মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ।

মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত।

বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি তচনচ কৰে আক্ৰমণকাৰী মহিলাই।
মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ।

মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত।

বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি তচনচ কৰে আক্ৰমণকাৰী মহিলাই।
অৰুণাচলৰ ৩গৰাকী উশ্বু খেলুৱৈক চীনে নিদিলে ভ্ৰমণৰ অনুমতি। চীনৰ হাংঝৌত অনুষ্ঠিত হ’ব লগা এছিয়ান গেমছৰ পৰা বঞ্চিত খেলুৱৈত্ৰয়।

বঞ্চিত নিয়েমান ৱাংছু, ওনিলু টেগা আৰু মেপুং লামগু। অৱশ্যে তিনিওগৰাকী খেলুৱৈয়ে লাভ কৰিছিল হাংঝৌৰ এছিয়ান গেমছ আয়োজক সমিতিৰ স্বীকৃতি-পত্ৰ।

প্ৰয়োজনীয় প্ৰপত্ৰ ডাউনলোড কৰিবলৈ সক্ষম নহ’ল খেলুৱৈ তিনিগৰাকী। তিনিও খেলুৱৈক বিমানবন্দৰতে এৰি চীনলৈ ৰাওনা হয় দলৰ আন খেলুৱৈসকল।
আজি বিশ্ব গঁড় দিৱস ৷
২২ ছেপ্তেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাবে পালন কৰা হয়৷
গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।
অসমৰ পৰিচয়ৰ সমাৰ্থক গঁড় ৰাজ্যৰ চহকী প্ৰাণীজগতৰ জৈৱ বৈচিত্ৰ্যৰ আদৰৰ প্ৰাণী।
এই গঁড় সুৰক্ষা অসম চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছে আৰু যোৱা কেইবছৰমানৰ পৰা এই ক্ষেত্ৰত ধাৰাবাহিক প্ৰচেষ্টা চলাইছে চৰকাৰে।
গঁড়ৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব দৰবাৰত অসমে লাভ কৰিবলৈ সক্ষম হৈছে সুকীয়া পৰিচয়৷
আজি ভাৰত-অষ্ট্ৰেলিয়া প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ।
ছিয়া কাপত খিতাপ অৰ্জনেৰে উজ্জীৱিত টীম ইণ্ডিয়া।
মোহালিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল।
প্ৰথম দুখন মেচত ভাৰতীয় দলটোক নেতৃত্ব দিব কে এল ৰাহুলে।
আনহাতে দললৈ ঘূৰি আহিছে ৰবিচন্দ্ৰন অশ্বিন।
যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই নৰসিংহ পাত চোবাই খায়, তেন্তে ইয়াৰ পৰা কি লাভ হ’ব জানেনে? নৰসিংহ পাত কোনো আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়, ইয়াত ভিটামিন চি, মেগনেছিয়াম, আইৰণ, কেলচিয়াম, ফছফৰাছ, আঁহ আৰু কাৰ্বহাইড্ৰেট আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়। এই পাত দক্ষিণ ভাৰতৰ বেছিভাগ খাদ্যতে ব্যৱহাৰ কৰা হয়। বহু স্বাস্থ্য বিশেষজ্ঞই আমাক প্ৰতিদিনে পুৱা খালী পেটত ৪ৰ পৰা ৫টা নৰসিংহ পাত চোবাই খাবলৈ পৰামৰ্শ দিয়ে। এই কাম কৰি কোনবোৰ ৰোগ নিৰাময় কৰিব পাৰি জানো আহক।
ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত নৰসিংহ পাত চোবাই খাব লাগে। ইয়াৰ ফলত তেজৰ চেনি নিয়ন্ত্ৰণ হয়। ইচ্ছা কৰিলে নৰসিংহ পাত ৰ’দত শুকুৱাই তাৰ পিছত গুড়ি কৰি ৰাখিব থব লাগে।
যিসকলৰ ওজন বৃদ্ধিৰ সমস্যা হৈছে তেওঁলোকৰ বাবে নৰসিংহ পাত উপকাৰী। ৰাতিপুৱা সাৰ পোৱাৰ পিছত নৰসিংহ পাত চোবাই খালে শৰীৰৰ বিষমুক্ত হয়। তাৰ ফলত ওজন কমিবলৈ আৰম্ভ কৰিব।
নৰসিংহ পাত সেৱন কৰিলেও ছালৰ সমস্যা দূৰ হয়, নৰসিংহ পাত চোবাই খালেই ছালত হোৱা ফোঁহা বা পিম্পল নোহোৱা হয়।
যেতিয়াই পেটৰ বিষত ভোগে তেতিয়াই কেৰাহীত পানী উতলাই তাত কিছু নৰসিংহ পাত দিব। উতলাৰ পিছত পানী আধালৈ কমি গ’লে ফিল্টাৰ কৰি কুহুমীয়া হ’লে সেৱন কৰিব।
CIDৰ কাৰ্যালয়ত আধাঘণ্টা ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলমক জেৰা।

জেৰাৰ অন্তত যাবলৈ দিয়া হয় CIDৰ কাৰ্যালয়ৰ পৰা। CIDৰ কাৰ্যালয়ৰ পৰা ওলায়েই চৰকাৰৰ বিৰুদ্ধে সৰৱ জুবেইৰ আলম।

৩ অক্টোবৰৰ পৰা হ’বলগীয়া প্ৰদেশ যুৱ কংগ্ৰেছৰ যুৱ যাত্ৰা ৰেলী বন্ধ কৰাৰ উদ্দেশ্যে এনে ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত দেৰগাঁৱৰ বাপুজী মন্দিৰৰ প্ৰাংগনত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বাবিংশতিতম বাৰ্ষিক জাতীয় চেতনা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূবৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ লেখিকা সমাৰোহ সমিতিৰ বিষয়-ববীয়া সকলৰ উপৰিও বিশিষ্ট লেখিকা ড০ মালিনী,বিশিষ্ট চলচিত্ৰ প্ৰযোজক নুৰুল চুলতান, আছুৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী প্ৰমূখ্যে কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ

উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট সমাজসেৱীকা অনুৰূপা হাজৰিকাক ছহিদ কনকলতা বটাঁ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী অনিমা দেৱী আৰু সহকাৰী সম্পাদিকা লাটুমনি শইকীয়া বৰাই সম্পাদনা কৰা প্ৰাচীৰ -পত্ৰিকা “প্ৰদীপ্তি “ৰ উন্মোচন কৰে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ মহন্তই।এই সভাতে কেইবাখনো গ্ৰন্থ ক্ৰমে লেখিকা অৱনী বৰঠাকুৰৰ “কথা মালিকা”

লেখিকা অনিমা দেৱী বৰঠাকুৰৰ সম্পাদনাৰে দেৰগঞা অগ্ৰণী ব্যক্তিৰ জীৱন গাথা “আলোকৰ যাত্ৰী”, মুক্তিযোদ্ধা দেবেশ্বৰী হাজৰিকাৰ জীৱনৰ ওপৰত ময়ুৰী বৰাৰ তেজস্বিনী আৰু লেখিকা ইন্দ্ৰাণী লস্কৰৰ দুখন অনুবাদ গ্ৰন্থ “বন্দুক দ্বীপ” আৰু “ছায়া ৰেখা” উন্মোচন কৰা হয় । সভাত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰপূৱৰ সম্পাদক সত্যজিত হাজৰিকা,প্ৰবীণ সাংবাদিক অৰুণ বিকাশ বৰুৱা,বিচিত্ৰ ভূষণ কলিতাইও ভাষণ প্ৰদান কৰে।
ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক।

১৪ ছেপ্টেম্বৰত ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১৪ বছৰীয়া নাবালিকা।

জুৰীয়াৰ পৰা আৰক্ষীয়ে আটক কৰে পলাতক ৱাহাৱ আলীক।
অসমীয়া মানুহৰ অতি প্ৰিয় আৰু নহ’লেই নোহোৱা ফলবিধেই হৈছে নেমুটেঙা । গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে । ঘৰৰ কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে । পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয় ।
নেমুটেঙা খাদ্যপ্ৰাণ ‘গ’ ৰ উৎকৃষ্ট উৎস । ১০০ গ্ৰাম নেমুৰ ৰসত ৫৩ মি:গ্ৰাম খাদ্যপ্ৰাণ ‘গ’ থাকে । ইয়াৰ উপৰি চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম , ফছফৰাছ আদি নেমুত পোৱা যায় ।
*’স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাত নেমুৱে সহায় কৰে । স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয় । দাঁতৰ গুৰিৰ পৰা তেজ ওলায় । নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায় ।

*বদহজম, জ্বৰ আদি হোৱাৰ পাছত বা আন কোনো কাৰণত ভালদৰে বোক নলগা ভাব হ’লে নেমুৰ চৰবত খাই উপকৃত হ’ব পাৰি । ই তৃষ্ণা নিবাৰক, ৰক্ত পিত্তনাশক অগ্নিমান্দ্য, বাতবিষ, কাহ-কফ ৰোগ, কোষ্ঠবদ্ধতা, কণ্ঠ ৰোগনাশক আৰু জ্বৰনাশক ।
*যকৃত শুদ্ধিৰ বাবে নেমুৰ সমান আন ঔষধ হয়তো নাই । অজীৰ্ণ, বুকু জ্বলা পোৰা কৰা, অতিসাৰ, কলেৰা, টেঙা উগাৰ, কাহ, শ্বাস আদি ৰোগ নেমুৰ দ্বাৰা ভাল হ য় ।
*অতি কাঢ়াকৈ কফি বনাই তাত অলপ নেমু টেঙাৰ ৰস দি তিনিবাৰ খালে পুৰণি মেলেৰিয়া ৰোগ ভাল হয় । নেমুটেঙাৰ গছৰ শিপাৰ বাকলি চূৰ্ণক নেমু টেঙাৰ ৰসেৰে মৰ্দন কৰি বড়ি বনাই শুকাই থ’ব । এই বড়ি ৰাতিপুৱা ৩-৪ টা ঠাণ্ডা পানীৰ লগত খালে পেট ফুলা কমি যায় । এই বড়ি খুব বেছি এমাহ ৰাখিব পাৰিব । পাছত ই গুণহীন হয় ।
*শুকান আদা চূৰ্ণ, পিপলি চূৰ্ণ আৰু জালুক চূৰ্ণ প্ৰত্যেকৰে ১২৫ মিলিগ্ৰামকৈ লৈ ১০-২০ মিলিলিটাৰ নেমুটেঙাৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে ৪-৫ দিনৰ ভিতৰতে জণ্ডিচ ৰোগ নাশ হয় ।
*জালুক চূৰ্ণ ৫০০ মিলিগ্ৰাম ১০-২০ মিলিলিটাৰ নেমুৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে খোৱাৰ প্ৰতি ৰুচি আহে আৰু খোৱা আহাৰ সোনকালে হজম হয় ।
*নেমুটেঙাৰ ৰসৰ লগত গৰুৰ ঘি ভালদৰে মিহলি কৰি কপালত লেপ দিলে শিৰশূল নাশ হয় । নেমুটেঙাৰ ফুল এক গ্ৰাম চাউল ধোৱা পানীৰে বটি দিলে ৩-৪ বাৰ সেৱন কৰিলে ৰক্তপিত্ত ৰোগ নিবাৰণ হয় ।

*নেমুটেঙাৰ ৰস ৫ মিলিলিটাৰ ২৫ মিলিলিটাৰ পানীৰ লগত দিনে দুবাৰকৈ সেৱন কৰিলে অম্লপিত্তজনিত উদৰশূল নাশ হয় ।
*নেমুটেঙাৰ ৰস ১০-২০ মিলিলিটাৰ, অকণমান সৈন্ধৱ লোণ মিহলি কৰি প্ৰায় ২৫ বাৰ খালে হেকতি অহা ৰোগ প্ৰশমন হয় ।
*জ্বৰ বা পানী লগাত নেমুৰ ৰস খোৱাটো উত্তম । নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ, পানীলগা জ্বৰ ভাল হয় । নেমুৰ ৰসত থকা ভিটামিন ‘চি’ য়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায় ।
*টনচিলাই টিছত এগিলাচ গৰম পানীত এটা নেমুৰ ৰস চাৰি চাহ চামুচমান মৌ আৰু সামান্য নিমখ মিহলাই পি খালে উপশম পোৱা যায় ।
*নেমুৰ চৰবত যথেষ্ট টান ৰ’দত ৰাখি বায়ু সোমাব নোৱাৰাকৈ বটলত সাঁফৰ মাৰি ছমাহ পৰ্যন্ত ৰাখিব পাৰি ।
লেখক :- অনিল চন্দ্ৰ শৰ্মা ।
ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ। অভিলেখৰ সলনি মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক ঃ ভবেন চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি কেৱল দুদিনৰ বাবে প্ৰচাৰধৰ্মী গছপুলি ৰোপণৰ চমক দিয়া কাৰ্যক গৰিহণা দিছে আম আদমি পাৰ্টীয়ে। ১৭ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে লাখ লাখ গছ পুলি বিতৰণ আৰু ৰোপণ কৰি সংখ্যাৰে বিশ্ব অভিলেখ গঢ়িলে যদিও প্রতিপালনৰ অভাৱ, প্ৰখৰ উষ্ণতাত ৫০ কোটি টকীয়া গছপুলিৰ অলেখ গছ দুদিনতে মৃতপ্ৰায় হৈ পৰা দেখা গ’ল। বহু স্থানত ৰোপণৰ পূৰ্বেই আহিছিল শুকান, মৃত গছপুলি, বহু ঠাইত আকৌ গছপুলিৰ নামত কেৱল ঠানি অহা দেখা গৈছিল। বহু ঠাইত প্রয়োজনীয় ফেঞ্চিঙৰ অভাৱত এদিন পিছতে গৰুৱে খাই গছপুলিবোৰ তহিলং কৰিছে।

এনেদৰে ৰাজ্য চৰকাৰে অকল অভিলেখ সৃষ্টিৰ বাবেই জীয়াই থকা গছপুলি উঠাই শুকাই মৰিব দিয়া কার্যত তীব্র ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে ‘আপ’ৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে – গছপুলি ৰোৱাতো সহজ কাম, তাক আপডাল কৰি জীয়াই ৰখাটোহে ডাঙৰ কথা। অমৃত বৃক্ষ আন্দোলনৰ নামত ঘড়ীৰ কাটা ওলোটাকৈ ঘূৰালে চৰকাৰে। অভিলেখ সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গছপুলি ৰোপণৰ বাবে মন্ত্ৰী, বিষয়া, সাংসদ, বিধায়ক উবুৰি খাই পৰাৰ ৪৮ ঘন্টাৰ ভিতৰতে ওলোটা ফলাফল দেখা গ’ল। এইবোৰৰ পৰিৱৰ্তে চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাবোৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা কৰাৰ প্ৰয়োজন ।