Home Blog Page 1322

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগতে সেৱা বাহিনীৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে তিতাবৰ জিলা শাখাৰ নামঘৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হয়। প্ৰাতঃ প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু নামপ্ৰসঙ্গৰ পাছতে দুপৰীয়া তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত আৰু সহকাৰী সম্পাদক প্ৰাচুৰ্য প্ৰতীম বৰাই আঁত ধৰা ধৰ্মালোচনী সভা উদ্বোধন কৰে সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ মাধৱদেৱ বঁটা প্ৰাপক ৰেৱানন্দ বৰুৱাই। অৰ্চনা ফুকনৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্জ্বল পাওগামে জিলা শাখাৰ বাৰ্ষিক আলোচনী ‘অমৃত নিজৰা’ আৰু তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ ৰাজখোৱাই ‘অনন্তকৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী’ শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে।

সঙ্ঘৰ দক্ষতা বিকাশ, আধ্যাত্মিক চিন্তন আৰু সংগঠনৰ সমন্বয়ক বিনীত বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা সভাত সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ শৰণ সদস্য প্ৰেম গোৱালা, ঘনকান্ত শইকীয়া, দাতা সদস্য প্ৰাণ কুৰ্মী, অজিত বৰা, দেৱেন বৰা, বিশ্বেশ্বৰ ফুকন, ডঃ অখিল কুমাৰ গগৈ, মূলৰ সদস্য, বিজু হাজৰিকা গুৰুজনাৰ নীতি -আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সঙ্ঘৰ একনিষ্ঠ সঙ্গী, কৃতী শিক্ষক প্ৰদীপ কুৰ্মী, ত্ৰৈলোক্য দেৱ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্য -মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। তিতাবৰৰ বিভিন্ন প্ৰান্তৰ সঙ্ঘৰ সঙ্গী তথা জিলা সেৱা বাহিনীৰ সেৱক-সেৱিকাসকল উপস্থিত থকা আৰু জিলা শাখাৰ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত এগৰাকী শিশু বক্তাইও ভাষণ প্ৰদান কৰা সভাত ইতিপূৰ্বে অনুস্থিত শিশু, যুৱ, আই-মাতৃ সমাৰোহৰ স্থান প্ৰাপ্ত সকলক বঁটা প্ৰদান কৰে। সভাৰ অন্তত পতাকা অবনমনৰ পাছত তিতাবৰ জিলা শাখাৰ শৰণ সদস্য অজিত বৰাই উদ্বোধন কৰা আৰু শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা প্ৰদৰ্শনেৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সেৱা বাহিনীৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে।

বিহদিয়া জাজিকোণাত অমৃত কলহ যাত্ৰাত মুখ্যমন্ত্ৰী শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিহদিয়া জাজিকোণাত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গাঁও পঞ্চায়তৰ পৰা শোভাযাত্ৰা কৰি মুঠ ১২ টা অমৃত কলহ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়লৈ যথোচিত মৰ্যাদা সহকাৰে লৈ যোৱা হয়।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ চোতালৰ পৰা মাটি অমৃত কলহত সংগ্ৰহ কৰি গাঁও পঞ্চায়ত নতুবা পৌৰ কাৰ্যালয়ত একত্ৰিত কৰা হৈছে। বিহদিয়া¸ জাজিকোণা উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটিখিনি উন্নয়ন খণ্ডত সংমিশ্ৰণ কৰি দুটা কলহত সংস্থাপিত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অৱশিষ্ট মাটিখিনি চৰকাৰে যেতিয়া উন্নয়ন খণ্ডটোত নতুন আঁচনি গ্ৰহণ কৰিব তাত ব্যৱহাৰ কৰা হ’ব। তেওঁ লগতে কয় যে নিৰ্বাচিত যুৱকৰ দ্বাৰা অহা ২৬ অক্টোবৰ তাৰিখে কলহ দুটা গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু ২৭ অক্টোবৰ তাৰিখে ইয়াৰে এটা কলহ নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। ভাষণ প্ৰসংগত ড০ শৰ্মাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে ভাৰত-চীন, ভাৰত-পাকিস্তান, কাৰ্গিল আদি যুদ্ধত যিসকল বীৰ সেনানীয়ে দেশৰ হকে প্ৰাণাহুতি দিলে তেওঁলোকৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া অমৃত উদ্যানত এই মাটি ব্যৱহাৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পৰিকল্পনাৰ আধাৰতে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা সৰ্বমুঠ ৭,৫০০ কলহত লৈ যোৱা মাটিৰে অমৃত বাটিকা নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। তেওঁ লগতে কয় যে অসমত যিকেইটা অৱশিষ্ট কলহ থাকিব সেই কলহৰ মাটি ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কনকলতা বৰুৱা জন্ম শতবাৰ্ষিকী উপলক্ষে তেখেতৰ স্মৃতিত গহপুৰত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব।

তেওঁ কয় যে অসমৰ প্ৰায় ৮০ লাখ পৰিয়ালে মাটি মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত দিল্লীৰ অমৃত বাটিকাৰ উপৰি গহপুৰত নিৰ্মাণ হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে এই পৱিত্ৰ মাটি দান কৰিছে আৰু এই কথাটো এই পৰিয়ালসমূহে সদায় গৌৰৱৰে স্মৰণ কৰি থাকিব পাৰিব। ভাৰতবৰ্ষত পূৰ্বতে এনেদৰে প্ৰতিটো পৰিয়ালৰ পৰা মাটি সংগ্ৰহ কৰি কোনো কাৰ্য সম্পাদিত হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ অসমত স্থাপন হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয় অথবা দিল্লীৰ অমৃত উদ্যানত যিসকলৰ লোকে মাটি দান কৰিলে তেওঁলোকে কেতিয়াবা তালৈ গ’লে তাত তেওঁলোকে নিজৰ গাঁৱখন, নিজৰ ৰাজ্যখনৰ প্ৰতিচ্ছৱি দেখা পাব বুলি উল্লেখ কৰে। অমৃত কলহ যাত্ৰালৈ জনসাধাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে সহযোগিতা আগবঢ়াইছে বুলি মন্তব্য কৰি তেওঁ কয় যে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীলৈ জনসাধাৰণে যিদৰে পৱিত্ৰ মনেৰে মাটি আগবঢ়ালে সিয়ে প্ৰমাণ কৰে যে ৰাজ্যখনৰ জনসাধাৰণে নতুন, মংগলময় আৰু পৱিত্ৰ অসমৰ কথা চিন্তা কৰে।


ভাষণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ উন্নয়নৰ দ্বাৰাহে ৰাজ্য তথা দেশখন আগুৱাই লৈ যোৱা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে য’ত সকলো দুখীয়া-দৰিদ্ৰ লোকে অলপ হ’লেও সহায় আৰু সকাহ লাভ কৰি জীৱনৰ বাটত আগুৱাই যাব পাৰে। তেওঁ কয় যে এতিয়ালৈকে যিসমূহ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰা নাই সেই পৰিয়ালসমূহক ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। এই ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালসমূহে চাউলৰ উপৰিও বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয়ৰ আঁচনিখন অনুসৰণ কৰি এতিয়া ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যৰ চৰকাৰসমূহেও অনুৰূপ ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বৰ্তমানলৈকে ১৯ লাখ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত মাহতে ৭ লাখ আৰু পৰৱৰ্তী সময়ত ৮ লাখ হিতাধিকাৰীক এই আঁচনিৰে সামৰি লোৱা হ’ব। ইয়াৰ ফলত ৰাজ্যখনৰ ৬২ লাখ পৰিয়ালৰ ভিতৰত ৩৫ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ড০ শৰ্মাই লগতে সদৰি কৰে যে মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ গ্ৰহণ কৰা ৰাজ্যখনৰ মহিলা সকলক ঋণমুক্ত কৰাৰ লক্ষ্যৰে যিসকল মহিলাই ২৫ হাজাৰ টকালৈ ঋণ আছিল তেওঁলোকে ঋণ পৰিশোধ কৰাৰ এন অ’ চি দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে ভৱিষ্যতে এই মহিলাসকলে ঋণ ল’ব পাৰে। তদুপৰি যিসকল মহিলাৰ ৫০ হাজাৰ টকালৈকে ঋণ পৰিশোধ কৰিবলগীয়া আছে তেওঁলোকৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলিও তেওঁ কয়।

তেওঁ লগতে মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক নিজৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায়, উদ্যোগ আদি স্থাপনৰ বাবে ১০ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰি কয় যে সমাগত দুৰ্গা পূজাৰ পিছতে এই সম্বন্ধীয় যাৱতীয় পদক্ষেপ ৰাজ্য চৰকাৰে আৰম্ভ কৰিব। বৰ্তমানলৈ ৰাজ্যখনত মেধাৰ ভিত্তিত ৯০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে আৰক্ষী বিভাগত ৬ হাজাৰ পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু অতিশীঘ্ৰে আন আন বিভাগৰ ১৫ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’ব খোজা যুৱক-যুৱতীৰ পৰা ৰাজ্য চৰকাৰে বৰ্তমানলৈকে ২ লাখ ২০ হাজাৰ আৱেদন লাভ কৰিছে বুলিও তেওঁ সদৰি কৰে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক পৰিৱেশ আৰম্ভ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে অতি সোনকালে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ চাইকেল প্ৰদান কৰিব। তদুপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক চলিত বৰ্ষৰ ভিতৰত স্কুটী দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি দেশৰ ৫ খন আগশাৰীৰ ৰাজ্য ভিতৰত অসমক এখন হিচাপে গঢ়ি তুলিবলৈ বুলি ৰাইজৰ সহায় সহযোগিতা বিচাৰে।


আজিৰ এই অনুষ্ঠানৰ পিছত মুখ্যমন্ত্ৰীয়ে বিহদিয়া জাজিকোণা উন্নয়ন খণ্ডৰ চৌহদত এম এনৰেগা আঁচনিৰ অধীনত প্ৰায় ২৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী ভৱন এটা উদ্বোধন কৰে।
আজিৰ এই অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা , সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত সদৰ কাজী আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ অভিনন্দন ‘স্বৰাট’ গ্ৰন্থ উন্মোচন

উজনি অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ইছলামিক বিজ্ঞ পণ্ডিত, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিৱসাগৰ সদৰ কাজী, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ কৃতি আৰু কৰ্মক সামৰি প্ৰস্তুত কৰি উলিওৱা এখনি অভিনন্দন গ্ৰন্থ দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰত উন্মোচন কৰা হয়। ৮৪ বছৰত ভৰি দিয়া এইগৰাকী বৰ্ষীয়ান শিক্ষাবিদৰ জীৱন আৰু কৰ্মক সামৰি প্ৰস্তুত কৰা অভিনন্দন গ্ৰন্থখনি আজি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত উন্মোচন কৰে অৱসৰপ্ৰাপ্ত উজনি অসম আয়ুক্ত ইফটিকাৰ হুছেইনে।

স্বৰাট নামৰ প্ৰায় আঢ়ৈশ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰি হুছেইনে কবীৰ চাহাবক গোড়ামিৰ পৰা আঁতৰত অৱস্থান কৰা এগৰাকী মানৱতাবাদী ধাৰ্মিক পুৰুষ বুলি অভিহিত কৰে। কবীৰ চাহাবৰ একালৰ সহকৰ্মী, বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, গড়গাঁও কলেজৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই ভাষণ প্ৰসংগত কয়–চৈয়দ আহমদ কবীৰ চাহাব এজন নৈষ্ঠীক মুছলমান ব্যক্তি। ইছলামিক ধৰ্ম চৰ্চাৰ মাজেৰে তেওঁ মানৱতাবাদৰ অধ্যয়ন কৰিছিল আৰু সেই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাত সফল হৈছিল। ডঃ মহন্তই কবীৰ চাহাবক এগৰাকী শিক্ষাৰ্থী হিতৈষী, অধ্যয়ন পুষ্ট, ছাত্ৰকেন্দ্ৰিক শিক্ষক আছিল বুলি অভিহিত কৰে।

নৱনীত হাজৰিকাই আঁত ধৰা, চেভি আখতাৰে বৰগীত আৰু অলকা কলা সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰৰ শিল্পীসকলে জিকিৰ পৰিবেশন কৰা অনুষ্ঠানটিত কবীৰ চাহাবৰ জীৱন কৰ্ম সামৰি এখনি তথ্য চিত্ৰও প্ৰদৰ্শন কৰা হয়। তথ্যচিত্ৰ খনি মুকলি কৰে বিশিষ্ট সাহিত্যিক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা চৈয়দ আনিচুৰ ৰহমান আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত অভিযন্তা চৈয়দ আহমেদ চাগীৰে। অনুষ্ঠানত পৰিয়ালবৰ্গৰ তৰফৰ পৰা ‘স্বৰাট’ ৰ সম্পাদক চাদিকুৰ ৰহমান আৰু নজিউল্লা হাজৰিকাৰ লগতে সম্পাদনা সমিতিৰ সদস্য সকল আৰু তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে জড়িত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰা হয়।

উল্লেখ্য যে, ১৯৪০ চনৰ ২৬ আগষ্টত যোৰহাট কাকজানৰ দেৱান ভৰলুৱা গাঁৱত জন্মগ্ৰহণ কৰা আহমদ কবীৰে ধাইআলি ২ নং ল’ৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু শিৱসাগৰ হাইমাদ্ৰাছাত ষষ্ঠ শ্ৰেণীলৈকে পঢ়াৰ পিছত পৰৱৰ্তী সময়ত উত্তৰপ্ৰদেশৰ দেওবন্দ মাদ্ৰাছাত ৭ টা বছৰ পঢ়ি ফজিল -এ -দেওবন্দ হৈ ঘৰলৈ উভতি আহে। শিৱসাগৰ হাইমাদ্ৰাছাত ১৯৬৪ পৰা ১৯৬৭ চনলৈ আৰবী শিক্ষক হিচাপে কৰ্মৰত আছিল যদিও সেই বৰ্ষতে পিতৃৰ বিয়োগ হোৱাত পিছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থায়ীভাৱে আৰবী শিক্ষক পদত যোগদান কৰি ১৯৯৯ চনত উক্ত বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে।

প্ৰায় তিনিটা দশক ধৰি শিক্ষকতা বৃত্তিৰ লগত জড়িত হোৱাৰ সমান্তৰালকৈ শিৱসাগৰ সদৰ কাজীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি প্ৰায় ৫৫ টা বছৰ সেৱা আগবঢ়াই চলিত বৰ্ষত স্বাস্থ্যজনিত কাৰণত তেখেতে উক্ত দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে। সদৰ কাজী হিচাপে কাৰ্যনিৰ্বাহ কৰা সুদীৰ্ঘ সময়চোৱাত তেখেতে প্ৰায় পাঁচ হাজাৰৰো অধিক বিবাহ কাৰ্য সম্পাদন কৰিছিল। বহু অনুষ্ঠানৰ সৈতে সক্রিয়ভাবে জড়িত থকা আহমদ কবীৰে প্রায় শতাধিক ধর্মীয় তত্ত্বগধূৰ লিখনি প্রকাশ কৰাৰ লগতে তেখেতে ৰচনা কৰি উলিয়াইছে— ইছলামী জীৱন (প্রথম, দ্বিতীয়, তৃতীয় খণ্ড), কোৰাণ শ্বৰীফৰ চুৰা য়াচিনৰ তৰ্জমা আৰু চমু তফচীৰ, ত্বাহাৰত, হজ আৰু জিয়াৰত, মেহমানে হৰম, ঈমান আদি গ্রন্থ। এইগৰাকী অৱসৰপ্ৰাপ্ত সদৰ কাজী,বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ জীৱন আৰু কৰ্মক সামৰি পৰিয়ালবৰ্গৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰা আজিৰ অনুষ্ঠানতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠান সমূহ আছিল ক্ৰমে খগেন্দ্ৰনাথ ভূঞা, মণিকা শইকীয়া, চৈয়দ হাইদৰ হুছেইন, চাইৰা ইছলাম বড়া, নাজিমুদ্দিন আহমেদ, অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি, শিৱসাগৰ দ্বীনি মাদ্ৰাছা, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা বার্তাজীৱী সংঘ, শিৱসাগৰ প্ৰগ্ৰেচিভ একাডেমী, শিৱসাগৰ হাই মাদ্ৰাছা পৰিয়াল, ধাই আলি ল’ৰা প্ৰাথমিক বিদ্যালয়, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, ধাই আলি ছোৱালী প্ৰাথমিক বিদ্যালয়, বাঘ হাজৰিকা জাগৰণ মঞ্চ, সুৰ জাগৃতি মঞ্চ, আমগুৰি বৰ মছজিদ পৰিচালনা সমিতি, আমগুৰি গাঁও যুৱ জামাত, মাদ্ৰাতাছতুল বানাত, উজনি অসম মুছলিম কল্যাণ পৰিষদ, ইউ টিউব চেনেল অভিযান.. the mission, বয়তুল মাল পৰিচালনা সমিতি, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, ৰংঘৰ চাৰি আলি মছজিদ জামাত, ৰংঘৰ চাৰি আলি যুৱ জামাত, ন- মছজিদ পৰিচালনা সমিতি, বেপাৰীপট্ৰী মছজিদ পৰিচালনা সমিতি, বাৰেঘৰীয়া মছজিদ পৰিচালনা সমিতি, হাতীখোক ক্ৰীড়া সন্থা, শিৱসাগৰ লেখিকা সমাৰোহৰ পৰা জ্বলিআৰা বেগম,ৰংঘৰ চাৰি আলি গাঁওৰক্ষী বাহিনী, তৰুণসংঘ ৰিডিং ক্লাব, শিৱসাগৰ লাঠি স্পৰ্টছ এছচিয়েচন, জয়সাগৰ গাওঁৰক্ষী বাহিনী, অৰুণোদয় শাখা সাহিত্য সভা, অনূভূতি এন জি অ, নৱউদিত সমাজ, ড: ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতি, খিলঞ্জীয়া মুছলমান সাহিত্য চৰ্চা মঞ্চ,অৱসৰপ্ৰাপ্ত শিক্ষক নাজিমুদ্দিন আহমদ, বাবুপট্ৰী মছজিদ পৰিচালনা সমিতি,শিৱসাগৰ হজ কমিটি, প্ৰয়াত ইছমাইল আলিৰ পৰিয়ালবৰ্গ আদি। অনুষ্ঠানৰ শেষত পৰিয়ালবৰ্গৰ শলাগৰ গুৱাপান আগবঢ়াই চৈয়দ মহম্মদ বাকিৰে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ উদযাপন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰতিকুল বতৰক নেওচি অনুষ্ঠিত হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন অন্তিম তথা সপ্তম দিনৰ কাৰ্যসূচী। জাতীয় সংগীতেৰে আৰম্ভ হয় আজিৰ কাৰ্যসূচী। সভাৰ সভাপতিত্ব কৰে বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ শ্ৰী প্ৰদীপ্ত বৰুৱা।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে। সভাত উপস্থিত থকা মান্য গন্য ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সভাত বন্যপ্ৰাণী সংৰক্ষণ,জৈৱ বৈচিত্ৰ্য ৰক্ষনাবেক্ষণ আদিৰ গুৰুত্ব সম্পৰ্কে,তথা বিভিন্ন সময়ত,বিভিন্ন কাৰণত উদ্যানৰ পৰা জনবসতি অঞ্চললৈ ওলাই অহা বনৰীয়া জীৱ-জন্তুক ৰক্ষনা বেক্ষণ, ৰাইজৰ সহায় সহযোগিতা, সজাগতা আদিৰ বিষয়ে সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

বৰ্তমান পৰ্যটক সকলৰ বাবে বিভিন্ন সমস্যাৰ সমাধান ক্ষেত্ৰত উদ্যান কতৃপক্ষই নতুনকৈ কেইবাটাও তাম্বোটেন্ড, ৰেষ্টোৰেন্ট আৰু দুটাকৈ ব্যক্তিগত অতিথিশালা গঢ়ি তুলিছে আৰু নতুনকৈ সংযোজন হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ২০০ বৰ্গ কিলোমিটাৰ হোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত মিলিত হোৱাৰ পথ ওলাইছে।যাৰ ফলস্বৰুপে উদ্যান খনৰ জীৱ জন্তুৰ বিচৰণ কৰাৰ সুবিধা জনক হ’ব বুলি জনায় বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ প্ৰদীপ্ত বৰুৱাই।


যোৱা সাত দিন ধৰি উদ্যান কতৃপক্ষই চলাই যোৱা চিত্ৰাংকন প্ৰতিযোগিতা নলবাৰী প্ৰাথমিক বিদ্যালয়,ৰঙাগড়া শান্তিময় একাডেমী,দলবাৰী কছাৰী প্ৰাথমিক বিদ্যালয়,ফটাশিমুলু মধ্য ইংৰাজী বিদ্যালয় আৰু বইৰালী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্যান কতৃপক্ষই এখনি মান পত্ৰ আৰু বটাৰে পুৰস্কৃত কৰা হয়। আজিৰ সভাত উপস্থিত থাকে সভাত উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা বন‌ সংমণ্ডল প্ৰাধিকাৰী বিষয়া মঙ্গলদৈ প্ৰদীপ্ত বৰুৱা,‌ৰাজিব হাজৰিকা সহ বন‌ সংৰক্ষক ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দীপজ্যোতি দেউৰী, আঞ্চলিক বন‌ বিযষয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিলীপ নাথ জেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজ কৰ্মী,ঢেকিয়াজুলি আব্দুল আজিজ জেষ্ঠ সাংবাদিক দলগাঁও, আব্দুল মালেক যুৱ সমাজ সংগঠক শিলবৰী লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক, গাঁও ৰক্ষী বাহিনী সম্পাদক, সভাপতি,ই.ডি.চি.সমিতিৰ সদস্য, সভাপতি,পিচাৰ কৰ্মী সকল সভাত উপস্থিত থাকে।

তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীৰ বিজেপি দল ত্যাগ-অচিৰেই যোগ দিব বিপিএফ দলত

তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰে। তামুলপুৰ প্ৰেছ ক্লাবত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক , ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক ইমানুৱেল মছাহাৰীয়ে এই কথা সদৰী কৰে ।

উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি ২০২০ চনৰ ২২ নৱেম্বৰত গেৰুৱা বসন পিন্ধিছিল । সংবাদ মেলত তেওঁৰ পদত্যাগৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে তেওঁ পঞ্চাছ হাজাৰ লোক লগত লৈ বিশাল সমাবেশৰ আয়োজন কৰি বিজেপি দলত যোগদান কৰিছিল ৷ বিজেপিয়ে মূলতঃ তেওঁক বিশ্বাসত নোলোৱাৰ অভিযোগ কৰি বিজেপি ত্যাগ কৰা বুলি তেওঁ সদৰী কৰে ।


অৱশ্যে বিজেপি দল আৰু চৰকাৰখনে বিকাশৰ ক্ষেত্ৰত কাম কৰি যোৱা বুলি তেওঁ মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে বিটিচি অঞ্চলত ইউপিপিএল দলে মুখ্য ভূমিকা পালন কৰাত ব্যৰ্থ হোৱা বুলিও মছাহাৰীয়ে মন্তব্য কৰে ।
তেওঁ কয় আগৰ কাউন্সিল আৰু বৰ্তমানৰ কাউন্সিলৰ মাজত পাৰ্থক্য আছে । আগৰ কাউঞ্চিলৰ ক্ষমতা বৰ্তমান নাই৷

বিটিআৰত ৰাজহ সংগ্ৰহৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত বিটিচি কাউন্সিলৰ ক্ষমতা লোপ পাইছে । উল্লেখযোগ্য যে
প্ৰাক্তন বিধায়ক গৰাকী বিপিএফ দলৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে বিপিএফ দলৰ পৰা তামুলপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ইতিমধ্যে ইমানুৱেল মছাহাৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতালৈ প্ৰেৰণ কৰিছে । সংবাদ মেলখনত ইমানুৱেল মছাহাৰীৰ লগতে তেওঁৰ কেইবাজনো সমৰ্থকে অংশগ্ৰহণ কৰে ।

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং…

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী! ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত এতিয়ালৈকে অনুষ্ঠিত হোৱা খেলসমূহত খালী ষ্টেণ্ড দেখা গৈছে। ভাৰত বনাম অষ্ট্ৰেলিয়া খেলতো বহুতো খালী চকী দেখা গৈছিল। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখনত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত খালী আসনও দেখা গৈছিল।

ইয়াৰ পূৰ্বে, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ উদ্বোধনী খেলখনত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰায় আধা খালী ষ্টেডিয়াম দেখা গৈছিল। পিছত, বাংলাদেশ বনাম আফগানিস্তান খেলৰ বাবে ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামৰ লগতে দিল্লীত দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা সংঘৰ্ষতো খালী ষ্টেডিয়াম দেখা গৈছিল। অৱশ্যে, ৰাতি অনুৰাগীসকলে বেছিভাগ আসন দখল কৰিছিল।

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি…

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি। আজিৰে পৰা নাজিৰাৰ আঠখেল খেলপথাৰত মহিলাৰ বাবে ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আঠখেল লিঅ’ ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধ তাৰ সহযোগত ১৫ দিনৰ বাবে এই প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। ১০ বছৰ উৰ্ধৰ আৰু ১৮ বছৰ অনুৰ্ধ্ব প্ৰায় ৭৩ গৰাকী যুৱতীয়ে এই ফুটবল প্ৰশিক্ষণ শিবিৰত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰত যদি ইছ্যুক যুৱতীয়ে প্ৰশিক্ষণ লব বিচাৰে তেন্তে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে। আজিৰ এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা কাৰ্য্যসূচীত ভালে কেইজন সচেতন, সামাজিক আৰু ক্ৰীড়াৰ লগত জড়িত ব্যক্তি সকল উপস্থিত থাকে। উপস্থিত থাকে গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰ, গেলেকী আৰক্ষী থানাৰ উপ পৰিদৰ্শক টুনীৰাম বৰুৱা,তেল আৰু প্ৰাকৃতিক গেছ নিগম গেলেকী তৈল ক্ষেত্ৰৰ জি জি এছ থ্ৰীৰ এৰিয়া মেনেজাৰ শান্তনু মেঢক আৰু লিঅ’ ষ্টাৰ ক্লাবৰ কৰ্মকৰ্তা সকল।

বিহাৰৰ লেখীয়াকৈ ৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে…

কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এনে সময়তে কেইবা খনো ৰাজ্যৰ জনতাই জাতিগত লোক পিয়ল বিচাৰি থকাৰ সময়তে কংগ্ৰেছে এই বিষয়টোক এইবেলি নিৰ্বাচনী অস্ত্ৰ হিচাবে গ্ৰহণ কৰিছে। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে জাতিগত লোকপিয়ল সম্পন্ন কৰাৰ পিছত এইবাৰ কংগ্ৰেছে বিহাৰৰ দৰেই কেইবাখনো ৰাজ্যত জাতিগত জৰীপৰ প্ৰতিশ্ৰুতি দিছে। সেইমৰ্মে কংগ্ৰেছেৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ছত্তীশগড়ত এক ৰেলী সম্বোধন কৰি ৰাজ্যখনত জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও দলটো ৰাজ্য খনত পুনৰ ক্ষমতালৈ আহিলে জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখ্য বিহাৰ চৰকাৰে চলিত সপ্তাহৰ আৰম্ভণিতে ইয়াৰ জাতি জৰীপৰ তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতে জাতিগত লোকপিয়লৰ বাবে বিভিন্ন ৰাজ্যত উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলটোৰ ৰায়পুৰ অধিৱেশনত জাতিগত লোকপিয়লৰ পোষকতা কৰি কৈছিল যে কংগ্ৰেছে ইয়াৰ আধাৰত ইয়াত কৰিব। ৰাজস্থান চৰকাৰেও বিহাৰৰ দৰে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব বুলি গেহলটে ঘোষণা কৰে।

তেওঁ কয় যে জনসংখ্যা অনুসৰি জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবেই জাতিগত লোক পিয়লৰ পোষকতা কৰা হৈছে।তেওঁ কয় যে ৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে “মই ঘোষণা কৰোঁ যে যদি কংগ্ৰেছে ছত্তীশগড়ত পুনৰ চৰকাৰ গঠন কৰে, তেন্তে বিহাৰৰ দৰে, আমিও ৰাজ্যখনত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিম,”। উল্লেখ্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনমুখী ছত্তীশগড়ৰ কাঙ্কেৰত এক ৰাজহুৱা অনুষ্ঠানত এই ঘোষণা কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ “থলুৱা” মুছলমান উপ-গোটসমূহৰ আৰ্থ-সামাজিক জৰীপৰ কথা ঘোষণা কৰিছে। ইপিনে বিজেপিয়ে হিন্দুসকলক জাতিগত ভিত্তিত বিভাজন কৰিবলৈ বিৰোধীয়ে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী দলবোৰে ইয়াক জাতিৰ ভিত্তিত বিজেপিৰ ভোট বেংক ভাঙিবলৈ এটা সুযোগ হিচাপে গ্ৰহণ কৰিছে।

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ তিনিকুৰিৰোধিক পৰিয়ালৰ বাসগৃহ : পৌৰ নিৰ্বাচনৰ প্ৰাকমূহুত্বত দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই…

ঐতিৰ্যমণ্ডিত নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলকে ধৰি কুমাৰ গাওঁ , চানবছা , সন্দিকৈ , কমাৰ গাওঁ, বাউলী মৈদাম , সোন্দৰ পুখুৰী আদি এলেকাৰ শতাধিক পৰিয়ালৰ ঘৰ – দোৱাৰ , কৃষি ভূমি দিখৌ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে । অৱশিষ্ট যি কেইটা পৰিয়ালৰ গৃহ , কৃষি ভূমি বাকী আছে সেইসমূহো দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । ক্ষতিগ্ৰস্ত পৰিয়ালে জীৱন আৰু সম্পত্তি ৰক্ষাৰ আশংকাত পৰি সামৰ্থৱান লোক কেইঘৰ মানে অন্য স্থানত মাটি ক্ৰমে কৰি ঘৰ সাজি বসৱাস কৰিছে যদিও শ শ পৰিয়াল এতিয়াও ভয়াৱহ জীৱন – যাপন কৰিব লগাত পৰিছে । চৰকাৰে ভূমিহীন আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে বহু সময়ত বহু আচঁনি গ্ৰহণ কৰি বাচকবণীয়া পৰিয়ালক সংস্থাপিত কৰিছে যদিও নাজিৰা সমষ্টিৰ এই সমূহ পৰিয়ালৈ দৃষ্টি নিক্ষেপ কৰিবলৈ আহৰি পোৱা নাই । বিগত পৌৰসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত জলসম্পদ আৰু বাননিয়ত্ৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাই নাজিৰা নগৰৰ এক নং ৱাৰ্ডৰ ওপৰ নাজিৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি অঞ্চলটোৰ প্ৰায় তিনিকুৰিৰোধিক পৰিয়াল দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম দেখা পাই এই পৰিয়াল সমূহক এসপ্তাহৰ ভিতৰত তথা পৌৰ নিৰ্বাচনৰ পিছতে অন্য স্থানত ভূমি আৱণ্টনেৰে পুনৰ সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই প্ৰতিশ্ৰতি পাই এক নং ৱাৰ্ডৰ নাগৰিকে কোনো যোগ্যতা বিবেচনা নকৰি বি জে পিৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰায় ।

কিন্তু চৰম পৰিতাপৰ বিষয় নাজিৰা পৌৰসভা বি জে পি দলৰ দখললৈ অহাৰ পিছত আজি দুটা বছৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি পাহৰিলে । পুনৰ সংস্থাপিত কৰাটো দূৰৰে কথা অঞ্চলটোৰ দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবেও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । স্থানী যা ৰাইজে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু দিখৌৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক আবেদন – নিবেদন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই । অৱশেষত সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেৰ্তৃত্বত এটা সজাতি দলে ওপৰ নাজিৰা অঞ্চল পৰিভ্ৰমণ কৰে আৰু অনুসূচীত জাতিৰ এই লোক সকলক নদীৰ বুকুত জাহ যাবলৈ এৰি দিয়া তথা মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰম ব্যৰ্থ হোৱাত আক্ষেপ প্ৰকাশ কৰে । চলিত সপ্তাহৰ ভিতৰত ওপৰ নাজিৰা অঞ্চলৰ এই দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিয়ালক পুনৰ সংস্থাপিত কৰাৰ লগতে দিখৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে সদৌ অসম অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদে জনগণৰ জীৱন – সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে।

বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ সংচিত্ৰ মুকলি…

নতুন প্ৰজন্মক প্ৰকৃতিৰ উপাদানসমূহ চিনাকী কৰি দিয়াৰ এক পদক্ষেপ। প্ৰথম পদক্ষেপ হিচাপে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সৈতে সংগতি ৰাখি পক্ষীৰ নামেৰে স্বৰবৰ্ণ পৰিচয়মূলক ‘সেউজ বৰ্ণমালা’ৰ প্ৰথমখন সংচিত্ৰ মুকলি।

পু এন ফ’ ৱাইল্ডৰ হৈ মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া, বিমান সন্দিকৈ আৰু ধৰ্মেশ্বৰ নাথে প্ৰস্তুত কৰা সংচিত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক ইন্দিবৰ বুঢ়াগোহাঞি আৰু বিশিষ্ট কবি জয়চন্দ্ৰ হাজৰিকাই।