হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গাপূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।
পৌৰাণিক উপাখ্যান
কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেৱী-প্ৰতিমা, ব্ৰহ্মবৈবৰ্ত পুৰাণ ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই[1]