Home Blog Page 1321

বিলাহী ভিটামিন ‘চি’ৰ উৎস ! বিলাহীৰ উপকাৰিতাৰ বিষয়ে জানক…

চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ হোৱা গৱেষণাত এই কথা প্ৰমাণ হৈছে যে নিয়মীয়াকৈ বিলাহী খালে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। এই তথ্য সদৰী কৰিছে ব্ৰিটেইনৰ এদল গৱেষকে। তেওঁলোকে শৰীৰত অধিক পৰিমাণে কলেষ্টেৰল থকা লোকক নিয়মীয়াকৈ বিলাহী অথবা বিলাহীৰ ৰস পান কৰাৰ পৰামৰ্শ দি কৈছে যে বিলাহীৰ ৰসত এনে কেতবোৰ ৰাসায়নিক দ্ৰব্য থাকে, যিয়ে হৃদৰোগৰ সম্ভাৱনা সীমিত কৰে। ২০ বছৰৰ পৰা ৪৯ বছৰ বয়সীয়া ২১ গৰাকী লোকক সামৰি অধ্যয়ন চলাই ব্ৰিটিছ গৱেষকে বিলাহীৰ এই হৃদৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে জানিব পাৰিছে।

বিলাহী বা বিলাহীৰ ৰস খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰত থকা ‘এল ডি এল’ নামৰ ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়। উল্লেখ্য, হৃদৰোগ সৃষ্টিৰ ক্ষেত্ৰত এইবিধ কলেষ্টেৰলে যথেষ্ট প্ৰভাৱ পেলায়।

বিলাহী ভিটামিন ‘চি’ৰ উৎস। ভিটামিন ‘চি’য়ে হৃদৰোগৰ সম্ভাৱনীয়তা কমায়। ২০১৫ চনত ‘আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰেশ্যন’ৰ তৰফৰ পৰা এক লাখ মানুহৰ ওপৰত চলোৱা সমীক্ষাত এই কথা প্ৰমাণ হৈছিল যে যিসকল ব্যক্তিয়ে ভিটামিন ‘চি’ থকা ফল বা পাচলি বেছিকৈ গ্ৰহণ কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনীয়তা পোন্ধৰ শতাংশ হ্ৰাস পায়।

আনহাতে ভিটামিন ‘চি’ এণ্টিঅক্সিডেণ্টো। বিলাহীত যথেষ্ট পৰিমাণৰ পটাছিয়ামো থাকে। সেয়ে উচ্চ ৰক্তচাপৰ বাবেও ই উপকাৰী। বিলাহীত ভিটামিন ‘এ’ আৰু ‘বিটা কেৰাটিন’ থকা বাবে দৃষ্টিশক্তিৰ ক্ষেত্ৰতেো এইবিধ পাচলি গ্ৰহণযোগ্য। অধিক পৰিমাণৰ আঁহযুক্ত হোৱা বাবে বিলাহীয়ে খাদ্য হজম কৰাৰ ক্ষেত্ৰতো সহায়ক। মানুহৰ শৰীৰৰ ছালৰ কলাজেন সৃষ্টিৰ ক্ষেত্ৰত ভিটামিন ‘চি’ৰ ভূমিকা অন্যতম। এইক্ষেত্ৰত নিয়মীয়াকৈ বিলাহী খোৱাৰ অভ্যাসে মানুহক কেৱল বয়সেই কমাই নাৰাখে, বৰং ছালৰ এণ্টিএজিং চিকিৎসাও প্ৰদান কৰে। বিলাহীত থকা বিটা কেৰাটিনে ছান বাৰ্ন হোৱাত প্ৰতিৰোধ কৰে। সেয়ে ৰ’দত বহু সময় ঘূৰি ফুৰিব লগা হ’লে ছাল ক’লা পৰি যোৱা অংশত বিলাহী কাটি লগাব পাৰে।

উৎস: জিএনআৰচি স্বাস্থ্য

ঢাকাত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ বাংলাদেশস্থিত ভাৰত চৰকাৰৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাৰ…

ভাৰতৰ উচ্চ আয়ক্তৰ ঢাকাস্থিত কাৰ্যালয়ত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান সোমবাৰে আয়োজিত হয়। ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ গাড়ীসমূহক ঢাকাৰ পৰা বিদায় জনায়।উচ্চ আয়ুক্তৰ কাৰ্যালয়ত ৰেলীৰ দলটোক উষ্ণ আদৰণি জনায় ভাৰতীয় দূতাবাসৰ বিষয়া কৰ্মচাৰীসকলে। এই ফ্লেগ অফ অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় দূতাবাসৰ বিদেশ সেৱাৰ বিষয়াবৰ্গ প্ৰণৱ বাধে, চেলনি সাহায়, প্ৰতীক নেগী আদি। এছিয়ান কাৰ ৰেলীৰ নেতৃত্ব লৈছিল নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্ৰেড চমুকৈ NEFIT সংগঠনৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই। ১৩ দিনীয়া এছিয়ান কাৰ ৰেলীৰ অন্তিম লক্ষ্য আছিল ঢাকা।

BIBN Freindship Car Rally শীৰ্ষক নামাকৰণ কৰা এই ৰেলীয়ে ইতিমধ্যে ভূটান – নেপাল পৰিক্ৰমা সামৰি যোৱা নিশা ঢাকাত উপস্থিত হৈছিল। সাধাৰণ সম্পাদক হাটখোৱাই আৰু জনোৱা মতে, মেঘালয়ৰ পশ্চিম গাৰো হিলছ পাৰ্বত্য জিলাৰ ডালু – নাকুগাওঁ সীমান্ত চকীয়েদি প্ৰথম বাৰৰ বাবে ভাৰতীয় নাগৰিকৰ সাধাৰণ গাড়ীয়ে এই ৰেলীৰ জৰিয়তে বাংলাদেশত প্ৰবেশৰ অনুমতি লাভ কৰিছিল।এই যাত্ৰাৰ কালত ৰেলীৰ জৰিয়তে নেফিটে ভূটান – নেপাল – বাংলাদেশৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ প্ৰয়াস কৰাৰ লগতে পৰ্যটন আদি বিষয়তো সহযোগিতা বৃদ্ধিৰ প্ৰয়াস চলায়। ইতিমধ্যে ভূটান, নেপাল, বাংলাদেশৰ কেইবাখনো চেম্বাৰ অফ কমাৰ্চৰ সৈতে নেফিটে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। প্ৰায় 4,000 কিলোমিটাৰ পথ পৰিক্ৰমা সম্পন্ন কৰে এই কাৰ ৰেলীয়ে। সোমবাৰে নিশালৈ এই ৰেলীয়ে ৫০০কিলোমিটাৰ পথ পৰিক্ৰমা কৰি গুৱাহাটীত উপস্থিত হ’ব। ৰেলীত অংশ্ৰহণকাৰীসকলৰ ভিতৰত আছিল গুৱাহাটী IIT ৰ ভূতপূৰ্ব ডীন ড.অনুপ কুমাৰ গগৈ, সাংবাদিক প্ৰণয় বৰদলৈ, ৰবি আগৰৱাল, প্ৰমীলা গগৈ, হিতেন হাটখোৱা, আশীষ দেৱ, সমুদ্ৰ ডেকা, অনুপম ডেকা, শেৰজিত ৰাজকুমাৰ, প্ৰদীপ শৰ্মা, শান্তনু কুমাৰ দাস, ধ্ৰুৱ দাস, দেবজিত ডেকা, অংশুমান দাস, পলাশ লাহন, ত্ৰিদিপ ফুকন।

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো ! APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক…

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো। APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক। বিধায়কসকলে অভিযোগ দিয়ে চৰকাৰী কাৰ্যসূচীলৈ আমি নামাতো বুলি। কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে বিশ্বযুদ্ধ।

কংগ্ৰেছীৰ মাজত চলিছে ছুৰী-ডেগাৰ মৰামৰি’। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ভূপেন বৰালৈ চিঠি প্ৰেৰণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্য ।

চৰকাৰী কাৰ্যসূচীত বিধায়কে অংশগ্ৰহণ কৰিব নে নকৰে উত্তৰ বিচাৰি প্ৰেৰণ চিঠি।

৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰক। বিনামূলীয়া আঁচনিৰ লৈ কঠোৰ উচ্চতম ন্যায়ালয়, কেন্দ্ৰীয় চৰকাৰলৈ জাননী…

দেশত বন্ধ হব নেকি বিনামূলীয়া আঁচনি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহৰ বিনামূলীয়া আঁচনিক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ লগতে সংলিষ্ট ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰ সমূহে বিভিন্ন বিনামূলীয়া আঁচনি ঘোষনাৰে ভোটাৰ ৰাইজক প্ৰলোভিত কৰা এক পৰম্পৰাত পৰিণত হৈছে। বিৰোধী দল সমূহেও তেওঁলোকৰ চৰকাৰ আহিলে বিনামূলীয়াকৈ ৰন্ধন গেচ, বিজুলীকে ধৰি মহিলা শিশু, ছাত্ৰ ছাত্ৰীৰ বাবে একাধিক আঁচনি কাৰ্যকৰী কৰাৰ বিষয়ে ঘোষনা কৰে। পৰবৰ্তী সময়ত এনে আঁচনি ৰূপায়ন কৰোতে চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰে হাজাৰ হাজাৰ কোটি টকা। আনহাতে কিছু আঁচনি কাৰ্যকৰী কৰাই নহয়। এনে আঁচনি ৰূপায়ন কৰোতে ৰাজ্যৰ মূল সমস্যা কৰবাতে ৰৈ যায়। শেহতীয়াকৈ বিনামূলীয়া আঁচনিৰ বন্যাৰ কু প্ৰথাত উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে মধ্য প্ৰদেশ আৰু ৰাজস্থান চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত আদালতক সবিশেষ জনাবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে একেদৰে নিৰ্বাচন আয়োগকো জাৰা কৰিছে জাননী।

মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি কেন্দ্ৰৰ লগতে শাসক বিৰোধী সকলোৱে আঁচনি ঘোষনাৰ নামত নামি পৰিছে অঘোষিত প্ৰতিযোগিতাত। উল্লেখ্য যে অসমতো শাসনাধিষ্ঠ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ফাইনেন্স ঋণী সকলৰ ঋণ আদায়ৰ নামত হাজাৰ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰে। একেদৰে স্কুটী, চাইকেল আদি প্ৰদানৰ নামতো ব্যয় কৰে কোটি কোটি টকা। আঁচনি আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পিছত ৰাজ্যৰ উন্নয়নৰ নামত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখ লাখ কোটি ঋণ লবলৈ বাধ্য হৈ পৰে চৰকাৰ। ইয়াৰ বিপৰীতে ৰাইজৰ মূৰত মাধমাৰ পৰে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি, কৰ আৰোপেৰে। উচ্চতম ন্যায়ালয়ৰ স্হিতিক বিভিন্ন মহলে আদৰণি জনোৱাৰ লগতে সমৰ্থন কৰি কয় যে বিনামূলীয়া আঁচনিৰ বিপৰীতে চৰকাৰ একোখনে কৰ্মসংস্হাপনৰ লগতে কৰ্মসংস্কৃতি গঢ়ি তোলাত অধিক মনোনিবেশ কৰিলে ৰাজ্যৰ লগতে ৰাষ্ট্ৰৰো উন্নতি হোৱাটো নিশ্চিত।

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ…

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ।

শান্তিপুৰৰ ইন্দিৰা গান্ধী পথৰ নলাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

বৰ্তমানো জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। কোনো লোকে হত্যা কৰি নলাত পেলাই থৈ যোৱাৰ সন্দেহ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ জয়ত আনন্দিত অনুষ্কা শৰ্মা, স্বামীৰ লগতে শ্বেয়াৰ কৰিলে ৰাহুলৰ ফটো…

দেওবাৰে ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে। অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ এই জয়ত সুখ প্ৰকাশ কৰিছে। দেওবাৰে সমগ্ৰ দেশতে এক উদযাপনৰ পৰিৱেশ। ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে। টিম ইণ্ডিয়াৰ এই জয়ত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অনুৰাগীয়ে বিৰাটক বহুত অভিনন্দন জনাইছে। কোহলীৰ পত্নী বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাইও এই বিজয় উদযাপন কৰে। ছচিয়েল মিডিয়াত বিশেষ ধৰণেৰে সুখ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

এই বিশেষ ছবিখনত বিৰাট কোহলীৰ সৈতে কে এল ৰাহুলক দেখা গৈছে।


এক খবৰ ওলাইছে যে অনুষ্কা শৰ্মা গৰ্ভৱতী। দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলাইছে দম্পতীহাল অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰ নিশ্চিত হোৱাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আহিছে। অৱশ্যে পুনৰ গৰ্ভধাৰণৰ সন্দৰ্ভত বিৰাট আৰু অনুষ্কাৰ পৰা এতিয়াও কোনো নিশ্চিতকৰণ দিয়া হোৱা নাই। কিন্তু এই ভাল খবৰটো অতি সোনকালে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছে বুলি খবৰ ওলাইছে।

বিৰাট আৰু অনুষ্কাৰ দুবছৰীয়া কন্যা সন্তান আছে যাৰ নাম ভামিকা।

স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান স্মাৰ্ট দুৰ্বৃত্তৰ ! স্কুটিত মৃতদেহ লৈ মুক্ত বিচৰণ অপৰধীৰ…

অপৰাধী চক্ৰৰ ওচৰত যেন অসহায় হৈ পৰিছে মহানগৰীৰ স্মাৰ্ট আৰক্ষী। কটকটীয়া নিৰাপত্তাৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটীত যেন ন্যুনতম নিৰাপত্তা নাই নাগৰিকৰ। কালি অৰ্থাত শনিবাৰে নুনমাটি অঞ্চলত এগৰাকী সন্দেহজনক হত্যাকাৰীয়ে এটা মৃতদেহ স্কুটিত কঢ়িয়াই লৈ ফুৰিছিল পেলাই দিয়াৰ উদ্দেশ্যে। চি চি কেমেৰাত এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক অবগত কৰে। কিন্তু আৰক্ষী অহাৰ উমান পাই স্কুটিসহ মৃতদেহ এৰি পলায়ন কৰে দুৰ্বৃত্তটোৱে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বামুনীমৈদামৰ লোহিত দৰ্জি বুলি সদৰি কৰে । ১৪ নং গনেশ মন্দিৰ পথত সংঘটিত ঘটনাটোৱে সকলোকে আতংকিত কৰি তুলিছে।

এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে বুধবাৰে মনপাৰাত জলপাইগুৰিৰ দুৰ্বৃত্তই গৌৰৱ গোৱেল নামৰ ব্যক্তি গৰাকীৰ হাতৰ পৰা ৫ লাখ টকা কাঢ়ি উধাও হয়। এইচ ডি এফ চি বেংকৰ পৰা ধনৰাশি উলিয়াইছিল এটা কোম্পানীৰ কৰ্মচাৰী গোৱেলে। আৰক্ষীয়ে ইতিমধ্যে চাৰি দুৰ্বৃত্তৰ সন্ধান পোৱা বুলি জানিবলৈ দিয়ে। এই চাৰি দুৰ্বৃত্ত জলপাইগুৰিৰ মুন্না ৰায়, ধীৰেন্দ্ৰ গোৱালা, বীৰেণ আৰু টিকলু বুলি সদৰি কৰি আৰক্ষীয়ে ফটাশিল আমবাৰী থানাৰ এটা আৰক্ষীৰ দল জলপাইগুৰিত বাহৰ পতা বুলি জানিব পৰা গৈছে। শাৰদীয় পুজাৰ বতৰত বহিঃৰাজ্যৰ অপৰাধী মহানগৰখনত বাহৰ পাতিছে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চলাই গৈছে অপৰাধমূলক কাৰ্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হাৰিয়ানা, দাৰ্জিলিঙ, ঝাৰখণ্ড আদিৰ পৰা ১৯ জনীয়া প্ৰবঞ্চকৰ এটা দলে ট্ৰেভেল এজেঞ্চীৰ সদস্য বুলি পৰিচয় দি চিকিৎসকক লুটিবলৈ বাহৰ পাতিছিল মহানগৰীৰ হোটেলত। এগৰাকী চিকিৎসকৰ উপস্থিত বুদ্ধিত প্ৰবঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

মাইক্ৰ’ফাইনেন্স ঋণী মহিলালৈ সুখবৰ। ৫০ হাজাৰ ঋণো ওভোটাই দিব চৰকাৰে…

মাইক্ৰ’ফাইনেন্স ঋণী মহিলালৈ শাৰদীয় বতৰত সুখবৰ কঢ়িয়াই আনিলে অসম চৰকাৰে। ইতিপূৰ্বে ২৫ হাজাৰ টকা ঋণ লোৱা মহিলাৰ ধন বেংকত ওভোটাই দিছে চৰকাৰে। দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক ৰাজহুৱা সভাত যি সকল মহিলাই মাইক্ৰ’ফাইনেন্স বেংকৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লৈছিল সেই ঋণৰ ধন চৰকাৰে ওভোটাই দিয়াৰ বিষয়ে ঘোষনা কৰে। ইতিমধ্য ঋণ ওভোটাই দিয়াৰ কাম আৰম্ভ কৰা বুলি ডঃ শৰ্মাই ঘোষনা কৰি ১৬ অক্টোবৰত ২৫ হাজাৰ টকাৰ ঋণ লোৱা মহিলা সকলক “নো বেং ডিউ” প্ৰমান পত্ৰ প্ৰদান কৰাৰ বিষয়েও ঘোষনা কৰে। এই সকল মহিলাই অনাগত সময়ত পুনৰ বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে।

আনহাতে বিগত দুটা বছৰত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি মৰ্মে চৰকাৰে ৯০ হাজাৰ নিযুক্তি সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি অতি শীঘ্ৰেই ১৫ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰি নিবনুৱা সকললৈকো আশাৰ বতৰা কঢ়িয়াই আনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইজৰাইল হামাছৰ তীব্ৰ যুদ্ধত ১১০০ লোকৰ মৃত্যু…

ইজৰাইললৈ ৫০০০ ৰকেট নিক্ষেপ হামাছ। শনিবাৰে পুৱাই হামাছে ইজৰাইলৰ ওপৰত প্ৰায় ৫০০০ ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰে। তাৰ পিছৰে পৰা ইজৰাইল আৰু হামাছৰ মাজত তীব্ৰ যুদ্ধ চলি আছে য’ত এতিয়ালৈকে ১১০০ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে (৭ অক্টোবৰ) পুৱা ইজৰাইলৰ ওপৰত হামাছে অন্যতম বৃহৎ আক্ৰমণ চলায়।

হামাছ কি আৰু ইজৰাইলক কিয় প্ৰত্যাহ্বান জনাইছে যিটোক অতি বিপজ্জনক বুলি গণ্য কৰা হয়। হামাছ হৈছে পেলেষ্টাইনৰ সৰ্ববৃহৎ উগ্ৰপন্থী ইছলামিক গোট আৰু অঞ্চলটোৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ ভিতৰত অন্যতম। বৰ্তমান ই গাজা ষ্ট্ৰিপত ২০ লাখতকৈ অধিক পেলেষ্টাইনীক শাসন কৰে। অৱশ্যে ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধৰ বাবেও এই সংগঠনটো পৰিচিত। সামগ্ৰিকভাৱে হামাছ বা কিছুমান ক্ষেত্ৰত ইয়াৰ সামৰিক শাখাটোক ইজৰাইল, আমেৰিকা, ইউৰোপীয় সংঘ, যুক্তৰাজ্য আৰু অন্যান্য দেশসমূহে সন্ত্ৰাসবাদী গোট হিচাপে নিৰ্ধাৰণ কৰিছে।



ডায়েবেটিছ হ’লে মিঠা আলু খাব পাৰিনে…

ডায়েবেটিছ ৰোগীৰ বাবে মিঠা বস্তু ‘বিষ’ৰ দৰে, গতিকে ডায়েবেটিছত মিঠা আলু খাব পাৰি নে নোৱাৰে এই প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক! শীতকালত বজাৰত পুষ্টিকৰ খাদ্য ওলাইছে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু ডায়েবেটিছ ৰোগীয়ে কি খাব বা কি নাখাব সেই বিষয়ে বিভ্ৰান্ত হয়! কাৰণ সামান্য ভুল হ’লে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক। শীতকালত মিঠা আলু বহুত ভাল লাগে, সকলোৱে বেলেগ বেলেগ ধৰণে খায়, কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক সেৱন কৰাটো উচিত নে নহয়? এই সন্দৰ্ভত আমি আপোনালোকক জনাম কিছু কথা…


ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, স্বাস্থ্যকৰ চৰ্বি, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কেৰটিনয়ড আৰু থাইয়ামিন আদি গুৰুত্বপূৰ্ণ পুষ্টি মিঠা আলুত পোৱা যায়।যিবোৰ স্বাস্থ্যৰ বাবে সকলো দিশতে উপকাৰী। কিন্তু যিহেতু ইয়াৰ সোৱাদ মিঠা, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাবলৈ ভয় কৰে।

খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱৰ মতে যিকোনো খাদ্য ৰন্ধা পদ্ধতিয়েই ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হ’ব নে বেছি হ’ব সেয়া নিৰ্ণয় কৰে। উচ্চ জি আই থকা যিকোনো বস্তু ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে। মিঠা আলুত ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে বহুতে ইয়াক খাবলৈ ভয় কৰে।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা মিঠা আলুত উচ্চ আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, কিন্তু ইয়াৰ খোলাৰে উতলাই খালে ডায়েবেটিছত ই উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

কিছুমান মানুহে মিঠা আলু তেলত ভাজি খায়, কিন্তু এনেদৰে কাব নালাগে। ই তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক। কেৱল সিজোৱা মিঠা আলু খাব লাগে। সপ্তাহত এবাৰ বা দুবাৰ সেৱন কৰিব পাৰে।