নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক।

ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা।

খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি।
নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক।

ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা।

খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি।
Today, in continuation to Amrit kalash Yatra under the aegis of Meri Maati Mera Desh. 1st Battalion SSB Sonapur initiated and facilitated the program under three different Blocks at Panikhaiti Gaon Panchayat, Rani Gaon Panchayat & Baruabari Gaon Panchayat and covered many villages for successful collection of Maati/Rice from households.
The Program was attended by Gajan Chettry, Vice President Kamrup(M) Zila Parishad, Barnali Baruah, President Baruabari GP, Jiten Rabha, Counsellor Panikhaiti GP, Parmeswar Barman, President Rani GP along with NGOs, SHGs members, media persons,social workers, villagers and personnel of 1st BN SSB Sonapur.

Earlier,1st BN SSB Sonapur participated in the program at 19 Gaon Panchayats under three Blocks of Kamrup(M) district.
অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত বুধবাৰে শিৱসাগৰত কেন্দ্ৰীয় ভাৱে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।ছয় শ বছৰীয়া আহোম শাসনৰ অলেখ সমলেৰে পৰিপূৰ্ণ শিৱসাগৰত এই দিৱস উদযাপন কৰি অসম চৰকাৰে আগন্তুক দিনত পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াব লোৱা বলিষ্ঠ পদক্ষেপৰ আগজাননী দিয়ে।অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ নিতুপৰ্ণ বৰুৱাই এই দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
দিৱস উদযাপনৰ প্ৰথম কাৰ্যসূচীৰূপে পুৱা ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰৰ পৰা ৰংঘৰলৈকে এক ‘মিনি মাৰাথন’ অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে এই মাৰাথানত অংশগ্ৰহণ কৰে। এই মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈয়বুন নিচাই। মাৰাথন দৌৰত উপস্থিত থাকি মন্ত্ৰী বৰুৱাই অসমৰ সৰ্বাঙ্গিন পৰ্যটন উন্নয়নৰ প্ৰয়াসৰ কথা উল্লেখ কৰে।
উজনি অসমৰ অন্যতম পৰ্যটনৰ কেন্দ্ৰ শিৱসাগৰৰ পৰ্যটন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে শিৱসাগৰত পৰ্যটনৰ সমলৰ অভাৱ নাই। কিন্তু শিৱসাগৰত প্ৰয়োজন পৰ্যটক আহিলে পাব পৰা আন্তঃগাঠনি। সেই দিশত চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে ৰংঘৰক লৈ এক বিশাল প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে। এইয়া সম্পূৰ্ণ হ’লে শিৱসাগৰৰ বহু অভাৱ দূৰ হ’ব বুলি তেওঁ উল্লেখ কৰে।
সেইদৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ্য ঋতুপৰ্ণ বৰুৱাই অসমৰ পৰ্যটনত শিৱসাগৰ আৰু চৰাইদেউৰ অৰিহণাক উল্লেখ কৰি অনাগত দিনত এই দুই পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পৰিকল্পনা কৰা বুলি সদৰী কৰে। কিছু দিনৰ পাছত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে পৰ্যটকৰ ধাৰা বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিৱসাগৰ পুখুৰীৰ পাৰত থকা কলা বিথিকাত এক ফটোগ্ৰাফি প্ৰদৰ্শনী মুকলি কৰে। অসমৰ বিভিন্ন ফ্ৰিলাঞ্চাৰ ফটোগ্ৰাফাৰৰ ফটো ইয়াত প্ৰদৰ্শন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া জূনছকায়া ৰিজৰ্টত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত মুকলি সভাৰ এক অংশৰূপে গড়গাঁও মহাবিদ্যালয়ৰ অধক্ষ্য ড০ সৱ্যসাচী মহন্তৰ সঞ্চালনাত “পৰ্যটন আৰু সেউজ বিনিয়োগ” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰ সঞ্চালন কৰি ড০ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন নীতিৰ আধাৰত অসম চৰকাৰেও বহনক্ষম নীতি গ্ৰহণ কৰাৰ লগতে পাৰিপাশ্বিক, সামাজিক,অৰ্থনৈতিক ক্ষেত্ৰত উন্নয়ন ঘটাব পাৰে তাৰ বাবে নীতি তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে ৷আলোচনা চক্ৰখনত জাংগল ট্ৰেভেলচ অৱ ইণ্ডিয়াৰ সঞ্চালিকা ড০ জাহ্নৱী ফুকনে অংশ গ্ৰহণ কৰি কয় যে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসম ভগৱানৰ এক দান। সাম্প্ৰতিক অসমৰ উন্নয়ন ঘটাৰ লগতে পয্যটন ক্ষেত্ৰখনটো অসমৰ উন্নয়ন ঘটিছে। কিন্তু উন্নয়নৰ নামত যাতে আমাৰ পাৰিপাৰ্শ্বিকতা ধংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তাৰোপৰি পয্যটন ক্ষেত্ৰখন উন্নয়নৰ নামত অন্য দেশৰ দৰে পৰিবহন পৰ্যটন , আৰু হোটেল পৰ্যটনৰ ওপৰত গুৰুত্ব নিদি সমান্তৰালভাবে সেউজ পৰ্যটনৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলিও কয় ।

নৱনিত হাজৰিকাই আঁত ধৰা আলোচনা চক্ৰত অন্যতম আলোচক হিচাপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তৰ উপৰি হলিডে ট্ৰেভেলচৰ সঞ্চালক ড০ দীপক শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ড০ মহন্তই আলোনাৰ মূল বিষয়ৰ ওপৰত সাৱলিল ভাষণ প্ৰদান কৰি কয় – পৰ্যটন ক্ষেত্ৰত শিৱসাগৰ চহকী বুলি কৈ থাকিলেই ঠাইখনৰ ঐতিহ্য বৰ্তি নাথাকে । পৰ্যটন ক্ষেত্ৰখন অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পৰ্যটন শিক্ষা অতি প্ৰয়োজন । প্ৰয়োজনীয শিক্ষা নহ’লে সমস্যাৰহে সৃষ্টি হ’ব। তাৰোপৰি এক গুণসম্পন্ন কৰ্মশক্তি যদি তৈয়াৰ কৰিব নোৱাৰো তেতিয়াও ভাল ফল পাব নোৱাৰো।
উলেখ্য যে – ইয়াৰ পাছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান । মুকলি সভাখনৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জোন স্কায়াৰ নৱনিৰ্মীত ১২ টাকৈ কৰ্টেজৰ শুভউদ্বোধন কৰে। মুকলি হসভাখনত পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন,পৰ্যটন বিভাগৰ প্ৰধান সচিব জে বি এক্কা. সচিব পদ্মপানী বৰা ,পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ , শিল্পী জুবিন গাৰ্গ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে।
অনুষ্ঠানতে শিৱসাগৰৰ নবীন বুঢ়াগোহাই, লক্ষীমপুৰৰ দিকপল লাহন , মাজুলিৰ জাহ্নু বৰুৱা , যোৰহাটৰ জয়ন্তজ্যোতি শৰ্মা, তিনিচুকীয়াৰ বিপ্লৱ চুতীয়া , নাহৰকটীয়াৰ মণিমানিক গগৈ ,চানডুবিৰ দিগন্ত ৰাভা ,আৰু গ্ৰাম্য পৰ্যটন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বিশ্বনাথ ঘাটৰ প্ৰতিনিধিক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায়।
‘মেৰি মাটি মেৰা দেশ’ৰ অধীনত অমৃত কলহ যাত্ৰা অব্যাহত আছে৷ প্ৰথম বেটেলিয়ন এছএছবি সোনাপুৰে পানীখাইতি গাঁও পঞ্চায়ত, ৰাণী গাঁও পঞ্চায়ত আৰু বৰুৱাবাৰী গাঁও পঞ্চায়তৰ তিনিটা পৃথক ব্লকৰ অধীনত কাৰ্যসূচীটো আৰম্ভ কৰে৷
ইয়াৰ বাবে বহুতো গাঁও সামৰি ঘৰৰ পৰা মাটি, চাউল সফলতাৰে সংগ্ৰহ কৰে৷ অনুষ্ঠানটোত কামৰূপ(মেট্ৰ’) জিলা পৰিষদৰ উপ-সভাপতি গজেন চেত্ৰী, বৰুৱাবাৰী গাঁও পঞ্চায়তৰ সভাপতি বৰ্ণালী বৰুৱা, পানীখাইটি গাঁও পঞ্চায়তৰ কাউন্সিলৰ জীতেন ৰাভা, ৰাণী গাঁও পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন লগতে বেচৰকাৰী সংগঠন, এছএইচজি সদস্য, সংবাদ মাধ্যমৰ লোক, সমাজকৰ্মী, গাঁওবাসী আৰু প্ৰথম বিএন এছএছবি সোণপুৰৰ কৰ্মচাৰী উপস্থিত আছিল।

ইয়াৰ পূৰ্বে, কামৰূপ(মেট্ৰ’) জিলাৰ তিনিটা খণ্ডৰ অধীনৰ 19খন গাঁও পঞ্চায়তত প্ৰথম বিএন এছএছবি সোনাপুৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
অসম চৰকাৰৰ বিভাগীয় নিৰ্দেশনা অনুযায়ী বুধবাৰে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়ত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী সম্পন্ন হয়। এই উপলক্ষে ৰাতিপুৱা ৭.৩০ বজাত বিদ্যালয় সমূহত প্ৰভাত ফেৰী শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় পতাকা, স্থানীয় বীৰ বীৰাংগনাৰ ছবি, পঞ্চপ্ৰাণ সংকল্পৰ প্ৰিন্টআউট, স্থানীয় শিলাফলকৰ ছবি আদি প্ৰভাত ফেৰীসমূহত পৰিদৰ্শিত কৰা হয়। লগতে অমৃত মহোৎসৱ, ৰাষ্ট্ৰীয় আৰু স্থানীয় নায়কসকলৰ দেশপ্ৰেম তথা ত্যাগৰ বিষয়ে শোভাযাত্ৰাত প্ৰচাৰ কৰা হয়।
আনহাতে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়তে শিক্ষকৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক চাফাই অভিযানো কৰা হয় আৰু লগতে পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ কৰা হয়। সকলো কাৰ্য্যসূচীত বিদ্যালয় পৰিচালনা সমিতি লগতে মাতৃগোটৰ সদস্যই অংশগ্ৰহণ কৰে।
দুপৰীয়া ৰচনা লিখা, চিত্ৰাংকন, ৰংগোলি সজোৱা, দেশপ্ৰেমমূলক গীত, সাধু বা মহৎ লোকৰ জীৱনী পৰিবশন আদি প্ৰতিযোগিতা আয়োজন কৰা হয়।
তাৰোপৰি বিদ্যালয়বোৰৰ দ্বাৰা প্ৰকাশিত আলোচনী সমূহত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচীৰ বিষয়ে লিখনি সংগ্ৰহ কৰি প্ৰকাশো কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলো ব্যক্তিৰ পঞ্চপ্ৰাণ প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ চেলফি তুলি Yuva.gov.in ত আপলোডো কৰে ।
গুৱাহাটীৰ আমবাৰী স্থিত প্ৰেছ ক্লাবত বুধবাৰে দিনৰ ১১বজাত লেখিকা সংস্থা, অসমৰ উদ্যোগত সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতিৰ পদত অধিষ্ঠিত প্ৰয়াত নিৰু শৰ্মা পৰাজুলীৰ অকাল মৃত্যুত মাহেকীয়া তিথিত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে প্ৰয়াত নিৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্বাজ্ঞলী জ্ঞাপন কৰে লেখিকা সংস্থা,অসমৰ বৰ্তমানৰ সভাপতি মৃদুলা শৰ্মাই। সংস্থাৰ প্ৰধান সম্পাদক বিজয়া দেৱদাসে আতধৰা অনুষ্ঠানটিত আৰম্ভণিতে এটি সমবেত প্ৰাৰ্থনাৰে নিৰুৰ আত্মাৰ শান্তি কামনা কৰা হয়।
সব্বধম্মীয় প্ৰাৰ্থনা আৰম্ভ কৰা হয় এটি ইছলাম ধৰ্মীয় প্ৰাৰ্থনা আৰু জিকিৰেৰে। ইয়াৰ পিছত সংস্থাৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে নিৰুৰ স্মৃতি চাৰণ কৰে। অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মীয় কেৰল পৰিৱেশন কৰে থেংচিলচী মমিনে।

নেপালী ভাষাৰ প্ৰাৰ্থনা পৰিৱেশন কৰে চম্পা উপাধ্যায় আৰু সহযোগী সকলে, শিখ ধৰ্মীয় প্ৰাৰ্থনা পৰিৱেশন কৰে হৰকিৰত হিৰে আৰু আনটো সুতপা চক্ৰৱৰ্তীয়ে, ভজন পৰিবেশন কৰে ক্ৰমান্বয়ে নয়নতৰা দত্ত আৰু জুৰি বৰুৱাই, দেহবিচাৰক গীত পৰিৱেশন কৰে অনিন্দিতা চৌধুৰীয়ে, এটি ঘোষা পৰিৱেশন কৰে ত্ৰিবেণী মজুমদাৰে আৰু নামঘোষাৰ শ্লোক পৰিবেশন কৰে পাৰুল বৰুৱাই,পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সদস্যাবৃন্দই কীৰ্ত্তনৰ ঘোষা পৰিৱেশন কৰে।
অনুষ্ঠান টিত বক্তব্য আগবঢ়াই ক্ৰমে সভাপতি মৃদুলা শৰ্মা, কবি সাহিত্যিক মীৰা ঠাকুৰ, সাংবাদিক ৰিপুঞ্জয় গগৈ, শিশু সাহিত্যিক যুগল লোচন দাসে।
অনুষ্ঠানত দুখন গ্ৰন্থ যথাক্ৰমে এখন নিৰুশম্মা পৰাজুলীৰ মৃত্যুত শোক বাৰ্তা সন্নিৱিষ্ট “”শ্ৰদ্ধাঘ্য” শীৰ্ষক আৰু আনখন নিৰুশম্মা পৰাজুলীৰ শিশু গল্প সংকলন “শুভ বুদ্বিৰ উদয়” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সংস্থাৰ বিশিষ্ট ব্যক্তিসকলে।
অনুষ্ঠানত পদ্মশ্ৰী এলি আহমেদ, ড:সুচিত্ৰা কাকতি, বন্দিতা ফুকন, ড: নমিতা ডেকা, যোগব্ৰতা দত্তকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে নিৰু শৰ্মা পৰাজুলীৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।
বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দলৰ (ধৰ্মনিৰপেক্ষ) উৰ্ধতন বিষয়া এইচ ডি দেৱেগৌড়াই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত তেওঁৰ দলীয় সতীৰ্থৰ সৈতে আলোচনা কৰি লোৱা হৈছে। ‘বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পূৰ্বে মই আমাৰ ১৯জন বিধায়ক আৰু ৮জন এম এল চিৰ মতামত গ্ৰহণ কৰিছিলো, যিসকলে কৈছিল যে জেডি(এছ)য়ে বিজেপিৰ সৈতে বুজাবুজিৰ কথা চিন্তা কৰিব লাগে।’- দেৱগৌড়াই কয়।
সংবাদমেল সম্বোধন কৰি জেডি(এছ)ৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰা নাই আৰু বিগত ১০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰা বুলি কয়। ‘আমি ক্ষমতালোভী ৰাজনীতিবিদ নহয়… যোৱা ১০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰিলোঁ… পি এম মোডীক লগ পোৱা নাই… কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়েও বুজাই দিলোঁ হম…’ দেৱগৌড়াই ক’লে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছ দলৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা ২২ ছেপ্টেম্বৰত বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে মিলিত হৈছিল জেডি(এছ)য়ে। ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ মুৰব্বী জে পি নাড্ডাক সাক্ষাৎ কৰি জেডি(এছ) নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে এই টাই আপৰ ঘোষণা কৰে।
ওদালগুৰি জিলাৰ কৈশিকী গঙ্গা হিচাপে পৰিচিত ভূটান পাহাৰৰ পৰা বৈ আহি নামনি অসমত সন্ত্ৰাস সৃষ্টি কৰা কুলশী নৈৰ বাবে বহু ঘৰ-বাৰী উচন হৈছে, জীৱ জন্তুৰো ক্ষতি হৈছে।
বানপানী,গৰাখহনীয়াৰ কবলত পৰাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ভীষণ ক্ষতি সাধন হৈছে।

কুলশী নদীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি, প্ৰেম ভাতৃত্ববোধ জগাই তোলা, বিশ্ব শান্তি কামনাৰ্থে বনগাঁও চাতিয়াপাৰাবাসী ৰাইজে যোৱা বেলিৰ দৰে এইবেলিও বুধবাৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে ভাগৱত পাঠ আৰু নাগাৰা নাম প্ৰদৰ্শনৰ আয়োজন কৰে।
মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছমাহৰ বাবে আফছপা বলবৎ থাকিব। শেহতীয়া চৰকাৰী অধিসূচনা অনুসৰি আফছপাৰ অধীনত সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰা হৈছে। কিন্তু ৰাজ্যৰ ৰাজধানী ইম্ফলকে ধৰি ১৯খন থানাৰ অধীনলৈ অহা অঞ্চলসমূহ এই মৰ্যাদাৰ পৰা বাদ দিয়া হৈছে।
শেহতীয়াকৈ মণিপুৰত দুগৰাকী মেইটেই ছাত্ৰক হত্যা কৰাৰ পিছতে সংঘটিত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এই অধিসূচনা প্ৰকাশ কৰা হৈছে। ২০২৩ চনৰ ৬ জুলাইৰ পৰা নিৰুদ্দেশ হোৱা ইম্ফলৰ দুজন স্থানীয় ছাত্ৰক হিজাম লিন্থোইংগামী (১৭) আৰু ফিজাম হেমজিত (২০)ৰ দুখন ফটো অনলাইনত প্ৰকাশ পোৱাৰ লগে লগে তেওঁলোকৰ কৰুণ মৃত্যু নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড় জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সৌজন্যত ৰহমৰীয়া গাওঁ পঞ্চায়তৰ উদ্যোগত বুধবাৰে ঐতিহাসিক গেণীচুক কুন্দা থানত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰে।
বৃহত্তৰ ৰহমৰীয়া শতাধিক আত্মসহায় গোটৰ মহিলা সকলে সহযোগিতা আগবঢ়োৱা স্বচ্ছতা মিছন কাৰ্যসূচীত লাহোৱাল ব্লক পৰ্য্যায় চি ডব্লিও চি পাপৰি নায়ক দাস, ৰহমৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি জিতুল গোহাঁই, সমাজৰ্কমী অতুল কোঁচে অংশ গ্ৰহণ কৰে।

ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা মিছন কাৰ্যসূচী ৰূপায়ন কৰাত থান পৰিচালনা সমিতিৰ সম্পাদক দণ্ডি দত্তই চৰকাৰী বিভাগীয় কৰ্মচাৰী লগতে আত্মসহায়ক গোটৰ মহিলা সকললৈ ধন্যবাদ জ্ঞাপন কৰে ।