Home Blog Page 1331

‘I.N.D.I.A.ক AIUDFয়ে সহায় কৰিবই ! ২০২৪ত দিল্লীৰ পৰা বিদায় দিব লাগিব বিজেপিক – বদৰুদ্দিন আজমল…

‘I.N.D.I.A.ক AIUDFয়ে সহায় কৰিবই। ২০২৪ত দিল্লীৰ পৰা বিদায় দিব লাগিব বিজেপিক। ৰাহুল গান্ধীৰ কংগ্ৰেছ I.N.D.I.A.ৰ এটা অংশীদাৰী দলহে।

I.N.D.I.A.ৰ বাকী দলসমূহে AIUDF সন্দৰ্ভত একো মন্তব্য দিয়া নাই। আমি কংগ্ৰেছৰ সৈতে কথা পতা নাই। আমি নীতিশ কুমাৰ, সাৰদ পাৱাৰৰ সৈতে কথা পাতিছো।

AIUDFলৈ কংগ্ৰেছৰ বহু নেতা-কৰ্মী আহিব। ২৪ৰ নিৰ্বাচনলৈ এতিয়াও ৬মাহ বাকী আছে’। এই মন্তব্য বদৰুদ্দিন আজমলৰ।

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু…

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন।

সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। ‘Loving Hands Wellness Society’ নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা । মৃত যুৱকজন হাজোৰ ৰাহুল আলী ।

তিনিদিন পূৰ্বে কেন্দ্ৰটোত চিকিৎসাৰ বাবে আহিছিল যুৱকজন।

বৃক্কৰ বাবে মদ্যপান কিয় ক্ষতিকাৰক? কাৰণ জানিলে আচৰিত হ’ব…

বৃক্কৰ বাবে মদ্যপান কিয় ক্ষতিকাৰক জানেনে এই বিষয়ে? যদিও মদ্যপান শৰীৰৰ সকলো অংগৰ বাবে ক্ষতিকাৰক, তথাপিও ই বৃক্কত বেয়া প্ৰভাৱ পেলায়। মদ্যপানৰ বাবে বৃক্কে ভালদৰে কাম কৰিব নোৱাৰাৰ পিছত ৰোগ সৃষ্টি হয়।মদ এনে এক সামাজিক মদ্যপায়ী যিয়ে সমগ্ৰ পৰিয়ালটো ধ্বংস কৰিব পাৰে। ইয়াৰ ফলত আমাৰ শৰীৰৰ আটাইতকৈ বেছি ক্ষতি হয় যদিও হৃদযন্ত্ৰ, যকৃত, মগজুকে ধৰি বহু অংগ ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়, কিন্তু মদ্যপানৰ ফলত বৃক্কৰ যথেষ্ট ক্ষতি হয়। বৃক্ক আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ কাম হ’ল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়া, যাতে ৰোগৰ সৃষ্টি নহয়। অত্যধিক মদ্যপানৰ ফলত আমাৰ বৃক্ক কেনেকৈ ক্ষতিগ্ৰস্ত হয় জানো আহক…


মদ খোৱাৰ বাবে বৃক্কত তেজৰ সোঁত বাঢ়ি যায় যাৰ ফলত বৃক্কত অতিৰিক্ত চাপ পৰে। এনে পৰিস্থিতিত বৃক্কৰ কাৰ্য্যক্ষমতা কমি যাব পাৰে। বৃক্ক এবাৰ ক্ষতিগ্ৰস্ত হ’লে আপুনি বহু ৰোগৰ বলি হ’ব পাৰে।

যিসকল লোকে মদ্যপানৰ অভ্যাস নিয়ন্ত্ৰণ নকৰে, তেওঁলোকৰ বৃক্ক ফুলা বাঢ়ি যায়। ইয়াৰ পিছত বৃক্কত তীব্ৰ বিষ হয় যিটো কেতিয়াবা সহ্য কৰিব নোৱাৰা হৈ পৰে।

এই সকলোবোৰ অসুবিধাৰ পিছতো যদি আপুনি মদ্যপান বন্ধ নকৰে তেন্তে দীৰ্ঘম্যাদীভাৱে বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকল লোকৰ বৃক্ক ক্ষতিগ্ৰস্ত হয় তেওঁলোকৰ গোটেই জীৱন ডায়েলাইছিছ কৰিবলগীয়া হয়।

এজন ব্যক্তিয়ে দিনটোত ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে যাতে বৃক্কৰ কাৰ্য্যত কোনো সমস্যা নহয়। ইয়াৰ বাহিৰেও নেমু পানী আৰু নাৰিকল পানীৰ দৰে স্বাস্থ্যকৰ পানীয়ৰ জৰিয়তে বৃক্ক পৰিষ্কাৰ কৰিব পাৰি।


কি এই পঞ্চ সংকল্প…

অমৃত বৃক্ষ, অমৃত কলহ, বীৰ গাথা, লাচিত বৰফুকনৰ ওপৰত ৰচনা, পোষণ সপ্তাহ আদি অনাশৈক্ষিক কাম-কাজত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰোৱা হৈছে বুলি অভিযোগ উঠি আহিছিল। এই অভিযোগৰ সন্দৰ্ভত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লিখিত মন্তব্য। তেওঁ কয় যে অমৃত বৃক্ষ, অমৃত কলহ, বীৰ গাথা, লাচিত বৰফুকনৰ ওপৰত ৰচনা, পোষণ সপ্তাহ আদি অনাশৈক্ষিক কাম-কাজত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰোৱা হৈছে বুলি প্ৰকাশিত বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বিদ্যালয় হৈছে ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান। বিদ্যাৰ্থীক বিদ্যায়তনিক বিষয়ত শিক্ষাদান কৰাৰ লগতে তেওঁলোকক সু-নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে নিয়মানুৱৰ্তিতা, মানৱতা, নৈতিকতা, ৰাষ্ট্ৰীয়তাবোধ, জাতীয়তাবোধ, সামাজিক দায়বদ্ধতা আদিৰ বাবে প্ৰশিক্ষিত কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব। সুস্থ-সবল নাগৰিক অবিহনে ভাৰতবৰ্ষ বিশ্বগুৰু হ’ব পৰাকৈ ৰাষ্ট্ৰ নিৰ্মাণ হ’ব নোৱাৰে।

বিদ্যালয়ৰ সকলোৱেই ডাক্তৰ অথবা ইঞ্জিনীয়াৰ নহয়; নৈতিকতাবিহীন, দেশপ্ৰেমবিহীন, মানৱতাবিহীন, জাতিপ্ৰেম নথকা, নিজৰ গাঁও, নিজৰ মাটি, নিজৰ দেশক চিনি নোপোৱা তথাকথিত শিক্ষিত ব্যক্তি সৃষ্টি কৰিও লাভ নাই। বৰ্তমানৰ বিদ্যাৰ্থীসকল ভাৰতৰ স্বাধীনতাৰ অমৃত কালৰ অমৃত সন্তান। ২০৪৭ চনত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব এই অমৃত সন্তানসকলৰ। এই সময়ত ৰাষ্ট্ৰৰ অমৃত কাৰ্যসূচীসমূহত অংশ নোলোৱাকৈ তেওঁলোকে সেই দায়িত্ব কেনেকৈ পালন কৰিব? চৰকাৰে সম্পূৰ্ণ পদ্ধতিগতভাৱে ছাত্ৰ-ছাত্ৰীক লাচিতৰ জ্ঞান দিব বিচাৰিছে, নিজৰ গাঁও, নিজৰ মাটি আৰু নিজৰ দেশক ভাল পাবলৈ শিকোৱা, গোলকীয় উষ্ণতাৰ বিৰুদ্ধে সজাগ কৰি বৃক্ষ ৰোপণ কৰোৱা কেতিয়াও অনাশৈক্ষিক কাৰ্যসূচী হ’ব নোৱাৰে। বিদ্যাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশ কৰোৱাৰ পৰিযোজনা লাগিব। প্ৰতিযোগিতামূলক পৃথিৱীখনত জীয়াই থাকিবলৈ ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামুখী কৰিব লাগিব। তাৰবাবেই খেল মহাৰণ আৰু সাংস্কৃতিত মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে। আমাৰ উদ্দেশ্য- বিদ্যায়তনিক পাঠ্যক্ৰমৰ লগতে আজিৰ ছাত্ৰসকলক প্ৰকৃতাৰ্থত সমাজ, নিজৰ মাটি, নিজৰ দেশক ভাল পোৱা, মানুহক মানুহৰূপে বুজি উঠা, বীৰযোদ্ধাসকলক চিনি পোৱা, শ্বহীদসকলক চিনি পোৱা, দেশৰ ইতিহাস বুজি উঠা এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলা।

এইদৰে সামাজিক মাধ্যমত লিখিত মন্তব্য ৰাখে।

সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত বিশেষ সভা, কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় । শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত এই প্ৰতিষ্ঠা দিৱসৰ আয়োজন। আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী । জাতিৰ পিতা মহাত্মা গান্ধীক সশ্ৰদ্ধ স্মৰণ কৰি সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। মহামানৱ মহাত্মা গান্ধী আৰু সংগ্ৰামী সেনা, অসম বীৰ শ্বহীদ সকললৈ পুৱাই শ্ৰদ্ধাঞ্জলী জনাই আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ | শ্ৰদ্ধাঞ্জলী জনাই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰাগ বড়া, লুইচ হাজৰিকা কাৰ্যকৰী সভাপতি, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ফাৰহান লস্কৰ আৰু প্ৰাঞ্জল পূজাৰীয়ে।

সংগঠনটোৰ সভাপতি পংকজ খাউণ্ডৰ পৌৰহিত্বত আয়োজিত সভাত স্থানীয় ৰাইজৰ লগতে ভালে কেইটা জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে। জাতীয় সংগঠনৰ নেতা কেইগৰাকীয়ে সভাৰ লগত সংগতি ৰাখি নিজা ভাষণ ৰাখে। আনহাতে সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে বিশিষ্ট কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনা ! ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এহাল যুৱক-যুৱতী…

দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এহাল যুৱক-যুৱতী।

দুলীয়াজানৰ সমীপৰ বৰপথাৰ তিনিআলিত এই ঘটনা। সংকটজনক অৱস্থাত আহত আন এজনক AMCHলৈ প্ৰেৰণ। বিহুতলীত কৰম সন্মিলন উপভোগ কৰি বৰডুবি অভিমুখে গৈ আছিল দুয়ো।

ডাম্পাৰৰ সৈতে স্কুটীৰে মুখামুখি সংঘৰ্ষত মৃত্যু দুয়োৰে। ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰখনৰ চালকৰ। এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত যুৱক-যুৱতীৰ পৰিচয়।

‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়…’

‘মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে’।

‘মুখ্যমন্ত্ৰী ডাঙৰ মানুহ, সেয়ে এনেধৰণৰ কথা কৈছে’।

‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়’।

‘এতিয়া মিঞা সমাজে সিদ্ধান্ত ল’ব’।

মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ।

গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিশা মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।

ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোঁহাইৰ নেতৃত্বত চলা অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।

আৰক্ষীয়ে জব্দ কৰা গাঞ্জা খিনিৰ ওজন ১৫ কেজি ৷

ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাৰ নাম ছেহেৰ আলী(২৪) আৰু জাহিৰুল ইছলাম ৷

অধিক তথ্যৰ বাবে ভূৰাগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।



পিতৃৰ জীৱনৰ ৰহস্য উদঙালে আলিয়া ভাটে, ক’লে – ‘যেতিয়া হাতত টকা নাছিল তেতিয়া মদত ডুব গৈছিল’

পিতৃ-মাতৃৰ সংগ্ৰামৰ কথা প্ৰকাশ কৰিছে আলিয়া ভাটে। আলিয়াই কয় যে তেওঁৰ পিতৃ-মাতৃৰ যি সংগ্ৰাম দেখিছে, সেই সংগ্ৰাম তেওঁ সদায় অনুভৱ কৰি আহিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত পিতৃ-মাতৃৰ সংগ্ৰামৰ বিষয়ে মুকলিকৈ ক’লে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে। আলিয়াই মহেশ ভাট আৰু মাতৃ ছোনী ৰাজদানৰ বহু গোপন কথা প্ৰকাশ কৰিছে। আলিয়াই কয় যে এটা সময়ত দেউতাকৰ এখন ছবি নহয় বহু ছবি ফ্লপ হৈছিল। পইচা নাছিল আৰু মদৰ আসক্তিত ভুগিছিল। মদ্যপান এৰিবলৈ বহুত চেষ্টা কৰিছিল যদিও জীৱন আৰু কৰ্মক্ষেত্ৰত বহু উত্থান-পতন দেখিছিল। মাক ছোনী ৰাজদানৰ কথা কওঁতে আলিয়াই কয় যে যেতিয়া তাই চিনেমালৈ আহিছিল তেতিয়া তাইৰ কাৰো লগত কোনো সম্পৰ্ক নাছিল আৰু তাইৰ প্ৰাৰম্ভিক পৰ্যায়ত হিন্দীও ক’ব পৰা নাছিল।


মা মুখ্য অভিনেত্ৰী হ’ব পৰা নাছিল! মহেশ ভাটে ৮০ৰ দশকত আৰ্থ (১৯৮২) আৰু সাৰংশ (১৯৮৪)ৰ দৰে ছবি নিৰ্মাণ কৰিছিল। উৎকৃষ্ট চিনেমা নিৰ্মাণৰ বাবে তেওঁ পৰিচিত। আনহাতে ছোনী ৰাজদানে বুনিয়াদৰ দৰে টিভি ধাৰাবাহিকত কাম কৰিছিল। আলিয়াই কয় যে মাক কেতিয়াও মূলসুঁতিৰ নায়িকা হ’ব নোৱাৰে। মানুহে পৰামৰ্শ দিছিল যে তাই কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু এদিন মূল নায়িকা হ’ব কিন্তু এই কথা সঁচা নহ’ল। আনহাতে আলিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাজী ছবিখনতো সোণীক দেখা গৈছিল।


জোনাইৰ তেলামত বিধ্বংসী অগ্নিকাণ্ড ! জুইত ভস্মীভূত গামচোক গাঁৱৰ সোণটো ৰাভা নামৰ লোকজনৰ বাসগৃহ…

জোনাইৰ তেলামত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত গামচোক গাঁৱৰ সোণটো ৰাভা নামৰ লোকজনৰ বাসগৃহ।

অগ্নিকাণ্ডত জাহ যায় পৰিয়ালটোৰ ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তি।

বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ।