Home Blog Page 1357

সৰুপথাৰত ধৰ্মেশ্বৰ দুৱৰাৰ ১০০ বছৰৰ শ্ৰেষ্ঠ নিগ্ৰো কবিতা শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

অসম চৰকাৰৰ সাস্কৃতিক সঞ্চালকয়ৰ প্ৰাক্তন উপ সঞ্চালক অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বটাঁ বিজয়ী বিশিষ্ট সাহিত্যিক, লোকসংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাৰ ১০০ বছৰৰ শ্ৰেষ্ঠ নিগ্ৰো কবিতা শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়।

সৰুপথাৰ শাখা সাহিত্য সভাৰ মাংগীলাল বগৰীয়া সোঁৱৰণী সভা কক্ষত সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থউন্মোচনী সভাত কাব্য গ্ৰন্থখনি উন্মোচন কৰে ছহিদ পিয়লী ফুকন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰঞ্জন কুমাৰ ফুকনে। গ্ৰন্থখনি উন্মোচন কৰি উন্মোচক
ফুকনে উন্মোচিত গ্ৰন্থ খনৰ লগতে নিগ্ৰো কবিতাৰ সম্পৰ্কত বিশদভাৱে আলোকপাত কৰে।

সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক নৱমী চুতীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন চুতীয়াই কৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ক্ষীৰেণ চন্দ্ৰ কাকতীয়ে।

লোক সংস্কৃতিৰ গৱেষক বিশিষ্ট সাহিত্যিক গৰাকীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি সৰুপথাৰ শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়া,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সূৰ্য গগৈ, গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভুৱন কোঁৱৰকে আদি কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

উক্ত সভাত উন্মোচিত গ্ৰন্থ প্ৰণেতা ধৰ্মেশ্বৰ দুৱৰাৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সমৰেন্দ্ৰ সিনহা, হেম সন্দিকৈ, গোপীনাথ বাইলুঙকে আদি কৰি ভালেকেইজন বক্তাই বিশদ ভাৱে কয়। গ্ৰন্থ উন্মোচন সভাত ধৰ্মেশ্বৰ দুৱৰাই সাহিত্য জগতলৈ মহাবিদ্যালয়ত অধ্যয়নৰ সময়ৰছোৱাৰ পৰা আৰম্ভ কৰিছিল যদিও চাকৰি জীৱন আৰু অৱসৰৰ পিছৰ সময়ছোৱাত ওতপোতভাৱে সাহিত্যচৰ্চাত জড়িত হৈছে বুলি কয় ৷

গোলাঘাটৰ মৰঙীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়; ৰাইজে খেদি খেদি ধৰিলে ড্ৰাগছসহ যুৱকক

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও পুলিচ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বৰ্তমানেও যে ৰাজ্যৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে , সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল। মঙলবাৰে দুপৰীয়া ১ মান বজাত গোলাঘাটৰ মৰঙী অঞ্চলৰ লুৰুকীহাট আৰু ঢুলীয়া গাঁৱত ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে ড্ৰাগছসহ এজন যুৱকক।

মৰঙীবাসী আৰু ঢুলীয়া গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত এই ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰে ৰাইজে । ড্ৰাগছসহ হাতে-লোটে ধৰা ধৃত যুৱকজনৰ নাম ৰিতু বুঢ়াগোহাঁই। ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ যদিও ৰাইজে ড্ৰাগছ ব্যৱসায়ীটোক উত্তম মধ্যম সোধাই ৰাজপথেদি এক সমদল বাহিৰ কৰে।

ইফালে ৰাইজৰ মাৰ-কিল খোৱা ধৃত যুৱকটোৱে ৰাইজৰ ওচৰত কাণত ধৰি আঠু লৈ ড্ৰাগছ খিনি ঢুলীয়া গাঁওৰে এগৰাকী মহিলাৰ ঘৰৰ পৰা অনা বুলি স্বীকাৰ কৰে। পিছত যুৱকজনক সমদল কৰি ৰাইজে মহিলাগৰাকীৰ ঘৰলৈ যায় যদিও মহিলাগৰাকীক ঘৰত নথকাত সমগ্র ঘটনা তদন্তৰ বাবে আৰক্ষীক আহ্বান জনায়।

উল্লেখ্য যে বহু দিনৰে পৰা সমগ্র অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় হৈ থকাৰ কথা সচেতন ৰাইজে গম পাই আহিছিল । এনেদৰে দিন দুপৰতে ড্ৰাগছসহ যুৱক আটক হোৱাত সেই সন্দেহ অধিক স্পষ্ট হৈ পৰা ৰাইজে মত প্ৰকাশ কৰি অনতিপলমে সমগ্র অঞ্চলটোত চলি থকা ড্ৰাগছৰ ঘাটিসমূহ নি:শেষ কৰাৰ দাবী কৰে । অন্যথা ৰাইজে নিজেই ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে ।

অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে শুভাৰম্ভনি কৰিলে প্ৰধানমন্ত্ৰী পোষণ অভিযান আঁচনিৰ বিশেষ কাৰ্যসূচী…

চাহ বাগিছা অধ্যুষিত অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা মধ্যাহ্ন ভোজনত প্ৰতি সপ্তাহৰ সোমবাৰ , বুধবাৰ আৰু শুক্ৰবাৰে খাবলৈ পাব কণী

প্ৰধান মন্ত্ৰী পোষণ অভিযান আঁচনিৰ অধীনত ইতিমধ্যে অসমৰ বিদ্যালয় সমূহত চলি থকা মধ্যাহ্ন ভোজনৰ আহাৰত নতুনকৈ সংযোজন হ’ল এক বিশেষ ব্যৱস্থা । অসমৰ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ আহাৰত প্ৰতি সপ্তাহৰ সোমবাৰ , বুধবাৰ আৰু শুক্ৰবাৰে খাবলৈ পাব কণী ।

১৮ চেপ্টেম্বৰত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰুৰ বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডা : ৰণোজ পেগুৱে এই বিশেষ পদক্ষেপৰ শুভাৰম্ভণি কৰে । মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰাৰ লগতে একেলগে বহি আহাৰ গ্ৰহণো কৰে । তেখেতৰ উপস্থিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সমন্বিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উৎফুল্লিত হৈ পৰে ।

অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত থকা মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী সমন্বিতে আটায়ে বিদ্যালয় চৌহদত কেইবাটাও মূল্যবান গছপুলি ৰোপণ কৰে । শিক্ষা মন্ত্ৰী গৰাকীয়ে বিদ্যালয়ত নিৰ্মিয়মান হৈ থকা অতিৰিক্ত শ্ৰেণীকোঠা , গৱেষণাগাৰ আৰু মধ্যাহ্ন ভোজন ৰন্ধণ কক্ষ আদি পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী -অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে বিদ্যালয়ৰ সুবিধা-অসুবিধা সন্দৰ্ভত মত বিনিময় কৰে । অনুষ্ঠানত ডিমৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ সৈতে খণ্ড সমল ব্যক্তি আৰু কেইবা গৰাকীও সমল কেন্দ্ৰ সমন্বয়ক উপস্থিত থাকে ।

চুলি সৰা সমস্যাৰ প্ৰতিৰোধত খাদ্যৰ ভূমিকা…

গাজৰ –

গাজৰত নিহিত থকা ভিটামিন ‘এ’-এ চকুৰ ৰশ্মি বৃদ্ধি কৰে, লগতে ই চুলিৰ স্বাস্থ্য আৰু গুৰি সবল কৰি তোলাত সহায় কৰে। গাজৰত থকা ভিটামিন এ চুলিৰ তালুৰ বাবে অতি উৎকৃষ্ট।

পালেং –

শৰীৰত আইৰনৰ মাত্ৰা কমিলেও চুলি সৰে। পালেং শাক খাব পাৰিলে শৰীৰৰ লগতে চুলিৰ বাবেও ফলদায়ক। কাৰণ পালেং শাকত যথেষ্ট আইৰন থাকে, যাৰ সহায়ত চুলি মজবুত হোৱাৰ লগতে চুলি সৰাৰ সমস্যাও হ্ৰাস পায়।

দৈ –

নিয়মিত দৈ খোৱাটো চুলিৰ বাবে উপকাৰী। দৈত পোৱা যায় ভিটামিন বি-৫ আৰু ভিটামিন ডি। শৰীৰত এইসমূহ গুণাগুণৰ পৰিমাণ কমিলে চুলি সৰিবলৈ ধৰে। নিয়মিত দৈ খোৱাৰ ফলত দেহত ভিটামিন বি৫ আৰু ভিটামিন ডিৰ অভাৱ পূৰণ হয় আৰু চুলি সৰা সমস্যাও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে।

আখৰোট –

যদি আপুনি চুলি সৰা সমস্যাৰ বাবে অতি চিন্তিত, তেন্তে দৈনিক আখৰোট খোৱা আৰম্ভ কৰক। আখৰোটত যথেষ্ট পৰিমাণে তেল নিহিত থাকে। যিয়ে চুলি অন্তৰ্ভাগৰ পৰা মজবুত কৰে। ইয়াৰ দ্বাৰা চুলি সৰা কম হ’বলৈ ধৰে।

মিঠা আলু –

ভিটামিন এ মাত্ৰাৰে ভৰপূৰ মিঠা আলু। যাৰদ্বাৰা চুলি মজবুত হয় আৰু চুলি সৰাও হ্ৰাস পায়। তদুপৰি ই মূৰৰ তালুৰ প্ৰাকৃতিক তেলৰ সুৰক্ষাত সহায় কৰে, যাৰদ্বাৰা চুলি  সবল হৈ থাকে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ পৰিচৰ্যাকাৰীৰ সুবিধাৰ্থে জিৰণি গৃহ উদ্বোধন…

যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি যোৰহাটৰ অগ্ৰণী সমাজসেৱী অনুষ্ঠান খুমচান্দ গাট্টাণী চেৰিটেবল ট্ৰাষ্টৰ হৈ বিশিষ্ট সমাজকৰ্মী ওম প্ৰকাশ গাট্টাণীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ৰোগীৰ পৰিচৰ্যাকাৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা জিৰণি গৃহটোৰ শুভ উদ্বোধন কৰে।

উক্ত অনুষ্ঠানত অসম চৰকাৰৰ ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ণ নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, জিৰণি গৃহটিৰ সম্পূৰ্ণ পৰিচালনাৰ দায়িত্বত থকা কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত, পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা,কৃষ্টিৰ কঠীয়াৰ সদস্য সকল আৰু যোৰহাট জিলাৰ গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

টিপঙৰ অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু…

টিপঙৰ অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু। চালি অঞ্চলৰ কয়লা খনিত গেছ নিৰ্গত হৈ মৃত্যু দুজন শ্ৰমিকৰ।

বিক্ৰম আৰু জনৈক জয়ছোৱাল নামৰ কয়লা শ্ৰমিকৰ মৃত্যু। শ্ৰমিক দুজনৰ মৃতদেহ পাহাৰৰ অজ্ঞাত স্থানত লুকুৱাই ৰখাৰ সন্দেহ।

পুৱাৰ ভাগতে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাক সন্দৰ্ভত লেখাপানী আৰক্ষী, বন বিভাগে তদন্ত নকৰাৰ অভিযোগ।

অক্ষয় কুমাৰৰ পৰা শিল্পা শেট্টীলৈকে সকলো ব্যস্ত গণেশ চতুৰ্থীত…

আজি গণেশ চতুৰ্থী। সকলোৱে গণপতি বাপ্পাক আদৰণি জনোৱাত মগ্ন হৈ পৰিছে। চেলিব্ৰিটিসকলেও বাপ্পাক পূজা কৰাত ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো মুম্বাইত বিশেষ ভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। এই বাবেই বলীউডৰ চেলিব্ৰিটিসকলেও এই উৎসৱ অতি উৎসাহেৰে উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত অক্ষয় কুমাৰৰ পৰা শিল্পা শ্বেট্টীলৈকে বলীউডৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াত গণেশ চতুৰ্থীৰ বাবে অনুৰাগীসকলক অভিনন্দন জনাইছে।

অক্ষয় কুমাৰে নিজৰ টুইটাৰ হেণ্ডেলত গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে।

গণপতিৰ ফটোখন তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি অনুৰাগীসকলক গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে সিদ্ধাৰ্থ মালহোত্ৰাই।

প্ৰতি বছৰৰ দৰে শিল্পা শ্বেট্টীয়েও এইবাৰো গণপতি বাপ্পাক ঘৰত আদৰণি জনাইছে। গণপতি বাপ্পাৰ সৈতে তেওঁৰ ইনষ্টা ষ্ট’ৰীত এখন ছবি শ্বেয়াৰ কৰিছে।

সুনীল শ্বেট্টীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত বাপ্পাৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁৰ অনুৰাগীসকলক গণেশ চতুৰ্থীৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। সঞ্জয় দত্ত আৰু অনুষ্কা শৰ্মাইও গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছে।

ভাৰত-কানাডাৰ সম্পৰ্কত ফাট ! কানাডাৰ ৰাষ্ট্ৰদূতক ৫ দিনৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ…

ভাৰত-কানাডাৰ সম্পৰ্কত ফাট৷ কানাডাৰ ৰাষ্ট্ৰদূতক ভাৰত এৰাৰ নিৰ্দেশ চৰকাৰৰ ৷ ৫ দিনৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ ৷

কানাডাৰ বিৰুদ্ধে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ অভিযোগ৷ ভাৰতবিৰোধী কাৰ্যতো সহযোগিতাৰ অভিযোগ কানাডাৰ বিৰুদ্ধে ৷



কানাডাৰো ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷ খালিস্তানী সন্ত্ৰাসবাদীক হত্যাত ভাৰত জড়িতৰ অভিযোগ কানাডাৰ ৷

আজি গণেশ চতুৰ্থী, মাতৃ পাৰ্বতীয়ে গণপতিৰ মূৰ্তি বনাইছিল…

আজি গণেশ চতুৰ্থী। পৌৰাণিক কাহিনী অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখত ভগৱান গণেশৰ জন্ম হৈছিল। আজি দিনটোত গণেশ চতুৰ্থী আৰু এক বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে। আজি দিনটোত ​​ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰা হ’ব। ভাদ মাহৰ শুক্লাৰ চতুৰ্থী তিথিৰ পৰা আৰম্ভ হোৱা গণেশ উৎসৱ অনন্ত চতুৰ্দশীলৈকে চলি থাকে। পুৰাণৰ মতে ভাদৰ চতুৰ্থীৰ দিনা দ্বিতীয় ত্ৰৈমাসিকত ভগৱান গণেশৰ জন্ম হৈছিল। ভগৱান গণেশৰ জন্মৰ সময়ত স্বাতী নক্ষত্ৰ মুহূৰ্ত আছিল। এইবাৰো গণেশ চতুৰ্থীৰ দিনা অনুৰূপ বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে। এনে এক শুভ ক্ষণত গণপতিৰ মূৰ্তি প্ৰতিষ্ঠা কৰিলে জীৱনত অপৰিসীম সুখ আৰু সমৃদ্ধি আহিব। পৌৰাণিক কাহিনী অনুসৰি আজি দিনটোত শুভ কাকতলীয়া ঘটনা সংঘটিত হৈছে যিবোৰ ভগৱান গণেশৰ জন্মৰ সময়ত সৃষ্টি হৈছিল। তেনে এটা শুভ সময়ত দেৱী পাৰ্বতীয়ে দুপৰীয়া গণপতিৰ মূৰ্তি নিৰ্মাণ কৰিছিল আৰু ভগৱান শিৱই ইয়াৰ বাবে প্ৰাণ দিছিল। এইবাৰো ভগৱান গণেশৰ জন্মৰ সময়ৰ দৰে মঙলবাৰ আৰু স্বাতী নক্ষত্ৰ হ’ব। ইয়াৰ বাহিৰেও আজি ​​গণেশ স্থাপনৰ দিনা শশ ৰাজযোগ, গজকেশৰী ৰাজযোগ, অমল যোগ আৰু পৰক্ৰাম যোগ নামৰ ৪ টা ৰাজযোগে একত্ৰিত হৈ চতুৰ্মহযোগ গঠন কৰিছে।

  • গণেশৰ মূৰ্তি স্থাপন কৰিবলৈ ঘৰতে এটা মূৰ্তি বনাওক। ইয়াৰ বাবে গংগা বা যিকোনো পবিত্ৰ নদীৰ মাটিৰে গণপতি বাপ্পাৰ মূৰ্তি তৈয়াৰ কৰক। মনত ৰাখিব যে য’তেই মাটি লৈ যায় তাতেই ওপৰৰ পৰা চাৰি ইঞ্চি মাটি আঁতৰাই কেৱল ভিতৰৰ মাটিখিনিহে লওক।
  • যদি আপুনি মাটিৰ মূৰ্তি বনাব নিবিচাৰে, তেন্তে গৰুৰ গোবৰ, সুমথিৰা, বগা মাদাৰ শিপা, নাৰিকল, হালধি, ৰূপ, পিতল, তামৰে নিৰ্মিত গণপতিৰ মূৰ্তিও স্থাপন কৰিব পাৰে।
  • মনত ৰাখিব যে ঘৰত প্ৰায় ১২ আঙুলিৰ মূৰ্তি অৰ্থাৎ প্ৰায় ৭ৰ পৰা ৯ ইঞ্চি ওখ মূৰ্তিহে স্থাপন কৰিব লাগে। ঘৰত ইয়াতকৈ ওখকৈ স্থাপন কৰিব নালাগে। অৱশ্যে মন্দিৰত যিকোনো ডাঙৰ মূৰ্তি স্থাপন কৰিব পাৰি।
  • ঘৰৰ ​​পূব, উত্তৰ বা উত্তৰ-পূব কোণত গণপতিৰ মূৰ্তি স্থাপন কৰক। ইয়াৰ বাহিৰেও ইয়াক ঘৰৰ ব্ৰহ্ম স্থানত অৰ্থাৎ ঘৰৰ মাজৰ খালী ঠাইত প্ৰতিষ্ঠা কৰিব পাৰি। কিন্তু মূৰ্তিটো শোৱা কোঠাত, চিৰিৰ তলত আৰু বাথৰুমৰ ওচৰত নাৰাখিব।
  • ঘৰত বহি থকা গণেশৰ মূৰ্তি আৰু থিয় হৈ থকা গণেশৰ মূৰ্তি কাৰ্যালয়, দোকান, কাৰখানাত স্থাপন কৰিব লাগে।

সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰৰ আয়োজন…

প্ৰেছ বিবৃতি

সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰৰ আয়োজন।

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে ৰাজ্যখনৰ ৩৯খন সাংগঠনিক জিলাতে ৰক্তদান শিৱিৰ আৰু স্বচ্ছতা অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰিব ।যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই আজি হেঙেৰাবাৰীস্থিত গুৱাহাটী মহানগৰৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি সদৰী কৰে যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ গান্ধী জয়ন্তীলৈকে সেৱা পষেক কাৰ্য্যসূচীৰে সংগতি ৰাখি যুৱ মৰ্চাই কেতবোৰ সেৱা মূলক কাৰ্য্যসূচী ৰূপায়ন কৰিব।

ইয়াৰ ভিতৰত ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাতে চাৰি হেজাৰ ইউনিটতকেও অধিক ৰক্ত সংগ্ৰহৰ লক্ষ্যৰে ৰক্তদান শিৱিৰৰ আয়োজন কৰিব। এই পষেকটোতে যুৱ মৰ্চাই ৰাজ্যৰ ঐতিহাসিক, গৌৰৱময়ী স্থান সমূহত স্বচ্ছতামূলক কাৰ্য্যসূচীও ৰূপায়ন কৰিব।
আজি হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিৱিৰত মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকসহ অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ৰক্তদান কৰে।

অনুষ্ঠানৰ শুভাৰম্ভনী অনুষ্ঠানত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তাপস কলিতা, মেডিয়া আহ্বায়ক বিশ্বজিৎ খাউণ্ড, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস উপস্থিত থাকে