Home Blog Page 1318

পশ্চিমবংগ হৈ গুজৰাটলৈ অসমৰ পৰা যাত্ৰা চি আৰ পি এফৰ মহিলা বাইক ৰেলীৰ ; গুৱাহাটী , নলবাৰী, বঙাইগাঁৱত বিপুল আদৰণি


দেশৰ নাৰী শক্তিক আগবঢ়াই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে চি আৰ পি এফে অল ব’মেন বাইক এক্সপেডিচন-২০২৩’ দেশৰ বিভিন্ন প্রাস্তৰ পৰা আৰম্ভ কৰিছে। মহিলা বাইক ৰাইডাৰসকলে দেশৰ প্রায় ১০ হেজাৰ কিলোমিটাৰ অংশ স্পৰ্শ কৰি ৩১ অক্টোবৰত গুজৰাটৰ একতা নগৰত ষ্টেচু অব ইউনিটীত মিলিত হব।

ৰাষ্ট্ৰীয় একতা দিবস উপলক্ষে এই মহিলা বাইক ৰাইডাৰসকল ৩১ অক্টোবৰৰ দিনটোত উপস্থিত হ’ব। ইতিমধ্যে ৫ অক্টোবৰত দেশৰ ৩ স্থানৰ পৰা তিনিটা দলক পতাকা জোকাৰি যাত্ৰা আৰম্ভ কৰা হৈছে । শ্ৰীনগৰ, শ্বিলং আৰু কন্যাকুমাৰীৰ পৰা এই তিনিওটা দলে যাত্রা কৰিছে গুজৰাটলৈ বুলি। প্ৰত্যেকটো দলত মুঠ ২৫খনকৈ বাইক থাকিব আৰু ৫০গৰাকী মহিলা কনিষ্টবলে যাত্ৰা কৰিছে। উত্তৰ পূব মণ্ডলৰ পৰা ৫০ গৰাকী মহিলাৰ দ্বিতীয়টো বাইক ৰাইডাৰৰ দলক ৫ অক্টোবৰত শ্বিলঙত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে চি আৰ পি এফৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান বি কে সিঙে। অনুষ্ঠানত উত্তৰ- পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা মহিলাসকলক আদৰণি অাৰু সম্বৰ্ধনা জনায়।

ইয়াৰ পাছতে মহিলা বাইক আৰোহীসকল সিদিনা আহি গুৱাহাটীৰ নমাইলস্থিত গ্ৰুপ চেণ্টাৰত নিশা যাপন কৰে। সিদিনা বিয়লি কেন্দ্ৰীয় বিদ্যালয়ৰ ল’ৰা-ছোৱালীসকলৰ সৈতে মিলিত হয়। ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানক অধিক প্ৰসাৰিত কৰাৰ বাবেই এই কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে মহিলা বাইক ৰাইডাৰসকলক ‘যশ্বস্বিনী ৰূপে নামাংকন কৰা হৈছে আৰু তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা তথা চি আৰ পি এফৰ পতাকা উৰুৱাই লৈ হৈছে বাইকত। চি আৰ পি এফৰ দেশ কে হম হো ৰক্ষক’ শীৰ্ষক বাৰ্তা কঢ়িয়াই লৈ অল ব’মেন মটৰচাইকেল এক্সপেডিচন-২০২৩ৰ দলটোক ৬ অক্টোবৰত নমাইলত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ শক্তি, সমবায়, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছাই। অনুষ্ঠানত চি আৰ পি এফৰ মহাপৰিদৰ্শক (চিকিৎসা) ডাঃ অমিয় ৰঞ্জন সৰকাৰ, উত্তৰ-পূব মণ্ডলৰ ডি আই জি অৰুণেন্দৰ প্ৰতাপ, গুৱাহাটীৰ গ্রুপ চেণ্টাৰৰ ডি আই জি মানস ৰঞ্জন তথা চি আৰ পি এফৰ আন বহু জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

ইফালে মহিলা দলটোৱে গুৱাহাটীৰ পৰা পোনে পোনে নলবাৰী অভিমুখে যাত্ৰা কৰি তাত থকা চি আৰ পি এফৰ ১৩৬ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়লৈ যায়। তাত দলটোক বিপুল আদৰণি জনোৱা হয়। তাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি বঙাইগাঁও অভিমুখে যাত্ৰা কৰি নিশাটো তাতে কটায়। আজি বঙাইগাঁওৰ পৰা দলটো পশ্চিমবংগ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। দলটোৱে প্ৰতিখন ৰাজ্যত এদিন বা দুদিন নিশা যাপন কৰি নিৰ্ধাৰিত সূচী অনুসৰি গুজৰাট অভিমুখে যাত্ৰা কৰি থাকিব বুলি চি আৰ পি এফৰ এক সূত্ৰই সদৰি কৰিছে ।

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মাজুলীৰ শ্ৰীৰামচাপৰিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। চিকিৎসালয়খনৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীক অধিক শক্তিশালী কৰা আৰু জনকল্যাণ সাধন কৰা।

নতুন চিকিৎসালয়খনত শল্য (সাধাৰণ অস্ত্ৰোপচাৰ), প্ৰস্তুতি তন্ত্ৰ আৰু প্ৰসূতি তথা স্ত্ৰীৰোগৰ চিকিৎসা, পঞ্চকৰ্মাৰ লগতে কায় চিকিৎসা (সাধাৰণ ঔষধ)ৰ বাবে বিশেষ অ’পিডি সেৱা আছে। ইয়াৰ উপৰি, এই চিকিৎসালয়খনত এক আধুনিক পৰীক্ষাগাৰ, পঞ্চকৰ্মা আৰু ক্ষাৰসূত্ৰ থেৰাপী, এটা যোগগোট, এনোৰেক্টল ক্লিনিক, বন্ধ্যাত্ব ক্লিনিক, জেৰিয়াট্ৰিক আৰু পুনৰু জ্জীৱিত ক্লিনিক, ৰিউমেট’লজী ক্লিনিক, জীৱনশৈলী বিকাৰ উন্নীতকৰণ আৰু লগতে ছাল আৰু প্ৰসাধন ক্লিনিকো উপলব্ধ।

আই.পি.ডি. শাখাত একে সময়তে ৫০জন ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা আছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাজুলীৰ বৃহৎ অঞ্চলটো আয়ুষ স্বাস্থ্য সেৱাৰ প্ৰাণকেন্দ্ৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ সমৃদ্ধ ঔষধি উদ্ভিদ আৰু ঐতিহ্যৰ লগতে আধ্যাত্মিক চেতনা শক্তিৰ মাজত শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ উপায় নিহিত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সূচনা হোৱা আয়ুষ বিপ্লৱে পৰম্পৰাগত ঔষধ তথা চিকিৎসাৰ ক্ষেত্ৰত আমাৰ সমৃদ্ধ ঐতিহ্য-পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে। আজি উদ্বোধন কৰা ৫০খন বিছনাযুক্ত এই আয়ুৰ্বেদিক চিকিৎসালয়খনে স্থানীয় লোকসকলক সুচিকিৎসা প্ৰদান কৰিব আৰু ইয়ে প্ৰধানমন্ত্ৰীৰ এখন সুস্থ-সবল ভাৰত গঢ়াৰ দৃষ্টিভংগীক ত্বৰান্বিত কৰিব।”সৰ্বানন্দ সোণোৱালে লগতে ঘোষণা কৰে যে অসমত ৬খন নতুন আয়ুষ চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। তাৰে ভিতৰত কলিয়াবৰ, মৰিগাঁও, কোকৰাঝাৰ আৰু বাক্সাত ৫০খন বিছনাযুক্ত চাৰিখন চিকিৎসালয় স্থাপন কৰা হ’ব, আনহাতে ডিফুত ৩০খন বিছনাযুক্ত এখন চিকিৎসালয় আৰু বজালীত ১০খন বিছনা যুক্ত এখন চিকিৎসালয় স্থাপন কৰা হ’ব। ইয়াৰউপৰিও কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ২৮৯টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ কাৰ্যকৰীকৰণৰ কথা নিশ্চিত কৰে, আনহাতে শীঘ্ৰেই অসমত আৰু ২০০টা এনে কেন্দ্ৰ কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰে। তদুপৰি, সোণোৱালে অসমত ১০০খন আয়ুষ ঔষধালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে, “পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্যসেৱা প্ৰণালীয়ে এতিয়া বহুদূৰ আগুৱাই আহিছে। আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীক জীৱনৰ মান উন্নত আৰু আৰোগ্য কৰাৰ সামৰ্থ্যৰ বাবে বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে। মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বতই বিশ্বব্যাপী এক সুস্থতা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। আনহাতে এক সামগ্ৰিক স্বাস্থ্যসেৱা সমাধান প্ৰদানৰ বাবে আধুনিক চিকিৎসা পদ্ধতিৰ সৈতে একত্ৰিত কৰি পৰম্পৰাগত চিকিৎসা পদ্ধতিক জনহিতৰ বাবে ব্যৱহাৰ কৰা হৈছে। অসম-ঔষধি উদ্ভিদ তথা বিভিন্ন আয়ুষ সম্ভাৱনাৰে পৰিপূৰ্ণ এখন ৰাজ্য। যিহেতু আমি ৰাজ্যখনত আয়ুষ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰি আছোঁ, ই অসমৰ আয়ুষ অৰ্থনীতিৰ বিকাশক শক্তিশালী কৰিব।”

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু প্ৰদান বৰুৱা, বিধায়কদ্বয় ভুৱন গাম আৰু নৱ কুমাৰ দলে প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল আৰু বিশিষ্ট ব্যক্তিসকল।

মানিপুৰ গাঁও পঞ্চায়তত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশ ল’লে বিধায়ক ৰমাকান্ত দেউৰীয়ে

মৰিগাঁও জিলাৰ ভুৰবন্ধা উন্নয়ন খণ্ড আৰু মানিপুৰ পঞ্চায়তৰ উদ্যোগত শনিবাৰে “মোৰ মাটি মোৰ দেশ” অভিযানৰ অধীনত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে জিলাখনৰ নটুৱা গাঁৱৰ পৰা আহঁতগুৰি হৈ মানিপুৰ গাঁও পঞ্চায়তৰ মানিপুৰ আঞ্চলিক ৰংগমঞ্চলৈকে উলিওৱা প্ৰায় ৩ কিলোমিটাৰজোৰা শোভাযাত্ৰাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাৰ শেষত মানিপুৰ আঞ্চলিক ৰংগমঞ্চত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত উপস্থিত ৰাইজে সমস্বৰে পঞ্চ পণ পাঠ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী ঘোষণা কৰিছে।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই অভিযান গাঁৱে ভূঞে প্ৰসাৰিত হৈছে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে বীৰ শ্বহীদসকলে প্ৰাণ আহুতি নিদিয়াহ’লে আমি আজি স্বাধীন দেশৰ মুক্ত আকাশৰ তলত থাকিব নোৱাৰিলোঁহেঁতেন।

তেওঁ “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী সেইসকল বীৰ শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি মন্তব্য কৰে। অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰেও ভাষণ দিয়ে। অনুষ্ঠানৰ অংশৰূপে কিশোৰ কিশোৰীসকলে দেশভক্তিমূলক আৰু অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ ওপৰত আধাৰিত গীতত নৃত্য পৰিৱেশন কৰে।

শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰীৰ

শনিবাৰে শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

প্রাথমিক শিক্ষা বিভাগত ২৪১ গৰাকী দিব্যাংগ প্রার্থী, উচ্চ শিক্ষা বিভাগৰ অধীনত সহকাৰী অধ্যাপক আৰু অন্যান্য পদত ২৭ গৰাকী আৰু SCERTৰ বিভিন্ন পদত ৫০ গৰাকীক নিযুক্তি প্ৰদান কৰে।

উল্লেখ্য যে শিক্ষা বিভাগৰ অধীনত ২০২১ চনৰ মে’ মাহৰ পৰা এই পৰ্যন্ত ৩০,৮৫৩টা নিযুক্তি সম্পূৰ্ণ হৈছে।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, জাতীয়তাবাদী কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ বিয়োগ

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, কবি, গীতিকাৰ, অসংখ্য গ্ৰন্থ, আলোচনীৰ বেটুপাত অংকন কৰোতা, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত ৬৬ বছৰ বয়সত অকালতে পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে। তেজপুৰ চহৰৰ কুমাৰ গাঁও নিবাসী আৰু শেহতীয়াকৈ তেজপুৰৰ মাজগাঁৱত স্থায়ী ভাৱে থাকিবলৈ লোৱা প্ৰচণ্ড জাতীয়তাবাদী আৰু মৃদুভাষী চুতীয়া শেহতীয়াকৈ অতি জটিল মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল যদিও যোৱা ৫ অক্টোবৰত শৰীৰৰ দ্ৰুত অৱনতি ঘটাত দুই পুত্ৰ আৰু এগৰাকী বন্ধুৱে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ নি ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা প্ৰদানৰ অপাৰগতা প্ৰকাশ কৰাত ঘৰলৈ ঘূৰাই অনাৰ পিছত সন্ধিয়া প্ৰায় ৬ – ৩০ বজাত স্থানীয় চিকিৎসকে মৃত ঘোষণা কৰাত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ তেজপুৰ চহৰ খনত শোকৰ ছাঁ পৰে।

উল্লেখ্য যে, ১৯৫৮ চনৰ জানুৱাৰীত জন্ম গ্ৰহণ কৰা চুতীয়া তেজপুৰ একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ মহাবিদ্যালয়ত তেতিয়াৰ পিউ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰি দৰংমহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চতিয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে।

আনহাতে ১৯৮৬ চনৰ ৩ নবেম্বৰত তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘকাল এগৰাকী আদৰ্শ শিক্ষক হিচাপে স্হানীয় অঞ্চলটিৰ সকলোৰে প্ৰিয় ভাজন হৈ পৰাৰ পিছত ২০০৭ চনৰ ১ অক্টোবৰৰ পৰা ১৭ মেলৈ উক্ত বিদ্যালয়ৰ অধ্যক্ষৰ আসনত অলংকৃত হৈ বিদ্যালয়খনৰ বিদ্যায়তনিক আৰু আন্ত গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা লগতে মৃত্যুৰ সময়লৈকে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ নিষ্টাৰে দায়িত্ব পালন কৰি আহিছিল। ইফালে জিলা কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হোৱা চুতীয়াই ২০১৮ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে যদিও জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বিভিন্ন কাৰ্য্যসূচীত আমৃত্যু অংশ গ্ৰহণ কৰি আহিছিল।

ছাত্ৰ জীৱনৰ পৰাই এগৰাকী দক্ষ চিত্ৰশিল্পী হিচাপে পৰিচিত মুকুল চুতীয়াই সেইখিনি সময়ত তেজপুৰৰ লগতে জিলাখনৰ পৰা প্ৰকাশ পোৱা যিকোনো গ্ৰন্থ আৰু আলোচনীৰ বেটুপাত অংকন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।দৰংমহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ সুন্দৰ বেটুপাতৰ লগতে বিভিন্ন বেটুপাতত মুকুল চুতীয়াৰ শৈল্পিক প্ৰতিভাৰ স্বাক্ষৰ আজিও জিলিকি আছে। শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্হাৰ মুখপত্ৰ “আলচ” ৰ সৈতে সুদীৰ্ঘ সময় জড়িত চুতীয়া এগৰাকী নাটকৰ দক্ষ স্মাৰকো আছিল। তেজপুৰৰ বহুকেইটা নাট্যানুষ্ঠানৰ সৈতে জড়িত হৈ এগৰাকী দক্ষ স্মাৰক হিচাপে সকলোৰে মাজত পৰিচিত প্ৰচুৰ অধ্যয়ন পিপাসু চুতীয়া এগৰাকী দক্ষ কবি আৰু গীতিকাৰ হিচাপেও পৰিচিত আছিল আৰু “অসংলগ্ন সময়” শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিওৱাৰ লগতে নিজে ৰচনা কৰা গীতৰ এটি শ্ৰব্য কেছেটো এসময়ত নিৰ্মাণ কৰিছিল।

উল্লেখ্য যে মুকুল চুতীয়াই ৰচনা কৰা গীত শান্তা উজীৰ, পুলক বেনাৰ্জীৰ লগতে ৰাজ্যখনৰ বিভিন্ন কন্ঠশিল্পীয়ে কন্ঠদান কৰিছিল। এইগৰাকী অন্তৰ্মুখী, বিশেষ ব্যক্তিত্বৰ জাতীয়তাবাদী সত্বাৰ মৃত্যুৰ পিছতেই বাসগৃহত কালি সন্ধিয়া অসংখ্য গুণমুগ্ধ উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহতে বৰ্তমানৰ চন্দ্র নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামী, তেজপুৰ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰ কলিতা, সহকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনা, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ লগতে বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, সংগীতশিল্পী সীমান্ত কাকতি আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেজপুৰৰ শৈক্ষিক আৰু ৰাজহুৱা জীৱনৰ এইগৰাকী জাতীয়তাবাদী শিল্পী তথা কৃতী শিক্ষকৰ অকাল মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ সভাপতি – সাধাৰণ সম্পাদক ক্ৰমে – বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথে, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখা নাট্য সন্মিলনৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, নাট্যানুষ্ঠান, শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক ভূপেন বৰদলৈ, শোণিতপুৰ শিল্পী সমাজ, অসমীয়া ক্লাব, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন সমিতি আদি ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত পত্নী, দুই সন্তান, কনিষ্ঠ ভাতৃ বিশিষ্ট নাট্যশিল্পী মৃদুল চুতীয়াকে ধৰি অসংখ্য গুণমুগ্ধক এৰি যোৱা চুতীয়াৰ নিশা শেষ কৃত্য সম্পন্ন হয় স্থানীয় হজৰাপাৰ ৰাজহুৱা শ্মশানত।

অসমতো আছিল দুটা খৰ্গৰ গঁড় ! পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য…

অসমতো আছিল দুটা খৰ্গৰ গঁড়
পংকজ কুমাৰ দত্তৰ গ্ৰন্থত অসমৰ প্ৰকৃতিৰ বিষয়ে অভিনৱ তথ্য


আপুনি বিশ্বাস কৰক বা নকৰক অসমতো আছিল দুটা খৰ্গৰ গঁড়।
অসমৰ গঁড় বুলি ক’লে বৰ্তমান সময়ত এটা খৰ্গৰ গঁড়কে বুজা যায় যদিও এশ বছৰ আগলৈকে অসমতো আছিল দুটা খৰ্গৰ গঁড়। ‘একালত অসমত মুঠ তিনিটা প্ৰজাতিৰ গঁড় পোৱা গৈছিল, দূৰ্ভাগ্যজনকভাৱে ইয়াৰে দুটা প্ৰজাতিৰ গঁড় অসমৰ পৰা নোহোৱা হৈ গ’ল। দুটা খৰ্গ‌ থকা সুমাত্ৰাৰ গঁড়ৰ বিচৰণভূমি আছিল অসম। অসমত পোৱা গৈছিল জাভাৰ গঁড়ো।’ এই গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈছে অসমৰ পৰিৱেশ আৰু প্ৰকৃতিৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰা পৰিৱেশকৰ্মী তথা গল্পকাৰ পংকজ কুমাৰ দত্তৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘অৰণ্য ৰ’দ বৰষুণ, হাজাৰ বছৰ অসমৰ প্ৰকৃতিৰ ইতিবৃত্ত’ত। পূৰ্বায়ন প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰা এই গ্ৰন্থখনত পংকজ কুমাৰ দত্তই প্ৰাচীন কামৰূপত গঁড়ৰ মাংস ভক্ষণ কৰাটো পবিত্ৰ কাম বুলি গণ্য কৰা হৈছিল বুলি লিখিছে।

কেৱল কাজিৰঙা বা পবিতৰা নহয়, বৰপেটা, দৰঙৰ পৰা আৰম্ভ কৰি শদিয়া, লিডু পৰ্যন্ত অসমৰ বহু ঠাইত গঁড় আছিল বুলি পংকজ কুমাৰ দত্তই জনায়। সাহিত্য অকাডেমি, অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ মঞ্চত অসমৰ প্ৰকৃতিৰ ইতিহাসৰ বিষয়ে বক্তৃতা প্ৰদান কৰা, গৱেষণাপত্ৰ পাঠ কৰা অধ্যয়নশীল লেখক পংকজ কুমাৰ দত্তই ৰচনা কৰা বিশেষ গ্ৰন্থখনত চৰ্যাপদ, যোগিনীতন্ত্ৰৰ পৰা আৰম্ভ অসমৰ লোক-সংস্কৃতিৰ বিভিন্ন সমলৰ আধাৰত অসমৰ মানুহৰ প্ৰকৃতি প্ৰেমৰ স্বৰূপ সম্পৰ্কে পদ্ধতিগতভাৱে আলোচনা কৰা হৈছে।

\

প্ৰাচীন কামৰূপৰ বিভিন্ন উদাহৰণৰ উল্লেখ, আহোম শাসনকাল আৰু ইংৰাজ শাসনকালৰ অসমৰ বিভিন্ন তথ্য বিশ্লেষণ কৰা এই গ্ৰন্থখনত সাম্প্ৰতিক কালৰ পৰিৱেশ আন্দোলনৰ তথ্য সন্নিৱিষ্ট হৈছে। আহোমসকলে হাতী, ঘোঁৰা আৰু গৰুৰ মাংসও খাইছিল। টাই আহোমসকলে, ৰাভাসকলে যুদ্ধত গঁড়ৰ ছালৰ ঢাল ব্যৱহাৰ কৰিছিল বুলিও কিতাপখনত লিখা হৈছে। পিচে, অসমৰ পৰা দুটা খৰ্গৰ গঁড় কেনেকৈ লোপ পালে, সেই বিষয়ে সবিশেষ জানিবৰ বাবে আপুনি পংকজ কুমাৰ দত্তৰ এই কিতাপখন পঢ়িব লাগিব।

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন ! এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ স্বৰ্ণজয়…

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন

এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ স্বৰ্ণজয় । বৰষুণৰ বাবে বাতিল ফাইনেলৰ মেচ । উন্নত ৰেংকিঙৰ সুবাদত ঋতুৰাজ বাহিনীৰ সাফল্য ।

এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটৰ ফাইনেলত বৰষুণে দিলে বিধি পথালি । ভাৰতীয় ক্ৰিকেট দলে বলিং কৰাৰ সুবিধা পালেও ক্ৰিজত দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম । শনিবাৰে চীনৰ হাংঝৌত আফগানিস্তানৰ বিৰুদ্ধে ফাইনেলৰ মহাৰণত নামিল ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্বৰ ভাৰতীয় দল । প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ আহিল গুলবাদিন নাইবৰ অধিনায়কত্বৰ আফগান ক্ৰিকেট দল ।

বৰষুণৰ বাবে নিৰ্ধাৰিত ২০ অভাৰৰ পৰিৱৰ্তে ১৮. ২ অভাৰলৈ হ্ৰাস কৰা মেচখনত ৪৯ ৰাণেৰে অপৰাজিত হৈ থাকিল আফগানিস্তানৰ বেটাৰ ছাহিদুল্লাহ ‌ । ইফালে ২৭ ৰাণেৰে অপৰাজিত হৈ থাকিল আফগানিস্তানৰ অধিনায়ক গুলবাদিন নেইব । মাত্র এক ৰাণৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হ’ল আফগান বেটাৰ ছাহিদুল্লাহ । তেতিয়ালৈ আফগানিস্তানৰ সংগ্ৰহ আছিল ৫ টা উইকেটৰ বিনিময়ত ১১২ ৰাণ ।

ভাৰতৰ হৈ ১ টাকৈ উইকেট দখল কৰে অৰ্শদীপ সিং, শিৱম ডুবে, শ্বাহবাজ আহমেদ আৰু ৰবি বিষ্ণয়ে ।

বৰষুণৰ বাবে বেটিং কৰিবলৈ সুবিধা নাপালে মেন ইন ব্লুৱে । পৰৱৰ্তী ইনিংছ আৰম্ভ কৰাৰ সময়সীমা অতিক্ৰম কৰাত ৰেংকিঙৰ ওপৰত ভিত্তি কৰি মেচখনৰ ফলাফল নিৰ্ণয় কৰিব লগা হয় । ৰেংকিঙত আফগানিস্তানতকৈ ভাৰতীয় ক্ৰিকেট দলৰ স্থান আগত থকাৰ বাবে স্বৰ্ণ পদক লাভ কৰিলে টীম ইণ্ডিয়াই । ইয়াৰ বিপৰীতে ৰূপৰ পদকতে ক্ষান্ত থাকিল আফগানিস্তান । অথলে গ’ল আফগানিস্তান ক্ৰিকেট দলৰ বেটিং প্ৰদৰ্শন ।

ইফালে, এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত স্বৰ্ণ জয় কৰি আনন্দিত হৈ পৰিল ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলটো । চীনৰ হাংঝৌত ত্রিৰংগা উৰুৱাই কৰিলে ভাৰতৰ বিজয় উদযাপন ।

সকলোৱে আশা কৰিছে — ভাৰতীয় যুৱ ক্ৰিকেটাৰ সকলৰ এই উজ্জীৱিত বেট- বলৰ প্ৰদৰ্শন অক্ষুণ্ন থাকক ।

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, জাতীয়তাবাদী কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ বিয়োগ…

ম্ৰিয়মান ঊষানগৰী – বিভিন্ন ব্যক্তি – অনুষ্ঠানৰ শোক প্ৰকাশ

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, কবি, গীতিকাৰ, অসংখ্য গ্ৰন্থ, আলোচনীৰ বেটুপাত অংকন কৰোতা, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ কালি সন্ধিয়া প্ৰায় ৬ – ৩০ বজাত ৬৬ বছৰ বয়সত অকালতে পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে ।তেজপুৰ চহৰৰ কুমাৰ গাওঁ নিবাসী আৰু শেহতীয়াকৈ তেজপুৰৰ মাজগাঁৱত স্হায়ী ভাৱে থাকিবলৈ লোৱা প্ৰচণ্ড জাতীয়তাবাদী আৰু মৃদুভাষী চুতীয়া শেহতীয়াকৈ অতি জটিল মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল যদিও যোৱা ৫ অক্টোবৰত শৰীৰৰ দ্ৰুত অৱনতি ঘটাত দুই পুত্ৰ আৰু এগৰাকী বন্ধুৱে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ নি ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা প্ৰদানৰ অপাৰগতা প্ৰকাশ কৰাত কালি ঘৰলৈ ঘূৰাই অনাৰ পিছত সন্ধিয়া প্ৰায় ৬ – ৩০ বজাত স্হানীয় চিকিৎসকে মৃত ঘোষণা কৰাত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ তেজপুৰ চহৰ খনত শোকৰ ছাঁ পৰে।

উল্লেখ্য যে, ১৯৫৮ চনৰ জানুৱাৰীত জন্ম গ্ৰহণ কৰা চুতীয়া তেজপুৰ একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ মহাবিদ্যালয়ত তেতিয়াৰ পিউ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দৰংমহাবিদ্যালয়ত নামভৰ্তি কৰি দৰংমহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চতিয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে। আনহাতে ১৯৮৬ চনৰ ৩ নবেম্বৰত তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘকাল এগৰাকী আদৰ্শ শিক্ষক হিচাপে স্হানীয় অঞ্চলটিৰ সকলোৰে প্ৰিয় ভাজন হৈ পৰাৰ পিছত ২০০৭ চনৰ ১ অক্টোবৰৰ পৰা ১৭ মেলৈ উক্ত বিদ্যালয়ৰ অধ্যক্ষৰ আসনত অলংকৃত হৈ বিদ্যালয়খনৰ বিদ্যায়তনিক আৰু আন্ত গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা লগতে মৃত্যুৰ সময়লৈকে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ নিষ্টাৰে দায়িত্ব পালন কৰি আহিছিল। ইফালে জিলা কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হোৱা চুতীয়াই ২০১৮ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে যদিও জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বিভিন্ন কাৰ্য্যসূচীত আমৃত্যু অংশ গ্ৰহণ কৰি আহিছিল। ছাত্ৰ জীৱনৰ পৰাই এগৰাকী দক্ষ চিত্ৰশিল্পী হিচাপে পৰিচিত মুকুল চুতীয়াই সেইখিনি সময়ত তেজপুৰৰ লগতে জিলাখনৰ পৰা প্ৰকাশ পোৱা যিকোনো গ্ৰন্থ আৰু আলোচনীৰ বেটুপাত অংকন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।দৰংমহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ সুন্দৰ বেটুপাতৰ লগতে বিভিন্ন বেটুপাতত মুকুল চুতীয়াৰ শৈল্পিক প্ৰতিভাৰ স্বাক্ষৰ আজিও জিলিকি আছে। শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্হাৰ মুখপত্ৰ “আলচ” ৰ সৈতে সুদীৰ্ঘ সময় জড়িত চুতীয়া এগৰাকী নাটকৰ দক্ষ স্মাৰকো আছিল। তেজপুৰৰ বহুকেইটা নাট্যানুষ্ঠানৰ সৈতে জড়িত হৈ এগৰাকী দক্ষ স্মাৰক হিচাপে সকলোৰে মাজত পৰিচিত প্ৰচুৰ অধ্যয়ন পিপাসু চুতীয়া এগৰাকী দক্ষ কবি আৰু গীতিকাৰ হিচাপেও পৰিচিত আছিল আৰু “অসংলগ্ন সময়” শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিওৱাৰ লগতে নিজে ৰচনা কৰা গীতৰ এটি শ্ৰব্য কেছেটো এসময়ত নিৰ্মাণ কৰিছিল। উল্লেখ্য যে মুকুল চুতীয়াই ৰচনা কৰা গীত শান্তা উজীৰ, পুলক বেনাৰ্জীৰ লগতে ৰাজ্যখনৰ বিভিন্ন কন্ঠশিল্পীয়ে কন্ঠদান কৰিছিল। এইগৰাকী অন্তৰ্মুখী, বিশেষ ব্যক্তিত্বৰ জাতীয়তাবাদী সত্বাৰ মৃত্যুৰ পিছতেই বাসগৃহত কালি সন্ধিয়া অসংখ্য গুণমুগ্ধ উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহতে বৰ্তমানৰ চন্দ্র নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামী, তেজপুৰ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰ কলিতা, সহকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনা, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ লগতে বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, সংগীতশিল্পী সীমান্ত কাকতি আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেজপুৰৰ শৈক্ষিক আৰু ৰাজহুৱা জীৱনৰ এইগৰাকী জাতীয়তাবাদী শিল্পী তথা কৃতী শিক্ষকৰ অকাল মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ সভাপতি – সাধাৰণ সম্পাদক ক্ৰমে – বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথে, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখা নাট্য সন্মিলনৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, ,জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, নাট্যানুষ্ঠান, শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্হা, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক ভূপেন বৰদলৈ, শোণিতপুৰ শিল্পী সমাজ, অসমীয়া ক্লাব, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন সমিতি আদি ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।মৃত্যুৰ সময়ত পত্নী, দুই সন্তান, কনিষ্ঠ ভাতৃ বিশিষ্ট নাট্যশিল্পী মৃদুল চুতীয়াকে ধৰি অসংখ্য গুণমুগ্ধক এৰি যোৱা চুতীয়াৰ কালি নিশা শেষ কৃত্য সম্পন্ন হয় স্হানীয় হজৰাপাৰ ৰাজহুৱা শ্মশানত ।
web

একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা কালাকান্দ ৰেছিপি…

ৰেছিপি

একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা কালাকান্দ ৰেছিপি 

উপকৰণ :—- ১) গাখীৰ

২) ভিনেগাৰ 

৩) পানী

৪) চেনী

৫) ইলাচী পাউদাৰ 

৬) পিচ্‌টা বাদামৰ গুৰি

৭) কেচ্‌ৰ অকণমান

বনোৱা পদ্ধতি :—- এটা বাতিত ৩ চামুচমান ভিনেগাৰ ৰাখি লৈ এখন কেৰাহীত ১.২৫ লিটাৰ গাখীৰ উতলাই মাজে মাজে লৰাই লৰাই নমাই লৈ ভিনেগাৰ খিনি গাখীৰখিনিত চামুচেৰে দি অলপ সময় হেতা এখনেৰে লৰাই দি মিক্স কৰি গাখীৰখিনি ফাটি যোৱাৰ পিছত এটা ডাঙৰ বাটিৰ ওপৰত এখন কাপোৰ দি লৈ তাত ফাটি যোৱা গাখীৰখিনি ঢালি পানীৰে সেইখিনি ধুই লৈ ,

পানীখিনি নোহোৱা কৰি কাপোৰখন টানকৈ চেপি দি আন এখন কেৰাহী গৰম কৰি তাত ৭৫০ মি:লি: গাখীৰ গৰম কৰি কৰি নাইকিয়া কৰি তাত ১/২ চামুচ চেনী দি লৰাই লৰাই ফাটি যোৱা গাখীৰখিনি হেতা এখনেৰে ভাঙি ভাঙি মিহি কৰি বেলেগকৈ চেনী দি গৰম কৰি থোৱা কেৰাহীখনত ফাটি যোৱা গাখীৰৰ চানাখিনি দি ভালকৈ মিক্স কৰি লৰাই লৰাই নমাই লৈ ইলাচী পাউদাৰ দি মিহলাই লৈ এটা বাচনত মিশ্ৰণখিনি ঢালি ৬ ঘণ্টামানৰ বাবে ফ্ৰীজত ৰাখি ঠাণ্ডা হোৱাৰ পিছত চুৰি কটাৰী এখনে কালাকান্দ আকৃতিত কাটি লৈ পিচ্‌টা বাদামৰ টুকুৰা ছটিয়াই দি কেচ্‌ৰ ছটিয়াই লৈ পৰিৱেশনৰ উপযোগী কৰি তুলিব পাৰে  ।

 লখিমী শৰ্মা

    যোৰহাট

   ৮৮১১৯৩০০৪২

তামুলপুৰত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত শনিবাৰে আয়ুক্ত কাৰ্যালয় চৌহদত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

পুৱা ১১ বজাৰ পৰা ২ বজালৈ তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰুপায়ন কৰি নতুন পেঞ্চন বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰাখক, পুৰণি পেঞ্চন আমাৰ প্ৰাপ্য আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

-তামুলপুৰৰ পৰা প্ৰসাদ দাস