Home Blog Page 1326

১৩ অক্টোবৰত চিত্ৰগৃহলৈ আহি আছে ‘বীৰ’

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই আহি আছে এখন বহুচৰ্চিত ৰোমান্টিক তথা এক্সনধর্মী ছবি। অসমৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই চিত্ৰগৃহলৈ আহি আছে- ‘বীৰ’ । অহা ১৩ অক্টোবৰত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিত্ৰগৃহত দৰ্শকে উপভোগ পাৰিব ‘বীৰ’।


ড্ৰাগছ, মদৰ দৰে নিচাজাতীয় সামগ্ৰীয়ে যুৱ প্ৰজন্মৰ মাজত সৃষ্টি কৰা ত্ৰাস আৰু সমাজত অসমাজিক কৰ্মৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কৰা প্ৰতিবাদক মূল উপজীৱ্য হিচাবে লৈ ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে। দর্শকে ছবিখনৰ জৰিয়তে লাভ কৰিব এটা সুন্দৰ সামাজিক বাৰ্তা। ‘বীৰ’ৰ মূল চৰিত্ৰ সমূহত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাজ , ননীশ্ৰী দাস, পল ফুকন, মুকুল দাস, ভৱেশ দাস, অনয়া ব্ৰহ্ম, বাবলি বৰা, প্ৰিয়া পি শৰ্মা, ছাজু আহমেদ, ৰক্তিম ৰাজ, জোন সাগৰ, প্ৰিন্স, মীনৰ’, ওম কাশ্যপ, মাণিক ৰয়, অনিন্দিতা ৰুদৰাজে।


আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক নাৰায়ণ শীলৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে এই ছবিখন চম্পাৱতী ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে দীপ্তি ইছলাম আৰু খুছবু বেগমে। ছবিখনৰ পাণ্ডুলিপি আৰু সংলাপ ঋষি কলিতাৰ।

আনহাতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে কুকিল সিনহাই । ছবিখনত সন্নিবিষ্ট গীত কেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু অনায়া ব্ৰহ্মই।


‘বীৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিধা বৰা, সুশান্ত বৰ্মন, মিন্টু বৰ্মন আৰু চনু ডেকাই । ছবিখনৰ ডি আই- সুজিত বৰা(মুম্বাই) । সম্পাদনা- ৰাজু গগৈ, কৰিঅ’গ্ৰাফী- কমল নাথ(মুম্বাই), চাউণ্ড মিক্সিঙ- যতীন শৰ্মা , এক্সন- ৰমেশ ৰয় (মুম্বাই ), মেকাপ আৰ্টিষ্ট- পলি গগৈ, কছটিউম- মন্দিৰা গগৈ।


ছবিখন সন্দৰ্ভত পৰিচালক নাৰায়ণ শীলে জনাইছে যে ইতিমধ্যে ছবিখন মুক্তি দিয়াৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। দৰ্শকে ছবিখন আদৰি লব বুলি তেওঁ আশাবাদী । অসমৰ বিভিন্ন লোকেচনৰ লগতে গুৱাহাটীৰ জ্যোতি চিত্ৰবন, চন্দ্ৰপুৰ, পানবাৰী, শংকৰদেৱ ষ্টুডিঅ’ৰ উপৰিও মেঘালয়ৰ চেৰাপুঞ্জীৰ বহু নান্দনিক পৰিৱেশত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । পৰিয়ালৰ সকলোৰে উপভোগ্য ‘বীৰ’ চাবলৈ এতিয়া অপেক্ষা মাথোঁ ১৩ অক্টোবৰলৈ।

-নজৰুল হক

বৰপেটাৰোডত মৰ্মান্তিক ঘটনা, নতুন গাড়ীয়েই যেন কাল হ’ল পাঁচ বন্ধুৰ!

বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰী আৰক্ষী পোহৰা চকীৰ সন্মুখতে বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

ডাম্পাৰ- অলটোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন যুৱকৰ মৃত্যু আনহাতে গুৰুতৰ ভাৱে আহত তিনিজন।

আহত যুৱককেইজনক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি ৰয় আৰু আমগুৰি টেঙা গাঁৱৰ নিৰ্মল দাস বুলি জানিব পৰা গৈছে ৷


আনহাতে গুৰুতৰভাৱে আহত হোৱা লোক তিনিজন ক্ৰমে জিতুমনি ৰয়,দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয় বুলি জানিব পৰা গৈছে ৷


সৰভোগৰ এই পাঁচ গৰাকী বন্ধুৱে ALTO K10 বাহনেৰে মাজনিশা হাউলীৰ পৰা সৰভোগ অভিমুখে আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুৰ DIVERSION আহি পোৱাৰ লগে লগে
বিপৰীত দিশৰ পৰা গৈ থকা AS 28C 9035 নম্বৰৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷


জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱকজনে নতুন পাৰ্লাৰৰ ব্যৱসায়ৰ আৰম্ভ কৰিছিল। দুৰ্ঘটনাত পতিত হোৱা ALTO K 10 গাড়ীখন বুধবাৰে ক্ৰয় কৰিছিল সৰভোগত নতুনকৈ মুকলি কৰা এটি নতুন শ্ব’ৰুমৰ পৰা৷ নিশা বন্ধুসকলক লৈ ক্ৰয় কৰা নতুন বাহনখনেৰে নিশা ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷
উক্ত ঘটনাৰ পিছতে সমগ্ৰ সৰভোগৰ অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে।

“ৰাজ্যৰ জনসাধাৰণে অনিয়ন্ত্ৰিত বিদ্যুৎ মাচুল আদায় দিবলৈ অসমৰ্থ হৈ পৰিছে, চৰকাৰ নিৰ্লিপ্ত…”

বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটী মানবেন্দ্ৰ শৰ্মা সোঁৱৰণী খেলপথাৰত চৰকাৰৰ বিৰুদ্ধে চাৰ্কুলাৰ দাহ আৰু কংগ্ৰেছ দল শাসনলৈ আহিলে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰে শপত বাক্য পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে কয়,”ৰাজ্যৰ জনসাধাৰণে অনিয়ন্ত্ৰিত বিদ্যুৎ মাচুল আদায় দিবলৈ অসমৰ্থ হৈ পৰিছে। চৰকাৰ নিৰ্লিপ্ত। মিছা প্রতিশ্ৰুতি আৰু চাৰ্কুলাৰ প্ৰদান যেন চৰকাৰৰ অভ্যাস হৈ পৰিছে। দৈনিক অভাৱনীয় ভাৱে মূল্য বৃদ্ধি আৰু বিদ্যুৎৰ মাচুলৰ অতিৰিক্ত বোজাই জনতাক কোঙা কৰি পেলাইছে”।

তেজপুৰত আমছুৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকক আধাৰ কাৰ্ড প্ৰদান কৰা, চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমান লোকক বসুন্ধৰা ২.০ আঁচনিত অন্তৰ্ভূক্ত কৰা, অসমৰ বিভিন্ন প্ৰান্তত হোৱা গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।


উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন, মিন্নাতুল ইছলাম,উপ সভাপতি মুয়িদুল ইছলাম, নজৰুল ইছলাম মিৰ্ধা, শোণিতপুৰ জিলা সমিতিৰ সভাপতি শুকুৰ আলী,সাধাৰণ সম্পাদক আইনুল ইছলাম, আফতাব আলমৰ লগতে আমছু শোণিতপুৰ জিলা সমিতিৰ আৰু জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতি সমূহৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

হিয়া দাসলৈ ‘চোতালৰ পখিলা’ যুৱ প্ৰতিভা বঁটা, মানটাছা, হৃষীকেশ, ৰিতেশ আৰু ময়ূৰৰঞ্জনলৈ কিশোৰ প্ৰতিভাৰ আশীৰ্বাদ

শুৱালকুছিৰ উদীয়মান লেখিকা হিয়া দাসলৈ ‘চোতালৰ পখিলা’ই আগবঢ়াইছে ‘চোতালৰ পখিলা’ বিশেষ যুৱ প্ৰতিভা বঁটা।

অসমীয়া শিশু আলোচনীবোৰৰ লগতে বাতৰি কাকততো শিশু গল্প, উপন্যাস লিখি আছে বিশেষ ভাৱে সক্ষম যুৱ লেখিকাগৰাকীয়ে। তদুপৰি তেওঁ এগৰাকী কবি হিচাপেও পৰিচিত।

ইতিমধ্যে তেওঁৰ দুখন গ্ৰন্থও প্ৰকাশ হৈছে আৰু কেইবাটাও বঁটা লাভ কৰিছে।

আনহাতে, ২০ টি শিশুৰ লগতে ‘বিশেষ কিশোৰ প্ৰতিভাৰ আশীৰ্বাদ ‘ আগবঢ়োৱা হৈছে মানটাছা জাহাংগীৰ, ৰিতেশ শৰ্মা, ময়ূৰৰঞ্জন বৰুৱা আৰু হৃষীকেশ গোস্বামীলৈ।

বঁটাসমূহ অহা ১৫অক্টোবৰত গুৱাহাটী লতাশিলৰ বিষ্ণু-নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত অনুস্থিত হ’ব লগীয়া ‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তি আৰু বঁটা-সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ’ব।

ছিকিমত ৰুষ্ট প্ৰকৃতিৰ ভয়ংকৰ ৰূপ, ১৪জনৰ মৃতদেহ উদ্ধাৰ; এতিয়াও সন্ধানহীন ২২ সেনাসহ ১০২ গৰাকী

ছিকিমত বিভীষিকা। ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত এই পৰ্যন্ত ১৪জন লোকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন ২২ গৰাকী সেনাসহ ১০২ গৰাকী লোক। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ ভিতৰত এজন সেনা জোৱানক উদ্ধাৰ কৰা হৈছে।

ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে।

উত্তৰ ছিকিমৰ তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত মাংগান, পাকয়ং আৰু গেংটকত সৰ্বাধিক ক্ষতি হৈছে। ছিকিমৰ বহু অঞ্চলত এতিয়াও ২০০০ৰো অধিক লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে। ভাৰতীয় সেনাই ছিকিমত নিখোজ সেনা জোৱানসহ সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হ’ল-

পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8756991895
উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8750887741
সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ – 7588302011

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অতি সোনকালে বি টি আৰবাসীৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত যথেষ্টসংখ্যক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা আৰু ৰেচন কাৰ্ড প্ৰদান কৰিম”৷

লগতে ধমধমাৰ পৰা তামুলপুৰলৈ প্ৰায় ২৬ কিল’মিটাৰ পথ অসম মালাৰ অধীনত দুই লেনযুক্ত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

ভয়ংকৰ বানত মৃতকৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি, ২২ জন জোৱানসহ ১০২ জন নিৰুদ্দেশ…

ছিকিমত ডাৱৰ বিস্ফোৰণৰ পিছত তীস্তা নদীত হঠাৎ বানপানীৰ সৃষ্টি হয়। এতিয়া মৃত্যুৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি পাইছে। ২২ জন সেনা জোৱানকে ধৰি ১০২ জন লোক নিৰুদ্দেশ হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ বাবে গেংটকত ৩ জন লোকৰ মৃত্যু হৈছে, ২২ জন নিৰুদ্দেশ হৈছে আৰু ৫ জন লোক আহত হৈছে। মংগনত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬ জন লোকৰ কোনো সন্ধান নাই। পাকয়ঙত ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৯জন লোক আৰু ২৩জন সেনা জোৱান নিৰুদ্দেশ হোৱাৰ লগতে ২১জন লোক আহত হৈছে। নামচীত বানপানীৰ বাবে কোনো লোকৰ মৃত্যু হোৱা নাই আৰু ৫জন লোক সন্ধানহীন হৈ আছে।

ডাৱৰ বিস্ফোৰণৰ ফলত ২৬ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বহু লোকক। ২২ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত এলেকাৰ পৰা ১ হাজাৰৰো অধিক লোকক উচ্ছেদ কৰা হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বহু সংস্থাৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতীয় সেনা আৰু এন ডি আৰ এফে চলাই আছে এই তালাচী অভিযান।


লাহৰীঘাটৰ পটুৱাকাটাত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ…

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পটুৱাকাটাত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ আৰু এচ টি এফ বাহিনীৰ দলৰ সৈতে অভিযান চলাই আফাজুল হকৰ ঘৰৰ পৰা এটা এয়াৰ পিষ্টল, ৩৬ টি.২২ সক্ৰিয় গুলীৰ লগতে ১২ ব’ৰৰ ৮ টাকৈ সক্ৰীয় গুলী উদ্ধাৰ কৰে।

ইয়াৰ লগতে আফাজুল হক আৰু ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

দেৰগাঁও সাহিত্য সভা ভৱনত নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সাধাৰণ সভা সম্পন্ন…

দেৰগাঁও সাহিত্য সভা ভৱনত আজি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সাধাৰণ সভাখনি অনুষ্ঠিত হয় ।১৯৯৯ চনতে প্ৰতিষ্ঠিত দেৰগাঁও নৃত্যাঞ্জলি কলাকেন্দ্ৰই ২০২৪বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কলাকেন্দ্ৰই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়,অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক একাডেমি,এন আৰ এল,শ্যাম ষ্টিল আৰু গোলাঘাট প্ৰশাসনৰ সহযোগত৪,৫,৬,৭,আৰু ৮ জানুৱাৰী ২০২৪ত সৰ্বভাৰতীয় নৃত্য নাট্য, লোকসংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা অনুষ্ঠানৰ আয়োজন কৰিছে।

এই অনুষ্ঠানৰ প্ৰস্তুতি তথা অগ্ৰগতি সম্পৰ্কত অনুষ্ঠিত সাধাৰণ সভাখনিৰ সভাপতিত্ব কৰে আয়োজক সমিতিৰ সভাপতি নুৰুল চুলতানে। সভাত অংশ গ্ৰহণ কৰি দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস,ক্ষীৰেশ্বৰ লইং আদিয়ে মহোৎসৱত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে।