Home Blog Page 1315

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং…

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী! ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত এতিয়ালৈকে অনুষ্ঠিত হোৱা খেলসমূহত খালী ষ্টেণ্ড দেখা গৈছে। ভাৰত বনাম অষ্ট্ৰেলিয়া খেলতো বহুতো খালী চকী দেখা গৈছিল। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখনত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত খালী আসনও দেখা গৈছিল।

ইয়াৰ পূৰ্বে, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ উদ্বোধনী খেলখনত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰায় আধা খালী ষ্টেডিয়াম দেখা গৈছিল। পিছত, বাংলাদেশ বনাম আফগানিস্তান খেলৰ বাবে ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামৰ লগতে দিল্লীত দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা সংঘৰ্ষতো খালী ষ্টেডিয়াম দেখা গৈছিল। অৱশ্যে, ৰাতি অনুৰাগীসকলে বেছিভাগ আসন দখল কৰিছিল।

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি…

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি। আজিৰে পৰা নাজিৰাৰ আঠখেল খেলপথাৰত মহিলাৰ বাবে ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আঠখেল লিঅ’ ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধ তাৰ সহযোগত ১৫ দিনৰ বাবে এই প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। ১০ বছৰ উৰ্ধৰ আৰু ১৮ বছৰ অনুৰ্ধ্ব প্ৰায় ৭৩ গৰাকী যুৱতীয়ে এই ফুটবল প্ৰশিক্ষণ শিবিৰত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰত যদি ইছ্যুক যুৱতীয়ে প্ৰশিক্ষণ লব বিচাৰে তেন্তে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে। আজিৰ এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা কাৰ্য্যসূচীত ভালে কেইজন সচেতন, সামাজিক আৰু ক্ৰীড়াৰ লগত জড়িত ব্যক্তি সকল উপস্থিত থাকে। উপস্থিত থাকে গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰ, গেলেকী আৰক্ষী থানাৰ উপ পৰিদৰ্শক টুনীৰাম বৰুৱা,তেল আৰু প্ৰাকৃতিক গেছ নিগম গেলেকী তৈল ক্ষেত্ৰৰ জি জি এছ থ্ৰীৰ এৰিয়া মেনেজাৰ শান্তনু মেঢক আৰু লিঅ’ ষ্টাৰ ক্লাবৰ কৰ্মকৰ্তা সকল।

বিহাৰৰ লেখীয়াকৈ ৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে…

কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এনে সময়তে কেইবা খনো ৰাজ্যৰ জনতাই জাতিগত লোক পিয়ল বিচাৰি থকাৰ সময়তে কংগ্ৰেছে এই বিষয়টোক এইবেলি নিৰ্বাচনী অস্ত্ৰ হিচাবে গ্ৰহণ কৰিছে। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে জাতিগত লোকপিয়ল সম্পন্ন কৰাৰ পিছত এইবাৰ কংগ্ৰেছে বিহাৰৰ দৰেই কেইবাখনো ৰাজ্যত জাতিগত জৰীপৰ প্ৰতিশ্ৰুতি দিছে। সেইমৰ্মে কংগ্ৰেছেৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ছত্তীশগড়ত এক ৰেলী সম্বোধন কৰি ৰাজ্যখনত জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও দলটো ৰাজ্য খনত পুনৰ ক্ষমতালৈ আহিলে জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখ্য বিহাৰ চৰকাৰে চলিত সপ্তাহৰ আৰম্ভণিতে ইয়াৰ জাতি জৰীপৰ তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতে জাতিগত লোকপিয়লৰ বাবে বিভিন্ন ৰাজ্যত উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলটোৰ ৰায়পুৰ অধিৱেশনত জাতিগত লোকপিয়লৰ পোষকতা কৰি কৈছিল যে কংগ্ৰেছে ইয়াৰ আধাৰত ইয়াত কৰিব। ৰাজস্থান চৰকাৰেও বিহাৰৰ দৰে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব বুলি গেহলটে ঘোষণা কৰে।

তেওঁ কয় যে জনসংখ্যা অনুসৰি জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবেই জাতিগত লোক পিয়লৰ পোষকতা কৰা হৈছে।তেওঁ কয় যে ৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে “মই ঘোষণা কৰোঁ যে যদি কংগ্ৰেছে ছত্তীশগড়ত পুনৰ চৰকাৰ গঠন কৰে, তেন্তে বিহাৰৰ দৰে, আমিও ৰাজ্যখনত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিম,”। উল্লেখ্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনমুখী ছত্তীশগড়ৰ কাঙ্কেৰত এক ৰাজহুৱা অনুষ্ঠানত এই ঘোষণা কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ “থলুৱা” মুছলমান উপ-গোটসমূহৰ আৰ্থ-সামাজিক জৰীপৰ কথা ঘোষণা কৰিছে। ইপিনে বিজেপিয়ে হিন্দুসকলক জাতিগত ভিত্তিত বিভাজন কৰিবলৈ বিৰোধীয়ে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী দলবোৰে ইয়াক জাতিৰ ভিত্তিত বিজেপিৰ ভোট বেংক ভাঙিবলৈ এটা সুযোগ হিচাপে গ্ৰহণ কৰিছে।

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ তিনিকুৰিৰোধিক পৰিয়ালৰ বাসগৃহ : পৌৰ নিৰ্বাচনৰ প্ৰাকমূহুত্বত দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই…

ঐতিৰ্যমণ্ডিত নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলকে ধৰি কুমাৰ গাওঁ , চানবছা , সন্দিকৈ , কমাৰ গাওঁ, বাউলী মৈদাম , সোন্দৰ পুখুৰী আদি এলেকাৰ শতাধিক পৰিয়ালৰ ঘৰ – দোৱাৰ , কৃষি ভূমি দিখৌ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে । অৱশিষ্ট যি কেইটা পৰিয়ালৰ গৃহ , কৃষি ভূমি বাকী আছে সেইসমূহো দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । ক্ষতিগ্ৰস্ত পৰিয়ালে জীৱন আৰু সম্পত্তি ৰক্ষাৰ আশংকাত পৰি সামৰ্থৱান লোক কেইঘৰ মানে অন্য স্থানত মাটি ক্ৰমে কৰি ঘৰ সাজি বসৱাস কৰিছে যদিও শ শ পৰিয়াল এতিয়াও ভয়াৱহ জীৱন – যাপন কৰিব লগাত পৰিছে । চৰকাৰে ভূমিহীন আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে বহু সময়ত বহু আচঁনি গ্ৰহণ কৰি বাচকবণীয়া পৰিয়ালক সংস্থাপিত কৰিছে যদিও নাজিৰা সমষ্টিৰ এই সমূহ পৰিয়ালৈ দৃষ্টি নিক্ষেপ কৰিবলৈ আহৰি পোৱা নাই । বিগত পৌৰসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত জলসম্পদ আৰু বাননিয়ত্ৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাই নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি অঞ্চলটোৰ প্ৰায় তিনিকুৰিৰোধিক পৰিয়াল দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম দেখা পাই এই পৰিয়াল সমূহক এসপ্তাহৰ ভিতৰত তথা পৌৰ নিৰ্বাচনৰ পিছতে অন্য স্থানত ভূমি আৱণ্টনেৰে পুনৰ সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই প্ৰতিশ্ৰতি পাই এক নং ৱাৰ্ডৰ নাগৰিকে কোনো যোগ্যতা বিবেচনা নকৰি বি জে পিৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰায় ।

কিন্তু চৰম পৰিতাপৰ বিষয় নাজিৰা পৌৰসভা বি জে পি দলৰ দখললৈ অহাৰ পিছত আজি দুটা বছৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি পাহৰিলে । পুনৰ সংস্থাপিত কৰাটো দূৰৰে কথা অঞ্চলটোৰ দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবেও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । স্থানী যা ৰাইজে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু দিখৌৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক আবেদন – নিবেদন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই । অৱশেষত সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেৰ্তৃত্বত এটা সজাতি দলে ওপৰ নাজিৰা অঞ্চল পৰিভ্ৰমণ কৰে আৰু অনুসূচীত জাতিৰ এই লোক সকলক নদীৰ বুকুত জাহ যাবলৈ এৰি দিয়া তথা মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰম ব্যৰ্থ হোৱাত আক্ষেপ প্ৰকাশ কৰে । চলিত সপ্তাহৰ ভিতৰত ওপৰ নাজিৰা অঞ্চলৰ এই দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ লগতে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদে জনগণৰ জীৱন – সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে।

বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ সংচিত্ৰ মুকলি…

নতুন প্ৰজন্মক প্ৰকৃতিৰ উপাদানসমূহ চিনাকী কৰি দিয়াৰ এক পদক্ষেপ। প্ৰথম পদক্ষেপ হিচাপে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ প্ৰথমখন সংচিত্ৰ মুকলি।

পু এন ফ’ ৱাইল্ডৰ হৈ মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া, বিমান সন্দিকৈ আৰু ধৰ্মেশ্বৰ নাথে প্ৰস্তুত কৰা সংচিত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক ইন্দিবৰ বুঢ়াগোহাঞি আৰু বিশিষ্ট কবি জয়চন্দ্ৰ হাজৰিকাই।

ডংকামোকামত অমৃত কলহ যাত্ৰাৰ শুভ উদ্বোধন…

সমগ্ৰ দেশতে অমৃত কলহ যাত্ৰা কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থকাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামস্থিত ৰংখাং উন্নয়ন খণ্ডটো পাঁচটাকৈ পৰিষদীয় সমষ্টিক সামৰি অমৃত কলহ যাত্ৰাৰ শুভউদ্বোধন কৰা হয় ৷ ২০ নং বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ৰূপছিং টেৰনে ফিটা কাটি শুভউদ্বোধন কৰা এই বৰ্নাঢ্য কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ ৰংখাঙৰ খণ্ড উন্নয়ন বিষয়া ৰীতা ৰংহাপীয়ে আঁত ধৰা অনুষ্ঠানটিত অতিথিবৃন্দক কাৰ্বি প’হৰে সম্বৰ্ধনা জনোৱাৰ লগতে অমৃত কলহৰ যাত্ৰাবাহক ক্ৰমে টুটু নিগম আৰু প্ৰভাত গগৈকো আঁদৰণি জনোৱা হয় ৷ ৰংখাং পৰিষদীয় সমষ্টি, বিথুং-ৰেংথামা পৰিষদীয় সমষ্টি, কপিলী পৰিষদীয় সমষ্টি, হামৰেণ পৰিষদীয় সমষ্টি, কপিলী পৰিষদীয় সমষ্টি আৰু আমৰেং পৰিষদীয় সমষ্টিৰ আই-মাতৃসকলে কঢ়িয়াই অনা নিজ নিজ অঞ্চলৰ মাটিসমূহ সানমিহলি কৰে জিলা আয়ুক্তা কৃষ্ণা বৰুৱা, বিধায়ক ৰূপছিং টেৰন আৰু জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙে ৷

ইয়াৰ পিছতেই ৰংখাং উন্নয়ন খণ্ডৰ অমৃত কলহৰ বাহক টুটু নিগমৰ হাতত কলহ দুটি অৰ্পণ কৰা হয় ৷ অহা ২৫ অক্টোবৰ তাৰিখে বিভিন্ন অঞ্চলৰ মাটিৰে পৰিপূৰ্ণ এই কলহটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে জিলা আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ আমৰি উন্নয়ন খণ্ড, চিন্ঠং উন্নয়ন খণ্ড, চ’ছেং উন্নয়ন খণ্ড আৰু হামৰেণ পৌৰসভাৰ পৰা দুটিকৈ মাটি পৰিপূৰ্ণ কলহেৰে সৰ্বমুঠ দহটা কলহ গুৱাহাটীলৈ পঠিওৱা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে আয়ুক্তা কৃষ্ণা বৰুৱাই ৷ দেওবাৰৰ এই অমৃত কলহ যাত্ৰাৰ শুভউদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্তা, বিধায়ক, জিলা বিজেপিৰ সভাপতিৰ ওপৰিও অতিৰিক্ত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ গুপ্তা, কাৰ্বি পৰিষদৰ বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণুকে ধৰি বিভিন্ন পৌৰসভাৰ অধ্যক্ষ প্ৰমুখ্যে ৰংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচ সহস্ৰাধিক মহিলা উপস্থিত থাকে ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ঠেলামৰাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। অসুখীয়া দেহাৰে দিন-হাজিৰা কৰি দৃষ্টিহীন পুত্ৰৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে এগৰাকী মাতৃয়ে…

ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা৷ আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে এই দৰিদ্ৰ পৰিয়ালটিক। অসুখীয়া দেহাৰে দিন হাজিৰা কৰি দৃষ্টিহীন পুত্ৰৰ সৈতে এটা সাধাৰণ গৃহত কোনোমতে জীৱন নিৰ্বাহ কৰিছে এগৰাকী মাতৃয়ে, নাম- হেম তাঁতি৷ জন্মৰ এবছৰৰ পিছতেই জটিল ৰোগত আক্ৰান্ত হৈছিল একমাত্ৰ পুত্ৰ দেৱ তাঁতি৷ দিন হাজিৰা কৰা পিতৃয়ে অৰ্থৰ অভাৱত পুত্ৰ দেৱ তাঁতিক চিকিৎসা কৰিব নোৱাৰাত এবছৰ পিছতেই দৃষ্টিহীন হৈ পৰে পুত্ৰ দেৱ তাঁতি৷ দুয়োটা চকুৰে দেখা নোপোৱা দেৱ তাঁতি আজি ২৮ বছৰীয়া ডেকা। কিছুদিন পূৰ্বে দেৱৰ পিতৃৰ বিয়োগ হোৱাত অসুখীয়া মাতৃ গৰাকীয়েই অতি কষ্টেৰে আনৰ ঘৰত কাম কৰি দৃষ্টিহীন পুত্ৰক কৰিছে এতিয়া প্ৰতিপালন ৷ আৰ্থিক অনাটনৰ বাবে দৃষ্টিহীন পুত্ৰক লৈ চিন্তিত হৈ পৰিছে মাতৃ গৰাকী৷ অভাৱ অনাটনৰ কথা চিন্তা কৰি প্ৰায়ে জুবিনৰ গীত, ভূপেন হাজৰিকাৰ গীত গায় ভালপোৱা সুন্দৰ কণ্ঠৰ এই গৰাকী দৃষ্টিহীন যুৱক দেৱ তাঁতিয়ে ইতিমধ্যে এৰিলে সংগীত চৰ্চা৷ গীত গাব দিলেও দেৱই আজিকালি নাগায় গীত৷ অতি দুখ আৰু পৰিতাপৰ কথা এইয়ে যে বামুনপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই দুৰ্ভগীয়া পৰায়ালটোক আজিলৈকে ঢুকি পোৱা নাই সততে উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি মিত্ৰজোট চৰকাৰৰ উন্নয়নমূলক আচনী সমূহে। এটা পানী পৰা সাধাৰণ গৃহত কোনোমতে মাতৃ-পুত্ৰই অতিবাহিত কৰিছে জীৱন।আজি পৰ্যন্ত বামুনপুখুৰী গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ দৃষ্টিত নপৰিল এই দুৰ্ভগীয়া পৰিয়ালটো।

আজিলৈকে পৰিয়ালটোৱে লাভ নকৰিলে এটা চৰকাৰী আবাস গৃহ৷ চৰকাৰী আৱাস গৃহৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও পৰিয়ালটোৱে পোৱা নাই কোনো সুফল। বিয়া দিয়া কণ্যা গৰাকীয়ে মাজে সময়ে আহি খবৰ লয়হি বৃদ্ধ মাতৃ আৰু দৃষ্টিহীন ভাতৃৰ৷ বিশেষ ভাৱে সক্ষম যুৱক গৰাকীয়ে চৰকাৰৰ পৰা বিগত এটা বছৰ ধৰি লাভ কৰা নাই এটকাও৷ যাৰ বাবে চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো৷ মানসিকভাৱে ভাগি পৰিছে দৃষ্টিহীন যুৱক গৰাকী ৷ এয়াই হৈছে সচৰাচৰ উন্নয়নৰ ঢাক ঢোল বজাই চমক দিব বিচৰা অসম চৰকাৰৰ কৰ্মৰ এখনি জীয়াছবি। যিয়ে প্ৰমাণ কৰিছে যে চৰকাৰী আঁচনিয়ে অসমৰ এনে দুৰ্ভগীয়া সকলো পৰিয়ালক ঢুকি পাইছে নে নাই।আগন্তুক সময়ত স্হানীয় বিধায়ক তথা পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে হ’ব লক্ষণীয় ৷

মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা, পেলেষ্টাইনক সমৰ্থন ইৰাণ, য়েমেন, ইৰাক, ছিৰিয়া আৰু কাটাৰৰ…

লেবাননৰ ইছলামিক প্ৰতিৰোধ আন্দোলন হিজবুল্লাই দখলদাৰী ইজৰাইলৰ ওপৰত পেলেষ্টাইনী মুক্তিকামী সংগঠন হামাছৰ আক্ৰমণক সমৰ্থন কৰি কয় যে পেলেষ্টাইনী প্ৰতিৰোধ সংগঠনৰ নেতাৰ সৈতে অহৰহ প্ৰত্যক্ষ যোগাযোগত আছে। সংগঠনটোৱে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে যোৱাকালিৰ বীৰত্বপূৰ্ণ কাৰ্যকলাপৰ বাবে সমগ্ৰ পেলেষ্টাইন জাতিক অভিনন্দন জ্ঞাপন কৰে। হিজবুল্লাই কয় যে এই অভিযান দখলদাৰী ইছৰাইল বাহিনীৰ আগ্ৰাসী কাৰ্যকলাপৰ প্ৰতি এক কঠোৰ বাৰ্তা। ইফালে, য়েমেনৰ চৰকাৰ আৰু জনসাধাৰণে পেলেষ্টাইনীসকলৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। এই অভিযানৰ সমৰ্থনত সমগ্ৰ য়েমেনত হাজাৰ হাজাৰ লোকে সমদল উলিয়াই। এই সময়ছোৱাত তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে শ্লোগান দি পেলেষ্টাইনীসকলৰ সৈতে সংহতি ঘোষণা কৰে। ইয়াৰ উপৰিও ইৰাকৰ চৰকাৰ আৰু জনসাধাৰণেও পেলেষ্টাইনীৰ এই অভিযানৰ সপক্ষে নিজৰ স্থিতি ঘোষণা কৰিছে। দেশৰ প্ৰভাৱশালী সংগঠন হাছদ আল-ছাবী আৰু নুজাবা আন্দোলনে পেলেষ্টাইনী আক্ৰমণৰ সমৰ্থনত বিবৃতি প্ৰকাশ কৰে।

ছিৰিয়া চৰকাৰেও ইজৰাইলৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ প্ৰশংসা কৰি এক বিবৃতি প্ৰকাশ কৰে। কাটাৰ চৰকাৰে পেলেষ্টাইনত চলি থকা পৰিস্থিতিৰ বাবে দখলদাৰী ইজৰাইলক দোষাৰোপ কৰে। ইয়াৰ পূৰ্বে ইৰাণ চৰকাৰে পেলেষ্টাইনী অভিযানক পোনপটীয়াকৈ সমৰ্থন কৰি এক বিবৃতি প্ৰকাশ কৰিছে। ইৰাণৰ সংসদত পেলেষ্টাইনৰ সপক্ষে সমৰ্থন জনাই প্ৰস্তাৱ পাছ কৰিছে। পেলেষ্টাইনক সকলো ধৰণৰ সহায় কৰিব বুলি ঘোষণা কৰিছে । বহু লোকে তেহৰাণত আনন্দ প্ৰকাশ কৰিছে, মছজিদত নামাজ পঢ়ি দোৱা-প্ৰাৰ্থনা কৰিছে। পেলেষ্টাইনীসকলৰ বীৰত্বপূৰ্ণ অভিযানৰ লগে লগে তেহৰাণৰ বিভিন্ন দেৱালত বিভিন্ন পেলেষ্টাইন সমৰ্থক ছবি অংকন কৰা হৈছে। আনফালে ইছৰাইলকো আকৌ আমেৰিকাই সমৰ্থন কৰিছে। আমেৰিকাৰ লগতে ইংলেণ্ড, ফ্ৰান্স, ভাৰতে সমৰ্থন জনোৱাৰ কথা ব্যক্ত কৰিছে। মুঠতে এই এই যুদ্ধ তৃতীয় বিশ্ব যুদ্ধৰ আগজাননী বুলি বা আৰম্ভ বুলি কব পৰা যায়।

বয়স নহয় বাধাঃ ৭৪ বছৰ বয়সতে বিএছচি অধ্যয়ন কৰিবলৈ মহাবিদ্যালয়ত নাম লগালে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে…

বয়সে কোনো কথাতে বাধা দিব নোৱাৰে, সকলোতে মূল কথা ইচ্ছা। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হায়দৰাবাদৰ এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো ৭৪ বছৰ বয়সত, অন্দ্ৰপ্ৰদেশৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী কে. চিন্না য়েৰুকুলুয়ে কম্পিউটাৰ বিজ্ঞানৰ বি.এছ.চি.পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। তেওঁ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় খাইৰাটাবাদত আসন লাভ কৰিছে। “মই সদায় পঢ়িব বিচাৰিছিলো আৰু সীমাহীন উচ্চতাত উপনীত হ’ব বিচাৰো। কিন্তু সেই সময়ত পাৰিবাৰিক পৰিস্থিতিয়ে মোক বেছি পঢ়িবলৈ অনুমতি দিয়া নাছিল আৰু মই কম বয়সতে চাকৰিত সোমাইছিলো,” য়েৰুকুলাই কয়। ৭৪ বছৰীয়া বৃদ্ধগৰাকীয়ে এ.পি. ট্ৰেন্সকো বিভাগত লাইনমেনৰ চাকৰি কৰিছিল।

কলেজত নামভৰ্তি কৰাৰ বাবে তেওঁ বয়সৰ উৰ্ধসীমাৰ পৰা আধাৰৰ বিৱৰণলৈকে কেইবাটাও বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল।অনলাইনত নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ যি উৰ্ধসীমা নিৰ্ধাৰণ কৰা আছিল সেয়া সলনি কৰিবলৈ লোকজনে তেলেংগানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু কলেজিয়েট শিক্ষা আয়ুক্তৰ কাষ চাপিছিল। নেচনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০২১ চনত বৃত্তিমূলক শাখাত ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে আৰু বৈদ্যুতিক অভিযান্ত্ৰিকৰ বাবে নামভৰ্তি কৰে। “মই এখন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বিএছচি পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছিলো। মোৰ সহপাঠী, শিক্ষক আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলে মোক উৎসাহিত কৰিছিল,” য়েৰুকুলাই কয়। উল্লেখ্য চলিত বৰ্ষতে ৭৫ বছৰীয়া কে নাগ চেট্টীয়েও দিলসুখনগৰৰ নবেল ডিগ্ৰী মহাবিদ্যালয়ত বি.এ. পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছে।

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে চামতাৰ নিবেদিতা ডিম্পলে…

পশ্চিম নলবাৰীৰ এক চিৰ পৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন । সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয় কৰি দিয়া মঞ্চসূৰ্য ধৰনী বৰ্মনৰ বোৱাৰী নিবেদিতা ডিম্পলে এইবাৰ সাহিত্য ৰত্ন বঁটা লাভেৰে পুনৰ পশ্চিম নলবাৰীলৈ সুনাম কঢ়িয়াই আনিলে । বহুশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথ্য আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, মেঘালয় (USTM)ত সাহিত্য ৰত্ন বটা গ্ৰহণ কৰা নিবেদিতা ডিম্পলে পূৰ্বে আৰোহণ আৰ্টিষ্ট গীল্ডৰ পৰা আৰোহণ কবি সাহিত্য বঁটাও লাভ কৰিছিল ।

এগৰাকী কবি, গল্পকাৰ , ঔপন্যাসিক অভিনেত্ৰী নিবেদিতাৰ ইতিমধ্যে পাঁচখন উপন্যাস আৰু কবিতা পুথি প্ৰকাশ হৈছে । বিপিন চাউদাংৰ প্ৰায় ১৪/১৫ টা গানৰ এলবামত অতি সুন্দৰ অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নিবেদিতা ডিম্পলৰ অভিনীত কেইবাটাও এলবাম ইউ টিউবতো উপলব্ধ হৈছে। আনহাতে নিবেদিতাৰ বহু কেইটা গল্প , কবিতা অসমৰ আগশাৰীৰ আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে । শেহতীয়াকৈ সাহিত্য ৰত্ন বঁটা লাভ কৰা নিবেদিতা ডিম্পলে মঞ্চসূৰ্য ধৰণী বৰ্মনৰ নিচিনাকৈ এদিন পশ্চিম নলবাৰীক সাংস্কৃতিক, সাহিত্যৰ দিশত ৰাজ্যৰ ভিতৰতে জাকতজিলিকা কৰি তুলিব বুলি ৰাইজে আশা কৰিছে।