Home Blog Page 1349

এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল ! বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ…

এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল। বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ।

ছেমি ফাইনেলত ৮ উইকেটত পৰাস্ত কৰিলে বাংলাদেশক। বাংলাদেশে ৫২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক।

১৭.৫ অভাৰত ৫১ ৰান কৰি অলআউট বাংলাদেশ। ১৭ ৰান দি পূজা বস্ত্ৰকাৰে লাভ কৰে ৪টা উইকেট।

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন ! গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু…

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন। গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু। নিহত বৰডুমছাৰ মিনাকান্ত দেউৰী, দলেন্দ্ৰ দেউৰী।

গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক। আহতকেইজনক AMCHত ভৰ্তি।অইলৰ ছাৰ্ভে কোম্পানীত কৰ্মৰত আছিল শ্ৰমিককেইজন।

কৰ্তব্যৰত অৱস্থাতে গাত বাগৰি পৰে প্ৰকাণ্ড গছ। ঘটনাক লৈ অইলৰ ছাৰ্ভে কোম্পানীটোৱে অৱহেলা কৰাৰ অভিযোগ।

চাইবাৰ আক্ৰমণৰ আশংকা! এপ’লৰ সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ বাবে চৰকাৰে জাৰি কৰিলে ‘সতৰ্কবাণী’…

ভাৰতৰ কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি গোটে (চিইআৰটি-ইন) এপ’লৰ সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। চাইবাৰ সুৰক্ষা সংস্থাটোৱে এপ’ল সামগ্ৰীৰ একাধিক দুৰ্বল দিশৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰে চাইবাৰ আক্ৰমণকাৰীক লোক এজনৰ গোপনীয়তাৰ বিষয়টোত আঘাত কৰাৰ সুযোগ দিব পাৰে৷ উল্লেখ্য চিইআৰটি-ইন হৈছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (মেটি) অধীনত কম্পিউটাৰ সুৰক্ষা ঘটনাৰ সঁহাৰি দিয়াৰ বাবে এক ৰাষ্ট্ৰীয় নোডেল সংস্থা। চাইবাৰ অপৰাধীক সুবিধা কৰিব দিব পৰা এনে দুৰ্বলতা এপ’ল টিভিঅ’এছ আৰু ঘড়ীৰ দৰে সামগ্ৰীত বিদ্যমান হৈছে। ভি৯.৪ ৰ এপল টিভিঅ’এছ সংস্কৰণ আৰু ভি১৬.৪ ৰ এপল ৱাচঅ’এছ সংস্কৰণকো ই প্ৰভাৱান্বিত কৰিব। এনে দুৰ্বলতাক চিইআৰটি-ইনৰ দ্বাৰা উচ্চ তীব্ৰতা হিচাপে চিহ্নিত কৰা হৈছে৷

পৰামৰ্শত চিইআৰটি-ইনে কয় যে এপলম’বাইলফাইলেণ্ট্ৰিটি, পডকাষ্ট, টিচিচি, ফাইণ্ড মাই, চৰ্টকাট আৰু ৱেবকিটৰ ত্ৰুটিৰ বাবে এনে দুৰ্বলতা বিদ্যমান হৈছে; কোৰ ব্লুটুথ আৰু ইমেজল’তো চাইবাৰ অপৰাধীক সুবিধা কৰি দিব পৰা সুৰুঙা আছে৷ কোৰকেপচাৰ, ফণ্টপাৰ্চাৰ আৰু ইমেজল’ত অনুপযুক্ত মেমৰি ; ফাউণ্ডেচনত দুৰ্বল কোড কাৰ্যকৰীকৰণ আদিৰ বাবেও বিপদৰ আশংকা আছে৷ ইপিনে এপলে ইতিমধ্যে ইয়াৰ বাবে এটা ছফ্টৱেৰ আপডেট মুকলি কৰিছে। ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিভাইচটো ৱাচঅ’এছ ভি৯.৪ আৰু এপলটিভিঅ’এছ ভি১৬.৪ লৈ আপডেট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী।

জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

হৰি নামৰ ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বটদ্ৰবা।

এছিয়ান গেমছ ২০২৩ঃ ভাৰতৰ প্ৰথম পদক এয়াৰ ৰাইফলত…

এছিয়ান গেমছ ২০২৩ ত ভাৰতৰ প্ৰথম পদক লাভ কৰিছে এয়াৰ ৰাইফলত। ভাৰতৰ প্ৰথম পদক আহিছে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত । মেহুলী ঘোষ, ৰমিটা জিন্ডাল আৰু আছী চৌকছীৰে গঠিত দলৰ পইন্ট হৈছিল গৈ ১৮৮.৫৩ । ৰৱিঙৰ লাইটৱেট ডাবলছ স্কালছত ৰূপৰ পদক পাইছে অৰ্জুন লাল আৰু অৰৱিন্দ সিঙে ।

বাংলাদেশক ৮ উইকেটত হৰুৱাই মহিলাৰ ক্ৰিকেটত ভাৰত ফাইনেললৈ আগবাঢ়িছে । টচত জিকি পোনতে বেট ধৰা বাংলাদেশৰ কেৱল এগৰাকী বেটাৰেহে দহকৰ ঘৰত প্ৰৱেশ কৰে ।

অসমৰ উমা চেত্ৰী এই পৰ্যন্ত মূল একাদশৰ বাহিৰত আছে । সংক্ষিপ্ত স্ক’ৰ — বাংলাদেশ ৮.২ অভাৰত ৫১ ৰান (নিগাৰ চুলতানা ১২ , পূজা বস্ত্ৰকাৰ ৪-১৭ ) । ভাৰত ১২ অভাৰত২ -৫২ ( মান্ধানা ৭, শেফালী ১৭, জেমিমা অপৰাজিত ২০ ) ।

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ৩ খন আসনত বিজয়ী এবিভিপি, এখনত জয়ী এনএছইউআইৰ প্ৰাৰ্থী…

২০১৯ চনৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতাসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে এখন আসনত জিকিছে। উল্লেখ্য বহু বছৰৰ বিৰতিৰ অন্তত এইবেলি পুনৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ (ডিইউএছইউ) নিৰ্বাচনৰ অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পিছত এইবাৰ পুনৰ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

তিনিখনকৈ গুৰুত্বপূৰ্ণ আসনত বিজয় সাৱস্ত্য কৰি আনন্দিত হৈ পৰিছে এবিভিপিৰ কৰ্মীসকল। এবিভিপিৰ কৰ্মীসকলে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে দিল্লী বিশ্ববিদ্যালয় চৌহতদ বিজয় উৎসৱ উদযাপন কৰে।
দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ নিৰ্বাচনত এবিভিপিয়ে তিনিখন আসন ক্ৰমে সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে। এন.এছ.ইউ.আইৰ প্ৰাৰ্থীগৰাকীয়ে উপ-সভাপতিৰ পদত জয়ী হৈছে।

দুলীয়াজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছুৰ জয়যাত্ৰা। ১৪ গৰাকী প্ৰাৰ্থীৰ জয়লাভ…

দুলীয়াজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছুৰ জয়যাত্ৰা অব্যাহত। ১৪ গৰাকী প্ৰাৰ্থীৰ জয়লাভ। প্ৰতি বছৰৰ দৰে এইবাৰো দুলিয়াজান মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ ধ্বজা অব্যাহত ৰাখে। ২২ ছেপ্টেম্বৰত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ-একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ সমৰ্থিত মুঠ ১৪গৰাকী প্ৰাৰ্থীয়ে বৃহৎ জয় লাভ সাব্যস্ত কৰে ।

বিজয়ী অনান্য প্ৰাৰ্থী সকল হ’ল – পলী চেতিয়া উপ-সভানেত্ৰী, উদয় গগৈ সাধাৰণ সম্পাদক, ৰাজনীশ নাথ সহঃ সাধাৰণ সম্পাদক, প্ৰিতম বৰা সাংস্কৃতিক সম্পাদক, কিৰণময়ী বৰা আলোচনী সম্পাদক, পূজা গগৈ তৰ্ক আৰু সাহিত্য সম্পাদক, লক্ষ্যজিৎ বড়া ব্যায়ামাগাৰ সম্পাদক, দ্বীপক বাল্মীকি আন্তঃ ক্ৰীড়া সম্পাদক কৌশিক স্বৰ্গীয়াৰী সমাজ সেৱা সম্পাদক, লক্ষ্যজিৎ তামুলী ছাত্ৰ জিৰণী কোঠা সম্পাদক, চুইটি শইকীয়া ছাত্ৰী জিৰণী কোঠা সম্পাদক, ৰিম্পী সোনোৱাল দ্বাদশ শ্ৰেণীৰ প্ৰতিনিধি, বিৰাজ গগৈ একাদশ শ্ৰেণীৰ প্ৰতিনিধি। এই শুভ ক্ষণত সদৌ অসম ছাত্ৰ -সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বুবুল তালুকদাৰ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ -সন্থাৰ সভাপতি দিগন্ত বৰা , সম্পাদক সমীৰণ গগৈ নিৰ্বাচিত সকলো প্ৰাৰ্থিকে শুভাশিষ প্ৰদান কৰে।

অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান…

অসমীয়া সাহিত্যৰ পথাৰখনত নবীন-প্ৰবীণ লেখক লেখিকা সকলক একত্ৰিত কৰি এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ উদ্দেশ্য আগত ৰাখি ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জন্মলাভ কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ। অসম নামৰ মঞ্চ খনে ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুট বৰ্ষ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিছে। দুবছৰীয়া এই যাত্ৰাত বিভিন্ন ঘাট-প্ৰতিঘাট, বাধা-প্ৰত্যাহ্বান নেওচি নিজৰ লক্ষ্য আৰু উদ্দেশ্যেত অটল থাকি অহা অক্টোবৰ মাহৰ ১ তাৰিখ দেওবাৰে দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠান ভাগ গুৱাহাটী স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম বর্ষপূৰ্তিৰ ধাৰা অব্যাহত ৰাখি মঞ্চৰ তৰফৰ পৰা দ্বিতীয় বর্ষপূৰ্তিটো তিনিগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। সাহিত্য আৰু সামাজিক কামৰ স্বীকৃত স্বৰূপে মঞ্চৰ তৰফৰ পৰা বিশিষ্ট শিশু সাহিত্যক আৰু সমাজকৰ্মী সুৰেন্দ্ৰ মোহনদাসক সাহিত্য সঞ্জীৱনী বঁটা, বিশিষ্ট কবি ইপুল হুছেইনক সাহিত্য উদগনি বঁটা, বিশিষ্ট লেখিকা মানিষা শৰ্মাক সাহিত্য প্ৰেৰণা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। ইয়াৰ ওপৰিও মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি সাহিত্য উদ্দীপনা বঁটা-২০২২ ৰ বাবে প্ৰকাশিত কবিতাৰ গ্ৰন্থ আহ্বান কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক কবিয়ে তেওঁলোকৰ কবিতা পুথি প্ৰেৰণ কৰিছিল।

এই কবিতা পুথি সমুহৰ মাজৰ পৰা বিচাৰকে জুবিলী গগৈৰ “যি কথা কাকো কোৱা ন’হল”, জিতেন নাথৰ “পানী যুৱলিৰ ঘৰ”, গীতাঞ্জলী বৰকটকী ভাগৱতীৰ “শামুকৰ খোলাত শুই আছে চহৰখন” নামৰ তিনিখন কবিতা পুথি সাহিত্য উদ্দীপনা বঁটাৰ বাবে নিৰ্বাচন কৰে। দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি মঞ্চৰ তৰফৰ পৰা অনলাইন যোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল কবিতা, গল্প আৰু অণুগল্প প্ৰতিযোগিতা। কবিতা প্ৰতিযোগিতা অনন্ত কুমাৰ ভূঞাই প্ৰথম স্থান, চঞ্চল দেৱনাথ আৰু বিজুলতা পায়েঙে যুটীয়াভাৱে দ্বিতীয় স্থান আৰু ৰশ্মিৰেখা দুৱৰা আৰু মুনমী স্নিগ্ধা গুঞ্জনে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। গল্প প্ৰতিযোগিতাত মালবিকা দেৱীয়ে প্ৰথম স্থান, ৰঞ্জিত বৰ্মনে দ্বিতীয় স্থান আৰু গিৰিন্দ্ৰ কলিতা আৰু কামাখ্যা প্ৰসাদ হাজৰিকাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। অণুগল্প প্ৰতিযোগিতাত পল্লৱী ডেকাই প্ৰথাম স্থান, দীপ্তি গগৈ বুঢ়াগোহাঁই দ্বিতীয় স্থান, হিমাজ্যোতি তালুকদাৰে তৃতীয় স্থান আৰু নুৰ আলম শইকীয়াই উদগনিমূলক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ১ অক্টোবৰ দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হব লগা মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানত আটাইকেইগৰাকী ব্যক্তিকে বঁটা আৰু পুৰস্কাৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব। বঁটা আৰু পুৰস্কাৰ গ্ৰহণৰ বাবে আটাইকেইগৰাকী ব্যক্তিকে অনুষ্ঠানত উপস্থিত থাকিবলৈ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অনুৰোধ জনাইছে। মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ডঃ দয়নন্দ পাঠক মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঁই আৰু নিউজ লাইভৰ বাতৰি পৰিবেশক আৰু জ্যেষ্ঠ সাংবাদিক বনদ্বীপ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু পাঠক, কাৰ্য্যকৰী সভাপতি প্ৰসন্ন কুমাৰ বৰা, মুখ্য সম্পাদক দেবর্ষি গৌতম, সম্পাদক ভাস্কৰ প্ৰিয়ম হাজৰিকা স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।

অনুষ্ঠানটো সঞ্চালনা কৰিব মহানগৰ কবি কাননৰ সভাপতি তথা বিশিষ্ট কবি কমলজিৎ কলিতাই। ইয়াৰ উপৰিও মঞ্চৰ মুখ্য উপদেষ্টা বিশিষ্ট সাহিত্যিক ৰঞ্জন জ্যোতি শর্মা বৰদলৈ, উপদেষ্টা বিশিষ্ট লেখক মুকুট শৰ্মা, বিশিষ্ট লেখক-সমালোচক বিপুল শৰ্মা, বিশিষ্ট গল্পকাৰ অজয় কুমাৰ বৰা, বিশিষ্ট লেখিকা-গল্পকাৰ নীলাঞ্জনা পাচনী, বিশিষ্ট কবি-সমাজকৰ্মী মেৰাজ ৱাচিকুৰ ৰহমান উপস্থিত থাকিব। অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী সাহিত্য প্ৰেমী ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে কামনা কৰিছে।

আৰম্ভ হ’ল ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩’

ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মোদ্যমি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল আৰু নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ় দিয়াৰ উদ্দেশ্য আৰম্ভ কৰিলে “মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩”।

শনিবাৰে মুখ্যমন্ত্ৰীৰ জনতা ভৱন স্থিত সভাকক্ষত কেইবাজনো মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩”ৰ ৰেজিষ্ট্ৰেচন পৰ্টেল মুকলি কৰে। এই পৰ্টেলত নাম পঞ্জীয়নৰ যোগেদি দুই লাখ আৰু পাঁচ লাখকৈ পেকেজ লাভ কৰি যুৱক-যুৱতীসকলে নিজৰ সম্ভাৱনাসমূহ বিকাশ কৰি সফলতাৰ বাটেৰে আগুৱাই যাব পাৰিব।

এই আচঁনিৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলে ষ্টেশ্যনেৰী, কৃষি আৰু উদ্যান শস্য, কুকুৰা পালন/দুগ্ধ পাম/ গাহৰি পালন/ছাগলী পালন/মীন পালন, পেকেজিং, ৰেদিমেদ পোছাক, ফেব্ৰিকেশ্যন/হাৰ্ডৱেৰ ব্যৱসায় ইত্যাদি ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও নিয়োগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব কিমান জানক…

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব-

  • নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।
  • ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্‌নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।

  • খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে মূৰ ঘূৰোৱা, মাছল ক্ৰেম্প, ইলেকট্রোলাইট ডিষ্টাৰ্বেন্স যাৰ বাবে নিউৰ’ল’জিকেল সমস্যা হ’ব পাৰে।

বেছি খোৱাৰ অপকাৰ-

  • হাই ব্লাড প্রেছাৰ আশংকা থাকে।
  • হাইপাৰটেনছনৰ সমস্যা হয়।
  • হার্টৰ ৰোগ, ষ্ট্ৰ’কৰ সম্ভাৱনা তিনিগুণ বাঢ়ি যায়।
  • কিডনীত ছাপ বাঢ়ে আৰু “ৰেনাল ডিজিজ’ হোৱাৰ সম্ভাৱনা

  • ব্রেইন ডেমেজৰ আশংকা থাকে।
  • বেছি নিমখ খালে মিঠা খোৱাৰ প্রৱণতা বাঢ়ে। ফলত ওবেচিটী অর্থাৎ শকত হৈ পৰা দেখা যায়।

এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।