Home Blog Page 1345

অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্ৰশ্ৰয় দিয়া নহ’বঃমৰিগাৱঁৰ বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসত প্রধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা

“এখন বোৱতী নৈ কেতিয়াবা ফেনে ফোটোকাৰে ওফন্দি উঠে, কেতিয়াবা শুকাই জলহীন হৈ পৰে, তদ্রূপ অসম সাহিত্য সভাও কেতিয়াবা গৰিমাৰে উজলি উঠে, কেতিয়াবা নেতিবাচক সমালোচনাৰে প্রত্যাহ্বানৰ সন্মুখীন হয় ” এই মন্তব্য অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ উপেন্দ্রজিৎ শৰ্মাৰ। দেওবাৰে মৰিগাওঁ জিলা সাহিত্য সভাৰ অন্তর্গত মাত্ৰ দুবছৰৰ আগতে গঠন হোৱা বাচনাঘাট শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত প্রধান সম্পাদকে মুখ্য অতিথি হিচাপে ভাষণ দি ভাষণ প্ৰসংগত এই মন্তব্য কৰে।

উল্লেখ্য নৱগঠিত বাচনাঘাট শাখা সাহিত্য সভাই গঠন হোৱাৰ দুবছৰৰ ভিতৰতে ১০৪ গৰাকী আজীৱন সদস্য সংগ্রহ কৰি শতদল শাখাৰ মর্যদা অর্জন কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশিষ্ট সাংবাদিক আৰু অসম সাহিত্য সভাৰ কর্মকৰ্তা মধুসূধন মেধি সহ বাচনাঘাটত উপস্থিত হৈ প্রধান সম্পাদক শৰ্মাই নিজ হাতে মুকলি সভাত শাখাৰ সভাপতি কুশল কুমাৰ বৰাৰ হাতত অসম সাহিত্য সভাই প্ৰদান কৰা শতদল শাখাৰ স্বীকৃতি পত্র অর্পন কৰে। বর্তমান অসম সাহিত্য সভাৰ অভ্যন্তৰৰ খেলি মেলি সন্দৰ্ভত- কঠোৰ স্থিতি প্রকাশ কৰি প্রধান সম্পাদক গৰাকীয়ে কাৰো নাম উল্লেখ নকৰাকৈ কয়, ‘আজি অসম সাহিত্য সভাৰ প্রতি আঙুলি টোৰোৱা হৈছে । এচাম লোকৰ কর্মকাণ্ডৰ বাবে সাহিত্য সভা আজি সমালোচিত হৈছে। অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্রশ্ৰয় দিয়া নহ‌’ব’।

তেওঁ আৰু কয়, ‘জীৱন থাকিলে জীৱিকা থাকিবই। কিন্তু অসম সাহিত্য সভাক জীৱিকা উপার্জনৰ আহিলা কৰিবলৈ দিয়া নহব। এনে দুষ্কৰ্মত লিপ্ত সকলে আজি বদনামৰ ভাগি কৰিছে। কোনো শাখা সভা বা জিলা সভাই এনে অপকর্ম কৰা নাই, অসম সাহিত্য সভাৰ মুষ্টিমেয় প্রাক্তন কর্মকর্তাই এনে দুষ্কার্যত লিপ্ত হৈছে’।

অসমীয়া ভাষা-সাহিত্যৰ বিকাশত সভাই লোৱা মূল্যবান পদক্ষেপ সমূহ উল্লেখ কৰি প্রধান সম্পাদক ডঃ শর্মাই সাময়িক ভাৱে সভাৰ সম্মুখত উদ্ভৱ হোৱা সমস্যা সমূহ উমৈহতীয়াভাৱে সমাধান কৰিব পৰা হব বুলি মত প্রকাশ কৰে। প্রধান সম্পাদক গৰাকীয়ে ‘বাচনাঘাট শাখাৰ কমোদ্যোগক ভূয়সী প্রশংসা কৰে আৰু ৫০ গৰাকী আজীৱন সত্যক স্বীকৃতি পত্র প্রদান কৰে। শাখাৰ সভাপতি কুশল কুমাৰ বৰাই সভাপতিত্ব কৰা আৰু উপভাপতি কৃষ্ণানন্দ নাথ আৰু সম্পাদক বিশ্বজিৎ বৰাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই।

শ‍ইকীয়াই বাচনাঘাট শাখা সাহিত্য সভাৰ কমদক্ষতাই জিলা সভাক সমৃদ্ধ কৰা বুলি সংক্ষিপ্ত ভাষণ দিয়ে। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোহিত চন্দ্র ডেকা আৰু ড্রিমী ৰাজাই ঘুটীয়াভাবে সম্পাদনা কৰা শাখাৰ “শতদল বিশেষ পত্রিকা ” খন উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে । উন্মোচনী ভাষণত কোৱৰে পত্রিকাখনৰ জৰিয়তে গাঁও অঞ্চলত সাহিত্য চর্চ্চাৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে কর্মকতা সকলক অভিনন্দন জনায়। সভাত সন্মানিত অতিথি হিচাপে যোগদান কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক প্রতাপ হাজৰিকা, মৰিগাওঁ জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতিদ্বয় হৰেন্দ্র বৰা, মিলেশ্বৰ পাতৰ, জিলাৰ উপ-সভাপতি তথা অসম সাহিত্য সভাৰ বাৰপূজীয়া একাদশ বিশেষ বার্ষিক অধিবেশনৰ সাধাৰণ সম্পাদক ডাঃ প্রদীপ কুমাৰ ডেকা, প্রাক্তন জিলা সম্পাদক পিনাকী ভূষণ মহস্ত, বৰ্তমানৰ জিলা সম্পাদক ডঃ অচ্যুত দাস প্রমুখ্যে বিশিষ্ট ব্যক্তি সকলে ।

ডঃ দাসে আজীৱন সদস্য সকলক অসম সাহিত্য সভাৰ স্মাৰক প্ৰদান কৰে । পুৱা ন বজাত সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি কুশল কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে আজীৱন সদস্য দীনেশ চন্দ্ৰ বড়াই। স্মৃতি তৰ্পণ কৰে মহেন্দ্ৰ বৰদলৈ আৰু কৃষ্ণানন্দ নাথে। শাখাৰ মহিলা সদস্যা সকলে মুকলি সভাৰ আৰম্ভণিতে সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটি পৰিবেশন কৰি সকলোকে মোহিত কৰে।

শোণিতপুৰত বনৰীয়া হাতীৰ মৃত্যু; পাৰস্পৰিক যুঁজত এমাহতে দুটা হাতী নিহত

শোণিতপুৰৰ ফুলবাৰী চাহবাগিচাৰ ২৩ নম্বৰ লাইনত যোৱা ১৯ ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ দেওবাৰে নিশা মৃত্যু ঘটে৷ উল্লেখযোগ্য যে, দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে৷

শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাইৰূপাই অভয়াৰণ্যতে যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে য’দিও সোণাইৰূপাইৰ বহু অংশ বেদখল হোৱাৰ লগতে বালিপৰা আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰো একেই অৱস্থা হোৱাত বনৰীয়া হাতীৰ জাকে ৰঙাপৰা আৰু বালিপৰাৰ লগতে তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন আৱাসিক অঞ্চল তথা চাহবাগিচা অঞ্চলত প্ৰৱেশ কৰেহি৷ কিন্তু শেহতীয়াকৈ বাহিৰতো হাতীৰ মাজতে যুঁজ লাগি দুটাকৈ হাতী মৃত্যু মুখত পৰিবলগীয়া হোৱাত চিন্তিত কৰিছে বন্যপ্ৰাণী প্ৰেমী সকলক৷

উল্লেখযোগ্য যে,১৯ছেপ্টেম্বৰত চাৰিটা মখনাৰ একত্ৰিত আক্ৰমণত প্ৰায় ২৫বছৰীয়া দঁতালটো গুৰুতৰ ভাবে আহত হয়৷আগফালৰ এখন ঠেং ভাঙি যোৱাৰ লগতে পেটৰ ভিতৰত আঘাতপোৱা দঁতালটোক চাৰিটা মখনাই কাষৰ দ অংশলৈ ঠেলি পেলাই দিয়া দেখা পাইছিল একাংশ লোকে৷

হাতীটোৰ চিকিৎসা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী চিকিৎসকে অব্যাহত ৰাখিছিল য’দিও দেওবাৰে নিশা হাতীটোৰ মৃত্যু ঘটে৷ সোমবাৰে দিনত হাতীটোৰ দাঁত দুটা বিভাগীয় নিয়ম অনুসৰি আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ে সংগ্ৰহ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷ মৃত হাতীটোক ফুলবাৰী বাগিচাৰ সেই স্থানতে পোতাৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখযোগ্য যে,যোৱা ১৯ছেপ্টেম্বৰতে চাৰিদুৱাৰৰ ৰিংখাংপুৰত আন এটা বনৰীয়া হাতীও নিহত হৈছিল৷ আন বনৰীয়া হাতীৰ লগত যুঁজৰ ফলত আহত হৈ এটা নলাত প্ৰায় এমাহ পৰি থকা হাতীটোৰ মৃত্য হৈছিল৷ উল্লেখযোগ্য যে,শোণিতপুৰত বনৰীয়া দঁতাল হাতীৰ সংখ্যা বহু কম আৰু শেহতীয়াকৈ এটা মাহৰ ভিতৰত দুটা বন্যহস্তী যুঁজত নিহত হোৱা ঘটনাই বন্যপ্ৰাণী প্ৰেমী সকলোকে ব্যথিত কৰিছে৷

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ দেওবাৰে নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰতি ফুটবলপ্ৰেমী ৰাইজৰ আকৰ্ষণ বৃদ্ধিৰ প্ৰমাণ স্বৰূপে যোৱানিশা ভৰি পৰে পলফিল্ড খেলপথাৰ৷


টিকট ক্ৰয় কৰি এইখন ফুটবল খেল চাবলৈ দূৰ দূৰণিৰ পৰা গাড়ী – মটৰ লৈ সমগ্ৰ পল’ফিল্ড অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ পিছত কালি চূড়ান্ত খেলখনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত অৰুণাচল এফ চিয়ে চিৰাং দুবাৰ এফ চিক ৩ – ১ গ’লত পৰাস্ত কৰি তাৰিণী ভূঞা সোঁৱৰণী নগদ এক লাখ টকাৰ চেম্পিয়নশ্বিপৰ বঁটা লাভ কৰাৰ লগতে ৰাৰ্ণাছ আপ দলেও তাৰিণী ভূঞা সোঁৱৰণী ৫০ হেজাৰ টকা আৰু ট্ৰফী লাভ কৰে।

শিলচৰৰ ৰেফাৰী নিৰ্মল ভট্টাচাৰ্যৰ লগতে শিৱসাগৰৰ লাকি ৰঞ্জন বৰুৱা, লখিমপুৰৰ ভাস্কৰ চাবুকধৰা আৰু নগাঁৱৰ ৰূপম বৰদলৈৰ সুদক্ষ পৰিচালনাত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনৰ প্ৰথমাৰ্ধৰ ৩২ মিনিটত চিৰাং দুৱাৰ এফ চিৰ জাৰ্চি জয়ৰাজ দৈমাৰীয়ে প্ৰথমটো গ’ল দিয়াৰ পিছত দ্বিতীয়াৰ্ধৰ ৬২ মিনিটত অৰুণাচল এফ চিৰ টাটে হাখেৰ গ’লেৰে সমতা স্হাপন কৰিবলৈ সক্ষম হোৱাত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও খেলখনৰ ৮০ মিনিটত পুনৰ অৰুণাচল এফ চিৰ ট্ৰ ডালুৱে আন এটা গ’ল আৰু খেলখনৰ অন্তিম মূহুৰ্তত অৰ্থাৎ ৯২ মিনিটত অৰুণাচল এফ চিৰ টাটে হাখে ব্যক্তিগত দ্বিতীয়টো গ’ল স্কৰ কৰি ৩-১গ’লৰ ব্যৱধানত নিজৰ দলৰ বিজয় নিশ্চিত কৰে।

উল্লেখ্য যে, ভাৰতীয় ফুটবল ফেডাৰেছনৰ কোষাধ্যক্ষ অজয় কৃপাই মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা আৰু অসম ফুটবল সন্হাৰ সাধাৰণ সম্পাদক ড০ চাং গ্ৰাং ব্ৰহ্ম, বঢ়হমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু দাতা পৰিয়ালৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই বিশিষ্ট আৰু সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি বঁটা প্ৰদান কৰা খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অৰুণাচল এফ চিৰ খেলুৱৈ দৰ্জে ৱাংচুৰ লগতে শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ সন্মান অৰ্জন কৰে অৰুণাচল এফ চিৰ টাই বাই, শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰৰ খিতাপ লাভ কৰে অৰুণাচল এফ চিৰ টাটে হাখে আৰু শ্ৰেষ্ঠ গ’ল ৰক্ষাকৰ খিতাপ লাভ কৰে অৰুণাচল এফ চিৰে জাগন লয়িয়ে।

তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, প্ৰাক্তন সভাপতি ইস্কে আলম, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাকে ধৰি তেজপুৰৰ বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত খেলখনৰ বিৰতিৰ সময়ছোৱাত আসাম ৰাইফলৰ জোৱান সকলৰ আকৰ্ষণীয় বেন বাদন অনুষ্ঠানে ৰাইজক আপ্লুত কৰে।

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি কলা কেন্দ্ৰত খনামুখ সেউজী যুৱক সংঘৰ উদ্যোগত ৱেইটলিফটিং একাডেমিৰ চিলেকশ্যন ট্ৰায়েলত অংশ গ্ৰহণ কৰে।


হেলথ এণ্ড এথলেটিকচ ক্লাব দিখৌমুখ, পাৱাৰ হাউছ জীম জয়সাগৰ, য়ংগষ্টাৰ ক্লাব বগীবিল, নাজিৰা ফিটনেছ, সতী সাধনী হেল্থ ক্লাৱ চাৰিং , চামগুৰি ক্ৰীড়া সন্থা আৰু উত্তৰণ হেল্থ ক্লাবৰ ১০৫ গৰাকী খেলুৱৈয়ে ৷ ভগামুখ উচ্চ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমধৰ গগৈ আৰু খনামুখ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকাই ক্ৰমে বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধনেৰে আৰম্ভ কৰা ট্ৰায়েলৰ উদ্বোধনী অনুস্হানত ক্ৰীড়া সাংবাদিক সত্যজিৎ শইকীয়া, ক্ৰীড়া সংগঠক মনোজ শইকীয়াইও অংশ গ্ৰহণ কৰে ৷ বিগত সময়চোৱাত ৰাজ্য আৰু দেশৰ হৈ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা কেইবাজনো ক্ৰীড়াবিদক এই অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয় ৷ এইসকল হ’ল প্ৰাক্তন আন্তৰাষ্ট্ৰীয় পদকজয়ী শক্তি উত্তোলক মিনতি দিহিঙীয়া, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় এথলীট অনন্ত ৰাজকোঁৱৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মনালিছা বৰা, নিৰ্মালী বৰা, কৃষ্ণ বৰা, দিগন্ত খনিকৰ, পবীৰ নেওগ, পলাশ বৰুৱা, অংগৰাজ কোঁৱৰ, ঋতুৰাজ গগৈ, বিচিত্ৰা ৰেখা বৰুৱা, মন্টু ভৰালী, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ ভূপেন দাস সংগঠক নৰেশ সিং ৱাছফৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় ভাৰোত্তোলক তথা প্ৰশিক্ষক যোগেন্দ্ৰ ফুকন আৰু গৌৰাঙ্গ বৰা , ঋতু গগৈ, প্ৰশিক্ষক সুদৰ্শন শইকীয়া আৰু ঋষিকেশ গগৈ ৷

খনামুখ সেউজ সংঘৰ সভাপতি ৰঞ্জন গগৈ, সাধাৰণ সম্পাদক আকাশ গগৈয়েও অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ অসম ভাৰত্তোলন সন্হাৰ দল হৈ সৰুপথাৰত অংশ গ্ৰহণ কৰিবলৈ নিৰ্বাচিত দলটো হ’ল — লৰাৰ ক্ৰিছ তন্ময় ভাগৱতী, কৌস্তুভ বৰগোহাঁই, বিকি গগৈ, ৰিকি গগৈ,কল্যাণ বেজবৰুৱা, প্ৰাচুৰ্য্য বৰুৱা, অভিলাষ কোঁৱৰ, লক্ষ্যজ্যোতি লাহন, নীৰৱজ্যোতি কোঁৱৰ, পংকজ দুৱৰা, ৰূপমজ্যোতি গগৈ, বিবেক গগৈ, অয়ন দাস, নিখিল দাস, ৰোহিত দত্ত, অংকুৰ বৰগোহাঞি, সৌৰভ গগৈ, ডেনিছ কাগয়ুং, সুদৰ্শন শইকীয়া আৰু প্ৰণৱ দাস ৷

ছোৱালীৰ সুৰীয়া নাইনে ভিনিছা ৰাও, কল্যাণী গগৈ, নানচেংফা বৰগোহাঁই, চাইনা হাতীমূৰীয়া, আস্থাজিতা গগৈ, ক্ৰিন’ভা কলিতা, বৰ্ণালী বৰুৱা, পাহী গগৈ, পৰিস্মিতা গগৈ, দৃষ্টি পূজাৰী, প্ৰিয়ংকা ডাৰিগ, বিচিত্ৰা কলিতা, প্ৰতিমা কলিতা, বৰ্ণালী দত্ত, মাৰ্টিনা মিলি, বৰ্ণালী বৰা, দীপামনি কলিতা আৰু কৰিশ্মা চৌধুৰী ৷

1st BN SSB Sonapur on Amrit Kalash Yatra under Meri Maati Mera Desh

1st Battalion SSB Sonapur initiated and facilitated the program on the collection of Mitti/rice for Amrit Kalash Yatra under the ageis of Meri Maati Mera Desh.


Today, the program was facilitated and participated at twenty seven villages under five Gaon Panchayats at three different Blocks of Kamrup(M).

The program was cooperatively attended by Gaon Panchayat members, members of Self Helf Groups, volunteers and local public. Minu Mithiya, Mitali Kalita, Sneswar Kalita, Babita Baishya, Presidents of Digaru GP, Chandrapur GP, Panikhaiti GP and Mazirgaon GP respectively with SSB personnel and other members participated in the event and made the program a grand success.

Yesterday, the program was facilitated and participated at seven Gaon Panchayats under 02 Blocks of Kamrup(M) at Molaibari GP, Hahara GP, Tetelia GP, Nortap GP, Kamarkuchi GP, Azara GP and Garal GP.

ছিপাঝাৰত নতুন পি এম গৃহ কেতিয়া হ’ব ! ঘৰ হ’ব হ’ব বুলি বাট চাই থাকোতেই আমনি লাগিছে হিতাধিকাৰীৰ ; গৃহ নিৰ্মাণ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে বিমোৰত পেলাইছে দৰিদ্ৰ পৰিয়ালক…

চৰকাৰে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে দুখীয়া দৰিদ্ৰ পৰিয়াললৈ আৱন্টন দিয়া পি এম গৃহকলৈ একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ হ’ব হ’ব বুলি বাট চাই অপেক্ষা কৰি থাকোতে আমনিবোধ কৰিছে।কিয়নো পঞ্চায়তে পঞ্চায়তে একাংশ দৰিদ্ৰ পৰিয়ালৰ নামত আই ডি নম্বৰ সন্নিৱিষ্ট হোৱাৰ পিছত চৰকাৰী গৃহ লাভ কৰাটো নিশ্চত হৈ পৰাত এই সকল পৰিয়ালে পি এম গৃহ লাভৰ আশাত বাট চাই অপেক্ষা কৰি আছে।পঞ্চায়তৰ প্ৰতিনিধি -কৰ্মচাৰীক যতেই লগ পাইছে ততেই সুধিছে নিজৰ ঘৰটো হ’ব কেতিয়া। পিছে আঁচনিৰ আশা কৰি ভাগৰি পৰা এই সকল দৰিদ্ৰ পৰিয়ালে কেতিয়া চৰকাৰী গৃহ লাভ কৰিব তাক কোনেও সঠিককৈ ক’ব পৰাত নাই। ইফালে গাঁও পঞ্চায়ত এলেকা সমূহত চলি আছে পূৰ্বে গৃহ লাভ কৰা পি এম গৃহৰ নিৰ্মাণ ৰূপায়ণ কাম।দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডটো ২৫ খন গাওঁ পঞ্চায়তত ৰূপায়ণ কৰা হৈছে পি এম গৃহ। দৰিদ্ৰ লোক সকলে ঘৰ ঘৰ বুলি কান্দি থকাৰ মূৰকত কিবাকৰি চৰকাৰী পকী গৃহ এটা লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰা বুলি প্ৰকাশ।পিছে চৰকাৰে দৰিদ্ৰ লোক সকলৰ নামত আৱন্টন দিয়া গৃহ সমূহত পূৰ্বৰ নিৰিখতে ১.৫০ লাখ টকা ধাৰ্য কৰাত সেইখিনি আৱন্টিত ধনেৰে সম্পূৰ্ণকৰণ কৰিব নোৱাৰি বিমোৰত পৰিবলগীয়া হৈছে দৰিদ্ৰ হিতাধিকাৰী সকল।কিয়নো চৰকাৰী গৃহৰ নামত আৱন্টিত ধন হয় ১.৫০ লাখ টকা। হিতাধিকাৰী সকলৰ অভিযোগ অনুসৰি দোকান সমূহত গৃহ নিৰ্মাণ সামগ্ৰীৰ কৃত্ৰিম নাটনি অজুহাত দেখুৱাই ৬০ /৭০ শতাংশ মূল্যবৃদ্ধি ঘটাই অধিক মুনাফা লুটিছে।

ছিপাঝাৰত বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ মাহৰ পৰাই মূল্যবৃদ্ধি সৃষ্টি কৰা হৈছে। অঞ্চলত আজি চাৰিমাহ আগতে ইটাৰ মূল্য হাজাৰত আছিল ৮-৯ হাজাৰ টকা।তাৰ পিছত এতিয়া হোৰাহোৰে দাম বৃদ্ধি হৈ ১৫/১৬ হাজাৰ টকা চুইছে।একেদৰে ৰ’ড ,গুণা,গজল,বালি, চিমেণ্ট,কাঠ আদি সকলোবোৰ গৃহ সামগ্ৰীৰে মূল্য বৃদ্ধি ঘটিছে।বালিৰ কিউবিক মিটাৰ বালিত আগতে আছিল ৯-১০০০ টকা। এতিয়া হ’লগৈ ১২০০ টকা পৰ্যন্ত। কাঠৰ কথাটো ক’বই নালাগে।প্ৰতি কেবি কাঠত ৫০০/৬০০ টকালৈ বৃদ্ধি হৈছে দাম। এনে মূল্য বৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব নাই নাই। আনহাতে চৰকাৰী জোখত গৃহটো নিৰ্মাণ কৰোতে ৰাজমিস্ত্ৰীয়ে লয় ৪০/৪৫ হাজাৰ টকা।ইয়াৰ পিছত গৃহটো বাবে ৰ’ল কেইহাজাৰ টকা। আশ্বৰ্যজনক ভাবে মালিক সকলে নিজৰ ইচ্ছা অনুসৰি দাম বৃদ্ধি কৰাৰ পাছতো চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিব পৰা নাই। যাৰ বাবে নিজৰ ইচ্ছানুযায়ী দাম বৃদ্ধি ঘটাই থকাটো পৰম্পৰাত পৰিণত হৈছে। ইফালে বিভাগে প্ৰথম কিস্তিৰ ধন হিচাপে আগবঢ়োৱা ৩২,৫০০ টকাৰ ধনেৰে তলৰ কৰিবলগীয়া কামখিনিয়ে নোজোৰে। কিন্তু প্ৰথম কিস্তিৰ আৱন্টিত ধনৰ কাম নকৰিলে দ্বিতীয় কিস্তিৰ ধন আৱন্টন নোহোৱাৰ বাবে হিতাধিকাৰী সকলে উপায়হীন ভাবে অধিক দাম দি সামগ্ৰী কিনিব লগীয়া হয়।কটা ঘাঁতে চেঙা তেল পৰাৰ দৰে হাৰ্ডৰ দোকানৰ পৰা বাকীত সামগ্ৰী কিনি গৃহ সম্পূৰ্ণ কৰিবলৈ বিচাৰিলে দোকানীয়ে বাকীৰ বহীত দহত বিশ লিখি হিতাধিকাৰীক মূৰত মাৰে দ্বিতীয় ডাল ৰাম টাঙোন। যাৰ পিছত তৃতীয় কিস্তিৰ ধন আৱন্টন হ’লেও গৃহ সামগ্ৰীৰ মূল্য আৱন্টিত ধনতকৈ বেছি হৈ পৰে।

আৱন্টিত ধনেৰে দোকানৰ পৰা নিয়া সামগ্ৰীৰ বাকীৰ ধন নোজোৰাত পোহনীয়া জীৱ-জন্তু বিক্ৰী বা ধাৰ কৰিহে দিবলগীয়া হৈ পৰিছে। আশ্বৰ্যজনক কথা যে কোনোজন হিতাধিকাৰীৰ জবকাৰ্ডৰ পাবলগীয়া ধনৰাশি পঞ্চায়ত কৰ্মচাৰীয়ে আনৰ একাউন্টত ৰহস্যজনক ভাবে সোমাই দি হিতাধিকাৰীক প্ৰৱঞ্চনা কৰাৰো অভিযোগ আছে। উল্লেখ্য যে পি এম গৃহৰ হিতাধিকাৰী সকলে জবকাৰ্ডৰ ধনেৰে গৃহৰ দৰ্জা খিৰিকীৰ কাম কৰাৰ আশা পালি টকা কেইটালৈ বাট চাই থাকে যদিও আজিও বহু হিতাধিকাৰীৰ নিজৰ একাউন্টত এইধন সম্পূৰ্ণকৈ নোসোমোৱাত গৃহৰ কাম আধৰুৱা কৈ পেলাই লবলগীয়া হোৱা বুলি প্ৰকাশ। যাৰ বাবে নতুন গৃহ আৱন্টনত সমস্যা হ’ব পাৰে। ইফালে পূৰ্বৰ পঞ্চায়ত কাৰ্যালয়ত চৰকাৰী আৱাস গৃহত অনিয়মৰ পাহাৰ গঢ়ি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ আওঁতাত তদন্ত অব্যাহত থকা পঞ্চায়তখনত কোনো লোকৰ কথাত নহয়, আঁচনিৰ নীতি নিয়মৰ গণ্ডিত ৰূপায়ণ কাম কৰিবলৈ নৱ নিযুক্ত সচিবক সচেতন মহলে আহ্বান জনাইছে।বিগত সময়ত এগৰাকী বদলিকৃত সচিবে আঁচনিৰ নামত প্ৰতিনিধি , ঠিকাদাৰ, জিপিচি, জি আৰ এছেৰে হাত মিলাই বৃহৎ দুনীতিৰ বজাৰ বহুৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।

৬ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী…


ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষা অনুস্থান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনে ১৯৯৮ চনতে স্থাপিত তথা জন্মলগ্নৰে পৰা শিক্ষাৰ পোহৰ বিলাই এইবেলি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হল ৷ বছৰজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৬,৭ আৰু ৮ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ২৫ খনৰো অধিক উপ-সমিতি দ্বাৰা মহাবিদ্যালয়ৰ পৰিয়ালে অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰিবলৈ তুংগত কৰিছে প্ৰস্তুতি ৷ বিশাল মণ্ডপৰ লগতে দুৰ দূৰণি পৰা অহা প্ৰাক্তন প্ৰশিক্ষাৰ্থী ও অতিথিক আদৰিবলৈ সাজু মহাবিদ্যালয় পৰিয়াল ৷ ইপিনে ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি – ৬ অক্টোবৰ অৰ্থাৎ প্ৰথম দিনা পুৱা ৮-০০ বজাত মহাবিদ্যালয়ৰ প্রশিক্ষার্থী একতা সভাৰ উদ্যোগত পৰিৱেশ নিকাকৰণ। পুৱা ৮-৩০ বজাত গছপুলি ৰোপণ অনুষ্ঠানত ৰোপক হিচাপে অংশ ল’ব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে । ৯-০০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব উত্তোলক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা, ৯-৩০ বজাত ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব উত্তোলক ৰূপালী জয়ন্তী উদযাপন সমিতি সভাপতি পূর্ণানন্দ গগৈয়ে । পুৱা ১০-০০ বজাত স্মৃতি তর্পণ কাৰ্যসূচীত বন্তি প্ৰজ্জলক হেমপ্রভা দত্ত আৰু মুখ্য তৰ্পক হিচাপে উপস্থিত থাকিব চ’ছাইটি ফ’ৰ কলেজ অব টিচ্যাৰ এডুকেশ্বান সভাপতি ভোলানাথ গগৈ ৷ পুৱা ১১-০০ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলৰ অনুদানেৰে নিৰ্মিত নৱনির্মিত বাহন আস্থান উন্মোচন কৰিব উন্মোচক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে ।

দুপৰীয়া ১২-০০ বজাত মঞ্চ উদ্বোধন কৰিব ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক সেৱক চন্দ্র চুতীয়াই ৷ দুপৰীয়া ১২-৩০ বজাত; আলোচনা সত্রখনিত সঞ্চালক তথা মুখ্য আলোচক হিচাপে অংশ ল’ব লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী ৷ আলোচক হিচাপে উপস্থিত থাকিব ড° প্ৰাঞ্জল বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়, ড° পংকজ বৰা, সহযোগী অধ্যাপক ঢকুৱাখনা মহাবিদ্যালয় । অনুষ্ঠানৰ বিষয় হব- “নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্রত্যাহ্বান আৰু প্ৰত্যাশা।” সন্ধিয়া ৬-০০ বজাত বন্তি প্ৰজ্বলন কৰিব প্ৰৱীণ সমাজকর্মী পূর্ণ লাহনে ৷ ৭-০০ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব উদ্বোধক ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বনজিৎ ভট্টই । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাত প্রাক্তন প্রশিক্ষার্থীসকলৰ পঞ্জীয়ন কাৰ্যসূচীত মুখ্য পঞ্জীয়ক হিচাপে উপস্থিত থাকিব প্ৰাক্তন প্রশিক্ষার্থী হেমন্ত কুমাৰ বৰুৱা । ১১-০০ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰখনি উদ্বোধক হিচাপে উপস্থিত থাকিব এই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা ৷ আলোচনা সত্ৰৰ মুল বিষয়বস্তু -“পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব”। অনুষ্ঠানত সঞ্চালক তথা মুখ্য আলোচক হিচাপে উপস্থিত থাকিব
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা, আলোচক হিচাপে উপস্থিত থাকিব প্ৰাধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° গোপাল চন্দ্ৰ হাজৰিকা, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ ৷ বিয়লি ১-৩০ বজাত বিশিষ্ট লেখক সাহিত্যিক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড° উপেন ৰাভা হাকচামৰ দ্বাৰা গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ ‘ৰূপালী বৈভৱ’ উন্মোচন কৰা হব ৷ বিয়লি ৩-০০ বজাত প্রাক্তন প্রশিক্ষার্থী সম্মিলনৰ সভাপতি দুলু শ‍ইকীয়াৰ সঞ্চালনাত প্রাক্তন প্রশিক্ষার্থীসকলৰ অন্তৰঙ্গ আলাপ । ৫-৩০ বজাত বন্তি প্রজ্বলন কৰিব প্রজ্জ্বলক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাক্তন অধ্যক্ষ চেনীৰাম বৰুৱাই ৷ সন্ধিয়া ৬-০০ বজাৰ লগেলগে অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক চৈতন্য দত্ত । তৃতীয় দিনা অৰ্থাৎ শেষৰ দিনা পুৱা ৯.০০ বজাত সামূহিক চফাইৰ পাছতে ১০-৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব উদ্বোধক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰীক্ষাসমূহৰ নিয়ন্ত্রক, পংকজ বৰঠাকুৰে ৷ বিয়লি ১-০০ বজাত মুকলি সভা উদ্ধোধন কৰিব উদ্বোধক ঢকুৱাখনা উপ-জিলা অতিৰিক্ত জিলা আয়ুক্ত কার্তিক কলিতাই ৷

অনুষ্ঠানত উদ্‌যাপন সমিতি সভাপতি পূর্ণানন্দ গগৈৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শ‍ইকীয়া, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব লক্ষীমপুৰ লোকসভা সমষ্টি সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধান সভা সমষ্টি প্রাক্তন মন্ত্রী তথা বিধায়ক নৱ কুমাৰ দলে, কেন্দ্ৰীয় চৰকাৰ প্রাক্তন ৰাজ্যিক মন্ত্ৰী ড° ৰাণী নৰহ ৷ ইয়াৰ সমান্তৰালভাৱে এই অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবদ্য, ঘিলামৰা নর্থ বেংক কলেজ অধ্যক্ষ ড° যুগল শ‍ইকীয়া,ঢকুৱাখনা মহাবিদ্যালয় অধ্যক্ষ ড° যোগানন্দ সূত, হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগ, লখিমপুৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শ‍ইকীয়া, ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক যুক্তিৰত্ন শ‍ইকীয়া, ঢকুৱাখনাৰ বিশিষ্ট সমাজকর্মী বসন্ত শ‍ইকীয়া, লখিমপুৰ জিলা দ্যা চেন্টিনেল কাকতৰ সাংবাদিক ৰঞ্জিত কাকতি ৷ সন্ধিয়া ৭-৩০ বজাত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত নাট “পৰশুৰামৰ গুৰুদক্ষিণা সহস্রার্জুন বধ” নামৰ ভাওনা প্রদর্শন ৷ উক্ত ভাওনাখন উদ্বোধন কৰিব উদ্বোধক ঢকুৱাখনা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে । ইপিনে ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ লজতে মহাবিদ্যালয়ৰ পৰিয়ালে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

বকোৰ কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

বকোৰ কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন::

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত কালাতলী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ‘কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অইন বছৰৰ দৰে এইবেলিও দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিদ্যালয়ৰ ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ চমুকৈ এন এচ এচ গোটৰ প্ৰতিষ্ঠা দিৱস ৷ এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক ওমৰ আলী আহমেদে ৷ পিছত ছাত্ৰ- ছাত্ৰীৰ মাজত চাফাই অভিযান, বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয় অৱসৰপ্ৰাপ্ত ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষক বৃক্ষ বন্ধু কোৰবান আলী আহমেদে ৷

দুপৰীয়া কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৈক্ষিক তত্ত্বাৱধায়ক ওমৰ আলী আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হয় মুকলি সভা ৷ বিদ্যালয়ৰ এন এচ এচ গোটৰ সহকাৰী দায়িত্ববাহী শিক্ষক ৰবিউল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সমিতিৰ সভাপতি আমিন ময়নুল হকে মুখ্য অতিথি হিচাবে উপস্থিত থাকি ১৯৬৯ চনৰ ২৪ ছেপ্টেম্বৰত সেই সময়ৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী বি কে আৰ বি ৰাওৰ নেতৃত্বত জন্ম লাভ কৰা ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এচ এচ গোটৰ জৰিয়তে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ- ছাত্ৰী সকলে সুস্থ্য- সৱল সমাজ গঠনত গ্ৰহণ কৰি অহা ভূমিকাৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

মুকলি অনুষ্ঠানটোত ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কিচমত কাঠমী সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুৰ ৰৌফ হুছেইন, বিদ্যালয়ৰ এন এচ এচ গোটৰ তত্বাৱধায়ক শিক্ষক তথা আঁচনি বিষয়া শিক্ষক হেকিম,শিক্ষক মইদুল ইচলাম,জামাল উদ্দিন আহমেদ,খলিলুৰ ৰহমান, মফিদা আহমেদ, বিদ্যালয়ৰ জেষ্ঠ দাতা সদস্য আৰদশ আলী আহমেদ প্ৰমূখ্যে কেবাগৰাকী শিক্ষক কৰ্মচাৰী উপস্থিত থাকি মূল্যৱান বক্তব্য আগবঢ়ায় ৷ মুকলি অনুষ্ঠানৰ মাজতে প্ৰতিষ্ঠা দিৱসৰ কেক কাটি বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সমিতিৰ সভাপতি আমিন ময়নুল হকে ৷ উল্লেখ্য, প্ৰতিষ্ঠা দিৱসৰ মুকলি অনুষ্ঠানৰ মাজতে বিদ্যালয়ৰ এন এচ এচ গোটৰ ছাত্ৰ – ছাত্ৰী সকলে বিভিন্ন ধৰণ গীত- মাত- নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী গাৰ্লছ কেডেটে…

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ এন চি চিৰ ২০ জনী গাৰ্লছ কেডেটে

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া ২০২৪ বৰ্ষৰ গণৰাজ্য দিবসৰ পেৰেডৰ কাৰ্যসূচীত ব্ৰাছ বেণ্ডত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ গুৱাহাটী গ্ৰুপৰ প্ৰথম এন চি চি বেটেলিয়ানৰ জুনিয়ৰ উইঙৰ অন্তৰ্গত গুৱাহাটীৰ পাথৰকুঁৱৰীৰ ছেণ্ট ফ্ৰান্সিছ স্কুলৰ ছাত্ৰী তথা ২০ জনী গাৰ্লছ কেডেটে ।

ছেইণ্ট ফ্ৰান্সিছ স্কুলৰ ১৩ ৰ পৰা ১৫ বছৰ বয়সৰ এই ২০ জনী এন চি চি জুনিয়ৰ উইঙৰ গাৰ্লছ কেডেটে নতুন দিল্লীত ২০২৪ চনৰ গণৰাজ্য দিৱস শিবিৰত কৰ্তব্য পথত মাৰ্চপাৰ্টত ভাগ লোৱাৰ বাবে নিৰ্বাচিত হৈছে। এন চি চিৰ উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ক ব্রাছ বেণ্ডত মুঠ ৪৫ জনী গাৰ্লছ কেডেটে প্ৰতিনিধিত্ব কৰিব । যত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানৰ পৰাই ২০ জনী ছাত্ৰী নিৰ্বাচিত হৈছে।

ইফালে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত নিৰ্বাচিত হোৱা কেডেট সকলে পহিলা অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ নাগালেণ্ডৰ কোহিমাৰ আছাম ৰাইফলছত প্ৰশিক্ষণ শিবিৰত প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰত অংশগ্ৰহণ কৰিব । তাৰ পিছত ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আন এটা প্ৰাক গণৰাজ্য দিৱসৰ শিবিৰত অংশগ্ৰহণ কৰি কেডেটৰ দলটোৱে নতুন দিল্লীত এন চি চিৰ সঞ্চালক প্ৰধানৰ অধীনত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ শিবিৰত ভাগ লোৱাৰ উদ্দেশ্যে ২৫ ডিচেম্বৰত ৰেলযোগে যাত্ৰা কৰিব।

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ…

অ’ এন জি চি , অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লঘূ যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ
মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি )অসম সম্পদৰ একাংশ অনা অসমীয়া বিষয়াৰ থলুৱা বিৰোধী নীতি তথা শোষণ – প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু দল – সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ স্বত্তেও কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয় , অসম চৰকাৰ আৰু নিগম কৰ্তৃপক্ষই কোনো গুৰুত্বাৰোপ কৰা পৰিলক্ষিত হোৱা নাই ।

শেষতীয়াকৈ অ’ এন জি চি অসম সম্পদৰ অধীনত লঘু যান – বাহনৰ এক নিবিদা আহ্বান কৰে । শ শ ক্ষুদ্ৰ ঠিকাদাৰে হাজাৰ হাজাৰ টকা ব্যয় কৰি এই নিবিদাত অংশগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত থলুৱাক পেটে ভাতে মাৰি বহিৰাগত অনাঅসমীয়া পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থৰ ৰক্ষাৰ কাৰণে আৰু অনাঅসমীয়া একাংশ শীৰ্ষ বিষয়াৰ গোপন কমিচনৰ অংকৰ বাবেই থলুৱাক বঞ্চিত কৰি নিবিদা বাতিল কৰে । অ’ এন জি চিৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সম্প্ৰতি সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে । আজি অ’ এন জি চি , অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

অ’ এন জি চিৰ লঘূ যান বাহন নিবিদা প্ৰক্ৰিয়াত এজন ভেন্দৰক এখনকৈ লঘু বাহন প্ৰদান কৰা, প্ৰস্তাৱিত লটাৰী প্ৰক্ৰিয়া বন্ধ কৰা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিৱনুৱা সকল অগ্ৰাধিকাৰ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰা, এই তিনি দফীয়া দাবী উত্থাপন কৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই। পিছত অ’ এন জি চি, অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক লঘু যান – বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই যৌথ ভাৱে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । অহা ২৭ ছেপ্টেম্বৰৰ ভিতৰত দাবী সমূহ অ’ এন জি চি কতৃপক্ষই বিবেচনা নকৰিলে ২৮ ছেপ্তেম্বৰত লঘূ যান বাহনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে এই দুই সন্থাই।