নাজিৰা মিলন মন্দিৰ , নাজিৰা পূজা মন্দিৰ ,মেজেঙ্গা, নাজিৰা অ’এন জি চি আৱাসিক অঞ্চল , নাজিৰা চাৰিআলিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিমা সমুহ ধৰ্মীয় পৰম্পৰাৰে বিসৰ্জন দিয়া হয় । এই বাৰ নাজিৰা মহকুমাৰ সকলো স্থানতে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে দূৰ্গা পূজা আটাইকেইটা দিন পাৰ হয়। আজিৰ দেৱীৰ বিৰ্সজনস্থলীত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ কিছু সময়ৰ বাবে উপস্থিত থাকে।