Home Blog Page 1362

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ” পি এম বিশ্বকৰ্মা” আঁচনি। অসমৰ তিনি জিলাত মুকলি…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশজুৰি মুকলি কৰে “পি এম বিশ্বকৰ্মা” আঁচনি। তেওঁ আঁচনিখনৰ লোগো, টেগলাইন পোৰ্টেল মুকলি কৰাৰ লগতে ১৮ জন হিতাধিকাৰীক প্ৰদান কৰে বিশ্বকৰ্মা প্ৰমান পত্ৰ। দেশৰ ৭০ টা স্হানৰ লগতে অসমৰ তিনিখন জিলাতো এই আঁচনি মুকলি কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আঁচনিখন মুকলি কৰে কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আঁচনিখনৰ দ্বাৰা চেলুন, জোতা মিস্ত্ৰীৰ পৰা নাও নিৰ্মান কৰা শিল্পী সকলে বিশেষ উপকৃত হব বুলি মন্তব্য কৰে মন্ত্ৰী সোনোৱালে।

অনুষ্ঠানটোত উদ্যোগ মন্ত্ৰী বিমল বৰা, সাংসদ কুইন ওজা, ৰমেন ডেকা, মেয়ৰ মৃগেন শৰণীয়া, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকে। আনহাতে শিলচৰত মন্ত্ৰী বিষেশ্বৰ টুডুৱে মুকলি কৰে আঁচনিখন। অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক দ্বিপায়ন চক্ৰবৰ্তীৰ লগতে সাংসদ ৰাজদীপ ৰয়। টুডুৱে আঁচনিখনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধি হোৱাৰ লগতে দক্ষতা বৃদ্ধি পাব বুলি নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে। একেদৰে ডিব্ৰুগড়ত আঁচনিখন মুকলি কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। অনুষ্ঠানটোত মন্ত্ৰী সঞ্জয় কিশানকে ধৰি অন্যান্য বিষয়াৰ লগতে গন্য-মান্য ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ খুন্দাত মহিলাৰ মৃত্যু…

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি খুন্দাত মহিলাৰ মৃত্যু । ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত ।

ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় ।

মৃত মহিলাগৰাকীৰ নাম খাদিজা বেগম ।

ঘটনা অনুসৰি ৰবিবাৰে সন্ধিয়া ৫:৩০ মান বজাত ৰেল লাইনত লাগি থকা ছাগলী আনিবলৈ যাওতে গোৰেশ্বৰ দিশৰ পৰা ৰঙিয়া অভিমূখে গৈ থকা পেচেঞ্জাৰ গাড়ীখনৰ খুন্দাত মহিলাগৰাকীৰ লগতে তিনিটাকৈ ছাগলীৰ মৃত্যু হয় ।

উক্ত ঘটনাক লৈ অঞ্চলজুৰি এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

একাধিক চিকিৎসা মহাবিদ্যালয়ত নাই গুৰুত্বপূৰ্ণ বিভাগ; ৮২৩ কোটি ব্যয়েৰে ৬ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়

পুনৰ ৬ খনকৈ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিব চৰকাৰে। ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ১১ খনত আন্তঃগাঁঠনিৰ পঁয়ালগা অবস্থাৰ সমান্তৰাৰলকৈ চিকিৎসক, নাৰ্চকে ধৰি তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম নোহোৱা স্বাস্থ্য বিভাগে কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ চুপাৰ চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিত্যান্তই বিচাৰ্যৰ বিষয়।

তথ্যমতে, চৰকাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, বৰপেটা, তেজপুৰ,ডিফু আৰু লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰিব চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়।

এই নিৰ্মাণ কাৰ্যত ব্যয় কৰিব শিলচৰত ১৫৩ কোটি ৪০ লাখ, যোৰহাটত ১৯৬ কোটি ১২৫ লাখ, বৰপেটাত ১০১ কোটি ৬৫ লাখ, তেজপুৰত ১৬৯ কোটি, ডিফুত ১০১ কোটি ৬৫ লাখ আৰু লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০১ কোটি ৬৫ লাখ সৰ্বমুঠ ৮২৩ কোটি টকা।

ইয়াৰ বিপৰীতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ ৯ টাকৈ বিভাগেই নাই। ৰোগী চিটিভিএছ,জৰুৰী মেডিচিন,হেমাটোলজিকে ধৰি প্ৰায় ৯ টা বিভাগৰ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰো একেই অবস্থাৰ। নাই জৰুৰী ১০ টাকৈ বিভাগ।

একেদৰে চিকিৎসালয়খনত ৯২৯ গৰাকী কৰ্মচাৰীৰ নাটনি। ইয়াৰে ৩৬৫ গৰাকীয়েই নাৰ্চ আৰু ৫৬৪ গৰাকী তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। একেই অবস্হা বৰপেটা, তেজপুৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ। ইয়াৰ পিছতো চৰকাৰে চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিবলৈ আগবঢ়া কাৰ্যই সৰ্বসাধাৰণ ৰাইজক কিমান উপকৃত কৰিব সেয়া চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে জনতাৰ মাজত।

নগৰবেৰাৰ বিদ্যানগৰত চাঞ্চল্যকৰ ঘটনা !কিশোৰীক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা একাংশৰ…

নগৰবেৰাৰ বিদ্যানগৰত চাঞ্চল্যকৰ ঘটনা। কিশোৰীক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা একাংশৰ। মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক পেলাই থৈ গ’ল পথাৰত।

ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীক চলাইছিল হত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীক।

সম্প্ৰতি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসধীন কিশোৰীগৰাকী। ফকৰ আলী, আমিৰ হুছেইন, ছকিনা খাতুন, আজিৰণ নেছা, জামিৰণৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ।

মেপত নাই উত্তৰ-পূব ! কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

কংগ্ৰেছক পুনৰ তুলাধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে উত্তৰ-পূব অঞ্চলটো ছ’চিয়েল মিডিয়াত দলটোৱে শ্বেয়াৰ কৰা ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হৈছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত কোম্পানীৰ ভূমি কেলেংকাৰিৰ বিষয়ে প্ৰশ্ন সোধাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতৰ মানচিত্ৰৰ পৰা উত্তৰ-পূব এলেকাটো কংগ্ৰেছে বাদ দিয়াৰ প্ৰসংগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে কংগ্ৰেছে ইয়াৰ উত্তৰ-পূব এলেকাটো মানচিত্ৰত “এৰাই চলিছে”। উল্লেখ্য কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে এখন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য বিচৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে শৰ্মাৰ সৈতে এক্স ত দলটোৰ একাংশ নেতাৰ বাকযুদ্ধত চলি আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী শৰ্মাই ভয় কৰিছে। ইপিনে মুখ্যমন্ত্ৰী শৰ্মাই অফিচিয়েল এক্স হেণ্ডেলৰ পৰা এটা এনিমেটেড ভিডিঅ’ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে ।

শৰ্মাই কৈছে ” কংগ্ৰেছ দলে গোপনে উত্তৰ-পূবৰ সমগ্ৰ ভূমি কোনো চুবুৰীয়া দেশক বিক্ৰী কৰাৰ চুক্তি কৰিছে যেন লাগিছে,” । মানচিত্ৰখনত মোদী আৰু গান্ধীৰ মাজত এক কাল্পনিক সংলাপৰ শিৰোনাম দিয়া হৈছে। ১৯৭৫ চনৰ বলীউড চলচ্চিত্ৰ ‘দিৱাৰ’ৰ জনপ্ৰিয় ‘মেৰে পাছ মা হে’ সংলাপৰ আধাৰত সেই কাৰ্টুনটো প্ৰস্তুত কৰা হৈছে।কাৰ্টুনটোত মোদীয়ে কৈছে যে তেওঁৰ ইডি, আৰক্ষী, চৰকাৰ, ধন আৰু বন্ধু আছে, আৰু গান্ধীৰ কি আছে তাকে প্ৰশ্ন কৰিছে, যাৰ উত্তৰত পিছৰজনে কয় যে সমগ্ৰ ৰাষ্ট্ৰ তেওঁৰ সৈতে আছে। ‘

মিছিং নৰ্থইষ্ট ‘ প্ৰসংগত আলোকপাত কৰি শৰ্মাই লগতে কয়, “এইকাৰণেই ৰাহুল বিদেশলৈ গৈছিল নেকি? নে দলটোৱে শ্বাৰ্জিল ইমামক সদস্যপদ দিছে?” ইমাম এজন ছাত্ৰ কৰ্মী যাক নাগৰিকত্ব সংশোধনী বিৰোধী আইনৰ সময়ত নতুন দিল্লীত ২০২০ চনৰ সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী শৰ্মাক তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন কৰি গৌৰৱ গগৈয়ে এক্সত লিখিছিল: “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি চুক্তিৰ বিষয়ে উত্তৰ দিয়াৰ বিষয়টো এৰাই চলিছে।”

তেওঁ “এই কোম্পানীবোৰে কিমান কৃষিভূমি ক্ৰয় কৰিছে” সম্পৰ্কেও নিৰ্দিষ্ট তথ্য বিচাৰিছিল। মুখ্যমন্ত্ৰীয়ে আগতে অভিযোগসমূহ নাকচ কৰিছিল আৰু কৈছিল যে যদি কংগ্ৰেছৰ হাতত ৰাজসাহায্য লাভ কৰাৰ কোনো প্ৰমাণ আছে তেন্তে তেওঁ ৰজহুৱা জীৱন ত্যাগ কৰিব। আনহাতে মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি নগাঁৱৰ দাৰিগাজি গাঁৱত কেইবা বিঘা কৃষিভূমি মুখ্যমন্ত্ৰীৰ পৰিয়ালে ঔদ্যোগিক ভূমি হিচাপে পুনৰ শ্ৰেণীবদ্ধ কৰিছে ৷

কংগ্ৰেছৰ সৈতে অব্যাহত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে উত্তৰ-পূব অঞ্চলটো ছ’চিয়েল মিডিয়াত দলটোৱে শ্বেয়াৰ কৰা ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হৈছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত কোম্পানীৰ ভূমি কেলেংকাৰিৰ বিষয়ে প্ৰশ্ন সোধাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতৰ মানচিত্ৰৰ পৰা উত্তৰ-পূব এলেকাটো কংগ্ৰেছে বাদ দিয়াৰ প্ৰসংগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে কংগ্ৰেছে ইয়াৰ উত্তৰ-পূব এলেকাটো মানচিত্ৰত “এৰাই চলিছে”। উল্লেখ্য কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে এখন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য বিচৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে শৰ্মাৰ সৈতে এক্স ত দলটোৰ একাংশ নেতাৰ বাকযুদ্ধত চলি আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী শৰ্মাই ভয় কৰিছে। ইপিনে মুখ্যমন্ত্ৰী শৰ্মাই অফিচিয়েল এক্স হেণ্ডেলৰ পৰা এটা এনিমেটেড ভিডিঅ’ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে ।

শৰ্মাই কৈছে ” কংগ্ৰেছ দলে গোপনে উত্তৰ-পূবৰ সমগ্ৰ ভূমি কোনো চুবুৰীয়া দেশক বিক্ৰী কৰাৰ চুক্তি কৰিছে যেন লাগিছে,” । মানচিত্ৰখনত মোদী আৰু গান্ধীৰ মাজত এক কাল্পনিক সংলাপৰ শিৰোনাম দিয়া হৈছে। ১৯৭৫ চনৰ বলীউড চলচ্চিত্ৰ ‘দিৱাৰ’ৰ জনপ্ৰিয় ‘মেৰে পাছ মা হে’ সংলাপৰ আধাৰত সেই কাৰ্টুনটো প্ৰস্তুত কৰা হৈছে।কাৰ্টুনটোত মোদীয়ে কৈছে যে তেওঁৰ ইডি, আৰক্ষী, চৰকাৰ, ধন আৰু বন্ধু আছে, আৰু গান্ধীৰ কি আছে তাকে প্ৰশ্ন কৰিছে, যাৰ উত্তৰত পিছৰজনে কয় যে সমগ্ৰ ৰাষ্ট্ৰ তেওঁৰ সৈতে আছে। ‘

মিছিং নৰ্থইষ্ট ‘ প্ৰসংগত আলোকপাত কৰি শৰ্মাই লগতে কয়, “এইকাৰণেই ৰাহুল বিদেশলৈ গৈছিল নেকি? নে দলটোৱে শ্বাৰ্জিল ইমামক সদস্যপদ দিছে?” ইমাম এজন ছাত্ৰ কৰ্মী যাক নাগৰিকত্ব সংশোধনী বিৰোধী আইনৰ সময়ত নতুন দিল্লীত ২০২০ চনৰ সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী শৰ্মাক তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন কৰি গৌৰৱ গগৈয়ে এক্সত লিখিছিল: “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি চুক্তিৰ বিষয়ে উত্তৰ দিয়াৰ বিষয়টো এৰাই চলিছে।”

কেৰালাত ২৪ ছেপ্তেম্বৰলৈ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা…

ভাৰতৰ নিপাহৰ মিল বাংলাদেশৰ ভাইৰাছৰ সৈতে

পুনৰ অতিমাৰী কৰোনা কালৰ ভয়ংকৰ দিনবোৰ উভতি অহাৰ আতংকত দেশবাসী। মাৰাত্মক নিপাহ ভাইৰাছৰ কবলত পৰিব নেকি দেশ। ইতিমধ্যে কেৰালাৰ পৰিস্থিতি অধিক ভয়াবহতালৈ গতি কৰিছে। চৰকাৰে আগন্তুক ২৪ ছেপ্টেম্বৰ পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষনা কৰিছে।

আনহাতে আই ছি এম আৰৰ মহামাৰী বিশেষজ্ঞ ডাঃ ৰমন গংগাখেদকাৰে ভাৰতৰ নিপাহ ভাইৰাছৰ বাংলাদেশৰ ভাইৰাছৰ মিল থকা প্ৰকাশ কৰি ই অতি ভয়াবহ বুলি জনসাধাৰণক সতৰ্ক কৰি দিছে। এই পৰ্যন্ত এইবিধ ভাইৰাছ প্ৰতিৰোধ কৰাৰ কোনো প্ৰতিষেধক আবিস্কাৰ হোৱা নাই। ইতিমধ্যে কেৰালাত ১০৮০ গৰাকী ব্যক্তি নিপাহ ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই দেশবাসীক আতংকিত কৰি তুলিছে।

চিকিৎসক সকলে পৰিস্কাৰ পৰিচন্নতাৰ লগতে বাদুলীয়ে কামোৰা ফল গ্ৰহন নকৰিবলৈ সকিয়াই দি বাদুলীৰ বাসস্থানলৈ আহযাহ নকৰিবলৈকো কঠোৰ ভাবে সকিয়াই দিছে। এইবিধ ভাইৰাছ বাদুলী, ঘোৰা আদি জন্তুৰ পৰা বিয়পাৰ লগতে আক্ৰান্ত ব্যক্তিৰ লেলাউটি আৰু তেজৰ সংস্পৰ্শলৈ নাযাবলৈকো সকিয়াই দিছে। চিকিৎসক সকলে সঘনাই হাত ধোৱা, ৰুগীয়া জন্তুৰ সংস্পৰ্শ ত্যাগ কৰিবলৈকো সতৰ্ক কৰে জনসাধাৰণক।

১৯ ছেপ্টেম্বৰত শ্ৰীশ্ৰীগনেশ চতুৰ্থী ! ৩০ ফুট উচ্চতাৰ মূৰ্তিৰে সাজু ভক্তগন…

কাইলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হব বিশ্বখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পুজা। উদ্যোগ, যান-বাহনৰ বিতৰকৰ পৰা সৰু-বৰ গেৰেজৰ কৰ্মকৰ্তা সকল ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰ জনাৰ পুজা অৰ্চনাৰ বাবে। আনহাতে বিশ্বকৰ্মাৰ পূজাৰ পিছদিনাই অৰ্থাৎ ১৯ ছেপ্টেম্বৰ উদযাপন কৰা হব শ্ৰীশ্ৰী গনেশ চতুৰ্থী। সমগ্ৰ দেশৰ লগতে বিঘ্নেশ্বৰ শ্ৰীশ্ৰী গনেশ চতুৰ্থীৰ বাবেও সাজু হৈ উঠিছে অসমৰ ভক্তগন।

গনেশ মন্দিৰ সমূহ সজাই তোলা হৈছে আটকধুনীয়া কৈ। গনেশগুৰিৰ গনেশ মন্দিৰ কৰ্তৃপক্ষই আলোককেৰে চকুত লগা কৰি তুলিছে মন্দিৰটো। আনহাতে এইবাৰ গনেশ চতুৰ্থীত চমক দিবলৈ সাজু হৈছে গুৱাহাটীৰ ফটাশিল আমবাৰীৰ পৌৰ নিগম কলনীৰ বাসিন্দা সকল। পাঞ্জাৱ, তেলেংগনাৰ লগতে বিহাৰৰ প্ৰায় ৪০০ টা বৰিয়াল বাস কৰা কলনিটোৰ এই সকল বাসিন্দাই নিৰ্মাণ কৰি উলিয়াইছে ৩০ ফুট উচ্চতাৰ গনেশৰ মূৰ্তি। কলকাতাৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা মৃন্ময় মূৰ্তিটোত ব্যয় হৈছে ২ লাখ টকা।

ইয়াতেই ক্ষান্ত নাথাকি কলনিটোৰ বাসিন্দা সকলে ভগৱান গনেশক দিবলৈ প্ৰস্তুত কৰিছে ২১ কিলোগ্ৰাম ওজনৰ এটা বৃহৎ লাড়ু। ভগৱান গনেশৰ অতি প্ৰিয় খাদ্যৰ তালিকাত লাড়ু সৰ্বপ্ৰথম বুলি জনবিশ্বাস চলি আহিছে। মুঠতে ৰাজ্যবাসীয়ে ভগৱান গনেশৰ পুজা অৰ্চনাৰ বাবে ন্যুনতম কৃপনালী কৰা নাই। উল্লেখযোগ্য যে বিশ্বকৰ্মা আৰু গনেশ চতুৰ্থীৰ পিছতেই ধৰালৈ নামি আহে শৰৎ। শৰৎ মানেই শাৰদীয় পুজাৰ আনন্দ উছাহ। ইয়াৰ পিছতেই ৰাজ্যবাসী সাজু হব শক্তিৰ আৰাধ্যা দেৱী দুৰ্গাক আদৰিবলৈ।

বিৰোধী মিত্ৰজোঁটৰ ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ সৰব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। এই মিত্ৰতাৰ উদ্দেশ্য কেৱল ‘ষড়যন্ত্ৰ’ কৰাঃ শ্বাহ

বিৰোধী মিত্ৰজোঁটৰ ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ সৰব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। এই মিত্ৰতাৰ উদ্দেশ্য কেৱল ‘ ষড়যন্ত্ৰ’ কৰাঃ শ্বাহ। বিৰোধী মিত্ৰজোঁটৰ ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ সৰব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। শ্বাহে শেহতীয়াকৈ বিহাৰৰ মধুবনীত বিজেপিৰ এক সভাত কয়, “ইয়াৰ পূৰ্বে তেওঁলোকে ইউপিএৰ নামত মিত্ৰতা গঠন কৰি ১২ লাখ কোটি টকাৰো অধিক টকাৰ দুৰ্নীতি কৰিছিল। এতিয়া তেওঁলোকে এটা নতুন নামৰ সৈতে দুৰ্নীতি কৰাৰ ষড়যন্ত্ৰ কৰিছে। লালু প্ৰসাদ যাদৱে ৰে’ল মন্ত্ৰী হৈ থাকোতে ডাঙৰ দুৰ্নীতি কৰিছিল। তেওঁলোকে ইউপিএৰ নাম লৈ পুনৰ মানুহৰ মাজলৈ ঘূৰি আহিব নোৱাৰিব বুলি অনুভৱ কৰিছে, সেয়া তেওঁলোকে তেওঁলোকৰ নতুন মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ৰাখিছে। তেওঁলোকৰ মিত্ৰজোঁটৰ নেতাসকলে ৰক্ষা বন্ধন, জন্মাষ্টমীৰ বন্ধ বাতিল কৰে আৰু ৰামচৰিতমানসক অসন্মান কৰে। পৰম্পৰাগত ধৰ্মক ৰোগৰ সৈতে তুলনা কৰা হয়। তেওঁলোকে কেৱল তোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত লিপ্ত হৈ আছে। “

লক্ষণীয়ভাৱে, গেৰুৱা দলে বিৰোধীৰ নতুন মিত্ৰজোঁট ‘ইণ্ডিয়া’ক ‘ইণ্ডি’ মিত্ৰতা হিচাপে অভিহিত কৰি আহিছে। ইয়াৰ কাৰণো বাখ্যা কৰা হৈছে। বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছিল “কিছুমান লোকে ইণ্ডিয়া এলায়েন্স বুলি কৈছে, কিন্তু আমি ইণ্ডি এলায়েন্স বুলি কোৱা উচিত। মিত্ৰতা শব্দটো কোৱাটো শুদ্ধ নহয়।’’ শ্বাহে বিহাৰত আৰজেডি-জেডি(ইউ) মিত্ৰতাক “তেল-পানী”ৰ মিত্ৰতা বুলিও অভিহিত কৰে। তেওঁৰ মতে, বিহাৰত লালু-নীতিশ মিত্ৰতাও “অবাস্তৱ” ঠিক যেনেদৰে তেল আৰু পানী মিহলি নহয়। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ভাৰত মিত্ৰজোঁটে সনাতন ধৰ্ম ধ্বংস কৰিব বিচাৰে।মোদীয়ে কৈছিল “ইণ্ডিয়া মিত্ৰজোঁটে সনাতন ধৰ্মৰ সমাপ্তি বিচাৰে। তেওঁলোকে স্বামী বিবেকানন্দ আৰু লোকমান্য তিলকৰ দৰে ব্যক্তিত্বক অনুপ্ৰাণিত কৰা সনাতন ধৰ্মক দেশৰ পৰা মচি পেলাবলৈ চেষ্টা কৰি আছে। আজি তেওঁলোকে মুকলিকৈ আমাৰ ধৰ্মক আক্ৰমণ কৰিছে, কাইলৈ তেওঁলোকে দেশৰ জনসাধাৰণক আক্ৰমণ কৰিব।’’

আৰ্জেণ্টিনাত ৭৬ বছৰীয়া এগৰাকী খেলুৱৈয়ে ৫ ঘণ্টাৰো অধিক সময় মাৰাথন দৌৰ সফলতাৰে সম্পূৰ্ণ কৰে…

৭৬ বছৰীয়া এগৰাকী খেলুৱৈয়ে প্ৰত্যাহ্বানমূলক মাৰাথন দৌৰ সম্পূৰ্ণ কৰি ৰাইজৰ পৰা ষ্টেণ্ডিং অভেচন লাভ কৰিছে। আৰ্জেণ্টিনাৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত ছাল্টা চহৰত অনুষ্ঠিত হয় এই মাৰাথন দৌৰ।

এনডিনা মডেষ্টা পেৰেজে, ৫ ঘণ্টাৰো অধিক সময় দৌৰাৰ পিছত মাৰাথন দৌৰ সফলতাৰে সম্পূৰ্ণ কৰে। ফিনিচিং লাইন পাৰ হৈ যোৱাৰ সময়ত দৰ্শকৰ পৰা উল্লাস আৰু হাতচাপৰি লাভ কৰে।

তেওঁৰ এই আকৰ্ষণীয় কৃতিত্বই সকলো বয়সৰ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে আৰু ই প্ৰমাণ কৰে যে দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমে যিকোনো ব্যক্তিক বয়স নিৰ্বিশেষে নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে।

দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস ! একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ…

দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস। একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ।

কজেং দৈমাৰী নামৰ লোকজনৰ গৃহৰ পৰা চুৰি। কৌশলেৰে লক ভাঙি বাইক লৈ উধাও চোৰ।

CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। ঘটনাৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।