Home Blog Page 1363

শীঘ্ৰে মাতৃ হ’ব অভিনেত্ৰী স্বৰা ভাস্কৰ…

শীঘ্ৰে মাতৃ হ’ব অভিনেত্ৰী স্বৰা ভাস্কৰ। বেবী শ্বাৱাৰৰ আভাস তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ সমান্তৰালকৈ স্বামী ফাহাধৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। আচলতে দম্পতীহাল অতি সোনকালে পিতৃ-মাতৃ হ’বলৈ গৈ আছে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশেষ বিবাহ আইনৰ অধীনত আদালতৰ বিবাহ হৈছিল। কিছুদিন পিছতে সকলো ৰীতি-নীতিৰে স্বৰা আৰু ফাহাদে বিয়া পাতে। বিয়াৰ পিছতে স্বৰা আৰু ফাহাদে ২০২৩ চনৰ ৬ জুনত “ভাল খবৰ” ঘোষণা কৰিছিল। স্বৰা ভাস্কৰে তেওঁৰ ছাৰপ্ৰাইজ বেবী শ্বাৱাৰ অনুষ্ঠানৰ বহু ছবি তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। ছবিসমূহত হ’বলগীয়া পিতৃ-মাতৃ স্বৰা আৰু ফাহাদক হিলিয়াম বেলুন ধৰি পোজ দিয়া দেখা গৈছে।

এই বেলুনবোৰত লিখা আছিল “পাপা আৰু মামী”। স্বৰা আৰু ফাহাদৰ এই বছৰ বিয়া হৈছিল আৰু বিয়াৰ মাত্ৰ তিনিমাহৰ পাছতেই এই দম্পতীয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল।


কবি নীলিম কুমাৰৰ কবিতা “সেই জন্তুটোৰ নাম কি ?“ কবিতাটোৰ ইংৰাজী অনুবাদ…

“সেই জন্তুটোৰ নাম কি ?“ কবিতাটোৰ ইংৰাজী অনুবাদ ৷

অনুবাদ কৰিছে বিবেকানন্দ চৌধুৰীয়ে ৷

(কবিতাটোৰ মূল অসমীয়া ৰূপটোও একেলগে দিবলৈ দুজনমান ব্যক্তিয়ে উপদেশ দিয়া বাবে পুনৰ দি দিয়া হ’ল )

পশ্চিম কাৰ্বি আংলঙৰ পুটশাৰীত শোকাৱহ ঘটনা ! পুখুৰীত গা ধুবলৈ গৈ ৩ ছাত্ৰীৰ সলিল সমাধি…

পশ্চিম কাৰ্বি আংলঙৰ পুটশাৰীত শোকাৱহ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ ৩ ছাত্ৰীৰ সলিল সমাধি।

ভেৰোনিকা টেৰাংপী, ছাৰোনিকা টেৰাংপী, এডৰচোনি টেৰাংপীৰ মৃত্যু।

দেওবাৰে সন্ধিয়া পুখুৰীত গা ধুবলৈ গৈছিল ছাত্ৰীকেইগৰাকী। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।

ধুমধামেৰে গণপতিক ঘৰলৈ আনিলে অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে…

প্ৰতিবাৰৰ দৰে এইবাৰো শিল্পা শেট্টী কুন্দ্ৰই ধুমধামেৰে গণপতি বাপ্পাক ঘৰলৈ আনিলে। মুম্বাইৰ গণেশ গালী গণপতি কাৰ্খানাৰ বাহিৰত বাপ্পাক স্বামী ৰাজ কুন্দ্ৰৰ সৈতে ঘৰলৈ লৈ যোৱা দেখা গৈছিল শিল্পাই। শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰই বাপ্পাক ঘৰলৈ লৈ যোৱাৰ ছবি চাওক।

১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উৎসৱ ধুমধামেৰে পালন কৰা হ’ব। এই উপলক্ষে প্ৰতিবাৰৰ দৰে এইবাৰো শিল্পা শ্বেট্টীয়ে বাপ্পাক স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে ঘৰলৈ লৈ যোৱা দেখা গ’ল। এই উপলক্ষে শিল্পাক অতি সুখী দেখা গৈছিল আৰু ছবিবোৰত দেখা গৈছে বাপ্পাক আড়ম্বৰেৰে আদৰণি জনোৱা।

ছবিবোৰত ৰাজ কুন্দ্ৰই বাপ্পাক ধৰি আছে। অৱশ্যে ৰাজৰ মুখখন দেখা পোৱা নাই। এই দুগৰাকী তাৰকাৰ উপৰিও ছবিসমূহত তেওঁলোকৰ সৈতে আন বহু লোককো দেখা গৈছিল।

আনহাতে অহা ২২ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব শিল্পাৰ ছবি ‘সুখী’।

গণেশ চতুৰ্থীৰ দিনা চাব নাপাই চন্দ্ৰক। গণেশ চতুৰ্থীৰ দিনা মূৰ্তি স্থাপনৰ আটাইতকৈ শুভ সময়…

কাইলৈ ​​গণেশ চতুৰ্থী। ১০ দিন ভক্তৰ লগত থাকিব গণপতি বাপ্পা। গণেশ চতুৰ্থীৰ দিনা প্ৰতিমা স্থাপনৰ শুভ সময়ৰ বিষয়ে জানি লওক । ​​গণেশ চতুৰ্থী উৎসৱ আৰম্ভ হয় ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখৰ পৰা। আজিৰ দিনটোত প্ৰতিটো ঘৰ আৰু ৰাজহুৱা স্থানত গণপতি বাপ্পাৰ মূৰ্তি স্থাপন কৰা হয়। এইবাৰ ২০২৩ চনৰ ১৯ ​​ছেপ্টেম্বৰ মঙলবাৰৰ পৰা আৰম্ভ হ’ব গণেশ উৎসৱ আৰু ২৮ ছেপ্টেম্বৰত অনন্ত চতুৰ্দশীত গণেশ বিসৰ্জন হ’ব। দেশৰ বহু ৰাজ্যত গণেশ উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। ইয়াত মহাৰাষ্ট্ৰ প্ৰধান কাৰণ মহাৰাষ্ট্ৰৰ পুনে চহৰৰ পৰাই ৰাজহুৱা গণেশ উৎসৱ আৰম্ভ হৈছিল। ইয়াৰ উপৰিও মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট আদি ৰাজ্যতো গণপতি উৎসৱ পালন কৰা হয়।


গণেশ চতুৰ্থীৰ দিনা মানুহে গণপতিৰ মূৰ্তি অতি আড়ম্বৰেৰে ঘৰলৈ আনি ঢোলেৰে স্থাপন কৰে। আজিৰ দিনটোত ভগৱান গণেশক ৰীতি-নীতিৰে পূজা কৰা হয়। ইয়াৰ উপৰিও গণপতি বাপ্পাৰ মূৰ্তিও ৰাজহুৱা স্থানত স্থাপন কৰে। এইবাৰ ভাদ মাহৰ শুক্লাৰ চতুৰ্থী তিথি ১৮ ছেপ্টেম্বৰ ২০২৩ৰ নিশা ১২:৩৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৯ ছেপ্টেম্বৰৰ নিশা ০১:৪৩ বজাত শেষ হ’ব। এই সময়ছোৱাত ১৯ ছেপ্টেম্বৰৰ পুৱা ১১:০১ বজাৰ পৰা ১:২৮ বজালৈ গণেশ স্থাপন বা পূজাৰ শুভ সময় হ’ব। অৰ্থাৎ এইবাৰ গণেশ স্থাপনৰ মুঠ শুভ সময়ৰ সময়সীমা ০২ ঘন্টা ২৭ মিনিট। গণেশ চতুৰ্থীৰ দিনা চাব নাপাই চন্দ্ৰক। ধৰ্মগ্ৰন্থ অনুসৰি চতুৰ্থীৰ দিনা চন্দ্ৰ দেখাৰ পৰা বিৰত থাকিব লাগে। গণেশ চতুৰ্থীৰ দিনটোত চন্দ্ৰলৈ চালে এজন ব্যক্তিৰ ওপৰত মিছা কলংক পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই চতুৰ্থীত চন্দ্ৰ দেখিছিল, যাৰ বাবে তেওঁক স্যামন্তক ৰত্ন চুৰি কৰাৰ মিছা অভিযোগ উত্থাপন কৰা হৈছিল। যদি ভুলতে চন্দ্ৰ দেখা পায়, তেন্তে কৃষ্ণ স্যামন্তক কাহিনী পঢ়িব বা শুনিব ভগৱান গণেশে আপোনাক ক্ষমা কৰিব।

এই গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰ উদয়ৰ সময় এদিন আগতে অৰ্থাৎ আজি ১৮ ছেপ্টেম্বৰ ২০২৩ তাৰিখে হ’ব। আজি নিষিদ্ধ চন্দ্ৰদৰ্শন সময় পুৱা ০৯:৪৫ বজাৰ পৰা নিশা ০৮:৪৪ বজালৈ প্ৰায় ১০ ঘন্টা ৫৯ মিনিট।


আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন…

আজিৰ পৰা সংসদৰ বিশেষ অধিৱেশন।

৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন।

অধিৱেশন খনত উত্থাপন হ’ব ৮খন বিধেয়ক।

অধিৱেশনত চৰ্চা হ’ব সংসদৰ ৭৫ বৰ্ষীয় পৰিক্ৰমাৰ।

নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ’ব অধিৱেশন।

CECৰ নিযুক্তি সন্দৰ্ভত উত্থাপন হ’ব বিধেয়ক।

জ্যেষ্ঠ নাগৰিক, অনুসূচিত জাতি-জনজাতি সম্পৰ্কীয় বিধেয়কো উত্থাপন হ’ব।

তামুলপুৰক পুনৰ জিলা ঘোষণাৰ সভাত ইউ জি ব্ৰহ্ম…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰক পুনৰ জিলা হিচাপে ঘোষণা কৰাৰ পিছত আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে জিলা ঘোষণাৰ এক শুভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই উপস্থিত হৈ তামুলপুৰ জিলাৰ আনুষ্ঠানিকতাৰ কথা ব্যক্ত কৰি জিলা খনক আগুৱাই নিয়াৰ বাবে সকলো ৰাইজৰ সঁহাৰি বিচাৰে। মুখ্যমন্ত্ৰীৰ সু দৃষ্টিত তামুলপুৰ জিলাত এতিয়া উন্নয়ৰ ঢল বব বুলি কয় যে তামুলপুৰ জিলাৰ অভিভাৱৰ মন্ত্ৰী হিচাপে তামুলপুৰক এখন প্ৰগতিশীল জিলা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহনৰ ঘোষণা মন্ত্ৰী ব্ৰহ্মৰ। নতুন জিলাৰ আয়ুক্ত হিচাবে পুনৰ যোগদান কৰিব বিদ্যুৎ বিকাশ ভাগৱতীয়ে।

অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীসহ BTR ৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পাৰিষদৰ লগতে বহু দল সংগঠন,জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু ৰাইজ অংশগ্ৰহণ কৰে। আৰম্ভণি অনুষ্ঠানৰ পূৰ্বে আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী তথা স্থানীয় বিধায়ক,আৰক্ষী অধীক্ষকৰ সৈতে অমৃত বৃক্ষৰ গছপুলি ৰোপন কৰিলে অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই।

মধুৰী আমৰ ১০ টা উপকাৰৰ বিষয়ে জানক…

আপালোকে জানেনে মধুৰী আম খোৱাৰ উপকাৰীতাৰ বিষয়ে। আজি আমি আপোনালোকক জনাম মধুৰী আম খোৱাৰ উপকাৰিতাৰ বিষয়ে…

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
মধুৰী আমক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।

২) হজম শক্তি উন্নত হব
মধুৰী আমক আঁহৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

৩/ ওজন কম হব
মধুৰী আমৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।

৪) ডায়েবেটিছ ৰোগত উপশম
মধুৰী আম খোৱা লোকসকলৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে এই ফল খাব লাগে।


৫) হৃদৰোগ প্ৰতিৰোধ
মধুৰী আমত ভাল পৰিমাণৰ পটাছিয়াম থাকে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৬) চকুৰ বাবে উপকাৰী
আমাৰ চকুৰ বাবেও মধুৰী আম অতি উপকাৰী, কাৰণ ইয়াত ভিটামিন এ থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰে।

৭) তেজ বিশুদ্ধকৰণ
মধুৰী আম খালে তেজ বিশুদ্ধ হয় আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

৯/ অক্সিজেন যোগান
মধুৰী আমত এনে পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰৰ বহু অংশলৈ অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হয়।

১০) কৰ্কট ৰোগ প্ৰতিৰোধ
মধুৰী আমত শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।

আজি এছিয়া কাপৰ ফাইনেল…

আজি এছিয়া কাপৰ ফাইনেল।

সমুখ-সমৰত আজি ভাৰত আৰু শ্ৰীলংকা।

দিনৰ ৩ বজাৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব মেচখন।

২০১৮ চনতে এছিয়া কাপ জিকিছিল ভাৰতে।

তাৰ পিছৰ পৰা সুদীৰ্ঘ ৫বছৰে কেৱল দেখিছে ব্যৰ্থতা।

আজি দুই দেশৰ মাজত হ’ব খিতাপ দখলৰ যুঁজ।

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনাত চালকসহ বহু যাত্ৰীৰ মৃত্যু…

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত চালকসহ ১৪জন যাত্ৰীৰ মৃত্যু।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মানাউচ এৰোটেক্সি এয়াৰ লাইনছৰ।

দুৰ্ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মানাউচ এৰোটেক্সিৰ।

মৃত যাত্ৰীসকলৰ মাজত আমেৰিকাৰ যাত্ৰী থকাৰো সম্ভাৱনা ব্যক্ত।