Home Blog Page 1365

ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকে একে লগে মহটিয়াই নিলে ৪ যুৱকক

গোসাঁইগাঁৱৰ গুৰুফেলত ভয়ংকৰ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত একে লগে মহটিয়াই নিলে ৪ যুৱকক।

মালবাহী ট্ৰাকে মহটিয়াই নিলে চাৰিজনক। ৩১ নম্বৰ(গ)ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুফেলাত এই দুৰ্ঘটনা।

যুৱককেইজনে পূৰ্বৰ দৰে বুধবাৰেও আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত এই ঘটনা ঘটে।

ৰাষ্ট্ৰীয় পথত দৌৰি থকা সময়ত তীব্ৰ বেগত অহা এখন মালবাহী ট্ৰাক মহটিয়াই নিয়াত যুৱক কেইজন গুৰুতৰভাৱে আহত হয়।

চাৰিওজনৰ অৱস্থা সংকটজনক। বহু সময় ধৰি পৰি আছিল ৰাষ্ট্ৰীয় ঘাইপথত।

যুৱক কেইজন ক্ৰমে, সাধু ৰায়, মহেশ্বৰ ৰায় আৰু ৰাকেশ ৰায়,হ্ৰিদয় ৰায় বুলি জানিব পৰা গৈছে।

ভুৱা তথ্য প্ৰচাৰ কৰি আৰক্ষীৰ ৰোষত পৰিল সুধীৰ চৌধুৰী…

ভুৱা তথ্য প্ৰচাৰ কৰি আৰক্ষীৰ ৰোষত পৰিল সুধীৰ চৌধুৰী।

কৰ্ণাটক চৰকাৰৰ ‘সাৰথি’ আঁচনি সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাৰ বাবে সুধীৰ

চৌধুৰীৰ বিৰুদ্ধে কৰ্ণাটক চৰকাৰে দাখিল কৰে এজাহাৰ।

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদাৰ দেহাৱসান…

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদা আৰু নাই।

৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰণৱজিৎ চলিহাৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ।

হাওঁফাওঁ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পিতৃ ৰমু চলিহা।

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন শিক্ষা সংসদৰ…

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন।

অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন অসম উচ্চ শিক্ষা সংসদৰ। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ।

কম্পিউটাৰৰ তথ্য চুৰি, মহিলা শিক্ষয়িত্ৰী-কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী দিলীপ তামূলী লৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান…

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱলৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান কৰা হয় । ভাৰতীয় দৃশ্য কলাৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙলবাৰে নতুন দিল্লীত উক্ত অনুষ্ঠানৰ মুখ্য অতিথিৰূপে কেৰেলাৰ মহামহিম ৰাজ্যপাল আৰিফ মহম্মদ খানে “৬ষ্ঠ-ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” চিত্ৰাঞ্জলি – ২০২৩, সমাৰোহত উক্ত সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰীয় ললিত কলা অকাডেমীৰ সহযোগত মেঘ মণ্ডল সংস্থাৰ উদ্যোগত আয়োজিত কৰা এই বঁটাটো যোৱা ইংৰাজী ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ১৫ জনপথৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানটোত চলিত বৰ্ষৰ সন্মানীয় শিল্পীসকলৰ উল্লেখযোগ্য অৱদানক উদযাপনৰ বাবে উৎসৰ্গিত কৰা হৈছে। উক্ত অনুষ্ঠানত ভাৰতীয় সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য এই অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকে। লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আন ১৪ গৰাকী বিশিষ্ট শিল্পী, শিল্প সমালোচক আৰু সাংস্কৃতিক বিশেষজ্ঞৰ উপস্থিতত এই বঁটা প্ৰদান কৰা হয়।
অসমৰ মাজুলী জিলাত ১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহন কৰা শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে বিগত ২৫ বছৰতকৈ অধিক সময় দৃশ্য কলা বিভাগত শিক্ষকতাৰ অভিজ্ঞতাৰে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয় অসমৰ পৰা জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত কলা প্ৰবক্তা হিচাপে অৱসৰ লয় । কলিকতাৰ বিশ্ব ভাৰতী শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁৰ শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল য’ত তেওঁ পাঁচ বছৰীয়া ডি সূক্ষ্ম কলা আৰু দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰথম শ্ৰেণীৰ পদত সুখ্যাতিৰে সম্পূৰ্ণ কৰিছিল। পিছলৈ তেওঁ ৰয়েল ডেনিছ বৃত্তি লাভ কৰে, কোপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমী অৱ আৰ্টত। ব্ৰিটিছ সংগ্ৰহালয়, ট্ৰেড গেলেৰী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। বৰ্তমান তেখেতে ড০ ভূপেন হাজৰিকা ৰিজনেল ফ্লিম ইনচটিটিউট ত চিনগ্ৰাফী ( দৃশ্য পৰিকল্পনা) কৰা বিষয়ত জেষ্ঠ প্ৰবক্তা ৰূপে কৰ্মৰত।


তেওঁৰ মন আছে এজন শিল্পী, এজন শিক্ষক আৰু এজন সমাজকৰ্মীক একেলগে গুটিয়াই লোৱা। বৰ্তমান তেওঁ নিজৰ আভ্যন্তৰীণ অন্বেষণৰ পৰা সামাজিক ইতিহাস, ঐতিহ্য আৰু শিপাৰ বৃহত্তৰ কম্পাছৰ ফালে মনোনিৱেশ কৰিছে। তেওঁ পৰম্পৰাগত অসমীয়া ক্ষুদ্ৰ চিত্ৰকলাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে।
ভাৰত তথা অসমৰ শিল্প আৰু সংস্কৃতিক ক্ষেত্ৰখনৰ শিল্পী, শিল্প সমালোচক, আৰু সাংস্কৃতিক বিশেষজ্ঞৰ বিশিষ্ট পেনেলে আমাৰ সমাজত শিল্পৰ তাৎপৰ্য্যৰ ওপৰত জ্ঞানদায়ক আলোচনা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে মানৱ সংস্কৃতি ফাউণ্ডেছনে এক ভেটি নিৰ্মাণৰ প্ৰয়াস কৰি আহিছে লগতে এই ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কালৰ পৰাই শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে মূখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিভিন্ন কলা উদ্যোগৰ ব্যৱস্থাপনা তথা সাংস্কৃতিক জগতৰ বাবে শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক তথা মূখ্য সঞ্চালক শ্ৰীযুত ৰুদ্ৰাংকুৰ হাজৰিকা উদ্যোগত ২০১৩ চনৰ ১৩ আগষ্ট’ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা এই ফাউণ্ডেছনটোৱে ভাৰতীয় তথা অসমৰ শিল্প, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ কাৰ্য্যও অবিৰতভাৱে গ্ৰহন কৰাৰ প্ৰয়াস কৰি আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন
গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ অধীনত বর্তমান নামভর্তি প্রক্রিয়া চলি আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হল ৩০ ছেপ্টেম্বৰ ।

ইয়াৰ মাজতে এই কেন্দ্ৰটোৰ সঞ্চালকালয়ৰ এটা প্রতিনিধিৰ দলে ১২ ছেপ্টেম্বৰত ইয়াৰ অধীনস্থ বৰপেটা জিলাৰ লুইতপৰীয়া মহাবিদ্যালয়, আৰু কামৰূপ জিলাৰ বিমলা প্রসাদ চলিহা মহাবিদ্যালয়ৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকাৰী দলটোৰ নেতৃত্ব প্রদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সহকাৰী সঞ্চালক গৌতম শৰ্মাই ।

তেওঁক সংগ দিছিল কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ খুৰছীদ আলম বৰবৰা আৰু সঞ্চালকৰ ব্যক্তিগত সহায়ক ডঃ ৰবীন্দ্ৰ শৰ্মাই । শিক্ষাকেন্দ্ৰ পৰিদৰ্শনৰ সময়ত তেওঁলোকক লুইতপৰীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জানোৱা হয়। আকৌ, সেই শিক্ষানুষ্ঠানখনত পৰীক্ষাকেন্দ্ৰৰ অনুমতিৰ বাবে তেওঁলোকে পৰিদৰ্শনকাৰী দলটোৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। এই ক্ষেত্ৰত দলটোরে বিহীত ব্যবস্থা গ্রহণ কৰিব বুলি আশ্বাস দিয়ে

চানডুবিৰ পৰ্যটন তথ্য বিষয়া তথা কবি ডেনী গামক বিদায় সম্বৰ্ধনা…


ৰাজ্যৰ পৰ্যটনথলী সমুহৰ অন্যতম চানডুবি পৰ্যটন নিৱাসৰ পৰ্যটন তথ্য বিষয়া ডেনী গামক অসম চৰকাৰৰ পৰ্যটন বিভাগে পদোন্নতিসহ কলকাতাস্থিত অসম ভৱনলৈ বদলি কৰিছে। সেই উপলক্ষে ১২ ছেপ্টেম্বৰত ডেনী গামক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে চানডুবি পৰ্যটন নিবাসত চানডুবি টুৰিষ্ট গাইড এচোচিয়েছনৰ উদ্যোগত আৰু চানডুবি নাওঁ সন্থা, চানডুবি জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ সহযোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভাখন পৰিচালনা কৰে টুৰিষ্ট গাইড কন্দৰ্প বড়োৱে ।

উল্লেখ্য যে ডেনী গামে চানডুবিৰ বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছিল । জানিব পৰা মতে, ৰাণীখামাৰত থকা কাফেনডঙা জলপ্ৰপাত, বাৰেগাঁৱত থকা চলকাডাৰে, বাখালাপাত থকা বাখলাপাৰা জলপ্ৰপাত, জিমিৰিগাঁৱত উৎপাদন হোৱা কমলা টেঙা, বৰনিজৰা, কুণ্ডিলমুখ, জমাগুৰি ৰামচন্দ্ৰ আশ্ৰম, কুলসীত থকা ইংৰাজৰ দিনৰ আই বি, কলৰ বাগান, ঝলকাট ইত্যাদি বিভিন্ন ঠাই পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণত আগভাগ লৈ আহিছিল। সভাত ডেনী গামক ৰাভা পাজাৰ, এখন সম্বৰ্ধনা পত্ৰ লগতে জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ তৰফৰ পৰা ৰাভা পাজাৰ ইত্যাদি আন বহুজনে ব্যক্তিগতভাৱে পাজাৰ আৰু গামোচা আদিৰে সম্বৰ্ধনা জনায় ।

বিশেষকৈ চানডুবিৰ এই অঞ্চলটোত চাইক্লিং কৰাৰ ব্যৱস্থা হাতত লৈছিল ডেনী গামে । তাৰোপৰি ৰাভা জনজাতীয় ৰাভিয়ান ভদকাৰে পৰ্যটকসকলক আপ্যায়ন কৰিছিল । অনুষ্ঠানটোত স্থানীয় শিল্পী মৎস্য ৰাভাই ৰাভা সংগীত, বৰগীত আদি বাঁহীৰ সুৰেৰ সকলোকে আপল্পুত কৰি তোলে । সঞ্জয় ৰাভা, দিগন্ত ৰাভাকে আদি কৰি বিভিন্নজনে ভাষণ প্ৰসংগত ডেনী গামৰ কামৰ বাবে শলাগ লয় । আনগত দিনত সকলোৱে চানডুবিৰ বাবে কাম কৰি যাবলৈ আহবান জনোবাৰ লগতে তেওঁক জনোৱা সম্বৰ্ধনাৰ বাবে সকলোকে বিদায়ী বেলাত ধন্যৱাদ জনায় ।

বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ !বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক…

বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।

বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক।

২০ মিনিটৰ ভিতৰত আটকাধীন প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবী আছুৰ। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ হুংকাৰ।

দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক ! নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু…

দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক। নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নিশ্চিত কৰিছে এই তথ্য। কোঝিকোড জিলাত মৃত্যুমুখত পৰিছে দুই আক্ৰান্ত।

এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। উল্লেখ্য যে, সোমবাৰৰ দিনটোত উক্ত ব্যক্তি দুজনে অস্বাভাৱিকভাবে মৃত্যুক আঁকোৱালি লোৱাত জিলাব্যাপী স্বাস্থ্য সতৰ্কতা জাৰি কৰিছিল।

এই সতৰ্কতা জাৰি কৰাৰ কেইঘণ্টামান পিছতে স্বাস্থ্য বিভাগে প্ৰদান কৰা নিশ্চিতি অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে “নিপাহ” ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ ছেবাৰ ! শিক্ষাৰ্থীয়ে OMR শ্বীটত দিব মেট্ৰিক পৰীক্ষা…

জাননী অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ’এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ হেতুকে ২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ’এমআৰ শ্বীটৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব।

উক্ত বিষয়সমূহৰ ৫০ শতাংশ প্ৰশ্ন অৱজেকটিভ টাইপ হোৱাৰ সমান্তৰালভাবে উত্তৰ বহী ১৬টা পেজত অন্তৰ্ভুক্ত হ’ব বুলি জাননীত উল্লেখ আছে। তদুপৰি পৰীক্ষাত বহাৰ যোগ্যতা সম্পৰ্কতো জাননীত নিৰ্দেশনা জাৰি কৰিছে ছেবাই।