Home Blog Page 1344

দিল্লীৰ ষ্টেডিয়াম খালী কৰাই নিজৰ কুকুৰটোক ফুৰোৱা আই এ এছ বিষয়া ৰিংকু ডুগ্গাক বাধ্যতামূলক অৱসৰ…

অৱশেষত শাস্তি ঘোষণা। আইএএছ বিষয়া ৰিংকু ডুগ্গালাক কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক অৱসৰ দিছে। বিষয়াগৰাকীটে দিল্লীত নিজৰ কুকুৰটোক ফুৰাবলৈ ষ্টেডিয়াম খালী কৰোৱাইছিল। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ তদন্ত সমাপ্ত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মহিলা আই এ এছ বিষয়াগৰাকীক বাধ্যতামূল অৱসৰ দিয়ে। ৫৪ বছৰীয়া দুগ্গা বৰ্তমান অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখ্য দিল্লীত ষ্টেডিয়াম খালী কৰোৱাই কুকুৰ ফুৰোৱা বিষয়াগৰাকীক শাস্তিমূলক ব্যৱস্থা হিচাবে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশলৈ আৰু তেওঁৰ স্বামী সঞ্জীৱ খিৰৱাৰক লাডাখলৈ প্ৰেৰণ বদলি কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই কয় যে ডুগ্গাৰ এনেবোৰ কাৰ্যৰ বাবেই চৰকাৰে তেওঁক অৱসৰ দিছে।এই সন্দৰ্ভত চৰকাৰৰ দ্বাৰা এখন জাননী জাৰি কৰা হৈছে।ৰিংকু ডুগ্গা অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (এজিএমইউটি) কেডাৰৰ১৯৯৪ বেচৰ আইএএছ বিষয়া। তেওঁৰ স্বামী সঞ্জীৱ খিৰৱাৰো একেটা বেচৰে এজন বিষয়া।

দম্পতীহালে যোৱা বছৰ দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত তেওঁলোকৰ কুকুৰটোক ফুৰাবলৈ খেলুৱৈসহ প্ৰশিক্ষকক ষ্টেডিয়ামৰ বাহিৰলৈ উলিয়াই দিছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে তদন্ত আৰম্ভ হৈছিল। অৱশেষত দুগ্গাক কেন্দ্ৰীয় ৰাজহুৱা সেৱা (পেঞ্চন) ১৯৭২-ৰ নিয়ম ৫৬ (জে)ৰ অধীনত বাধ্যতামূলক অৱসৰ দিয়া হয়। এই নিয়মৰ অধীনত চৰকাৰে ৰাজহুৱা স্বাৰ্থত এজন কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিব পাৰে।
ধাৰা ৫৬ (জে)ৰ অধীনত যদি কৰ্মচাৰী এজনৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়মৰ অভিযোগ উঠে তেন্তে প্ৰতি তৃতীয় মাহত বিষয়া আৰু কৰ্মচাৰীগৰাকীৰ কাম পুনৰীক্ষণ কৰা হয়। ইয়াৰ পিছত জাননী দি৩ মাহৰ দৰমহা আৰু ভাট্টা প্ৰদান কৰি বাধ্যতামূলক অৱসৰ দিয়া হয়।

২০২৪ৰ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘দ্য কেৰালা ষ্টৰী’ , মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই মাৰিলে এণ্ট্ৰি…

২০২৪ৰ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল ‘দ্য কেৰালা ষ্টৰী’ , মালায়ালম ভাষাৰ ‘এভৰিৱাইন ইজ এ হিৰো’ই মাৰিলে এণ্ট্ৰি

অস্কাৰ ২০২৪ ৰ বাবে বহুতেই আশাবাদী হৈ থকাৰ পিছতো সুদীপ্ত সেনৰ ‘দ্য কেৰালা ষ্টৰী’ অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিবলগীয়া হৈছে। ইয়াৰ পৰিৱৰ্তে অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা টবিনো থমাছ অভিনীত মালায়ালম ছবি ‘২০১৮: এভৰিবডি ইজ এ হিৰো’ চৰকাৰীভাবে তালিকাভুক্ত হৈছে। কানাড়া চলচ্চিত্ৰ পৰিচালক গিৰীশ কাচাৰাৱল্লীৰ নেতৃত্বত গঠিত অস্কাৰ সমিতিয়ে বুধবাৰে এই কথা ঘোষণা কৰে। অৱশ্যে ছবিখনে চৰকাৰীভাবে তালিকাভুক্ত হোৱাৰ পিছত আনুষ্ঠানিকভাবে মনোনয়নৰ তালিকাত স্থান লাভ কৰিব লাগিব।

২০২৩ চনত দক্ষিণৰ ছবি ‘আৰআৰ’-এ অস্কাৰৰ মঞ্চ কঁপাই তুলিছিল। ছবিখনৰ ‘নাটু নাটু’ গানটোৱে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে ২০২৪ৰ বাবে অস্কাৰলৈ ভাৰতৰ পৰা কোনখন ছবি আন্তৰ্জাতিক বঁটা মঞ্চলৈ প্ৰেৰণ কৰা হ’ব তাকেলৈ চিনে অনুৰাগীসকলৰ মাজত উৎকণ্ঠা আছিল। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে (এফএফআই) থবিৰ আবেদন দাখিল কৰিবলৈ ২৫ দিন সময় দিছিল। আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল ১০ ছেপ্টেম্বৰ।সেই সকলো বোৰ আবেদনৰ ভিতিত্তিত প্ৰাথমিক তালিকাখন প্ৰস্তুত কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক তালিকাখনত পৰিচালক সুদীপ্ত সেনৰ ‘দ্য কেৰালা ষ্টৰী’, অভিষেক বচ্চন অভিনীত আৰু আৰ বাল্কিৰ ‘ঘুমাৰ’, অনন্ত মহাদেৱনৰ ‘দ্য গল্পকাৰ’, নন্দিতা দাসৰ ‘জুইগাটো’ৰ মাজৰে কোনোবা এখনে স্থান পাব বুলি বহুতে আশা কৰিছিল।

কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ নামো উচ্চাৰিত হৈছিল।কিন্তু সকলোকে চেৰ পেলাই টবিনো থমাছৰ ২০১৮: এভৰিবডি ইজ এ হিৰো ছবি খন অস্কাৰৰ প্ৰেৰণ কৰিবলগীয়া ছবিৰ তালিকাভুক্ত হৈছে।জুড এন্থনী যোচেফৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। ২০১৮ চনত কেৰালাত প্ৰলংকৰী বানপানী হৈছিল। ছবি খনৰ চিত্ৰনাট্য সেই ঘটনাৰ আধাৰতে লিখি উলিওৱা হৈছে। ৩০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা ‘২০১৮: এভৰিবডি ইজ এণ্ড হিৰো’ চলিত বৰ্ষৰ ৫ মে’ত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে বক্স অফিচত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। আৰু কেইটামান প্ৰক্ৰিয়াৰ পিছতে এইবাৰ ছবিখনে কৰিব অস্কাৰমুখী যাত্ৰা।

কাজাখাস্তানৰ এছিয়ান ফেন্সিঙলৈ কাকপথাৰৰ সুপ্ৰিয়া বৰা নিৰ্বাচিত…

কাজাখাস্তানৰ এছিয়ান ফেন্সিঙলৈ কাকপথাৰৰ সুপ্ৰিয়া বৰা নিৰ্বাচিত
কাজাখাস্তানৰ আলমাটিত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ২৩ বছৰৰ অনুৰ্ধ এছিয়ান ফেন্সিং প্ৰতিযোগিতাৰ ভাৰতীয় দলটোত স্থান পাইছে কাকপথাৰ অঞ্চলৰ ডিৰাক নৱজ্যোতি গাঁৱৰ সুপ্ৰিয়া বৰা(২০)ই ।

তেওঁ ফেন্সিঙৰ ছেৱাৰ শাখাত অংশগ্ৰহণ কৰিব । গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী সুপ্ৰিয়াৰ পিতৃ কেশৱ বৰা আৰু মাতৃ বৰ্ণালী বৰা ।

জনা গৈছে যে অহা ৩ অক্টোবৰত তেওঁ কাজাখাস্তানলৈ যাব ৷ খেলুৱৈগৰাকীক চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, ডিৰাক সীমান্তৱৰ্তী আঞ্চলিক চুতীয়া জাতি সন্মিলন আৰু কাকপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে ।

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আফগানিস্তানৰ অলৰাউণ্ডাৰ নবীন-উল-হকৰ…

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

আফগানিস্তানৰ অলৰাউণ্ডাৰ নবীন-উল-হকৰ।

বিশ্বকাপ ২০২৩ৰ পাছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ ল’ব আফগানিস্তানৰ অলৰাউণ্ডাগৰাকীয়ে।

নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা…

নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক।

ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা।

খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি।

1st BN SSB on full swing on Meri Matti Mera Desh

Today, in continuation to Amrit kalash Yatra under the aegis of Meri Maati Mera Desh. 1st Battalion SSB Sonapur initiated and facilitated the program under three different Blocks at Panikhaiti Gaon Panchayat, Rani Gaon Panchayat & Baruabari Gaon Panchayat and covered many villages for successful collection of Maati/Rice from households.


The Program was attended by Gajan Chettry, Vice President Kamrup(M) Zila Parishad, Barnali Baruah, President Baruabari GP, Jiten Rabha, Counsellor Panikhaiti GP, Parmeswar Barman, President Rani GP along with NGOs, SHGs members, media persons,social workers, villagers and personnel of 1st BN SSB Sonapur.


Earlier,1st BN SSB Sonapur participated in the program at 19 Gaon Panchayats under three Blocks of Kamrup(M) district.

শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত বুধবাৰে শিৱসাগৰত কেন্দ্ৰীয় ভাৱে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।ছয় শ বছৰীয়া আহোম শাসনৰ অলেখ সমলেৰে পৰিপূৰ্ণ শিৱসাগৰত এই দিৱস উদযাপন কৰি অসম চৰকাৰে আগন্তুক দিনত পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াব লোৱা বলিষ্ঠ পদক্ষেপৰ আগজাননী দিয়ে।অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ নিতুপৰ্ণ বৰুৱাই এই দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

দিৱস উদযাপনৰ প্ৰথম কাৰ্যসূচীৰূপে পুৱা ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰৰ পৰা ৰংঘৰলৈকে এক ‘মিনি মাৰাথন’ অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে এই মাৰাথানত অংশগ্ৰহণ কৰে। এই মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈয়বুন নিচাই। মাৰাথন দৌৰত উপস্থিত থাকি মন্ত্ৰী বৰুৱাই অসমৰ সৰ্বাঙ্গিন পৰ্যটন উন্নয়নৰ প্ৰয়াসৰ কথা উল্লেখ কৰে।

উজনি অসমৰ অন্যতম পৰ্যটনৰ কেন্দ্ৰ শিৱসাগৰৰ পৰ্যটন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে শিৱসাগৰত পৰ্যটনৰ সমলৰ অভাৱ নাই। কিন্তু শিৱসাগৰত প্ৰয়োজন পৰ্যটক আহিলে পাব পৰা আন্তঃগাঠনি। সেই দিশত চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে ৰংঘৰক লৈ এক বিশাল প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে। এইয়া সম্পূৰ্ণ হ’লে শিৱসাগৰৰ বহু অভাৱ দূৰ হ’ব বুলি তেওঁ উল্লেখ কৰে।

সেইদৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ্য ঋতুপৰ্ণ বৰুৱাই অসমৰ পৰ্যটনত শিৱসাগৰ আৰু চৰাইদেউৰ অৰিহণাক উল্লেখ কৰি অনাগত দিনত এই দুই পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পৰিকল্পনা কৰা বুলি সদৰী কৰে। কিছু দিনৰ পাছত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে পৰ্যটকৰ ধাৰা বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিৱসাগৰ পুখুৰীৰ পাৰত থকা কলা বিথিকাত এক ফটোগ্ৰাফি প্ৰদৰ্শনী মুকলি কৰে। অসমৰ বিভিন্ন ফ্ৰিলাঞ্চাৰ ফটোগ্ৰাফাৰৰ ফটো ইয়াত প্ৰদৰ্শন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া জূনছকায়া ৰিজৰ্টত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত মুকলি সভাৰ এক অংশৰূপে গড়গাঁও মহাবিদ্যালয়ৰ অধক্ষ্য ড০ সৱ্যসাচী মহন্তৰ সঞ্চালনাত “পৰ্যটন আৰু সেউজ বিনিয়োগ” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰ সঞ্চালন কৰি ড০ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন নীতিৰ আধাৰত অসম চৰকাৰেও বহনক্ষম নীতি গ্ৰহণ কৰাৰ লগতে পাৰিপাশ্বিক, সামাজিক,অৰ্থনৈতিক ক্ষেত্ৰত উন্নয়ন ঘটাব পাৰে তাৰ বাবে নীতি তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে ৷আলোচনা চক্ৰখনত জাংগল ট্ৰেভেলচ অৱ ইণ্ডিয়াৰ সঞ্চালিকা ড০ জাহ্নৱী ফুকনে অংশ গ্ৰহণ কৰি কয় যে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসম ভগৱানৰ এক দান। সাম্প্ৰতিক অসমৰ উন্নয়ন ঘটাৰ লগতে পয্যটন ক্ষেত্ৰখনটো অসমৰ উন্নয়ন ঘটিছে। কিন্তু উন্নয়নৰ নামত যাতে আমাৰ পাৰিপাৰ্শ্বিকতা ধংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তাৰোপৰি পয্যটন ক্ষেত্ৰখন উন্নয়নৰ নামত অন্য দেশৰ দৰে পৰিবহন পৰ্যটন , আৰু হোটেল পৰ্যটনৰ ওপৰত গুৰুত্ব নিদি সমান্তৰালভাবে সেউজ পৰ্যটনৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলিও কয় ।

নৱনিত হাজৰিকাই আঁত ধৰা আলোচনা চক্ৰত অন্যতম আলোচক হিচাপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তৰ উপৰি হলিডে ট্ৰেভেলচৰ সঞ্চালক ড০ দীপক শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ড০ মহন্তই আলোনাৰ মূল বিষয়ৰ ওপৰত সাৱলিল ভাষণ প্ৰদান কৰি কয় – পৰ্যটন ক্ষেত্ৰত শিৱসাগৰ চহকী বুলি কৈ থাকিলেই ঠাইখনৰ ঐতিহ্য বৰ্তি নাথাকে । পৰ্যটন ক্ষেত্ৰখন অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পৰ্যটন শিক্ষা অতি প্ৰয়োজন । প্ৰয়োজনীয শিক্ষা নহ’লে সমস্যাৰহে সৃষ্টি হ’ব। তাৰোপৰি এক গুণসম্পন্ন কৰ্মশক্তি যদি তৈয়াৰ কৰিব নোৱাৰো তেতিয়াও ভাল ফল পাব নোৱাৰো।

উলেখ্য যে – ইয়াৰ পাছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান । মুকলি সভাখনৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জোন স্কায়াৰ নৱনিৰ্মীত ১২ টাকৈ কৰ্টেজৰ শুভউদ্বোধন কৰে। মুকলি হসভাখনত পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন,পৰ্যটন বিভাগৰ প্ৰধান সচিব জে বি এক্কা. সচিব পদ্মপানী বৰা ,পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ , শিল্পী জুবিন গাৰ্গ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে।

অনুষ্ঠানতে শিৱসাগৰৰ নবীন বুঢ়াগোহাই, লক্ষীমপুৰৰ দিকপল লাহন , মাজুলিৰ জাহ্নু বৰুৱা , যোৰহাটৰ জয়ন্তজ্যোতি শৰ্মা, তিনিচুকীয়াৰ বিপ্লৱ চুতীয়া , নাহৰকটীয়াৰ মণিমানিক গগৈ ,চানডুবিৰ দিগন্ত ৰাভা ,আৰু গ্ৰাম্য পৰ্যটন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বিশ্বনাথ ঘাটৰ প্ৰতিনিধিক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায়।

পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’

‘মেৰি মাটি মেৰা দেশ’ৰ অধীনত অমৃত কলহ যাত্ৰা অব্যাহত আছে৷ প্ৰথম বেটেলিয়ন এছএছবি সোনাপুৰে পানীখাইতি গাঁও পঞ্চায়ত, ৰাণী গাঁও পঞ্চায়ত আৰু বৰুৱাবাৰী গাঁও পঞ্চায়তৰ তিনিটা পৃথক ব্লকৰ অধীনত কাৰ্যসূচীটো আৰম্ভ কৰে৷

ইয়াৰ বাবে বহুতো গাঁও সামৰি ঘৰৰ পৰা মাটি, চাউল সফলতাৰে সংগ্ৰহ কৰে৷ অনুষ্ঠানটোত কামৰূপ(মেট্ৰ’) জিলা পৰিষদৰ উপ-সভাপতি গজেন চেত্ৰী, বৰুৱাবাৰী গাঁও পঞ্চায়তৰ সভাপতি বৰ্ণালী বৰুৱা, পানীখাইটি গাঁও পঞ্চায়তৰ কাউন্সিলৰ জীতেন ৰাভা, ৰাণী গাঁও পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন লগতে বেচৰকাৰী সংগঠন, এছএইচজি সদস্য, সংবাদ মাধ্যমৰ লোক, সমাজকৰ্মী, গাঁওবাসী আৰু প্ৰথম বিএন এছএছবি সোণপুৰৰ কৰ্মচাৰী উপস্থিত আছিল।

ইয়াৰ পূৰ্বে, কামৰূপ(মেট্ৰ’) জিলাৰ তিনিটা খণ্ডৰ অধীনৰ 19খন গাঁও পঞ্চায়তত প্ৰথম বিএন এছএছবি সোনাপুৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন

অসম চৰকাৰৰ বিভাগীয় নিৰ্দেশনা অনুযায়ী বুধবাৰে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়ত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী সম্পন্ন হয়। এই উপলক্ষে ৰাতিপুৱা ৭.৩০ বজাত বিদ্যালয় সমূহত প্ৰভাত ফেৰী শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় পতাকা, স্থানীয় বীৰ বীৰাংগনাৰ ছবি, পঞ্চপ্ৰাণ সংকল্পৰ প্ৰিন্টআউট, স্থানীয় শিলাফলকৰ ছবি আদি প্ৰভাত ফেৰীসমূহত পৰিদৰ্শিত কৰা হয়। লগতে অমৃত মহোৎসৱ, ৰাষ্ট্ৰীয় আৰু স্থানীয় নায়কসকলৰ দেশপ্ৰেম তথা ত্যাগৰ বিষয়ে শোভাযাত্ৰাত প্ৰচাৰ কৰা হয়।

আনহাতে বৰপেটা জিলাৰ প্ৰতিখন বিদ্যালয়তে শিক্ষকৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক চাফাই অভিযানো কৰা‌‌ হয়‌ আৰু লগতে পঞ্চপ্ৰাণ সংকল্প গ্ৰহণ কৰা হয়। সকলো কাৰ্য্যসূচীত বিদ্যালয় পৰিচালনা সমিতি লগতে মাতৃগোটৰ সদস্যই অংশগ্ৰহণ কৰে।

দুপৰীয়া ৰচনা লিখা, চিত্ৰাংকন, ৰংগোলি সজোৱা, দেশপ্ৰেমমূলক গীত, সাধু বা মহৎ লোকৰ জীৱনী পৰিবশন আদি প্ৰতিযোগিতা আয়োজন কৰা হয়।

তাৰোপৰি বিদ্যালয়বোৰৰ দ্বাৰা প্ৰকাশিত আলোচনী সমূহত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচীৰ বিষয়ে লিখনি সংগ্ৰহ কৰি প্ৰকাশো কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলো ব্যক্তিৰ পঞ্চপ্ৰাণ প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ চেলফি তুলি Yuva.gov.in ত আপলোডো কৰে ।

সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ

গুৱাহাটীৰ আমবাৰী স্থিত প্ৰেছ ক্লাবত বুধবাৰে দিনৰ ১১বজাত লেখিকা সংস্থা, অসমৰ উদ্যোগত সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতিৰ পদত অধিষ্ঠিত প্ৰয়াত নিৰু শৰ্মা পৰাজুলীৰ অকাল মৃত্যুত মাহেকীয়া তিথিত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে প্ৰয়াত নিৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্বাজ্ঞলী জ্ঞাপন কৰে লেখিকা সংস্থা,অসমৰ বৰ্তমানৰ সভাপতি মৃদুলা শৰ্মাই। সংস্থাৰ প্ৰধান সম্পাদক বিজয়া দেৱদাসে আতধৰা অনুষ্ঠানটিত আৰম্ভণিতে এটি সমবেত প্ৰাৰ্থনাৰে নিৰুৰ আত্মাৰ শান্তি কামনা কৰা হয়।

সব্বধম্মীয় প্ৰাৰ্থনা আৰম্ভ কৰা হয় এটি ইছলাম ধৰ্মীয় প্ৰাৰ্থনা আৰু জিকিৰেৰে। ইয়াৰ পিছত সংস্থাৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে নিৰুৰ স্মৃতি চাৰণ কৰে। অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মীয় কেৰল পৰিৱেশন কৰে থেংচিলচী মমিনে।

নেপালী ভাষাৰ প্ৰাৰ্থনা পৰিৱেশন কৰে চম্পা উপাধ্যায় আৰু সহযোগী সকলে, শিখ ধৰ্মীয় প্ৰাৰ্থনা পৰিৱেশন কৰে হৰকিৰত হিৰে আৰু আনটো সুতপা চক্ৰৱৰ্তীয়ে, ভজন পৰিবেশন কৰে ক্ৰমান্বয়ে নয়নতৰা দত্ত আৰু জুৰি বৰুৱাই, দেহবিচাৰক গীত পৰিৱেশন কৰে অনিন্দিতা চৌধুৰীয়ে, এটি ঘোষা পৰিৱেশন কৰে ত্ৰিবেণী মজুমদাৰে আৰু নামঘোষাৰ শ্লোক পৰিবেশন কৰে পাৰুল বৰুৱাই,পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সদস্যাবৃন্দই কীৰ্ত্তনৰ ঘোষা পৰিৱেশন কৰে।

অনুষ্ঠান টিত বক্তব্য আগবঢ়াই ক্ৰমে সভাপতি মৃদুলা শৰ্মা, কবি সাহিত্যিক মীৰা ঠাকুৰ, সাংবাদিক ৰিপুঞ্জয় গগৈ, শিশু সাহিত্যিক যুগল লোচন দাসে।

অনুষ্ঠানত দুখন গ্ৰন্থ যথাক্ৰমে এখন নিৰুশম্মা পৰাজুলীৰ মৃত্যুত শোক বাৰ্তা সন্নিৱিষ্ট “”শ্ৰদ্ধাঘ্য” শীৰ্ষক আৰু আনখন নিৰুশম্মা পৰাজুলীৰ শিশু গল্প সংকলন “শুভ বুদ্বিৰ উদয়” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সংস্থাৰ বিশিষ্ট ব্যক্তিসকলে।

অনুষ্ঠানত পদ্মশ্ৰী এলি আহমেদ, ড:সুচিত্ৰা কাকতি, বন্দিতা ফুকন, ড: নমিতা ডেকা, যোগব্ৰতা দত্তকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে নিৰু শৰ্মা পৰাজুলীৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।